14 Aug 2023

Class 11 Assamese Chapter 6 Question Answer

Class 11 Assamese Chapter 6 Question Answer

Class 11 Assamese Chapter 6 Question Answer


Class 11 Assamese Chapter 6 Question Answer: কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান is the chapter 6 from Class 11 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer ড° হীৰেন গােহাঁই. Here in this article you can avial Class 11 Assamese Chapter 6 Question Answer.



কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

ড° হীৰেন গােহাঁই 


(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)


১। কে’ম্ব্রিজ বিশ্ববিদ্যালয় কোন নদীৰ উপত্যকাত অৱস্থিত ?

উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয় কেম’ নদীৰ উপত্যকাত অৱস্থিত । 


২। কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে ?

উত্তৰঃ কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত একত্ৰিশ খন কলেজ আছে । 


৩। ড° হীৰেন গােহাঁইয়ে অধ্যয়ন কৰা কেম্ব্রিজৰ কলেজখনৰ নাম লিখা।

উত্তৰঃ ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম হ'ল গনবিল এণ্ড কীইজ্ ৷


৪। কে'ম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কে'ম্ব্ৰিজ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল।


৫। জর্জ ষ্টাইনাৰ কোন ?

উত্তৰঃ জৰ্জ ষ্টাইনাৰ এগৰাকী বিখ্যাত মার্কিন পণ্ডিত।




HS 1st Year Assamese Chapter 6 Question Answer | কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান একাদশ শ্ৰেণীৰ প্ৰশ্নোত্তৰ


(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)


১। ইউৰােপত মধ্যযুগত স্থাপন হােৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম- পেৰিছ বিশ্ববিদ্যালয়, হাইডে’লবাৰ্গ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় ৷



২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল ?

উত্তৰঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্ৰখ্যাত দার্শনিক আছিল। আনহাতে পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দার্শনিক, পণ্ডিত আৰু কবি আছিল।



৩। ইংলণ্ডৰ গির্জাত পৰিস্ফূট হােৱা তিনি প্ৰকাৰৰ গথিক (Gothic) স্থাপত্য শৈলীৰ নাম লিখা।

উত্তৰঃ ইংলণ্ডৰ গির্জাত পৰিস্ফূট হােৱা তিনি প্রকাৰৰ গথিক স্থাপত্য শৈলী হ’ল – কলন, ৰিম আৰু নটৰডাম।



৪। কে'ম্বিজ বিশ্ববিদ্যালয়ৰ কলেজ বোৰৰ অধ্যক্ষসকলক কিদৰে নির্বাচন কৰা হৈছিল ?

উত্তৰঃ কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ অধ্যক্ষবোৰক কলেজৰ ফেলোসকলে নির্বাচন কৰিছিল। আৰু অধ্যক্ষৰ লগ লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল। অধ্যক্ষবোৰৰ ভিতৰত বাহিৰৰ পৰা অহা বিখ্যাত পণ্ডিতো আছিল।



৫। আৰবী গ্রন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায় ?

উত্তৰঃ আৰবী গ্রন্থত প্লেটোক ‘আফ্লাতুন’ আৰু আৰিস্ততলক আৰিস্তু’ নামেৰে জনা যায়।




Class 11 Assamese Chapter – 6 কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান All Question Answer  | Class 11 Assamese Question Answer


(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)


১। কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্রতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।

উত্তৰঃ কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। তেওঁলােক আছিল গীর্জাৰ ধর্মমণ্ডলীৰ অন্তর্ভূক্ত । গীর্জাৰ পৰা দান দক্ষিণাৰ পােৱাৰ উপৰিও ধনী ব্যক্তি বা ব্যৱসায়ৰ সংঘৰ পৰা অর্থ সাহার্য লাভ কৰিছিল । পণ্ডিতসকলে কলেজ পৰিচালনাৰ বাবে প্ৰচুৰ ভূ-সম্পত্তিও সংগ্রহ কৰিছিল। কলেজৰ ফে’লোসকলে এজন অধ্যক্ষ নির্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল। কেতিয়াৱা বাহিৰৰ খ্যাতনামা পণ্ডিতকো অধ্যক্ষৰ পদ দিয়া হৈছিল। উপাচার্য কোন, তাক লৈ কোনেও মূৰ ঘমােৱা নাছিল। ৰাজশক্তি ক্রমে প্রৱল আৰু কেন্দ্রীভূত হৈ উঠাৰ পিছতে বিশ্ববিদ্যালয়ে ৰজাঘৰৰ পৰা নিজা স্বতন্ত্র অধিকাৰৰ বাবে ৰাজপত্র লাভ কৰিছিল। ৰাজপত্ৰত ৰজা ঘৰে বিশ্ববিদ্যালয়ৰ অধিকাৰ আৰু আভ্যন্তৰীণ প্রশাসনত হস্তক্ষেপ নকৰাৰ প্রতিশ্রুতি দিছিল। এনেদৰে শিক্ষানুষ্ঠানসমূহে নির্ভয়ে স্বাধীন চিন্তাৰ অনুশীলন আৰু অনুসৰণ কৰাৰ অৱকাশ পাইছিল।




২। য়ুৰোপৰ বিশ্ববিদ্যালয়বােৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰব জগতৰ আহি আৰু প্ৰেৰণাৰ পৰা।’—– কথাষাৰ বুজাই লিখা।

উত্তৰঃ য়ুৰোপীয় পণ্ডিতসকলে প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ সীমা নিৰ্ধাৰণ কৰিলেও য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। খ্ৰীষ্টানৰ পৱিত্ৰস্থান জে’ৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদগণিত বহু দশক জুৰি যি ক্ৰুছে’ড বা ধর্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে য়ুৰোপীয়সকলে আৰৱসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পৰ্শ লৈ আহিছিল । আৰৱ পণ্ডিতসকলে আকৌ গ্রীক-ৰোমাণ সভ্যতাৰ পৰা ‘মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। সেই আৰৱ পণ্ডিতসকলৰ ভিতৰত ইবন্ ৰুশ্বড্, ইবন্ চিনা আদি অনেকে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল য়ুৰোপীয় বিশ্ববিদ্যালয়বোৰত।




৩। কেম্ব্রিজবিশ্ববিদ্যালয়ৰ পাঠদান কার্য সম্পর্কে চমুকৈ আলােচনা কৰা।

উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান ব্যৱস্থা সুকীয়া প্ৰকৃতিৰ আছিল। কলেজৰ পৰা লে’কচাৰ শুনিবলৈ ছাত্ৰসকলে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ যাব লাগে। প্রতিজন প্রবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে। অৰ্থাৎ বক্তৃতাবোৰত যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখা আৰু অভিমত থাকিব লাগিব। শাসক বা ৰজাই বিশ্ববিদ্যালয়ৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ কৰা নাছিল। সেয়ে পণ্ডিতসকলে নির্ভয়ে জ্ঞান অন্বেষণ আৰু পাঠদান কার্যত ব্যস্ত হৈ থাকিব পাৰিছিল। শ্ৰেণীত ছাত্ৰসকলৰ উপস্থিতি বাধ্যতামূলক নাছিল যদিও বিখ্যাত পণ্ডিতৰ পাঠদান কাৰ্য্যই ছাত্ৰক শ্ৰেণীৰ কোঠাত উপস্থিত থাকিবলৈ অনুপ্ৰাণিত কৰিছিল। কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্রিত পণ্ডিত তথা অনৰেৰী (অস্থায়ী) ফে’লোৱেও এটা বা দুটা টার্ম ক্লাছ লৈছিল। এনেদৰে কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত পাঠদান কৰা হৈছিল।




৪। ড° হীৰেন গােহাঁইৰ সাহিত্য প্রতিভা সম্পর্কে চমুকৈ আলােচনা কৰা।

উত্তৰঃ ড° হীৰেন গােহাঁই অসমৰ এজন শিক্ষাবিদ, চিন্তাবিদ আৰু সাহিত্য সমালােচক। তেওঁৰ প্রায় তিনিকুৰিখন গ্রন্থ ৰচনা কৰিছে। তেওঁৰ প্রকাশিত গ্রন্থসমূহৰ ভিতৰত উল্লেখযােগ্য কেইখনমান হ’ল; সাহিত্যৰ সত্য, সমাজ আৰু সমালােচনা, সাহিত্য আৰু সমাজ, সাহিত্য আৰু চেতনা, বিশ্বায়ন, বন্দৰৰ কাল, কালস্রোত, কাণ্ডাৰী, কবিতাৰ বিচাৰ আৰু নতুন সমালােচনা, কীর্তন পুথিৰ ৰস বিচাৰ, বতাহত ক’ৰ ধূলি গােপাল, হেঙুল আকাশ, কলা চাইেকেল আৰু এজন আৰােহী, সপােনৰ দিকচৌ বনত, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, লন্ত লাগিজ, ইমান তিতা সাগৰৰ পানী, উৰণীয়া হাঁহৰ মাত আদি। অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা গ্ৰন্থখনৰ বাবে ১৯৮৯ চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। তেওঁৰ গৱেষণা গ্রন্থখনৰ নাম Tradition and Paradise Lost । তেওঁৰ গদ্য বলিষ্ঠ আৰু প্ৰতিটো বিষয় ব্যাখ্যা আৰু বিশ্লেষণেৰে সমৃদ্ধ।




৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

“দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যােগাযােগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।”

উত্তৰঃ প্ৰসংগঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ড° হীৰেণ গোহাঁইদেৱৰ ৰচিত ‘কে’ম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। 


সংগতিঃ মানৱীয়জ্ঞান-বিজ্ঞানৰ উৎকর্ষ দেশ-বিদেশৰ জ্ঞান-বিজ্ঞানৰ বিনিময়ৰ যােগেদি যে সম্ভৱ সেয়া উক্ত কথাফাকিৰ জৰিয়তে লিখকে বুজাব বিচাৰিছে। 


বাখ্যাঃ ইউৰােপীয় পণ্ডিতসকলে প্রাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ সীমাৰেখা নির্ধাৰণ কৰিছিল যদিও ইউৰােপৰ বিশ্ববিদ্যালয়বােৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা আৰবসকলে আকৌ গ্রীক আৰু ৰােমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তর্ক শাস্ত্র, ঈশ্বৰতত্ত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান যােগ দি জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। অর্থাৎ বিভিন্ন সভ্যতাৰ মাজত জ্ঞানৰ যােগাযােগ হােৱা বাবে মধ্য যুগত জ্ঞান চর্চাৰ পথ সহজ হৈছিল। কিন্তু জ্ঞান যেতিয়া কোনাে এক দেশ বা সভ্যতাৰ নিজা সম্পত্তি হিচাপে চোৱা হয় তেতিয়া জ্ঞান-বিজ্ঞানৰ প্ৰচাৰ আৰু উন্নতি অসম্ভৱ হয়।




কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান class 11 Important Question Answer 


অতিৰিক্ত আৰু দৰকাৰী প্রশ্ন-উত্তৰঃ 



১। ড° হীৰেন গোঁহাইৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ ড° হীৰেন গোঁহাইৰ জন্ম ১৯৩৯ চনত হৈছিল ৷


২। ড° হীৰেন গােহাঁই কোনখন কলেজৰ পৰা  বি. এ. ডিগ্রী লাভ কৰে ?

উত্তৰঃ ড° হীৰেন গােহাঁই কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা বি. এ. ডিগ্রী লাভ কৰে ।


৩। ড° হীৰেন গােহাঁই কোনখন কলেজৰ পৰা এম. এ. ডিগ্রী লাভ কৰে ?

উত্তৰঃ ড° হীৰেন গােহাঁই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্রী লাভ কৰে ।


৪। ড° হীৰেন গােহাঁইৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ ড° হীৰেন গােহাঁইৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হ'ল লস্ত লাগিজ।


৫। ড° হীৰেণ গোহঁইদেৱৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ ড° হীৰেণ গোহঁইদেৱৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম হ'ল ‘Tradition and Paradise Lost.


৬। ড° হীৰেন গােহাঁইৰ এখন সাহিত্য সমালােচনামূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ড° হীৰেন গােহাঁইৰ এখন সাহিত্য সমালােচনামূলক গ্ৰন্থৰ নাম হ'ল সাহিত্যৰ সত্য।


৭। কোনখন গৱেষণা গ্রন্থৰ জৰিয়তে ড° হীৰেন গোহাঁইয়ে ডক্টৰেট ডিগ্রী লাভ কৰে ?

উত্তৰঃ Tradition and Paradise Lost নামৰ গ্ৰন্থখনৰ জৰিয়তে ড° হীৰেন গোহাঁইয়ে ডক্টৰেট ডিগ্রী লাভ কৰে । 


৮। ড° হীৰেন গােহাঁইয়ে কৰ পৰা সম্মানীয় পি এইচ. ডি. ডিগ্রী লাভ কৰে ? 

উত্তৰঃ ড° হীৰেন গােহাঁইয়ে ইংলেণ্ডৰ প্রখ্যাত কে'ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা সম্মানীয় পি এইচ. ডি. ডিগ্রী লাভ কৰে।


৯। কোনখন গ্ৰন্থৰ বাবে ড° হীৰেন গােহাঁইয়ে, সাহিত্য একাডেমীৰ বঁটা লাভ কৰে ?

উত্তৰঃ ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা' গ্ৰন্থখনৰ বাবে ড° হীৰেন গােহাঁইয়ে সাহিত্য একাডেমী বঁটা লাভ কৰে।


১০। কে'ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ প্ৰথমতে ক’ত নামভৰ্তি কৰিব লাগিব ?

উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ হ’লে প্ৰথমতে কলেজত নামভৰ্তি কৰিব লাগিব।


১১। প্রথমতে বিশ্ববিদ্যালয় বােৰক কি বােলা হৈছিল ? 

উত্তৰঃ প্রথমতে বিশ্ববিদ্যালয় বােৰক স্কুল বােলা হৈছিল।


১২। ভাৰতত কেতিয়া প্রথম বিশ্ববিদ্যালয় স্থাপন হয় ?

উত্তৰঃ ১৮৫৭ চনত ভাৰতত প্রথম বিশ্ববিদ্যালয় স্থাপন হয় । 


একাদশ শ্ৰেণীৰ অসমীয়া সমাধান 

ধনৰ ব্যৱহাৰ সকলো প্ৰশ্নোত্তৰ  

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্ৰশ্নোত্তৰ 

গৌৰব প্ৰশ্নোত্তৰ 

কিতাপৰ কথা প্ৰশ্নোত্তৰ 

কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্ৰশ্নোত্তৰ 





Class 11 / HS 1st Year Science Biology English Medium



HS 1st Year Mathematics Question Paper 2016 PDF Download 

HS 1st Year Mathematics Question Paper 2017 PDF Download

HS 1st Year Mathematics Question Paper 2018 PDF Download

HS 1st Year Mathematics Question Paper 2020 PDF Download

HS 1st Year Mathematics Question Paper 2022 PDF Download


HS 1st Year Physics Question Paper 2022 PDF Download



HS 1st Year Political Science Question Paper 2016 PDF Download 

HS 1st Year Political Science Question Paper 2017 PDF Download 

HS 1st Year Political Science Question Paper 2018 PDF Download 

HS 1st Year Political Science Question Paper 2019 PDF Download

HS 1st Year Political Science Question Paper 2020 PDF Download 

HS 1st Year Political Science Question Paper 2021 PDF Download 

HS 1st Year Political Science Question Paper 2022 PDF Download


HS 1st Year Economics Question Paper 2017 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2018 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2019 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2020 PDF Download 

HS 1st Year Economics Question Paper 2021 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2022 PDF Download (Uploading) 


HS 1st Year History Question Paper 2016 PDF Download

HS 1st Year History Question Paper 2017 PDF Download

HS 1st Year History Question Paper 2018 PDF Download

HS 1st Year History Question Paper 2019 PDF Download 

HS 1st Year History Question Paper 2020 PDF Download





English Model Paper 2023 Pdf 









No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.