8 Aug 2023

ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Common Short Question Answer

ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Common Short Question Answer

ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Common Short Question Answer


ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Common Short Question Answer: ভাৰতীয় সংস্কৃতি is the chapter 7 from class 10 HSLC Assamese (MIL) SEBA text-book অসমীয়া সাহিত্য চয়নিকা. Here in this post you can avail ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Important Short Question Answer. 





Class 10 Assamese Chapter 7 Question Answer HSLC SEBA 


(ক) অতি চমু প্ৰশ্নঃ‌‌ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১ নম্বৰ)


১। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে ? মেট্ৰিক ২০০৬, ২০০৮) 

উত্তৰঃ অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে । 


২। কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে ? (মেট্ৰিক ২০০৭)

উত্তৰঃ মোগল সম্ৰাট বাবৰৰ আমালত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল ।


৩। ‘ফ্রম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক কোন ? (মেত্ৰিক ২০০৯, ২০১৬, ২০১৮)

উত্তৰঃ 'ফ্ৰম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক পণ্ডিত ৰাহুল সংস্কৃতায়ন ।


৪। ‘ভাৰতীয় সংস্কৃতি” নামৰ প্ৰবন্ধটোৰ লেখক কোন ? (মেট্ৰিক ২০০৯)

উত্তৰঃ `ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটোৰ লেখক হেম বৰুৱা।


৫। “মধ্য এচিয়াকা ইতিহাস' কোনে লিখিছিল ? (মেট্ৰিক ২০১৭)

উত্তৰঃ 'মধ্য এচিয়াকা ইতিহাস' পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।


৬। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন ? (মেট্ৰিক ২০১৯) 

উত্তৰঃ ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ


৭। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ? (মেট্ৰিক ২০২০) 

উত্তৰঃ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।


৮। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে ? (মেট্ৰিক ২০২২) 

উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিত্রশিল্পক বেছি স্থায়ী বোলা হৈছে।




Class 10 Assamese Chapter 7 Common Question Answer HSLC SEBA 


(খ) চমু প্ৰশ্নঃ‌‌ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩ নম্বৰ)


১। সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ? (মেট্ৰিক ২০০৬)

উত্তৰঃ ভাৰতীয় সংস্কৃতিলৈ চিত্রকলাৰ বহুতাে অৱদান আছে। লেখকৰ মতে সাধাৰণতে সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে আমাক অন্তৰআত্মা স্পর্শ কৰি অভিভূত কৰে। 



২। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ বিষয়ে এটি চমুটোকা যুগুত কৰা । (মেট্ৰিক ২০০১, ২০০৩) 

উত্তৰঃ ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি-উপজাতি, ধৰ্ম, সম্প্ৰদায়ৰ দৰে ইছলামৰ অৰিহণাও লেখত ল’বলগীয়া । ইছলামৰ ছুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। ভাৰতৰ প্ৰচলিত চিত্ৰ শিল্পৰ লগত ইছলামীয় চিত্ৰ শিল্পৰ মিলন ঘটি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ প্ৰদান কৰিছে। ৰাজপুত্ৰ আৰু মোগলসকলৰ আৰ্টত এই বৈচিত্ৰ দেখা যায়। ইছলামীয় সাহিত্যৰ ভাৱধাৰাও ভাৰতীয় সাহিত্যত একীভূত হল। ইছলামীয় ভাস্কর্য, স্থাপত্য, সুকুমাৰ কলা আদিয়ে ভাৰতীয় সংস্কৃতিলৈ অৰিহণা আগবঢ়াইছে। এইদৰেই ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাই আৰু অধিক জাতিষ্কাৰ কৰি তুলিছে।



৩। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনে ধৰণৰ, চমুকৈ লিখা । (মেট্ৰিক ২০০৬, ২০০৮) 

উত্তৰঃ উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ 'বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য প্ৰত্যেকটো ভঙ্গিমাই সুকীয়া ।ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰৰ এহেজাৰটা স্তম্ভ । 



৪। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু' বুলি লেখকে কিয় কৈছে ? (মেট্ৰিক ২০০৯) 

উত্তৰঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। কিয়নাে সংমিশ্রিত সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতি। বিভিন্ন সময়ত বিভিন্ন জাতি-গােষ্ঠীৰ লােক আহি ভাৰতত থাকিবলৈ ল’লে। আর্য, অনার্য, দ্রাবিড়, মংগােলীয়, শক, মােগল, হুন, ব্রিটিছ আদি বিভিন্ন জাতি-উপজাতি, বিভিন্ন ধর্মাৱলম্বী মানুহে ভাৰতলৈ আহে। এই লােকসকলৰ ভাৱধাৰাৰ সংমিশ্ৰণতেই ভাৰতীয় সংস্কৃতি গঢ় লৈছে। তেওঁলােকৰ নিজৰ ভাষা, সংস্কৃতি আছিল যদিও ভাৰতীয় সংস্কৃতিকে আপােন কৰি ভাৰতীয় সংস্কৃতিত জাহ যায়। তাৰ ফলত ভাষাতত্ব, সামাজিক, ৰাজনৈতিক, সাহিত্য, শিল্পকলা আদি সকলােতে এক সমন্বয়ৰ ধাৰা প্রবাহিত হ’বলৈ ধৰে।




ভাৰতীয় সংস্কৃতি দশম শ্ৰেণীৰ অসমীয়া দৰকাৰী প্ৰশ্নোত্তৰ 

৫। লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে ? (মেট্ৰিক ২০১৬) 

উত্তৰঃ ইটোৰ পিছত সিটো মানৱগােষ্ঠীৰ আক্রমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ ইত্যাদি ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সূতি ক্রমবর্ধমান সোতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যােৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতভূমিত ৰাজপুত, মােগল আদি জাতি এনে এক প্রক্রিয়াৰে ভাৰতৰ বাসিন্দা হৈছিল। তেওঁলােকে সময়ৰ গতিত নিজৰ সকলােখিনি ত্যাগ কৰি ভাৰতৰ সংস্কৃতিক চহকী কৰিছিল। এনেবােৰ বিষয়ৰ বৰ্ণনাৰে ভাৰত বুৰঞ্জী সমৃদ্ধ হৈ আছে। গতিকে সম্যক দৃষ্টিৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।



৬। অজন্তাৰ ছবিবোৰত কি কি ভাববস্তু প্রকাশ পাইছে ? (মেট্ৰিক ২০১৭)

উত্তৰঃ অজন্তা ছবিবোৰত দুটা ভাববস্তু প্ৰকাশ পাইছে। এটা হৈছে- সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দ উচ্ছ্বাসময় চিত্র। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম, প্রেম আৰু যৌৱন। প্রথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাববস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একে ধৰণৰ নহয় । দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে ।



৭। ‘সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা । (মেট্ৰিক ২০১৮) 

উত্তৰঃ সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পার্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠী হ’ল সমাজ এখনত বাস কৰা লােকসকলৰ জীৱন ধাৰণৰ প্রণালী। সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতা কোনাে জাতি বা জনগােষ্ঠীৰ উত্থান-পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগােষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে।



৮। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। (মেট্ৰিক ২০২০) 

উত্তৰঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত চিত্রকলাৰ এটি নতুন ধাৰাৰ প্রৱেশ ঘটে । এই নতুন চিত্র শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবােধ । এনে ধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল । ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ । ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু চেংগীজ খাৰ ৰাজদৰবাৰত । যুগৰ প্রকৃতি অনুসৰি এই চিত্রকলা ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল । ইয়াত ভাৱ – প্ৰৱণতাৰ সলনি বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰ প্রকাশ ঘটিছিল ।



৯। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। (মেট্ৰিক ২০২০) 

উত্তৰঃ ভাৰতীয় চিত্রকলাৰ সর্বশ্রেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তা গুহাৰ শিল্পকলাত দেখা যায় । পশ্চিমঘাট পর্বতমালাৰ ইন্দ্রিয়াদি নামৰ অশ্বখুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত । ইয়াৰ শিল্প কলা অনন্তকালৰ বাবে সঞ্জীৱিত হৈ আছে । ইয়াৰ জৰিয়তে ভালেমান গতি – প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে ।ইয়াৰ ছবিবােৰত দুটা ভাৱ বস্তু প্রকাশ পাইছে । এটা হৈছে সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন । সন্যাস জীৱনৰ ছবিবােৰত আছে দয়া, ধ্যান আৰু মৌনতা । সমূহীয়া জীৱন প্রকাশক ছবিবােৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম আৰু যৌৱন । ভাৱ বস্তুৰ পৰা পৃথক যদিও দুয়ােবিধ ছবিয়ে একেলগে অংকিত হৈছে । ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল।



১০। “সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।” লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে, বুজাই লিখা । (মেট্ৰিক ২০২২) 

উত্তৰঃ সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সংস্কৃতিয়ে জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ কর্মপদ্ধতি, সাজ-পােছাক আদি বহন কৰে। সংস্কৃতি হৈছে মানৱ সৃষ্ট পৰিবেশৰ এটা উন্নত আৰু শিল্পীত ৰূপ ৷ ই মানৱৰ মনোজগতত উদ্ভৱ হোৱা সকলো ধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয়। 



১১। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ।  (মেট্ৰিক ২০২২) 

উত্তৰঃ উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পোনপটীয়াকৈ পৰা দেখা যায় বিশেষ কৈ ইছলামীয় ভাস্কৰ্যৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা যায়। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি। এনে ভাস্কৰ্যই সংহতিৰ বতৰাহে বিলাই দিছে। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰৰ জৰিয়তে প্রকাশ পাইছে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত দাক্ষিণাত্যৰ দৰে কাৰু-কাৰ্যৰ বিশালতা নাথাকে। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তুহে। ইয়াক কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব পৰা নাযায়। হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছিল। ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছিল।


বৰগীত প্ৰশ্নোত্তৰ 

জিকিৰ প্ৰশ্নোত্তৰ 

ধৰ ঝাড়ু ধৰ ভাই 

উদ্যোগী হওঁ আহাঁ প্ৰশ্নোত্তৰ 


Important MCQ for HSLC 2024

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2024

Long Walk to Freedom VSA for HSLC 2024

A Tiger in the Zoo VSA for HSLC 2024

The Tale of Custard the Dragon VSA for HSLC 2024


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees

No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.