19 Aug 2023

শিক্ষাৰ ধাৰণা BA 1st Sem Education Major Question Answer

শিক্ষাৰ ধাৰণা BA 1st Sem Education Major Question Answer

শিক্ষাৰ ধাৰণা BA 1st Sem Education Major Question Answer


শিক্ষাৰ ধাৰণা BA 1st Sem Education Major Question Answer: শিক্ষাৰ ধাৰণা (Concept of Education) is the chapter 1 BA 1st Semester Education Major. Here you can avail শিক্ষাৰ ধাৰণা BA 1st Sem Education Major Question Answer. 




শিক্ষাৰ ধাৰণা B.A 1st Semester Education Major All Question Answer 

১।  শিক্ষাৰ ইংৰাজী প্রতিশব্দ কি ? 

উত্তৰঃ শিক্ষাৰ ইংৰাজী প্রতিশব্দ হ'ল- Education ।



২। ইংৰাজী 'education' শব্দটো কোন শব্দৰ পৰা উদ্ভৱ হৈছে ? 

উত্তৰঃ ইংৰাজী 'education' শব্দটো লেটিন শব্দ 'educare' ৰ পৰা উদ্ভৱ হৈছে।



৩। শিক্ষাৰ বুৎপত্তিগত অর্থ লিখা ।

উত্তৰঃ বুৎপত্তিগত দিশেৰে বিবেচনা কৰিলে দেখা যায় যে শিক্ষা শব্দটো লেটিন ভাষাৰ কেইবাটাও শব্দৰ পৰা আহিছে যেনে Educare, Educatum, এডোকেৰে. 



৪। লেটিন শব্দ 'Educare' ৰ অৰ্থ কি ? 

উত্তৰঃ Educare শব্দৰ অৰ্থ হ'ল to nourish বা to bring up অৰ্থাৎ লালন পালন কৰা বা তুলি তালি ডাঙৰ দীঘল কৰা বা প্ৰতিপালন কৰা । 



৫। লেটিন শব্দ ' এডোকেৰে ' ৰ অৰ্থ কি ? 

উত্তৰঃ এডোকেৰে শব্দৰ অৰ্থ হ'ল to lead out বা to draw out অৰ্থাৎ বিকশাই তোলা । 



৬। লেটিন শব্দ 'Educatum' ৰ অৰ্থ কি ? 

উত্তৰঃ Educatum শব্দৰ অৰ্থ হ'ল the act of teaching or training অৰ্থাৎ শিক্ষাদান বা প্ৰশিক্ষণ কাৰ্য। 



৭। ভাৰতীয় শব্দচয়ন অনুসৰি শিক্ষা শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ? 

উত্তৰঃ ভাৰতীয় শব্দচয়ন অনুসৰি শিক্ষা শব্দটো সংকৃত ভাষাৰ শাস (shas) ধাতুৰ পৰা উৎপত্তি হৈছে । 



৮। বিদ্যা শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ? 

উত্তৰঃ বিদ্যা শব্দটো সংকৃত 'বিদ' ধাতুৰ পৰা উৎপত্তি হৈছে । 



৯। লেটিন শব্দৰ উৎপত্তিৰ মতে ইংৰাজীৰ 'education' শব্দত 'e' আৰু ' Duco' শব্দৰ অৰ্থ কি ?

উত্তৰঃ লেটিন শব্দৰ উৎপত্তিৰ মতে ইংৰাজীৰ এডুকেশন শব্দত 'e' শব্দৰ অৰ্থ হ'ল 'out of' মানে য'ৰ পৰা বা ভিতৰৰ পৰা আৰু ' Duco শব্দৰ অৰ্থ হ'ল 'I lead' মানে মই আগুৱাই যাওঁ বা মই পৰিচালিত হওঁ ।




Ba 1st Sem Education 1st Chapter Assamese Medium

১০। ৰিপাব্লিক গ্ৰন্থৰ লিখক কোন ?

উত্তৰঃ ৰিপাব্লিক গ্ৰন্থৰ লিখক হ'ল প্লেটো।



১১। ৰুচোৰ বিখ্যাত গ্ৰন্থ এখনৰ নাম লিখা । 

উত্তৰঃ ৰুচোৰ বিখ্যাত গ্রন্থ এখন হল 'এমিন' গ্রন্থ।



১২। 'আধুনিক শিক্ষাৰ পিতৃ' বুলি কাক কোৱা হয় ?

উত্তৰঃ 'আধুনিক শিক্ষাৰ পিতৃ বুলি জন আমাছক ( Jhon Amos) কোৱা হয়।



১৩। বহল অৰ্থত শিক্ষাই কি বুজাই ? 

উত্তৰঃ বহল অৰ্থত শিক্ষাই মানৱ জীৱনৰ সমগ্ৰ দিশ আগুৰি থাকে । 



১৪। Democracy and Education নামৰ গ্ৰন্থখনৰ ৰচক কোন ?

উত্তৰঃ Democracy and Education নামৰ গ্ৰন্থখনৰ ৰচক হ'ল- জন ডিউই।



১৫। 'শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূৰ্ণতা প্ৰথমৰ পৰাই বিদ্যামান তাৰ প্ৰকাশ'— কথাষাৰ কোনে কৈছিল ?  

উওৰঃ 'শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূৰ্ণতা প্ৰথমৰ পৰাই বিদ্যামান তাৰ প্ৰকাশ' এই কথাষাৰ স্বামী বিবেকানন্দই কৈছিল ।



১৬। "শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক, ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ"— কথাষাৰ কোনে কৈছিল ? 

উওৰঃ "শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক, ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ" এই কথাষাৰ পেষ্টল' জিয়ে কৈছিল ।



১৭। "উপযুক্ত সময়ত আমি সুখ আৰু দুখ অনুভৱ কৰিব পৰা ক্ষমতাই শিক্ষা"— কথাষাৰ কোনে কৈছিল ? 

উওৰঃ "উপযুক্ত সময়ত আমি সুখ আৰু দুখ অনুভৱ কৰিব পৰা ক্ষমতাই শিক্ষা" এই কথাষাৰ প্লেটোয়ে কৈছিল। 



১৮। শিক্ষাৰ পৰিসৰ মানে তুমি কি বুজা ?

উওৰঃ শিক্ষাৰ পৰিসৰ মানে বিষয়ৰ প্ৰসাৰ বহল অৱস্থা ব্যাপকতা ইত্যাদি। ই কৰ্মৰ সুবিধা প্রয়োগ আদিকো সামৰি লয়। শিক্ষাৰ পৰিসৰ হ'ল অপৰিসীম আৰু বহুত বহল আৰু দীঘল।


শিক্ষাৰ ধাৰণা Concept of Education BA 1st Sem PDF

১৯। প্রকৃত শিক্ষা কি ?

উওৰঃ প্ৰকৃত শিক্ষা হ'ল এনেধৰণৰ শিক্ষা যিয়ে সঘনাই পৰিবৰ্তন হৈ থকা সমাজ আৰু জটিল বিশ্বখনত সৌহার্দ্যপূর্ণভাবে ব্যৱহাৰিক আৰু অর্থপূর্ণ জীৱনধাৰণৰ পথ সুগম কৰে । প্রকৃত শিক্ষাই মানুহক বা ব্যক্তিক আড়ম্বৰপূৰ্ণ আৰু যৌগক হৈ উঠাৰ পৰিবৰ্তে সহজ-সৰল আৰু মুক্ত হোৱাত অৰিহণা যোগায়।



২০। "শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া" চমুকৈ লিখা।

উওৰঃ শিক্ষা হৈছে ব্যক্তিৰ জীৱনজুৰি বৰ্তি থকা কাৰ্যবিশেষ । ব্যক্তিৰ জন্মৰ পৰা মৃত্যু পর্যন্ত অব্যাহত থকা এক বিকাশশীল প্ৰক্ৰিয়া ।



২১। শিক্ষাৰ দুটা সংজ্ঞা দিয়া ।

উওৰঃ ঋগবেদৰ মতে শিক্ষাৰদ্বাৰা ব্যক্তি স্ব-নির্ভৰশীল হয় আৰু আনকো নিজৰ দৰে জ্ঞানী কৰাৰ ক্ষমতা লাভ কৰে।


উপনিষদৰ মতে, শিক্ষা হৈছে ব্যক্তিৰ আত্ম-মুক্তিৰ একমাত্র উপায়।



২২। শিক্ষাৰ পৰিসৰত কোনবোৰ বস্তুক অন্তৰ্ভুক্ত কৰা হৈছে ?

উওৰঃ শিক্ষাৰ পৰিসৰত বহুবোৰ বিষয়ক অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। অন্তর্ভুক্ত বিষয়বোৰ হল শিক্ষা দর্শন, শিক্ষা সমাজবিজ্ঞান, শিক্ষা মনোবিজ্ঞান, শিক্ষাৰ ইতিহাস, শিক্ষাৰ সমস্যাসমূহ, শৈক্ষিক প্ৰশাসন আৰু সংগঠন, শিক্ষা প্রযুক্তিবিদ্যা, শিক্ষাদানৰ কৌশল, শৈক্ষিক পৰিসংখ্যা বিজ্ঞান ইত্যাদি।




২৩। আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।

উওৰঃ আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল -


(ক) আনুষ্ঠানিক শিক্ষা এক সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয়। এই শিক্ষা পূর্বনির্ধাৰিত আৰু উদ্দেশ্য প্রণোদিত।


(খ) আনুষ্ঠানিক শিক্ষা এক নির্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয়। গতিকে শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ।

 



২৪। অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।

উওৰঃ অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-


(ক) অনানুষ্ঠানিক শিক্ষা আকস্মিক স্বতঃস্ফূর্ত আৰু নীতি-নিয়ম বহির্ভূত। ইয়াত সচেতনভাবে কোনো কাৰ্য পৰিচালিত নহয়।


(খ) আনুষ্ঠানিক শিক্ষাৰ দৰে অনানুষ্ঠানিক শিক্ষা কোনো বিশেষ সংগঠন বা বিদ্যালয় - মহাবিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা নহয়।




২৫। অগাতনুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।

উওৰঃ অগাতনুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-


(ক) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।


(খ) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্রিক।




২৬। শিক্ষাৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা ।

উওৰঃ শিক্ষাৰ পৰিধি বা পৰিসৰ বুলি কলে শিক্ষাই সামৰি লোৱা বিষয়বস্তু সমূহকে বুজোৱা হয়। শিক্ষাক্ষেত্ৰত পৰিধিয়ে কোনো বহুলতা আৰু বহুমুখী শিক্ষা অভিজ্ঞতাকে সাঙুৰি লয়। এইটো সত্য যে, শিক্ষাৰ পৰিধি অতি ব্যাপক আৰু বহল। ঠিক আমাৰ জীৱনৰ নিচিনা। ব্যক্তি বিকাশৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক দিশৰ প্ৰতিটো স্তৰতেই শিক্ষাৰ প্ৰভাৱ বিৰাজমান। শিক্ষক শিক্ষাৰ্থীৰ পাৰস্পৰিক ভাৱৰ বিনিময়, শিক্ষকৰ চৰিত্ৰ, আচৰণ, শৃংখলাবোধ, শিক্ষাদানৰ কৌশল, পাঠ্যক্ৰমৰ প্রকৃতি, বিভিন্ন বিষয়বস্তুৰ জ্ঞান, শিক্ষণ, শিক্ষণ পদ্ধতি, অনুশাসন ব্যৱস্থা আদিৰ সুসংবদ্ধ আৰু প্রণালীবদ্ধ অধ্যয়ন কৰাই শিক্ষা।















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.