20 Sept 2023

Project Writing on Globalisation And Its Consequences for HS 2nd Year

Project Writing on Globalisation And Its Consequences for HS 2nd Year

Project Writing on Globalisation And Its Consequences for HS 2nd Year


Project Writing on Globalisation And Its Consequences for HS 2nd Year: The main idea behind project work is to make sure that the learner does their own research and comes up with practical solutions to the concept they are trying to learn or the problem that they are trying to solve. Here you can avail Project Writing on Globalisation And Its Consequences for HS 2nd Year.





Globalisation Project Class 12 Political Science

Project Writing on Globalisation And Its Consequences for HS 2nd Year


আৰম্ভনি/পাতনিঃ বিশ্বায়ন হৈছে বিশ্বব্যাপী চৰকাৰ বা ৰাষ্ট্ৰসমূহৰ, সংস্থাসমূহৰ, আৰু মানুহৰ মাজত যোগাযোগ আৰু একত্ৰীকৰণ প্ৰক্ৰিয়া।বিশ্বায়নক আন্তঃৰাষ্ট্ৰীয়কৰণ, ৰাজনৈতিক তথা অৰ্থনৈতিক উদাৰীকৰণ আৰু এক কাৰিকৰী বিপ্লৱৰ সংমিশ্ৰণ বুলি ক'ব পৰা যায়।


বিশ্বায়ন বুলিলে বিভিন্ন ৰাষ্ট্ৰ আৰু বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ মাজত বিশেষকৈ সামাজিক, অর্থনৈতিক আদি দিশত পৰস্পৰ নির্ভৰশীলতাকে বুজায়। বিশ্বায়নৰ অৰ্থ হ’ল বিশ্বৰ বিভিন্ন প্ৰান্তত ধাৰণা, পুঁজি, সামগ্ৰী আৰু মানুহৰ প্ৰবাহ। বিশ্বায়ন এটা বহুমুখী ধাৰণা, ইয়াৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অভিব্যক্তি আছে। 


ধাৰণা হিচাপে বিশ্বায়নে মৌলিকভাৱে প্ৰবাহৰ সৈতে মোকাবিলা কৰে।  এই প্ৰবাহবোৰ হ’ব পাৰে পৃথিৱীৰ এটা অংশৰ পৰা আন এটা অংশলৈ যোৱা ধাৰণা, সীমান্তৰ সিপাৰে সামগ্ৰী ব্যৱসায় কৰা ইত্যাদি।


বিশ্বায়নে সামগ্ৰী আৰু সেৱাৰ বাণিজ্যৰ পৰিমাণ বৃদ্ধি কৰে, বিদেশী পুঁজিৰ প্ৰবাহ বৃদ্ধি কৰে, প্ৰত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি কৰে, নতুন কৰ্ম সংস্থাপন সৃষ্টি কৰে, ঘৰুৱা অৰ্থনীতি শক্তিশালী কৰে, উৎপাদনশীল দক্ষতা আৰু সুস্থ প্ৰতিযোগিতা উন্নত কৰে।  


বিশ্বয়নে সাধাৰণতে অর্থনৈতিক কার্যাবলীসমূহ যেনে- ব্যৱসায়-বাণিজ্য, মূলধনৰ চলনশীলতা, সামগ্রী উৎপাদন আৰু বিতৰণ, তথ্য যোগাযোগ ব্যৱস্থাৰ মাধ্যমেদি ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু সংহতি আৰু বাণিজ্যিক ঘনিষ্ঠতা বৃদ্ধিকে বুজায়। 


বিশ্বায়নে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত, আর্থ-সামাজিক দিশবোৰত অর্থনৈতিক ব্যৱস্থাটোৰ আটাইতকৈ বেছি প্ৰভাৱ থকা বুলি বিশ্বাস কৰে। বিশ্বায়নৰ প্ৰভাৱ সকলো ঠাইতে একে নহয়। বিশ্বায়নৰ একে ধৰণৰ নীতিয়ে সকলো ঠাইতে একে প্রভাব নেপেলায়। বিশ্বায়নে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ চৰকাৰসমূহে গ্ৰহণ কৰা একে ধৰণৰ অৰ্থনৈতিক নীতি মানি চলে যদিও এইটোৱে পৃথিৱীৰ বিভিন্ন প্রান্তত বিস্তৃতভাৱে বিভিন্ন ফলাফলৰ সৃষ্টি কৰে।


বিশ্বয়ানৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ’ল প্ৰযুক্তি বিদ্যা । বিশ্বায়নৰ গুৰুত্বপূৰ্ণ উপাদানটো হ’ল বিশ্বব্যাপী আন্তঃসংযোগ যিটো এই অবিৰত প্ৰবাহৰ ফলস্বৰূপে সৃষ্টি আৰু স্থায়ী হয়।




Short Project writing on Globalisation and its Consequences for HS 2nd Year

বিশ্বায়নৰ অস্তিত্ব কেনেকৈ আহিল ? 

বিশ্বয়ান বহু হাজাৰ বছৰৰ আগতে আৰম্ভ হৈছিল যেতিয়া মানুহ আৰু নিগমসমূহে বহু দূৰৈত মাটিৰ মাজেৰে ক্ৰয়-বিক্ৰয় কৰিছিল।  মধ্যযুগত মধ্য এছিয়াই বিখ্যাত ৰেচম পথৰ (Silk Road) জৰিয়তে চীন আৰু ইউৰোপৰ সৈতে সংযোগ স্থাপন কৰিছিল।  দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৰু যোৱা দুটা দশকৰ ভিতৰত বহু দেশৰ চৰকাৰে মুক্ত বজাৰৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে।  তেওঁলোকে নিজৰ উৎপাদনশীল সম্ভাৱনা অপৰিসীমভাৱে বৃদ্ধি কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগৰ বাবে অগণন নতুন সুযোগ সৃষ্টি কৰিলে। 


চৰকাৰসমূহে বাণিজ্যৰ সকলো বাধা হ্ৰাস কৰি সামগ্ৰী, সেৱা আৰু বিনিয়োগৰ বাণিজ্যক প্ৰসাৰিত কৰাৰ বাবে নতুন আন্তঃৰাষ্ট্ৰীয় চুক্তি স্থাপন কৰিছে।  এই উপকাৰী ব্যৱস্থাসমূহে বিশ্ব বাণিজ্যৰ সুযোগৰ জন্ম দিছিল।  বিদেশী বজাৰত এই নতুন সুযোগৰ লগে লগে নিগমসমূহে নতুন কাৰখানা স্থাপন কৰি বিদেশী অংশীদাৰৰ সৈতে উৎপাদন আৰু বিপণনৰ মিত্ৰতা আৰম্ভ কৰে।  সেয়েহে বিশ্বায়নক আন্তঃৰাষ্ট্ৰীয় ঔদ্যোগিক আৰু বিত্তীয় ব্যৱসায়িক গাঁথনি হিচাপে সংজ্ঞায়িত কৰা হৈছে।


বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে বিশ্বায়নক ” জনগোষ্ঠী আৰু দেশৰ আন্তঃসংযোগ আৰু আন্তঃনিৰ্ভৰশীলতা বৃদ্ধি কৰা বুলি সংজ্ঞায়িত কৰিব পাৰি।  সাধাৰণতে ইয়াত দুটা আন্তঃসম্পৰ্কীয় উপাদান অন্তৰ্ভুক্ত বুলি বুজা যায়: সামগ্ৰী, সেৱা, বিত্ত, মানুহ আৰু ধাৰণাসমূহৰ ক্ৰমান্বয়ে দ্ৰুত প্ৰবাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্ত মুকলি কৰা আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠান আৰু নীতিৰ পৰিৱৰ্তন যিয়ে এনে প্ৰবাহৰ সুবিধা বা প্ৰসাৰিত কৰে।”


বিশ্বায়নৰ অৰ্থঃ এক অৱধাৰণা হিচাপে বিশ্বায়নৰ অৰ্থ হৈছে প্ৰৱাহ আৰু এনে প্ৰৱাহ বিভিন্ন ধৰণৰ, যেনে— ধাৰণাৰ প্ৰবাহ, দ্রব্য সামগ্ৰীৰ প্রবাহ, মানৱ সম্পদৰ প্ৰবাহ, নিয়োগ সন্ধানীৰ প্ৰবাহ, মস্তিষ্কৰ প্রবাহ আদি হ'ব পাৰে। বিশ্বৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ, এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বা এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ ইবিলাক প্রবাহিত হ'ব পাৰে। 


এনেধৰণৰ বিভিন্ন প্ৰবাহৰ ফলত বিশ্বব বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক আৰু সংযোগ গঢ়ি উঠে। গতিকে বিশ্বব্যাপী গঢ়ি উঠা এনে বিভিন্ন ধৰণৰ আন্তঃসংযোগতাক বিশ্বায়নৰ মূল কেন্দ্ৰবিন্দু বুলি অভিহিত কৰিব পাৰি। গতিকে বিশ্বায়নৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰাৰ পূৰ্বে এই বিশ্বব্যাপী আন্তসংযোগৰ অৰ্থ জনাটো আবশ্যক। 


বিশ্বব্যাপী আন্তসংযোগতা বুলি ক'লে মূলধন, সামগ্ৰী, মানৱ সম্পদ আদিৰ গতিশীলতা তথা চলাচলক সূচায় আৰু এনে চলাচল পৃথিৱীৰ যিকোনো অঞ্চলৰ পৰা অন্য যিকোনো অঞ্চললৈ হ'ব পাৰে। গতিকে এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে ক'ব পাৰি যে বিশ্বায়ন আৰু বিশ্বজুৰি আন্তঃসংযোগৰ মাজত ওচৰ সম্বন্ধ আছে।



বিশ্বায়নৰ সংজ্ঞাঃ (Definition of Globalisation):

বিশ্বায়ন শব্দটি বিভিন্ন অৰ্থ আৰু প্ৰসংগত ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াৰ এক সার্বজনীন সংজ্ঞা আগবঢ়োৱা জটিল। তলত বিশ্বায়ন সম্বন্ধে বিভিন্ন চিন্তাবিদসকলে আগবঢ়োৱা বিভিন্ন সংজ্ঞাসমূহ দাঙি ধৰা হ'ল।


এডভার্ড এছ হাৰমেনৰ মতে “বিশ্বান মানে আন্তৰাষ্টীয় পৰিসীমা অতিক্ৰম কৰি সংঘটিত পৰিচালনা আৰু পদ্ধতিৰ সম্প্ৰসাৰণ। একে সময়তে ই হৈছে অবিরতভাবে সম্প্রসারিত আৰু ভাবে পৰিবর্তিত হৈ থকা সুযোগ সুবিধা আৰু অর্থনৈতিক সম্পর্ক" ("Globalisation is the expansion international borders of management and process. At the same time, it is a conditio of facilities and economic relation which is constantly expanding and is simultanely changing").


আর্নল্ড টয়েনবি (Arnold Toyanbee)-ৰ মতে “বিশ্বায়নৰ অৰ্থ প্ৰভাৱশালী কেন্দ্রৰ লগত একত্রীকৰণ, বহুপাক্ষিক প্রক্রিয়া নহয়” (Globalisation means integration into the Centre not a multilateral process). 


ডেভিদ হেল্ড (David Held)-এ বিশ্বায়নক সমসাময়িক সমাজ জীবনৰ সকলো দিশতেই বিশ্বব্যাপী আন্তঃনিৰ্ভৰশীলতাৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণৰ এক প্ৰক্ৰিয়াক সুচাইছে (Globalisation is the widening deeping and speeding up of world wi interconnectedness in all aspects of contemporary social life). 


যোছেফ ষ্টিগলিটজ (Joseph Stiglitzon বিশ্বায়নৰ সংজ্ঞা প্ৰসংগত কৈছে যে বিশ্বায়ন হৈছে বিশ্বব বিভিন্ন ৰাষ্ট্ৰ জনগোষ্ঠীৰ মাজত নিবিড় একাত্মতা বা একীভবন । এই একীভখন মূলতঃ দুটা কাৰণত ঘটিছে । প্ৰথমতে, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত অভূতপূর্ব ব্যয় সংকোচন আৰু দ্বিতীয়তে সাম্প্ৰতিক সময়লৈকে প্ৰচলিত ৰাষ্ট্ৰ এখনৰ পৰা আন এখন ৰাষ্ট্ৰলৈ পণ্য সেৱা বৃদ্ধি জ্ঞান, বিজ্ঞান, মানৱ সম্পদ আদি আদান-প্ৰদানৰ ক্ষেত্ৰত কৃত্তিম বাধা নিষেধৰ অন্তৰ্ধান।


অধ্যাপক গালা আমিন (Gala Amin) ৰ মতে, “বিশ্বায়ন হৈছে এক বহুমুখী পৰিঘটনা য'ত অন্তর্ভুক্ত হৈ আছে আন্তজাতিক বাণিজ্য, শ্রম, পুঁজি আৰু প্ৰযুক্তিবিদ্যাৰ গতি ক্ষিপ্ৰ কৰণ তথা আদর্শ আৰু জীৱনশৈলীৰ ৰূপান্তৰকৰণ" (Globalisation is a multifacted phenomenon which includes the acceleration of international trade of the flows of labour capital and technology as well as of the transfer of ideas and pattern of living).


এন্থনি গিডেনছ  (Anthony Giddens ) এ বিশ্বাসৰ সংজ্ঞা আগবঢ়াই কৈছে "Globalisation is the intensification of world wide social relations which link down localities is such a way that local happenings are shoped by events occuring many miles away and vice versa".


চেজি থমাছ (Saji Thomas) এ কৈছে যে অতিৰাষ্ট্ৰীয় নিগমসমূহৰ জৰিয়তে সমগ্ৰ বিশ্বতে ব্যক্তিগত মূলধনৰ মুগ্ধ আমদানিক বুজোৱাৰ অৰ্থত বিশ্বায়ন শব্দটি ব্যৱহাৰ কৰা হয়। এক সামগ্রিক সেৱাসমূহ প্যাকে ধনীক শ্ৰেণীৰ লাভ আহৰণৰ কাৰণে ই হৈছে বিশ্ব বজাৰৰ সাহতক স্থানীয় গ্রামা সদোয়ৰ পৰা বিশ্ব বজাৰৰ দেওনা অতিক্ৰম কৰিবৰ কাৰণে বিশ্বায়নৰ প্ৰক্ৰিয়া উপস্থাপন কৰা হৈছে।


এন্দ্ৰিউ হাইউস (Andrew Haywoody) ৰ ভাষাত “গোলকীকৰণ এটা প্রক্রিয়া নয়, ই এক জটিল প্ৰক্ৰিয়া কেতিয়াবা উপৰা উপৰিকে জাপ খাই থকা আৰু কেতিয়াবা একেলগ কৰি গাঁঠি খোৱা আৰু কেতি পৰস্পৰ বিৰোধী"। গোলকীকৰণক ৰাষ্ট্ৰীয় সীমা নোহোৱা বিশ্ব বুলি কোৱা হয়। গোলকীকৰণত ৰাষ্ট্ৰসমূহৰ মাজৰ বিভিন্নতাক স্বীকাৰ কৰা নহয়, মানুহৰ মাজৰ পৰম্পৰাগত পার্থক্যকো দের দিয়া নহয়। গোলকীকৰণৰ প্রকৃত অর্থ হ'ল ব্যক্তিগত উৎপাদক আৰু ব্যৱসায়ীসকলৰ অর্থনৈতিক কার্যকলাপত হস্তক্ষেপ নকৰা আৰু বহুৰাষ্ট্ৰীয় উৎপাদক আৰু বিনিয়োগকাৰী সকলক ৰাষ্ট্ৰীয় বজাৰ মুকলি কৰি দিয়া আৰু বিনিয়োগৰ পৰ্য্যন্ত সুবিধা দান কৰা।


ডেভিদ হেল্ড (David Held)ৰ মতে, “বিশ্বায়ন হৈছে বিশ্বজুৰি দ্রুত অর্থনৈতিক সংহতিকৰণ এক প্রক্রিয়া যাক বাণিজ্যৰ উদাৰীকৰণ পুঁজি আৰু বিনিয়োগৰ প্রবাহ তথা দ্রুত প্রযুক্তিবিদ্যাগত পৰিবৰ্তনে আগবঢ়াই নিয়ে" (Globalisation has defined as a person of rapid economic Intergation ing countries drives by the liberalisation of trade, investment and capital blows as well as rapid technology change).


দীপক নায়াৰ (Deepak Nayar) ৰ মতে, বিশ্বায়ন হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে অর্থনৈতিক প্ৰগতিৰ লগে লগে আৰাষ্ট্ৰীয় অর্থনীতিৰ ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক নির্ভৰশীলতা আৰু মুক্ত অর্থনীতিৰ সম্প্রসাৰণ ঘটিছে” (Globalisation is a process associated with increasing econom openness, growing economic independence and deepening economic integration betwe countries of the World Economy)


Cochrane and Painৰ মতে, “বিশ্বায়ন এনে এক সম্পর্কৰ প্রক্রিয়াক সূচায়। যি সমগ্ৰ পৃথিবীৰ সাংস্কৃতিক অর্থনৈতিক আৰু ৰাজ্যনৈতিক অস্তিত্বৰ পাৰস্পৰিক সংযোগ ঘটায়” (Globalisation coria relationship that involve the existance of cultural, economic and political network of connection across the World).




বিশ্বায়নৰ বৈশিষ্ট্য (Characteristics of Globalisation):


উদাৰীকৰণ, বেচৰকাৰীকৰণ, মুক্ত বাণিজ্য, ৰাষ্ট্ৰীয় অর্থনীতিৰ আন্তৰাষ্ট্ৰীয়কৰণ তথ্য প্রযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ, ৰাজনৈতিক আৰু অর্থনৈতিক সংগঠনসমূহৰ সক্ৰিয়তা, বিশ্ব সামাজিক আন্দোলনৰ দ্রুত বুদ্ধি আদি বিশ্বায়নৰ প্ৰধান বৈশিষ্ট্য। তাৰ উপৰি বিশ্বায়নে ৰাষ্ট্ৰবিলাকৰ মাজত সীমান্তৰ ব্যৱধান হ্ৰাস কৰি জনসাধাৰণৰ বাবে বিভিন্ন ৰাষ্ট্ৰৰ মাজত আদান-প্ৰদান কৰাত সহায়ক হৈছে। 


তথ্য প্ৰযুক্তিবিদ্যাৰ দ্রুত সম্প্রসাৰণে মানব সমাজক যথেষ্টভাবে প্রভাৱিত কৰিছে। ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণে বিভিন্ন ৰাষ্ট্ৰৰ জনসাধাৰাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিছে। বিশ্বায়নৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত বহলাই আলোচনা কৰা হ'ল।


(১) বিশ্বায়ন এক অর্থনৈতিক প্রক্রিয়া (Globalisation as an Economic Process): বিশ্বায়ন মূলতঃ এক অর্থনৈতিক প্ৰক্ৰিয়া য'ত প্ৰতিখন ৰাষ্ট্ৰৰ ঘৰুৱা অৰ্থনীতিক সম্পূর্ণভাবে মুক্ত কৰি দিয়া হয় আৰু ইয়াৰ ফলশ্ৰুতিত উৎপাদন, বিতৰণ আৰু বিনিময় এই সকলোবিলাকেই বজাৰ অৰ্থনীতিৰ স্বাভাবিক নীতি নিয়মত পৰিণত হয়। এনেদৰে বিশ্বায়নে ৰাষ্ট্ৰ এখনৰ ঘৰবা অর্থনীতি বিশ্ব অর্থনীতিৰ লগত একীভূত কৰাৰ পোষকতা কৰে। সেয়ে বিশ্বায়ন বুলিলে মূলতঃ অর্থনৈতিক কাৰ্যকলাপৰ বিশ্বায়ন বুলি অভিহিত কৰা হয়। অর্থাৎ ই হৈছে এক অর্থনৈতিক আন্দোলন, যাৰ জৰিয়তে প্ৰতিখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজা ব্যবসায়- বাণিজ্য মুক্তভাৱে চলাই যাব পাৰে।



(২) মুক্ত বাণিজ্য (Free Trade): বিশ্বায়নে ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত বাণিজ্যিক সম্পৰ্কৰ পোষকতা কৰে। বিশ্বায়ন প্ৰক্ৰিয়াৰ ছাৰা মুক্ত বাণিজ্যৰ প্ৰসাৰ, বাণিজ্যিক বাধা আৰু মাচুলৰ বাধা-নিষেধ দূৰ কৰি ৰাষ্ট্ৰসমূহক বাণিজ্যিক সুৰক্ষা প্ৰদান কৰা হয়। তদুপৰি প্ৰতিখন ৰাষ্ট্রকেই অতি উপযোগী ৰাষ্ট্ৰ (Most Favoured Nations) বা চমুকৈ MEN-ৰ মৰ্যাদা মঞ্জুৰ কৰা হয় যাতে মাত্রাধিক নিয়ন্ত্ৰণৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হয়।



(৩) উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ (Liberalisation and Privatisation): বিশ্বায়নৰ প্ৰক্ৰিয়াটো উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ লগত অংগাগীভাবে যুক্ত হৈ আছে। উদাৰীকৰণে মুক্ত বাণিজ্য, ঘৰৱা অৰ্থনীতি আৰু সম্পদৰ ওপৰত চৰকাৰী নিয়ন্ত্রণ হ্রাস, বৈদেশিক বিনিয়োগ আৰু বৈদেশিক ঋণ আদিৰ ওপৰত গুৰুত্ব প্রদান কৰে। 


উদাৰতাবাদে ৰাষ্ট্ৰৰ সীমাৰ ভিতৰত বা বাহিৰত যিকোনো উদ্যোগ, বাণিজ্য প্রতিষ্ঠ তথা পৰিচালনা কৰাৰ স্বতন্ত্ৰতাৰ পোষকতা কৰে। আনহাতে ব্যক্তিগতকৰণে ৰটি এখনৰ ঘৰুৱা অর্থনীতিত বেচৰকাৰী খণ্ডৰ শ্বেয়াৰ বা অংশ বৃদ্ধি, বৈদেশিক কোম্পানীৰ আগমনক অনুমতি প্রদান করে। এনেদৰে ব্যক্তিগতকৰণৰ মাধ্যমত বিশ্বায়নে শিল্প প্রতিষ্ঠান আৰু উৎপাদনৰ সৈতে জড়িত প্ৰতিষ্ঠানসমুহ এক নিবলেইন পৰিবেশৰ মাজলৈ অনাৰ প্ৰয়াস করে।



(৪) অর্থনৈতিক আন্তানির্ভশীলতা (Economic Interdependence): বিশ্বায়নৰ পৰিণাম স্বৰূপে বিশ্বব ৰাষ্ট্ৰবোৰৰ অৰ্থব্যৱস্থা উন্মুক্ত হৈ পৰে। ফলত বিভিন্ন ৰাষ্ট্ৰৰ মাজত অর্থনৈতিক ব্যৱস্থাৰ মাজৰ সংহতিৰ এক পাৰস্পৰিক নিৰ্ভৰশীলতা সুচনা হয়। বিশাল বিভিন্ন ৰাইবিলাকৰ মাজৰ আৰ্থিক আসেনি শীলতা আনন্দ একত্ৰীকৰণৰ এটাক আনটোৰ পৰিপূৰক বুলিব পাৰি। এনেদৰে বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ অি সৈতে একত্ৰীকৰণৰ প্ৰচেষ্টা চলে।



(৫) নতুন উপনিবেশিকতাবাদৰ নতুন কৌশল বৃদ্ধি (New Technique for New Imperialism): বহু চিন্তাবিদে ক'ব বিচাবে যে বিশ্বায়নক উপনিবেশিকতাবাদৰ এক নতুন কৌশলৰ বাহিৰে আন একো নহয়। বিশ্বায়নৰ বোজা পৃথিৱীৰ উন্নত পুঁজিবাদী ৰাষ্ট্ৰসমূহে অন্যান্য অনৱত আৰু উনবিলাকৰ ওপৰত জাপি দিয়া বুলি সমালোচনা কৰা হয়। উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ বজাৰ অধিগ্ৰহণ কৰি পুঁজি বিনিয়োগ কৰাই এই বিশ্বায়ন । প্ৰক্ৰিয়াটোৰ মূল লক্ষ্য বুলি বহু চিন্তাবিদে মত প্ৰকাশ কৰিছে।



(৬) তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ (Expansion of Information and Technology): তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ তথ্য প্রযুক্তিগত বিপ্লবে যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত আৰুল পৰিবৰ্তন সাধন কৰিছে। ইয়াৰ ফলত বিশ্বৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ জনসাধাৰণে অতি কম সময়তে যোগাযোগ, যাতায়াত কৰিবলৈ সক্ষম হৈছে।



(৭) ভৌগোলিক ব্যবধানৰ অস্বীকৃতি (Non-recognition of Geographical distinction): বিশ্বায়নে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত থকা ভৌগোলিক পৰিসীমাৰ ব্যৱধানৰ নীতিত বিশ্বাস নকৰে। ই বিভিন্ন জাতীয় বান্ধবিলাকৰ ভৌগোলিক সীমাক আওকাণ কৰি নানা ৰাষ্ট্ৰৰ ভিন্নমুখী কার্যকলাপৰ ওপৰত প্ৰভাৱ পেলোৱাৰ প্রলয়।



(৮) আমদানি রপ্তানি ব্যবস্থাৰ উদাৰীকৰণ (Liberalisation of Import Export System): বিশ্বায়নৰ আন এক গুৰুত্বপূর্ণ বৈশিষ্ট্য হৈছে যে ই ৰাষ্ট্ৰৰ ভৌগোলিক সীমা অতিক্ৰম কৰি প্ৰথা সামগ্ৰী আৰু সেৱাসমূহৰ মুক্ত আদান-প্ৰদানৰ লগতে ইবিলাকৰ আমদানি আৰু ৰপ্তানিৰণৰ ক্ষেত্ৰত উপৰ নীতি গ্ৰহণৰ পোষকতা কৰে।


Project on Globalisation Class 12 Pdf

বিশ্বায়নৰ প্ৰকাৰঃ


বিশ্বায়নৰ ফলশ্ৰুতি বা পৰিণতিৰ বিষয়ে আলোচনা কৰাৰ আগতে, বিশ্বায়নৰ প্ৰকাৰ সমূহৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ। বাণিজ্যিক বিকাশ আৰু বিত্তীয় বিনিময়ৰ বাবে আমি প্ৰায়ে বিশ্বায়নক অৰ্থনৈতিক আৰু বিত্তীয় পৰিঘটনা বুলি ভাবো।  কিন্ত্ত ইয়াত কেৱল সামগ্ৰী, সেৱা বা মূলধনৰ প্ৰবাহতকৈ বহু বহল ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।  প্ৰায়ে বিশ্বায়নৰ ধাৰণা মানচিত্ৰ বুলি কোৱা হয়, বিশ্বায়নৰ কিছুমান উদাহৰণ হ'ল; 


অৰ্থনৈতিক বিশ্বায়নঃ অৰ্থনৈতিক বিশ্বায়ন (Economic Globalisation) হৈছে নিগম বা বেচৰকাৰী সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত বাণিজ্য ব্যৱস্থাৰ বিকাশ । 



বিত্তীয় বিশ্বায়নঃ বিত্তীয় বিশ্বায়ন (Financial Globalisation) আন্তঃৰাষ্ট্ৰীয় বিত্তীয় বিনিময় আৰু মুদ্ৰা বিনিময়ৰ সৈতে বিশ্বব্যাপী বিত্তীয় ব্যৱস্থাৰ উত্থানৰ সৈতে জড়িত কৰিব পাৰি। 


উদাহৰণঃ ষ্টক মাৰ্কেটসমূহ (Stock Markets) আৰ্থিকভাৱে সংযুক্ত বিশ্ব জগতখনৰ এক উত্তম উদাহৰণ কিয়নো যেতিয়া এটা ষ্টক মাৰ্কেটত অৱনতি ঘটে, তেতিয়া ই আন বজাৰসমূহৰ লগতে সামগ্ৰিকভাৱে অৰ্থনীতিতো নেতিবাচক প্ৰভাৱ পেলায়।



সাংস্কৃতিক বিশ্বায়নঃ সাংস্কৃতিক বিশ্বায়নে (Cultural Globalisation) সংস্কৃতিৰ আন্তঃপ্ৰৱেশক বুজায় যাৰ ফলস্বৰূপে জাতিসমূহে অন্য জাতিৰ নীতি, বিশ্বাস আৰু সাজ-পোছাক গ্ৰহণ কৰে, নিজৰ অনন্য সংস্কৃতিক এক অনন্য, বিশ্বায়িত অতি-সংস্কৃতিৰ হাতত হেৰুৱাই পেলায় । 



ৰাজনৈতিক বিশ্বায়নঃ ৰাজনৈতিক বিশ্বায়ন (Political Globalisation) ৰাষ্ট্ৰসংঘ (UNO) বা বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিকাশ আৰু ক্ৰমবৰ্ধমান প্ৰভাৱৰ অৰ্থ হ’ল চৰকাৰী ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংঘটিত হয়।  বিশ্ব পৰ্যায়ত চলি থকা আন সংস্থাও আছে যেনে সীমাহীন চিকিৎসক বা অক্সফামৰ দৰে এন জি অ’ (NGO's) । 



সামাজিক বিশ্বায়নঃ সামাজিক বিশ্বায়নত (Sociological Globalisation) তথ্য প্ৰায় বাস্তৱ সময়ত গতি কৰে, লগতে পৰিঘটনা আৰু ইয়াৰ পৰিণতিৰ আন্তঃসংযোগ আৰু আন্তঃনিৰ্ভৰশীলতা।  মানুহেও সকলো সময়তে লৰচৰ কৰে, বিভিন্ন সমাজৰ মিশ্ৰণ আৰু একত্ৰিত কৰে । 



প্ৰযুক্তিগত বিশ্বায়নঃ প্ৰযুক্তিগত বিশ্বায়ন হ'ল (Technological Globalisation) ফেচবুক, ইনষ্টাগ্ৰাম, স্কাইপ বা ইউটিউবৰ দৰে প্লেটফৰ্মৰ জৰিয়তে ডিজিটেল জগতৰ শক্তিৰ বাবে লাখ লাখ লোক আন্তঃসংযোগ কৰা পৰিঘটনা।



ভৌগোলিক বিশ্বায়নঃ ভৌগোলিক বিশ্বায়ন (Geographical Globalisation) হৈছে বিশ্বৰ বিভিন্ন অঞ্চলৰ নতুন সংগঠন আৰু স্তৰবৃত্ত যিটো অহৰহ পৰিৱৰ্তিত হৈ আছে।  তদুপৰি, পৰিবহণ আৰু বিমান চলাচল ইমান সহজ আৰু সুলভ কৰি তোলাৰ লগে লগে ভিছাৰ (Visa) দাবীদাৰ কেইখনমান দেশৰ বাহিৰে কোনো বাধা নোহোৱাকৈয়ে বিশ্ব ভ্ৰমণ কৰাটো সম্ভৱ কৰি তোলা । 



পৰিৱেশগত বিশ্বায়নঃ পৰিৱেশগত বিশ্বায়নে (Ecological Globalisation) পৃথিৱী গ্ৰহক একক বিশ্বব্যাপী সত্তা হিচাপে গণ্য কৰাৰ ধাৰণাটোৰ হিচাপ দিয়ে – যিটো সাধাৰণ মংগল যিহেতু বতৰে সকলোকে প্ৰভাৱিত কৰে আৰু আমি সকলোৱে একে বায়ুমণ্ডলৰ দ্বাৰা সুৰক্ষিত। এই সন্দৰ্ভত প্ৰায়ে কোৱা হয় যে যিবোৰ দৰিদ্ৰ দেশসমূহে কম প্ৰদূষণ কৰি আহিছে, সেইবোৰেই জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব।




বিশ্বায়নৰ ফলশ্ৰুতি বা পৰিণতিঃ (Consequences of Globalisation)


বিশ্বায়নৰ প্ৰভাৱে বিশ্ব অর্থনীতিৰ এক আমূল পৰিবৰ্তন সাধন কৰিছে আৰু ই আন্তঃবাষ্ট্রীয় ৰাজনীতিৰ প্ৰতিটো স্তৰতে এক উল্লেখনীয় প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। আন্তৰাষ্ট্ৰীয় ৰাজনীতিত বিশ্বায়নে এক নতুন শৃংখলাৰ সূচনা কৰাৰ উপৰি মানৱ অধিকাৰৰ ক্ষেত্ৰত প্ৰত্যাহ্বান তথা সুযোগৰ সূচনা কৰিছে। বিশ্বায়নৰ প্ৰভাৱ সমাজ জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতেই উপলব্ধি কৰিব পৰা যায় যদিও বিশ্বায়নৰ পৰিণাম আমি ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক, শৈক্ষিত এই চাৰিটা ক্ষেত্ৰত আলোচনা কৰিব পাৰোঁ। 


বিশ্বায়নৰ প্ৰভাৱে বিশ্ব অর্থনীতিৰ এক আমূল পৰিবৰ্তন সাধন কৰিছে আৰু ই আন্তঃবাষ্ট্রীয় ৰাজনীতিৰ প্ৰতিটো স্তৰতে এক উল্লেখনীয় প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। আন্তৰাষ্ট্ৰীয় ৰাজনীতিত বিশ্বায়নে এক নতুন শৃংখলাৰ সূচনা কৰাৰ উপৰি মানৱ অধিকাৰৰ ক্ষেত্ৰত প্ৰত্যাহ্বান তথা সুযোগৰ সূচনা কৰিছে। বিশ্বায়নৰ প্ৰভাৱ সমাজ জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতেই উপলব্ধি কৰিব পৰা যায় যদিও বিশ্বায়নৰ পৰিণাম আমি ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক, শৈক্ষিত এই চাৰিটা ক্ষেত্ৰত আলোচনা কৰিব পাৰোঁ। 



ৰাজনৈতিক পৰিণতিঃ বিশ্বায়নৰ ধাৰণাটো ৰাজনৈতিক কাৰ্যকলাপৰ লগত জড়িত আৰু বিশ্ব ৰাজনীতিত ইয়াৰ সুৰুপ্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয়। ৰাষ্ট্ৰৰ ৰাজনীতি তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিশ্বায়নে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে। এই প্রভাব সম্পর্কে বিভিন্ন বিতর্ক পৰিলক্ষিত হয়। বিশ্বায়নে ৰাজনীতি আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত পেলোৱা প্রভাব সম্পর্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি। 


বিশ্বায়নে জাতীয় ৰাইবিলাকৰ ক্ষমতা সংকুচিত কৰিছে। বিশ্বায়নৰ যুগত ৰাষ্ট্ৰৰ কাৰ্যাৱলী কেইটামান ঐচ্ছিক কার্য, যেনে – আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা কৰা আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াতেই সীমাবদ্ধ। আনকথাত ক'ব পাৰি যে পূৰ্বৰ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা বৰ্তমান সীমিত ৰাষ্ট্ৰলৈ পৰ্যবেসিত হৈছে। 


আনহাতে অর্থনৈতিক আৰু সামাজিক তথা জনকল্যাণকামী কাৰ্যাৱলীসমূহ সম্পাদন কৰাৰ কাৰণে অনা-চৰকাৰী সংস্থা আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু অন্যান্য আনুষংগিক আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ নীতিৰ কাৰ্যকৰীকৰণৰ ফলস্বৰূপে জাতীয় ৰাষ্ট্ৰসমূহ বিশেষকৈ তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাক উপায়ান্তৰ হৈ পৰিছে। 


সমাজবাদী ব্যৱস্থাৰ অৱসান ঘটাৰ ফলত সমগ্ৰ বিশ্ব মার্কিন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰোক্ষ নিয়ন্ত্রণাধীন হৈ পৰাত জাতীয় ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। অর্থনৈতিক নিয়ন্ত্ৰণৰ সুযোগত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক কার্যকলাপত আমেৰিকাৰ নিয়ন্ত্ৰণ স্পষ্ট হৈ পৰিছে। 


উদাহৰণ স্বৰূপে পূব এছিয়াৰ ৰাষ্ট্ৰবিলাকত সাম্প্ৰতিক কালত সংঘটিত ঘটনাবলী বিষয়ে উল্লেখ কৰিব পাৰোঁ। লিবিয়াত মোৱাম্মাৰ গাড্ডাফীৰ নেতৃত্বাধীন একনায়কত্ববাদৰ অৱসান, তুর্কী, ছিৰিয়া, ইয়েমেন, গ্ৰীছ আদি ৰাষ্ট্ৰত আভ্যন্তৰীণ গৃহযুদ্ধ বিশ্বায়নৰ ৰাজনৈতিক ফলশ্ৰুতি বুলি অভিহিত কৰা যায়। এই ৰাষ্ট্ৰবিলাকক শাসক গোষ্ঠীৰ বিৰুদ্ধে একগোট কৰিবলৈ ইণ্টাৰনেটসমূহে এক মুখ্য ভূমিকা লৈছে বুলি ক'ব পাৰি । 



অৰ্থনৈতিক পৰিণতিঃ বিশ্বায়নৰ প্ৰভাৱত বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰৰ অৰ্থনৈতিক উৎপাদন আৰু বিতৰণ ব্যৱস্থা বহুজাতিক নিগমসমূহৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা দেখা যায়। বিশ্বায়নৰ ফলশ্ৰুতিত ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক লেনদেন আৰু আদান-প্রদান ক্রমাগতভাবে বৃদ্ধি পাইছে। সেয়েছে, প্রত্যেক ৰাষ্ট্ৰই বাণিজ্যিক ক্ষেত্ৰত থকা ৰাষ্ট্ৰীয় নিয়ন্ত্রণ ধীৰে ধীৰে হ্ৰাস কৰিবলৈ বাধ্য হৈছে। ফলত আমদানি বৃদ্ধি পোৱাৰ লগতে বিদেশী পুঁজি বিনিয়োগো বৃদ্ধি পাইছে। এই সুযোগত উন্নত দেশসমূহ পুঁজি বিনিয়োগকাৰী সংস্থাসমূহে নিজ দেশৰ বাহিৰত অন্যান্য অনুন্নত আৰু উন্নয়নশীল দেশসমূহত পুঁছি বিনিয়োগ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।


অর্থনৈতিক বিশ্বায়নৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত সার্বজনীন অর্থনীতিৰ পৰিৱৰ্তে ৰাষ্ট্ৰভেদে ভিন ভিন নীতি পৰিলক্ষিত হয়। অর্থনৈতিক ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱৰ আৰু এটা দিশ হ'ল সমাজত ধনী-দুখীয়াৰ মাজত প্রভেদ ক্রমান্বয়ে বাঢ়ি যোৱা। 


মুক্ত অর্থনীতিয়ে সমাজৰ ধনী শ্ৰেণীক উপকৃত কৰাৰ লগতে সাধাৰণ শ্ৰেণীৰ অৱস্থা দিনে দিনে শোচনীয় কৰি তুলিছে। মুক্ত বজাৰ ব্যৱস্থাত বহুজাতিক কোম্পানীৰ প্ৰৱেশ বৃদ্ধি পাইছে, আনহাতে চৰকাৰী যন্ত্ৰৰ পুতৌলগা অৱস্থাৰ সৃষ্টি হৈছে। সাধাৰণ শ্ৰেণীৰ মানুহ শিক্ষা-চাকৰি আদিৰ ক্ষেত্ৰত পিছপৰাৰ ফলত সমাজত শ্রেণী বৈষম্য বৃদ্ধি পোৱা দেখা যায়। সেয়েহে বিশ্বায়নৰ সমালোচকসকলে ইয়াক নব্য উপনিবেশবাদৰেই আন এক ৰূপ বুলি ক'ব বিচাৰে।


অর্থনৈতিক ক্ষেত্ৰত বিশ্বায়নৰ সুফলো নুই কৰিব নোৱাৰি। এই ব্যৱস্থাই ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক ক্ষেত্ৰত পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু একতা স্থাপন কৰিছে। সমর্থকসকলৰ মতে, অর্থনৈতিক বিশ্বায়ন হৈছে ইতিহাসৰ বিৱৰ্তনৰ এক স্তৰ যাক মানৱ সমাজে এৰাই চলিব নোৱাৰে। অর্থনৈতিক বিশ্বায়নে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু একতা স্থাপনৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বাণিজ্যিক উদ্যোগসমূহৰ তথা বিশ্বৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।



সাংস্কৃতিক পৰিণতিঃ বিশ্বায়নৰ প্ৰভাৱ বা পৰিণতি অকল অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্রতেই নহয়, সাংস্কৃতিক ক্ষেত্ৰতো দেখা যায়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ ভিন্ন ভিন্ন খাদ্যাভ্যাস, পোছাক পৰিচ্ছদ, নৃত্য-গীত আদিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱৰ ফলত পৰম্পৰাগত সংস্কৃতিত এক আমূল পৰিবৰ্তন পৰিলক্ষিত হয়। 


বিশ্বায়নৰ ফলত দেশসমূহৰ সাংস্কৃতিক দিশবোৰৰ আদান-প্রদান হৈছে, যিয়ে এক সহনশীলতাৰ সৃষ্টি কৰিছে। সাংস্কৃতিক বিশ্বায়নৰ ফলত প্রত্যেক দেশেই নিজৰ স্বকীয় অস্তিত্ব বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ সক্ষম হৈছে। যাক আমি সাংস্কৃতিক বহুত্বতা বুলি কওঁ। বিশ্বায়নৰ সাংস্কৃতিক ক্ষেত্রত ঋণাত্মক প্রভাৱো আছে। বিশ্বায়নৰ কেতবোৰ অপসংস্কৃতিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চলত খাদ্যাভাস, ৰুচি, স্থানীয় ভাষা আদিৰ অৱনতি ঘটাইছে।


সংস্কৃতিবোৰ স্থিৰ বস্তু নহয়।  সকলো সংস্কৃতিয়ে বাহিৰৰ প্ৰভাৱ সকলো সময়তে গ্ৰহণ কৰে। কিছুমান বাহ্যিক প্ৰভাৱ নেতিবাচক, কাৰণ ই আমাৰ পছন্দ হ্ৰাস কৰে।  কিন্তু কেতিয়াবা বাহ্যিক প্ৰভাৱে আমাৰ পছন্দক কেৱল বৃদ্ধি কৰে, আৰু কেতিয়াবা পৰম্পৰাগতক নতুনত্ব নিদিয়াকৈ আমাৰ সংস্কৃতিৰ পৰিৱৰ্তন ঘটায়।


সাংস্কৃতিক সমতা বিশ্বায়নৰ এটা দিশ হ’লেও একে প্ৰক্ৰিয়াই ইয়াৰ হুবহু বিপৰীত প্ৰভাৱো সৃষ্টি কৰে। ইয়াৰ ফলত প্ৰতিটো সংস্কৃতি অধিক পৃথক আৰু স্বকীয় হৈ পৰে।  এই পৰিঘটনাক সাংস্কৃতিক বৈষম্যকৰণ বোলা হয়।



শৈক্ষিত পৰিণতিঃ বিশ্বায়নে শিক্ষাৰ মান উন্নত কৰিছে।  বিশ্বায়নৰ বাবে দেশসমূহে বিশ্বজুৰি শ্ৰেষ্ঠ শিক্ষা ব্যৱস্থাসমূহৰ সাক্ষী হোৱাৰ সুযোগ পাইছিল আৰু এইদৰে ইয়াৰ প্ৰতিলিপি কৰিব পাৰিছিল। বিশ্বায়নৰ বাবে বহু দেশে ই-লাৰ্নিং, মিশ্ৰিত শিক্ষণৰ দৰে নতুন পদ্ধতিসমূহ দ্ৰুতগতিত গ্ৰহণ কৰিছিল। বিশ্বৰ দেশসমূহৰ মাজত জ্ঞান বিনিময়ৰ ফলত সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীসকলক আপডেট কৰা প্ৰযুক্তিৰ শিক্ষা দিয়া হ’ল।


বিশ্বায়নৰ বাবে উন্নয়নশীল দেশসমূহত বিদেশী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।  এই বিশ্ববিদ্যালয়সমূহে বহু ছাত্ৰ-ছাত্ৰীক উচ্চমানৰ শিক্ষা লাভ কৰাত সহায় কৰিছিল।  তদুপৰি উন্নয়নশীল আৰু অনুন্নত দেশৰ শিক্ষা খণ্ডত বিদেশী বিনিয়োগেও সুবিধা আৰু আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰিছিল।


এতিয়া ই-লাৰ্নিঙৰ জৰিয়তে আন দেশৰ কলেজত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ লগে লগে কেইবাখনো দেশে নিজৰ শিক্ষা আৰু পাঠদানৰ মানদণ্ড অহৰহ উন্নত কৰি আছে।


শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মাজত সহানুভূতি আৰু বুজাবুজি গঢ়ি তুলিব লাগে।  বিশ্বায়নে ছাত্ৰ-ছাত্ৰীসকলক অন্য সংস্কৃতিৰ বিষয়ে বুজাবুজি গঢ়ি তুলিবলৈ সক্ষম কৰিলে, যিটো ব্যৱহাৰিক শিক্ষাৰ দৰেই। বিশ্বায়নৰ বাবে বহুতে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰিলে আৰু সেয়েহে বিশ্বজুৰি সাক্ষৰতাৰ হাৰ উন্নত হৈছে।


বিশ্বায়নে বহু লোকক মানৱ অধিকাৰ আৰু নিজৰ দেশৰ শাসন ব্যৱস্থাৰ সুৰুঙাৰ বিষয়ে সচেতন কৰি তুলিছিল।  এই ব্যৱহাৰিক শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ দেশৰ উন্নয়নত অংশগ্ৰহণ কৰাত সহায় কৰে।


বিশ্বায়নে বহু দেশক বিকল্প শিক্ষণ ব্যৱস্থা যেনে হোমস্কুলিং, দূৰ শিক্ষা, বিশ্ব স্কুলিং ইত্যাদি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। এতিয়া বহু দেশত ব্যৱহাৰিক শিক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।  উদাহৰণস্বৰূপে, ইন্টাৰশ্বিপ এতিয়া সাধাৰণ কথা হৈ পৰিছে।


বহু দেশত ইংৰাজী শিক্ষাৰ মূল মাধ্যমলৈ পৰিণত হৈছে।  ইংৰাজৰ আধিপত্যক লৈ কেইবাটাও বিতৰ্ক চলি আছে।  কিছুমানে কয় যে বিশ্বায়নৰ যুগত ইংৰাজী ভাষাত পাঠদান কৰাটো ভাল, আৰু কিছুমানে কয় যে ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পৰে।


বহু বিদ্যালয়ত বৰ্তমান বিশ্ব শিক্ষাৰ পাঠদান কৰা হৈছে।  তদুপৰি সাধাৰণতে বিশ্বায়নৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আধুনিক মিশ্ৰিত সংস্কৃতি শিকিবলৈ আৰু অনুসৰণ কৰিবলৈ অধিক আগ্ৰহী।  গতিকে, স্থানীয় ভাষা আৰু সংস্কৃতিৰ বিলুপ্তিৰ বিষয়ে কিছুমান মানুহৰ আশংকা আছে।


সকলোৰে গুণগত শিক্ষাৰ সুবিধা নাই।  বিশ্বায়নৰ ফলত উন্নত শিক্ষা কেৱল ধনী আৰু চহৰ অঞ্চলৰ জনসাধাৰণৰ বাবেহে উপকাৰী।  ধনী-দৰিদ্ৰ আৰু চহৰ-গ্ৰাম্য অঞ্চলৰ মাজত শিক্ষাৰ সুবিধা লাভৰ ক্ষেত্ৰত এক বৃহৎ ব্যৱধান আছে।  বিশ্বায়নে এই ব্যৱধান আৰু অধিক বৃদ্ধি কৰিছে কাৰণ যিসকলে সুযোগসমূহ ব্যৱহাৰ কৰিছিল তেওঁলোকে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব।




উপসংহাৰঃ বর্তমান যুগত বিশ্বায়ন এক বাস্তব সত্য। ইয়াক অস্বীকাৰ কৰা কোনো পধ্যেই সম্ভব নহয়। পৃথিৱীৰ সকলো ৰাষ্ট্ৰৰ ক্ষেত্ৰতেই বিশেষকৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱ অনস্বীকার্য। অৱশ্যে এই প্রভাৱ যে অকল সকাৰাত্মক (Positive) এনে নহয়, বিশ্বায়নৰ সকাৰাত্মক আৰু নকাৰাত্মক (Negative) এই দুই ধৰণৰ প্ৰভাৱ পৰিলক্ষিত হয়।


বিশ্বায়নে গোটেই বিশ্বব্যাপী সমালোচনাৰ মুখামুখী হৈছে। বাওঁপন্থীসকলে যুক্তি আগবঢ়াইছে যে সমসাময়িক বিশ্বায়নে এটা বিশেষ সময়ৰ বিশ্ব পুঁজিবাদক প্রতিনিধিত্ব কৰে যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে। 


বিশ্বায়নৰ সমালোচকসকলৰ ৰাজনৈতিক সোঁপন্থীসকলে ইয়াৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক ফলাফল সম্পর্কে উদ্বেগ প্রকাশ কৰিছে । বিশ্বায়নৰ ফলত সমগ্র বিশ্বত সমৰূপী অর্থনৈতিক ব্যৱস্থা সম্ভৱ হোৱাৰ সম্ভাৱনা থাকে।


শেষত বিশ্বায়নৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে পৰিছে যদিও এই প্ৰক্ৰিয়াৰ বাবে আমি বিশ্ব অৰ্থনীতিৰ অধিক উন্নতিৰ আশা নিশ্চয় কৰিব পাৰো।


PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read













No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.