5 Apr 2023

Class 10 Assamese Chapter 1 Question Answer

Class 10 Assamese Chapter 1 Question Answer 

Class 10 Assamese Chapter 1 Question Answer


Class 10 Assamese Chapter 1 Question Answer: Borgeet (বৰগীত) is the first poem from class 10 HSLC Assamese (MIL) SEBA text-book. Here in this post you can avail Class 10 Assamese Chapter 1 Question Answer. 



Class 10 Assamese Chapter 1 Question Answer SEBA

In this post you can avail Class 10 Assamese Chapter 1, Class 10 Assamese Chapter 1 Question Answer, Class 10 Assamese Chapter 1 Question Answer Assamese, Class 10 Assamese Chapter 1 Question Answer in Assamese, Class 10 Assamese Medium, Class 10 Assamese Question Answer, Class 10 Assamese Chapter 1 all Question Answer, Class 10 Assamese Chapter 1 Question Answer Seba, Class 10 Assamese Lesson 1 Question Answer. 


 


বৰগীত Class 10 পাঠভিত্তিক প্রশ্নোত্তৰ | Class 10 Borgeet Question Answer 



বৰগীত


-শ্ৰী শ্ৰী মাধৱদেৱ


ভাব বিষয়কঃ


১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া ।


(ক) নেৰিবা বান্ধব মােক জীৱনে মৰণে ।”

কবিয়ে জীবনে মৰণে নেৰিবৰ বাবে কাক অনুৰােধ কৰিছে ?

উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰােধ কৰিছে ।


(খ) “সনক সনন্দ যােগী যাহাকু ধিয়ায়”।

–সনক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰঃ সনক, সনন্দ আদি যযাগীসকলে হৰি অর্থাৎ ভগৱান শ্রীকৃষ্ণক / নাৰায়ণক ধ্যান কৰে বুলি কৈছে ।


(গ) কবি কিহত আতুৰ হােৱা বুলি কৈছে ?

উত্তৰঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হােৱা বুলি কৈছে।


(ঘ) বৰগীতটি কোনে ৰচনা কৰা ?

উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা।


(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।


(চ) কবিয়ে বান্ধৱ বুলি কাক সম্বােধন কৰিছে?

উত্তৰঃ কবিয়ে হৰিক বান্ধৱ’বুলি সম্বােধন কৰিছে।


(ছ) মােহ-পাশ’ মানে কি?

উত্তৰঃ “মােহ-পাশ” মানে হ’ল মায়াৰ বান্ধোন অর্থাৎ জাগতিক লােভ, আকাংক্ষা আদি মায়াজালৰ বন্ধন।



২। বৰগীতটিৰ মূলভাব লিখা ।

উত্তৰঃ মাধৱদেৱ বিৰচিত হৰি হেৰােৰে বাপ পশিলো শৰণে শীর্ষক প্রার্থনামূলক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্রীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্রকাশ পাইছে ।


ভগৱানৰ ওচৰত শৰণ লােৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে । যােগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে , সমস্ত বেদে যাক বিচাৰি । নাপায়, সহস্র মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নােৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ ।


বিষয় - বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে । ভকতৰ ত্রাণকর্তা ভগৱান । সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্রার্থনা কৰিছে ।


ভগৱানৰ দাসৰূপে নিজকে প্রতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে । নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ’বলৈ এইদৰে প্রার্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্রতি পৰাকাষ্ঠা প্রকাশ পাইছে ।



৩৷ বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ বৰগীতটিৰ ৰচক হ’ল মহাপুৰুষ শ্রী শ্রী মাধৱদেৱ । কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ খ্রীষ্টাব্দত । তেখেতেৰ পিতৃ আছিল গােবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা।


বর্তমান বাংলাদেশৰ বাকাতৰাজেন্দ্র অধ্যাপকৰ টোলত গুৰুজনাই । শিক্ষা গ্রহণ কৰিছিল । ১৫২২ চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰানৱ – বৈষ্ণৱ ধর্ম গ্রহণ কৰি ধর্মচর্চাত মনােনিবেশ কৰে । এইগৰাকী মহান সাহিত্যিকৰ ১০৭ বছৰ বয়সত ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত দেহাৱসান ঘটে ।


কবিমাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি তলত দিয়া ভাগত ভাগ কৰি দেখুৱাব পাৰি –


(ক) নামঘােষাহ’ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ । 


(খ ) আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য ।


(গ) তত্ত্বমূলক গ্রন্থ নামঘােষা: জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা ।


(ঘ) নাটক: দধিমথন আৰু অর্জুন-ভঞ্জন ।


(ঙ) ঝুমুৰা: চোৰধৰা, পিম্পৰা গুচোৱা, ভােজন বেহাৰ আৰু ভূমি লেটোৱা ।




বৰগীত Class 10 Question Answer | Borgeet class 10 Questions Answers HSLC Assamese

8। ব্যাখ্যা কৰাঃ

(ক) “সহস্র বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবাে কেনে তােমাৰ মহিমা।”

উত্তৰঃ প্রসংগঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উদ্ধৃত কৰা হৈছে।


সংগতিঃ হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।


ব্যাখ্যাঃ সংসাৰৰ একমাত্র ত্রাণকর্তা হৈছেহৰি। তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নােৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নােৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্র মুখেও তেওঁৰ মহিমা বর্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্তমহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।



(খ) “আতুৰ ভৈলােহাে হৰি বিষয় বিকলে।

কৰিয়াে উদ্ধাৰ মােক চৰণ কমলে।”

উত্তৰঃ প্রসংগঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উদ্ধৃত কৰা হৈছে।


সংগতিঃ সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্রার্থনা জনাই কবিয়ে ব্যাখ্যেয় কবিতা ফাকিৰ অৱতাৰণা কৰিছে।


ব্যাখ্যাঃ মানুহ সাংসাৰিক জীৱ। সংসাৰ সকলাে যন্ত্রণাৰ উৎস। বৈষয়িক সুখৰ থলী এই সংসাৰ। পাৰ্থিৱ সুখ-সম্পদে মানুহক এনেকৈ গ্রাস কৰে যে তেওঁলােকে বিষয় সুখকে জীৱনৰ একমাত্র সত্য বুলি ভুল কৰে। বিষয় বাসনাত নিমগ্ন হৈ মানুহে নানা পাপকর্মত ৰত হয়, ফলত জীৱন হৈ পৰে যন্ত্রণাময়। জীৱই মৃত্যু পর্যন্ত ভােগ কৰে এই যন্ত্রণা। দুখ-যন্ত্ৰণাত ভাৰাক্রান্ত জীৱ জৰ্জৰিত হৈ পৰে আৰু উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী। সংসাৰ নিকাৰত ভুগি কবিও অস্থিৰ হৈ পৰিছে। এই যন্ত্রণাৰ পৰা মুক্তিৰ পথ বিচাৰি কবিৰ মন হাহাকাৰ কৰি উঠিছে।নিৰ পায় হৈকবিয়ে হৰিৰ চৰণত শৰণ লৈছে। কিয়নাে কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্রণাৰ পৰা জীৱক মুক্তি দিব পাৰে একমাত্ৰ হৰিয়েহে। হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ কবি মহাপুৰুষজনাই উদ্ধাৰ পাব বিচাৰিছে। জীৱনৰ সমস্ত দুখ-যন্ত্রণাৰ পৰা এনে ভাব ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে স্পষ্ট হৈ পৰিছে।



(গ) “তােমাৰ চৰণ দুই মােৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীৱন।”

উত্তৰঃ প্রসংগঃ উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ মহাপুৰুষ শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’পাঠটিৰ পৰা লােৱা হৈছে।


সংগতিঃ পদফাকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে, ভগৱানৰ চৰণতে ভক্তসকলৰ প্রকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হ’ল অমূল্য সস্পদ।


ব্যাখ্যাঃ কবিৰ মতে সংসাৰৰ মায়া মােহৰ পৰা মুক্ত হ’বলৈ হ’লে ভগৱানৰ চৰণত শৰণ লােৱাৰ বাহিৰে অন্য কোনাে উপায় নাই। সর্বব্যাপ্ত নিৰাকাৰ ভগৱানেই হৈছে জগতৰ সৃষ্টিকর্তা, পালনকর্তা তেওঁ সকলােৰে উৰ্দ্ধত, গতিকে তেওঁৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সমান। মহাপুৰুষজনাৰাে এয়া জীৱনৰ একান্ত আকাংক্ষিত মহাধন কাৰণ তেওঁ হ’ল ভগৱানৰ একান্ত ভক্ত। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্রয়, সেয়ে ভক্তৰ জীৱন ভগৱানতেই সদায় সমর্পিত। হৰিচৰণেই হৈছে প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সর্বস্ব ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে এনে ভাবকেই সামৰিছে।


মেট্ৰিক পৰীক্ষা ২০২৪ দৰকাৰী প্ৰশ্নোত্তৰ (গদ্যাংশ)

মেট্ৰিক পৰীক্ষা ২০২৪ দৰকাৰী প্ৰশ্নোত্তৰ (পদ্যাংশ)


৫। ‘সনক সনন্দ যােগী যাহাকু ধিয়ায়

সকল নিগমে যাক বিচাৰি নাপায়।

– তাৎপর্য বিচাৰ কৰা।

উত্তৰঃ আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বর্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বর্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্রয়ােজন। সেয়ে সনক, সনন্দৰ দৰে যােগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে।


অর্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে গভীৰ তপ-জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হােৱাতকৈ শুদ্ধচিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্রার্থনা কৰাৰহে প্রয়ােজন।




৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে বিৰচিত বৰগীতৰ কেতবােৰ সুকীয়া সুকীয় লক্ষণ আছে , যাৰবাবে এই গীত আন গীতৰ পৰা পৃথক । বৰগীতৰ তেনে চাৰিটা লক্ষণ হল—


(ক) বৰগীতবােৰ ৰাগ – তালযুক্ত শাস্ত্রীয় গীত ।


(খ) বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত ।


(গ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয় ।


(ঘ) নামধৰ্ম  প্ৰচাৰৰ  উদ্দেশ্যে  বৰগীতসমূহ  ৰচিত  ৷ 




ভাষা বিষয়কঃ


১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ


     নপাৱন্ত, কেনে, ভৈলােহাে, তুমিসে, জনেৰ, কহয় ।


উত্তৰঃ নপাৱন্ত – নোৱাৰে ।

           কেনে – কেনেকৈ ।

           ভৈলােহাে – হ’লো ।

           তুমিসে – তুমিহে ।

           জনেৰ – জনৰ ।

           কহয় – কয় ।



২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকমালাৰ ব্যৱহৃত ভাষাটো ব্রজবুলি বা অসমীয়া ভাষাত ব্ৰজাৱলী নামে জনাজাত । বজ্ৰাৱলী ভাষাৰ  বৈশিষ্ট্যসমূহ  তলত উল্লেখ কৰা হ'ল -


(ক) ব্রজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্রয়ােগ বহুলভাৱে দেখা যায় ।


(খ) এই ভাষাত আৰবী, ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায় ।


(গ) বজ্ৰাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী  ৷


(ঘ) ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্রিস্বৰৰ প্ৰয়ােগ প্রচুৰ ।


(ঙ) ই এক কৃত্ৰিম সাহিত্যিক ভাষা  ৷




বৰগীত Class 10 অতিৰিক্ত প্রশ্নোত্তৰ | বৰগীত Class 10 Short Question। Answer 


১। মাধৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ?

উত্তৰঃ মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল।


২। মাধৱদেৱৰ জন্মস্থান কি ? 

উত্তৰঃ মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী । 


৩। মাধৱদেৱৰ পিতৃ - মাতৃৰ নাম কি আছিল ? 

উত্তৰঃ মাধৱদেৱৰ পিতৃ - মাতৃৰ নাম ক্ৰমে গােবিন্দগিৰী ভূঞা আৰু মনোৰমা।


৪। মাধৱদেৱ কাৰ প্রিয় শিষ্য আছিল ?

উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্য আছিল ।


৫। মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল ? 

উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য আছিল ।


৬। মাধৱদেৱে ক’ত শঙ্কৰদেৱৰ সৈতে মিলিত হয় ?

উত্তৰঃ মাধৱদেৱে ধুৱাহাট বেলগুৰিত শঙ্কৰদেৱৰ সৈতে মিলিত হয় ।


৭। মাধৱদেৱে কাৰ অধীনত শিক্ষা লাভ কৰিছিল ?

উত্তৰঃ ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁৰ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল।


৮। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি ? (HSLC 18) 

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ'ল নামঘােষা । 


৯। মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি ?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন হ'ল নামঘোষা।


১০। মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল ? 

উত্তৰঃ মাধৱদেৱে বাবাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল । 


১১। মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে ?

উত্তৰঃ মাধৱদেৱে ৰামায়ণৰ আদিকান্ত ৰামায়ন খণ্ড প্ৰণয়ন কৰে ।


১২। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা । 

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম হ'ল দধিমথন আৰু অর্জুন-ভঞ্জন ।


১৩। মাধৱদেৱ বিৰচিত বৰগীতৰ সংখ্যা কিমানটা ?

উত্তৰঃ মাধৱদেৱ বিৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা ।


১৪। বৰগীতসমূহ কেনেদৰে পৰিৱশন কৰা হয় ?

উত্তৰঃ ভাৰতীয় সঙ্গীত শাস্ত্ৰৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্ধাৰিত ৰাগ অনুসৰি পৰিৱেশন কৰা হয়।


১৫। মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ মূল ৰস হ'ল দাস্যমূলক ভক্তিৰস।


১৬। মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।


১৭। মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয় ?

উত্তৰঃ মাধৱদেৱৰ নাটসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।


১৮। নামঘােষাৰ অন্য এটা নাম কি ?

উত্তৰঃ নামঘােষাৰ অন্য এটা নাম হ’ল হেজাৰী ঘােষা।


১৯। অংকৰ গীত কি ?

উত্তৰঃ অংকীয়া নাটসমূহত সন্নিৱিষ্ট গীতবোৰক অংকৰ গীত বোলা হয়।


২০। 'অর্জুন-ভঞ্জন' নাটকখন কোনে ৰচনা কৰিচিল ? 

উত্তৰঃ 'অর্জুন-ভঞ্জন' নাটকখন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিচিল ।


২১। তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিত কবিৰ কি ভাৱ প্ৰকাশ পাইছে ? 

উত্তৰঃ পাঠ্যপুথিত থকা বৰগীতটিত কবিৰ শাস্ত্ৰীয় ৰাগজুক্ত আৰু আধ্যাত্মিক ভাৱ প্ৰকাশ পাইছে ।


২২। মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল ? 

উত্তৰঃ ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত মাধৱদেৱৰ মৃত্যু হৈছিল । 


২৩। আমাৰ সংগীতৰ প্ৰাচীন ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হৈছে ?

উত্তৰঃ অসমীয়া সংগীতৰ ইতিহাস অতি প্ৰাচীন। প্ৰাক শংকৰী যুগৰ বহু পূৰ্বতেই আৰম্ভ হৈছে।


২৪। বৰগীতৰ অন্তৰ্নিহিত সাৰতত্ত্ব কি ?

উত্তৰঃ বৰগীত সাংসাৰিক প্ৰেম কাহিনীৰ পৰা মুক্ত, সম্পূৰ্ণ আধ্যাত্মিক উপাসনা প্ৰসঙ্গৰ গীত । তদুপৰি ই মহাপুৰুষৰ দ্বাৰা ৰচিত হ’ব লাগিব।




Class 10 Assamese Chapter 1 Important Question Answer HSLC 2024

১। বৰগীত কাক বােলে ?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ শাস্ত্রীয় ৰাগযুক্ত আৰুঅধ্যাত্মিক ভাৱ-গধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়।


২। বৰগীতৰ বিষয়বস্তু কি ?

উত্তৰঃ বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হ’ব নােৱাৰে। ইয়াৰ বিষয়বস্তু শিশু শ্রীকৃষ্ণ বা বাল-গােপালৰ লীলা-খেলা বিষয়ক আছিল।


৩। বৰগীতত শাস্ত্ৰীয় আৰু থলুৱা ৰাগৰ সমন্বয় কেনেদৰে ঘটিছে ?

উত্তৰঃ শঙ্কৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতত সন্নিৱষ্ট ৰাগসমূহে ভাৰতীয় ৰাগ–তালৰ সৈতে সাদৃশ্য থাকিলেও বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সংগীতৰ লগে লগে চৰ্যাত ব্যবহৃত সুৰৰ সাদৃশ্য দেখা যায়।


৪। বৰগীতৰ ৰাগসমূহ এতিয়াও ক’ত ব্যবহৃত হৈ আছে ?

উত্তৰঃ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহত সন্নিৱিষ্ট ৰাগসমূহ অন্যান্য ভাৰতীয় মাৰ্গ সংগীতটো প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ সৰহভাগেই বৰ্তমানো হিন্দুস্থানী আৰু কৰ্ণাটকী ৰাগ সংগীতত বহুলভাৱে ব্যবহৃত হৈ আছে।


৫। কেতিয়াৰপৰা অসমত নৃত্য গীত চৰ্চাৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি হয় ?

উত্তৰঃ আহোম ৰজাৰ ৰাজত্বকালত নৃত্য গীত চৰ্চাৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰায়বোৰ প্ৰাচীন মন্দিৰৰ লগতে নৃত্য গীত চৰ্চাৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল।


৬। বৰগীত সম্পৰ্কে কি প্ৰবাদ প্ৰচলিত আছে। মহাপুৰুষৰ ৰচিত গীতৰ সংখ্যা কিমান ?

উত্তৰঃ আমাৰ সমাজত ‘ বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা ‘ বুলি এটি প্ৰবাদ প্ৰচলিত হৈ আহিছে যদিও শঙ্কৰ মাধৱৰ মুঠ গীতৰ সংখ্যা ১৯১ হৈছে।


৭। বৰগীতসমূহ ক’ত আৰু কেতিয়া পৰিৱেশন কৰা হয় ?

উত্তৰঃ বৰগীতসমূহ মুখ্যতঃ প্ৰাৰ্থনা গীত। অসমৰ সত্ৰসমূহত এই গীতসমূহ বিভিন্ন প্ৰসঙ্গত পৰিৱেশন কৰা হয়। চৈধ্য প্ৰসঙ্গৰ উপযোগীকৈ এই গীতসমূহ ৰচনা কৰা হৈছে। ইয়াৰ কোনোবাটো পুৱা, কোনোটো দিনৰ অন্য সময়ত পৰিৱেশন কৰা হয়।


৮। অন্যান্য সমসাময়িক গীতিকাৰৰ গীতসমূহক কি আখ্যা দিয়া হৈছে ?

উত্তৰঃ শঙ্কৰদেৱ আৰু মাধৱদেৱক অনুসৰণ কৰি সমসাময়িক বৈষ্ণৱ গীতিকাৰসকলে একে ষ্টাইলত ৰচনা কৰা গীতসমূহক বৰগীত আখ্যা দিয়া নহয়, সেইবোৰক গীতহে আখ্যা দিয়া হয়।


৯। মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ প্রধান বিষয়বস্তু হ’ল বাল-গােপালৰ লীলা-খেলা। তেওঁৰ বৰগীতসমূহত শিশুকৃষ্ণৰ চৌৰ-চাতুৰীসমূহ সুন্দৰকৈ বর্ণনা কৰাৰ লগতে যশােদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰভাৱে ফুটাই তােলা হৈছে। মাধৱদেৱৰ বৰগীতৰ এফালে বাৎসল্য আৰু আনফালে দাসত্ব দুয়ােটা ভাৱ সুন্দৰকৈ প্রকাশ পাইছে।


১০। নাটঘৰ প্ৰতিষ্ঠা কিয় কৰা হৈছে ?

উত্তৰঃ পুৰণি মন্দিৰবোৰৰ সৈতে নৃত্য গীত অভিনয়ৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই নাটঘৰবোৰে ৰজা ঘৰিয়া পৃষ্ঠপোষকতা লাভ কৰিছিল। অসমৰ ভালেমান প্ৰাচীন মঠ–মন্দিৰত নিয়মিতভাৱে নৃত্য গীতৰ চৰ্চা হৈছিল।


১১। বৰগীতত কোনবোৰ দিশ প্ৰতিফলিত হৈছে ?

উত্তৰঃ বৰগীতসমূহ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ কবিত্ব শক্তিৰ জ্বলন্ত নিদৰ্শন। সাংসাৰিক বিষয় ভোগৰ প্ৰতি অনাস্থা, যাগ–যজ্ঞ, পূজা–পাতল, তপ–জপৰ অসৰতা আৰু জীৱন যৌৱনৰ ক্ষণস্থায়িত্বৰ লগতে ভগবানৰ ওচৰত আত্ম সমৰ্পণৰ ভাব বৰগীত সমূহত সন্নিৱষ্ট হৈছে।


১৩। শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতত কেনেবোৰ ভাৱ প্ৰকাশিত হৈছে ? মাধৱদেৱৰ বৰগীতৰ অনুভূতিক দিশটো কেনেধৰণৰ  ?

উত্তৰঃ বৈষ্ণৱ ধৰ্মৰ মূল নীতি, বিষ্ণু বা শ্ৰী কৃষ্ণ তথা ৰামচন্দ্ৰৰ ৰূপ বৰ্ণনা, কৃষ্ণ–বিষ্ণু–ৰামচন্দ্ৰৰ অভিন্নতা, আত্মত্ৰুতি ভগৱানৰ কৃপা–ভিক্ষা, নামৰ–মহিমা, গোপিনী বিৰহ, লীলা, মাতৃ–পুত্ৰৰ মাজত আন্তৰিক সম্পৰ্ক, বিৰহ্, বেদনা, আধ্যাত্মিক বেদনা প্ৰভৃতি বিবিধ ভাৱ বৰগীতত প্ৰকাশিত হৈছে। মাধৱদেৱৰ বৰগীতত আত্মসমৰ্পন আৰু দাস্যভাৱৰ আকুলতা লক্ষ্য কৰা যায়।


১৪। বৰগীত আৰু বিদ্যাপতি চণ্ডীদাসৰ পদাৱলীৰ মাজত পাৰ্থক্য কোনখিনিত ?

উত্তৰঃ বিষয়বস্তুৰ গম্ভিৰ্য্য আৰু প্ৰকাশ ভংগিৰ সংযম বৰগীতসমূহৰ মন কৰিবলগীয়া বৈশিষ্ট্য। বৰগীতত বিদ্যাপতি় চণ্ডীদাসৰ গীতসমূহৰ দৰে ৰাধা–কৃষ্ণৰ অবৈধ প্ৰণয়নৰ চিত্ৰ নাই, তাৰ পৰিবৰ্তে ভক্ত আৰু ভগৱানৰ আধ্যাত্ম সম্পৰ্কৰ কথাহে আছে।


১৫। চৰ্যাগীত আৰু গীতিৰামায়ণৰ সৈতে বৰগীতৰ কোন দিশত সাদৃশ্য পৰিলক্ষিত হয় ?

উত্তৰঃ চৰ্যাগীতত থকা ভালেমান ৰাগ বৰগীততো সন্ধালনিভাৱে পোৱা যায়। চৰ্যাগীতত সন্নিবিষ্ট ৰাগৰ ভিতৰত পটমঞ্জাৰি, গবড়া, অৰু, গুৰ্জৰী, গঞ্জৰ, কচু গঞ্জৰী প্ৰভৃতি ৰাগে বৰগীততো আছে। শঙ্কৰদেৱৰ সমসাময়িক কবি দুৰ্গাবৰ বিৰচিত গীতিৰামায়ণতো বিবিধ ৰাগ সন্নিবিষ্ট হৈছে। গতিকে অসমৰ ৰাগ সংগীতৰ ইতিহাস যথেষ্ঠ পুৰণি।


১৬। মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।

উত্তৰঃ মাধৱদেৱৰ ৰচনাসমূহক চাৰিটা ভাগত ভগাব পাৰি।

১) আখ্যানমূলক ৰচনাঃ ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।

২) তত্ত্বমূলক ৰচনাঃ জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।

৩) নাটঃ অৰ্জুন ভঞ্জন বা দধিমথন।

৪) ঝুমুৰাঃ চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।



১৭। বৰগীতত কেনে ভাৱৰ মৰ্মস্পৰ্শি চিত্ৰণ লক্ষ্য কৰে যায় ?

উত্তৰঃ বৰগীতসমূহ মহাপুৰুষদয়ৰ কাব্যিক আৰু সাহিত্যিক প্ৰতিভাৰ উল্লেখযোগ্য নিদৰ্শন। বৰগীতত কবিৰ ভগৱন্তৰ প্ৰতি ভক্তি বিগলিত হৃদয়েৰে কৰা একান্ত প্ৰাৰ্থনা, পৰমজনৰ ওচৰত আত্মসৰ্পণৰ সুৰ, জীৱন – যাতনাৰ পৰা মুক্তি পাবলৈ কৰা আবেগমৈয়ী প্ৰাৰ্থনাৰ অতি মৰ্মস্পৰ্শি চিত্ৰ অংকিত হৈছে। 



১৮। শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হয় ?

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত আন আন গীতৰ পৰা তেওঁলােকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ বাবে বৰগীত’ বিশেষণটো প্রয়ােগ কৰিছিল। ভাব, ভাষা, সুৰ, প্রকাশভংগী আৰু বিষয়বস্তুৰ গাম্ভীর্যৰ ফালৰ পৰা ই অন্য গীততকৈ বৰ’ অর্থাৎ শ্রেষ্ঠ। এনে অর্থতে মহাপুৰুষ দুজনাৰ ৰচিত গীতক বৰগীত’আখ্যা দিয়া হয়।


১৯। চমুটোকা লিখাঃ


(ক) বৰগীত (খ) ব্ৰজাৱলী ভাষা (গ) ভটিমা

উত্তৰঃ

(ক) বৰগীতঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অর্থে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ৰাগ-তাল সম্বলিত গীতকেই বৰগীত’ বােলা হয়। বৰগীতসমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত। শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল আৰু মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল। অৱশ্যে ভাব-ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে নকুৰি এঘাৰটা বৰগীত ৰচিছিল বুলি বিভিন্ন পণ্ডিতে অনুমান কৰিছে।


শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্রীকৃষ্ণৰ লীলা আৰু মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শিশু কৃষ্ণৰ চোৰ-চাতুৰী। বিষ্ণুৰ অংশৰূপে শ্রীকৃষ্ণৰ শ্রেষ্ঠত্ব প্রতিপাদন কৰি জনসমাজৰ মাজত ভক্তিৰ ৰস বিয়পাই দিয়াই এই বৰগীতসমূহৰউদ্দেশ্য।বৰগীতসমূহইয়াৰ বিষয়বস্তুৰ গাম্ভীর্য, ভাষা, ভাব, সুৰ আদি বৈশিষ্ট্যসমূহৰ কাৰণেই আন গীততকৈ শ্রেষ্ঠ। উল্লেখ্য যে একে ভাব আৰুৰাগ-তাল সম্বলিত আন কবিৰ ৰচিত গীতক বৰগীত’ নােবােলে।


(খ) ব্ৰজাৱলী ভাষাঃ ব্ৰজাৱলী হৈছে কনিষ্ঠতম সৰ্বভাৰতীয় আর্য ভাষা। ই কোনাে বিশেষ অঞ্চলত প্রচলিত ভাষা নহয়; বৰং অসমীয়া, মৈথিলী, মগধী বা মগহী, ভােজপুৰী, উড়িয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্ট এক প্রকাৰৰ কৃত্রিম ভাষা। সৰ্বভাৰতীয় আৱেদন লাভ কৰিব বুলিয়েইনৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শংকৰদেৱে তেওঁৰ নাট আৰু গীতত ব্ৰজাৱলী ভাষা প্রয়ােগ কৰিছিল। তেওঁৰ অনুকৰণতে মাধৱদেৱেও এই ভাষাতগীত, নাটৰচনা কৰিছিল। গুৰুজনাই ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰাৰ আৰু এক কাৰণ হৈছে এই ভাষাটো তুলনামূলকভাৱে আন ভাষাতকৈ কোমল। ব্ৰজাৱলী ভাষাই নিঃসন্দেহে গুৰু দুজনাৰ নাট আৰু গীতক গাম্ভীর্য প্রদান কৰিছিল।


(গ) ভটিমাঃ ‘ভাট’ নামৰ একশ্রেণীৰ ভ্রাম্যমাণ গায়কে গােৱা গাম্ভীর্যসূচক প্রশস্তি গীতবােৰেই হৈছে ভটিমা। শংকৰদেৱেনৱৱৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তিনি প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল —নাট ভটিমা’, ‘দেৱ ভটিমা’আৰু ৰাজ ভটিমা’ নাটৰ আৰম্ভণি আৰু শেষত গােৱা ভটিমাই নাট ভটিমা।‘দেৱ ভটিমাত দেৱতাৰ প্রশস্তি আৰু ৰাজ ভটিমাত ৰজাৰ গুণ-গৰিমা বর্ণনা কৰা হয়। এই তিনি শ্ৰেণীৰ লগতে মাধৱদেৱে আৰু একশ্রেণীৰ ভটিমা ৰচনা কৰিছিল, সেয়া হৈছে ‘গুৰু ভটিমা’। মাধৱদেৱে তেওঁৰ গুৰু শংকৰদেৱৰ প্রশস্তি কৰি গাইছিল বিখ্যাত গুৰু ভটিমা ‘জয়গুৰু শংকৰ সর্ব গুণাকৰ যাকেৰি নাহিকে উপাম’।


২০। কবি মাধৱদেৱৰ সাহিত্যক কৰ্ম ৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা ।  

উত্তৰঃ নামঘােষাহ’ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ । কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক চাৰিটা ভাগত ভাগ কৰিব পাৰি – (১) আখ্যানমূলক ৰচনা (২) তত্ত্বমূলক ৰচনা (৩) নাট আৰু (৪) ঝুমুৰা।



২১। তোমাৰ চৰণ দুই মোৰ মহাধন - ইয়াত উল্লেখ কৰা ''মহাধন" মানে কি ? 

উত্তৰঃ কবিয়ে উপলব্ধি কৰিছে যে মায়াময় সংসাৰৰ বান্ধোনৰ পৰা হাত সাৰি থাকিবলৈ হ'লে ভগৱন্তৰ দুখনি চৰণত আশ্ৰয় গ্ৰহণৰ বাহিৰে আন কোনো পথ নাই। সেয়ে তেওঁ কৈছে যে কবিৰ বাবে বাবে সকলোৰে ঊৰ্দ্ধত হৈছে ভগৱানৰ অভয় চৰণ গ্ৰহণ। আৰু এয়ে হৈছে ইয়াত উল্লেখ কৰা মহাধনৰ অৰ্থ।



২২। "কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।" ইয়াত কি মোহপাশৰ কথা কোৱা হেছে ?

উত্তৰঃ জগতৰ প্ৰতিজন যাত্ৰীয়েই ভগৱানক বিচাৰি সাধনা কৰে। জীৱনত সন্মূখীন হোৱা জাগতিক মায়া-মোহত অতীষ্ট হৈ পৰে। অৱশেষত উপলব্ধি কৰে যে ভগৱানেই মাথো বচাব পাৰিব। এতেকে ইয়াত মোহপাশ মানে হৈছে মায়াৰ বন্ধন অথবা মায়াৰ ফান্দ।



২৩। "কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ। কহয় মাধৱ হৰি দাসকু দাস।"

  ---- পদফাঁকিৰ জৰিয়তে বক্তাৰ কেনে মনোভাৱ প্ৰকাশ পাইছে ?

উত্তৰঃ কবিয়ে জগতৰ মায়া বন্ধনত আৱদ্ধ হৈ ককবকাইছে। এতিয়া তেওঁ সেই বন্ধনৰ পৰা মুক্ত হব বিচাৰিছে। ভগৱানৰ ওচৰত যোৱাৰ বাহিৰে তাৰ ওচৰত আৰু কোনো উপায় নাই। সেয়ে তেওঁ ভগৱানৰ চৰণকে মহাধন জ্ঞান কৰিছে। উক্ত পদফাঁকিৰ জৰিয়তে বক্তাৰ বাৎসল্য, দাস্য আৰু সাম্যভাবৰ মনোভাৱ প্ৰকাশ পাইছে।




২৪। ব্যাখ্যা কৰা 


(গ) কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ ।

       কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি 'সাহিত্য সুবাস'ৰ সন্নিবিষ্ট শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বসন্ত ৰাগযুক্ত বৰগীতটিৰ পৰা তুলি লোৱা হৈছে ।


সংগতিঃ ভগৱান হৈছে কৃপাৰ সাগৰ আৰু তেওঁক শৰণ লৈয়েই যে মানুহৰ মায়াময় পৃথিৱীৰ পৰা ৰক্ষা পাব পাৰে তাকে ভক্ত কবিয়ে ক'বলৈ গৈ উক্ত বৰগীত ফাঁকি বৰগীতটিত উল্লেখ কৰিছে।


ব্যাখ্যাঃ ভগৱান কৃপাৰ সাগৰ। তেওঁৰ কৃপাৰ অন্ত নাই। ভক্তসকলৰ একান্ত আকাঙ্ক্ষা হৈছে ভগৱপ্ৰীতি তথা ভগৱানৰ কৃপা। সেইবাবেই ভগৱানক কৃপাৰ সাগৰ আখ্যা দিয়া হৈছে। কৃপাৰ সাগৰ দৈৱকী নন্দনে সদায়েই ভক্তৰ মনোবাঞ্চা পূৰণ কৰি আছিছে। ভক্ত কবি মাধৱদেৱেও সেয়ে তেওঁৰ কৃপা ভিক্ষা কৰিছে আৰু একান্ত কাতৰভাৱে প্ৰাৰ্থনা জনাইছে। ভগৱন্তৰ চৰণত শৰণ লওঁতাজনৰ কোনো ধৰণৰ বিপদ বিঘিনি হ'ব নোৱাৰে। এয়ে ভক্তৰ আন্তৰিক বিশ্বাস। ভগৱন্তৰ পদৰ্শান্তত একান্ত শৰণ গ্ৰহণ কৰি মহাপুৰুষ মাধৱদেৱে সেয়েহে করুণাময় ভগৱন্তৰ কৃপা ভিক্ষা কৰাটো এইক্ষেত্ৰত তাৎপর্যপূর্ণ। ইয়াৰ দ্বাৰা ভক্ত কবি গৰাকীয়ে ভক্ত সকলক যে ভগৱন্তই সদায় কৃপা কৰি অপায় অমংগল দূৰ কৰিছে তাক তেওঁ বুজাব খুজিছে ।




(ঘ) কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ । 

        কহয় মাধৱ হৰি দাসকু দাস।।


উত্তৰঃ প্ৰসংগঃ প্ৰদ্ধত বৰগীত ফাকি আমাৰ পাঠ্যপুথি 'সাহিত্য সুবাস'ৰ অন্তৰ্গত মহাপুরুষ মাধৱদেৱে বসন্ত ৰাগত বিৰচিত কৰা বৰগীতটোৰ পৰা উদ্ধিত কৰি লোৱা হৈছে ।


সংগতিঃ ইয়াৰ দ্বাৰা ভক্ত কবি গৰাকীয়ে জগতৰ যি ছয় ৰিপুৰ তাড়নাৰ পৰা উদ্ধাৰ পাবলৈ মানুহে যে ভগৱানত শৰণ ল'ব লাগে তাকে কব বিচাৰিছে ।


ব্যাখ্যাঃ মানুহৰ জন্মৰ লগে লগেই ছয় ৰিপু আরু বিভিন্ন প্রবৃত্তি সমূহো জন্ম লাভ কৰে । প্রবৃত্তিসমূহ বংশানুক্রমিক আৰু বয়সৰ লগে লগে ই শক্তিশালী রূপত আত্মপ্রকাশ কৰে। কাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসর্য প্রভৃতি ৰিপুৰ তাড়নাই মানুহৰ বৈষয়িক বন্ধনৰ মূল কাৰণ। এই ৰিপুসমূহৰ প্ৰৰোচনাত মানুহে নানা ধৰণৰ অপকৰ্মত লিপ্ত হৈ কাললৈ কুখ্যাতি ৰাখে আৰু দুখ বেদনাৰে ভাৰাক্ৰান্ত হয়। কবিয়ে সেইহে ভগৱানৰ চৰণত দাসৰো দাস বুলি কৈ তেওঁ যে মায়া বন্ধনৰ পৰা মুক্ত কৰি ভগৱানৰ বিচৰা পথ দেখুৱাই দিয়ে তাৰ বাবে কৃপা কৰিবলৈ ভগৱানৰ চৰণত শৰণ লৈছে। গতিকে, ইয়াৰ পৰা বুজা গৈছে যে সংসাৰ মায়াবন্ধনৰ পৰা মুক্ত কৰাৰ একমাত্ৰ পথ হৈছে ভগৱানত একান্ত চিন্তে প্ৰাৰ্থনা কৰা বাহিৰে আরু একো নাই ।




Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2024

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2023

Long Walk to Freedom VSA for HSLC 2023

A Tiger in the Zoo VSA for HSLC 2023

The Tale of Custard the Dragon VSA for HSLC 2023


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees













No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.