14 Jun 2023

HS 1st Year Assamese Chapter 1 Question Answer

HS 1st Year Assamese Chapter 1 Question Answer

HS 1st Year Assamese Chapter 1 Question Answer


HS 1st Year Assamese Chapter 1 Question Answer: ধনৰ ব্যৱহাৰ (Dhonor Byabohar) is the first chapter from Class 11 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer সত্যনাথ বৰা (Satyanath Borah). Here in this article you can avial HS 1st Year Assamese Chapter 1 Question Answer. 





Class 11 Assamese Chapter – 1 ধনৰ ব্যৱহাৰ All Question Answer 


ধনৰ ব্যৱহাৰ – সত্যনাথ বৰা


আৰ্হি প্ৰশ্ন (মূল্যাংক-১)


(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ )


১। কৃপণলোকৰ দুই ধৰ্ম কি কি ?

উত্তৰঃ কৃপণলোকৰ দুই ধৰ্ম হ'ল - লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।


২। অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি ? (AHSEC 2023)

উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ হ'ল - আয় অনুসৰি খৰচ কৰা ।


৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা ?

উত্তৰঃ দৰিদ্ৰ হোৱাৰ চিন হ'ল - আয় অলপ, খৰচ সৰহ ।


৪। মানুহৰ ঋণ কেতিয়া হয় ?

উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।


৫। কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।




(খ) চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)


১। ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ কি কি ? (AHSEC 2022)

উত্তৰঃ ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ প্ৰথমটো হল – ধনেৰে সুখ-সম্পদ বৃদ্ধিৰ বাবে ভাল খাদ্য, বস্ত্র, বাসস্থান, হাতী-ঘোঁৰা, গাড়ী আদি সংগ্রহ কৰিব পাৰি। দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধন কৰিব পাৰি, উদাৰহণস্বৰূপেঃ অন্নহীনক অন্ন যােগান ধৰিব পাৰি, বিপদত পৰা মানুহক সহায় কৰিব পাৰি, বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰিব পাৰি।


২। কৃপণ লােকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নােৱাৰে ?

উত্তৰঃ কৃপণ লােকে আন মানুহে ধন খৰচ কৰিলে সহিব নােৱাৰে কাৰণ কৃপণ লােকৰ বিবেচনাত ধনৰ মূল্য বেছি, কামৰ মূল্য কম । আন মানুহেও কিবা ডাঙৰ সকামত ধন খৰচ কৰিবলৈ ওলালে কামত নানা আসোঁৱাহ উলিয়াই বিধি-পথালি কৰে ।


৩। লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?

উত্তৰঃ লেখকৰ মতে দয়া বৃত্তি ফলিয়াব লাগিলে অলপ ধনৰ প্ৰয়ােজন হয়। আনকি অহংকাৰ বা লােভ ফলিয়াব লাগিলেও অলপ ধন লাগে। কাৰণ ধন খৰচ নকৰিলে সজ-অসজ কোনাে কামেই কৰিব নােৱাৰি ।


৪। কি দুটাকাৰণত মানুহে কৃপণালি কৰে ? (AHSEC 2023)

উত্তৰঃ প্রথমতে মানুহে ধনৰ উভৈনদী কৰি পৃথিৱীত খ্যাতি অর্জন কৰিবলৈ কৃপণালি কৰে। আন কিছুমানে কিছুমানে সন্তান- সন্ততিলৈ ধনৰ অক্ষয় ভাণ্ডাৰ ৰাখি থ’বৰ বাবে কৃপণালি কৰে।


৫৷ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পার্থক্য লিখা।

উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পার্থক্য হল – 


প্রথমতে, কৃপণ লােকে বেছি উপার্জন কৰে, কিন্তু কম খৰচ কৰে। আনহাতে ধোঁৱাখুলীয়াই কম উপার্জন কৰে, কিন্তু উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰে।


দ্বিতীয়তে, কৃপণলােকে ধন সঞ্চয় কৰিবলৈ উত্ৰাৱল হয়, আনহাতে ধোঁৱাখুলীয়াই ধন খৰচ কৰিবলৈ উত্ৰাৱল হয়।



HS 1st Year Assamese Chapter 1 All Question and Answer 

(গ) দীঘল প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ অথবা ৫)


১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ।

উত্তৰঃ অশিক্ষিত মানুহে বাহ্যিক জাক-জমকতাত সহজে ভোল যায় । কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিস্ময় মানে আৰু তেনেকৈ খৰচ কৰা মানুহক ‘বৰলোক’ বুলি ভাবি লয় । খৰচ কৰা মানুহৰ যোগ্যতা, সামৰ্থ আদি বিষয়ত অশিক্ষিত মানুহে বিবেচনা কৰিব নোৱাৰে । আনকি চুৰেও চুৰ কৰা ধন খৰচ কৰি এই লোকসকলৰ চকুত চমক লগাব পাৰে । 


অশিক্ষিত লোকসকলৰ মনত ধন খৰচ কৰাটো এটা মহতালিৰ কৰ্ম । সিহঁতে ধনীক ঈশ্বৰ সদৃশ দেখে । অশিক্ষিত সকলৰ দৃষ্টিত ধনীৰ অত্যাচাৰবোৰ হ’ল প্ৰতাপ, কুকামবোৰ হ’ল ধেমালি আৰু মাৰ কিলবোৰ হ’ল আদৰ । সিহঁতৰ ভাল -বেয়া বোধ নাই, মান – অপমানৰ জ্ঞান নাই । ধনীসকলৰ আদেশমতেই নিৰক্ষৰ লোকসকলে উঠা বহা কৰাও দেখা যায় ।



২।  অসজ বৃত্তিধাৰী কৃপণলোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ।

উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণ লোকসকলে অন্য মানুহৰ ওপৰত সুবিধা ভোগৰ সুযোগ বিচাৰি থাকে । এই লোকসকলে তেওঁলোকৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে । ভালবস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু সিহঁতে নিজৰ ধন খৰচ কৰি ভাল বস্তু খাব নিবিচাৰে।


নিজৰ ঘৰত সিহঁতে সদায় শাক-ভাত খায়। কিন্তু লােকৰ ঘৰত উপাদেয় খাদ্য নহ’লে সিহঁতে ভােজন নকৰে। নিজৰ ঘৰত সদায় একবিধ আঞ্জা খায় যদিও আনৰ ঘৰত পাঁচবিধ বিচাৰে। সিহঁতে নিজৰ কামত এদিনৰ বাট খােজকাঢ়ি যায় কিন্তু লােকৰ কামত বাহন নহ’লে এখােজো নিদিয়ে। 


মুঠতে লােকৰ ওপৰত পালে সিহঁতে ভালৰাে ভাল খায়, ভালৰাে ভাল পিন্ধে। কিন্তু নিজ খৰচত চলিব লাগিলে সিহঁতে মােটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপােৰ পিন্ধে। খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মোৰ কথা । সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও প্ৰকাশ হ’বলৈ নিদিয়ে। সিহঁতৰ বাহিৰৰ ফাল সুন্দৰ কিন্তু, ভিতৰৰ ফাল কদর্য। মুঠতে অসজ বৃত্তিধাৰী কৃপণ লােক স্বার্থলােভী আৰু কপটীয়া প্ৰকৃতিৰ হয়।




উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ প্ৰশ্ন উত্তৰ 

৩। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা । (AHSEC 2023)

উত্তৰঃ মানুহে ঋণক পাপৰ লগত তুলনা কৰে, আনকি ঋণ লোৱা কামটোৱে পাপ বুলি কোৱা হয় । পাপী মানুহৰ দৰে ঋণী মানুহেও জীৱনত বহুত দুর্যোগ ভুগিব কৰিব লগা হয়। ঋণী মানুহে মান মর্যদা হেৰুৱায় আৰু মনৰ সুখ-শান্তি নষ্ট কৰে। ঋণী মানুহেও সমাজত নানা জনৰ পৰা গৰিহণা পায় । 


ঋণক ব্যাধিৰ লগতো তুলনা কৰিব পাৰি কাৰণ ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে তেনেকৈ অৱস্থা ক্ষয় কৰে অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে । ব্যাধি এবাৰ হ’লে গুচাবলৈ টান, ঋণো এবাৰ হ’লে গুচাবলৈ টান । ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো অনুক্ৰমে বাঢ়ি  যায় । ব্যাধি থাকিলে শৰীৰৰ উদগতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদগতি নহয় । 


গতিকে মানুহে পৰা পক্ষত ব্যাধি সদৃশ্য এই ঋণ নোলোৱাই ভাল । যাৰ বাবে পাপী লোকৰ দৰে ব্যৱহাৰ সহ্য কৰিব লগা হয় । ঋণৰ বাবেই জীৱনৰ সকলো সুখ শান্তি হেৰুৱাই অথাই সাগৰত ককবকাই ফুৰিব লগা হয় ।



৪। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লােকৰ সংজ্ঞা সম্বন্ধে আলােচনা কৰা।

উত্তৰঃ ধনৰ ব্যৱহাৰ পাঠতিৰ আৰম্ভনিতে লেখকে কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে-‘পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুন্জ্ঞে । এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কটকিনা বা কৃপণ বোলে ।” 


লেখকৰ মতে কৃপণ লোকসকলক নিধনী বুলিও কব পাৰি । কাৰণ চকুৰে দর্শন নকৰিলে, ভৰি থাকিও খোজ কঢ়া কাৰ্যটো নকৰিলে যিদৰে সিহঁতৰ সেই দুই ইন্দ্ৰীয় নাই বুলি ধৰিব পাৰি, তেনেকৈ ধন থাকিও ধনৰ সৎ ব্যৱহাৰ নকৰিলে, তেনে লোকক নিধনী বুলাটো যুক্তিৰ দোষ নিশ্চয় নহ’ব । তেখেতৰ মতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলা কাটি । এঠাইত আকৌ তেখেতে কৈছে যে খৰচত হাত টান হ’লে মানুহক কটকিনা বা কৃপণ বোলে । 



৫। ধন সুখ ভােগৰ উপায় নহয়, স্বয়ং ধনেই সুখ’ ব্যাখ্যা কৰা। (AHSEC 2019)

উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।


উক্ত কথাষাৰৰ জৰিয়তে লেখকে কৃপণ লােকৰ ধনৰ প্ৰতি থকা ধাৰণাৰ আভাস দিছে । তেখেতৰ মতে, কৃপণে কেৱল ধনৰ বাবেই ধন সঞ্চয় কৰে । এই লোকসকলৰ অন্য কোনো অভিপ্ৰায় নাথাকে । ধনৰ দ্বাৰা যে সুন্দৰ আৰু সুখী জীৱন যাপন কৰিব পাৰি সিহঁতে সেইকথা উপলব্ধি নকৰে। ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। স্বয়ং ধনেই তেওঁলোকৰ সুখ । ধনৰ নামত সিহঁত উদ্ধাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থাকিয়ে তেওঁলোক পৰম সুখ লাভ কৰে ।




HS 1st Year Assamese Chapter 1 Common Question Answer

অতিৰিক্ত আৰু অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ )


১। সত্যনাথ বৰাদেৱৰ জন্ম কত আৰু কেতিয়া হৈছিল ? 

উত্তৰঃ সত্যনাথ বৰাদেৱৰ জন্ম ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত হৈছিল । 


২। সত্যনাথ বৰাই কিমান চনত বি. এল. পৰীক্ষাত উত্তীৰ্ণ হয় ?

উত্তৰঃ সত্যনাথ বৰাই ১৮৮৯ চনত বি. এল. পৰীক্ষাত উত্তীৰ্ণ হয়।


৩। অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ আৰু কি নামেৰে পৰিচিত ?

উত্তৰঃ অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ ‘বেকন’ নামেৰে পৰিচিত।


৪। সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখনৰ নাম লিখা।

উত্তৰঃ সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখন হৈছে- ‘সাহিত্য বিচাৰ’।


৫। ”ধনৰ ব্যৱহাৰ” শীৰ্ষক পাঠটি ক’ৰ পৰা লোৱা হৈছে ?

উত্তৰঃ ”ধনৰ ব্যৱহাৰ” শীৰ্ষক পাঠটি সত্যনাথ বৰাদেৱে দ্বাৰা ৰচিত ”সাৰথি” নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।


৬। সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম ‘গীতাৱলী’ আৰু ১৮৮৮ চনত প্ৰকাশ  পাইছিল।


৭। ১৯০১ চনত প্ৰকাশ পোৱা ‘জোনাকী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল ?

উত্তৰঃ ১৯০১ চনত প্ৰকাশ পোৱা ‘জোনাকী’ আলোচনীখন সত্যনাথ বৰাদেৱে সম্পাদনা কৰিছিল।


৮। সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণ খনিৰ নাম কি ?

উত্তৰঃ সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণ খনিৰ নাম- ‘বহল ব্যাকৰণ’ ।


৯। সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম কি ? (AHSEC 2018)

উত্তৰঃ সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম- ‘চিন্তাকলি’।


১০। অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখনৰ ৰচক কোন ?

উত্তৰঃ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম- ‘আকাশ ৰহস্য’ আৰু গ্ৰন্থখনৰ ৰচক হৈছে- সত্যনাথ বৰা।


১১। কৃপণ কাক বোলে ?

উত্তৰঃ যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে । এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কপটীয়া বা কৃপণ বোলে।


১২। অষ্টম দৰিদ্ৰ মানে কি ?

উত্তৰঃ অষ্টম দৰিদ্ৰ মানে হৈছে- অতি দুখীয়া।


১৩। ঋণক কিহৰ লগত ৰিজাব পাৰি ?

উত্তৰঃ ঋণক ব্যাধিৰ লগত ৰিজাব পাৰি।


১৪। ধোঁৱাখুলীয়া মানে কি ?

উত্তৰঃ ধোঁৱাখুলীয়া মানে- অতি খৰচী।


১৫। কোনবোৰ মানুহ অচিৰে ধোঁৱাখুলীয়া  হয় ?

উত্তৰঃ সদায় ধাৰত চলা মানুহ অচিৰে ধোঁৱাখুলীয়া হয়।


১৬। মানুহৰ কেতিয়া অৱস্থাৰ উন্নতি নহয় ?

উত্তৰঃ মানুহৰ ঋণ থাকিলে অৱস্থাৰ উন্নতি নহয়।


১৭। উপাসা মানে কি ?

উত্তৰঃ উপাসা মানে - ভৰসা।


১৮। নিহালী মানে কি ?

উত্তৰঃ নিহালী মানে- জাৰত গাত ল’ব পৰা লেপৰ দৰে আৱৰণ।


১৯। যতোৱা মানে কি ?

উত্তৰঃ যতোৱা মানে - প্ৰস্তুত কৰা, বা সাজু কৰা।

                                                                          

২০। চভিয়া মানে কি ?

উত্তৰঃ চভিয়া মানে - ইন্দ্ৰিয়।


২১। কালিয়ন মানে কি ?

উত্তৰঃ কালিয়ন মানে ধাৰ বা বাকী কৈ কিনা বস্তু । 


২২। 'ধনৰ ব্যৱহাৰ' শীর্ষক পাঠটি লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰঃ ”ধনৰ ব্যৱহাৰ” শীৰ্ষক পাঠটি সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত ”সাৰথি” নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।


২৩। সত্যনাথ বৰাই কোন চনত জন্মগ্রহণ কৰিছিল ?

উত্তৰঃ সত্যনাথ বৰাদেৱৰ জন্ম ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত হৈছিল । 


২৪। গল্পকাৰ হিচাপে আত্মপ্রকাশ কৰা সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি ?

উত্তৰঃ গল্পকাৰ হিচাপে আত্মপ্রকাশ কৰা সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম হ'ল - গীতাৱলী। 


২৫। সর্বপ্রথম অসমীয়া সাহিত্যত কোনে বিজ্ঞান বিষয়ক পুথি ৰচনা কৰিছিল ?

উত্তৰঃ সর্বপ্রথম অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱে বিজ্ঞান বিষয়ক পুথি ৰচনা কৰিছিল । 


২৬। বিজ্ঞান বিষয়ক গ্রন্থ ৰচনা কৰা অসমীয়া সাহিত্যৰ প্রথম গ্রন্থখনৰ নাম কি ? 

উত্তৰঃ বিজ্ঞান বিষয়ক গ্রন্থ ৰচনা কৰা অসমীয়া সাহিত্যৰ প্রথম গ্রন্থখনৰ নাম হ'ল - ‘আকাশ ৰহস্য’ । 


২৭। সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম হ'ল - বহল ব্যাকৰণ।


২৮। বহুত মানুহে তেওঁলোকৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ কি কৰে ?

উত্তৰঃ বহুত মানহে নিজৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ আভিজাত্যৰ বাহাদুৰী আগৰ দৰে ৰাখে।


২৯। সত্যনাথ বৰা ৰচিত ব্যাকৰণ পুথিখনৰ নাম কি ?

উত্তৰঃ সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণ পুথিখনৰ নাম- ‘বহল ব্যাকৰণ’ ।


৩০। প্রথম অসমীয়া বি. এল. উপাধিধাৰী কোন ?

উত্তৰঃ প্ৰথম অসমীয়া বি.এল. উপাধিধাৰী হ'ল সত্যনাথ বৰা । 


৩১। সত্যনাথ বৰাৰ প্ৰবন্ধসমূহৰ মূল বক্তব্য কি ?

উত্তৰঃ সত্যনাথ বৰাৰ প্ৰবন্ধসমূহৰ মূল বক্তব্য হ'ল - নীতিগৰ্ভ আৰু উপদেশমূলক । 


৩২। অষ্টম দৰিদ্ৰ মানে কি ?

উত্তৰঃ অষ্টম দৰিদ্ৰ মানে হৈছে- অতি দুখীয়া।


৩৩। কৃপনৰ মতে উত্তম পিন্ধন কি ? 

উত্তৰঃ কৃপনৰ মতে উত্তম পিন্ধন হ'ল - গপ।


৩৪। কৃপণৰ বিবেচনাত উত্তম ভোজন কি ? 

উত্তৰঃ কৃপণৰ বিবেচনাত উত্তম ভােজন হ'ল খক । 


৩৫। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা ?

উত্তৰঃ অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন।


৩৬। কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।


৩৭। মানুহৰ ঋণ কেতিয়া হয় ?

উত্তৰঃ আর্জনতকৈ খৰচ বেছি হ’লে মানুহৰ ঋণ হয়।


৩৮। সত্যনাথ বৰাই ৰচনা কৰা এখন প্রবন্ধ-পুথিৰ নাম লিখা। (AHSEC 2018)

উত্তৰঃ সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম- ‘চিন্তাকলি’।


৩৯। সত্যনাথ বৰাৰ একমাত্র গীতৰ পুথিখনৰ নাম কি ? (AHSEC 2019)

উত্তৰঃ সত্যনাথ বৰাৰ একমাত্র গীতৰ পুথিখনৰ নাম - গীতাৱলী।


৪০। অর্থ ব্যৱহাৰৰ মূলমন্ত্র কি ? (AHSEC 2020, 2023)

উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ হ'ল - আয় অনুসৰি খৰচ কৰা ।


১। কৃপন লোকে আন মানুহে ধন খৰছ কৰিলে কিয় সহিব নোৱাৰে ? 

উত্তৰঃ কৃপনসকলৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলস, গতিকে এওঁলোকে সৰহ কামৰ বিনিময় কাম অতিত পৰিমাণৰ ধন যাচে বা একেবাৰে ধন নিদিবলৈ ফাঁকি কথাৰ আশ্ৰয় লয় । সেয়েহে, তেওঁলোকে আনলোকে ধন খৰচ কৰিলেও সহ্য কৰিব নোৱাৰে । কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে কৃপন লোকসকলে তেনে কামত বিধি-পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায় । 


২। কি দুটা কাৰণত মানুহে কৃপণালি কৰে ? (AHSEC 2019)

উত্তৰঃ প্রথমতে মানুহে ধনৰ উভৈনদী কৰি পৃথিৱীত খ্যাতি অর্জন কৰিবলৈ কৃপণালি কৰে। আন কিছুমানে সন্তান- সন্ততিলৈ ধনৰ অক্ষয় ভাণ্ডাৰ ৰাখি থ’বৰ বাবে কৃপণালি কৰে।


৩। কৃপণ আৰু ধোৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা । (AHSEC 2020)

উত্তৰঃ কৃপণ আৰু ধোঁৱা খুলীয়াৰ মাজত থকা দুটা পার্থক্য হল – প্রথমতে, কৃপণ লােকে বেছি উপার্জন কৰে, কিন্তু কম খৰচ কৰে। আনহাতে ধোঁৱা খুলীয়াই কম উপার্জন কৰে, কিন্তু উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰে ।


দ্বিতীয়তে, কৃপণলােকে ধন সঞ্চয় কৰিবলৈ উত্ৰাৱল হয়, আনহাতে ধোঁৱাখুলীয়াই ধন খৰচ কৰিবলৈ উত্ৰাৱল হয়।


৪। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি? (AHSEC 2022)

উত্তৰঃ ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ প্ৰথমটো হল – ধনেৰে সুখ-সম্পদ বৃদ্ধিৰ বাবে ভাল খাদ্য, বস্ত্র, বাসস্থান, হাতী-ঘোঁৰা, গাড়ী আদি সংগ্রহ কৰিব পাৰি। দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধন কৰিব পাৰি, উদাৰহণস্বৰূপেঃ অন্নহীনক অন্ন যােগান ধৰিব পাৰি, বিপদত পৰা মানুহক সহায় কৰিব পাৰি, বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰিব পাৰি।


৫। 'ধনৰ ব্যৱহাৰ' পাঠটিৰ ৰচক কোন আৰু ক'ৰ পৰা লোৱা হৈছে ? (AHSEC 2023)

উত্তৰঃ ”ধনৰ ব্যৱহাৰ” শীৰ্ষক পাঠটি সত্যনাথ বৰাদেৱে দ্বাৰা ৰচিত ”সাৰথি” নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।




একাদশ শ্ৰেণীৰ অসমীয়া

অধ্যায় ২ - অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ 



Class 11 / HS 1st Year Science Biology English Medium



HS 1st Year Mathematics Question Paper 2016 PDF Download 

HS 1st Year Mathematics Question Paper 2017 PDF Download

HS 1st Year Mathematics Question Paper 2018 PDF Download

HS 1st Year Mathematics Question Paper 2020 PDF Download

HS 1st Year Mathematics Question Paper 2022 PDF Download


HS 1st Year Physics Question Paper 2022 PDF Download



HS 1st Year Political Science Question Paper 2016 PDF Download 

HS 1st Year Political Science Question Paper 2017 PDF Download 

HS 1st Year Political Science Question Paper 2018 PDF Download 

HS 1st Year Political Science Question Paper 2019 PDF Download

HS 1st Year Political Science Question Paper 2020 PDF Download 

HS 1st Year Political Science Question Paper 2021 PDF Download 

HS 1st Year Political Science Question Paper 2022 PDF Download


HS 1st Year Economics Question Paper 2017 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2018 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2019 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2020 PDF Download 

HS 1st Year Economics Question Paper 2021 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2022 PDF Download (Uploading) 


HS 1st Year History Question Paper 2016 PDF Download

HS 1st Year History Question Paper 2017 PDF Download

HS 1st Year History Question Paper 2018 PDF Download

HS 1st Year History Question Paper 2019 PDF Download 

HS 1st Year History Question Paper 2020 PDF Download





English Model Paper 2023 Pdf 


















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.