21 Mar 2023

HSLC Exam 2023 Assamese Common Important Question Answer

HSLC Exam 2023 Assamese Common Important Question Answer

HSLC Exam 2023 Assamese Common Important Question Answer


HSLC 2023 Assamese Common Question: Here in this post you can avail Class 10 HSLC 2023 Assamese Common Question. 



Assamese Common Question for HSLC 2023

পদ্যাংশৰ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহ 
ক - অংশ


১. মাধৱদেৱৰ জন্মস্থান কি ? 
উত্তৰঃ মাধৱদেৱৰ জন্মস্হান লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী । 


২. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি ? 
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ'ল নামঘােষা । 


৩. বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা ।


8. বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰঃ বৰগীতটি বসন্তৰাগত বন্ধা আছে ।


৫. কবিয়ে 'বান্ধব’ বুলি কাক সম্বােধন কৰিছে ?
উত্তৰঃ কবিয়ে 'বান্ধব' বুলি নাৰায়ণক (ভগৱানক) সম্বােধন কৰিছে ।


৬. মাধৱদেৱৰ দ্বাৰা বিৰচিত দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা । 
উত্তৰঃ আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য ।


৭. মাধৱদেৱৰ দ্বাৰা বিৰচিত দুখন তত্ত্বমূলক গ্রন্থ নামঘােষাৰ নাম লিখা । 
উত্তৰঃ জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা ।


৮. জিকিৰৰ ৰচক কোন ?
উত্তৰঃ জিকিৰৰ ৰচক হ’ল আজান ফকিৰ । 


৯. 'মোমিন' ৰ অৰ্থ কি ?
উত্তৰঃ মোমিন' ৰ অৰ্থ বিশ্বাসী মুছলমান ।


১০. জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰঃ জিকিৰবােৰক অসমীয়া / হিন্দুৰ সকলৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতক তুলনা কৰিব পাৰি । 


১১. "জিকিৰ" শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰঃ ‘জিকিৰ' শব্দটো আৰবী ‘ জিকৰ’ শব্দৰ পৰা ওলাইছে ।


১২. ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক 'বিহগী কবি’বুলি জনা যায় ।


১৩. ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি ? 
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী ।


১৪. ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি বুলি জনা যায় ? 
উত্তৰঃ চৰাইক বিহগ বুলিও কোৱা হয়। ৰঘুনাথ চৌধাৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে অধিক কবিতা ৰচনা কৰিছিল। সেয়েহে, তেওঁক 'বিহগী কবি' বোলা হয়।


১৫. চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা ।
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত কবিতা পুথি এখনৰ নাম হল বেদুইন।


১৬. মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ? 
উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।


১৭. অসমৰ হেংদাং ক’ত জিলিকিছিল ?
উত্তৰঃ অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল বুলি কৈছে ।


১৮.  অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ? 
উত্তৰঃ অসমীয়াসকলে ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।


১৯. অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ - কণী আৰু চাউলেৰে দেউল সাজিছিল।


২০. চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল ?
উত্তৰঃ চৈয়দ আব্দুল মালিকক 'গল্প সম্ৰাট' বুলি কোৱা হৈছিল।


২১. চৈয়দ আব্দুল মালিকে কিহৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
উত্তৰঃ চৈয়দ আব্দুল মালিকে 'অঘৰী আত্মাৰ কাহিনী' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 


২২. কবি হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা বাতৰি কাকত খনৰ নাম কি ? 
উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাই `The Sentinel' নামৰ বাতৰি কাকত খন সম্পাদনা কৰিছিল।


HSLC Question Paper 2023 Assamese  

২৩. কবি হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা আলোচনী খনৰ নাম কি ? 
উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা আলোচনী খনৰ নাম হ'ল গৰিয়সী । 


২৪. কবি হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাস খনৰ নাম লিখা । 
উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হল - `আগন্তুক'।


২৫. কবি হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ? 
উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।


২৬. কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল ?
উত্তৰঃ কবিয়ে পঁচিশ বছৰ আগতে মানুহজনক লগ পাইছিল।


২৭. মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ?
উত্তৰঃ মানুহজন কুকুৰীকণা আছিল বাবে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।


২৮. মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল ?
উত্তৰঃ মানুজনে নিজৰ ঘৰৰ পদূলি নিজৰে নঙলামুখত বিচাৰিছিল।


২৯. মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল ?
উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেঁ নমস্কাৰ ভংগীত আছিল।


৩০. কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?
উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।


৩১.  বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে বিৰচিত বৰগীতৰ কেতবােৰ সুকীয়া সুকীয় লক্ষণ আছে , যাৰবাবে এই গীত আন গীতৰ পৰা পৃথক । বৰগীতৰ তেনে চাৰিটা লক্ষণ হল—

(ক) বৰগীতবােৰ ৰাগ – তালযুক্ত শাস্ত্রীয় গীত ।
(খ) বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত ।
(গ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয় ।
(ঘ) নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত  ৷ 


৩২. ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকমালাৰ ব্যৱহৃত ভাষাটো ব্রজবুলি বা অসমীয়া ভাষাত ব্ৰজাৱলী নামে জনাজাত । বজ্ৰাৱলী ভাষাৰ  বৈশিষ্ট্যসমূহ  তলত উল্লেখ কৰা হ'ল -

(ক) ব্রজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্রয়ােগ বহুলভাৱে দেখা যায় ।
(খ) এই ভাষাত আৰবী, ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায় ।
(গ) বজ্ৰাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী  ৷
(ঘ) ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্রিস্বৰৰ প্ৰয়ােগ প্রচুৰ ।
(ঙ) ই এক কৃত্ৰিম সাহিত্যিক ভাষা  ৷



৩২. বৰগীতটিৰ মূলভাব লিখা ।
উত্তৰঃ মাধৱদেৱ বিৰচিত হৰি হেৰােৰে বাপ পশিলো শৰণে শীর্ষক প্রার্থনামূলক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্রীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্রকাশ পাইছে ।


ভগৱানৰ ওচৰত শৰণ লােৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে । যােগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে , সমস্ত বেদে যাক বিচাৰি । নাপায়, সহস্র মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নােৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ ।

বিষয় - বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে । ভকতৰ ত্রাণকর্তা ভগৱান । সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্রার্থনা কৰিছে ।


ভগৱানৰ দাসৰূপে নিজকে প্রতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে । নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ’বলৈ এইদৰে প্রার্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্রতি পৰাকাষ্ঠা প্রকাশ পাইছে ।


HSLC 2023 Assamese Important Question

৩৩. '' সনক সনন্দ যোগী যাহাকু ধিয়ায়   ৷

         সকল নিগমে যাক বিচাৰি নপায়  ৷৷  ''

         —তাৎপৰ্য বিচাৰ কৰা ৷,
উত্তৰঃ আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বর্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বর্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্রয়ােজন। সেয়ে সনক, সনন্দৰ দৰে যােগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে।


অর্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে গভীৰ তপ-জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হােৱাতকৈ শুদ্ধচিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্রার্থনা কৰাৰহে প্রয়ােজন।



৩৪. প্রশস্তি কবিতাটোৰ মূলভাব লিখা ।
উত্তৰঃ 'প্ৰশস্তি' কবিতাটোত কবি ৰঘুনাথ চৌধাৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। 


বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে যত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত `অমৃতৰ সন্তান' সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্য্যই। কৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহান। সেই আবাহনী সুৰ যি সুৰ অন্তঃ কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তসকলক মোহ - মায়া ত্যাগ কৰি ধ্যানময় হবলৈ কবিয়ে কৈছে।



৩৫. "অসমৰ হেংদাং জিলিকিল 

দুপৰৰ পূৰ্ণ আলোকত" ---- কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা ।
উত্তৰঃ অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়সে জয় কৰাৰ সপোণ লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি ভাবিছিল। ভাৰতৰ পূৱ দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনা সকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য-শ্যামলা ভূমি, যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেং-দাঙৰ চিকমিকনি। আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হল তৰোৱাল, সেই তৰোৱাল হাতত লৈ দুগুনে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ-বীৰাংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হল।



৩৬. অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা । 
উত্তৰঃ সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি।


মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি লবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগলসকল অহাবাটে উভতি গৈছিল।



৩৭. মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা ।
উত্তৰঃ `মই অসমীয়া' কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনাকৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম'হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচি থাকে। প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।



৩৮. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
উত্তৰঃ পৰাক্ৰমী মোগলসকল দেশবিজয় কৰিবৰ বাবে অসমলৈ আহিছিল। মোগলসকলে অসমখন যাদু-মন্ত্ৰৰ দেশ বুলি ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি তেওঁলোক আচৰিত হৈ পৰিল। চৌদিশে অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা নিয়ৰসিক্ত, দূৱৰিৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল। অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰীয়া পিন্ধিছিল। ভেকুলীবোৰে কপালত ফোঁট লৈ সাজিকাচি আছিল। কৃষিপ্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলবন্ত হ'ব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল । ৰংঘৰ, কাৰেংঘৰ আদি প্ৰসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ'ল সাজে, হাঁহ-কণী, চাউলেৰে দেউল সজায়। অসমৰ ধূলিত সোণ, হীৰা-মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ, ৰূপৰ দৰে মূল্যবান ধাতু। মূল্যবান সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোক সকলৰ মুখত মাত অমৃতসনা। এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম-কীৰ্তন আদি সুললিত সুৰে এই দেশৰ ৰূপ-সৌন্দৰ্য্য দুগুনে চৰায়।



৩৯. কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা । 
উত্তৰঃ কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুজঁত পৰাজয় কৰে। কবিয়ে নিজৰ জনমভূমি খনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক 'আই' সম্বোধন কৰিছে। কবিয়ে 'আই' সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল'ব বিচাৰে। কবিয়ে নিজৰ জনমভূমিৰ বাবে চিৰকৃতজ্ঞ।



৪০. মই অসমীয়া কবিতাটোৰ সাৰাংশ দিয়া ।
উত্তৰঃ 'মই অসমীয়া' কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে কবিতাটোত। কবিতাটোত নিজৰ আবেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। মোগল সকল আছিল প্ৰবল পৰাক্ৰমী জাতি কবিৰ মতে। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক কবিয়ে এই বিজয়ক সুৱৰি কবি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগল সকল অসমত থাকি গ'ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সগৰীয় ভাষা বুলিও গণ্য কৰিছে বুলি কবিয়ে কৈছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে। পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।



৪১. `দৃশ্যান্তৰ' কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ `দৃশ্যান্তৰ' কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। পঁচিশ বছৰ আগৰ এটা গধূলিৰ সময় আছিল। কেঁচা আলি-কেঁকুৰি এটাত ঘৰৰ নঙলামুখত এজনে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল, সেই সুন্দৰ ঘৰটোৰ বাসিন্দা জনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। মানুহজনে যদিও বা গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা ক'বলৈ পাহৰা নাছিল।


সময়বোৰ পাৰ হৈ গ'ল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন চাব নাইকিয়া হৈ গ'ল। শান্তিৰ পঁজাঘৰৰ ঠাইত হ'ল সাতমহলীয়া অট্টালিকা। ওচৰে পাঁজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। পঁচিশ বছৰ আগেয়ে সেই পথটোৰ আশে-পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সেই সময়ত বহুতো মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পিছতো কবিয়ে সেই একেজন মানুহৰ মুখামুখি হ'ল। সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা, গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল তেওঁৰ। মানুহজনে কিন্তু চশমা পিন্ধাৰ পিছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি আহিছে। কিন্তু মানুহজনে পঁজাঘৰত শান্তিত থকাৰ পিছতো কবিক সাতমহলীয়া ঘৰত ভাৰাতীয়া হৈ থাকিব মানা কৰিলে। মানুহজনে কবিক ক'লে যে জাক জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। কোনো মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল।



৪২. `দৃশ্যান্তৰ' কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।
উত্তৰঃ “দৃশ্যান্তৰ" নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। য'ত মুক্ত বতাহ পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম- চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তন হৈ পৰিল। পঁচিশ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে পঁচিশ  বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ'ল। গধূলি সময়ত আগতে মানুহৰ ভিৰ নাছিল। এতিয়া সেই সময়ত বাটে পথে মানুহৰ ভীৰ। কিন্তু পঁচিশ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হ'লেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকনমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।



৪৩. দৃশ্যান্তৰ কবিতাটোৰ কবিৰ পৰিচয় লিখা। 
উত্তৰঃ ‘দৃশ্যান্তৰ কবিতাটোৰ কবিজনাৰ নাম হ'ল হৰেকৃষ্ণ ডেকা। হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত হয় যদিও তেওঁ শৈশৱকাল অতিবাহিত কৰে তিনিচুকীয়াত। ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম এ পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজ'ত কিছুদিন অধ্যাপনা কৰাৰ পিছত ভাৰতীয় আৰক্ষীত যোগদান কৰি আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ লয়। তেওঁ গৰিয়সী আলোচনী আৰু The Sentinel কাকতৰ সম্পাদক আছিল। তেওঁৰ ৰচিত কবিতাপুথি হ'ল ৰাতিৰ শোভাযাত্রা, আন এজন আদি। গল্পৰ পুথি হ'ল- গল্প আৰু কল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড। একমাত্র উপন্যাস আগন্তুক। ১৯৮৭ চনত “সাহিত্য অকাডেমী, ১৯৯৬ কথা বঁটা আৰু ২০১০ চনত আসাম ভেলী লিটাৰেৰী বঁটা লাভ কৰে।




৪৪. ব্যাখ্যা কৰাঃ

(ক) “ সহস্র বয়নে যাৰ নপাৱস্ত সীমা ।

         অধমে জানিবাে কেনে তােমাৰ মহিমা । ” 
উত্তৰঃ প্ৰসংগঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উদ্ধৃত কৰা হৈছে।


সংগতিঃ হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।


ব্যাখ্যাঃ সংসাৰৰ একমাত্র ত্রাণকর্তা হৈছেহৰি। তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নােৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নােৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্র মুখেও তেওঁৰ মহিমা বর্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্তমহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।



(খ) “তােমাৰ চৰণ দুই মােৰ মহা ধন ।

        ভকত জনেৰ নিজ তুমিয়ে জীৱন । ”
উত্তৰঃ প্ৰসংগঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উদ্ধৃত কৰা হৈছে।


সংগতিঃ হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।


ব্যাখ্যাঃ সংসাৰৰ একমাত্র ত্রাণকর্তা হৈছেহৰি। তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নােৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নােৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্র মুখেও তেওঁৰ মহিমা বর্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্তমহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।



(গ) "পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।

       খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷।"
উত্তৰঃ প্ৰসংগঃ উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।



সংগতিঃ এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে। সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।


বাখ্যাঃ পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন নাই ।



(ঘ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।

     বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷। 
উত্তৰঃ প্ৰসংগঃ উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


সংগতিঃ এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।



বাখ্যাঃ কাব্যাংশত উল্লিখিত ‘ তিৰবেণী ঘাট ‘ কথাষাৰে মক্কা যে এখন পৱিত্র তীর্থভূমি । তাকেই বুজাইছে । কিন্তু যাৰ অন্তৰত ধর্মভাব থাকে বা যিজনে আল্লাৰ দর্শন । পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে । আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া – মােহ ত্যাগ কৰিব পাৰিব লাগিব । কিন্তু সংসাৰৰ মায়া – মমাহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ – ভােগতহে বেছিকৈ গুৰুত্ব দিয়ে । মানৱ জীৱন যে ক্ষণস্থায়ী । বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে । কিন্তু প্রকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ।



(ঙ) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ

       ছদভৰা সুমধুৰ তান,

       জল স্থল অন্তৰীক্ষ সকলােতে যেন ।

       দেৱতাৰ মহা অভিযান ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।


বাখ্যাঃ সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে - পানীয়ে, আকাশে - বতাহে, গছে - বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।



(চ) মােহন কীচক বেণু অনাহত ছন্দে

      গায় মহামহিমৰ গান,

      মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !

      সুন্দৰৰ কৰা ৰূপধ্যান ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া - মোহ ত্যাগ কৰাৰ কথা কৈছে ।


বাখ্যাঃ কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া - মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া - মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।



(ছ) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় 

       দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত 'মই অসমীয়া' পাঠটিৰ পৰা তুলি দিয়া হৈছে। 


সংগতিঃ কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে সেই বিষয়ে ক'ব বিচাৰিছে।


বাখ্যাঃ সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসম খনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসম খনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেইজীয়া ভূমি। মোগল সকলে অসমত প্ৰবেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ  ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।



(জ) জীৱনে মৰণে মই চিৰদিন অসমীয়া 

        অসমীয়া দেহ প্রাণ মন ;

       জীয়াই থাকোতে মই অসমৰে অসমীয়া 

       মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ ।
উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত 'মই অসমীয়া' শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে জনমভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।


বাখ্যাঃ কবিৰ মতে জনমভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জনমভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে, সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেহেন অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল'ব বিচাৰে।



খ - অংশ

১. শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত দুখন কাব্যৰ নাম লিখা ।
উত্তৰঃ শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত দুখন কাব্যৰ নাম হ'ল “কানখোৱা” আৰু “ঘুনুচা কীৰ্ত্তন” ।


২. কপিল মুনিৰ মাতৃ কোন আছিল ?
উত্তৰঃ কপিল মুনিৰ মাতৃৰ নাম হ'ল দেৱহুতি


৩. কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?
উত্তৰঃ কৃষ্ণই বামন ৰূপ ধাৰণ কৰি বলিক ছলনা কৰিছিল ।


৪. দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ? 
উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনীৰূপ ধাৰণ কৰিছিল । 


৫. অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক 'অসম কেশৰী' আখ্যা দিয়া হৈছিল।


৬. “সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ” কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে ?
উত্তৰঃ “কত যুগৰ ভূহৰ পৰি” পোত খাই আছে বুলি কবিয়ে কৈছে।


৭. আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাডু ধৰিবলৈ কৈছে ?
উত্তৰঃ আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাডু ধৰিবলৈ কৈছে ।


৮. কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ?
উত্তৰঃ কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে ।


৯. সাতাম পুৰুষীয়া মানে কি ?
উত্তৰঃ পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয় ।


১০. অম্বিকগিৰি ৰায়চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ অম্বিকগিৰি ৰায়চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতাপুথিখনৰ নাম হ'ল “তুমি” (১৯১৬)


১১. মাকৰ কি কি গুণৰ কথা কবলৈ শিশু কৃষ্ণ লাজ লাগে বুলি কৈছিল ? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা ?


অথবা


“মোহোৰ মুখত লাজ লাগে বৰ তোহাৰ গুণ কহন্তে।” – কাৰ গুণৰ কথা কোৱা হৈছে ? এইবোৰ গুণ ক’বলৈ বক্তাৰ কিয় লাজ লাগে, বৰ্ণনা কৰা।
উত্তৰঃ যশোদাক নগৰবাসীয় কাঠবাজী বুলি হাহিছিল যদিও কৃষ্ণই তেওঁৰ ঘৰত পুত্ৰৰূপে আহি সেই দুখ দূৰ কৰিলে। তথাপিও যশোদাৰ প্ৰতি কৃষ্ণৰ মৰম নাই। সেয়ে কৃষ্ণৰ মাকৰ গুণৰ কথা ক’বলৈ লাজ লাগে বুলি কৈছিল।


যশোদা গোৱালৰ ৰজা নন্দৰ ৰাণী হৈয়ো কৃষ্ণক ছয় ৰতি সোণ খৰচ কৰি এটা সোণৰ বাঁহী তৈয়াৰ কৰি নিদি বাঁহৰ বাঁহী বজাবলৈ দিয়াৰ ফলত দুই ওঁঠ ফাটি তেজ বৈ গৈছে। 


এনেদৰে সাচোতে, গাঁতত পোতোতে ধনত জুই লাগিব। গৰু চৰাবলৈ যাওঁতে পেট। ভৰাই খাবলৈ অন্নমুঠিও যশোদাই নিদিয়ে। এগৰাহ খাই পিছৰ গৰাহ খাবলৈ নোজোৰাৰ বাবে কৃষ্ণই আধাপেটি হৈ কটাবলগীয়া হয়।


গৰু চৰাওতে কাঁইটে বিন্ধি তেওঁক নগুৰনাকতি কৰে। কঠিন ৰ’দটো নটুৱা সাজ পিন্ধি গৰু চৰাই ফুৰিব লাগে। কেকুৰা চুলিবোৰত ধূলি পৰি কুকুহা পৰি যায়, বহুদিন তেল নসনাৰ বাবে চুলিত জতা বান্ধিছে।


গতিকে কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গুচি যাব আৰু যশোদাই পুত্ৰশোকত কান্দি মৰিব লাগিব। এনেদৰেই কৃষ্ণই যশোদাৰ হৃদয়হীন অন্তৰৰ স্বৰূপ প্ৰকাশ কৰিছে।



১২. কৃষ্ণই  বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা ।
উত্তৰঃ কানাইৰ চাতুৰী পাঠটোত শিশু কৃষ্ণৰ শিশুসুলভ চাতুৰী আৰু কৌশলৰ বৰ্ণনা দাঙি ধৰা হৈছে।


শ্ৰীকৃষ্ণই নিজেই অনন্তব্ৰহ্মাণ্ডৰ স্ৰষ্টা, পালন কৰোঁতা। ব্ৰহ্মাদি দেৱতাসকল তেওঁৰেই সৃষ্টি । নাৰায়ণৰূপে তেওঁ অনন্ত শয্যাত জলত শয়ন কৰে আৰু তেওঁৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মা জাত হৈছে। তেওঁ মোহিনী ৰূপ ধাৰণ কৰি সাগৰ মন্থনৰ যোগেদি সংগৃহীত অমৃত পানেৰে দেৱতাসকলক অমৰত্ব প্ৰদান কৰি দেৱতাৰ কাম সিদ্ধি কৰিছিল।কপিল অৱতৰণত কদম মুনিৰ ঘৰত মাতৃ দেৱহুতিক শাস্ত্ৰৰ তত্ত্বজ্ঞান প্ৰদান কৰিছিল।


বামণ অৱতাৰত তিনিপদ ভূমি বিচাৰি বলিক ছলনা কৰি পাতালপুৰীলৈ পঠাইছিল। এতিয়া কৃষ্ণ অৱতাৰ ধাৰণ কৰি পুন্দাবনত গৰু চৰাইছে যদিও কৃষ্ণৰ পৰম পুৰুষত্ব সম্পর্কে জ্ঞাত নোহোৱা বাবেই মাতৃ যশোদাই কৃষ্ণক এটি সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰে । 


এনেদৰে কৃষ্ণই বিভিন্ন অৱতাৰ গ্ৰহণ কৰি কেনেধৰণৰ লীলাকৰ্ম সম্পন্ন কৰিছিল, সেইবিষয়ে কবিয়ে প্ৰসংগৰূপে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে ।



১৩. ধৰ ঝাড়ু ধৰ ভাই - কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ “ধৰ ঝাডু ধৰ ভাই” কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্ৰম কাৰাবাস খাটিব লগীয়া হৈছিল।


তোমাৰ ভিতৰত ঝাডু ধৰি তেওঁ পায়খানা আদি সাৰি–পূচি, ঘৰ–দুৱাৰ চিকুনাই তোলাৰ দৰে ইমান দিনে ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা–দ্বেষৰ, ভেদা– ভেদৰ, ঘৃণা–ঘৃনিৰ, ভেম–অহংকাৰৰ যিবোৰ মলি–মামৰ গোট খালে তাক সকলোৱে মিলিজুলি, সাৰি–পুছি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে।


তেতিয়াহে আমাৰ গোলামিৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব, বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়ে সকলোকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে।



১৪. তথাপি তোহোক দেখন্তে ডৰত উৰি যায় মোৰ জীউ।” – এই কথাষাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
উত্তৰঃ এইষাৰ কৃষ্ণৰ উক্তি। কৃষ্ণই আত্ম পৰিচয় প্ৰদান কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ আৰু জগতৰ মূল কাৰণ। আনহাতে যশোদা গোৱালৰ জীয়াৰী। 


তথাপিও মাতৃক দেখাৰ লগে লগেই কৃষ্ণৰ জীৱ উৰি যায়। কৃষ্ণই যিমানেই খোৱা, বোৱা নকৰক কিয়, তেওঁৰ অলপো শ্ৰীবৃদ্ধি নহয়।


মাক যশোদাৰ কৃষ্ণৰ প্ৰতি থকা মৰমৰ অভাৱেই তাৰ ঘাই কাৰণ। মাকে কৃষ্ণক ভালদৰে শুবলৈও নিদিয়ে বুলি মিছা অভিযোগ কৰি ৰাতিপুৱা বহু সময়লৈকে শুৱাপাটীত টোপনিৰ ভাও ধৰি শুই আছিল।



১৫. তাৎপৰ্য ব্যাখ্যা কৰাঃ

(ক) কাঠবাঁজী বুলি                জগতে হাসয়

                     দেখিলে সুমৰো হৰি।

      মই আসি তোৰ                ঘৰে পুত্ৰ ভৈলো

                     সিটো দুখ দুৰ কৰি।।
উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত “কানাইৰ চাতুৰি” শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।


যশোদা নিঃ সন্তান আছিল বাবেই তেওঁক সমাজত কাঠবাজী বুলি নিন্দা কৰা হৈছিল। কৃষ্ণই পুত্ৰৰূপে আহি তেওঁৰ সেই উপবাদ দূৰ কৰিলেহে। 


কিন্তু, যশোদাই কৃষ্ণৰ প্ৰকৃত স্বৰূপ বুজিব নোৱাৰি তেওঁক সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰাত শ্ৰী কৃষ্ণই কোপিত হৈ মাকক তেনেদৰে কঠোৰভাৱে সমালোচনা কৰিছিল।


যশোদাৰ মাতৃ কামনা পূৰণৰ বাবেই যদিও কৃষ্ণই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জাগতিক লীলা সম্পাদন কৰিছেহি, আচলতে তেওঁ পৰমপুৰুষ পুৰুষষোত্তম। সেই কথা উপলদ্ধি কৰিব নোৱাৰি পুত্ৰজ্ঞান কৰি যশোদাই যি ব্যৱহাৰ কৃষ্ণৰ প্ৰতি প্ৰদৰ্শন কৰিছে, তাত তেওঁ অতিশয় অসন্তুষ্ট, সেয়ে তেওঁ মাকক তেনেদৰে সমালোচনা কৰিছে।



(খ) মোহিনী স্বৰূপে      অমৃত পিয়ালো

                সাধিলো দেৱৰ কাম।

তোমাৰ ঘৰে আসি      বৰ যশ পাইলো             

                লৈলো দধিচোৰ নাম।।
উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত “কানাইৰ চাতুৰি” শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।


মাতৃ যশোদাই শ্ৰীকৃষ্ণক পুত্ৰজ্ঞান কৰি নানা ধৰণৰ কঠোৰ শাস্তি বিহা আৰু তেওঁৰ প্ৰতি যথোচিত চেনেহ প্ৰদৰ্শন নকৰা বুলি অভিযোগ কৰি শ্ৰীকৃষ্ণই নিজৰ পৰম পুৰুষত্বৰ কথা ঘোষণা কৰিছে আৰু বিভিন্ন অৱতাৰ গ্ৰহণৰ যোগেদি তেওঁ সমাধা কৰা বিভিন্ন লীলা – মাহাত্ম্যৰ সোঁৱৰণ কৰিছে।


দেৱতা আৰু অসুৰৰ মাজত মীমাংসা কৰিবৰ কাৰণে সাগৰ মন্থনত উদ্ভৱ হোৱা অমৃত দেৱতাক ভোগ কৰাই মোহিনী বেশেৰে অসুৰসকলক আকৰ্ষণ কৰি তেওঁলোকক অমৃত ভোগৰ পৰা বঞ্চিত কৰাত সফল হৈছিল। দেৱতাৰ কৰ্ম সাধনৰ কাৰণেই তেওঁ মোহিনী অৱতাৰ ধাৰণ কৰিছিল। 


কিন্তু, ইমানবোৰ লীলা প্ৰদৰ্শন কৰাৰ পিছতো যশোদাৰ ঘৰত আহি অসমত তেওঁৰ গুণানুকীৰ্তন পৰিবৰ্তে “লৱণচোৰ” নামেহে লবলগীয়া হ’ল। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি হ’ব পাৰে ?








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.