10 Aug 2023

জনতাৰ আহ্বান HS 2nd Year Chapter 4 Assamese Question Answer

জনতাৰ আহ্বান HS 2nd Year Chapter 4 Assamese Question Answer

জনতাৰ আহ্বান HS 2nd Year Chapter 4 Assamese Question Answer


জনতাৰ আহ্বান HS 2nd Year Chapter 1 Assamese Question Answer: জনতাৰ আহ্বান/Janatar Ahban is the chapter 4 from AHSEC HS 2ND Year Assamese (MIL) Textbook সাহিত্য সৌৰভ/Sahitya Saurabh. জনতাৰ আহ্বান/Janatar Ahban is written by জ্যোতিপ্ৰসাদ আগৰৱালা. Here you can avail জনতাৰ আহ্বান HS 2nd Year Chapter 4 Assamese Question Answer





Class 12 Assamese Chapter 4 Janatar Ahban Question Answer


(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)


১। অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে ?

উত্তৰঃ অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে জ্যোতিপ্ৰসাদ আগৰৱালাক বিভূষিত কৰা হৈছে।


২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ’ল— ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ ।


৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটখনৰ নাম কি ?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম হ'ল 'শোণিত কুঁৱৰী'।


৪। জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল ?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ তাত কথাছবি প্রযােজনা আৰু পৰিচালনাৰ বিষয়ত প্রশিক্ষণ লৈছিল ।


৫। প্রথম অসমীয়া কথাছবিখনৰ নাম কি ?

উত্তৰঃ প্রথম অসমীয়া কথাছবিখনৰ নাম ‘জয়মতী’ ।





Class 12 Assamese MIL Poem 4 AHSEC Question Answer


(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)


১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হল—

(ক) জাতীয়তাবােধ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবােধ আৰু জনতাৰ প্রতি দায়ৱদ্ধতা তেখেতৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য ।

(খ) তেখেতৰ কবিতাত ভাষা আৰু শব্দ প্রয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা আদি বৈশিষ্ট্য লক্ষ্য কৰা যায় ।



২। 'আজি সুন্দৰৰ পূজা-থাপনাত


   যাচিবি কিহৰে ষোড়শোপচাৰ’—


   ষোড়শোপচাৰ কি বুজাই লিখা।


উত্তৰঃ ষোড়শোপচাৰ হ'ল পূজাৰ বাবে প্ৰয়োজনীয় ষোল্লবিধ (১৬) উপকৰণ বা বস্তু । এই ষোল্লবিধ উপকৰণেৰে দেৱ দেৱীক পূজা অৰ্চনা কৰা হয় । উপকৰণ কেইবিধ হ'ল — গন্ধ, পুষ্প, ধূপ, দীপ্, স্নান, পাদ্য, অৰ্ঘ্য, বসন, নৈবেদ্য, বন্দনা, আসন, স্বাগত, মধুপর্ক, আভৰণ, আচমনীয় আৰু পুনৰাচমনীয় । 



৩। কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান' বুলি কিয় কৈছে ?

উত্তৰঃ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। কবিয়ে জনতাৰ জাগ্রত ৰূপ দেখি আনন্দ পাইছে। জনতাৰ আহ্বানত যে জনতাৰেই মঙ্গল হ’ব সেই কথা কবিয়ে উপলব্ধি কৰিব পাৰিছে।



৪। 'হে মোৰ আলোক-পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ কবিতাটিত কবিয়ে ‘আলোক-পূজাৰী প্ৰাণ’ বুলি জনতাক বুজাইছে। আজি জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদ্বয় হৈছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি, আকাশত সৌন্দর্য্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। সেয়ে কবিয়ে ‘আলোক-পূজাৰী প্ৰাণ’ কথাফাকিৰ অৱতাৰণা কৰিছে।



৫। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা।

উত্তৰঃ অসমীয়া কথাছবিৰ জনক হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ প্ৰথমে জার্মানীলৈ গৈ কথাছবি পৰিচালনা আৰু প্রযোজনা বিষয়ত প্রশিক্ষণ লয়। তেওঁ অসমলৈ উভতি আহি ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিছাত “চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰে । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক ‘জয়মতী কুঁৱৰী'ৰ আধাৰত আগৰৱালাদেৱে ১৯৩৪ চনত প্ৰথম অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণ কৰে। ১৯৩৫ চনত জয়মতী ছবিখনে মুক্তি লাভ কৰে । ইয়াৰ পিছত ১৯৩৯ চনত নিজৰ কাহিনীৰে ইন্দ্ৰমালতী' নামেৰে তেওঁৰ দ্বিতীয়খন কথাছবি নির্মাণ কৰে। তাৰ পিছত কেবাখনাে কথাছবি নির্মাণ কৰি অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰে ।




জনতাৰ আহ্বান | Class 12 Assamese | দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি | HS 2nd Year Assamese | Solution Assam Board | Class 12 Assamese Lesson 12 Question and Answer | HS 2nd Year Assamese Chapter 12 Solution



(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)


১। ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলােচনা কৰা ।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'লুইতৰ পাৰৰ অগ্নিসুৰ’ নামৰ কাব্যগ্রন্থৰ পৰা অনা হৈছে । কবিতাটোত বিপ্লৱী কবিজনাই মানৱতাৰ ওপৰত গভীৰ আস্থা আৰু সৌন্দর্য ৰূপায়ণক বিশেষ গুৰুত্ব আৰােপ কৰিছে । আলােকসন্ধানী কবিজনাই জনতাৰ আলোেকসন্ধানী ৰূপ কবিতাটো মূর্ত কৰি তুলিছে । 


সুন্দৰৰ পূজাৰী কবিজনাই কবিতাৰ প্রাৰম্ভতে কৈছে যে সুন্দৰৰ পূজাৰ থাপনাত আজি কিহেৰে পূজাৰ ষােড়শােপচাৰ গােটাব নাইবা কি ৰাগ, কি সুৰেৰে পুৱা–সন্ধ্যাৰ গান গাব — এই প্রশ্ন উত্থাপন কৰি কবিয়ে তাৰ উত্তৰ দিছে । কবিয়ে অনুভৱ কৰিছে বিশ্বৰ আকাশে–বতাহে আজি জনতাৰ আহ্বান ধ্বনিত হৈছে । কবিয়ে লক্ষ্য কৰিছে আজি সমগ্র বিশ্বতে জনতাৰ পংকজ ৰূপ পদুমৰ দৰে বিকশিত হৈছে । অর্থাৎ সাম্যবাদৰ সুৰে আজি পৃথিৱীৰ আকাশে বতাহে খলকনি তুলিছে । 


পৃথিৱীত শান্তি সুৰভি বিলাবলৈ, বিশ্বৰ সৌন্দর্য সৃষ্টিত অৰিহণা যােগাবৰ বাবে আজি জনতা ঐক্যবদ্ধ হােৱা প্রয়ােজন । মানৱ জীৱনৰ এনে সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জগাই তুলিবলৈ সক্ষম হ’ব । কবিয়ে বিশ্বাস কৰিছে জনতাৰ আলোেক বিজয়ী এনে অভিযানে নবজীৱনৰ পাতনি তৰি দিব । কবিয়ে বেদত ধ্বনিত হােৱা আলােক মন্ত্ৰেৰে অনুপ্ৰেৰণা লাভ কৰিবৰ বাবে আহ্বান জনাইছে । কবিয়ে উদাত্ত কণ্ঠে জনতাতন্ত্রৰ, আলােক মন্ত্রপুত মহামানৱ তন্ত্রৰ জয়গান গাইছে ।


 


২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনােভাব প্রকাশ পাইছে বুজাই লিখা ।

উত্তৰঃ ‘জনতাৱ আহ্বান’ কবিতাটোত সাধাৰণ মানুহ অর্থাৎ জনতাৰ প্রতি কবিৰ গভীৰ আস্থাৰ ভাব প্রকাশ পাইছে । সেয়ে কবিতাটোত কবিয়ে পৃথিৱীৰ এই সাধাৰণ মানুহৰ মাজত বিয়পি পৰা এক নতুন চেতনা অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে । কবিয়ে দেখিছে ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে । সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ মানুহে অর্থাৎ জনতাই যােড়শােপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে । 


বােকাত জন্ম লাভ কৰা জনতা আজি পদুম ফুলৰ দৰে ফুলি সৌৰভ বিলাইছে, পােহৰ বিলাইছে । অন্ধকাৰ নাশি পােহৰত পাহি মেলি, আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । 


কবিৰ মনােভাব আজি জনতাৰ এই আলােকবিজয়ী অপূর্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিব । নৱ জীৱনৰ মহা সংঘাতে বর্তমানক কঁপাই তুলিব । জনতাৰ এই উদ্যোগ দেখি কবিৰ মনােভাব হৈছে বেদত ধ্বনিত হােৱা আলােকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগ বাঢ়িছে ।



৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা ।

উত্তৰঃ বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জনতাৰ আহ্বান' কবিতাটিৰ জৰিয়তে সাধাৰণ জনতাৰ জয়গীত গাইছে আৰু এক সার্বজনীন জনতন্ত্র কামনা কৰিছে৷ এই সার্বজনীন জনতন্ত্রই এখন সুস্থ সমাজৰ ইংগিত দিয়ে য'ত পৃথিৱীৰ প্রতিজন জনতাই সম-অধিকাৰ আৰু সম-মর্যাদা লাভ কৰি স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে।


'জনতাৰ আহ্বান' কবিতাটোত উল্লেখ কৰা ধৰণে ৰূপান্তৰৰ পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে এক নতুন চেতনাৰ অভ্যুদ্বয় ঘটিছে। যি চেতনাৰ দ্বাৰা জনতাই নিজৰ অধিকাৰ সম্বন্ধে সচেতন হৈ নিজৰ প্ৰাপ্যৰ বাবে আগবাঢ়ি যাবলৈ সাহস পাইছে। কবিয়ে সাধাৰণ মানুহবোৰক সম-মর্যাদা, সম-অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। এখন সুস্থ আৰু শক্তিশালী মানৱ সমাজ গঠনৰ জৰিয়তে প্রবুদ্ধ জনতন্ত্ৰ গঠনৰ পোষকতা কৰি কবিয়ে পৃথিৱীবাসী মানৱক আহ্বান জনাইছে। এনেদৰে কবিয়ে সর্বস্তৰৰ লোকসকলক সমদৃষ্টি নিক্ষেপ কৰি এক শক্তিশালী জনতন্ত্ৰৰ পোষকতা কৰে।




Class 12 Assamese (AHSEC) 12 জনতাৰ আহ্বান | Lesson 4 | দ্বীতিয় বাৰ্ষিকৰ পাঠ্যপুথি 

৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলােচনা কৰা ।

উত্তৰঃ বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিত জনতাৰ আলােকসন্ধানী ঐক্যবদ্ধ যাত্ৰাৰ কথা প্রকাশ কৰিছে । মানুহৰ শ্রেষ্ঠতম গুণ মানৱতাৰ বিকাশ সাধন হােৱাৰ পিছত কবিয়ে পৃথিৱীত মানৱীয় মূল্যবােধৰ উত্তৰণ প্রত্যক্ষ কৰিছে । বােকাত গজি বিকশিত হােৱা পদুম ফুলৰ দৰে একেবাৰে নেহাত অৱস্থাত জন্মলাভ কৰা এইসকল মানুহেও সংস্কৃতিৰ বিকাশ সাধনত নিজৰ ভাগ ল’বলৈ, আকাশে বতাহে সৌন্দর্যৰ সৌৰভ বিলাবলৈ, পৃথিৱী শান্তিময় কৰিবলৈ এক আলােকসন্ধানী যাত্ৰা আৰম্ভ কৰিছে । সেয়ে কবিয়ে পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান হােৱা শুনিবলৈ পাইছে । জীৱনৰ প্রতিটো ক্ষণে ক্ষণে, মহাপ্রবাহে প্রবাহে এনেদৰে জনতাৰ আহ্বান শুনি কবি আপ্লুত হৈ পৰিছে ।




৫। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :

আজি জনতাৰ পংকজ ৰূপ

জাগে পদুমৰ দৰে

বোকাত জনমা মানুহে আজি

আলোকলৈ’ উঠি আহে

বেলিমুৱা হৈ হাঁহে ।


উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত "জনতাৰ আহ্বান" শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে।


সংগতিঃ সাম্প্ৰতিক সময়ত জনতাৰ বিভিন্ন দিশত উদ্ভাসিত হোৱা উত্তৰণ তথা প্ৰগতিৰ কথা ক'বলৈ যোৱাৰ প্ৰসংগত উক্ত কবিতাৰ্ফাকিৰ অৱতাৰণা কৰা হৈছে।


বাখ্যাঃ ৰূপান্তৰেহে জগতখন ধুনীয়া কৰে৷ ৰূপান্তৰৰ মূল চালিকা শক্তি হ'ল জনগণ। কবিৰ মতে, বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব ।





জনতাৰ আহ্বান HS 2nd Year Important Question Answer AHSEC 

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন চনত আৰু কত জন্ম হৈছিল ?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত ডিব্ৰুগড়ৰ তামােলবাৰী চাহ বাগিছাত জন্ম হৈছিল।


২। নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে কোনখন নাটকৰ জৰিয়তে আত্নপ্রকাশ কৰে ? 

উত্তৰঃ নাট্যকাৰ হিচাপে জ্যোতিপ্রসাদে ‘শােণিত কুঁৱৰী’ নাটকৰ জৰিয়তে আত্মপ্রকাশ কৰে।


৩। বােকাত জন্ম লাভ কৰা মানুহে ক’লৈ উঠি আহে ?

উত্তৰঃ বােকাত জন্ম লাভ কৰা মানুহে আলােকলৈ উঠি আহে।


৪। প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ কেতিয়া মুক্তি লাভ কৰিছিল ?

উত্তৰঃ প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে কলকাতাত মুক্তি লাভ কৰে। 


৫। জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে ?

উত্তৰঃ জ্যোতিপ্ৰসাদৰ গীতসমূহত ধ্বনিত হোৱা সুৰ দুটা হ'ল — (ক) কোমলমধুৰ সুৰ আৰু (খ) পৌৰুষদীপ্ত সুৰ । 


৬। সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে ?

উত্তৰঃ সুন্দৰৰ পূজা থাপনাত কবিয়ে ষােড়শােপচাৰৰে উপচাৰ যচাৰ কথা কৈছে।


৭। 'জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে কিহৰ জয় বিচাৰিছে ?

উত্তৰঃ 'জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে জনগণৰ জয় বিচাৰিছে।


৮। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত নাটক তিনিখনৰ নাম লিখা |

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত নাটক তিনিখনৰ নাম হ'ল —  ‘শোণিত কুঁৱৰী’ (১৯২৫), ‘কাৰেঙৰ লিগিৰি’ (১৯৩০), ‘লভিতা’ (১৯৪৮) ।


৯। জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰিছিল ?

উত্তৰঃ  জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নির্মাণ কৰিছিল।


১০। 'জনতাৰ আহ্বান’ কবিতাটোত ভাৰতবৰ্ষৰ কোনটো আন্দোলন প্ৰভাৱ পৰিলক্ষিত হয় ?

উত্তৰঃ 'জনতাৰ আহ্বান’ কবিতাটোত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন প্ৰভাৱ পৰিলক্ষিত হয় |


১১। তেওঁ কিমান চনত গণ আন্দোলনত যোগদান কৰে ?

উত্তৰঃ তেওঁ ১৯৪২ চনত গণ আন্দোলনত যোগদান কৰে।


১২। মৰণােত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ? 

উত্তৰঃ মৰণােত্তৰভাৱে প্রকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হল 'লুইতৰ পাৰৰ অগ্নিসুৰ'।


PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 











No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.