23 Jul 2023

HS 1st Year Assamese Chapter 3 Question Answer

HS 1st Year Assamese Chapter 3 Question Answer

HS 1st Year Assamese Chapter 3 Question Answer


HS 1st Year Assamese Chapter 3 Question Answer: গৌৰৱ Class 11 Question Answer | গৌৰৱ প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 3 Question Answer | গৌৰৱ HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া । গৌৰৱ is the chapter 3 from Class 11 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer কালিৰাম মেধি (Kaliram Medhi). Here in this article you can avial HS 1st Year Assamese Chapter 3 Question Answer.





Class 11 Assamese Chapter – 3 গৌৰৱ All Question Answer 


(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)


১। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল-“অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব”।


২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা ?

উত্তৰঃ ‘ডিভাইন কমেডি’ ইটালীৰ বিশ্ববিখ্যাত কবি ডান্টেৰ ৰচনা।


৩। নেপোলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?

উত্তৰঃ নেপোলিয়ান বোনাপাৰ্ট ফ্রান্স দেশৰ বীৰ আছিল ৷


8৷ মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?

উত্তৰঃ মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।


৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে ?

উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ান বিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে।




(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)


১। সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে ?

উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয় — সৌভাগ্য, শৰীৰ আৰু মন । সমাজৰ এক শ্ৰেণীৰ লােকে ধনী ব্যক্তি বা উচ্চ বংশৰ লােকক যথেষ্ট মান-সম্মান কৰে। সৌভাগ্যৰ বাবে মানুহে সমাজত উচ্চবংশ, ধন সম্পত্তি আৰু মৰ্যদা লাভ কৰে। ফলত কিছুমান লােকে সৌভাগ্যক লৈয়ে গৌৰৱ কৰে।


২। ৰূপৰ বলত পােৱা মান আৰু ভক্তি স্থায়ী হয়নে ? বুজাই লিখা।

উত্তৰঃ ৰূপৰ বলত পােৱা মান আৰু ভক্তি স্থায়ী নহয়, কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে। ৰূপৰ বলত পােৱা মান সম্মান স্থায়ী নহয় যদিও শাৰীৰিক ৰূপাে গৌৰৱৰ এক কাৰণ হ’ব পাৰে। 


৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?

উত্তৰঃ আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোত উল্লেখ কৰা মতে বিশ্বামিত্ৰৰ দুখৰ কাৰণ আছিল জন্ম। 


8। শুদ্ধোধনৰ নাম মানুহে কিয় জানে ?

উত্তৰঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃৰ নাম আৰু তেওঁ ৰজা আছিল । কিন্তু এতিয়া মানুহে তেওঁৰ নাম জানে কেৱল গৌতম বুদ্ধৰ যহত । 


৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে ?

উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে। কাৰণ বিজেতাই প্রথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।





HS 1st Year Assamese Chapter 3 All Question and Answer 


(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)


 ১। ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’—কথাষাৰ বুজাই লিখা।

উত্তৰঃ উপৰোক্ত কথাফাঁকিৰ দুয়োপিনে যুক্তি আছে। আজিকালি ধন থকা জনে মর্যাদা আৰু শ্ৰদ্ধা লাভ কৰে। ধন থকা জনৰ পুত্ৰই কু-কৰ্ম কৰিলেও তেওঁলোকৰ মানহানি নহয়। ধন থকাজনৰ গোন্ধই সকলোকে তেওঁৰ ওচৰত বিনীত, বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ কৰি ৰাখে।


ধন থাকিলে দান নিদিয়া লোকেও দানী হিচাপে মর্যাদা পায়। ধন থাকিলে মান-মর্যদা আপোনা-আপুনি নিজৰ ওচৰলৈ আহে। পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে। সেয়েহে আজিকালি ধনেই আলাউদ্দিনৰ বন্তি যেন হৈছে। 


কিন্তু, ধন নাথাকিলেও মানুহ ভাল হ’ব পাৰে। ধনেই সকলো নহয়। ধনে গৌৰৱ বঢ়ালেও দুখীয়াজনৰ মনৰ গৌৰৱৰো স্থায়িত্ব আছে। আজিকালি জ্ঞানীক লোকে চকুৰে চায়, উচ্চ আসনত বহুৱায়। আজিকালি জ্ঞানীয়ে মর্যাদা পায়। ধনীৰ জ্ঞান নহ’লে মানুহে ভাল নোবোলে। আজিকালি সেয়ে ধনেই সর্বস্ব নহয়, ধনে মর্যাদাক হ্রাস কৰিবও পাৰে। আজিকালি জ্ঞানে প্রাসঙ্গিকতা বহন কৰিছে।



২। ‘গৌৰৱ’ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে ?

উত্তৰঃ প্রকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়। ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্রহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদানৰ ইতিহাসো গৌৰৱৰ বিষয়। ছেক্সপীয়েৰ, কবীৰ, মাধৱদেৱ আদি মহাপুৰুষৰ পূৰ্ণাংগ জীৱনী পোৱা নাযায়। কিন্তু প্ৰজাই ৰাজ্যৰ সম্ৰাট বা ৰজাক যেনে— আকবৰ, চ্যুকাফা, নৰনাৰায়ণ, জুলিয়াছ ছিজাব, আলেকজেণ্ডাৰ, নেপোলিয়ন বোনাপার্ট আদিক যিমান ভালদৰে জানে তাতকৈ বেছি ভালদৰে জানে ক্রমে গৌতম বুদ্ধ, শংকৰদেৱ, ভার্জিল, প্লেটো, মার্টিন লুথাৰ আদি একো একোজন সন্ত মহাপুৰুষৰ জীৱনী। কিন্তু মহা মহা সম্ৰাটৰ বিস্তৃত জীৱনীহে পোৱা যায় ৷ প্ৰকৃততে জ্ঞান, আত্মসংযম, আত্মদান আদিয়ে সন্ত মহাপুৰুষ, সতী সাবিত্ৰী আদিক অমৰত্ব প্ৰদান কৰিছে।



৩। প্ৰসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা – “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।”

উত্তৰঃ প্ৰসংগঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে ৷

সংগতিঃ বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে৷উপৰোক্ত বাক্যফাঁকিয়ে তাৰেই অৱতাৰণা কৰিছে ৷


ব্যাখ্যাঃ বল হ’ল শৰীৰৰ এটি গৌৰৱৰ কাৰণ৷বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে ৷ বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়,ভক্তি আকৰ্ষণ কৰিব পাৰে ৷ দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয় ৷ কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনে জয় কৰি লয় ৷ আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল ৷ নিউটন, ডাৰউইনৰ নিজৰ ভাব আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ সমৰ্থ কৰাইছে ৷ চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই ৷ আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল কিন্তু গৌতম বুদ্ধৰ হোৱা নাই ৷ সেয়েহে কোৱা হৈছে, "বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷



৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে ? বুজাই লিখা । 

উত্তৰঃ অসমত অতীতৰে পৰা বংশ মৰ্যাদাই প্ৰাধান্য লাভ কৰিছে । ইয়াৰ বিষয়ে ‘গৌৰৱ’ প্ৰবন্ধটিতো উল্লেখ আছে । বৰুৱাৰ ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠগি পোৱাৰ নিয়ম অসমীয়া সামাজিক আইনত বন্ধা আছে । ক’লামণি হাজাৰ হওক সাধাৰণ মানুহৰ ল’ৰা, তেওঁ মালা আৰু ঠগি পাছে পাব । বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি, ক’লামণি দাস বংশৰ বিদ্যাভূষণ হ’লেও সাধাৰণ সামান্য মানুহ । এনে ধৰণৰ বংশ পৰম্পৰাই অসমীয়া সমাজত আজিও প্ৰচলিত । অৰ্থাৎ উচ্চ বংশৰ লোকসকলে সদায় মৰ্যাদা আৰু নিম্ন বৰ্গৰ মানুহ গুণসম্পন্ন হ’লেও মৰ্যাদা নোপোৱাকৈ থকাটো কালিৰাম মেধিৰ ‘গৌৰৱ’ প্ৰবন্ধটিত কোৱা হৈছে । ই এক পৰম্পৰাগত আৰু প্ৰবাহিত ৰীতি ৰূপেই আজি প্ৰচলিত হৈ আছে । 



৫। প্রসংগ-সঙ্গতি দর্শাই ব্যাখ্যা কৰা— 

“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”

উত্তৰঃ প্ৰসংগঃ ব্যাখ্যেয় কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে  ।


সংগতিঃ উক্ত কথাষাৰৰ জৰিয়তে লিখকে ৰূপৰ আচৰিত শক্তিৰ বিষয়ে আৰু ৰূপৰ বাবেই যে বিভিন্ন কাৰণ সংঘটিত হয় সেয়া বুজাব বিচাৰিছে।


ব্যাখ্যাঃ গৌৰৱ উৎপন্ন হোৱা দ্বিতীয় বিধ উপাদান শৰীৰৰ ভিতৰতো ৰূপে অন্যতম । ৰূপে চুম্বক শক্তিৰ দৰে এক আচৰিত কাম কৰে। ৰূপে জগতৰ বুৰঞ্জী পৰিৱৰ্তন কৰে, ই জ্ঞানীক অজ্ঞানী কৰে, নির্বলীক বলী কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টিকৰে। ৰাম ৰাৱণৰ যুদ্ধ, গ্রীক ঐজানৰ যুদ্ধৰ মূল কাৰণ আছিল ৰূপ। হিৰােৰ লাৱণ্য শক্তিৰ বলত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি পাৰ হ’ব পাৰিছিল। সাপে যােগীৰ মন্ত্ৰত মুগ্ধ হােৱাৰ দৰে মানুহে ৰূপত মুগ্ধ হয়। ৰূপৰ বলত বহুতে মান আৰু ভক্তি পায়। শংকৰদেৱৰ ৰূপ আৰু শান্ত মূর্তিয়ে তেওঁৰ প্রতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্রদ্ধা আকর্ষণ কৰিছিল। সেইদৰে ৰূপৰ প্ৰভাৱত হজৰত মহম্মদক বধ কৰিবলৈ উদ্ধত হােৱা শত্ৰুৰ হাতৰ পৰা অহি খহি পৰিছিল। সেয়ে কোৱা হয় যে ৰূপৰ এক আচৰিত চুম্বক শক্তি আছে।





HS 1st Year Assamese Chapter 3 Common Question Answer


অতিৰিক্ত চমু প্রশ্নঃ


১। কালিৰাম মেধিৰ জন্ম কত হৈছিল ? 

উত্তৰঃ কালিৰাম মেধিৰ জন্ম হাজোৰ ওচৰৰ ৰামদিয়া গাঁৱত হৈছিল।


২। কালিৰাম মেধিৰ জন্ম কেতিয়া হৈছিল ? 

উত্তৰঃ কালিৰাম মেধিৰ জন্ম ১৮৭৮ চনত হৈছিল । 


৩। কালিৰাম মেধিয়ে কত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল ? 

উত্তৰঃ কালিৰাম মেধিয়ে গুৱাহাটীত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল ।


৪। কালিৰাম মেধিয়ে স্কুলীয়া শিক্ষা সমাপ্ত কৰি কত অধ্যয়ন কৰিছিল ? 

উত্তৰঃ কালিৰাম মেধিয়ে স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটি কলেজ আৰু প্ৰেছিডেন্সী কলেজত অধ্যয়ন কৰিছিল । 


৫। কালিৰাম মেধিয়ে কৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল ? 

উত্তৰঃ কালিৰাম মেধিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল । 


৬। কালিৰাম মেধিয়ে কি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল ? 

উত্তৰঃ কালিৰাম মেধিয়ে পদার্থবিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল ।


৭। কলিকতাৰ পৰা ওভতি আহি কালিৰাম মেধিয়ে কি চাকৰিত যোগদান কৰে ?

উত্তৰঃ কলিকতাৰ পৰা ওভতি আহি তেওঁ উপ-প্রতি সমাহর্তা হিচাপে চাকৰিত যোগদান কৰে।


৮। কালিৰাম মেধিয়ে কি পদলৈ পদোন্নতি লাভ কৰিছিল ? 

উত্তৰঃ কালিৰাম মেধিৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰ বাবে শেষত ই. এল. চি. পদলৈ উন্নীত হয়।


৯। কালিৰাম মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি কি ? 

উত্তৰঃ কালিৰাম মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি হৈছে তেওঁৰ দ্বাৰা প্ৰণীত বৃহৎ আকাৰৰ 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব'


১০। কালিৰাম মেধিৰ দ্বাৰা সম্পাদিত গ্রন্থসমূহৰ নাম লিখা ।

উত্তৰঃ কালিৰাম মেধিৰ দ্বাৰা সম্পাদিত গ্রন্থসমূহ হৈছে 'অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’, ‘মহাপুৰুষ শংকৰদেৱৰ বাণী'


১১। কালিৰাম মেধি দেৱে কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল ? 

উত্তৰঃ তেওঁ ১৯১৯ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতিত্ব কৰিছিল । 


১২। কালিৰাম মেধিৰ মৃত্যু কেতিয়া হৈছিল ? 

উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল ।


১৩। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা৷

উত্তৰঃ হোমাৰৰ মহাকাব্য দুখনৰ নাম- 'ইলিয়াড' আৰু 'ওডিছি'


১৪। বঙালী আৰু অসমীয়াই কাক লৈ টনাটনি কৰে ? 

উত্তৰঃ বঙালী আৰু অসমীয়াই অনন্ত কন্দলি আৰু ডাকক লৈ টনাটনি কৰে ।


১৫। ভার্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি ?

উত্তৰঃ ভার্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম হ'ল - 'এনিড' । 


১৬। লিয়েণ্ডাৰে কাক পাবলৈ সাগৰ সাঁতুৰি পাৰ হৈছিল ?

উত্তৰঃ লিয়েণ্ডাৰে প্ৰেয়সী হিৰােক পাবলৈ হেলিস্পট সাগৰ সাঁতুৰি পাৰ হৈছিল।


১৭। গ্রীক ট্রজান যুদ্ধৰ কাৰণ কি আছিল ?

উত্তৰঃ গ্রীক-ট্রজান যুদ্ধৰ কাৰণ আছিল, বিশ্বসুন্দৰী হেলেন




অতিৰিক্ত দীঘল প্রশ্নঃ

১। গৌৰৱ তিনি ঠাইৰ পৰা উৎপত্তি হয়। তোমাৰ পাঠ্যপুথিৰ সহায়ত কথাষাৰৰ যুক্তি যুক্ততা প্রমাণ কৰা।

উত্তৰঃ সৌভাগ্য, শৰীৰ আৰু মন—এই তিনি ঠাইৰ পৰাই গৌৰৱ ওপজে। সৌভাগ্যৰ বাবে উচ্চবংশ মর্যাদা, ধন সম্পত্তি আৰু মান মর্যাদা লাভ কৰে। এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বর্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে, কিন্তু সকলোৰে বাবে তেওঁলোকে পূজনীয় নহবও পাৰে। ৰূপ, স্বাস্থ্য, আৰু বল —এই তিনিটা শাৰীৰিক গুণৰ লোকেও গৌৰৱ কৰিব পাৰে। কিন্তু ৰূপ, স্বাস্থ্য বা বলেৰে কঢ়িয়াই অনা গৌৰৱ চিৰস্থায়ী নহয়৷ কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে। মনহে প্ৰকৃততে গৌৰৱৰ বিষয়। মনৰ পৰা ওপজা গৌৰৱ অকৃত্রিম যাৰ বাবে ই স্থায়ী আৰু স্বৰ্গীয়।



২। গৌৰৱ তুলনাৰ পৰা ওপজে’—এই উক্তি ৰাণীৰ অলংকাৰ আৰু বান্দীৰ বাঢ়নী দুয়োটা ক্ষেত্ৰত কিদৰে সত্য হ’ব পাৰে লিখা।

উত্তৰঃ গৌৰৱ তুলনাৰ পৰা ওপজে। কোনো মানুহৰ কোনো অংশ আন এজনতকৈ হীন হ’লে দ্বিতীয়জনে প্ৰথমজনক মনে মনে অলপ ঘৃণা কৰে। দ্বিতীয় জনৰ সেইটোৱেই আকৌ গৌৰৱৰ কাৰণ হ’ব পাৰে। ৰাণীৰ অলংকাৰ যেনে গৌৰৱৰ কাৰণ, বান্দীৰ বাঢ়নীটাৰো তেনে গৌৰৱৰ কাৰণ। ৰাণীয়ে নিজৰ ৰূপ সৌন্দৰ্য, প্ৰভাৱ প্রতিপত্তি ইত্যাদি অলংকাৰৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰে। ৰাণীৰ অলংকাৰে ধন ঐশ্বৰ্যৰো বাৰ্তা প্ৰকাশ কৰে। এইবোৰ বান্দীৰ ঈর্ষৰ কাৰণ হ’ব পাৰে। বান্দীসকল সাধাৰণতে নীচ বংশৰ হয়। বান্দীৰ সামাজিক প্রতিপত্তি নাই। বান্দীৰ ধন ঐশ্বৰ্যক লৈ গৌৰৱ কৰাৰ কাৰণ নাই। কিন্তু বান্দীৰ বাঢ়নীডালেৰে জগতৰ মলি গুচোৱা হয় । ৰাজদৰবাৰ চাফ চিকুনকৈ ৰখা হয়। জগতক চাফ চিকুণকৈ ৰখা বান্দীৰ বাবে গৌৰৱৰ কাৰণ । অৰ্থাৎ সকলো মানুহে সকলে৷ অৱস্থাতে গৌৰৱ কৰিবৰ কাৰণ বিচাৰি পায়।



৩। "আজিকালি ধনেই আলাউদ্দিনৰ বন্তি" - ব্যাখ্যা কৰা 

উত্তৰঃ উদ্ধৃত বাক্যশাৰি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰন্ধটিৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান সমাজত ধনৰ গুৰুত্ব সম্পৰ্কে ইয়াত উল্লেখ আছে।

আজিকালি ধন থকাজনক সকলোৱে শ্ৰদ্ধা মৰ্য্যদা প্ৰদান কৰে। ধন থাকিলে ধাৰে নিদিলেও দানী বুলিব পাৰি। দান নকৰিলেও সকলোৱে মানে। ধন থকাজনে বর্তমান সমাজত শিষ্টাচাৰী আৰু নম্ৰ বুলি পৰিচয় প্রদান কৰে। ধন থকা ব্যক্তিৰ পুত্ৰই বেয়া কাম কৰি গাঁঠিৰ ধন ভাঙিলেও তেওঁলোকৰ কাণসাৰ নাথাকে। পুত্ৰৰ কুকৰ্মত ধনবান সকলৰ মানহানি নহয়। টকা থাকিলে বাহিৰৰ পৰা মান সভ্ৰম আপোনা আপুনি আহি তেওঁলোকৰ লগ ধৰে। পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয় মান আৰু ভক্তি নকৰে। সেয়ে কালিৰাম মেধিয়ে আজিকালি ধনেই আলাউদ্দিনৰ বন্তি বুলি মন্তব্য কৰিছে।


একাদশ শ্ৰেণীৰ অসমীয়া সমাধান 

ধনৰ ব্যৱহাৰ সকলো প্ৰশ্নোত্তৰ  

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্ৰশ্নোত্তৰ 



Class 11 / HS 1st Year Science Biology English Medium



HS 1st Year Mathematics Question Paper 2016 PDF Download 

HS 1st Year Mathematics Question Paper 2017 PDF Download

HS 1st Year Mathematics Question Paper 2018 PDF Download

HS 1st Year Mathematics Question Paper 2020 PDF Download

HS 1st Year Mathematics Question Paper 2022 PDF Download


HS 1st Year Physics Question Paper 2022 PDF Download



HS 1st Year Political Science Question Paper 2016 PDF Download 

HS 1st Year Political Science Question Paper 2017 PDF Download 

HS 1st Year Political Science Question Paper 2018 PDF Download 

HS 1st Year Political Science Question Paper 2019 PDF Download

HS 1st Year Political Science Question Paper 2020 PDF Download 

HS 1st Year Political Science Question Paper 2021 PDF Download 

HS 1st Year Political Science Question Paper 2022 PDF Download


HS 1st Year Economics Question Paper 2017 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2018 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2019 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2020 PDF Download 

HS 1st Year Economics Question Paper 2021 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2022 PDF Download (Uploading) 


HS 1st Year History Question Paper 2016 PDF Download

HS 1st Year History Question Paper 2017 PDF Download

HS 1st Year History Question Paper 2018 PDF Download

HS 1st Year History Question Paper 2019 PDF Download 

HS 1st Year History Question Paper 2020 PDF Download





English Model Paper 2023 Pdf 




























No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.