2 May 2023

ধৰ ঝাড়ু ধৰ ভাই’ Class 10 Assamese Question Answer

ধৰ ঝাড়ু ধৰ ভাই’ Class 10 Assamese Question Answer

ধৰ ঝাড়ু ধৰ ভাই’ Class 10 Assamese Question Answer

ধৰ ঝাড়ু ধৰ ভাই’ Class 10 Assamese Question Answer:  ধৰ ঝাড়ু ধৰ ভাই is the poem 14 from class 10 HSLC Assamese (MIL) SEBA text-book. Here in this post you can avail ধৰ ঝাড়ু ধৰ ভাই’ Class 10 Assamese Question Answer. 




Class 10 Assamese MIL ধৰ ঝাড়ু ধৰ ভাই Question Answer

In this post you can avail Class 10 Assamese Chapter 14, Class 10 Assamese Chapter 14 Question Answer, Class 10 Assamese Chapter 14 Question Answer Assamese, Class 10 Assamese Chapter 14 Question Answer in Assamese, Class 10 Assamese Medium, Class 10 Assamese Question Answer, Class 10 Assamese Chapter 14 all Question Answer, Class 10 Assamese Chapter 14 Question Answer Seba, Class 10 Assamese Lesson 14 Question Answer. 


 


Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই | অসমীয়া Class 10 ধৰ ঝাড়ু ধৰ ভাই



‘ধৰ ঝাড়ু ধৰ ভাই’


                                               অম্বিকাগিৰী ৰায়চৌধুৰী




কবি-পৰিচয়ঃ 

অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৮৮৫ চনত বৰপেটাত জন্ম হয়। তেওঁৰ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী। বৰপেটাত শিক্ষা আৰম্ভ কৰি গুৱাহাটীৰ সোণাৰাম হাইস্কুলত থার্ড ক্লাছ পর্যন্ত পঢ়ে। তেওঁৰ গোটেই জীৱনটো ঘটনাবহুল। দেশৰ স্বাধীনতা উদ্ধাৰ আৰু সমৃদ্ধিৰ কাৰণে তেওঁ সন্ত্রাসবাদী দল, অসহযোগ আন্দোলন, অসম সংৰক্ষিণী আন্দোলন আদিত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এইবোৰ কাৰণত তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিব লগা হৈছিল। ১৯২১ চনত ৰায়চৌধুৰীদেৱক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। জেলৰ পায়খানা সাৰি চাফাই কৰা কাম তেওঁক দিয়া হৈছিল। এই কাম কৰোঁতে তেওঁ বাঢ়নী চলোৱাৰ লগে লগে এই ধৰ ঝাড়ু ধৰ ভাই' কবিতাটি ৰচনা কৰি গাই গৈছিল। নানা ঘাত-প্রতিঘাতৰ মাজতো তেওঁ সাহিত্য চৰ্চা কৰিবলৈ এৰা নাছিল।


১৯৫০ চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘোৰিটা অধিৱেশনৰ তেওঁ সভাপতি আছিল। ১৯৬৭ চনত গুৱাহাটীত এইজনা বিপ্লবী কবিৰ মৃত্যু হয়। তেওঁক 'অসম কেশৰী' আখ্যা দিয়া হৈছিল। 


ৰায়চৌধুৰীদেৱৰ ৰচনাসমূহ হ'ল – 'বীণা', 'তুমি', 'আহুতি', অনুভূতি, 'ডেকা-ডেকেৰীৰ বেদ', 'বন্দো কি ছন্দেৰে', 'স্থাপন কৰ', 'জয়দ্ৰথ বধ', 'বেদনাৰ উল্কা', 'দেশেই ভগৱান' ইত্যাদি।



পাঠবোধঃ

ঝাড়ুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কৰিয়ে সকলোকে আহ্বান জনাইছে। কবিতাটি দেশ পৰাধীন হৈ থকা সময়ত কবিয়ে আন্দোলন কৰি সশ্ৰম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত ৰচনা কৰা।




ভাব বিষয়কঃ

১। অতি চমুকৈ উত্তৰ দিয়াঃ


(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল।


(খ) সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে ?

উত্তৰঃ সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ ভূঁহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।


(গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ?

উত্তৰঃ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।


(ঘ) কবিয়ে চাই থাকোঁতে  মুখ কিহেৰে ভৰি পৰিল বুলিছে ?

উত্তৰঃ কবিয়ে চাই থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলিছে।



২।  হল এৱে তোৰ সময় হবৰ 

     জাতিৰ ঝাড়ুদাৰ যে ভাই।

ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ  হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে ?

উত্তৰঃ ইয়াত কবিয়ে হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে।



৩। নহলে যে বিশ্ব সভাত 

     নহব তোৰ বহাৰ ঠাই।

বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে ?

উত্তৰঃ ঝাড়ুৰে সাৰি-পুছি গৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশকনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কৈছে।



৪। ধৰ ঝাড়ু ধৰ ভাই - কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ “ধৰ ঝাডু ধৰ ভাই” কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্ৰম কাৰাবাস খাটিব লগীয়া হৈছিল।


তোমাৰ ভিতৰত ঝাডু ধৰি তেওঁ পায়খানা আদি সাৰি–পূচি, ঘৰ–দুৱাৰ চিকুনাই তোলাৰ দৰে ইমান দিনে ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা–দ্বেষৰ, ভেদা– ভেদৰ, ঘৃণা–ঘৃনিৰ, ভেম–অহংকাৰৰ যিবোৰ মলি–মামৰ গোট খালে তাক সকলোৱে মিলিজুলি, সাৰি–পুছি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে।


তেতিয়াহে আমাৰ গোলামিৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব, বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়ে সকলোকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে।



৫। ব্যাখ্যা কৰাঃ 


(ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ,

      ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ

      কত যে কি মলি-মামৰ

      ভৰি জাতিৰ জীৱন যায়।


উত্তৰঃ প্ৰসংগঃ উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ বচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ অন্তৰ্গত । 


সংগতিঃ দেশপ্রেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন–গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে ।


ব্যাখ্যাঃ বহু বছৰ ধৰি ব্রিটিছৰ গােলামী কৰি ভাৰতৰ জন–গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে  পৰস্পৰৰ ভিতৰত হিংসা–দ্বেষৰ, ভেদা–ভেদৰ, ঘৃণা– ঘৃণিৰ, স্বার্থপৰতা, ভেম–অহংকাৰ আদি কদর্য মলি স্বৰূপ আবৰণে গােটেই জাতিটোকে নিঃস্ব কৰি ৰাখিছে । জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে । সেয়ে এইবােৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে ।




(খ) ধৰ ঝাড়ু ধৰ ভাই

      আৰু চাবৰ সময় নাই

      চাই থাকোঁতে মুখত কেৱল 

      ভৰিল কাজল-ছাই।


উত্তৰঃ প্ৰসংগঃ উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি অন্তর্গত । 


সংগতিঃ পৰাধীনতাৰ কৱলত পৰি হিংসা–দ্বেষৰ, ভেদা–ভেদ আদিৰ মলি–মামৰে কদর্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে । 


ব্যাখ্যাঃ কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা–দ্বেষৰ, ভেদা–ভেদৰ, ঘৃণা–ঋণিৰ, স্বার্থ–ভেমৰ, মলি–মামৰেৰে নিজেই ডুব গৈছে । দেশ–জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা । এই অৱস্থা চাই থাকিও যেন জন–গণৰ জ্ঞান অহা নাই; মুখত ‘কাজল–ছাই ’ পৰা মানুহৰ দৰে নিবােকা হৈ চাই আছে । এই দেশ জাতি নিঃশেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই । ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি–মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ–বেশেৰে সকলােৱে ওলাই আহি আমাৰ মাজত থকা হিংসা–দ্বেষ, ভেদা–ভেদ, ঘৃণা–ঘৃণি মিছা ভেম অহংকাৰবােৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলােকে সকীয়াই দিছে । 




৬। 'ধৰ ঝাড়ু ধৰ ভাই'- কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।

উত্তৰঃ ধৰ ঝাড়ু ধৰ ভাই কবিতাটিৰ মাধ্যমেৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভাৰতৰ জনগণক স্বাধীনতাৰ হকে একেলগ হৈ সংগ্ৰাম কৰিবলৈ আহ্বান কৰিছে। কবিজনাৰ মতে ৰৈ থকাৰ বাবে এতিয়া আৰু সময় নাই। চাই থাকোতে সকলো সমস্যা আৰু পৰাধীনতাই ভাৰতৰ মানহৰ মাজত বিৰাজমান হৈ আছে।


কবিজানাই উল্লেখ কৰিছে সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ অৰ্থাৎ ভাৰতৰ সংস্কৃতি আৰু কাৰু-কার্যত এতিয়া পৰাধীনতাৰ চিহ্ন দেখা গৈছে । কবিজনাই সকলো জনগণক বহুদিন ইংৰাজৰ তলতীয়া হৈ গোলামি কৰাৰ কথা ব্যক্ত কৰিছে আৰু ইংৰাজৰ হৈ ভাৰতৰ জনগণে সকলো কাম-কাজ কৰাৰ কথা উল্লেখ কৰিছে।


কবিজনাৰ মতে ভাৰতৰ জনগণৰ মাজত পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা, কপট, স্বার্থ, ভেম আদি বদ অভ্যাসেৰে মনবোৰ ভৰি পৰিছে। সেয়েহে এই সকলো ত্যাগ বা বৰ্জন কৰি দেশ আৰু জাতিৰ বাবে একগোট হৈ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিব লাগে। এনেদৰে 'ধৰ ঝাড়ু ধৰ তাই কবিতাটিৰ মাধ্যমেৰে কবিজনাৰ স্বদেশপ্ৰেমৰ ভাব সুন্দৰ ভাবে প্ৰকাশ পাইছে।



ভাষা-বিষয়কঃ


১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰাঃ


     (ক) হীনে-ঘিণে                       (খ) ধাৰে-ঋণে                     (গ) ঘৃণা-ঘৃণি


     (ঘ) জাহি-জাবৰ                     (ঙ) সাৰি-পুছি                     (চ) মলি-মামৰ


উত্তৰঃ


(ক) হীনে-ঘিণেঃ পৰৰ গোলামি হলে হীনে-ঘিণে সকলো কাম কৰিব লগা হয়।


(খ) ধাৰে-ঋণেঃ ব্ৰিটিছ সকলক অসমীয়া সকলে ধাৰে-ঋণে হলেও তেওঁলোকৰ চৰণত পূজা দিব লগীয়া হৈছিল।


(গ) ঘৃণা-ঘৃণিঃ মানুহে মনৰ পৰা ঘৃণা-ঘৃণি ভাব আতঁৰাই চলিলে আমাৰ  সমাজ খন সুস্থ সমাজ হৈ থাকিব ৷


(ঘ) জাহি-জাবৰঃ জাহি-জাবৰ সমূহে আমাৰ চাৰিওকাষৰ পৰিবেশ লেতেৰা কৰে।


(ঙ) সাৰি-পুছিঃ ঝাড়ুৰে সাৰি-পুছি আমাৰ চাৰিওকাষ চাফ-চিকুন কৰি ৰখা হয়।


(চ) মলি-মামৰঃ এটা সময়ত আমাৰ সমাজত মলি মামৰে ভৰি পৰিছিল।



২। তলৰ শব্দবোৰত মূৰ্ধন্য ণ হোৱা কাৰণ দৰ্শোৱাঃ


      (ক) সোণ               (খ) ঘৃণা                (গ) ঋণ


উত্তৰঃ


(ক) সোণ- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ণ হয়।


(খ) ঘৃণা- একেটা পদতে থকা ঋ,ৰ আৰু ষ পাছৰ দন্ত্য ন মূৰ্ধন্য ণ হয়।


(গ) ঋণ- একেটা পদতে থকা ঋ,ৰ আৰু ষ পাছৰ দন্ত্য ন মূৰ্ধন্য ণ হয়।



৩। বিপৰীত শব্দ লিখাঃ


    (ক) ঘৃণা          (খ) স্বাৰ্থ         (গ) জীৱন          (ঘ) বীৰ


উত্তৰঃ


(ক) ঘৃণা- প্ৰেম ।


(খ) স্বাৰ্থ- নিস্বাৰ্থ ।


(গ) জীৱন- মৰণ ।


(ঘ) বীৰ- দুৰ্বল।




অতিৰিক্ত প্ৰশ্নোত্তৰ 


১। অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম কেতিয়া আৰু কত হৈছিল ? 

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম ১৮৮৫ চনত বৰপেটাত হৈছিল।


২। অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল।


৩। অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতাপুথিখনৰ নাম কি ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতাপুথিখনৰ নাম হ'ল “তুমি” ।


৪। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ ১৯৫০ চনত মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল।


৫। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সম্পাদনা কৰা কাকত খনৰ নাম কি ? 

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সম্পাদনা কৰা কাকত খনৰ নাম হ’ল ‘চেতনা’।


৬। অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ কাকত খন কেনেকুৱা প্ৰকৃতিৰ কাকত আছিল ? 

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ এখন জাতীয়তাবাদী প্ৰকৃতিৰ কাকত আছিল।


৭। অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত এখন নাটকৰ নাম লিখা। 

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ৰচনা কৰা এখন নাটক হ’ল– 'জয়দ্রথ বধ’।


৮। অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন গদ্য পুথিৰ নাম লিখা।

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন গদ্য পুথি হ’ল— 'আহুতি’।


৯। অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত দুখন গদ্য পুথিৰ নাম লিখা।

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত দুখন গদ্যপুথি হ’ল—ডেকা-ডেকেৰীৰ বেদ আৰু আহুতি।


১০। সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে ?

উত্তৰঃ সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ কত/বহু যুগৰ ভূঁহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।


১১। সাতাম পুৰুষীয়া মানে কি ?

উত্তৰঃ সাতাম পুৰুষীয়া মানে পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয় ।


১২। ‘জাতিৰ ঝাড়ুদাৰ’ বুলি কবিয়ে কাক বুজাইছে ? 

উত্তৰঃ কবিয়ে পৰাধীন ভাৰতৰ প্ৰতিজন মানুহক জাতিৰ ঝাড়ুদাৰ বুলি বুজাইছে।


১৩। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ?

উত্তৰঃ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।


১৪। কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ?

উত্তৰঃ কবিয়ে চাই থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলিছে।


১৫। কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল ৷

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ১৯২১ চনত সশ্ৰম কাৰাদণ্ড বিহা হৈছিল।


১৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোত কি ভাব ফুটি উঠিছে ?

উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোত পৰাধীনতাৰ গ্লানি আৰু স্বদেশ- প্ৰীতিৰ অনুৰাগ ফুটি উঠিছে ।


১৭৷ ‘ধৰ ঝাড়ু ধৰ ভাই কবিতাটো কেতিয়া ৰচিত হৈছিল ?

উত্তৰঃ ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰা বাবে বৃটিছ প্ৰশাসনে অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্রম কাৰাদণ্ড বিহিছিল । জেলত থাকোঁতে তেওঁক পায়খানা চাফা কৰা কাম দিয়া হৈছিল । ঝাড়ু হাতত লৈ এই কাম কৰা সময়ত কবিয়ে কবিতাটো ৰচনা কৰিছিল ।


১৮। অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত পাঁচখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত পাঁচখন কবিতা পুথিৰ নাম হ'ল -

তুমি (১৯১৫), বীণা (১৯১৬), বেদনাৰ উল্কা (১৯৫৪), স্থাপন কৰ, স্থাপন কৰ (১৯৫৮), অনুভূতি (১৯৫৮) ।


১৯। ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটোৰ মাজেদি কবিয়ে আমাক কি আহ্বান‌ জনাইছে ?

উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেদি কবিয়ে আমাৰ পৰস্পৰৰ মাজত থকা মলিস্বৰূপ হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা আদিৰ অৱসান ঘটাই সকলোৱে ঐক্যবদ্ধ হৈ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে।


২০। ‘কৰিলিতো ইমান দিনে/পৰ গোলামি হীনে-ঘিণে’— বুলি কবিয়ে কাক, কি গোলামি কৰাৰ কথা কৈছে ?

উত্তৰঃ ইংৰাজ সকলে আমাৰ দেশক পৰধীনতাৰ শিকলি পিন্ধাই দেশ শাসন কৰিছিল বাবে দেশবাসী ইংৰাজৰ শাসনাধীন হ’বলগাটোকে ইংৰাজৰ গোলামি কৰা বুলি কবিয়ে কৈছে।


২১। হ’ল এৱে তোৰ সময় হ’বৰ/জাতিৰ ঝাড়ুদাৰ যে ভাই – বুলি কবিয়ে কি ভাব প্রকাশ কৰিছে ?

উত্তৰঃ পৰাধীনতাই আমাৰ দেশৰ জেউতি ম্লান বা মলিন কৰি তুলিছে। সেয়ে দেশবাসীক ঝাড়ুদাৰ ৰূপে দেশৰ মলি আঁতৰাবলৈ অর্থাৎ দেশে হেৰুৱা স্বাধীনতা পুনৰ ঘুৰাই আনিবলৈ দেশবাসীক কবিয়ে আহ্বান জনাইছে।


২২। ‘নহ’লে যে বিশ্ব সভাত/নহ’ব তোৰ বহাৰ ঠাই’—উক্তিটিত প্রকাশিত কথাখিনিৰ মৰ্মাৰ্থ কি ?

উত্তৰঃ পৰাধীন দেশে বিশ্বৰ স্বাধীন দেশবোৰৰ সৈতে একেলগে শাৰী পূৰাব বা আসন লাভ কৰিব নোৱাৰে। সেয়ে বিশ্বৰ স্বাধীন দেশৰ সৈতে আসন লাভ কৰিবলৈ আমাৰ দেশকো স্বাধীন কৰাৰ বাবে দেশবাসীক কবিয়ে আহ্বান জনাইছে।










No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.