4 Aug 2023

HS 2nd Year Education Chapter 3 Question Answer AHSEC

HS 2nd Year Education Chapter 3 Question Answer AHSEC

HS 2nd Year Education Chapter 3 Question Answer AHSEC


HS 2nd Year Education Chapter 3 Question Answer AHSEC: HS 2nd Year Education Chapter 3; Current Trends in Education (শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ). Here you can avail HS 2nd Year Education Chapter 3 Question Answer AHSEC Assamese Medium/English Medium. 



শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Class 12 Education Question and Answer Assam | Higher Secondary 2nd Year Education Important Answer | Assamese Medium HS 2nd Year Education Notes and Suggestion | HS 2nd Year Education Common Answer | HS 2nd Year Education Solution | Class 12 Education Model | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ শিক্ষা পাঠ্যপুথিৰ প্ৰশ্ন আৰু উত্তৰ 


প্ৰশ্নাৱলী

১। পৰিবেশ বুলিলে কি বুজা ? পৰিবেশৰ বিভিন্ন ভাগবোৰ কি কি ? 
উত্তৰঃ পৰিবেশ মানে হৈছে আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতি। 

পৰিৱেশক মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হ'ল-

(১) প্ৰাকৃতিক পৰিবেশ।
(২) সামাজিক পৰিবেশ।
(৩) মানৱ-সৃষ্ট পৰিবেশ। 


২। পৰিবেশ শিক্ষা কাক বোলে ?
উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে’ পৰিৱেশৰ বিষয়ে’ আৰু পৰিৱেশৰ কাৰণে দিয়া শিক্ষা। শিক্ষাৰ যিটো বিভাগে পৰিৱেশ ৰক্ষনা বেক্ষণৰ লক্ষ্য সমূহক বাস্তৱায়িত কৰে, পৰিবেশৰ আৱশ্যকতাৰ সিদ্ধান্ত সমূহ গ্রহণ কৰে আৰু পৰিবেশৰ পাৰিপাৰ্শ্বিকতা সম্পর্কত জ্ঞান প্রদান কৰে, তাকে পৰিবেশ শিক্ষা বোলে ।


৩। পৰিবেশ শিক্ষাৰ উদ্দেশ্যবােৰ উল্লেখ কৰা । 
উত্তৰঃ পৰিৱেশ শিক্ষাই জনগণৰ মাজত সজাগতা সৃষ্টি কৰি প্ৰকৃতিৰ প্রতি দায়বদ্ধ কৰি তােলে। পৰিবেশ শিক্ষাৰ উদ্দেশ্যবোৰ হ'ল-

(ক) পৰিবেশৰ অন্তনিৰ্হিত বিভিন্ন কাৰক আৰু সেইবোৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জনা।

(খ) পৰিৱেশ সংৰক্ষণ আৰু পৰিবৰ্দ্ধনৰ বাবে প্ৰয়োজনীয় মূল্যবোধ মনোভাৱৰ দায়িত্ব আহৰণ কৰা।

(গ) পৰিবেশ সমন্ধীয় সমস্যা চিনাক্ত কৰা, মূল্যায়ন কৰা আৰু সমাধান কৰাৰ কৌশল আহৰণ কৰা।

(ঘ) পৰিৱেশৰ সমস্যাবোৰ বুজি উচিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আৰু সমাধানৰ বাবে চেষ্টা কৰাত সহায় কৰা। 


৪। পৰিবেশ শিক্ষা প্রদানৰ বাবে একোখন শিক্ষানুষ্ঠানে কি কি নীতি অনুসৰণ কৰা প্রয়োজন ?
উত্তৰঃ পৰিবেশ শিক্ষাই শিক্ষাৰ্থী সকলক পৰিৱেশৰ প্রতি প্রতিশ্রুতিবদ্ধ কৰি তােলে । একোখন শিক্ষানুষ্ঠানে পৰিবেশ শিক্ষা প্রদানৰ বাবে বিভিন্ন নীতি বা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে । এইবোৰৰ ভিতৰ উল্লেখযোগ্যসমূহ হ’লঃ

(ক) বিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰা ।
(খ) বিদ্যালয়ৰ পৰিবেশত গছ-গছনি ৰূপণ কৰা । 
(গ) শ্রেণী কোঠাৰ সন্মুখত ফুলনি বাগিছা স্থাপন কৰা ।
(ঘ) অঞ্চল বা ঠাইৰ পৰিৱেশ সম্পর্কে আলােচনা কৰিবৰ বাবে জৰীপ পদ্ধতিৰ ব্যৱস্থা কৰা । 


৫। পৰিবেশ শিক্ষাৰ পৰিসৰত অন্তর্ভুক্ত হােৱা দিশবোেৰ উল্লেখ কৰা ।
উত্তৰঃ পৰিবেশ শিক্ষাৰ পৰিসৰত প্ৰকৃতিৰ সকলো বিভাগেই সাঙুৰ খাই পৰে। পৰিবেশ শিক্ষা আৰু মানুহৰ লগত থকা কেইটামান সম্পর্ক বা পৰিবেশ শিক্ষাৰ পৰিসৰত অন্তর্ভুক্ত হোৱা দিশবোৰ হ’ল - প্রাকৃতিক পৰিবেশ, সামাজিক পৰিবেশ, মানৱসৃষ্ট পৰিবেশ, জনসংখ্যা বৃদ্ধি, প্রদূষণ, সম্পদসমূহৰবিতৰণ, সম্পদৰ সংৰক্ষণ, গাওঁ আৰু নগৰ সমূহৰ বাবে পৰিকল্পনা, নগৰমূখীকৰণ কৰা আদি ।



HS 2nd Year Education Chapter 3 Common Short Question Answer for AHSEC 2024

৬। জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে দিছিল ?
উত্তৰঃ ১৯৮২ চনত শান্তিৰ নােৱেল বঁটা প্রাপ্ত আমেৰিকাৰ সমাজতত্ববিদ ‘আলভা মিৰদালে’ পোন প্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা ডাঙি ধৰিছিল ।


৭। জনসংখ্যা শিক্ষাৰ সংজ্ঞা ডাঙি ধৰা । এই শিক্ষাৰ উদ্দেশ্যবােৰ কি কি ?
উত্তৰঃ জনসংখ্যা শিক্ষাৰ কেইবাটাও সংজ্ঞা আছে । জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী- যাৰ দ্বাৰা বর্ধিত হাৰত বৃদ্ধি হােৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হােৱা সমস্যাবােৰ ৰােধ কৰা, জনবিস্ফোৰণ নিয়ন্ত্রণ কৰা উপায় আদিৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰে। 

জনসংখ্যা শিক্ষাৰ উদ্দেশ্যঃ জনসংখ্যা আৰু আৰ্থ-সামাজিক বিকাশৰ মাজত থকা সম্পৰ্ক, জনসংখ্যা আৰু ধাৰা সম্পৰ্কে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যে প্ৰত্যেক ব্যক্তিক জীৱন যাপনত সহায় কৰে তাক জানিবলৈ দিয়া আৰু সৰু পৰিয়ালত যে সদায় সুখ-শান্তি বিৰাজমান তাৰ ধাৰণা দাঙি ধৰাত সহায় কৰা, জনসংখ্যা বিষ্ফোৰণে পৰিৱেশৰ ওপৰত পোলোৱা বিৰূপ প্ৰভাৱ সম্পৰ্কে অবগত কৰা।


৮। জনসংখ্যা শিক্ষাৰ প্ৰয়ােজনীয়তা সম্পর্কে লিখা ।
উত্তৰঃ জনসংখ্যা শিক্ষাৰ প্ৰয়ােজনীয়তা সমূহ হ'ল - 

(ক) জনসংখ্যা শিক্ষাই মানুহৰ মাজত প্ৰচলিত অন্ধবিশ্বাস সমূহ আঁতৰ কৰাত সহায় কৰে। ভালদৰে জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এই শিক্ষাৰ অতি প্ৰয়োজন।

(খ) জনসংখ্যা শিক্ষা আৰু পৰিয়ালৰ পৰিকল্পনাৰ মাজত যে প্ৰভেদ আছে, সেই বিষয়ে জনসাধাৰণক অবগত কৰাবলৈ এই শিক্ষাৰ প্ৰয়োজন।

(গ) জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক অবগত কৰাব পাৰি।

(ঘ) সমাজত মহিলা আৰু পুৰুষৰ স্থিতি যে সমান সেই বিষয়ে জনসংখ্যা, শিক্ষাৰ দ্বাৰা অৱগত কৰাব পাৰি।

(ঙ) সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত জনসংখ্যাশিক্ষা যথেষ্ট সহায়কাৰী।


৯। শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষণ কি দৰে দিব পৰা যায় ?
উত্তৰঃ শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষা দিব পৰা প্ৰক্ৰিয়াবোৰ উল্লেখ কৰা হ'ল।

(ক) প্ৰাথমিক স্তৰত ল'ৰা-ছোৱালীক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন-ধাৰণাৰ মানত ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে।

(খ) মাধ্যমিক স্তৰত, জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব পৰা যায়।

(গ) মহাবিদ্যালয় পৰ্য্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ শৰীৰৰ অংগপ্ৰত্যংগৰ সৈতে ভালদৰে চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰজনন গ্ৰন্থিৰ কাৰ্য্য সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাব লাগে।

(ঘ) বিভিন্ন পৰ্য্যায়ৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰত "জনসংখ্যা শিক্ষণ" বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে।

(ঙ) 'জনসংখ্যা' বিষয়ক গৱেষণা কৰিবৰ বাবে গৱেষক পণ্ডিত সকলক উৎসাহিত কৰিব লাগে। 


১০। শাৰীৰিক শিক্ষা বুলিলে কি বুজা ? 
উত্তৰঃ শাৰীৰিক ক্ৰিযাকলাপৰ জৰিয়তে প্ৰদান কৰা শিক্ষাই হৈছে শাৰীৰিক শিক্ষা । ইয়াত জৰিয়তে মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি। শাৰীৰিক শিক্ষা হ’ল শাৰীৰিক স্বাস্থ্য, মানসিক আৰু আবেগিক বিকাশৰ সমসাময়িকভাৱে ব্যক্তিগত বিকাশ আৰু সামাজিক বিকাশৰ দিশত শিক্ষাৰ এক মাধ্যম ।




শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ | (Current Trends in Education) | Chapter 3 | Class XII Education | All Lesson Short Question and Answer Assamese Medium Education 

১১। পুৰণি কালৰ শাৰীৰিক শিক্ষাৰ লগত আধুনিক যুগৰ শাৰীৰিক শিক্ষাৰ কিবা পার্থক্য আছেনে ?
উত্তৰঃ হয়, পুৰণি কালৰ শাৰীৰিক শিক্ষাৰ লগত আধুনিক যুগৰ শাৰীৰিক শিক্ষাৰ পার্থক্য আছে । শাৰীৰিক শিক্ষাৰ আৰম্ভণি পোন প্রথমে গ্রীচ দেশত হৈছিল । প্ৰাচীন কালত শাৰীৰিক কৰ্মব্যস্ততাকেই জীৱন নিৰ্বাহৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছিল। মানৱ সভ্যতাৰ বিকাশৰ লগে লগে ইয়াৰ ধাৰণাৰো সলনি হ'বলৈ ধৰে আৰু আধুনিক কালত শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ বাবে অৰ্থাৎ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশৰ শাৰীৰিক কৰ্ম সম্পাদন মাজেৰে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থাক শাৰীৰিক শিক্ষা বুলি অভিহিত কৰা হয় ।


১২। শাৰীৰিক শিক্ষাৰ উদ্দেশ্যবােৰ উল্লেখ কৰা ।
উত্তৰঃ শাৰীৰিক শিক্ষাৰ প্রয়োজন আৰু গুৰুত্ব অপৰিসীম । শাৰীৰিক শিক্ষাৰ উদ্দেশ্যবোৰ হ'ল- ব্যক্তিৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আবেগিক আদি দিশসমূহৰ বিকাশ সাধন কৰোৱা। 


১৩। শাৰীৰিক শিক্ষা প্রয়ােজন আছেনে ? আলােচনা কৰা ?
উত্তৰঃ প্লেটোৰ মতে, সুস্থ দেহতহে সুস্থ মনে বাস কৰে।" শাৰীৰিক শিক্ষা প্রয়ােজনীয়তা আছে । শাৰীৰিক শিক্ষাৰ জৰিয়তে দৈহিক আৰু মানসিক স্বাস্থ্যৰ সকলোবোৰ দিশৰ বিষয়ে উপযুক্ত জ্ঞান লাভ কৰিব পাৰি। ইয়ে সুস্থ খাদ্যাভ্যাস বিকশাই তোলে আৰু পুষ্টি সম্বন্ধে নির্দেশনা প্রদান কৰে। শাৰীৰিক শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু সদৰ্থক মনোভাৱ বিকশাই তোলে। শাৰীৰিক শিক্ষাৰ জৰিয়তে খেলুৱৈসুলভ আৰু দলীয় মনোভাৱৰ বিকাশৰ লগতে সঞ্চালনমূলক কৌশলৰ বিকাশ সাধন কৰিব পাৰি। 


১৪। শাৰীৰিক শিক্ষা শিশুক জীৱনৰ কোনটো বয়সত প্রথমে প্রদান কৰিব লাগে ? 
উত্তৰঃ চিন্তাবিধ সকলৰ মতে বিদ্যালয়ৰ দহ বছৰীয়া শিক্ষা গ্ৰহণ কালত শাৰীৰিক শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে। শাৰীৰি শিক্ষা উচ্চ প্ৰথমিক স্তৰত আৰম্ভ কৰিব লাগে।


১৫। মূল্যবােধ কি ? মূল্যবােধৰ সংজ্ঞা দিয়া । 
উত্তৰঃ কোনো এটা বিষয়বস্তু বা জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথাই হ'ল মূল্যবোধ। মূল্যবোধৰ দ্বাৰা আচৰণ আৰু চিন্তাৰ বিমূৰ্ত আৰু সাধাৰণকৃত ৰূপ যাৰ প্ৰতি মানুহ অত্যন্ত আবেগিক আৰু ইতিবাচকভাৱে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু যি অন্য মানুহৰ কাম-কাজ, বিচাৰ-বিবেচনা আৰু লক্ষ্যৰ মানদণ্ডৰূপে স্বীকৃত হয়।

প্ৰকৃততে 'মূল্যবোধৰ' সংজ্ঞা ডাঙি ধৰা অতি কঠিন। চিন্তাবিধ সকলে কয় যে যেতিয়া কোনো এটা বিষয় বস্তু বা জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেতিয়াই মূল্যবোধৰ কথা আহি পৰে। মূল্যবোধৰ দ্বাৰা একোটা বিষয়ৰ বিকাশ সম্ভৱ হয় আকৌ বিভিন্ন ধৰণৰ বিচাৰ বিবেচনা ব্যক্তিনিষ্ঠ বা দুয়োটাই হ'ব পাৰে।

আলপোর্ট (Allport)-ৰ মতে, মূল্যবোধ হৈছে, “এটা বিশ্বাস যাৰওপৰত নির্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কাৰ্য্যসম্পাদন কৰে।” (“Value is a belief upon which a man acts by preference”)


১৬। মূল্যবােধৰ শিক্ষা বুলিলে কি বুজা ? এই শিক্ষাৰ বৈশিষ্ট্য কি কি ?
উত্তৰঃ ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহনা যোগোৱা শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণেই হ'ল মূল্যবোধৰ শিক্ষা। এই কাৰ্য্যসূচী বোৰে সমাজ এখনৰ স্বীকৃতি প্ৰদান কৰাত সহায় কৰে।

মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্য হ'ল-

(১) মূল্যবোধৰ শিক্ষাত পৰিধি যথেষ্ট বহল।

(২) মূল্যবোধৰ শিক্ষাই ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান, ধাৰণা অভ্যাস আদিকে সুচায়.

(৩) মূল্যবোধৰ শিক্ষাই প্ৰত্যেক ব্যক্তিৰ "ভাল" হোৱাটো বিচাৰে। সমাজত লক্ষ্যত উপনীত হবলৈ হলে ই সহায়কাৰী

(৪) পৰিয়াল, বিদ্যালয়, সমনীয়া, জনসংযোগ মাধ্যম আদিয়ে মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়।


১৭। মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে লিখা ।
উত্তৰঃ পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা অন্তৰ্ভুক্ত কৰা অতি প্ৰয়োজন। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে জাতি, ধর্ম নির্বিশেষে পাঠ্যক্ৰম গ্ৰহণ কৰা প্ৰয়োজন। সেয়েহে সমাজ, সংস্কৃতি, পৰম্পৰা, ভাষা আদি বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।

মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিৰ নৈতিক আধ্যাত্মিক, সৌন্দৰ্য্যবোধৰ দিশসমূহ বিকশাই তোলাত সহায় কৰে। এই শিক্ষাৰ প্রয়ােজন আৰু গুৰুত্ব এনেধৰণে আলােচনা কৰবি পাৰি - 

(১) ব্যক্তিৰ ব্যক্তিত্ব বিকাশত আলোচনা কৰে।

(২) ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে।

(৩) শিশুক পৰিবেশৰ লগত খাপ খোৱাত সহায় কৰে।

(৪) সামাজিক দক্ষতা বৃদ্ধিত সহায় কৰে ।

(৫) জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে।

(৬) সাংস্কৃতিক মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰে ।

(৭) অৱসৰ সময় বিনোদনৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্ট সহায়কাৰী।


১৮। বিদ্যালয়ত মূল্যবোধৰ শিক্ষা কি দৰে প্ৰদান কৰিব পাৰি ? 
উত্তৰঃ বিদ্যালয়ত মূল্যবোধৰ শিক্ষা দুই ধৰনে দিব পৰা যায়- প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে। 

বিদ্যালয়ত, দৈনন্দিন পাঠদানত, শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক বিভিন্ন পাঠৰ মাধ্যমেৰে মূল্যবোধৰ শিক্ষা প্ৰদান কৰা হয়। কোনো কোনো ৰাজ্যত নীতিশিক্ষাৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন ধৰণৰ সাধুকথা বা বাস্তৱ অভিজ্ঞতাৰ বৰ্ণনাৰ মাধ্যমেৰে মূল্যবোধ সম্পৰ্কে বুজোৱা হয়। এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আলোচনাও কৰা হয়। পৰোক্ষ ভাৱে সহ পাঠ্যক্ৰম কাৰ্য্যসুচীৰ দ্বাৰা বিদ্যালয়ত এই শিক্ষা প্ৰদান কৰা হয়। 


১৯। সবলীকৰণ বুলিলে কি বুজা ? 
উত্তৰঃ সামৰ্থ্য সৃষ্টি কৰা প্ৰক্ৰিয়াকে "সৱলীকৰণ" বুলি কোৱা হয়। সৱলীকৰণে এজন ব্যক্তিক কোনো এটা কাৰ্য্য সম্পাদন কৰিবলৈ 'অধিকাৰ' প্ৰদান কৰে।  ই ব্যক্তিক সঠিক সময়ত, সঠিক সিদ্ধান্ত ল'ব পৰাকৈ সক্ষম কৰি তোলে।  


২০। মহিলা সবলীকৰণৰ সংজ্ঞা দিয়া । মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা ।
উত্তৰঃ ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। ভাৰতীয় সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। মহিলাৰ সামৰ্থ্য বৃদ্ধি কৰা প্ৰক্ৰিয়াকে মহিলা সবলীকৰণ বুলি ক'ব পাৰি। আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলা সবলীকৰণৰ বিষয়ে কৈছে- "মহিলা সবলীকৰণ হ'ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতৰ অৰ্থে পুনৰ বিতৰন কৰাৰ প্ৰক্ৰিয়া।"

মহিলাৰ সবলীকৰণৰ প্ৰয়োজনীয়তাঃ মহিলা সবলীকৰণে নাৰীৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি আত্মবিশ্বাসী  হোৱাৰ আৰু সমাজৰ যিকোনো পৰিস্থিতিৰ লগত সমাযোচনা কৰাত সহায় কৰে। ই নাৰীক পৰিয়ালৰ তথা সমাজৰ প্ৰতি থকা অৰ্থনৈতিক অৱদান সম্পৰ্কে সচেতন কৰি তোলাত সহায় কৰে। ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষ ৰ অধীন হৈ থকা দ্খা যায়। এই ধাৰণাবোৰক প্ৰত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱৰ্তন অনিবৰ বাবে মহিলাৰ সামৰ্থ্য বঢ়োৱাৰ প্ৰক্ৰিয়াৰে মহিলাৰ সবলীকৰণ অতি প্ৰয়োজনীয়।        


২১। মহিলা সবলীকৰণৰ উদ্দেশ্য সম্পৰ্কে লিখা । 
উত্তৰঃ মহিলা সবলীকৰণৰ উদ্দেশ্যসমূহ হ'ল-

(১) সম অধিকাৰ আৰু মৰ্যাদা প্ৰদানঃ দেশ এখনত যাতে নাৰীয়ে পুৰুষৰ সমানে অধিকাৰ সাবস্থ্য কৰিব পাৰে, সমমৰ্যাদা লাভ কৰিব পাৰে তাৰ ওপৰত নাৰী সবলীকৰণে গুৰুত্ব প্ৰদান কৰে।

(২) আৰ্থিক স্বাৱলম্বিতা প্ৰদানঃ মহিলাসকলক সাধাৰণতে পৰনিৰ্ভৰশীল হোৱা দেখা যায়। মহিলা সবলীকৰণে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলে। 

(৩) ৰাজনৈতিক ক্ষমতা প্ৰদানঃ মহিলা সবলীকৰণে মহিলাসকলক ৰাজনীতিৰ জগতখনত প্ৰভাৱশালী কৰি তোলে। তেওঁলোকে ৰাজনীতিৰ সকলো কাৰ্যতে নিজৰ ৰায় প্ৰদান কৰিব পাৰে। আৰু ৩৩% আসন মহিলাৰ বাবে সংৰক্ষিত, চৰকাৰী  চাকৰিৰ আৰু চুক্তিবদ্ধ কামৰ ক্ষেত্ৰত ৩০% মহিলাৰ বাবে আছুতীয়াকৈ থোৱা হয়।

(৪) পৰিয়ালৰ পৰিকল্পনা আঁচনিৰ সঠিক ৰূপায়নঃ ভাৰতৰ দৰে দেশক জনবিস্ফোৰণৰ সমস্যাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। মহিলা সবলীকৰণে সৰু পৰিয়াল ধাৰণা বাস্তৱায়িত কৰাত গুৰুত্ব প্ৰদান কৰে।

(৫) মহিলাৰ সুপ্ত শক্তিৰ বিকাশঃ সততে দেখা যায় মহিলাসকলৰ বিভিন্ন প্ৰতিভা থকা সত্ত্বেও নিজৰ প্ৰতিভা লুকুৱাই ৰাখিবলগীয়া হয়। সেয়া পাৰিবাৰিক কাৰণতেই হওক বা সামাজিক কাৰণতেই হওক। মহিলা সবলীকৰণে মহিলাৰ সুপ্ত হৈ থকা প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি তোলে আৰু স্বীকৃতি প্ৰদানও কৰে।    


২২। ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰ স্থিতি সম্পৰ্কে লিখা । 
উত্তৰঃ পুৰুষ প্ৰধান সমাজৰ প্ৰচলিত চিন্তাধাৰাবোৰৰ পৰা হাত সাৰি থাকিবলৈ আৰু সমাজত নিজৰ স্থিতি উন্নত কৰিবলৈ শিক্ষাৰ অতি প্ৰয়োজন।

বৈদিক যুগৰ নাৰীপুৰুষ উভয়ে শিক্ষা গ্ৰহণ কৰা পৰিবৰ্ত্তে মুছলমান সকলৰ ৰাজত্বকালত নাৰী শিক্ষাৰ" অধিক অৱনতি হোৱা দেখা যায়। এই অৱনতিয়ে ইষ্ট ইণ্ডিয়াকোম্পানীৰ আগমনৰ সময়ত চুড়ান্ত ৰূপ লয়। সমাজ সংস্কাৰক সকলৰ আৰু খ্ৰীষ্টিয়ান মিছনাৰী সকলৰ সহায়ত স্বাধীনতাৰ সময়লৈ নাৰী শিক্ষাৰ বিকাশ সম্ভৱ হোৈৱা দেখা যায়।

স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানত নাৰী শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। ১৯৫৮-৫৯ চনত ৰাষ্ট্ৰীয় স্ত্ৰী শিক্ষা কমিটি, ১৯৭৪ চনত মহিলাৰ স্থিতি সম্পৰ্কীয় কমিটি আৰু ১৯৮৮ চনত নাৰীৰ বাবে প্ৰস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আৰু শিক্ষাত গুৰুত্ব দিয়া হয়। ১৯৮৬ চনত ভাৰততৰ নতুন শিক্ষানীতি আৰু ১৯৯২ চনত পৰিবদ্ধিৰ্ত শিক্ষা আঁচনিয়ে মহিলা সবলীকৰণক জাতীয় উন্ননৰ প্ৰধান কাৰ্য্যসুচী ৰূপে নিৰূপন কৰে। ২০০১ চনৰ লোকপিয়লৰ মতে ভাৰতবৰ্ষৰ মহিলাৰ সাক্ষৰতাৰ নিৰিখ হ'ল ৫৪.১৬% । ইয়াৰ বিপৰীতে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭৫.৮৫% ।


২৩। মহিলা সবলীকৰণৰ বাবে লব পৰা শিক্ষা ব্যৱস্থা সম্পৰ্কে লিখা ।
উত্তৰঃ মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ অতি প্ৰয়োজন। এই ক্ষেত্ৰত লবলগীয়া ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ'ল-

(১) প্ৰত্যেকগৰাকী ছোৱালীয়েই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।

(২) মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আতৰোৱাৰ বাবে চেষ্টা কৰিব লাগিব।

(৩) ছাত্ৰীসকলৰ আগ্ৰহ, অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

(৪) লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাকস্নাতক পৰ্য্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব।

(৫) মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পৰ্কীয় সাধাৰণ জ্ঞান ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদান কৰিব লাগিব।  



No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.