3 Aug 2023

HS 1st Year Assamese Chapter 4 Question Answer

HS 1st Year Assamese Chapter 4 Question Answer

HS 1st Year Assamese Chapter 4 Question Answer


HS 1st Year Assamese Chapter 4 Question Answer: কিতাপৰ কথা Class 11 Question Answer | কিতাপৰ কথা প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 4 Question Answer | কিতাপৰ কথা HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া । কিতাপৰ কথা is the chapter 4 from Class 11 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer প্রফুল্লদত্ত গােস্বামী (Prafulla Dutta Goswami). Here in this article you can avial HS 1st Year Assamese Chapter 4 Question Answer.




Class 11 Assamese Chapter – 4 কিতাপৰ কথা All Question Answer  | Class 11 Assamese Question Answer


কিতাপৰ কথা 

প্রফুল্ল দত্ত গােস্বামী


পাঠভিত্তিক প্রশ্ন-উত্তৰ


(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)


১। ছপাখানা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ ?

উত্তৰঃ ছপাখানা আৰু কাগজ চীন দেশৰ দেশৰ আৱিষ্কাৰ । 



২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?

উত্তৰঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে । 



৩। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল ?

উত্তৰঃ উত্তৰঃ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিয়া দিহাটো এনেধৰণৰ – “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব । 



৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয় ?

উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে । 



৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যােজনা প্রচলিত আছে ?

উত্তৰঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীন দেশ আৰু আলবানিয়াত যােজনা প্রচলিত আছে। 


চীন দেশত থকা প্রচলিত যােজনাটি হলঃ


“কিতাপ মেলা মানেই লাভ।

বিদ্বান লােকে চোৰাং কাম নকৰে।”


আলবানিয়াত প্রচলিত যােজনাটি হলঃ 


যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা।”




কিতাপৰ কথা Class 11 প্ৰশ্ন উত্তৰ}একাদশ শ্ৰেণী অসমীয়া


(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)


১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল ?

উত্তৰঃ হলেন কেলাৰে তেওঁৰ আত্মজীৱনীত লিখিছিল – “সাহিত্যই মোৰ নন্দন কানন । ইয়াত মোৰ ভোট নথকা নহয় । কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে । এওঁলোকে মোৰ লগত নিঃসংকোচে সহজভাৱে কথা পাতে ।” আচলতে হলেন কেলাৰে কেঁচুৱাত দৃষ্টি শক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল । তেওঁৰ কিতাপৰ প্ৰতি থকা অদম্য স্পৃহাৰ বাবে বধিৰ মানুহৰ বাবে বিশেষভাৱে তৈয়াৰী কিতাপ পঢ়িও তেওঁ মনত উপজা সেই স্পৃহা পূৰণ কৰিছিল । শাৰীৰিক প্ৰতিবন্ধকতাই তেওঁৰ সেই গ্ৰন্থ স্পৃহা পূৰণত হেঙাৰ হ’ব পৰা নাছিল । হলেন কেলাৰৰ আত্মজীৱনীৰ এই কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল ।



২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা ।

উত্তৰঃ বিদ্যা আৰু জ্ঞান অর্জনৰ প্রতি বিমূখ অসমীয়া জাতিক উদ্দেশ্যি আনন্দৰাম ঢেকিয়াল ফুকনে কৈছে যে বিদ্যা হৈছে এই পাৰ্থিৱ জীৱনত অতিকৈ উপকাৰী। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞানতকৈ যে আন একোৱে ডাঙৰ হ’ব নোৱাৰে সেই কথা বুজাবলৈ চেষ্টা কৰিছিল । তেওঁ অসমীয়া বন্ধুসকলক বিদ্যাৰ উপকাৰৰ বিষয়ে ক’বলৈ গৈ কৈছিল যে বিদ্যাৰ সমকক্ষ এই জীৱনকালত একোৱে হ’ব নোৱাৰে কিন্তু সভ্য আৰু সুখী হ’ব খোজাজনে কৃষি, শিল্প আদি কৰ্মত ইংৰাজসকলৰ দৰে পাৰ্গত হ’বলৈ চেষ্টা কৰিব লাগে । তেওঁৰ মতে অসমীয়াসকলে অজ্ঞনতা আৰু শ্ৰমবিমুখিতা স্বভাৱ পৰিহাৰ কৰি কৰ্মৰ যোগেদি বিদ্যা অৰ্জনত কঠোৰ পৰিশ্ৰম কৰিব লাগিব  তেতিয়াহে তেওঁলোকে জীৱনত উন্নতি কৰিব পাৰিব । 



৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা । 

উত্তৰঃ গ্রন্থ অধ্যয়নে দেশ আৰু জাতিক বহু ধৰণে উপকাৰ কৰে । বিদ্যাৰ চৰ্চা বাঢ়িলে কিতাপৰ সমাদৰ বৃদ্ধি পায়, কিতাপৰ যোগেদি বিভিন্ন কথা জানিব পাৰি । কথা বতৰা জানিলে বিবেচনা বাঢ়ে, সাহস বাঢ়ে, বুদ্ধি মুকলি হয় । কোনো এখন সমাজত গ্ৰন্থ স্পৃহা বঢ়াৰ লগে লগে ৰাইজে নিজৰ অভাৱ অভিযোগ বুজি উঠে । ৰাইজে সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে । কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় । উদাহৰণস্বৰূপে, বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদি লোকৰ ৰচনাই আমাৰ ভাৰতীয় জাতীয় জাগৰণ সৃষ্টিত প্ৰেৰণা যােগাইছিল। তেনেকৈ ইউৰোপত ৰুছো, মাৰ্ক্স আদি চিন্তাবিদসকলৰ ৰচনাই সমাজ পৰিৱৰ্তনত ইন্ধন যােগাইছিল।



৪। সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা ।

উত্তৰঃ সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক উদ্ভাসিত কৰি তুলিব পাৰে। জ্ঞানৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত সাহিত্যৰ ভূমিকা গুৰুত্বপূৰ্ণ । সাহিত্যই আমাক জীৱনৰ বিভিন্ন দিশ ফঁহিয়াই চাবলৈ শিকায় । সংসাৰৰ জটিলতা বুজিবলৈ, মনৰ শান্তিৰ বাবে সাহিত্যৰ প্ৰয়োজনীয়তা আছে । হলেন কেলাৰে তেওঁৰ আত্মজীৱনীত লিখিছিল – “সাহিত্যই মোৰ নন্দন কানন । ইয়াত মোৰ ভোট নথকা নহয় । কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে । হেলেন কেলাৰ জন্মান্ধ আৰু বধিৰ হৈয়াে বধিৰ মানুহৰ কাৰণে বিশেষভাৱে তৈয়াৰী কিতাপ অধ্যয়ন কৰিছিল। তেওঁৰ সাহিত্যৰ প্রতি বিশেষ ৰাপ বা প্রীতি আছিল। তেওঁ নিজে বহুতাে কিতাপ অধ্যয়ন কৰাৰ উপৰিও আত্মজীৱনীকে ধৰি কেইবাখনাে গ্রন্থ ৰচনা কৰিছিল। 



৫। …… কিন্তু সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে।” কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ উক্ত কথাষাৰ সাহিত্য সৌৰভৰ অন্তর্গত প্রফুল্ল দত্ত গােস্বামীৰ দ্বাৰা ৰচিত ‘ কিতাপৰ কথা’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে। মানৱ সভ্যতাৰ ওপৰত কিতাপৰ অপৰিসীম প্ৰভাৱৰ বিষয়ে ক’বলৈ যাওঁতে লিখকে উক্ত কথাষাৰ কৈছে। গ্রন্থ হ’ল মানুহৰ অভিজ্ঞতাৰ ভঁৰালস্বৰূপ। সজ কিতাপ এখন পঢ়িলে তাৰ পৰা বহুতো জ্ঞান অৰ্জন কৰিব পাৰি।  সজ কিতাপে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে, জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে । সজ কিতাপ এখনে সমগ্র মানৱজাতিক দিশ নির্দেশনা দিব পাৰে। জাতি এটাৰ ইতিহাস গতি পৰিৱৰ্তন কৰি দিব পাৰে। মানুহৰ দৃষ্টিভঙ্গীৰ পৰিৱর্তন সাধন কৰিব পাৰে। সেয়ে কোৱা হয়, সজ কিতাপ এখন ধ্বংস কৰা মানে মানৱ জাতিৰ বিবেচনাক বা আদর্শক হত্যা কৰাৰ সমান।




Class 11 Assamese Chapter – 4 কিতাপৰ কথা All Question Answer 

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। অনাখৰী চহা লােকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” পাঠটিৰ সহায়ত আলােচনা কৰা।

উত্তৰঃ কিতাপ মানুহৰ অভিজ্ঞতাৰ সাঁচতীয়া ভৰালস্বৰূপ। কিতাপ অধ্যয়ন কৰি মানুহে ঘৰতে বহি অতীতৰ আৰু বৰ্তমানৰ মহা মনীষীসকলৰ মহামূল্যৱান জ্ঞান আৰু অভিজ্ঞতা সােৱাদ ল’ব পাৰে। কিতাপ অধ্যয়ন কৰিলে যে নানান ধৰণৰ জ্ঞান লাভ হয় সেই কথা অকল শিক্ষিত মানুহেই স্বীকাৰ কৰে সেয়া নহয়; অশিক্ষিত অর্থাৎ অনাখৰী চহা লােকেও স্বীকাৰ কৰে। অর্থাৎ লিখা-পঢ়া নজনা লােকেও জ্ঞানক শ্রদ্ধা কৰে। সেয়ে অনাখৰী লােকে নিজে লিখিব পঢ়িব নাজানা যদিও সিহঁতৰ সতি-সন্ততিক শিক্ষিত কৰাৰ প্রতি আগ্রহী। চীন দেশৰ প্ৰবাদত কোৱা হৈছেঃ “কিতাপ মেলা মানেই লাভ । বিদ্বান লােকে চোৰাং কাম নকৰে’ আকৌ আলবানিয়াত প্রচলিত এটা যােজনাত কোৱা হৈছে, “যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা।” আমাৰ অসমৰ জনসাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয় । অসমীয়া লোক সমাজৰ মাজতো পঢ়া শুনা বা কিতাপ সম্বন্ধীয় যোজনা আছে । যেনে - "লিখা পঢ়া জানে যি, হাতী ঘোঁৰাত উঠে সি ।" উপৰোক্ত যোজনাবোৰৰ পৰা ইয়াকে জনা যায় যে অনাখৰী লোকসকলে কেতিয়াও কিতাপক বা পঢ়া শুনা আদিক আশ্রদ্ধা কৰা নাছিল । বৰঞ্চ এই লোকসকলে আনক কিতাপৰ জ্ঞান লাভৰ বাবে উৎসাহহে যোগাই । 




২। “কিছুমান কিতাপৰ সােৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।” কথাখিনিৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ “কিছুমান কিতাপৰ সােৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।” ইংৰাজ দার্শনিক ফ্রেন্সিচ বেকনে কিতাপৰ অধ্যয়নৰ সম্পৰ্কে কোৱা কথাষাৰ বৰ তাৎপর্যপূর্ণ । আমি আমাৰ জীৱনত বহুতো কিতাপৰ সংস্পৰ্শলৈ আহোঁ । মানৱ সভ্যতাৰ কোনাে একযুগৰ পৰা আজিলৈকে কিতাপ ৰচিত হৈ আছে যদিও সকলাে কিতাপ কালজয়ী বা সকলােৰে বাবে সমানে উপকাৰী নহ’ব পাৰে। কিতাপ সমূহক আমি নিৰ্বাচন কৰি পঢ়োঁ । কিতাপৰ প্ৰকাৰ অনুযায়ী আমি সেইবোৰক পঢ়াৰ ধৰণো সলনি কৰোঁ । কিছুমান কিতাপৰ পাত লুটিয়াই চাব লাগে। আন অকল পঢ়ি পাহৰিব লাগে। কিন্তু কিছুসংখ্যক কিতাপ আছে যিবােৰ অধ্যয়ন কৰি সিবিলাকৰ পৰা জ্ঞান লাভ কৰিব লাগে আৰু সেইজ্ঞান বাস্তৱ জীৱনত প্রয়ােগ কৰিব লাগে। উদাহৰণ স্বৰূপে বাতৰি কাকত, উপন্যাস, গল্পৰ কিতাপ আদি মানুহে পঢ়ে আৰু পাহৰি যায়। অর্থাৎ সিবিলাক কিতাপে সাময়িক আনন্দ দান কৰি সময়ত বিলপ্ত হয়। কিন্তু কিছুমান গ্রন্থ অর্থাৎ চোবাই হজম কৰিব লগা গ্রন্থ যুগ যুগলৈ মানৱ জাতিৰ সম্পত্তি হিচাপে থাকি যায়।




৩। “হে মােৰ অসমিয়া মিত্রসকল বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনেই নহয়। কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা । 

উত্তৰঃ পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল৷ সেই হেতুকে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল৷ বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল৷ বিদ্যাৰ প্রতি অনীহা থকা অসমীয়া লােকসকলক উদ্দেশ্যি আনন্দৰাম ঢেকিয়াল ফুকনে কৈছিল "হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই । বিদ্যা হৈছে এই পাৰ্থিৱ জীৱনত বৰ উপকাৰী বস্তু। বিদ্যাৰ সমান উপকাৰী বস্তু এই পৃথিৱীত দ্বিতীয় আন একো নাই। মানুহ সভ্য আৰু সুখী হব খুজিলে বিদ্যা অর্জন কৰিবই লাগিব। কাৰণ বিদ্যাই মানুহক ভাল-বেয়া বিচাৰ কৰাবলৈ শিকায়। ইয়াৰ কোনাে বিকল্প নাই। যিকোনাে কাম কৰিবলৈ হলে সেই বিষয়ে বিদ্যা অর্জনৰ প্রয়ােজন। এই জগতত জ্ঞান অৰ্জনৰ ক্ষেত্ৰত বিদ্যাৰ সমকক্ষ একো নহয় আৰু জ্ঞান থাকিলেহে আদৰ সন্মান থাকে । অসমীয়া সকলে নিজৰ অজ্ঞানী আৰু শ্ৰম বিমুখতা স্বভাৱ এৰি একান্ত ভাৱে বিদ্যা আহৰণ কৰে তেতিয়াহ’লে তেওঁলোকেও নিশ্চয় এদিন সকলো ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব পাৰিব । 




৪।“কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুদ প্ৰভাৱ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখা।

উত্তৰঃ কিতাপ ৰচনাৰ শেষ নাই কিন্তু কিছুসংখ্যক কিতাপ আছে যিবােৰ কিতাপে সর্বসাধাৰণ মানুহৰ ওপৰত যথেষ্ট প্রভাৱ পেলায় । যিমানেই বিদ্যাৰ অনুশীলন হয়, সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে ৷ ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে ৷ বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদি লোকৰ ৰচনাই আমাৰ ভাৰতীয় জাতীয় জাগৰণ সৃষ্টিত প্ৰেৰণা যােগাইছিল । ইউৰোপত ৰুছো মাৰ্ক্স আদি চিন্তাবিদসকলৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে ৷ ফৰাচী বিল্পব সংঘঠিত হোৱাৰ মূলতে আছিল মন্টেস্কো, ভলটেয়াৰ আদি দার্শনিকসকলৰ লিখনি। একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্ৰ কঁপি উঠে ৷ সেয়েহে কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয় ৷




৫। “আজি যন্ত্রৰ যুগত গুৰুৰস্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে । এতিয়া কিতাপেই গুৰু ।” কথাখিনি পাঠটিৰ সহায়ত আলােচনা কৰা।

উত্তৰঃ আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল ৷ সেইকালত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল ৷ গুৰুৰ মুখেৰে ব্যক্ত কৰা কথা শুনি জ্ঞান লাভ কৰিছিল। সেইসময়ত গুৰুৰাে সন্মান’আছিল । আগৰ যুগত মানুহে হাতেৰে কিতাপৰ প্রতিলিপি কৰিল’ব লগা হােৱা বাবে কিতাপ এখন পােৱাটো বৰ কষ্টসাধ্য আছিল। আজিৰ যুগ হৈছে বিজ্ঞানৰ যুগ, বৰ্তমান জগত ছপাখানা, কিতাপ - আলোচনীৰ জগত ৷ আজিকালি মানুহে কিতাপ পত্ৰবােৰে হাতেৰে লিখিব বা প্রতিলিপি কৰিব লগা হােৱা নাই। ছপাশালৰ আৱিষ্কাৰৰ ফলত অতি কম সময়তে এখন কিতাপৰ হাজাৰ হাজাৰ প্রতিলিপি ছপা হৈ ওলাই আছে। ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে৷ বৰ্তমান সময়ত কিতাপেই গুৰু ৷ সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷




কিতাপৰ কথা class 11 Important Question Answer 

অতিৰিক্ত আৰু দৰকাৰী প্রশ্ন-উত্তৰঃ 

১। প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম কত হৈছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম দক্ষিণ কামৰূপৰ নাহিৰা সত্ৰত হৈছিল ।


২। প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম ১৯১৪ চনত হৈছিল ।


৩। প্ৰফুল্লদত্ত গোস্বামীৰ মৃত্যু কেতিয়া হৈছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীৰ মৃত্যু ১৯৯৪ চনত হৈছিল ।


৪। প্ৰফুল্লদত্ত গোস্বামীয়ে কিমান চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে ১৯৪০ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল । 


৫। প্ৰফুল্লদত্ত গোস্বামীয়ে ক'ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।


৬। প্ৰফুল্লদত্ত গোস্বামীয়ে কি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে ইংৰাজীত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল ।


৭। প্ৰফুল্লদত্ত গোস্বামীয়ে কেতিয়া আৰু ক'ৰ পৰা এম. এ. উপাধি লাভ কৰিছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম. এ. উপাধি লাভ কৰে।


৮। প্ৰফুল্লদত্ত গোস্বামীয়ে কত কত অধ্যাপনা কৰিছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে যোৰহাটৰ জে. বি. কলেজ আৰু কটন কলেজত অধ্যাপনা কৰিছিল । 


৯। প্ৰফুল্লদত্ত গোস্বামীয়ে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে।


১০। প্ৰফুল্লদত্ত গোস্বামীয়ে ক'ৰ পৰা কেতিয়া ডক্টৰেট উপাধি লাভ কৰে ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৫ চনত ডক্টৰেট উপাধি লাভ কৰে। 


১১। প্ৰফুল্লদত্ত গোস্বামীয়ে কি বিষয়ত গৱেষণা কৰিছিল ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীয়ে লোক-সংস্কৃতি বিষয়ত গৱেষণা কৰিছিল । 


১২। 'কিতাপৰ কথা' পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ 'কিতাপৰ কথা' পাঠটি হােমেন বৰগােহাঞি সম্পাদিত ‘শ্রেষ্ঠ অসমীয়া নির্বাচিত প্ৰৱন্ধ’ শীর্ষক গ্ৰন্থৰ পৰা লােৱা হৈছে।


১৩। প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত উল্লেখযোগ্য উপন্যাস খনৰ নাম লেখা ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত উল্লেখযোগ্য উপন্যাস খনৰ নাম হ'ল - 'শেষ ক’ত’ । 


১৪। প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত আত্মজীৱনী খনৰ নাম কি ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত আত্মজীৱনী খনৰ নাম হ'ল - ‘মনৰ পক্ষী উভতি উৰে' । 


১৫। 'মােৰ ৰাছিয়া ভ্রমণ' গ্রন্থ খন কাৰ ৰচনা ? 

উত্তৰঃ 'মােৰ ৰাছিয়া ভ্রমণ' গ্রন্থ খন প্রফুল্লদত্ত গোস্বামীৰ ৰচনা । 


১৬। প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত বিখ্যাত উপন্যাস খনৰ নাম কি ? 

উত্তৰঃ প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত বিখ্যাত উপন্যাস খনৰ নাম হ'ল -‘কেঁচা পাতৰ কঁপনি' । 



 












No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.