6 May 2023

মোৰ মাতৃ মুখ দৰ্শন HS 2nd Year Chapter 1 Assamese Question Answer

মোৰ মাতৃ মুখ দৰ্শন HS 2nd Year Chapter 1 Assamese Question Answer

মোৰ মাতৃ মুখ দৰ্শন HS 2nd Year Chapter 1 Assamese Question Answer


মোৰ মাতৃ মুখ দৰ্শন HS 2nd Year Chapter 1 Assamese Question Answer: মোৰ মাতৃ মুখ দৰ্শন/Mur Matrimukh Dorxon is the chapter 1 from AHSEC HS 2ND Year Assamese (MIL) Textbook সাহিত্য সৌৰভ/Sahitya Saurabh. মোৰ মাতৃ মুখ দৰ্শন/Mur Matrimukh Dorxon is written by লক্ষ্মীনাথ বেজবৰুৱা. Here you can avail মোৰ মাতৃ মুখ দৰ্শন HS 2nd Year Chapter 1 Assamese Question Answer.


Class 12 Assamese Chapter 1 Mur Matrimukh Dorxon Question Answer

মোৰ মাতৃমুখ দৰ্শন

― লক্ষ্মীনাথ বেজবৰুৱা

লেখকৰ পৰিচয়ঃ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪ - ১৯৩৬) হৈছে বহুমূখী প্ৰতিভাধাৰী এজন অসমীয়া সাহিত্যিক৷ তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত৷ তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চশিক্ষা লাভ কৰিবলৈ যায়৷ ১৮৯৯ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়। লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ যুগনায়ক৷ 'জোনাকী' আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্রবাহিত কৰে। "জোনাকী" ৰ পাততে তেওঁ ধেমেলীয়া নাটক 'লিতিকাই' আৰু গল্পসমূহ প্ৰকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে শ্রেণী বিভাজন কৰিব পাৰি-

ধেমেলীয়া নাটকঃ লিতিকাই, পাচনি, নোমল আৰু চিকৰপতি- নিকৰপতি ।

উপন্যাসঃ পদুম কুঁৱৰী ।

কবিতাঃ কদমকলি ।

গল্প পুথিঃ জোনবিৰি, সাধুকথাৰ ঝুঁকি, কেহোঁকলি আৰু সুৰভি ।

সাধুকথাঃ বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল'ৰা, জুনুকা ।

বুৰঞ্জীমূলক নাটকঃ জয়মতী, চক্রমুক্ত সিংহ, বেলিমাৰ ।

হাস্য-ব্যংগ ৰচনাঃ কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভটনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি ।

জীৱনীঃ ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ।

আত্মজীৱনীঃ মোৰ জীৱন সোঁৱৰণ ।

তত্বমূলক গ্ৰন্থঃ শ্ৰীকৃষ্ণৰ কথা আদি ।

তেখেতে 'বাহী' নামৰ আলোচনী এখনৰ সম্পাদকো আছিল । তেখেতে ১৯২৪ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল। ১৯৩৮ চনত তেওঁৰ মৃত্যু হয় ।


Class 12 Assamese MIL Chapter 1 AHSEC Question Answer


আৰ্হি প্ৰশ্ন

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১) 

১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ
‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খন্দ)ৰ পৰা সংগ্রহ কৰা হৈছে।


২।  সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?
উত্তৰঃ
সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।


৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল ?
উত্তৰঃ 
বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল ৷


৪। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল ?
উত্তৰঃ
 ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী আৰু সৰুজনী কন্যা ৷


৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷
উত্তৰঃ 
লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম - 'লিতিকাই’৷



(খ) চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩) 

১। 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷
উত্তৰঃ 
কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল ৷ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে ৷ সেয়েহে পাঠটিৰ নাম 'মোৰ মাতৃমুখ দৰ্শন' নামাকৰণ কৰা হৈছে ৷


২। 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষটিত 'মাতৃ' শব্দৰে কি বুজোৱা হৈছে ? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ?
উত্তৰঃ 
'মোৰ মাতৃমুখ দর্শন' শীর্ষক পাঠটিত 'মাতৃ' শব্দৰে নিজৰ মাতৃভূমি অসমক বুজোৱা হৈছে । প্ৰায় ডেৰ দুকুৰি বছৰৰ পিছত আৰু ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত কৰ্মসূত্ৰে থকা সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা কৰি (২২) বাইশ ছেপ্তেম্বৰত লেখকৰ মাতৃমুখ দর্শন হৈছিল।


৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল ?
উত্তৰঃ
 লক্ষ্মীনাথ বেজবৰুৱা উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ আহি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল ৷ কোনোৱে সুললিত কণ্ঠেৰে সঙ্গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল ৷ এনে এটা সুন্দৰ পৰিৱেশ পাই বেজবৰুৱা সৰুকালৰ আনন্দ ৰসত নিমজ্জিত হৈছিল । এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল ৷


৪। 'মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা 'মাজিউ’ আৰু 'জ্ঞান’ কোন আছিল ?
উত্তৰঃ 'মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা 'মাজিউ’ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান’ আছিল আৰ্ল ল কলেজৰ (Earl's Law College) প্ৰিন্সিপাল জে. বৰুৱা (জ্ঞানানাভিৰাম বৰুৱা) বেৰিষ্টাৰ এট্-লৰ ।


৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ
 লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ-

(ক) গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দর্য,

(খ) ঐতিহাসিক উৎকৰ্ষ আৰু

(গ) ইয়াৰ প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা ।



Class 12 Assamese Lesson 1 Question Answer AHSEC

(গ) দীঘল প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫) 

১। 'মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’ল যাত্ৰাৰ এটি বিৱৰণ আগবঢ়োৱা।
উত্তৰঃ 
কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জীয়ৰী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে ।


কিন্তু ঝাৰচোগোড়া পোৱাৰ আগতে কলিকতাৰ ফালে যোৱা বোম্বাই মেইল গাড়ীয়ে ষ্টেচন এৰে। উপায়হীন হৈ ৰাতি দুই-তিনি বজালৈ খাপ দি শেহৰাতীয়া পেছেঞ্জাৰ গাড়ীখনতে জাৰচোখেড়াৰ পৰা কলিকতালৈ যায় । তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল আৰু ৰে’লত খোৱাৰ ব্যৱস্থা কৰিব নোৱৰা কাৰণে পৰিয়ালসহ লেখকে লঘোণে-ভোকে যাত্ৰা কৰিবলগীয়া হয় ৷


বিশ তাৰিখে ৰাতি আঠমান বজাত তেওঁলোকে কলিকতাত উপস্থিত হয় আৰু তাতে এঠাইত লৰালৰিকৈ ভাত আৰু মাহৰ আঞ্জা ৰন্ধাই এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ৷


২। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি- কৰ্মৰ কাহিনীটো তোমাৰ ভাষাত বুজাই লিখা।
উত্তৰঃ 
‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখকে উল্লেখ কৰা মতে তাহানি হেনো মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷


পাৰ্বতীৰ এনে ককৰ্থনা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ খোৱা বোৱা বাদ দি কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ আনকি মহাদেৱে ঘৰলৈ আহিবলৈকো পাহৰিলে।


মহাদেৱৰ এনে কার্য দেখি পার্বতী উপায়হীন হৈ নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে। তথাপি মহাদেৱ ঘৰলৈ উভতি নহা দেখি নাৰদক খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷


৩। “হাহা হুহু’ কোন আছিল  ? তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা ?
উত্তৰঃ‘হাহা হুহু’ আছিল মহাদেৱৰ পত্নী পাৰ্বতীয়ে সৃষ্টি কৰা দুটা মানসপুত্র। তাহানি হেনো মহাদেৱে ভাং, ধতুৰা নাই ঘৰৰ কাম-বন নকৰি এনেই বহি থকাত পাৰ্বতীয়ে এদিন মহাদেৱক ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷


পাৰ্বতীৰ এনে ককৰ্থনা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ খোৱা বোৱা বাদ দি কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ আনকি মহাদেৱে ঘৰলৈ আহিবলৈকো পাহৰিলে।


মহাদেৱৰ এনে কার্য দেখি পার্বতী উপায়হীন হৈ নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে। তথাপি মহাদেৱ ঘৰলৈ উভতি নহা দেখি নাৰদক খাটনি ধৰিলে। অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে, এইবোৰ একো কামত নাহিল ৷ অৱশেষত উপাইহীন হৈ পাৰ্বতীয়ে হাহা-হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি মহাদেৱৰ কৃষিকাৰ্যত আমনি কৰিবলৈ পঠিয়াই দিছিল। 


৪। ডিব্ৰুগড়ত কোনবোৰ কথাই লক্ষ্মীনাথ বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা।
উত্তৰঃ 
দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল ৷


সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷


দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল ৷ এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷


৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা।
উত্তৰঃ
বিদেশী নাটক অসমীয়ালৈ ভাঙি অসমীয়া ৰংগশালাত অভিনয় কৰা কাৰ্যটোত বেজবৰুৱাই বৰ সন্তোষ পোৱা নাছিল। কিন্তু বিদেশী ভাষাৰ নাটক একেবাৰে অসমীয়া ৰংগশালাৰ পৰা বাহিৰ কৰি দিয়াটোৰো তেওঁ বিৰোধী আছিল।


তেওঁৰ মতে বিদেশী নাটকৰ অনুবাদবোৰ প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত সি জীন যোৱা বিধৰ হ’ব লাগে। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে ৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷


ইয়াৰোপৰি বিদেশী নাটৰ অসমীয়া অনুবাদে অসমীয়া সৰ্বসাধাৰণৰ মন হৰণ কৰিব পৰা হ’ব লাগে বুলি তেওঁ ভাবিছিল। বেজবৰুৱাই আকৌ কৈছিল যে নতুনকৈ উঠি অহা ডেকাচামে যদি তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজ পাৰ পিন্ধাই অসমীয়া ৰংগশালাত তুলি দিব পাৰে তেন্তে তাৰ আসোঁৱাহ বুলিবলৈ একো নাথাকিব।


Class 12 Assamese Chapter 1 Important Question Answer

দৰকাৰী চমু প্ৰশ্ন

১। লক্ষ্মীনাথ বেজবৰুৱাৰ 'শ্ৰীকৃষ্ণকথা’ কি বিষয়ক গ্রন্থ ?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাৰ 'শ্ৰীকৃষ্ণকথা’ এখন তত্ত্বমূলক গ্রন্থ।


২। ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” কোন চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ
‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” ১৮৮৮ চনত প্রকাশ পাইছিল।


৩। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত চাৰিখন ধেমালীয়া নাটকৰ নাম লিখা ।
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমালি নাটকসমুহৰ নাম হৈছে 'লিতিকাই', 'নোমল', 'পাচনি', আৰু চিকৰপতি নিকৰপতি'।


৪। 'মোৰ মাতৃমুখ দৰ্শন' কোন শ্ৰেণীৰ ৰচনা ?
উত্তৰঃ
'মোৰ মাতৃমুখ দৰ্শন, আত্মজীৱন-কথা অর্থাৎ আত্মজীৱনীমূলক আৰু ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা ।


৫। লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰে ?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ জেনেৰেল এছেমব্লি ইনষ্টিটিউশান' (General Assembly's Institution) পৰা বি. এ. ডিগ্ৰী লাভ কৰে।


৬। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা ?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম- কদমকলি ।


৭। 'মোৰ মাতৃমুখ দৰ্শনত উল্লিখিত বৃন্দাবনচন্দ্ৰ কোন ?
উত্তৰঃ
'মোৰ মাতৃমুখ দৰ্শনত উল্লিখিত বৃন্দাবনচন্দ্ৰ হ'ল- ভগৱান শ্ৰী কৃষ্ণ।


৮।  লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? তেওঁ তাত কি কাম কৰিছিল ?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল। তেওঁ তাত বাৰ্ড কোম্পানিৰ ফাৰ্মৰ 'মেনেজাৰ'ৰ পদত কাম কৰিছিল।


৯।  'জোনাকি' আলোচনী পোন প্রথমে কেতিয়া প্ৰকাশ হৈছিল?
উত্তৰঃ
'জোনাকি' আলোচনী পোন প্রথমে ১৮৮৯ চনত প্ৰকাশ হৈছিল ।


১০। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখনৰ নাম 'কদমকলি'।


১১। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্র উপন্যাসখনিৰ নাম 'পদুমকুঁৱৰী'।


১২।  'মোৰ জীবন সোঁৱৰণ' নামৰ আত্মজীবনীখনৰ ৰচক কোন?
উত্তৰঃ
মোৰ জীবন সোঁৱৰণ' নামৰ আত্মজীবনীখনৰ ৰচক লক্ষ্মীনাথ বেজৰুৱা ।


১৩।  লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল ?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল ।


১৪।  লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল ?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনত মৃত্যু হৈছিল।


১৫। অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায় ?
উত্তৰঃ
অসমীয়া চুটিগল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাক বুজায় ।


১৬। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি ?
উত্তৰঃ
লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম 'জোনাকী'।


১৭। 'মোৰ মাতৃমুখ দৰ্শন' পাঠটিত 'মাতৃ' শব্দৰে কি বুজোৱা হৈছে ?
উত্তৰঃ
'মোৰ মাতৃমুখ দৰ্শন' পাঠটিত 'মাতৃ' শব্দৰে বেজবৰুৱাৰ দেশমাতৃ তথা জন্মভূমি অসমক বুজোৱা হৈছে ।


১৮। প্রবসুৱা লেখকে কৰ্মসূত্রে কোন ঠাইত আছিলগৈ ?
উত্তৰঃ
প্ৰবসুৱা লেখকে কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত আছিলগৈ ।


১৯। বেজবৰুৱাৰ কিমান বছৰৰ পাছত 'মাতৃমুখ দর্শন হৈছিল ?
উত্তৰঃ 
বেজবৰুৱাৰ ডেৰকুৰি-দুকুৰি বছৰৰ পাছত মাতৃমুখ' দৰ্শন হৈছিল।


২০। বেজবৰুৱাই 'মাতৃমুখ দৰ্শনৰ বাবে কেতিয়া অসমলৈ যাত্ৰা কৰিছিল ? উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰ তাৰিখে বেজবৰুৱাই 'মাতৃমুখ দৰ্শনৰ বাবে অসমলৈ যাত্ৰা কৰিছিল ।


২১। কবীৰ কোন আছিল ?
উত্তৰঃ
কবীৰ বাৰানসীৰ এজন কবি-সাহিত্যিক তথা ধর্মসাধক আছিল। তেখেত ৰামানন্দৰ মন্ত্রশিষ্য আছিল।


২২। সন্নিপাত মানে কি ?
উত্তৰঃ
সন্নিপাত মানে ভীষণ জ্বৰ ।


২৩। ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা কিমান দূৰত অৱস্থিত ?
উত্তৰঃ
ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা ৩১ মাইল দূৰত অৱস্থিত।


২৪। কিমান তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল ?
উত্তৰঃ
১৯৩০ চনৰ ২২ ছেপ্তেম্বৰ তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল।


২৫। বৃষভ কোন ?
উত্তৰঃ
বৃষভ হৈছে শিৱৰ বাহন ষাড় গৰু ।


২৬। নন্দী-ভৃংগী কোন ?
উত্তৰঃ
নন্দী-ভৃংগী হৈছে শিৱৰ শিষ্য ।


২৭। পার্বতীয়ে কাক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল ?
উত্তৰঃ
পাৰ্বতীয়ে নাৰদক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্ৰচেষ্টা চলাইছিল ।


২৮। ৰামমোহন ৰায়ৰ স্মৃতিসভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল ।
উত্তৰঃ
ৰামমোহন ৰায়ৰ স্মৃতিসভাত শ্ৰী মতী যোগদা দেৱীৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল ।


২৯। Comedy of Errors গ্ৰন্থৰ প্ৰণেতা কোন ?
উত্তৰঃ Comedy of Errors গ্ৰন্থৰ প্ৰণেতা হ'ল- শ্বেক্সপীয়েৰ (Shakespeare ) ।


৩০। জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি বুলিলে কাক কাক বুজায় ?
উত্তৰঃ
জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি বুলিলে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয়। 



PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 





No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.