Assamese to English Translation | SEBA Class 9 | RG's Question Bank Solutions
Assamese to English Translation | SEBA Class 9 | RG's Question Bank Solutions: Here in this I've tried to present Assamese to English Translation for class 9 SEBA RG's Question Bank Solutions.
Translate into English Class 9 R G's Question Bank, Class IX, SEBA
1. ৰাম সাধু ল'ৰা।
Ans: Ram is an honest boy.
2. কোঠাটোত তিনিজনী ছোৱালী আছে।
Ans: There are three girls in the room.
3. বাছখন এইমাত্ৰ আহি পাইছে।
Ans: The bus has arrived just now.
4. তেওঁ আহি পোৱাৰ লগে লগে ৰেলখন এৰিলে।
Ans: The train left as soon as he came.
5. তাই ৰাতিপুৱাৰে পৰা পঢ়ি আছে।
Ans: She has been reading since morning.
6. Ramen's father passed away last year.
Ans: ৰমেনৰ দেউতাক যোৱা বছৰ ঢুকাইছে।
7. I was reading English when you came.
Ans: তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ।
8. The game had started before we reached the playground.
Ans: আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল।
9. I said to her, "Where are you going, Gita?"
Ans: মই তাইক সুধিলোঁ, "গীতা, ক'লৈ যোৱা?"
10. She said, "To the doctor".
Ans: তাই ক'লে, "ডাক্তৰৰ ওচৰলৈ।"
11. তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও হ'ব লাগিব।
Ans: You should be not only intelligent but aslo industrious.
12. মই যিমান খৰকৈ লিখিব পাৰোঁ, তুমি সিমান খৰকৈ লিখিব নোৱাৰা।
Ans: You cannot write as fast as I can.
13. মই সদায় ৰাতিপুৱা সোনকালে শুই উঠো।
Ans: I always get up early in the morning.
14. দুখীয়াৰ প্ৰতি দয়ালু হ'বা।
Ans: Be kind to the poor.
Important Assamese to English Translation for Class 9
15. সি এজন শান্ত ল'ৰা।
Ans: He is a quiet boy.
16. আমি এখন গাঁৱত বাস কৰোঁ।
Ans: We live in a village.
17. গাওঁখন চহৰৰ পৰা আতঁৰত।
Ans: The village is far away from the town.
18. দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে।
Ans: Father works in our own land.
19. মই দেউতাক মাজে সময়ে সহায় কৰোঁ।
Ans: I help my father sometimes.
20. তুমি কেতিয়াবা দেউতাক সহায় কৰা নে ?
Ans: Do you ever help your father ?
21. ৰবিনে ক'লে যে সি গল্পটো লিখা নাই।
Ans: Robin said that he had not written the story.
22. জাৰকালি হিম পৰে।
Ans: There is snowfall in winter.
23. মানুহজন বুধিয়ক, নহয়নে ?
Ans: The man is intelligent, isn't he ?
24. আকাশলৈ চোৱাচোন, বৰষুণ দিব পাৰে।
Ans: Look at the sky, it may rain.
25. বেলি মাৰ যোৱাত আমি ঘৰলৈ উভতিলো।
Ans: We returned home after the sunset.
26. ঈশ্বৰে যেন তেওঁক আশীৰ্বাদ দিয়ে।
Ans: May God bless him.
27. আমাৰ এজন খুড়া শিৱসাগৰত থাকে।
Ans: One of our uncles lives in Sivasagar.
28. শিৱসাগৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই।
Ans: Sivasagar is a historical place.
29. মোৰ জন্মৰ আগতে তেওঁ তালৈ গৈছে।
Ans: He went there before my birth.
30. তেতিয়াৰেপৰা তেওঁ এখন কলেজত কাম কৰি আছে।
Ans: He has been working in a college since then.
Common Assamese to English Translation for Class 9
31. এন্ধাৰ হোৱাৰ আগতে মানুহজন ঘৰলৈ উভতি আহিছিল।
Ans: The man had returned home before it was dark.
32. যদি তুমি মন দি নপঢ়া, পৰীক্ষাত কৃতকাৰ্য্য হ'ব নোৱাৰিবা।
Ans: If you do not study attentively, you cannot succeed in the examination.
33. ল'ৰাজন অকল বুধিয়কেই নহয় পৰিশ্ৰমীও।
Ans: The boy is not only intelligent but also industrious.
34. পকা আমবোৰ ল'ৰাবোৰৰ মাজত ভগাই দিয়া।
Ans: Distribute the ripe mangoes among the boys.
35. সি খোজকাঢ়ি স্কুললৈ আহে, বাছেৰে নাহে।
Ans: He comes to school on foot, not by bus.
36. মই তালৈ এবাৰো যোৱা নাই।
Ans: I have not gone there even once.
37. তেওঁ আমাক চিঠিৰেই উপদেশ দিয়ে।
Ans: He advises us through letters.
38. তেওঁ কয়, "সদায় অসৎ সংগ ত্যাগ কৰিবা।"
Ans: He says, "Always avoid bad company."
39. খুড়ালৈ এখন চিঠি পঠোৱা হৈছে।
Ans: A letter has been sent to uncle.
40. মই তেওঁক জনাইছোঁ যে বন্ধত মই তালৈ যাম।
Ans: I have informed him that I shall go there during holidays.
41. তুমিও আমাৰ লগত তালৈ যাবা নেকি ?
Ans: Will you also accompany us there ?
42. পৃথিৱী সুমথিৰাৰ দৰে গোলাকাৰ।
Ans: The earth is spherical like an orange.
43. বাঘ হাবিত থাকে।
Ans: Tigers live in forests.
44. শিশুটিয়ে তেতিয়া টোপনিয়াই আছিল।
Ans: The child was dozing then.
45. গুৱাহাটীত এখন বিশ্ববিদ্যালয় আছে।
Ans: There is a university in Guwahati.
46. এই কিতাপখন সৌখনতকৈ গধুৰ নহয়।
Ans: This book is not heavier than that book.
47. গান্ধীজীক জাতিৰ পিতা বোলা হয়।
Ans: Gandhiji is called the father of the nation.
48. তেওঁ সদায় সঁচা কথা কৈছিল।
Ans: He always spoke the truth.
49. গান্ধীজীয়ে কৈছিল, "অহিংসাই পৰম ধৰ্ম।"
Ans: Gandhiji said, "Non-violence is the greatest virtue."
50. বেদ হিন্দুসকলৰ ধৰ্ম পুথি।
Ans: The Vedas are the religious texts of the Hindus.
No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.