Class 10 General Science Common Question for HSLC 2026
Class 10 General Science Common Question for HSLC 2026: For HSLC 2026 General Science, focus on core topics like Chemical Reactions, Life Processes, Control & Coordination, Heredity, Electricity, and Light, practicing diagrams (heart, respiratory system) and formulae; expect a mix of MCQs and long answers from SEBA's standard pattern, emphasizing NCERT (ASSEB) textbook questions, diagrams, and numericals for high marks. Here you can avail Class 10 General Science Common Question for HSLC 2026.
Class 10 General Science Common Question for HSLC 2026 pdf
১। মানুহৰ সন্তানৰ লিংগ নির্ধাৰণ কিদৰে কৰা হয় ? HSLC 2015, 17, 19
উত্তৰঃ মহিলাৰ দেহত দুটা X ক্রম’জ’ম থাকে আৰু ইহঁতে সমসংখ্যক ক্রম’জ’মযুক্ত জননকোষৰ সৃষ্টি কৰে। পুৰুষ মানুহৰ দেহত X আৰু Y দুয়োধৰণৰ ক্ৰম’জ’ম থাকে। গতিকে পুৰুষসকলে আধা X ক্রম’জ ‘মযুক্ত আৰু আধা Y ক্রম’জ’মযুক্ত জননকোষ সৃষ্টি কৰে।
যেতিয়া X ক্রম’জ’যুক্ত শুক্রাণু ডিম্বাণুৰ লগত লগ লাগে তেতিয়া সন্তানটো ছোৱালী (XX) হয়। আকৌ যেতিয়া Y ক্রম’জ’মযুক্ত শুক্রাণু ডিম্বাণুৰ লগত লগ লাগে তেতিয়া সন্তানটো ল’ৰা (XY) হ’ব।
২। জীবাশ্মজাত ইন্ধন বিলাক কি ? এই বিলাক ইন্ধনৰ দহনৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা। HSLC 2017
উত্তৰঃ জীবাশ্মজাত ইন্ধনবোৰ হ'ল কোটি কোটি বছৰৰ আগতে ভূ-পৃষ্ঠৰ তলত গোট খাই থকা উদ্ভিদ আৰু প্ৰাণীৰ মৃত অংশৰ পৰা উৎপন্ন হোৱা ইন্ধন, যেনে কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ ইত্যাদি। এই ইন্ধনৰ অসুবিধা সমূহ হ'ল:
(ক) সকলো জীৱাশ্মজাত ইন্ধনৰ দহনে বায়ু প্রদূষণ সৃষ্টি কৰে।
(খ) কয়লা খননে ভূ-পৃষ্ঠৰ ক্ষতি সাধন কৰে।
(গ) পেট্র'লিয়াম পানীৰ লগত মিহলি হৈ জলাশয়সমূহত প্রদূষণ কৰে।
৩। উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলা-কৰ্ষণৰ কৌশল লিখা। HSLC 2017
উত্তৰঃ উদ্ভিদ প্রজননকাৰীসকলে ব্যৱহাৰ কৰা কলা-কর্ষণ হ’ল সিহঁতে প্রথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ ক’লা বা কোষ এৰুৱাই লৈ এটা কৃত্রিম মাধ্যমত ৰাখি থয়। তাত কোষবিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটি বহু কোষ একেলগ হৈ ‘কেলাচ’ গঠন কৰে। এই কেলাচখিনি এক মাধ্যম য’ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে সঞ্জীবনী পদার্থ থাকে। তাতে পূর্ণাংগ উদ্ভিদৰ সৃষ্টি কৰা হয়।
৪। চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে ? এডাল দণ্ডচুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে ? ব্যাখ্যা কৰা। HSLC 2017
উত্তৰঃ বিদ্যুৎ প্রবাহিত হৈ থকা কুণ্ডলী এটাৰ এটা মুৰে উত্তৰ মেৰু আৰু আনটো মুৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে। যদি এডাল বিদ্যুৎ প্রবাহিত কুণ্ডলীক মুক্তভাৱে ৰখা হয় তেন্তে ইয়াৰ এটা মূৰে উত্তৰফালে আৰু আনটো মুৰে দক্ষিণফালে থাকিব।
দণ্ডচুম্বকৰ সহায়ত প্রবাহযুক্ত কুণ্ডলী এটাৰ উত্তৰ আৰু দক্ষিণ মেৰু চিনাক্ত কৰিব পাৰি। এডাল চুম্বকৰ উত্তৰ মেৰুটো কুণ্ডলীৰ এটা মূৰে নিলে যদি আকর্ষণ হয় তোয়াহ’লে সেই মূৰটো দক্ষিণ মূৰে আৰু যিটো মূৰে বিকর্ষিত কৰে সেই মূৰটো উত্তৰ মেৰু হ’ব।
Class 10 General Science Common Question for HSLC 2026 English Medium | Class 10 General Science Common Question for HSLC 2026 Assamese Medium
৫। পৌষ্টিক স্তৰ কি ? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা। HSLC 2017
উত্তৰঃ এক নিদ্দিষ্ট সংখ্যক প্রাণীৰ মাজত খাদ্যৰ প্রবাহেই খাদ্য শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ বিভিন্ন স্তৰত সংঘটিত হয়। এই স্তৰবোৰক পৌষ্টিক স্তৰ বোলে। উদাহৰণস্বৰূপে ঘাঁহনি এডৰাৰ কথা ধৰা হ’ল-
ঘাঁহনি → পোক-পৰুৱা → মাছ → চৰাই এই শৃংখলটোত ঘাঁহ হ’ল উৎপাদক, গতিকে ইয়াক প্রথম স্তৰত ৰখা হৈছে। মাছ পতংগভোজী, গতিকে ইয়াক তৃতীয় স্তৰত ৰখা হৈছে আৰু চৰাই হ’ল উচ্চ স্তৰৰ মাংসভোজী, গতিকে ইয়াক চতুর্থ স্তৰত ৰখা হৈছে।
৬। উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। HSLC 2018
উত্তৰঃ যিবিলাক অংগৰ উৎপত্তি আৰু গঠন প্রায় একে, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ তেনেবোৰ অংগক সমসংস্থ অংগ বোলে। যেনে- চৰাইৰ ডেউকা, ভেকুলীৰ আগ ঠেং, বান্দৰৰ আগ ঠেং, বাদুলিৰ ডেউকা, মানুহৰ হাত আদি।
যিবোৰ অংগৰ উৎপত্তি আৰু গঠন এক বেলেগ কিন্তু কাৰ্যৰ ফালৰ পৰা একে সেইবোৰ অংগক সমবৃত্তি অংগ বোলে। যেনে- পখিলাৰ পাখি, জিঞাৰ পাখি, চৰাইৰ ডেউকা আদি।
৭। আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয় ? এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সবিধাৰ বিষয়ে উল্লেখ কৰা। HSLC 2018
উত্তৰঃ প্রযুক্তি বিদ্যা বিকাশৰ লগে লগে আমাৰ শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে। যিহেতু আমাৰ শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি গৈছে, গতিকে শক্তিৰ অন্যান্য উৎসৰ অনুসন্ধান কৰাটো উচিত। বর্তমান শক্তিৰ ইন্ধন অনৱীকৰণ যোগ্য। সেয়েহে কেতিয়াবা হয়তো এই ইন্ধনসমূহ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পাৰে।
এটা অপৰম্পৰাগত শক্তিৰ উৎস হ'ল সৌৰশক্তি। সৌৰ শক্তি ব্যৱহাৰৰ সুবিধা হ'ল-
(ক) এই শক্তি প্ৰকৃতিৰ পৰাই আহৰণ কৰিব পাৰোঁ।
(খ) এই শক্তি ব্যৱহাৰৰ ফলত কোনো প্রদূষণ নহয়।
৮। এটা আদর্শ শক্তি উৎসৰ গুণ সমূহ কি কি ? তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উলেখ কৰা। HSLC 2019
উত্তৰঃ এটা আদর্শ শক্তি উৎসৰ গুণ সমূহ হ'ল-
(ক) প্রতি এককভৰ বা আয়তনৰ বিনিময়ত যথেষ্ট পৰিমানৰ কাম সম্পন্ন কৰিব পৰা হয়।
(খ) যিটো সহজে উপলব্ধ বা সহজে পোৱা যায়।
(গ) যিটোৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য।
(ঘ) যি মিতব্যয়ী বা কম খৰছি।
ক্ষয়িষ্ণু হিচাপে বিবেচনা কৰিব পৰা শক্তিৰ দুটা উৎস হ'ল-
(ক) জীৱাশ্ম জাত ইন্ধন। (খ) কয়লা আৰু ডিজেল।
৯। শক্তিৰ উৎস এটা প্রদূষণ মুক্ত হ'ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ? মহা সমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা। HSLC 2020
উত্তৰঃ শক্তিৰ উৎস এটা সম্পূর্ণ ৰূপে প্রদূষণ মুক্ত হ'ব নোৱাৰে । যিকোনো উৎসৰ পৰাই শক্তি আহৰণ কৰোতে পৰিৱেশৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে বিৰূপ প্রভাৱ পৰেই।
মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা হ'ল-
(ক) জোৱাৰ শক্তিৰ শক্তি উৎপাদনৰ সময়ত অৱবাহিকাৰ চাৰিওফালে পৰিস্থিতিতন্ত্ৰৰ পৰিবৰ্তন হয়। সাগৰীয় পক্ষী আৰু মাছৰ বাসস্থানত প্রভাৱ পৰে।
(খ) সমুদ্র নথকা অঞ্চলত, এই শক্তি পোৱাটো অসম্ভৱ হৈ পৰে।
১০। তৰাই তিৰবিৰায় কিয় ? HSLC 2020
উত্তৰঃ তৰাৰ তিৰবিৰণি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্রতিসৰণৰ বাবেই হয়। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসৰণ হয়। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে তৰাটোৰ আপাত অবস্থান, প্রকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। যিহেতু তৰাবোৰ অতি দূৰত থাকে, ইহঁতক পোহৰৰ বিন্দু বুলি ধৰি ল'লে ইহঁতৰ পৰা অহা পোহৰৰ গতিপথৰ পৰিৱৰ্তন হৈ থাকে বাবে ইহঁতৰ আপাত অৱস্থানৰ পৰিবৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম-বেছি অর্থাৎ কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা স্নান যেন লাগে। ফলত তৰাবোৰ তিৰবিৰাই থকা দেখি।
১১। উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহণ ঘটে ? HSLC 2020
উত্তৰঃ উদ্ভিদৰ ফ্ল’ৱেম কলাৰ যোগেদি খাদ্য পৰিবহণ হয়। খাদ্য বিলাক উদ্ভিদৰ দেহত উর্ধমূখী আৰু অধোমুখী দুয়োটা দিশত সংঘটিত হয়। উদ্ভিদে প্রস্তুত কৰা খাদ্য অর্থ্যাৎ শৰ্কৰা ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এ. টি. পি. ৰপৰা শক্তি আহৰণ কৰে। ইয়াৰ ফলত ফ্ল’ৱেম কলাত আসৃতি চাপৰ বৃদ্ধি ঘটে আৰু পানী তাৰ ভিতৰলৈ গতি কৰে। ফলস্বৰূপে, উদ্ভিদ দেহৰ প্ৰয়োজনীয় অংগলৈ খাদ্যৰ সংবহণ ঘটে।
১২। ৰামধেনু কিয় আৰু কেতিয়া সৃষ্টি হয় ?
উত্তৰঃ আকাশত পানীৰ টোপালবােৰে ভাহি থকা সৰু সৰু প্রিজমৰদৰে কার্য কৰে। পােহৰৰ ৰশ্মি এই টোপালবােৰত পৰিলে প্ৰথম অৱস্থাত পােহৰৰ বিছুৰণ ঘটি পােহৰৰ ৰশ্মি সাতটা ৰঙলৈ ভাগ হয়। ইয়াৰ পছত টোপালটোৰ বিপৰীত পৃষ্ঠত পােহৰৰ আটাইকেইটা ৰঙৰ আভ্যন্তৰীণ পূর্ণ প্রতিফলন ঘটে। এই প্রতিফলিত ৰশ্মিবােৰ পানীৰ টোপালটোৰ পৰা বাহিৰলৈ ওলাই আহােতে পুনৰ প্ৰতিসৰণ হৈ পর্যবেক্ষকৰ চকুত পৰে। পর্যবেক্ষকজনে এনে ক্ষেত্ৰত পােহৰৰ সাতােটা ৰং আকাশত স্পষ্টকৈ দেখিবলৈ পায়। এয়েই ৰামধেনু।
১৩। জীবাশ্ম কি ? জীৱাশ্মই কেনেকৈ বিৱৰ্তনৰ সন্ধানত সহায় কৰে ?
উত্তৰঃ জীবাশ্ম হ'ল কঠিন বস্তুত থাকি যোৱা মৃত জীৱৰ অৱশিষ্ট। জীৱৰ মৃত্যু হ'লে ইহঁতৰ দেহ গেলি-পচি নাইকিয়া হয়। কিন্তু কেতিয়াবা জীৱৰ কিছুমান অংগ পৰিৱেশত সম্পূর্ণভাবে গেলি-পচি নাইকিয়া হৈ নাযায়। এনে জীৱৰ ছাপ কঠিন পদার্থসমূহত ৰৈ যায় যাক জীবাশ্ম বুলি কোৱা হয়।
যিহেতু জীৱাশ্মসমূহ তৰপে তৰপে গঠন হয়, গতিকে বিভিন্ন তৰপত পোৱা জীৱাশ্মসমূহৰ পৰা ইহঁতৰ বয়স নির্ণয় কৰিব পাৰি। অর্থাৎ কোনবিধ জীৱৰ অৱস্থিতি আগেয়ে আছিল আৰু কেনে ধৰণেৰে ইয়াৰ বিৱৰ্তন হৈছিল তাক জানিব পাৰি। জীৱাশ্মৰ বয়স নির্ণয় পদ্ধতিৰ আপেক্ষিক পদ্ধতি অনুযায়ী পৃথিবীৰ উপৰিপৃষ্ঠত খননকার্য কৰোতে উদ্ধাৰ হোৱা জীৱাশ্মৰ ওপৰৰ স্তৰসমূহত পোৱা জীৱাশ্মৰ বয়স গভীৰতৰ স্তৰত পোৱা জীৱাশ্মতকৈ কম হয়।
১৪। বিবর্তন আৰু শ্রেণীবিভাজন এই দুটা অধ্যয়নৰ বিষয় কিদৰে সম্পর্কিত ? ব্যাখ্যা কৰা। HSLC 2016
উত্তৰঃ বিবর্তন আৰু শ্রেণীবিভাজন এই দুটা অধ্যয়নৰ বিষয় ইটোৰ লগত সিটো সম্পর্কিত আৰু ইয়াক এনেধৰণেৰে ব্যাখ্যা কৰিব পাৰি -
জীৱৰ প্ৰজাতিৰ মাজত থকা চাৰিত্রিক বৈশিষ্ট্যৰ ভিত্তিত সিহঁতৰ চিনাক্তকৰণৰ বাবে শ্রেণীবিভাজন কৰা হয়। ইয়াৰ বাবে কোনবোৰ চাৰিত্রিক বৈশিষ্ট্যই জীৱসমূহৰ মাজত মৌলিক পার্থক্য দেখুৱায় আৰু কোনবোৰ চাৰিত্ৰিক বৈশিষ্ট্যই সিহঁতৰ মাজত কম পার্থক্য দেখুৱায় তাক অধ্যয়ন কৰা হয়।
জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰোঁতে একোটা ক্রম পোৱা যায়। দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য থাকিলে সিহঁত পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়। পৰস্পৰ ওচৰ সম্পৰ্কীয় জীবসমূহ একেটা পূৰ্বপুৰুষৰ পৰা বিৱৰ্তন হয়। গতিকে জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজনত ইহঁতৰ বিৱৰ্তনৰ প্ৰতিফলন ঘটে।
Comparison of Degree for HSLC class 10
Assamese to English Translation
Tense Correction for HSLC Exam
Sentence Correction for HSLC Exam
- Blind Lady and Doctor Story Writing
- Twelve Fools Story Writing
- A Rich Man and Stolen Watch Story Writing
- The Workman and his sons Story Writing
- The Goose that laid golden eggs Story Writing
Class 10 Model Question Paper SET I (English)
Class 10 Science Model Paper SET I
Class 10 Social Science Model Paper SET I
Important MCQ for HSLC 2025
Long Walk to Freedom VSA for HSLC
A Tiger in the Zoo VSA for HSLC
The Tale of Custard the Dragon VSA for HSLC
The Midnight Visitor Important VSA
A Letter to God Important Questions Answers
Long Walk to Freedom Important Questions Answers
The Midnight Visitor Important Questions Answers
The Hack Driver Important Questions Answers
First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees

No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.