15 Aug 2023

কাঠমিস্ত্ৰীৰ ঘৰ HS 2nd Year Chapter 5 Assamese Question Answer

কাঠমিস্ত্ৰীৰ ঘৰ HS 2nd Year Chapter 5 Assamese Question Answer

কাঠমিস্ত্ৰীৰ ঘৰ HS 2nd Year Chapter 5 Assamese Question Answer


কাঠমিস্ত্ৰীৰ ঘৰ HS 2nd Year Chapter 5 Assamese Question Answer: কাঠমিস্ত্ৰীৰ ঘৰ/Kathmistrir Ghar is the chapter 5 from AHSEC HS 2ND Year Assamese (MIL) Textbook সাহিত্য সৌৰভ/Sahitya Saurabh. কাঠমিস্ত্ৰীৰ ঘৰ/Janatar Ahban is written by ধীৰেন্দ্র চন্দ্র দত্ত. Here you can avail কাঠমিস্ত্ৰীৰ ঘৰ HS 2nd Year Chapter 5 Assamese Question Answer:





কাঠমিস্ত্ৰীৰ ঘৰ | Class 12 Assamese | দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি | HS 2nd Year Assamese | Solution Assam Board | Class 12 Assamese Lesson 5 Question and Answer | HS 2nd Year Assamese Chapter 5 Solution


(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)


১। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত ?

উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো ১৯৩৯ চনত ৰচিত।



২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম হ’ল ‘অভিযান’।



৩। কবিতাটিত ‘প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে ?

উত্তৰঃ কবিতাটিত ‘প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কাঠমিস্ত্ৰী সকলে তৈয়াৰ কৰি উলিওৱা আচবাব সমূহৰ কথা কোৱা হৈছে।


 

৪। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন ?

উত্তৰঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হ’ল কাঠমিস্ত্ৰীসকল।



৫। কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে ?

উত্তৰঃ কাঠমিস্ত্ৰীসকলে নিজৰ বাহুবলেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে।





কাঠমিস্ত্ৰীৰ ঘৰ Question Answer Class 12 Assamese 

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)


১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলি হ’ল ৰাণ্ডা আৰু বটালি।


 

২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল ?

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কৈছিল যে –“মোক যদি কোনোৱাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব কাঠমিস্ত্ৰীৰ ঘৰ”।


 

৩। কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।

উত্তৰঃ কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাব হ’ল - টেবুল,চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয়, প্ৰাসাদ সদৃশ ঘৰ ইত্যাদি।



৪। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে ?

উত্তৰঃ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।


 

৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে ?

উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি ল’বলৈ কৈছে।



 

HS 2nd Year Assamese Chapter 5 Class 12  কাঠমিস্ত্ৰীৰ ঘৰ

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)


১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত। তেওঁৰ দেউতাকৰ নাম আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা।


বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল। তাৰ পৰা আহি তেওঁ গোলাঘাটত নিগাজিকৈ থাকিবলৈ লয়। সৰুতে দেউতাকক হেৰুৱাই তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰতে পঢ়িবলৈ লয়। ১৯২৮ চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰে। তাৰবাবে দুবছৰ জেলো খাটিবলগীয়া হয়।


দহবছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাবে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। ১৯৩৬ চনত তেওঁৰ কাব্য সংকলন ‘অভিযান’ প্ৰকাশ পায় । ১৯৭২ চনৰ ২২ অক্টোবৰত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত তেখেতৰ মৃত্যু হয়।


 


২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা ।

উত্তৰঃ শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিত প্ৰকাশ পাইছে। অসহনীয় শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে।


ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে গঢ়ি দিয়ে মায়াপুৰী সদৃশ প্ৰাসাদ। ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক। শ্ৰমৰ প্ৰকৃত মূল্য তেওঁলোকে কেতিয়াও লাভ নকৰে। কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।




৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা-


‘বিশ্বৰ যত কৰ্মীৰ দল

তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল’

উত্তৰঃ প্ৰসংগঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।


সংগতিঃ কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ শিল্পী জীৱনৰ প্ৰশংসাত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।


ব্যাখ্যাঃ কবিতাফাঁকিৰ মাজেৰে কবিৰ শ্ৰমজীৱী জনতাৰ প্ৰতি প্ৰশস্তি প্ৰকাশ পাইছে। কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে কোমল অনুভৱ। অকণো জিৰণি নোলোৱাকৈ দেহে কেনে খাটি কঠিন কাঠেৰে খাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ । কপালৰ ঘাম মাটিত পেলাই, দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নীৰস আৰু কঠিন বেঁকা-বেঁকি কাঠক ৰাণ্ডা-বটালি মাৰি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ্য প্ৰাসাদ। অ্থচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা। সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাকিৰ মাজেদি ফুটি উঠিছে।




৪। কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰঃ কবিয়ে কাঠমিস্ত্রীৰ ঘৰ কবিতাটিত মিস্ত্রীসকলক বিশ্বৰ শিল্পী বুলি কৈছে। বস্তু এটাক সুন্দৰ ৰূপত গঢ় দিয়াটোৱেই শিল্প। কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুণ শিল্পী। তেওঁলোকৰ হাতৰ পৰশত নীৰস, কঠিন কাঠে প্ৰাণ পাই উঠে। ৰাণ্ডা-বটালিৰ খুন্দাত গঢ় লয় নানা মনোমোহা সামগ্ৰীৰ। কপালৰ ঘাম মাটিত পেলাই, দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে। অথচ নিজে দুৰ্দশাগ্ৰস্থ জীৱন কটায় । সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে।


 


৫। কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে ?

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান ন্যার্য প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহু বলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।


কাঠমিস্ত্রীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্রাসাদ অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্র সাজি দিয়ে। কিন্তু তেওঁলোকে নিজৰ ন্যার্য প্রাপ্য নাপায়। তেওঁলোকৰ জীৱন দৰিদ্ৰতাত ডুৱ গৈ থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রী, কঁহাৰ, কমাৰসকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি তেওঁলোক সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় তেওঁলোকৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। তেওঁলোকে বিপ্লৱৰ বিনিময়ত নিজৰ ন্যার্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব। 





HS 2nd Year Assamese Chapter 5 Class 12  কাঠমিস্ত্ৰীৰ ঘৰ Common Question Answer 


১। কাঠমিস্ত্রীৰ ঘৰ কবিতাটোৰ কবিজনৰ নাম লিখা। 

উত্তৰঃ কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোৰ কবিজনৰ নাম হ’ল— ধীৰেন্দ্র চন্দ্র দত্ত।



২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কত আৰু কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত জন্ম হৈছিল। 


৩। ধীৰেন্দ্র চন্দ্র দত্ত কোন শ্রেণীৰ কবি ?

উত্তৰঃ ধীৰেন্দ্র চন্দ্র দত্ত প্রগতিশীল চিন্তাৰ কবি।



৪। কাঠমিস্ত্রীৰ ঘৰ কবিতাটি প্রথমে ক’ত আৰু কেতিয়া প্ৰকাশ হৈছিল ?

উত্তৰঃ কাঠমিস্ত্রীৰ ঘৰ কবিতাটি ১৯৩৯ চনত প্রথমে অসম ছাত্ৰ সন্মিলনৰ মুখপত্র মিলনত  প্ৰকাশ হৈছিল।



৫। কাঠমিস্ত্রী ক’ত থাকিবলগীয়া হয় ? 

উত্তৰঃ কাঠমিস্ত্রী অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হয়।



৬। কাঠমিস্ত্রীয়ে কি কি কাঠক মনােহৰ ৰূপ দিয়ে ? 

উত্তৰঃ কাঠমিস্ত্রীয়ে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক মনােহৰ ৰূপ দিয়ে।



৭। 'বিশ্বশিল্পী মহা বিশ্বৰ” কবিয়ে কাক “বিশ্ব শিল্পী" বুলি অভিহিত কৰিছে ?

উত্তৰঃ “বিশ্বশিল্পী মহা বিশ্বৰ” কবিয়ে কাঠমিস্ত্রীক বিশ্বশিল্পী বুলি অভিহিত কৰিছে।



৮। কাঠ খুলিবলৈ আৰু মিহিকৈ চুচিবলৈ কাঠমিস্ত্ৰয়ে কি কি বিশেষ সজুলি ব্যৱহাৰ কৰে ? 

উত্তৰঃ কাঠ খুলিবলৈ কাঠমিস্ত্রীয়ে বটালি আৰু মিহিকৈ চুঁচিবলৈ ৰাণ্ডা নামৰ সঁজুলি ব্যৱহাৰ কৰে।



৯। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাৰ জৰিয়তে কবিয়ে কাৰ জীৱনৰ কথা ক’ব বিচাৰিছে ?

উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাৰ জৰিয়তে কবিয়ে সদাবঞ্চিত বিশ্বৰ শ্ৰমিক বনুৱাসকলৰ জীৱনৰ কথা ক’ব বিচাৰিছে ।



১০। আন্ধাৰৰ শেষ আহিল তােমাৰ ইয়াত আন্ধাৰ শব্দটোৱে কি বুজাইছে ?

উত্তৰঃ আন্ধাৰৰ শেষ আহিল তােমাৰ ইয়াত আন্ধাৰ শব্দটোৱে দুখ, প্রবঞ্চনা, শােষণ আদিক বুজাইছে।



১১। আধুনিক অসমীয়া প্রগতিশীল কবিতাৰ প্ৰসংগত ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটি সম্পর্কে ড° হীৰেণ গােহাইদেৱে কি মন্তব্য আগবঢ়াইছে ? 

উত্তৰঃ ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটি সম্পর্কে ড° হীৰেণ গােহাঁইদেৱে কৈছে যে—এই চাম কবিতাৰ ভিতৰত সম্ভৱতঃ সর্বশ্রেষ্ঠ হ’ল কাঠমিস্ত্রীৰ ঘৰ।



১২। কাঠমিস্ত্রীৰ জীৱনৰ অৱস্থা কেনেকুৱা ? কাঠমিস্ত্রীৰ ঘৰ শীর্ষক কবিতাটোৰ আলমত লিখা। 

উত্তৰঃ কাঠমিস্ত্রীয়ে অতি শােচনীয় জীৱন অতিবাহিত কৰে। কপালৰ ঘাম মাটিত পেলাই, শৰীৰৰ তেজ পানী কৰি তেওঁলােকে কাম কৰে। তেওঁলােকৰ হাতৰ পৰশত আঢ্যৱন্তলােকৰ সৌন্দৰ্যৰ সামগ্রী তৈয়াৰ হয়, কিন্তু তেওঁলােকে প্রাপ্য মজুৰি নাপায়। অভাৱত জুৰুলা হৈ তেওঁলােকে অন্ধকাৰত ডুব গৈ দৰিদ্ৰতাৰ জীৱন পাৰ কৰে।



১৩। বিলাসীৰ দলে কাঠমিস্ত্রীয়ে সাজি দিয়া ঘৰত কোনে জীৱন-যাপন কৰে ?

উত্তৰঃ কঠোৰ পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই কাঠমিস্ত্রীয়ে ধনী লােকৰ বাবে মায়াপুৰীৰ দৰে অট্টালিকা সাজি দিয়ে। তেওঁলােকৰ চেষ্টাত নীৰস, কঠিন কাঠেও প্রাণ পাই উঠে। সেই প্রাসাদৰ ভিতৰত দামী দামী আচবাব ভৰি পৰে। বিলাসী জীৱন যাপন কৰা ধনীৰ দুলালহঁতে আৰামী চকীত গা ঘেলাই জীৱনৰ মধুৰ সংগীত গায়। এইদৰে কাঠমিস্ত্রীয়ে সজাঘৰত সমাজৰবৰ নেতাসকলে মহা সুখেৰে জীৱন কটায় বুলি কবিয়ে কৈছে।



১৪। কাঠমিস্ত্রীয়ে কেনেদৰে কি কাম কৰে, বুজাই লিখা।

উত্তৰঃ আজাৰ, শিমলু, শাল, শিঙৰি কঠিন নিৰস বেঁকা বেঁকি কাঠো কাঠমিস্ত্রীয়ে কাটি কুটি ৰেণ্ডাৰে মিহি কৰি বটালি হাতুৰীৰে চালে চকুৰোৱা টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ আলমাৰি, চিপয় আদি নানা ৰকমৰ মনোৰম আচবাব তৈয়াৰ কৰে। তদুপৰি কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি ধনিক বিলাসী লোকসকলৰ বাবে মায়াপুৰী সদৃশ ঘৰ-দুৱাৰ প্রাসাদ কাৰেংআদি নিৰ্মাণ কৰে।




PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.