6 Apr 2023

মই অসমীয়া Class 10 Assamese Chapter 4 Question Answer

মই অসমীয়া Class 10 Assamese Chapter 4 Question Answer

মই অসমীয়া Class 10 Assamese Chapter 4 Question Answer

মই অসমীয়া Class 10 Assamese Chapter 4 Question Answer: মই অসমীয়া (Moi Oxomiya) is the 4th poem from class 10 HSLC Assamese (MIL) SEBA text-book. Here in this post you can avail মই অসমীয়া Class 10 Assamese MIL Chapter 4 Question Answer.



Class 10 Assamese Chapter 4 Question Answer SEBA

In this post you can avail Class 10 Assamese Chapter 4, Class 10 Assamese Chapter 4 Question Answer, Class 10 Assamese Chapter 4 Question Answer Assamese, Class 10 Assamese Chapter 4 Question Answer in Assamese, Class 10 Assamese Medium, Class 10 Assamese Question Answer, Class 10 Assamese Chapter 4 all Question Answer, Class 10 Assamese Chapter 4 Question Answer Seba, Class 10 Assamese Lesson 4 Question Answer. 




মই অসমীয়া Class 10 পাঠভিত্তিক প্রশ্নোত্তৰ | Class 10 Moi Oxomiya Question Answer 


মই অসমীয়া

   - চৈয়দ আব্দুল মালিক


ভাব-বিষয়কঃ

১। চমু উত্তৰ দিয়াঃ

(ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা । 
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত কবিতা পুথি এখনৰ নাম হল বেদুইন।


(খ) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ? 
উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।


(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল ?
 উত্তৰঃ অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল বুলি কৈছে ।


(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ? 
উত্তৰঃ অসমীয়াসকলে ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।


(ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ - কণী আৰু চাউলেৰে দেউল সাজিছিল।



 ২। 'অসমৰ হেংদাং জিলিকিল । 
        দুপৰৰ পূর্ণ আলােকত ’ —  কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা । 
উত্তৰঃ অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়সে জয় কৰাৰ সপোণ লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি ভাবিছিল। 

ভাৰতৰ পূৱ দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনা সকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য-শ্যামলা ভূমি, যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেং-দাঙৰ চিকমিকনি । 

আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হল তৰোৱাল, সেই তৰোৱাল হাতত লৈ দুগুনে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ-বীৰাংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হল।



৩। অসমৰ পুৰুষ - নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
উত্তৰঃ সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি।

মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি লবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগলসকল অহাবাটে উভতি গৈছিল।



৪। ক’ত অত বল পালে অসমৰ সেনানীয়ে 
      শুকান সান্দহ আৰু পানী আঁজলিত । ” 
      – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা ।
উত্তৰঃ প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত হৈ আহিছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল । 

অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুজঁ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হল। অসমৰ লোক সকল অতিথিপৰায়ণ, সহজ - সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। 

মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুড়ি জীয়াই থকা মানুহ ইমান বলবন্ত হব পাৰে বুলি।বীৰদৰ্পে যূঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল।দৰাচলতে মানসিক শক্তিয়ে বলীয়ান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।



৫। 'মই অসমীয়া' কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে  বুজাই লিখা।
উত্তৰঃ `মই অসমীয়া' কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। 

অসমৰ বননিখনক মিনাকৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। 

অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম'হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচি থাকে। প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।



৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্পসম্ৰাট বুলিও কোৱা হয় । তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে `বেদুইন'। 

তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহুসমাদত। তাৰ ভিতৰত `সুৰুজমূখীৰ স্বপ্ন', `ৰূপতীৰ্থৰ যাত্ৰী', `ধন্য নৰতনু ভাল', আদি উল্লেখনীয়। `অঘৰী আত্মাৰ কাহিনী' নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হল - `পৰশমণি', `আধাৰশিলা', `মৰহা ফুল', `স্বাক্ষৰ', `ছবিঘৰ', `ৰঙাগড়া', `ৰজনীগন্ধাৰ চকুলো' ইত্যাদি। 

তেওঁৰ গল্প-উপন্যাসৰ পৰা `জেতুকা পাতৰ দৰে', `মমতাজ' আদি চলচ্চিত্ৰ নিৰ্মান হৈছে। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।



৭ । অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
উত্তৰঃ পৰাক্ৰমী মোগলসকল দেশবিজয় কৰিবৰ বাবে অসমলৈ আহিছিল। মোগলসকলে অসমখন যাদু-মন্ত্ৰৰ দেশ বুলি ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি তেওঁলোক আচৰিত হৈ পৰিল। চৌদিশে অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা নিয়ৰসিক্ত, দূৱৰিৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল। 

অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰীয়া পিন্ধিছিল। ভেকুলীবোৰে কপালত ফোঁট লৈ সাজিকাচি আছিল। কৃষিপ্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলবন্ত হ'ব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল । 

ৰংঘৰ, কাৰেংঘৰ আদি প্ৰসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ'ল সাজে, হাঁহ-কণী, চাউলেৰে দেউল সজায়। অসমৰ ধূলিত সোণ, হীৰা-মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ, ৰূপৰ দৰে মূল্যবান ধাতু। মূল্যবান সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোক সকলৰ মুখত মাত অমৃতসনা। এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম-কীৰ্তন আদি সুললিত সুৰে এই দেশৰ ৰূপ-সৌন্দৰ্য্য দুগুনে চৰায়।



Class 10 Assamese Book Question Answer | Class 10 Assamese SEBA 

৮| ব্যাখ্যা কৰাঃ

(ক) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
         দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত 'মই অসমীয়া' পাঠটিৰ পৰা তুলি দিয়া হৈছে। 

সংগতিঃ কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে সেই বিষয়ে ক'ব বিচাৰিছে।

বাখ্যাঃ সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসম খনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসম খনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেইজীয়া ভূমি। মোগল সকলে অসমত প্ৰবেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ  ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।



(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত ,
        হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা ,
        ভৰি ধোৱে পােৱালৰ ভৰা দলঙত ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত 'মই অসমীয়া' নামৰ কবিতাটিৰ পৰা উদ্ধিত কৰা হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে।

বাখ্যাঃ অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগল সকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি, খোজ দিলেই যেন গচকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যবান সম্পদ আছিলে হাতীদাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যবান ৱাল মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি।



(গ) মােহ গ'ল দূৰণিৰ বিদেশী মােগল ।
        অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,
        অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ
        দূৰৰ মােগল আহি হ’ল অসমীয়া । ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত 'মই অসমীয়া' শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ কবিতাফাঁকিত কবিয়ে অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কবিয়ে কৈছে।

বাখ্যাঃ অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননি মিনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাত বোৰত ৰ'দ পৰি এনেদৰে  চিকমিকাই উঠে যেন মণি - মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে - বালিয়ে যেন মণি - মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ। অসম খনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যবান সম্পদ হ'ল হাতীৰদাঁত। হাতীৰদাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰবাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। ম'হৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হ'ল যে তেওঁলোক নিজ অসমতে থাকি গ'ল।



(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া |
         অসমীয়া দেহ - প্রাণ মন ;
        জীয়াই থাকোতে মই অসমৰে অসমীয়া ,
        মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত 'মই অসমীয়া' শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে জনমভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।

বাখ্যাঃ কবিৰ মতে জনমভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জনমভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে, সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেহেন অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল'ব বিচাৰে।



৯। মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে , তােমাৰ কথাৰে বুজাই লিখা । 
উত্তৰঃ কবিয়ে নিজৰ জনমভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুজঁত পৰাজয় কৰিছিলে। কবিয়ে হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহৰ ইমান শক্তি ক'ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ'ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল, অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ সৰা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰকঠোৰ হ'ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বিৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰসংশা কৰিছে।



১০। কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা ।
উত্তৰঃ কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুজঁত পৰাজয় কৰে। কবিয়ে নিজৰ জনমভূমি খনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়। 

কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক 'আই' সম্বোধন কৰিছে। কবিয়ে 'আই' সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল'ব বিচাৰে। কবিয়ে নিজৰ জনমভূমিৰ বাবে চিৰকৃতজ্ঞ।



১১। মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা ।
উত্তৰঃ 'মই অসমীয়া' কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে কবিতাটোত। কবিতাটোত নিজৰ আবেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। মোগল সকল আছিল প্ৰবল পৰাক্ৰমী জাতি কবিৰ মতে। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। 

মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক কবিয়ে এই বিজয়ক সুৱৰি কবি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। 

কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগল সকল অসমত থাকি গ'ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সগৰীয় ভাষা বুলিও গণ্য কৰিছে বুলি কবিয়ে কৈছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে। পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।



১২। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা । 
উত্তৰঃ  'মই অসমীয়া' কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰ ভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগল সকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীবি সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগল সকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগল সকলে তবধ মানিছিল। 

অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি  হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল'বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগল সকল আকৰ্ষিত হৈছিল। মোগল সকলে অসমৰ পৰা যোৱাৰ  অসমীয়াত স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰ ভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনাৰে কবিতাটোত ফুটাই তুলিছে।



১৩ । ভাষা-বিষয়কঃ

(ক) ব্যাসবাক্যসহ সমাসৰ নাম লিখা । 
            স্বর্ণপুৰী ; মুক্তগীত ; অনিৰুদ্ধ ; নিষ্কর্মা ।

উত্তৰঃ স্বর্ণপুৰী: স্বৰ্গৰ পুৰী — ষষ্ঠী তৎপুৰুষ সমাস।
          মুক্তগীত: মুক্ত যি গীত — কর্মধাৰয় সমাস।
          অনিৰুদ্ধ: ন ৰুদ্ধ/ৰুদ্ধ নহয় – নঞ তৎপুৰুষ সমাস।
          নিষ্কর্মা: ন কর্ম/কৰ্ম নাই যাৰ – বহুব্ৰীহি সমাস ।


(খ) তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ
           বাঘ-নখ , হাঁহ-কণী , মহ-শিং ।

উত্তৰঃ বাঁহ-গাঁজ, কল-বাৰী, মৌ-জোল, নেমু-ৰস, হাতী-দাঁত।


(গ) বিপৰীত শব্দ লিখাঁ ঃ
           গৌৰৱ ; আলােক ; স্বাধীনতা ; পৰাজিত ; সপােন ; মৰণ ।

উত্তৰঃ

গৌৰৱ - কালিমা

অলোক - আন্ধাৰ

স্বাধীনতা - পৰাধীনতা

পৰাজিত - বিজয়ী

সপোণ - দিঠক

মৰণ - জনম/জীৱন 




মই অসমীয়া-Class 10 Assamese Chapter 4 Question Answer Assamese Medium | HSLC 2024 | Lesson 4 Q&A


অতিৰিক্ত প্ৰশ্নোত্তৰঃ

১। ’মই অসমীয়া’ কবিতাটিৰ কবি কোন অৱস্থানত ?
উত্তৰঃ মই অসমীয়া’ কবিতাটিৰ কবি গৰাকীৰ নাম চৈয়দ আব্দুল মালিক।


২। মোগলসকলে  ক’ৰ পৰা আহিছিল ?
উত্তৰঃ মোগলসকলে অসমৰ পশ্চিমত থকা মোগল সাম্রাজ্যৰ পৰা আহিছিল।


৩। চৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল ?
উত্তৰঃ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল।


৪। মোগলসকলে কি আশা কৰি অসমলৈ আহিছিল ?
উত্তৰঃ মোগলসকলে অসমক জয় কৰাৰ আশাৰে অসমলৈ আহিছিল। 


৫। চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল ?
উত্তৰঃ চৈয়দ আব্দুল মালিকক 'গল্প সম্ৰাট' বুলি কোৱা হৈছিল।


৬। অসমত আহি মোগলসকলে কি দেখিছিল ?
উত্তৰঃ অসমত আহি মোগলসকলে স্বাধীনতা প্রেমী ৰজা-প্ৰজাক দেখিছিল।


৭। অসমীয়া সাহিত্যত গল্প সম্রাট বুলি কাক কোৱা হয় ?
উত্তৰঃ অসমীয়া সাহিত্যত গল্প সম্রাট বুলি  চৈয়দ আব্দুল মালিকক কোৱা হয়।


৮। মোগলসকলে অসমত কি কৰিম বুলি আশা কৰিছিল ?
উত্তৰঃ মোগলসকলে অসমত মুছলমান অৰ্থা‍ৎ মোগল ৰাজত্ব প্রতিষ্ঠা কৰিব বুলি আশা কৰিছিল।


৯। চৈয়দ আব্দুল মালিকে কোন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ চৈয়দ আব্দুল মালিকে 'অঘৰী আত্মাৰ কাহিনী' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।


১০। মোগলসকলে অসমৰ ৰাজধানীত কি কি দেখিছিল ?
উত্তৰঃ মোগলসকলে অসমৰ ৰাজধানীত বাৰটা পুখুৰী, ৰংঘৰ আৰু কাৰেংঘৰ দেখিছিল ।


১১। কামৰূপক মোগলসকলে কেনেভাৱে পোৱাৰ আশা কৰিছিল ?
উত্তৰঃ কামৰূপক মোগলসকলে মোগলৰ নিজ ৰাজ্য হিচাবে পোৱাৰ আশা কৰিছিল।


১২। চৈয়দ আব্দুল মালিকৰ কোনখন উপন্যাস অনাতাৰ যোগে প্ৰচাৰিত হৈছিল ?
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ 'সূৰ্য্যমুখী স্বপ্ন' উপন্যাসখন অনাতাৰ যোগে প্ৰচাৰিত হৈছিল ।


১৩। মোগলসকলে অসমৰ ৰণথলীত কি দেখিছিল ? 
উত্তৰঃ মোগলসকলে অসমৰ ৰণথলীত অসমীয়া নাৰী-পুৰুষৰ একতা, স্বাধীনতা স্পৃহা আৰু ৰণকৌশল দেখিছিল ।


১৪। চৈয়দ আব্দুল মালিক কোন দুখন উপন্যাসৰ চলচিত্ৰ নির্মাণ হৈছিল ?
উত্তৰঃ জেতুকা পাতৰ দৰে, আৰু মমতাজ।


১৫। মোগলসকলে অসমৰ ৰাজধানীক কিহৰ লগত তুলনা কৰিছে ?
উত্তৰঃ মোগলসকলে অসমৰ ৰাজধানীক স্বর্গপুৰীৰ লগত তুলনা কৰিছে।


১৬। কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে ?
উত্তৰঃ কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছে।


১৭। মোগলসকলে অসমৰ চৌদিশত কি দেখিছিল ?
উত্তৰঃ মোগলসকলে অসমৰ চৌদিশত মনোৰম পাহাৰে আগুৰা প্ৰাকৃতিক সৌন্দৰ্য্য দেখিছিল। 


১৮। চৈয়দ আব্দুল মালিকৰ ৰচনা ৰাজিসমূহ উল্লেখ কৰা।
উত্তৰঃ পৰশমনি, আধাৰশিলা, মৰহাফুল, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নতনু ভাল, স্বাক্ষৰ ছবিঘৰ, ৰঙা গৰা, ৰজনীগন্ধাৰ চকুলো আদি।


১৯। অসমৰ ৰণথলীত মোগলৰ কি হৈছিল ?
উত্তৰঃ অসমৰ ৰণথলীত মোগলৰ পৰাজয় আৰু পূৰ্বৰ গৌৰৱ বিলুপ্ত হৈছিল। 

২০। অসমৰ পুৰণি মঠ-মন্দিৰবোৰ স্বৰ্গদেউসকলে কিহেৰে নিৰ্মাণ কৰিছিল ?
উত্তৰঃ অসমৰ পুৰণি মঠ-মন্দিৰবোৰ স্বৰ্গদেউসকলে হাঁহৰ কণী আৰু বৰা চাউল আদিৰে নিৰ্মাণ কৰিছিল।


২১। মোশ্লেম কি ?
উত্তৰঃ মোল্লেম হ’ল মুছলমান অর্থ্যাৎ মোগল জাতি ।


২২। সৰগতো কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছে ?
উত্তৰঃ সৰগতো কবিয়ে অসমীয়া ভাষাটোক চিনি পাম আৰু বুজি পাম বুলি কৈছে।


২৩৷ কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল ?
উত্তৰঃ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল।


২৪। মোগলসকলে ক'ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভবিছিল ?
উত্তৰঃ মোগলসকলে অসমত মুছলমানৰ মুক্তৰাজ সংস্থাপন কৰাৰ কথা ভাবিছিল।


২৫। কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জন্ম ল'ব বিচাৰিছে ?
উত্তৰঃ কবিয়ে মৰাৰ পিছতো অসমৰ অসমীয়া হৈ জন্ম ল'ব বিচাৰিছে।




মই অসমীয়া Class 10 Question Answer | Moi Oxomiya class 10 Questions Answers HSLC Assamese

১। অসমীয়া তিৰোতাসকলে কি কি অলংকাৰ পিন্ধিছিল ?
উত্তৰঃ অসমীয়া তিৰোতাই তেতিয়াৰ দিনত সোণ-ৰূপ, মণি-মুকুতাৰ নানাবিধ অলংকাৰ পিন্ধাৰ উপৰিও বাঘৰ নখেৰে নিৰ্মিত খাৰু হাতত পিন্ধিছিল আৰু আঙুঠি ভৰিত পিন্ধিছিল।


২। অসম জয় কৰিবলৈ অহা মোগলৰ কি পৰিণতি হ’ল ?
উত্তৰঃ অসমীয়াৰ ৰণকৌশলত মোগলবিলাক পৰাস্ত হ’ল। ৰাজপুত-সকলৰ পৰাস্ত কৰাৰ যি গৌৰৱ মোগলে কৰিছিল সেই গৌৰৱৰ অৱসান ঘটিল। মোগলে তেওঁলোকৰ প্ৰকৃত শক্তিৰ পৰিচয় তেতিয়াহে পালে।


৩। অসমত ভৰি দি মোগলসকলে কি দেখিছিল ?
উত্তৰঃ অসমলৈ আহি মোগলসকলে দেখিছিল অসমৰ ৰাজ-সিংহাসনত বহি আহোম ৰজাই আনন্দ মনে ৰাজ-কাৰ্য্য চলাই আছে। বতাহত স্বাধীন অসমৰ স্বাধীন পতাকা উৰি আছে আৰু অসমীয়া মানুহে মুক্ত আকাশৰ তলত মুক্ত মনেৰে স্বাধীনতাৰ গীত গাই গাই নিজ নিজ কৰ্ম কৰি গৈ আছে। কাৰো মনত কোনো দুখ নাই, কোনো চিন্তা নাই—সমগ্র অসমেই স্বাধীন-আনন্দ-মুখৰ ।


৪। মোগলসকলে অসমলৈ ক’ৰ পৰা কিয় আহিছিল ?
উত্তৰঃ মোগল সম্রাট সকলে দিল্লীত ৰাজধানী পাতি ভাৰতত সাম্ৰাজ্য বিস্তাৰ কৰিছিল। সেই সময়ত অসমত আহোম ৰজাসকলে ৰাজত্ব কৰিছিল আৰু স্বাধীনভাৱে ৰাজ্য চলাইছিল। ভাৰতৰ অন্যান্য ৰাজ্যবোৰ জয় কৰাৰ পাছত মোগল সম্রাটে অসম দেশ জয় কৰিবৰ বাবে মোগল সেনাবাহিনীক আদেশ দিয়ে। সেই আদেশ অনুসৰি অসম বিজয়ৰ আশা লৈ মোগলসকল অসমলৈ আহিছিল। 


৫। কবিৰ কামনা কি ?
উত্তৰঃ কবিয়ে কামনা কৰে জীয়াই থকা দিন কেইটা অসমৰ হকে যুঁজি অসমীয়া হৈ দেশ ৰক্ষা কৰিব আৰু স্বাধীনতাৰ গীত গাব আৰু অসমীয়া হৈয়েই থাকিব। মৃত্যু হ’লেও তেওঁ অসমীয়া হিচাবেহে মৃত্যু বৰণ কৰিব। মৃত্যুৰ পাছতো যদি তেওঁৰ পুনৰ জন্ম হয় তেনেহলে আকৌ অসমতহে জন্ম ল’ব। মৃত্যুৰ পাছত তেওঁ স্বৰ্গত থকা কালত যদি কোনো অসমীয়াই তেওঁক স্মৰণ কৰে, তেন্তে তেওঁ সেই অসমীয় মাত আৰু ভাষা বুজি পাব। অর্থাৎ‍ তেওঁ চিৰদিন অসমীয়া হৈয়েই থাকিব।


৬। মোগলসকলে ৰণথলীত অসমৰ কী ৰূপ দেখিছিল ?
উত্তৰঃ মোগলসকলে দেখিছিল যে তেওঁলোকৰ আক্ৰমণক প্ৰত্যাহ্বান জনাবলৈ সকলো অসমীয়াই হাতত হেংদাং লৈ যুদ্ধক্ষেত্রলৈ ওলাই আহিছিল। সূৰ্য্যৰ পোহৰত হেংদাংবোৰ তিৰবিৰাই উঠিছিল। দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ অসমীয়া পুৰুষ-মহিলা উভয়ে আহি যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিল। মৃত্যুলৈ কাৰো ভয় নাছিল; তিৰোতাবোৰে ৰণচণ্ডী ৰূপ ধাৰণ কৰি শত্ৰুৰ বিপক্ষে থিয় দি স্বাধীনতাক ৰক্ষা কৰিছিল।


৭। দূৰৰ মোগল কেনেকৈ আহি অসমীয়া হ’ল ?
উত্তৰঃ মোগলবিলাক যুদ্ধৰ সৈনিক হিচাৱে সম্ৰাটৰ আদেশত অসম জয় কৰিবলৈ আহিছিল। মোগল আৰু অসমীয়াৰ মাজত ৰণ হ’ল; কিন্তু দিগ্বিজয়ী মোগল সেনা স্বাধীনতাপ্রেমী অসমীয়া সেনাৰ হাতত পৰাজিত হ’ল। তেতিয়া সেই পৰাজিত মোগল জাতিৰ চকুত পৰিল অসমৰ অপৰূপ সৌন্দৰ্য্য আৰু অবৰ্ণনীয় ঐশ্বৰ্য্য। পৰাজিত হৈও অসমীয়াৰ পৰা পালে চেনেহৰ মাত-আদৰৰ ব্যবহাৰ। ইয়াতেই পৰাজিত মোগলবিলাক মুগ্ধ হ’ল আৰু অসম দেশ এৰি নাযাবলৈ স্থিৰ কৰি অসমতে স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে। তেতিয়াৰে পৰা মোগলবিলাক মনে-প্রাণে অসমীয়া হৈ পৰিল।


৮। অসমলৈ আহি মোগলসকলে কি কল্পনা কৰিছিল ?
উত্তৰঃ মোগলসকলে কল্পনা কৰিছিল যে তেওঁলোকে নিজ বীৰত্বক প্ৰদৰ্শন কৰি মোগলৰ বিজয় শক্তি অসমীয়াক দেখুৱাব। তেওঁলোকে ভাবিছিল আৰু বিশ্বাসো কৰিছিল যে ইতিপূৰ্বে দিগ্বিজয় কৰি অহা মোগল শক্তিক বাধা দিয়াৰ সাধ্য কাৰো নাই। তেওঁলোকে আশা কৰিছিল অসমত মুছলমান ৰাজত্ব প্রতিষ্ঠা হ’ব আৰু প্ৰাচীন ঐতিহ্যপূর্ণ অসম বা কামৰূপ মোগলৰ হ’ব।


৯। অসমীয়াৰ লগত যুদ্ধ কৰি মোগলসকলে অসমীয়া সকলৰ কি পৰিচয় পাইছিল ?
উত্তৰঃ মোগলসকলে সদায় নিজকে প্রবল প্রতাপী মহা শক্তিমান বুলি ভাবিছিল। অৱশ্যে তাৰ কাৰণো আছিল। তেওঁলোকে ভাৰতৰ সকলো ৰজাকে পৰাস্ত কৰিছিল। আনকি বুৰঞ্জীত মহা প্ৰৱল প্রতাপী বুলি খ্যাত ৰাজপুত জাতিকো মোগলে পৰাভূত কৰি সাম্ৰাজ্য বিস্তাৰ কৰিছিল। সেই বাবে তেওঁলোকে ভাবিছিল যে অসমীয়া শক্তি মোগলতকৈ পৰাক্ৰমী হ’ব নোৱাৰে। পিছে যুদ্ধক্ষেত্ৰত যেতিয়া অসমীয়া সেনাৰ হাতত মোগলবিলাক পৰাজিত হ’ল, তেতিয়াহে তেওঁলোকে আন এটা নতুন শক্তিৰ পৰিচয় পালে অর্থাৎ অসমীয়া সকলৰ শক্তি তেওঁলোকতকৈ শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰিলে।



ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। কবিৰ অসমীয়া প্ৰীতিৰ কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।
উত্তৰঃ কবি অসমীয়া, হাড়ে হিমজুৱে, অসমীয়া। সেই কাৰণে তেওঁ জনমে জনমে অসমতে জন্ম লব খোজে আৰু অসমৰ কাৰণে যুঁজি অসমতেই মৃত্যু বৰণ কৰিব খোজে। অসমীয়া জাতি তেওঁৰ প্ৰাণৰ আপোন। 

কবিয়ে অসমক ভাল পায়, অসমৰ মানুহক ভাল পায়, ভাষা-সংস্কৃতি, গীত-মাত, বায়ু-পানী সকলোকে ভাল পায়। সেই কাৰণে তেওঁ জীয়াই থাকোঁতেও অসমীয়া আৰু মৰোঁতেও অসমীয়া হৈ মৰিব খোজে। আৰু যদি মৃত্যুৰ পাছত তেওঁৰ পুনৰ জন্ম হয়, তেন্তে অসমৰ পুৰণি স্মৃতিক লৈ পুনৰাই অসমতেই জন্ম ল’ব খোজে। জন্ম লওঁতে অসম মাতৃক ‘আই’, আৰু মৰোঁতেও ‘যাঁওঁ’ বুলি বিদায়ৰ মাত দিব খোজে। 

মৃত্যুৰ পাছত স্বৰ্গীয় সুখত মজি থকা সময়তো যদি কেতিয়াবা অসমীয়া গীতৰ সুৰ শুনে, তেনেহলে তাক তেওঁ মনোযোগেৰে কান পাতি শুনিব। তেওঁ য’তেই নাথাকক কিয়, অসমীয়াৰ-ভাষা, গীত-মাত, বুজি পাব। এইদৰে কবিয়ে তেওঁৰ অসমীয়া প্ৰীতিক প্ৰকাশ কৰিছে।


২। মোগলে উভতি চাই কি দেখিলে ? 
উত্তৰঃ মোগলসকলে উভতি চাই দেখিলে অসমৰ মনোৰম প্ৰাকৃতিক সৌন্দর্য। চাৰিওফালে থিয় হৈ থকা পাহাৰবোৰে অসমক আগুৰি আছে। হাবিবোৰত মনোৰম প্ৰাকৃতিক শোভা। বননিৰ প্ৰতিটো পাতেই যেন জাংফাই, মিনাকৰা ৰূপ জিলিকাইছে। দুৱৰি বনৰ পাতৰ আগত মুকুতাৰ থোপা জিলিকি উঠিছে। মণি-মুকুতাৰে ভৰপুৰ অসমত মানুহে হাতী দাঁতৰ খৰমৰ চুলা কৰিছে, তিৰোতাবোৰে বাঘ নখৰ খাৰু আৰু আঙুঠি পিন্ধিছে। দেশৰ সকলো মানুহে কর্মী, স্বদেশ আৰু স্বাধীনতাপ্রেমী; সকলোৱে একত্ৰিত হৈ স্বাধীনতাক ৰক্ষা কৰে। ৰজা সকোলে পুখুৰী খান্দি, দৌল-সাজি, ৰংঘৰ- কাৰেংঘৰ সাজি নগৰক স্বৰ্গপুৰী সদৃশ কৰি ৰাখিছে। ক’তো একোৰে অভাৱ নাই — ধূলিৰ লগতো সোণ-হীৰা পোৱা যায়। মানুহবোৰ মৰমীয়াল — মিঠা মাতেৰে মানুহক বশ কৰিব পাৰে। স্বাধীন দেশৰ মুক্তবায়ু সেৱন কৰি সকলো অসমীয়াই মিঠা সুৰেৰে স্বাধীনতাৰেই গীত গায়। ইয়াতে মোগলে উপলব্ধি কৰিব পাৰিলে যে অসমৰ দৰে ৰূপ-সৌন্দৰ্য্যৰ দেশ পৃথিৱীৰ আৰু ক’তো নাই।



৩। ‘মই অসমীয়া’ কথাষাৰৰ তাৎপৰ্য্য বিচাৰ কৰা। এওঁলোকক অসমৰ কি কি বস্তুৱে কেনেভাৱে আকৰ্ষণ কৰি মৰিলেও অসমৰে মই’ হ’বলৈ উদ্‌গনি দিছে ?
উত্তৰঃ যিখন দেশত মানুহ নজনা বা জানিব পৰা দিনৰে পৰা বংশগত ভাৱে বাস কৰি আছে, তেওঁ নিজকে সেই দেশৰ মানুহ বুলি কয়। কিন্তু বর্তমানতো অসমত বাস কৰা মুছলমান সম্প্রদায়টো নজনা দিনৰপৰা অসমত বংশানুক্রমে বাস কৰি অহা অসমীয়া নহয়। তেওঁলোক কেতিয়া কোন সময়ত অসমলৈ আহিছিল সেই কথা সুন্দৰ স্পষ্টভাৱে তেওঁলোকৰ মনত আছে। এটা সময়ত তেওঁলোক অসমৰ বাহিৰৰ পৰা আহিছিল মোগল সম্রাটর সৈনিক আৰু  অসম-অসমীয়াৰ শত্ৰু হিচাবে অসম দেশ জয় কৰিবলৈ। 

তেতিয়া তেওঁলোকৰ অসমীয়া ভাষা সংস্কৃতিৰ সৈতে কোনো সম্বন্ধ নাছিল, আনকি অসমীয়া ভাষা-সংস্কৃতিৰ লগত চিনাকিও নাছিল।ধৰ্মৰ ক্ষেত্ৰতো তেওঁলোক আছিল ইচ্‌লামী আৰু অসমীয়া সকল আছিল হিন্দু–দুয়োটা পক্ষৰ মাজত ইমানেই প্রভেদ আছিল। কিন্তু মোগলবিলাকে অসম জয় কৰিব নোৱাৰিলে আৰু বহুতো সৈনিক যুদ্ধ বন্দী হিচাবে অসমতে থাকি গ’ল। তাৰ পাছত তেওঁলোকক যেতিয়া বন্দীত্বৰ পৰা মুকলি কৰি দিয়া হ’ল, তেতিয়াও তেওঁলোকে অসম এৰি যাবলৈ ইচ্ছা নকৰিলে। 

তেঁওলোকে মোগল সম্ৰাটৰ শাসন নামানি আহোম ৰজাৰ শাসন মানি ল’লে, তেওঁলোকৰ মাতৃ-ভাষা-ত্যাগ কৰি অসমীয়া ভাষা শিকি অসমীয়া ভাষাক মাতৃভাষা বুলি গ্ৰহণ কৰিলে আৰু মোগলীয় সংস্কৃতি ত্যাগ কৰি অসমীয়া সংস্কৃতি আঁকোৱালি ললে। অসমক মাতৃভূমি বুলি গ্ৰহণ কৰি অসমৰ হকে বিদেশীৰ সৈতে যুঁজ দিলে। অসমৰ উৎপাদন বঢ়াই জাতীয় শক্তি বৃদ্ধি কৰিলে। সেই কাৰণে তাহানিৰ মোগলৰ বংশধৰ হৈ-ও অসমৰ মুছলমান সকলে নিজকে ‘মই অসমীয়া’ বুলি দাবী কৰিব পাৰে বা গৌৰৱেৰে দাবী কৰে।

মোগলবিলাককনো কি বস্তুৱে এনেদৰে আকৰ্ষণ কৰিলে? এই প্ৰশ্নৰ উত্তৰত কবিয়ে কৈছে যে মোগলৰ চকুত প্ৰথমে পৰিছিল অসমৰ বিনন্দীয়া ৰূপ। চৌদিশ পৰ্বত-পাহাৰেৰে আগুৰা অসমৰ প্ৰাকৃতিক সৌন্দর্য অতি মনোৰম। অসমৰ হাবিৰ সেউজীয়া ৰূপৰ দৰে সৌন্দৰ্য্য যেন আৰু কতো নাই — গছগছনিৰ প্ৰতিটো পাতেই যেন মিনা কৰা ৰূপ জাতিষ্কাৰ। মানুহবোৰ স্বাধীন, মনবোৰ স্বাধীন আৰু দেশ ভক্তিও অসীম। 

প্রতিজন অসমীয়াই সহজ সৰল আৰু উদাৰ। অসমীয়া মানুহৰ মিঠা মাত, অকৃত্রিম স্নেহ আৰু দৰদী মনৰ ভক্তি-প্রেম অতুলনীয়। প্রতিজন অসমীয়াই স্বাধীন মনেৰে ফুৰে, আনন্দ কৰে, স্বাধীনতাৰ গীত গায় আৰু ম’হৰ শিঙৰ পেঁপা বজাই মিঠা সুৰৰ ধ্বনি তোলে। প্রজাবৎসল ৰজাৰ শাসন কটকটীয়া, কোনো মানুহ নিষ্কর্মা হৈ বহি নাথাকে। প্ৰজাৰ সহায়তে ৰজাই দ’ল বান্ধে, পুখুৰী খান্দে, ৰংঘৰ কাৰেংঘৰ সাজি ৰাজধানীক স্বৰ্গপুৰীৰ তুল্য ধুনীয়া কৰি তোলে। অর্থনৈতিক দিশত অসম অতিকৈ টনকিয়াল — নদীৰ বালিত সোণৰ চপৰা পোৱা যায়, অসমৰ ধূলি-বালিত সোণ-হীৰা পোৱা যায়। 

অসমীয়া মানুহে মাটিৰ চৰু ভৰাই সোণ হীৰা ভগাই লয়। পুৰুষবোৰে হাতী দাঁতৰ খৰমৰ চুলা কৰে; তিৰোতাবোৰে সোণ ৰূপৰ অলংকাৰৰ বাহিৰেও বাঘ নখৰ খাৰু, আঙুঠি আদি তৈয়াৰ কৰি পিন্ধে। মুঠতে অসমত কানো বস্তুৰ অভাৱ নাই — সকলো উভৈনদী। এনেবোৰ আকর্ষণে মোগলবিলাকক অসমত ৰাখিছিল আৰু হাড়ে হিমজুৱে অসমীয়া হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল। সেই কাৰণে তেওঁলোকে ‘মৰিলেও অসমীয়া হৈ মৰাৰ' ইচ্ছা প্ৰকাশ কৰিছিল।















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.