20 Mar 2023

HSLC Exam 2024 Assamese Common Important Question Answer

HSLC Exam 2024 Assamese Common Important Question Answer

HSLC Exam 2023 Assamese Common Important Question Answer


HSLC Exam 2024 Assamese Common Important Question Answer: Here you can avail HSLC Exam 2024 Assamese Common Important Question Answer for upcoming HSLC 2024 Metric.




Class 10 Assamese Question Answer 


গদ্যাংশৰ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহ 


ক - অংশ 


১. ছাত্ৰ জীৱন কি লাভৰ সময় ?

উত্তৰঃ ছাত্ৰ জীৱন শিক্ষা লাভৰ সময় ।


২. "Growth of the Assamese Language" নামক গ্ৰন্থ খনৰ ৰচক কোন ? 

উত্তৰঃ "Growth of the Assamese Language" নামক গ্ৰন্থ খনৰ ৰচক হ'ল ডিম্বেশ্বৰ নেওগ।


৩. 'ফ্ৰম ভলগা টু গংগা' কাৰ ৰচনা ?

উত্তৰঃ ' ফ্ৰম ভলগা টু গংগা' পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।


৪. কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?

উত্তৰঃ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।


৫. অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি ?

উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন। 


৬. হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হল - “The Red River and Blue Hill ।"


৭. পণ্ডিত ৰাহুল সংস্কৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃত্যায়নে “মধ্য এচিয়া কা ইতিহাস" নামৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।


৮. ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?

উত্তৰঃ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ' ল - মংগোলীয় গোষ্ঠী।


৯. প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল ?

উত্তৰঃ প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।


১০. কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?

উত্তৰঃ ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে।


১১. সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ?

উত্তৰঃ সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।


১২. অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক ?

উত্তৰঃ অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।


১৩. অসমৰ স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ'ল ?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা অসমৰ স্বাধীনতা সূৰ্য অস্ত গ'ল।


১৪. অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি ?

উত্তৰঃ অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হ'ল - হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম।


১৫. পূব পাকিস্তানক বৰ্তমান কি নামেৰে জনাজাত।

উত্তৰঃ পূব পাকিস্তানক বৰ্তমান বাংলাদেশ নামেৰে জনাজাত।


১৬. ইন্টাৰনেট কি ?

উত্তৰঃ ইন্টাৰনেট হ'ল- কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। 'Interconnection of Networks'-এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি 'Internet' শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়।


১৭. কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল ?

উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।



Class 10 Assamese Book 100% Common ASSAM

১৮. পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।


১৯. ভাইৰাছ কি ?

উত্তৰঃ ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। Virus ৰ সম্পূৰ্ণ নাম হ'ল 'Virus information resources under seize'.


২০. WWW বা ৱেব কি ?

উত্তৰঃ পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ WWW অৰ্থাৎ সম্পুৰ্ণ ৰূপ `ৱৰ্ল্ড ৱাইড ৱেব' (World wide web) বোলে।


২১. অৰুণিমা সিন্হাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল ? 

উত্তৰঃ অৰুণিমা সিন্হাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল ।


২২. অৰুনিমা সিন্হাৰ ঘৰ ক'ত আছিল ?

উত্তৰঃ অৰুনিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল ।


২৩. হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল ?

উত্তৰঃ হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ  সপোনে তীব্ৰ ৰূপ লৈছিল।


২৪. মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল ? তেওঁ তাত কিমান সময় ধৰি আছিল ?

উত্তৰঃ মাউণ্ট এভাৰেষ্টত অৰুণিমাই  ২০১৩ চনৰ ২১ মে তাৰিখে আৰোহণ কৰিছিল । তেওঁ তাত ডেৰ ঘণ্টা সময় ধৰি আছিল।


২৫. ইৰাণৰ ৰাজধানী নাম কি ?

উত্তৰঃ ইৰাণৰ ৰাজধানী হ'ল টেহৰাণ ।


২৬. ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা জনৰ নাম হ'ল 'ইমান আয়াতুল্লা খোমেনি' ।


২৭. বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?

উত্তৰঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত ইৰাণী যুৱক মেহদি, খাছেম আছিল ।


২৮. আগা শব্দৰ অৰ্থ কি ?

উত্তৰঃ আগা শব্দৰ অৰ্থ হ'ল শ্ৰীযুত / শ্ৰীযুতৰ সমাৰ্থক শব্দ হ'ল আগা।


২৯. বেহেষ্ট-ই-জাহাৰা কি ?

উত্তৰঃ বেহেষ্ট-ই-জাহাৰা হ'ল টেহৰাণৰ মুখ্য সমাধিস্থল।


৩০. কেন্দৰ অৰ্থ কি ?

উত্তৰঃ কেন্দ মানে চেনি।


৩১. "নাহৰৰ নিৰিবিলি ছাঁ" নামৰ গ্ৰন্থ খনৰ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ "নাহৰৰ নিৰিবিলি ছাঁ" নামৰ গ্ৰন্থ খন লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰিছিল । 


৩৩. অসমীয়া সাহিত্যত নেওগ কি ৰূপে পৰিচিত ? 

উত্তৰঃ ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যত কবি, সমালোচক আৰু সাহিত্যৰ ইতিহাস প্ৰণেতা হিচাপে পৰিচিত।


৩৩. লৰ্ড কাৰ্জন কোন ?

উত্তৰঃ লৰ্ড কাৰ্জন হ'ল ইংৰাজ ভাইচৰয়।


৩৪. অসমীয়া সাহিত্যৰ বুৰঞ্জী-প্ৰণেতা হিচাপে কাক জনা যায় ? 

উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল - ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য ।


৩৫. লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি ?

উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল - ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য।



Class 10 Assamese Book 90% Common ASSAM

৩৬. ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে ।

উত্তৰঃ ছাত্ৰসকলে দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়েহে ছাত্ৰসকলে যিমান দূৰ সম্ভৱ হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱা আৰু সমাজসেৱাত ব্ৰতী হ'ব লাগে।


৩৭. লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা ?

উত্তৰঃ লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। গাঁও নগৰৰ মাতৃ স্বৰূপে জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। নগৰ যেনেকৈ একে উশাহতে জন্ম দিব পাৰি তেনেকৈ ধ্বংসও কৰিব পাৰি। কিন্তু গাঁও এবাৰ ধ্বংস হ'লে তাক পুনৰ সহজে জন্ম দিয়া টান। সেয়েহে গাঁওক উন্নতিৰ পথত আগুৱাই নি ধ্বংস হোৱাৰ পৰা দূৰৈত ৰাখিব লাগে।


৩৮. দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল ?

উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় । সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।


৩৯. ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?

উত্তৰঃ ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে `Vital information resources under seize'। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম । মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। 


৪০. ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে ?

উত্তৰঃ ভাৰতীয় ভৌগোলিক জীৱন বিচিত্ৰময়। এফালে শুকান মৰুভূমি, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন ব্যপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতি ধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়েই ভাৰতীয় জীৱন।


৪১. চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?

উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ । তেওৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেঁওক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। 


৪২. কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ?

উত্তৰঃ কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে। গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত।


৪৩. ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ চমু বিৱৰণ দিয়া ।

উত্তৰঃ বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওলোকৰ নৱবৰ্ষ 'ন' ৰোজ উদযাপন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্ত প্ৰথম দিনত। যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। সেই সময়ত বুশ্বেৰৰ হোটেলৰ কথা বাদেই কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষ উদযাপন কৰিব পাৰে। নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰৰ অভিমুখে যাত্ৰা ইত্যাদি।


৪৪. ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে ?

উত্তৰঃ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পৰা উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশৰ গাওঁসমূহত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰি আছে, ইয়াৰ বাহিৰেও কু-সংস্কাৰ, অন্ধবিশ্বাসে সকলো দিশ অন্ধকাৰ কৰি দেশৰ প্ৰগতি আৰু উন্নতিৰ পথটো হেঙাৰ হৈ থিয় দিছে। এই বাধাসমূহ দূৰ কৰিবলৈ হ'লে ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাচি লৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বিভিন্ন দিশৰ পৰা মুক্ত কৰি অভিজ্ঞতা লাভৰ দ্বাৰা কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব লাগিব।


৪৫. "গাঁও একেবাৰে নগৰৰ জনক- জননী ।" কথাষাৰৰ তাৎপৰ্য বুজাই লিখা ।

জননী’– কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। 

উত্তৰঃ গাঁও একেধাৰে নগৰৰ জনক-জননী। কাৰণ গাঁৱেই মাতৃৰূপে নগৰক জন্ম দি পিতৃৰূপে পালন কৰিছে। গাঁৱৰ মানুহেই শিক্ষিত, ধনী-মানি হৈ নগৰ সৃষ্টি কৰে, নগৰত সকলাে সা-সুবিধা, ব্যৱস্থা আদি কৰি লয়। আনহাতে গাঁৱৰ মানুহেই খেতি-বাতি কৰি, গৰু-গাই পহি নানা খাদ্যসভাৰ নগৰক যােগান ধৰি লালন-পালন কৰে। সেই কাৰণে গাঁৱক একেধাৰে নগৰৰ জনক-জননী অর্থাৎ পিতৃ-মাতৃ বুলি কোৱা হয় ।



৪৬. বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি ?

উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে - বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি পঢ়ি `দুখীয়াক মৰম কৰিব', `দুখীয়াক সহায় কৰিব' আদিৰ দৰে বহুতো বাক্য আজিৰ দিনৰ শিক্ষাৰ্থীয়ে আতৰাই থয়। বাস্তৱ জীৱনত কিন্তু ইয়াৰ অৰ্থ কি সেইয়া শিক্ষাৰ্থীয়ে উপলব্ধি কৰিবলৈ সক্ষম নহয়। কিয়নো আজিৰ দিনত শিক্ষকসকলেও শিক্ষাৰ্থীসকলক এনে ধৰণৰ বাক্যবোৰৰ অন্তৰ্নিহিত থকা প্ৰকৃত অৰ্থবোৰ বুজাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষাৰ্থীৰ বানানসমূহৰ গুৰুত্ব দিয়ে। শিক্ষকসকলে ক'ত আ- কাৰ, ই- কাৰ, উ- কাৰ আদি শুদ্ধ কৰিছেনে ভূল কৰিছে সেইবোৰ চাই নিজৰ পাঠদানৰ কৰ্তব্য সামৰণি মাৰে। শিক্ষকসকলে কেতিয়াও এইটো গুৰুত্ব নিদিয়ে যে শিক্ষাৰ্থীসকলে পাঠটো পঢ়ি শুনি কিবা জ্ঞান লাভ কৰিছে নাই সেইতো গুৰুত্ব নিদিয়ে।শিক্ষকে কেৱল বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে নাই বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উৰ্ত্তীন হ'ব পাৰিছেনে নাই সেইতো গুৰুত্ব দিয়ে। এইবোৰ হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ।


৪৭. এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।' 

- কোনখিনি শিক্ষা তেওঁলোকৰ (ছাত্ৰ- ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।

উত্তৰঃ ছাত্ৰসকলে গাঁও অঞ্চলসমূহত ৰাজত্ব কৰা অজ্ঞানতা, নিৰক্ষৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস আদি সকলো দিশ অন্ধকাৰাছন্ন কৰি দেশৰ প্ৰগতি, উন্নতি আদিৰ পথত হেঙাৰ ৰূপে থিয় দিব লাগিব। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক এই বিষয়ে চকু মুকলি কৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট- কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু উদাহৰণৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।


৪৮. অৰুণিমা সিন্হাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল ? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?

উত্তৰঃ অৰুণিমা সিন্হাই ৰেলযাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত  পৰিছিল। দুৰ্বৃত্তৰ  দলটোৱে ৰেলযাত্ৰী সকলৰ পৰা টকা-পইচাৰ লগতে হাতৰ, কাণৰ, ডিঙিৰ আটাইবোৰ আ-অলংকাৰ কাহি লৈ গৈছিল। আন আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইণডাল বিছাৰিছিল। কিন্তো অৰুণিমাই চেইণডাল  দিবৰ বাবে মান্তি হোৱা নাছিল। তেওঁ ডকাইতবোৰক কৈছিল যে সেইডাল এডাল চেইন নহয়, তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ । ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিল। অৱশেষত অন্য়ায়ৰ ওচৰত সেও নমনা অৰুণিমাইক ডকাইতবোৰে ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিলে। সেই সময়তে ওচৰৰে আন এখন ৰেল গাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেল গাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গ'ল। অৰুণিমাই প্ৰাণে প্ৰাণে চিয়ৰিলে কিন্তু ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তাইৰ মাত তল পৰি গ'ল। অৰুণিমাই প্ৰায় ৭ঘন্টা সময় ৰেল আলিৰ কাষত পৰি থকিল আৰু সেই সময়ত কাষেদি ঊনচল্লিছখন ৰেল পাৰ হৈ গ'ল। 


এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আন খন ভৰিত লোৰ ৰদ সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব  পৰা হ'ল। হেৰুৱা ভৰিখনৰ ঠাইত কৃটিম ভৰি সংযোজন কৰা হ'ল।


৪৯. অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল ?

উত্তৰঃ ৰেলযাত্ৰাত দুৰ্বত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিন্হাৰ মনত  হস্পিতালৰ বিছনাত শুই থাকোতেঁই হিমালয় শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। 


বাচেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালিজনিৰ  দুচকুত সপোন , প্ৰত্যাহবান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে, এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। অৱশেষত টাটা ষ্টীল এডভেঞ্ছাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্বাবধানত অনুশীলন চলিল আৰু ২০১৩ চনৰ ২১ মেত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল।



৫০. কামত লৰা-ছোৱালী বুলি ভাগ নাই । যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা ।'- কথাষাৰৰ বক্তা কোন ? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল আঁতিগুৰি মাৰি লিখা ।

উত্তৰঃ এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা।


পলহঁতৰ পঢ়া বিদ্যালয় খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই কলে যে পাহি আৰু বিদিশাই খাদ্য বিলাওঁক, সৌৰভ আৰু আফতাবে সিহতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি কলে আমি যিহেতু ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাসমূহো চাব পাৰিম।


সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল'ৰা-ছোৱালী সমান। ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাও কৰিব লাগিব।


৫১. অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসৰ যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল- চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলত দুটা ভাৱ বস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকণ কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে- জীৱন আনন্দ উচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাববস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।


৫২. ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ, খেলা-ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালিৰ ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনোধৰণৰ অনুষ্ঠান-উৎসৱত আজিকালিৰ লৰা-ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে ল'ৰা ছোৱালীৰ। ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইন্টাৰনেট সংলগ্ন ম'বাইল চাই চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাতো পৰা দেখা গৈছে। বহু সময়ত ইন্টাৰনেটৰ প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে।


৫৩. `ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে'-কথাষাৰৰ বক্তা কোন ? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ 'ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে'-কথাষাৰৰ বক্তা শ্বাবানা বাইদেউ।


ইয়াত ইন্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত স্বড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা-ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা-বাতৰি, খা-খবৰ আদি ইন্টাৰনেটৰ জৰিয়তে ল'ব পাৰি। ইন্টাৰনেটৰ এইবোৰ সুবিধা মিঠা সুবিধা বোলা হয়। আনহাতে ইন্টাৰনেটৰ বহু অসুবিধাও আছে। ইন্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা, খেলা-ধূলা জগতখনৰ পৰা, সাহিত্য-সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে। তদুপৰি ইন্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিত ভাৱে আৰু সচেতনতাৰ ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলে।


৫৪. এটা সংমিশ্ৰিত- সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অবকাশ নাই।' - ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। `নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাই' বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰঃ অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে। অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি- জনগোষ্ঠীৰ লোক আহি অসমৰ বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কট্কটীয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতীয় ভাষা ভালদৰে বুজি পায় আৰু ক'ব পাৰে। অসমলৈ পৰৰ্ৱতী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান-প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে।


৫৫. `লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।'- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। 

উত্তৰঃ অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণও আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান আছিল। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ল'লে। সাজপাৰ, আ-অলঙ্কাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব, বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। মুকলি মনেৰে আধুনিকতাই প্ৰৱেশ কৰিলে ল'লে অসমীয়া সংস্কৃতিৰ মাজত। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিলে। এয়াই আছিল স্বতঃ স্ফুত প্ৰক্ৰিয়া। আদান-প্ৰদান, বৰ্ণাঢ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি।


৫৬. ‘পঢ়াই পঢ়ে, ৰোৱে পাণ।

এই তিনিয়ে নিচিন্তে আন। - ভাব সম্প্ৰসাৰণ কৰা :

উত্তৰঃ শিক্ষক, যিয়ে পঢ়ায় আৰু ছাত্ৰ, যিয়ে পঢ়ে আৰু খেতিয়ক, যিয়ে ৰোৱে অৰ্থাৎ  খেতি কৰে, তেওঁলোকে নিচিন্ত মনে সেই কামত ব্ৰতী হৈ থাকিলেহে একোখন দেশৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব পাৰি। পঢ়োৱা কাৰ্যটো অতি টান– বিশেষকৈ শিশুৰ শিক্ষাদান। 


শিশু মনস্তত্ত্বৰ উপযোগীকৈ শিক্ষাদান নকৰিলে সি ফলপ্ৰয়োস নহয়। বয়স অনুপাতে শিক্ষাৰ্থীৰ চিন্তা আৰু অভিজ্ঞতা বেলেগ বেলগ ।


গতিকে তেওঁলোকক শিক্ষা প্ৰদান কৰোঁতেও বয়সোপযোগি চিন্তাৰ লগত খাপ খুৱাই শিক্ষা দিব লাগিব। এই তিনিও শ্রেণীৰ লোক সকলো ধৰণৰ বাহ্যিক চিন্তাৰ পৰা মুক্ত হৈ নিজৰ কৰ্তব্যত মনোনিবেশ কৰিব পাৰিলেই দেশৰ মঙ্গল। 

বৰ্তমান সময়ত বিভিন্ন আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণত শিক্ষক, ছাত্ৰ আৰু কৃষক কোনোৱেই মনপুতি কৰ্তব্যত লা


৫৭. ' ভাৰতীয় সংস্কৃতি' পাঠটোৰ সাৰাংশ লিখা।

উত্তৰঃ  ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি সাগৰ ৰচিত হৈছে। অতিজতে গ্ৰীক, শক, হুন আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ, বিশেষকৈ শিল্পকলা দৰ্শন ভাস্কৰ্য, ৰাজনৈতিক আদৰ্শ, চিত্ৰকলা আদি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান প্ৰদান বিনিময় আদিৰ মাজেৰে পৰিবৰ্তিত ভাৰতীয় সংস্কৃতি স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি বুলি কোৱা হৈছে। সভ্য সমাজ অবিহনে সৃষ্টিমূলক যি কোনো কাম হাতত লোৱাটো ব্যত্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতি মৰ্মস্থলী সুসং গঠিত আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। ভাষা , সাহিত্য , সুকুমাৰ কলা , দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি । আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসত সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাত সহায় আগ বঢ়াইছে।


ভাৰতত আদিম অধিবাসীসকলৰ অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্থৰ কৃষ্ঠি সমল গ্ৰহন কৰি স্বকীয় সংস্কৃতিত পৰিবৰ্ধন কৰিছিল। প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক হে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছিল। চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰা আমি সুকুমাৰ কলা, শিল্পী, সাহিত্য, ভাস্কৰ্য আদি সকলো ভাৰতীয় জীৱনৰ প্ৰাণ স্বৰূপ সমণ্বয়ৰ ইংগিত পাই আহিছিলো।


আনহাতে হিন্দু ভাস্কৰ্য কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা নিদৰ্শন পোৱা গৈছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন জন্ম দিছিল।


মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰ-শিল্পৰ নতুন বীৰাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা লমষ্ঠি জীৱনৰ কোনো সংবাদ নাছিল।  আধ্যাত্মিকতাবাদে প্ৰাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। সামাজিক জীৱন ধাৰাত ব্যক্তি মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্চস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছিল। পদদলিত সাধাৰণ মানুহে অদষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি পৰাজয় স্বীকাৰ কৰি লৈছিল।


সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অতন্ত্য চহকী। পাঠদান আৰু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উকৰ্ষ লাভ কৰিছিল। সেইদৰে মাহাৰাষ্টৰ ভক্তিমূলক কাব্য সাহিত্যৰো সৌৰভ বিশ্বজনীত। অতীজৰ স আৰু সত্য়ৰূপে স্বীকৃত সাংস্কতিক সম্পদৰ সৈতে বৰ্তমান সাংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি কবিয়ে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সমণ্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবঢ়া উচিত।



৫৮. 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু'।

-এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ হেম বৰুৱাই ভাৰতীয় সংস্কৃতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপে সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ নন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে পেৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙনি যোগাইছিল। বিভিন্ন দেৱ-দেবীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেই বোৰ প্ৰায়ে দ্ৰাবিড়ী সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজকনীতি শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জিয়াই ৰখা হৈছিল। ওপৰৰ আলোচনাৰ পৰা ইযাকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি। 



৫৯. 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ 'সভ্যতা আৰু সংস্কৃতি' - এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায়। এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠী হ'ল সমাজ এখন বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থাৎ, সভ্যতা হ'ল দক্ষতা, পুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদ্বিক চিন্তা-ধাৰা, আচাৰ ব্যৱহাৰ আদি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতি প্ৰধান মাপকাঠী হ'ল - ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থাৎ সংস্কৃতি যিকোনো জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ-পোচাক আদি।


সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উখান-পতনৰ সৈতে জড়িত হৈ থকে, কিন্তু সংস্কৃতি সেই জাতী বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতে হে জড়িত থাকে। সভ্যতাৰ কোনো সংমিলশ্ৰন নঘতে। সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনস্বীকাৰ্য। 

সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বা অপৰিহাৰ্য সভ্যতাৰ বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপৰিহাৰ্য। শিক্ষা ব্যবস্থা আৰু যোগাযোগ ব্যৱস্থাই মানৱ সভ্যতাৰ বিকাশৰ যথেষ্ট প্ৰভাৱ পেলায়। সভ্যতাই দৰাচলতে মানুহৰ বহিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তজীৱন প্ৰতিনিধিত্ব কৰে সভ্যাগ আৰু সংস্কৃতিক এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা দিয়া সম্ভব নহয়। সভ্যতাই সমাজ এখনৰ সু-শৃংখল কৰি সংস্কৃতি এটা গঢ়াৰ দিয়াত সহায় কৰে।



৬০. ব্যাখ্যা কৰাঃ


(ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ।


      এই তিনিয়ে নিচিন্তে আন ॥

উত্তৰঃ প্ৰসংগঃ উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটিৰ পৰা উদ্ধিত কৰা হৈছে।


সংগতিঃ উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে ইয়াকে ক'ব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে কোনো কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে সুফল লাভ কৰিব পাৰি।


বাখ্যাঃ পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হ'ল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ'ল এটা প্ৰধান গুণ। যিকোনো কাম একাগ্ৰতাৰে নকৰিল সেই কামটো সুফল লাভ কৰিব নোৱাৰি। ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ণ নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হ'ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিও হব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব। আকৌ যিসকলে পাণৰ খেতি কৰে সিহঁতেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব। নিয়মিত ভাৱে সাৰ-পানী আদি যোগান ধৰিব লাগিব। মানুহে যিকোনো কাম কৰিবলৈ হ'লে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে। একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায়। মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে। এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়।



(খ) কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয় ।

উত্তৰঃ প্ৰসংগঃ উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে কোনো এটা বিষয়ৰ প্ৰকৃত শিক্ষা, উপযুক্ত পৰিৱেশ আদিত হাতে কামে লাগিহে যে জ্ঞান অৰ্জন কৰিব পাৰি তাক কৈছে।


বাখ্যাঃ কমাৰশালত কোনো বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্ৰস্তুত কৰি লয়। তেনেদৰে শিক্ষাৰ্থীসকলক জীৱন সংগ্ৰামত মোকাবিলা কৰিবৰ বাবে প্ৰথমতে অভিজ্ঞতা দিয়া হয়। সেই অভিজ্ঞতা প্ৰথমতে নিজৰ ঘৰৰ পৰা দিয়া হয় আৰু তাৰ পিছত বিদ্যালয় এখনে প্ৰদান কৰে। যিদৰে এটুকুৰা লোহাক পিটি পিটি দা-কুঠাৰ, কটাৰি আদি গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয়। তেনেদৰে শিক্ষাৰ্থীসকলকো সংসাৰৰ দুখ-সুখ, কষ্ট, তপবাত আদি সহিব পৰাকৈ প্ৰথমতে মানুহে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থীসকলক যিকোনো বিষয়ে প্ৰকৃত জ্ঞান প্ৰদান কৰিবলৈ হ'লে সেই বিষয়টো সম্পৰ্কীয় পৰিৱেশৰ অতি প্ৰয়োজন। যেনেদৰে সাঁতোৰ শিকিবলৈ হ'লে পানীত নামিব লাগে। ঠিক তেনেদৰে যিকোনো বিষয় এটাৰ প্ৰকৃত জ্ঞান অকল পাঠ্যপুথি পঢ়ি অৰ্জন কৰিব নোৱাৰি, তাক হাতে কামে কৰিহে সেই বিষয়টোৰ প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি।



(গ) নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা।

উত্তৰঃ প্ৰসংগঃ উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহক সেৱা কৰিলে যে মানৱ জীৱন সাৰ্থক হয় তাকে ক'ব বিচাৰিছে।


বাখ্যাঃ মানুহে মংগলৰ অৰ্থে সৰ্বশক্তিমান নাৰায়ণক সেৱা-অৰ্চনা কৰে। মানুহে কেৱল নিজৰ মংগলৰ বাবে পূজা-অৰ্চনা কৰিলে সমাজ তথা বিশ্বৰ কোনো উপকাৰ নহয়। এনে ধৰণে নিজৰ হিতৰ বাবে পূজা অৰ্চনা কৰিলে মানুহ দিনে দিনে স্বাৰ্থপৰ হৈ পৰে। এনে স্বাৰ্থপতাৰ বাবে মানুহে ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হ'ব লগা হয়। কিন্তু যি মানুহে আনৰ দুখ কষ্ট দেখি আনক সহায় কৰিবৰ বাবে আগবাঢ়ি যায়, সমাজৰ হিতৰ বাবে সদায় প্ৰস্তুত হৈ থাকে তেনে মানুহৰ মন প্ৰাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে। মানুহৰ মন সন্তুষ্টি আৰু প্ৰাপ্তিৰে ভৰি থাকিলে মানুহৰ মনতো পবিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয়। তেতিয়া মানুহজনে ভগৱান বিচাৰি পোৱা জেন অনুভৱ কৰে। সেয়েহে লিখকে কৈছে যে নাৰায়ণ পূজাৰ বাবে কোনো আয়োজনৰ দৰকাৰ নাই। তাৰ বিপৰীতে মানুহৰ পূজা-অৰ্চনা অৰ্থাৎ শুশ্ৰূষা কৰিলে ভগৱানক পূজা কৰা হ'ব।



(ঘ) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

উত্তৰঃ প্ৰসংগঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে এই কথাষাৰত উল্লেখ কৰিছে।


বাখ্যাঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সমিলমিল, সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছে। অতিজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী লোকৰ প্ৰবজন ঘটি আহিছে। ইয়াৰ উপৰিও ক'ব পাৰি যে এঘাৰশ শতিকাৰ আগৰে পৰা এচিয়া, ইউৰোপ, ব্ৰহ্মদেশ, আফগানিস্তা, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছে। এওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা লাভ কৰিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এসময়ত আৰ্যসকলৰ আগমন ঘটিছিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্ৰাবিড়, মংগোলীয় আৰু অনান্যসকলৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য আদিক গ্ৰহণ কৰি নতুন ৰূপ দিছিল। আৰ্যসকলৰ প্ৰচেষ্টাৰ বাবে একালত ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ-পূব এছিয়ালৈকে স্পৰ্শ কৰাইছিল। গ্ৰীক, শক, হুণ প্ৰকৃতিৰ আগমনেও ভাৰতীয় সংস্কৃতিক ক্ৰমান্বয়ে সমৃদ্ধ কৰিছিল। এইদৰে বিভিন্ন সংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছিল। আনকি ভাৰতীয় শুকান মৰুভূমি, মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শোভাইও ভাৰতীয় জীৱনৰ সংস্কৃতিৰ অবিচ্ছিন্ন প্ৰভাৱ যুগ যুগ ধৰি আহ্বান জনাই আহিছে।



(ঙ) ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।

উত্তৰঃ প্ৰসংগঃ  উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ লিখকে বিভিন্ন উত্থান-পতন সত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে।


বাখ্যাঃ ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়া বুৰঞ্জী। এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰ ভাৰতৰ বুৰঞ্জীৰ ভাৰাক্ৰান্ত আছিল। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয়-পৰাজয়, ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। এয়ে হ'ল ভাৰতীয় সংস্কৃতিৰ উত্থান-পতন ভঙা-গঢ়াৰ ঐতিহ্য।




Class 10 Assamese Question Answer Assamese Medium

খ - অংশ 


১. ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ল বৈকুণ্ঠনাথ ভাগবত ভট্টাচাৰ্য্য।


২. ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল ?

উত্তৰঃ ভট্টদেৱে শ্ৰী দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিল।


৩. ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা ?

উত্তৰঃ ভট্টদেৱৰ ৰচিত দুখৰ গ্ৰন্থৰ নাম হ'ল 'কথা গীতা ' আৰু 'কথা ভাগৱত


৪. ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল ?

উত্তৰঃ ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে 'কবিৰত্ন' আৰু 'ভাগৱত ভট্টাচাৰ্য' উপাধি লাভ কৰিছিল।


৫. মহাৰথী কাক বোলে ?

উত্তৰঃ যি একে দশ সহস্ৰ ধানুকীক যুঝৱৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বোলে)।


৬. কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা ?

উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম হৈছে - গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু পুত্ৰ ভূৰিশ্ৰবা।


৭. সেনাপতি ভীস্মৰ যুদ্ধোৎসব দেখি কি কি ৰণবদ্যৰ মহাশব্দ হৈছিল ?

উত্তৰঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসব দেখি শঙ্খ, ভেৰী, আনক, গোমুখ আদি ৰনবদ্যৰ মহাশব্দ হৈছিল।


৮. আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি ?

উত্তৰঃ আৰ্য শিক্ষাৰ মূলমন্ত্ৰ হ'ল মোক্ষ লাভ।


৯. নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল ?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম `ৰত্নোদধি' আছিল।


১০. নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে মুঠ দহ হাজাৰ ছাত্ৰ সংখ্যা আছিল।


১১. `ৰত্নোদধি' নামৰ পুথিভঁৰালটো কেই তলীয়া আছিল ?

উত্তৰঃ `ৰত্নোদধি' নামৰ পুথিভঁৰালটো ন-তলীয়া আছিল।


১২. তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা। 

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম অংগুলিমাল ,জীৱক, পাণিনি আৰু চাণক্য।


১৩. তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ? 

উত্তৰঃ তক্ষশীলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই সিন্দু বিদ্যালয় গুচি বুদ্ধ বিদ্যালয় হয় তেতিয়া ইয়ালৈ  চিন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল।


১৪. নাগার্জুন কোন ? ক'ত আছিল আৰু কি কৰিছিল ? 

উত্তৰঃ নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক । তেওঁ অম্ৰাৱতী নগৰৰ ওচৰত থকা শ্রী ধান্যককৈ বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক আছিল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল ।


১৫. হেমচন্দ্ৰ গোস্বামীদেৱে কোনখন সভাৰ সভাপতি হৈছিল আৰু কিমান চনত হৈছিল ?

উত্তৰঃ অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত ১৯২০ চনত গোস্বামীদেৱে সভাপতি হৈছিল।


১৬. অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল ?

উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যই দুয়োকাষে অৱস্থান গ্ৰহণ কৰি আাছিলে। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ কলে। অৰ্জুনে আচলতে কোনসকল বীৰৰ মাজত অবতীৰ্ণ হ'ব লাগিব বা দুবুদ্ধি দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবৰ উদ্দেশ্যৰে কোন সকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে তেওঁ অস্ত্ৰ ধাৰণ কৰিছে, সেই সকলোবোৰ তেওঁ এবাৰ নিজ চকুৰে চাব বিচাৰিছিলে তেওঁৰ নিজৰ আত্মীয়স্বজন সকলৰ সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবৰ বাবে অনুৰোধ জনাইছিল।


১৭. অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পাই শ্ৰীকৃষ্ণক কি কলে তোমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ অৰ্জুনে যুদ্ধক্ষেত্ৰ লৈ তেওঁৰ পিতৃতুল্য, মাতৄতুল্য, ভাতৄ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলত দেখিবলৈ পালে। এনেদৰে সকলোয়ে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুনে আবেগিক হৈ কৃষ্ণক কৈছে যে এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি, কঁপিবলৈ ধৰিছে, মুখ শুকাইছে শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই। এনে বিজয়ৰ তেওঁ আকাংঙ্খা নকৰে, ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্চা তেওঁ নকৰে বুলি কৈছে।


১৮. আর্য শিক্ষাৰ কলাবিদ্যা কিমানটা ? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আর্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল ? 

উত্তৰঃ আৰ্য শিক্ষাৰ কলা বিদ্যা ৬৪ বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা ১১টা বিভাগত দিয়া হৈছে। সেই বিভাগ কেইটা ক্ৰমে হৈছে (১) সাহিত্য বিদ্যা (২) গৃহপাল বিদ্যা (৩) ৰন্ধন বিদ্যা (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা (৫)  হাতেৰে কাম কৰা বিদ্যা (৬)  শিল্পবিদ্যা (৭) বিজ্ঞান (৮) নাট্য বিদ্যা (৯) সংগীত বিদ্যা (১০) শিষ্টাচাৰ বিদ্যা আৰু (১১) শাৰীৰিক ব্যায়ামৰ বিদ্যা।


১৯. ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা ।

উত্তৰঃ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্ত দশ শতিকাৰ প্ৰথম ভাগত তেখেতৰ সাহিত্য চৰ্চা, কৰা বৈষ্ণৱ কবি ৰূপে জনা গৈছিল। তেখেতৰ সম্পূৰ্ণ নাম আাছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু সম্ভীৰ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তত্সম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্য বোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। ভট্টদেৱৰ গদ্যৰ ভাষা বোৰ পোনপতীয়া আছিল। তেখেতৰ গদ্যত মন কৰিব লগীয়া বিষয়তো হৈছে চুতি চুতি বাক্যৰ ব্যৱহাৰ। তেখেতৰ ৰচনা সমূহত মই, মোক, মোৰ আদিৰ সলনি স্থানভেদ পুৰণি অসমীয়া শব্দ মঞি, আমি, আমাক, আামাৰ, আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদিৰ শব্দবোৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা ঠাঁচ, আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথন মূলক গদ্য ৰীতি আন এক বৈশিষ্ট্য আাছিল।


২০. প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী দেৱে লিখা `প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছো। প্ৰাচীন কালত ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা কিমান উন্নত আছিলে সেই বিষয়ে এই পাঠটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পুৰণি কালত ভাৰতৰ বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহত কি কি শিক্ষা প্ৰদান কৰা হৈছিল। তাহানিতে এখন, দুখন নহয় ছখনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিলে। তাৰ ভিতৰত পৃথিৱী বিখ্যাত নালন্দা বা তক্ষশীলাও আছিলে। বিশ্ববিদ্যালয়সমূহত ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তি যেনে- বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি আৰু ৰাষ্ট্ৰবিজ্ঞান বিচক্ষণ পণ্ডিত চাণক্যও ছাত্ৰ হিচাপে এই বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিলে। যুগ যুগ ধৰি আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনোটোও সত্ৰ বা ছাত্ৰাবাসৰ আছিল, কৰবাত ন-তলীয়া পুথিভঁৰাল আছিল, কোনোখন আকৌ ভাৰতৰ সকলো পণ্ডিতৰ মিলনভূমি আছিলে।


আগৰ দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি নানা ন ন বিষয়ত কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ব আৰু সত্য আবিস্কাৰ কৰিছিলে আৰু আজিৰ ছাত্ৰই কিয় তেনে সত্য আবিস্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গ'ল। আগৰ দিনত শিক্ষা ব্যৱস্থা আছিলে মানুহৰ মজ বৃত্তিবোৰক তুলি তেওঁক জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। আগৰ দিনৰ আজি-কালিৰ দিনৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিলে। এনেবোৰ বিষয়ে গম পোৱা গ'ল এই পাঠটিৰ জৰিয়তে।


Download Pdf 

পদ্যাংশৰ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহ পাবলৈ ইয়াত ক্লিক কৰক 








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.