30 Jun 2023

HS 2nd Year Assamese Chapter 3 Question Answer

HS 2nd Year Assamese Chapter 3 Question Answer

HS 2nd Year Assamese Chapter 3 Question Answer


HS 2nd Year Assamese Chapter 3 Question Answer: মিলন (Milon) is the 3rd Poem from Class 12 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese poet নলিনীবালা দেৱী (Naliniwala Devi). Here in this article you can avial HS 2nd Year Assamese Chapter 3 Question Answer.




HS 2nd Year Assamese মিলন Questions Answers


মিলন

নলিনীবালা দেৱী


(ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ )


১। নলিনীবালা দেৱীক কি কবিৰূপে জনা যায় ?

উত্তৰঃ নলিনীবালা দেৱীক অতিন্দ্রীয়বাদী কবিৰূপে জনা যায়।



২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি ?

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ'ল 'এৰি অহা দিনবোৰ'।



৩। 'জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে ?

উত্তৰঃ 'জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্রেমৰ মনোভাব প্রকাশ পাইছে।



৪। 'মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ' বুলি কাক বুজাইছে ?

উত্তৰঃ 'মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ' বুলি ভগৱানক বুজাইছে ।



৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ নলিনীবালা দেৱীয়ে 'অলকানন্দা' কাব্যগ্রন্থৰ বাবে ১৯৬৮ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।




Class 12 Assamese Chapter 3 মিলন – নলিনীবালা দেৱী


(খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)


১। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ'ল 'স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা’।



২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে ?

উত্তৰঃ কবিৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে। তেওঁৰ পৰম আৰাধ্যজনে সপোনে-দিঠকে, মানসৰ তীৰে তীৰে আহি নিতে তেওঁক দর্শন দিয়ে।



৩। কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে ?

উত্তৰঃ কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য ভগৱানৰ কথা বুজাইছে ।তেওঁক চকুৰে দেখা নাপালেও মনৰ দৃষ্টিৰে তেওঁ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে। 



৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি ?

উত্তৰঃ পৰম আৰাধ্য ভগৱানে  নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি।



৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায় ?

উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰম আৰাধ্য ভগৱানক দেখা পায় ।




মিলন | Lesson 3 | দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি | HS 2nd Year Assamese | HS 2nd Year Assamese Lesson 3 Question and Answer | Class 12 Assamese Chapter 3 Solution 



(গ) দীঘল প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ অথবা ৫)


১। নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্রকাশ পাইছে, তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা। (উঃ মাঃ ২০১৮) 

উত্তৰঃ নলিনীবালা দেৱী হ’ল মূলতঃ অতিন্দ্রীয় বাদী বা ৰহস্যবাদী কবি। তেওঁৰ কবিতাসমূহৰ মাজেৰে আধ্যাত্মিক চেতনাৰ অপূর্ব প্রকাশ দেখিবলৈ পােৱা যায়। ৰহস্যবাদী কবিসকলে জীৱনৰ দুখ-বেদনা পৰমজনৰ ওচৰত অৰ্পণ কৰিব বিচাৰে। তেওঁলােকে ঈশ্বৰৰ অস্তিত্ব সকলােতে অনুভৱ কৰি নিজক অর্পণ কৰি দিয়ে । 


কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত এক পৰম সত্তা বা ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলােতে অনুভৱ কৰা হৈছে। ঈশ্বৰৰ সৈতে মিলনেই হৈছে কবিৰ হৃদয়ৰ আকুলতা। নিশাৰ জোনাকী পোহৰ, তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্রতিটো মুহূর্ত তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন।




২। 'মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা। (উঃ মাঃ ২০১৭) 

উত্তৰঃ মিলন’ কবিতাটিত কবিয়ে পৰম আৰাধ্য ঈশ্বৰৰ লগত নিজৰ আত্মাৰ মিলন হােৱাৰ কথা কৈছে। প্ৰকৃতিৰ সকলাে বস্তুতে দিনে-নিশাই কবিয়ে আৰাধ্যজনকে দেখে। নিজৰ মনৰ মাজত, নিশাৰ তৰাৰ মাজত বা দোভাগ নিশা টোপনিত লাল কাল দি থাকিলেও ভগৱানৰ উপস্থিতি কবিয়ে অনুভৱ কৰে। কেৱল নেদেখাজনৰ দৰ্শনৰ বাবে হৃদয় মন্দিৰত থাপনা পাতি ৰৈ থাকে। 


কবিয়ে সপােনে, দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। জোনাকী নিশা, গধূলিৰ তৰাভৰা আকাশৰ মােহনীয় সৌন্দর্য-সুষমাই কবিৰ ভগৱ-প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তােলে। ৰাতিপুৱা সূর্য উদয় হােৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে আৰু কবিয়ে এই অনুভৱক পৰমজনৰ সতে অন্তহীন মিলন বুলি অভিহিত কৰে।




৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা ।

উত্তৰঃ কবি নলিনীবালা দেৱীয়ে ‘মিলন’ কবিতাটিত তেওঁৰ পৰম আৰাধ্যজনক পাবলৈ ব্যাকুল হৈ থকাৰ বাবে সকলাে সময়তে আৰু সকলােতে তেওঁৰ অস্তিত্ব দেখা পায় বুলি কৈছে। কবিৰ মনৰ নিজান কোণত, নিশাৰ আকাশৰ ৰূপােৱালীৰাৰ মাজত কবিয়ে তেওঁক দেখিবলৈ পায়। গধূলিৰ আন্ধাৰত কবিয়ে যেতিয়া ঈশ্বৰৰ ধ্যান কৰে তেতিয়াও তেওঁৰ লগত দেখাদেখি হয়। গভীৰ এন্ধাৰ ৰাতি গােটেই জগত যেতিয়া নিঃপালি দিয়ে তেতিয়াও কবিয়ে তেওঁকে দেখে। 


কবিৰ মনৰ নিজান কোণত, সপােনৰ দেশত, মানসৰ তীৰত, জোনাকীৰ উজ্জ্বল দীপালিত, আকাশৰ তৰাৰ তিৰবিৰণিৰ মাজত, গধূলিৰ ক্ষীণ পােহৰত, ধ্যানৰ মুহুর্তত, হৃদয়ৰ আৱেগশীলতাৰ মাজত, পুৱতি শুভ লগনত, গভীৰ নিশাৰ নিস্তব্ধতাৰ মাজত, উষাৰ দোকমােকালি পােহৰত, প্রতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনাক দেখিবলৈ পায় ।




৪। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা ।

উত্তৰঃ নলিনীবালা দেৱীৰ অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰ সমাৱেশ ঘটে। 'মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। কবিৰ ভগৱানৰ প্রতি যি আৰাধনা সেইয়াই কবিক জীয়াই থকাৰ সমল আৰু প্রেৰণা যোগায়। কবিয়ে সেয়ে ‘মিলন’ কবিতাটিত নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশ, ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্রতি ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি অভিহিত কৰিছে।




৫। 'মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে, চমুকৈ  আলোচনা কৰা।

উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰ খনৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায়।শান্ত-সমাহিত আৰু কৰুণ আকূতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যবান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়।


কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে। সপোনে-দিঠকে, নিজৰ হৃদয়ৰ নিজান কোণত,নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য,ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্রকাশিত হৈছে।



HS 2nd Year Assamese MIL Chapter 3 Common for AHSEC 2024

ওপৰঞ্চি প্ৰশ্ন আৰু পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্নঃ


১। নলিনীবালা দেৱীৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ নলিনীবালা দেৱীৰ জন্ম ১৮৯৮ চনৰ ২৩  মাৰ্চত গুৱাহাটীত হৈছিল ।



২। নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল ? 

উত্তৰঃ নলিনীবালা দেৱীৰ পিতৃৰ নাম আছিল কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।



৩। তেখেতৰ কেইখনমান কাব্যগ্ৰন্থৰ নাম লিখা।

উত্তৰঃ 'সন্ধিয়াৰ সুৰ', 'সপোনৰ সুৰ', 'পৰশমণি', 'জাগৃতি', 'অলকানন্দা' ইত্যাদি।



৪। 'মিলন' কবিতাটি কবিৰ কোনখন কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে ?

উত্তৰঃ মিলন' কবিতাটি কবিৰ 'সন্ধিয়াৰ সুৰ' কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে।



৫। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি ? (উঃ মাঃ ২০১৭) 

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ’ল—এৰি অহা দিনবােৰ৷



৬। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল ?

উত্তৰঃ ১৯৫৪ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল।



৭। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ? (উঃ মাঃ ২০১৬) 

উত্তৰঃ নলিনীবালা দেৱীয়ে 'অলকানন্দা' নামৰ কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।



৮। নিশাৰ আকাশত মংগল উৰুলি কোনে গায় ?

উত্তৰঃ নিশাৰ আকাশত মংগল উৰুলি আকাশৰ তৰাৰ শাৰীয়ে গায়।



৯। কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্রী উপাধি লাভ কৰিছিল ? (উঃ মাঃ ২০১৮) 

উত্তৰঃ  নলিনীবালা দেৱীক ১৯৫৮ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্রী উপাধি লাভ কৰিছিল।



১০। গধূলিৰ স্নান এন্ধাৰত কবিয়ে কাক দেখে বুলি কৈছে ?

উত্তৰঃ গধূলিৰ ম্লান এন্ধাৰত কবিয়ে পৰম আৰাধ্যজনক দেখে বুলি কৈছে।



১১। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্রতিধ্বনিত হােৱা দুখন কাব্যগ্রন্থৰ নাম লিখা।  (উঃ মাঃ ২০১৯) 

উত্তৰঃ নলিনীবালা দেৱীৰ ভাৱৰ ব্যঞ্জনা প্রতিধ্বনিত হােৱা দুখন কাব্যগ্রন্থৰ নাম হ’ল—(১) সপােনৰ সুৰ (২) অন্তিমৰ সুৰ।



১২। নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি ? (উঃ মাঃ ২০১৯) 

উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ আছিল আধ্যাত্মিকতা।



১৩।  ‘বিশ্বদীপা’ শীর্ষক জীৱনীমূলক, গ্রন্থখনৰ ৰচক কোন ? (উঃ মাঃ ২০২০) 

উত্তৰঃ ‘বিশ্বদীপা’ শীর্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক হ’ল- নলিনীবালা দেৱী।



১৪। নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্রন্থৰ ভালেমান কবিতাত স্বদেশপ্রেমৰ সুৰ প্ৰবাহিত হৈছে ? (উঃ মাঃ ২০২০) 

উত্তৰঃ নলিনীবালা দেৱীৰ যুগ দেৱতা’আৰু জাগৃতি’নামৰ কাব্যগ্রন্থ দুখনৰ ভালেমান কবিতাত স্বদেশপ্রেমৰ সুৰ প্রবাহিত হৈছে।



১৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায় ?

উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলেও কবিয়ে ভগৱানকেই দেখা পায়। ঈশ্বৰ সর্বব্যাপী, সকলােতে ব্যাপী থাকে। সেয়েহে কবিয়ে দোভাগ নিশা টোপনিত লালকাল হৈ থাকিলেও তেওঁকে দেখে।



মিলন কবিতাৰ মুলভাৱ

১৬।  মিলন কবিতাৰ মুলভাৱ লিখা।

উত্তৰঃ ‘মিলন’ নলিনীবালা দেৱীৰ এটি দার্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি শুনিবলৈ পােৱা যায়। কবিতাটোৰ দ্বাৰা ৰহস্যবাদৰ ভাবধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত জীৱনত কবিয়ে অনেক দুখ-যন্ত্রণা লাভ কৰিছিল। এই দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দার্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি শােক সন্তপ্ত হৃদয়ত শান্তি পাইছিল। এই দুখ-যন্ত্রণাৰ পৰা হাত সাৰিবলৈ পুৱা, গধূলি, নিশা সকলাে সময়তে পৰমজনক পাবলৈ কবিয়ে বিচাৰিছিল। কবিৰ মনত ভগৱৎ প্রীতিৰ চিন্তা। অন্তহীন মিলনৰ বাসনাত কৰিব মন উদ্বাউল হৈ পৰিছে। কবিৰ মতে ভগৱানৰ সান্নিধ্যৰ প্ৰতিটো ক্ষণেই তেওঁৰ বাবে ভগৱানৰ সৈতে মিলনৰ ক্ষণ। সেয়েহে পৃথিৱীৰ সকলাে বস্তুতে তেওঁ পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। নিশাৰ আন্ধাৰত জোনাকী পােহৰত কবিয়ে তেওঁকে দেখিবলৈ পায়। গতিকে ভগৱানৰ দর্শন লাভ কৰিলেই কবিৰ কামনা-বাসনা পূর্ণ হ’ব বুলি কৈছে।


PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 











No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.