23 Aug 2022

Class 12 Assamese Question Paper 2019

Class 12 Assamese Question Paper 2019 

Class 12 Assamese Question Paper 2019


Class 12 Assamese Question Paper 2019: Assamese 2019 AHSEC Questions Paper, Board Questions Paper are a good source for preparation for Board Exam. Here you can avail Class 12 Assamese Question Paper 2019.



AHSEC Question Papers – Assam Class 12th Previous Question Papers

Students who are studying in class 12 must be looking for Previous Question Papers/model question paper/sample question paper. Practicing question papers is a good source for exam preparation.


In this article you can find a sample question paper for upcoming AHSEC 2023 board exam according to new question pattern and new marking style. 



HS 2nd Year Question Paper 2019 AHSEC 

2019


ASSAMESE


(MODERN INDIAN LANGUAGE)


(NEW & OLD COURSE)


Full Marks : 100


Pass Marks : 30


Time : Three hours


The figures in the margin indicate full marks for the questions.

Q. No. 1 carries 1 mark each 1×7 = 7

Q. No. 2 carries 2 marks each 2×7 = 14

Q. No. 3 carries 4 marks each 4×1 = 4

Q. No. 4 carries 5 marks each 5×2 = 10

Q. No. 5 carries 1 mark each 1×5 = 5

Q. No. 6 carries 2 marks each 2×5 = 10

Q. No. 7 carries 4 marks each 4×1 = 4

Q. No. 8 carries 3 marks each 3×2 = 6

Q. No. 9 carries 1 mark each 1×2 = 2

Q. No. 10 carries 2 marks each 2×2 = 4

Q. No. 11 carries 4 marks each 4×1 = 4

Q. No. 12 carries 7 marks each 7×1 = 7

Q. No. 13 carries 1 mark each 1×5 = 5

Q. No. 14 carries 2 marks each 2×4 = 8

Q. No. 15 carries 10 marks each 10×1 = 10

Total : 100



HS 2nd Year Final Exam Question Paper Assamese 2019

১। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবা: ১×৭=৭


(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ 'শ্ৰীকৃষ্ণকথা' কি বিষয়ক গ্রন্থ :


(খ) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখকৰ নাম লিখা ।


(গ) ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন ?


(ঘ) 'হস্তিবিদ্যাৰ্ণৱ' পুথিত কোনগৰাকী বৰকুঁৱৰীৰ ছবি পোৱা যায় ?


(ঙ) ঈশোপনিষদৰ নিষেধ বাক্যটি কি ?


(চ) বাগানত কৰ্মৰত অৱস্থাত ভূদেব চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাবে প্রতীক্ষা কৰিছিল ?


(ছ) অসমীয়া চিনেমাৰ জনক কোন ?


(জ) বসন্ত ৰোগ প্ৰধানকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল ?


(ঝ) 'পদকীয়া' মানে কাক বুজায় ?


(ঞ) 'দি এনচিয়েন্ট মেৰিনাৰ' শীৰ্ষক কবিতাটিৰ ৰচক কোন ?


(ট) 'বৃন্দাবন' নামৰ গল্প সংকলনটোৰ ৰচক কোন ?


(ঠ) টিংখঙৰপৰা বাগানৰ ডাক অনা বনুৱাজনৰ নামটো কি ?



২। তলৰ যিকোনো সাতোটা প্রশ্নৰ উত্তৰ কৰিবা :২×৭=১৪


(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ লিখা।


(খ) ‘প্রকৃষ্ট' আৰু 'অনিয়া-অনি' শব্দ দুটাৰ অৰ্থ কি ?


(গ) কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা-কবিতাৰ লগত মগনিয়াৰ'ৰ সাদৃশ্য আছে ?


(ঘ) ‘বৃহৎ সংহিতা' আৰু 'যশক্তিলক' গ্ৰন্থ দুখনৰ ৰচক কোন ?


(ঙ) 'শ্রদ্ধয়া দেয়ম্', 'অশ্রদ্ধয়া অদেয়' অর্থ কি ?


(চ) চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা ।


(ছ) 'জয়মতী' কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তিলাভ কৰিছিল ?


(জ) শীলভদ্রই কোনখন উপন্যাসৰ বাবে, কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা' লাভ কৰিছিল ?


(ঝ) বৈজ্ঞানিক মানসিকতা কাক বোলে ?



৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা (যিকোনো এছোৱা) ৪×১=৪


(ক) “পানীমে মীন পিয়াসী।


মোক শুনত শুনত লাগে হাসি ।।”


(খ) “কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।”


(গ) “ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।”


(ঘ) “বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।”



৪। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা : ৫x২=১০


(ক) ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ কেনে ধৰণৰ গঢ়গতি আৰু কাৰ্যকলাপত লক্ষ্মীনাথ বেজবৰুৱা আনন্দ বিমিশ্রিত আচৰিত হৈ পৰিছিল চমুকৈ লিখা।


(খ) সংজ্ঞাসহ কথা কবিতাৰ চাৰিটা বৈশিষ্ট্য লিখা ।


(গ) 'হস্তিবিদ্যাৰ্ণৱ' পুথিৰ গদ্যশৈলী সম্পর্কে এটি টোকা যুগুত কৰা।


(ঘ) উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটির খোজা বিদ্যার্থীক গুৰুৱে কি কি উপদেশ দিছিল নিজৰ ভাষাৰে লিখা।


(ঙ) অসমীয়া চলচ্চিত্ৰ জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে লিখা।


(চ) প্রকৃত বিজ্ঞানীৰ কাম কেনে হোৱা উচিত পাঠৰ আধাৰত আলোচনা কৰা।



৫। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখা: ১×৫ = ৫


(ক) বৰগীতৰ ভাষা কি ?


(খ) 'গোমোস্তা' শব্দটির অর্থ লিখা।


(গ) নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি ?


(ঘ) 'প্রবুদ্ধ জনতা' শব্দটোৱে কি বুজাইছে ?


(ঙ) “বিশ্ব শিল্পী মহা বিশ্বৰ' – কবিয়ে কাক 'বিশ্ব শিল্পী' বুলি অভিহিত কৰিছে ?


(চ) ৰ'দ জিকিমিকি' কাব্যগ্ৰন্থখনৰ ৰচক কোন ? নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত কোনখন আলোচনীৰ অবদান স্মৰণীয় ?


(জ) নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা



৬। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখা : ২x৫=১০


(ক) শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল ?


(খ) সত্ত্ব, রজঃ, তমঃ গুণ কি ?


(গ) নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা।


(ঘ) “হে মোৰ আলোক-পূজাৰী প্ৰাণ' বুলি করিয়ে কাক, কি যাচিবলৈ আহ্বান জনাইছে ?


(ঙ) ‘কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটি প্রথম কোন চনত আৰু কোনখন মুখপত্ৰত প্ৰকাশ হৈছিল ?


(চ) “আঘোণৰ পথাৰত কাম আৰু কাম।" ----- কবিয়ে আঘোণৰ পথাৰত থকা কি কি 'কাম'ৰ বিষয়ে ইংগিত কৰিছে ?


(ছ) কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ?


(জ) 'কৰণতম' কবিতাত কবিৰ মনত মাতৃ স্মৃতি কিহে কেনেকৈ জাগ্ৰত কৰিছে



৭। প্রসংগ-সংগতি দশাই ব্যাখ্যা কৰা (যিকোনো এফাকি): ৪×১ = ৪


(ক) সিদ্ধ মুনিগণে চিন্তিয়া নপাবে


সো হৰি যশোৱা কোলে।


ত্ৰিজগতৰ পতি ভকতি মিলিল


মূৰুখ মাধৱে বোলে।



(খ) উঠা মিস্ত্রী, কঁহাৰ, কমাৰ


আন্ধাৰৰ শেষ আহিল তোমাৰ 


লোৱা অধিকাৰ নিজ বাহুবলে


নিজে কৰা কৰ্মৰ,


কাঠ মিস্ত্ৰীৰ ঘৰ।



(গ) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ 


সেই মন্ত্রকে গালো


জীয়াই থকাৰ ধেমালিটো মই 


এবাৰেই খেলি গ'লোঁ



৮। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিবা : ৩×২ = ৬


(ক) সব পুৰুষৰ শিৰৰ ভূষণ' বুলি কোনে, কাক, কিন্তু কৈছে ?


(খ) 'জনতাৰ আহ্বান' কবিতাটিত করিয়ে কিহৰ জয় বিচাৰিছে লিখা।


(গ) আঘোণৰ পথাৰত কুঁৱলী নথকা হ'লে কবিয়ে কি কি দেখা পালেহেঁতেন প্রথম দুটা স্তৱকৰ আলমত লিখা।


(ঘ) কৰি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ আহিলে কি পৰিবৰ্তন হ'ব ?



৯। যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখিবা : ১×২ = ২


(ক) মূল্যবোধৰ 'ত্রিনীতি' কি ?


(খ) কৈশোৰ কাল আন কি নামেৰে পৰিচিত ?


(গ) মাধ্যমিক শিক্ষাক 'জীৱনৰ আলি-দোমোজা' বুলি কোনে অভিহিত কৰিছে ?



১০। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিবা : ২×২ = ৪


(ক) মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা।


(খ) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা কি কি ?


(গ) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি ?



১১। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবা : ৪×১ = ৪


(ক) 'নন্দনতাত্ত্বিক মূল্যবোধ' সম্পর্কে চমুকৈ লিখা ।


(খ) 'আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জয়যাত্ৰাৰ যুগ।"


- ব্যাখ্যা কৰা।



১২। (ক) কৃৎ প্রত্যয় আৰু তদ্ধিত প্রত্যয় কাক বোলে ? দুয়োটাৰে মাজত মূল পার্থক্য কত উদাহৰণসহ বুজাই লিখা। ১×৫= ৫


অথবা


(খ) শব্দ বিভক্তি আৰু কাৰক বুলিলে কি বুজা ? অসমীয়া ভাষাৰ শব্দ বিভক্তিসমূহৰ এখনি তালিকা যুগুত কৰা। ১×৫= ৫




১৩। তলৰ যিকোনো পাঁচোটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দেখুওৱা :১x৫=৫


বিহুৱা, শোৱন, খুলীয়া, জুইকুৰা, নদীয়াল, মগনিয়াৰ, ৰোৱনী।




১৪। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা : (যিকোনো চাৰিটা): ২×৪ = ৮


ঊনৈশত বা বলা, নোম টেঙৰ, পানীৰ তলৰ কাইট, ভূতৰ ওপৰত দানহ, অজীর্ণ পাতকী, চকু চৰহা ।



১৫। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা : ১০


(ক) আধুনিক সমাজৰ ব্যাধি : অনুশাসনহীনতা। 


(আৰম্ভণি ------- অনুশাসনহীনতাৰ উৎস ------- যুব উচ্ছৃংখলতা ------- কর্মহীনতা আৰু অনুশাসনহীনতা ------- মূল্যবোধৰ অৱক্ষয় ------- সামৰণি।) 



(খ) সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা


(আৰম্ভণি ------- সাহিত্য আৰু সমাজ ------- সৃষ্টিশীল সাহিত্য আৰু সমাজত ইয়াৰ ইতিবাচক দিশ ------- সামৰণি।) 



(গ) জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট 


(আৰম্ভণি ------- জনসংখ্যা বৃদ্ধিৰ কাৰক ------- অনুপ্রবেশ ------- জন-বিস্ফোরণ ------- অৰ্থনৈতিক সংকট ------- সংকট মোচনৰ উপায় ------- সামৰণি।)



(ঘ) ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ 

(আৰম্ভণি ছ'চিয়েল মিডিয়া কি ? ------- ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ ------- জনপ্ৰিয়তাৰ মূল কাৰণসমূহ ------- নেতিবাচক দিশ – সামৰণি।)



Class 12 Assamese question paper 2019 PDF

Students who are preparing for the upcoming Higher Secondary Final Examination, are able to download all the available question papers of the previous year of Assam Higher Secondary Education Council.



FAQ

Q. How do I download AHSEC question paper ?

Ans: Inorder to download AHSEC question paper, you are advised to visit www.edunation19.in. Here you can easily find all Board Questions Papers. 


You just need to scroll down the webpage and click on the Board Paper tab. Click on that paper's link which you want to download. After clicking on a link, the file will start downloading to your device. Open the downloaded PDF file with a valid PDF reader. If you need you can also print that downloaded PDF.

No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.