3 May 2023

Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA

Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA

Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA


Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA: Jikir is the 2nd poem from class 10 HSLC Assamese (MIL) SEBA text-book "Axomia Sahitya Chayanika". Here you will get Jikir (জিকিৰ) class 10 Questions Answers HSLC Assamese SEBA/জিকিৰ Class 10 Assamese Question Answer. 




Class 10 Assamese Chapter 2 Jikir Question Answer SEBA 


জিকিৰ

― আজান ফকিৰ

কবি পৰিচয়ঃ

ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে, কোনোর মতে আৰব দেশৰ পৰা আৰু কোনোৰ মতে আজমীবৰ পৰা। আজান ফকিৰৰ অসম আগমনৰ সময় সম্পর্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্রীষ্টীয় সপ্তদশ শতিকাৰ মাজ ভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকিবে কম সময়ৰ ভিতৰতে অসমীয়া মাত-কথা সুন্দৰকৈ শিকি, জিকিব আৰু জাৰী গীত ৰচনা কৰে। তেওঁৰ আচল নাম হজরত শাহ মিলন। জনশ্রুতি মতে আজান ফকিনেই পোনপ্ৰথম অসমত 'আজান' (আহ্বান) দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয়। আজান ফকিবৰ জীবন বা সংঘাতপূর্ণ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শান্তিবো সন্মুখীন হ'ব লগা হৈছিল। পিচত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বারী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকিৰে দুকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতেই চাহাবৰ মৃত্যু হয়। 


পাঠবোধঃ

অসমৰ বৈষ্ণৱ ধর্মৰ লগত আজান ফকিৰ চাহাবৰ প্রবর্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণব সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। এই গীতটিৰ ভাববস্তুৰ জৰিয়তে ধর্ম- বর্ণ নির্বিশেষে ছাত্র-ছাত্ৰীসকলৰ মাজত সমন্বয়ৰ ভাব গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিয়েই গীতটি ইয়াত সন্নিবিষ্ট কৰা হৈছে। গীতটিৰ জৰিয়তে আল্লাৰ মাহাত্ম্যও প্রকাশ কৰা হৈছে। এই জগতত আমি মানুহবোৰ আচলতে কোন, আমার স্থিতি কি, আমি কি করা উচিত, প্রকাস্তবে তাকে ক'বলৈ বিচৰা হৈছে।



জিকিৰ সাৰাংশ | Jikir Class 10 SEBA Summary in Assamese 

আল্লা বা ভগৱান দয়াৰ গৰাকী আৰু একমাত্র আল্লা বা ভগৱানেহে আমাক এই দুখৰ সাগৰৰ পৰা বচাব পাৰে । আল্লাৰ ওচৰলৈ যাবলৈ হ'লে আমাক কেৱল গুৰুৱেহে বাট দেখুৱাব পাৰে। সেয়ে গুৰুৰ ওচৰত শৰণ ল'বলৈ কবিয়ে আহ্বান জনাইছে।

পানী আৰু অগ্নিৰ মাজত তৃষ্ণা আৰু জাৰ গুছোৱা গুণ সমূহ লুকাই থকাৰ দৰে সৎ, বিশ্বাসী মানুহৰ ভিতৰতো আল্লা বা ভগৱান লুকাই থাকে । আমি এই কথা উপলব্ধি নকৰোঁ বাবেই আল্লাক বিচাৰি মক্কাৰদৰে পুণ্য স্থানলৈ যাওঁ।ভগৱানৰ ওচৰত সৰু-ডাঙৰ, ধনী-দুখীয়াৰ একো প্ৰভেদ নাই। তেওঁৰ ওচৰত সকলো সমান।

ভগৱানৰ ওচৰ পায়ো আমি পুণ্য অৰ্জন কৰিব নোৱাৰোঁ, কাৰণ আমি মনৰপৰা মায়া মোহ আঁতৰাব নোৱাৰোঁ । প্ৰাণ নথকা দেহৰ একো মূল্য নাথাকে, ই চৰাই বিহীন সঁজাটোৰ নিচিনা । প্ৰাণবায়ু ওলাই যোৱাৰ পিছত দেহটোৰ একো অৱস্থা নাথাকে, যিটো দেহক লৈ আমি জীয়াই থকা দিনবোৰত গৌৰৱ কৰোঁ ।





Class 10 Assamese Zikir Text-book Questions Answers
প্ৰশ্নৱলী


ভাব - বিষয়কঃ

১। চমু উত্তৰ দিয়াঃ

(ক) জিকিৰৰ ৰচক কোন ?
উত্তৰঃ জিকিৰৰ ৰচক হ’ল আজান ফকিৰ । 

(খ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰঃ জিকিৰবােৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি ।

(গ)  "জিকিৰ" শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰঃ ‘জিকিৰ' শব্দটো আৰবী ‘জিকৰ’ শব্দৰ পৰা ওলাইছে ।


২। তলৰ শব্দবােৰৰ অৰ্থ লিখাঃ

   ৰছুল,  মােমিন,  ৰহম,  কুটুব,  বান্দা ।

উত্তৰঃ ৰছুল — দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত ।

          মােমিন ― বিশ্বাসী মুছলমান ।

          ৰহম ― দয়া ।

         কুটুব ― ধ্রুব, নক্ষত্র ।

         বান্দা ― ভৃত্য ।


৩। ’মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।

     যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ৷৷’

      ― উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা ।


উত্তৰঃ উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ ‘জিকিৰ’ নামৰ কবিতাটোৰপৰা দাঙি ধৰা হৈছে ।

উক্ত কাব্যাংশৰ অন্তর্নিহিত ভাব হ’ল মনত বেয়া ভাব লৈ হেজাৰ বাৰ মক্কা দর্শন কৰিলেও আল্লাৰ আশীর্বাদ লাভ কৰিব নােৱাৰি । মানুহৰ অন্তৰত দয়া, প্রেম নাথাকিলে বা আমি যদি সকলাে জীৱকে সমদৃষ্টিৰে চাব নাজানাে আমি কেতিয়াও আল্লাৰ প্রিয়পাত্র হ’ব নােৱাৰোঁ ।

মক্কা হল এক পবিত্ৰ তীৰ্থস্থান।  ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভূল ধাৰণৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ললেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। তাক মাত্ৰ স্মৰণ কৰিলেই হল।



Class 10 MIL Assamese HSLC SEBA Solutions


৪। ব্যাখ্যা কৰাঃ

(ক) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।
       খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷।  

উত্তৰঃ প্ৰসংগঃ উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদেৱে ৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।

সংগতিঃ এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে। সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।

বাখ্যাঃ পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন নাই ।



(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।

       বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷।

উত্তৰঃ প্ৰসংগঃ উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদেৱে ৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।

সংগতিঃ এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।

বাখ্যাঃ কাব্যাংশত উল্লিখিত ‘ তিৰবেণী ঘাট ‘ কথাষাৰে মক্কা যে এখন পৱিত্র তীর্থভূমি । তাকেই বুজাইছে । কিন্তু যাৰ অন্তৰত ধর্মভাব থাকে বা যিজনে আল্লাৰ দর্শন । পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে । আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া – মােহ ত্যাগ কৰিব পাৰিব লাগিব । কিন্তু সংসাৰৰ মায়া – মমাহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ – ভােগতহে বেছিকৈ গুৰুত্ব দিয়ে । মানৱ জীৱন যে ক্ষণস্থায়ী । বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে । কিন্তু প্রকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ।



HSLC SEBA Assamese Class 10 Questions Answers


(গ) সঁজাৰ মইনাটিৰ অনেক যুগুতি ।

      দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি ।। 

উত্তৰঃ প্ৰসংগঃ উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদেৱে ৰচিত "জিকিৰ" নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।

সংগতিঃ উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানব দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে।

বাখ্যাঃ সংসাৰ মায়াৰে আৱৰা । সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাৰ চিন্তাতকৈ পাৰ্থিৱ সুখ – ভােগতহে জীৱ ব্যস্ত হৈ পৰে । মানৱ জীৱনৰ ক্ষণস্থায়ীতাৰ কথা সেয়ে জীৱই পাহৰি যায় । কিন্ত মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনা স্বৰূপ সকলাে বস্তুৱেই হৈ পৰে মূল্যহীন । মৃত্যুৰ লগে লগে আত্মাই । শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাৰ ওচৰলৈ গুচি যায় । আত্মা দেহত থকালৈকেহে আমি জীৱন্ত । আত্মাহীন শৰীৰ মূল্যহীন । সেয়ে ক্ষন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱৰ প্রধান কর্তব্য ।



ভাষা বিষয়কঃ

১। সমার্থক শব্দ লিখাঃ

চিন্তো, ঘাট , পীৰিত , আচমান , দৰিয়াস পিয়াহ , বাট , ভেল 

উত্তৰঃ চিন্তো ― ভাৱাে ।

          ঘাট ― নদীৰ পাৰ, বন্দৰ । 

          পীৰিত ― প্রীতি, ভালপোৱা, প্ৰেম । 

          আচমান ― আকাশ, গগণ ।

          দৰিয়া ― সাগৰ, নদী

          পিয়াহ ― তৃষ্ণা ।

          বাট ― ৰাস্তা, পথ, আলি।

          ভেল ― দেহ, শৰীৰ ।




Class 10 Assamese HSLC Question Bank SEBA | Class 10 Chapter 2 Important Question Answer 



১। আজান ফকিৰৰ প্ৰকৃত নাম কি আছিল ?
উত্তৰঃ আজান ফকিৰৰ প্ৰকৃত নাম হজৰত চাহ মিলন।

২। পোন প্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক কোনে শিকাইছিল ?
উত্তৰঃ জনশ্ৰুতি অনুসৰি পোন প্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক অজান ফকীৰে শিকাইছিল।

৩। জিকিৰ গীত কোন ধৰ্মৱলম্বী মাজত প্ৰচলিত ? 
উত্তৰঃ জিকিৰ গীত ইচলাম ধৰ্মৱলম্বী মাজত প্ৰচলিত । 

৩। জিকিৰ শব্দৰ অৰ্থ কি ? 
উত্তৰঃ জিকিৰ শব্দৰ অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা।

৪। ‘দৰিয়া’ শব্দৰ অৰ্থ কি ?
উত্তৰঃ ‘দৰিয়া’ শব্দৰ অৰ্থ হ'ল সাগৰ, নদী।

৫। জিকিৰ শব্দটোৰ আৰবী শব্দ কি ?
উত্তৰঃ জিকিৰ শব্দটোৰ আৰবী শব্দ হ'ল ‘চিকৰ’।

৬। কুটুব শব্দৰ অৰ্থ কি?
উত্তৰঃ কুটুব শব্দৰ অৰ্থ হ'ল ধ্রুব নক্ষত্র ।

৮। 'মোমিন' ৰ অৰ্থ কি ? 
উত্তৰঃ মোমিন' ৰ অৰ্থ বিশ্বাসী মুছলমান ।

৯। ত্রিবেণী বুলি কাক কোৱা হয় ?
উত্তৰঃ গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলক ত্রিবেণী বুলি কোৱা হয়।

১০। আজান ফকিৰক কোন শতিকাৰ কবি অনুমান কৰা হৈছে ?
উত্তৰঃ আজান ফকিৰক খ্ৰীষ্টীয় সপ্তম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে ।
১১। জিকিৰত উল্লেখ থকা 'আদম' কোন ?
উত্তৰঃ জিকিৰত উল্লেখ থকা আদম হল আল্লাই সৃষ্টি কৰা প্ৰথম মানৱ ।

১২। মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে ?
উত্তৰঃ মক্কাৰ দুৱাৰক ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে ।

১৩। জিকিৰৰ ৰচক আজান ফকিৰ কোন দেশৰ পৰা অসমলৈ আহিছিল ?
উত্তৰঃ জিকিৰৰ ৰচক আজান ফকিৰ আৰব দেশৰ পৰা অসমলৈ আহিছিল ।
১৪।  'সঁজাৰ মইনাটিৰ অনেক যুগুতি' - সঁজাৰ মইনা বুলি কিহক বুজোৱা হৈছে ?
উত্তৰঃ সঁজাৰ মইনা বুলি মানুহৰ আত্মাক বুজোৱা হৈছে ।

১৫। খোদা ৰছুল কত লুকাই থাকে ? 
উত্তৰঃ খোদা ৰছুল 'দয়ালু মোমিনৰ' আঁৰত লুকাই থাকে।

১৬। মক্কাৰ দুৱাৰত কি ঘাট আছে ? 
উত্তৰঃ মক্কাৰ দুৱাৰত 'তিৰবেণীৰ' ঘাট আছে ।

১৭। মক্কাৰ দুৱাৰত কিহে বাট ভেটা দিয়ে ? 
উত্তৰঃ মক্কাৰ দুৱাৰত মায়াই বাঁট ভেটা দিয়ে।

১৮। আহোম ৰজাই কাৰ হতুৱাই অজান ফকীৰৰ চকু কাঢ়িছিল ?
উত্তৰঃ ৰূপাইদা ধৰা নামৰ মুছলমান বিষয়াৰ হতুৱাই চকু কঢ়াইছিল।

১৯। আহোম ৰজাই কিয় অজান ফকীৰ চকু কঢ়াইছিল ?
উত্তৰঃ অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ অপৰাধত আহোম ৰজাই কিয় আজান ফকীৰ চকু কঢ়াইছিল ।

২০। আজান ফকীৰৰ মহাত্ম্য বুজি পাই আহোম ৰজাই তেওঁক কত মাটিবাৰী দি মছজিদ সজাই দিছিল ?
উত্তৰঃ আজান ফকীৰৰ মহাত্ম্য বুজি পাই আহোম ৰজাই তেওঁক দিখৌমুখৰ ম’ৰাগুতি চাপৰিত মাটিবাৰী দি মছজিদ সজাই দিছিল ।

২১। আজান ফকিৰৰ মৃত্যু ক'ত হৈছিল ?
উত্তৰঃ আজান ফকিৰৰ মৃত্যু দিখৌমুখৰ শৰাগুৰি চাপৰিত হৈছিল ।

২২। জিকিৰ গীতৰ লগত অসমীয়া কোনবোৰ গীতৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰঃ জিকিৰ গীতৰ লগত অসমীয়া ভক্তিমূলক প্রার্থনা বা স্তুতিগীতক তুলনা কৰিব পাৰি । 

২৩। চাহ মিলনকে কিয় অজান ফকিৰ বুলি কোৱা হয় ?
উত্তৰঃ জনশ্ৰুতি অনুসৰি অজান ফকীৰেই পোন প্রথমে অসমত অজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক শিকাইছিল বাবে তেওঁৰ নাম অজান ফকীৰ হৈছিল।

২৪। অসমৰ মানুহে তেওঁক কিয় অজান ফকীৰ বুলি গণ্য কৰিছিল ?
উত্তৰঃ অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰা হেতুকেই তেওঁ অজান ফকীৰ বুলি অভিহিত কৰিছিল।


২৫।  ‘ৰহমৰ গিৰিহঁত’ শব্দ দুটাই কি বুজাইছে ?
উত্তৰঃ ৰহম’ শব্দৰ অৰ্থ ‘দয়া’ আৰু ‘গিৰিহঁত’ শব্দৰ অৰ্থ ‘গৰাকী”। ইয়াত ‘দয়াৰ গৰাকী’ অর্থাৎ আল্লাহ্ বা ভগৱান বুলি কোৱা হৈছে। আল্লাহ্ মানুহক দয়া কৰিব পাৰে। সংসাৰৰ যাতনাৰ পৰা দয়া কৰি আল্লাহ মানুহক সংসাৰ নদী (দৰিয়া) পাৰ কৰাই দিব পাৰে। এই কাৰণে ‘ৰহমৰ গিৰিহঁত’ শব্দ দুটা ব্যৱহাৰ কৰা হৈছে।

২৬। ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।’
—এই ফাঁকি কথাৰ ‘ৰছুল’ আৰু ‘মোমিন’ শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ ‘ৰছুল’ শব্দৰ অৰ্থ আল্লাহৰ ‘দূত’ বা ‘পয়গম্বৰ’ বা ‘সাধু লোক’। ‘মোমিন’ শব্দৰ অৰ্থ ‘বিশ্বাসী মুছলমান’। খোদা বা আল্লাহৰ দূত বা পয়গম্বৰজন বিশ্বাসী মুছলমানজনৰ লগত আছে। গতিকে খোদাক বাহিৰত বা দূৰত বিচাৰিব নালাগে কাৰণ আল্লাহৰ দূত বিশ্বাসী মুছলমান সকলৰ লগত আছে।

২৭। মক্কাৰ দূৱাৰত কি ঘাটৰ কথা কোৱা হৈছে ?
উত্তৰঃ মক্কাৰ দুৱাৰত তিৰবেণীৰ (ত্রিবেণীৰ) ঘাটৰ কথা কোৱা হৈছে। মুক্তিধাম মক্কালৈ যোৱা সহজ নহয়। মক্কাৰ দুৱাৰ মায়া-মোহৰ জালেৰে ভেটি ৰখা আছে। মায়া-মোহৰ জালত নপৰাজনহে মক্কালৈ বা মুক্তিধামলৈ যাব পাৰে।

২৮। তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট-ভেটা দিয়ে/বাধা দিয়ে ?
উত্তৰঃ তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট-ভেটা দিয়ে। মুক্তিধাম মক্কালৈ যোৱা বাটত থকা তিৰবেণীৰ ঘাট অর্থাৎ‍ সংসাৰৰ মায়াজালে মানুহক বাট ভেটা দিয়ে— মুক্তিলাভত বাধা দিয়ে। মোহ-মায়া মুক্তজনহে মক্কাৰ দুৱাৰত বা মুক্তিধামত উপস্থিত হব পাৰে।

২৯। ‘জিকিৰ’ বোৰক কি গীত বুলি কব পাৰি ?
উত্তৰঃ ‘জিকিৰ’ বোৰক ধৰ্মমূলক ‘জনপ্রিয় জনগীত’ বুলি কব পাৰি। আজান ফকিৰে সাধাৰণ মানুহেও সুৰ ধৰি গাব পৰাকৈ সহজ-সৰল ভাষাত গীতবোৰ ৰচনা কৰিছিল।


দশম শ্ৰেণীৰ অসমীয়া 

বৰগীত সকলো প্ৰশ্নোত্তৰ 

মই অসমীয়া সকলো প্ৰশ্নোত্তৰ 


Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2023

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2023

Long Walk to Freedom VSA for HSLC 2023

A Tiger in the Zoo VSA for HSLC 2023

The Tale of Custard the Dragon VSA for HSLC 2023


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees











No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.