10 Sept 2023

চিঠি HS 2nd Year Chapter 6 Assamese Question Answer

চিঠি HS 2nd Year Chapter 6 Assamese Question Answer

চিঠি HS 2nd Year Chapter 6 Assamese Question Answer


চিঠি HS 2nd Year Chapter 6 Assamese Question Answer: চিঠি/Sithi is the chapter 6 from AHSEC HS 2ND Year Assamese (MIL) Textbook সাহিত্য সৌৰভ/Sahitya Saurabh. চিঠি/Sithi is written by শীলভদ্ৰ. Here you can avail চিঠি HS 2nd Year Chapter 6 Assamese Question Answer. 




চিঠি | Class 12 Assamese | দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি | HS 2nd Year Assamese | Solution Assam Board | Class 12 Assamese Lesson 6 Question and Answer | HS 2nd Year Assamese Chapter 6 Solution


(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে ?
উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ১৯৯৪ চনত প্ৰকাশিত ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।

২। শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ শীলভদ্রই ১৯৯৪ চনত ‘মধুপুৰ বহু দূৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল ?
উত্তৰঃ ভূদেৱ চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল।

৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল ?
উত্তৰঃ প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে দিছিল।

৫। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল ?
উত্তৰঃ ভূদেৱ চৌধুৰী কর্মসূত্রে বাগানত থকাত তেওঁৰ পৰিবাৰ কিছুদিন গাৱঁত আছিল। তেতিয়াই তেওঁলােকৰ মাজত চিঠিৰ আদান প্রদান হৈছিল। পৰিবাৰৰ চিঠিখন সােনকালে পাবলৈ বা অন্য কিবা চিঠি আহিছে বুলি ভাবি টিংখঙলৈ তেওঁ খবৰ লবলৈ গৈছিল।



Class 12 Assamese MIL Chapter 6 AHSEC Question Answer


(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?
উত্তৰঃ “চিঠি” গল্পটোত ভূদেৱ চৌধুৰীয়ে প্ৰথমে বিয়াৰ পিছত কিছুদিনৰ কাৰণে গাঁৱৰ ঘৰত থকা পৰিবাৰৰ পৰা আহিব পৰা চিঠি আৰু ঘনিষ্ঠ বন্ধু প্রশান্ত শৰ্মাৰ পৰা আহিব পৰা চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে।


২। শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।
উত্তৰঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ’ল-১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে "অসম প্ৰকাশন পৰিষদ বঁটা" আৰু সাহিত্যক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক "অসম উপত্যকা সাহিত্য বঁটাৰে" সন্মানিত কৰা হয়।


৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল ?
উত্তৰঃ ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো হৈছে ঘনিষ্ঠ বন্ধু। দুয়োৰে বয়স হৈছে। তেওঁলোক দুয়ো একে চহৰৰ দুই প্রান্তত থাকে। যোগসূত্ৰ ৰাখিবলৈ গাড়ী, ফোন নাই। ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰপস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই। কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল।


৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে ? তেওঁৰ চিঠি কিয় মূল্যৱান ?
উত্তৰঃ কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক। সাধাৰণতে বিখ্যাত লোকৰ জীৱনৰ বিষয়ে জানিবলৈ সকলোৰে কৌতুহল জন্মে।সেইবাবে ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয়।আৰু সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে ।


৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল ?
উত্তৰঃ বর্তমান সময় হৈছে আধুনিক প্ৰযুক্তি বিদ্যাৰ সময়। কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। মবাইল ফোন, ইন্টাৰনেট, টেলিফোন, কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একো একোটি উত্তম মাধ্যম, যাৰ যোগেদি অতি দ্রুতভাৱে যোগাযোগ সম্ভৱ হয়। সেয়ে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্রাসঙ্গিকতা বর্তমান সময়ত কম হোৱা দেখা যায়।



Class 12 Assamese Lesson 6 Question Answer AHSEC


(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। শীলভদ্ৰৰ সাহিত্য-কৃতিৰ চমু পৰিচয় দিয়া ।
উত্তৰঃ শীলভদ্ৰ ৰামধেনু যুগৰ এগৰাকী সুনিপুন চুটিগল্প লেখক । তেওঁৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্তচৌধৰী । সাহিত্য ৰচনাৰ বাবে তেওঁ ‘শীলভদ্ৰ’ নাম গ্ৰহণ কৰে । শীলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে । ১৯৭১ চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায় । তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপেহে অধিক খ্যাতি অৰ্জন কৰে ।

১৯৭৫ চনত তেওঁৰ প্ৰথম গল্প সংকলন ‘বাস্তৱʼ প্ৰকাশ পায় । ইয়াৰ পাছত তেওঁৰ কুৰিখনৰো অধিক গল্প সংকলন প্ৰকাশ পায় । তাৰে কেইখনমান হʼল – কোনো ক্ষোভ নাই, সমুদ্ৰতীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অনান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অনান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি ।

শীলভদ্ৰই ‘ৰিপভান উইংকল আৰু কেইটামান গল্পʼ আৰু ‘ৰুপান্তৰʼ নামৰ দুখন গ্ৰন্থ অনুবাদো কৰিছিল । ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে শীলভদ্ৰই ‘অসম প্ৰকাশন পৰিষদ বঁটা’, ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্পʼ সংকলনৰ বাবে ‘ভাৰতীয় ভাষা পৰিষদৰ বঁটা’ আৰু ১৯৯৪ চনত ‘মধুপুৰ বহুদূৰʼ গল্প সংকলনৰ বাবে ‘সাহিত্য অকাদেমি বঁটা’ লাভ কৰে । সাহিত্য ক্ষেএলৈ আগবাঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেখেতক ‘অসম উপত্যকা সাহিত্য’ বটাৰে সন্মানিত কৰা হয় । 


২। 'চিঠি’ চুটি গল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা ।
উত্তৰঃ শীলভদ্ৰৰ চিঠি নামৰ চুটিগল্পটি এখন চিঠি আৰু সেই চিঠিখনৰ লগত জড়িত মানুহৰ অন্তৰৰ আবেগ অনুভূতিক কেন্দ্ৰ কৰি গড় লৈ উঠিছে । চাকৰিৰ পৰা অৱসৰৰ পিছত অনুভৱ হোৱা একাকীত্বৰ পৰা মুক্তি বিচাৰি আৰু মনেমিলা বন্ধুৰ সান্নিধ্য লাভৰ আনন্দ বিচাৰি ভূদেব চৌধুৰীয়ে নিজৰ পুৰনা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি পঠিয়ালে ।

অধীৰ অপেক্ষাৰে চিঠি উত্তৰলৈ বাট চাই থকাৰ সময়তে তেওঁ জানিব পাৰিলে যে প্ৰশান্ত শৰ্মা মানুহজন ঢোকাল । শৰ্মাৰ ঘৰত খবৰ লবলৈ গৈ ভুদেৱ চৌধুৰীয়ে গম পালে যে মৃত্যুৰ আগতে শৰ্মাৰ ঘৰখনত চিঠিখনে এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰিছিল । আনকি প্ৰশান্ত শৰ্মাই চিঠিৰ উত্তৰ দিবলৈ এটা লেফাফাও যোগাৰ কৰিছিল । কিন্ত সেয়া হৈ নুঠিল । কথাখিনি গম পাই ভূদেৱ চৌধুৰীৰ হৃদয় শোকত উথলি উঠিছিল । চৌধুৰীয়ে নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল, সেইখিনি আনন্দ বন্ধু প্ৰশান্ত শৰ্মাই লাভ কৰিলে – তাকে উপলব্ধি কৰি তেওঁ আবেগিক হৈ পৰিল । এনেদৰে অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতা গল্পটিৰ মাজত সুন্দৰ ৰূপে ফুটি উঠিছে ।


৩। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ?
উত্তৰঃ ভূদেৱ চৌধুৰীৰ মূল্যৱান চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল । পুৰণি বন্ধু চৌধুৰীৰ চিঠিখন পাই প্ৰশান্ত শৰ্মা ইমানেই অভিভুত হৈ পৰিছিল যে তেওঁলোকৰ ঘৰলৈ যিয়েই গৈছিল তাকেই তেওঁ চিঠিখন দেখুৱাইছিল । তদুপৰি মুখতো কেৱল বন্ধুৰ কথাকেই ওলাইছিল –একেলগে কি কৰিছিল, ক’ত গৈছিল, সেইবোৰকে প্ৰশান্ত শৰ্মাই সকলোৰে আগত কৈছিল । আনকি উত্তৰ দিবৰ নিমিত্তে এটা লেফাফাও পুতেকৰ হতুৱাই আনি থৈছিল । প্ৰশান্ত শৰ্মাৰ খবৰ লবলৈ যাওঁতে শৰ্মাৰ পুত্ৰ, কন্যা আৰু পত্নীয়ে এই কথাখিনি ভুদেৱ চৌধুৰীক ব্যক্ত কৰিছিল ।


৪। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকা মধুৰতাখিনী ‘চিঠি’ গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ।
উত্তৰঃ গল্পকাৰ শীলভদ্ৰৰ ‘চিঠি’ চুটিগল্পটিত চিঠিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মধুৰতাখিনি সুন্দৰ ৰুপত ফুটি উঠিছে । এসময়ত চিঠিয়েই আছিল মানুহৰ যোগাযোগৰ প্ৰধান মাধ্যম । এখন চিঠিৰ বাবে কৰা অপেক্ষাৰ সময়খিনিও মধুৰতম । চাকৰিৰ পৰা অৱসৰ গ্ৰহনৰ পিছত একাকীত্বৰ পৰা মুক্তি পাবলৈ ভূদেৱ চৌধুৰীয়ে পুৰণি বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিছিল । তাৰ পিছদিনাৰে পৰা তেওঁ চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰিছিল । চৌধুৰীয়ে চিঠি অহাৰ সময়খিনিত বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে । কেতিয়াবা কিবা কাৰণত পিয়নজন অহাৰ সময়খিনিত ঘৰত নাথাকিলে ঘৰলৈ উভতি আহিয়েই চৌধুৰীয়ে পৰিবাৰক চিঠি পত্ৰ কিবা আহিছে নেকিʼ বুলি প্ৰশ্ন কৰে।

আন এক প্রসংগ অনুসৰি, বিয়াৰ পিছত চৌধুৰীয়ে পৰিবাৰক কিছুদিনৰ বাবে গাঁৱৰ ঘৰত থৈ বাগানত থকা দিনকেইটাত তেওঁ পত্নীৰ পৰা আহিব লগা চিঠিখনৰ বাবে ব্যকুল হৈ অপেক্ষা কৰিছিল । আনকি কেতিয়াবা চাইকেলখন লৈ তেওঁ বাগানৰ পৰা টিংখঙলৈ চাৰি মাইল বাট আগুৱাই গৈছিল । কাৰণ তিনিবজাত ডাকোৱালজন আহি বাগান পোৱালৈ তেওঁ ধৈৰ্য ধৰি ৰৈ থাকিব নোৱাৰিছিল ।

আনফালে আকৌ ভূদেৱ চৌধুৰীৰ পৰা হঠাতে চিঠিখন পাই প্ৰশান্ত শৰ্মা আনন্দত আত্মহাৰা হৈ পৰিছিল । সকলোকে চৌধুৰীৰ কথা কৈ ব্যতিব্যস্ত হৈ পৰিছিল । চৌধুৰীৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত, প্ৰতিটো কথাই শৰ্মাই আনৰ আগত কৈছিল । ঘৰলৈ কোনোৱা আলহী আহিলেও তেওঁ চৌধুৰীৰ চিঠিখন দেখুৱাইছিল। এনেদৰে ‘চিঠি’ গল্পটিত আপোনজনৰ পৰা পোৱা চিঠিৰ মধুৰতাখিনী অতি আকৰ্ষণীয় ৰূপত প্ৰকাশ পাইছে ।


৫। ‘চিঠি’ গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা ।
উত্তৰঃ ‘চিঠি’ গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিভিন্ন দিশত দেখা যায় । বিশেষকৈ বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয়, কেন্দ্রীয় ভাৱ ইত্যাদি ।

গল্পৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে । ভূদেৱ চৌধুৰীয়ে তেওঁৰ শৈশৱৰ বন্ধু প্ৰশান্ত শৰ্মালৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে । প্ৰসঙ্গক্ৰমে ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্ন জনলৈ লিখা চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে । লগতে ভূদেৱ চৌধুৰী ঘৰৰ পৰা আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাৰ কথাও উল্লেখ কৰা হৈছে ।

আকৌ এখন চিঠিয়েই হʼল ঘটনাৰ কেন্দ্ৰবিন্দু । ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকন্ঠা আরু আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে । চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ লগে লগেই শেষ হৈছে । আনকি বন্ধুৰ মৃত্যুৰ খবৰ লবলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে সেই চিঠিখনৰ কথাকে কৈছে । এনেদৰে বিশ্লেষন কৰিলে দেখা যায় যে এখন চিঠিক অৱলম্বন কৰিয়েই ঘটনাৰ চকৰি ঘূৰিছে । সেয়েহে ‘চিঠি’ গল্পটিৰ নামকৰণ সাৰ্থক হৈছে বুলিব পাৰি ।




HS 2nd year Final Exam Assamese (Sahitya Saorav) Common question answer 2024


ওপৰঞ্চি প্ৰশ্ন

১। শীলভদ্ৰৰ জন্ম কত আৰু কেতিয়া হৈছিল ? 
উত্তৰঃ শীলভদ্ৰৰ জন্ম ১৯২৪ চনত ধুবুৰী জিলাৰ গৌৰীপুৰত হৈছিল । 

২। শীলভদ্ৰৰ প্রকৃত নাম কি আছিল ?
উত্তৰঃ শীলভদ্ৰৰ প্রকৃত নাম আছিল ৰেৱতীমোহন দত্ত চৌধুৰী।

৩। শীলভদ্ৰই কৰ পৰা কি বিষয়ত স্নাতক ডিগ্রী লাভ কৰে ?
উত্তৰঃ শীলভদ্ৰই বাংলাদেশৰ কাৰ্মাইকেল কলেজৰপৰা গণিত বিষয়ত স্নাতক ডিগ্রী লাভ কৰে।

৪। শীলভদ্ৰই শিক্ষকতাৰ ওপৰিও আন কি কি কাম কৰে ? 
উত্তৰঃ শীলভদ্ৰই শিক্ষকতাৰ ওপৰিও কিছুদিন ঠিকাদাৰ, সাংবাদিক আৰু চাহ বাগিচাৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে।

৫। শীলভদ্ৰ কোন যুগৰ লেখক আছিল ?
উত্তৰঃ শীলভদ্ৰ ৰামধেনু যুগৰ লেখক আছিল।

৬। শীলভদ্ৰই কিহেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল ?
উত্তৰঃ শীলভদ্ৰই উপন্যাসেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল।

৭। শীলভদ্ৰৰ প্রথম গল্প সংকলনখন কি আৰু কেতিয়া প্রকাশ পায় ?
উত্তৰঃ শীলভদ্ৰৰ প্রথম গল্প সংকলনখন হ’ল ‘বাস্তৱ’। আৰু এইখন ১৯৭৫ চনত প্রকাশ পায়।

৮। শীলভদ্ৰৰ দুখন গল্প সংকলনৰ নাম লিখা।
উত্তৰঃ শীলভদ্ৰৰ দুখন গল্প সংকলনৰ নাম হ’ল কোনো ক্ষোভ নাই আৰু সমুদ্রতীৰ।

৯। শীলভদ্রই অনুবাদ কৰা গ্ৰন্থদুখনৰ নাম কি কি ?
উত্তৰঃ শীলভদ্রই অনুবাদ কৰা গ্ৰন্থদুখনৰ নাম হ’ল- ‘ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ‘ৰূপান্তৰ’।

১০। শীলভদ্রই কিমান চনত কোনখন গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে ?
উত্তৰঃ শীলভদ্রই ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে।

১১। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি আছিল ?
উত্তৰঃ টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম আছিল ফাগু।

১২। চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ চুটি গল্পৰ দুটা বৈশিষ্ট্য হ’ল- 
(ক) চুটিগল্পৰ আৰম্ভণি আকস্মিক হয়। 
(খ) চুটিগল্প কম পৰিসৰৰ আৰু কম চৰিত্ৰৰ হয়।

১৩। শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
উত্তৰঃ শীলভদ্রই ‘মধুপুৰ বহু দূৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।



PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read










No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.