15 Jun 2023

HS 2nd Year Assamese Chapter 2 Question Answer

HS 2nd Year Assamese Chapter 2 Question Answer

HS 2nd Year Assamese Chapter 2 Question Answer


HS 2nd Year Assamese Chapter 2 Question Answer: মগনিয়াৰ (Mogoniyar) is the 2nd chapter from Class 12 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer যতীন্দ্ৰনাথ দুৱৰা (Jatindra Nath Duwara). Here in this article you can avial HS 2nd Year Assamese Chapter 2 Question Answer.





Class 11 Assamese Chapter – 2 মগনিয়াৰ All Question Answer 



(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ )


১। অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতা ৰচনা কৰা কবি গৰাকী কোন ?

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতা ৰচনা কৰা কবি গৰাকী হ'ল - যতীন্দ্ৰনাথ দুৱৰা ৷


২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল ৷


৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায় ?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাক "বনফুলৰ কবি" বুলি জনা যায় ৷


৪। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?

উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷


৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷




(খ) চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)


১। কথা-কবিতা বুলিলে কি বুজা ? কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা ৷ উঃ‌মাঃ ২০১৪, ২০১৮, ২০১৯, ২০২০

উত্তৰঃ যি কবিতা সাধাৰণতে গদ্যত আকাৰত ৰচনা কৰা হয় তেনে কবিতাক কথা কবিতা বােলা হয় । গদ্যত ৰচিত হয় কাৰণে কথা কবিতাত ছন্দ নাথাকে । 

কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-


(ক) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে৷

(খ) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে৷



২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে ?

উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয়৷ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷



৩। ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷

উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷ তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হ’ল ৰুবায়ৎ ৷



৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে ৷ কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷



৫। ‘ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই৷’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ?

উত্তৰঃ উক্ত কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল ৷ এদিন কবিয়ে বাটৰে গৈ থাকোঁতে এজন হাড়, ছাল ওলোৱা মগনিয়াৰক লগ পাইছিল ৷  মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল ৷ এজন বুঢ়া বেমাৰী মগনিয়াৰক দেখি কবিৰ দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰ জনক দিবলৈ কবিয়ে মােনাত একো পাৰ্থিৱ সম্পদ নাছিল । কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷



Class 12 Assamese Chapter 2 Question Answer | মগনিয়াৰ প্ৰশ্ন উত্তৰ

(গ) দীঘল প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ অথবা ৫)


১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷

উত্তৰঃ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ এদিন কবিয়ে বাটেৰে গৈ থাকোতে এজন ৰুগীয়া হাড় ছাল ওলোৱা মগনিয়াৰ লগ পালে। মগনিয়াৰজনে কিবা পোৱাৰ আশাত ওখহা, অপৰিষ্কাৰ হাতখন মেলি কবিৰ সন্মুখত থিয় হলহি । মগনিয়াৰজনৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ । দৰিদ্ৰতাৰ এনে জ্বলন্ত দৃশ্য দেখি কবিয়ে বৰ শোক পালে । চোলাৰ মোনাত হাত ভৰাই তেওঁ দেখে যে মগনিয়াৰজনক দিবলৈ কবিৰ লগত টকা, ঘড়ী আনকি ৰুমাল এখনো নাই । 


মগনিয়াৰজনে তেতিয়াও কবিৰ সন্মুখত হাত পাতি ৰৈ আছিল আৰু তেওঁৰ শৰীৰটোও কপিবলৈ ধৰিছিল। কবিয়ে ৰৈ থাকিব নোৱাৰি ততাতৈয়াকৈ নগনিয়াৰ জনৰ হাত দুখনত সাৱটি ধৰি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে । কবিৰ এনে আন্তৰিকতা আৰু গভীৰ সহানুভূতি দেখি মগনিয়াৰজনে কবিৰ মুখৰ ফালে চাই এটা শেঁতা হাঁহি মাৰিলে। 


তেওঁক দিবলৈ কৰিগৰাকীৰ হাতত যে একো নাই সেয়া তেওঁ বুজি পাইছিল। তেতিয়া মগনিয়াৰজনেও কবিৰ হাত দুখনত ধৰি আশ্বাস আৰু সন্তুষ্টিৰে একো কথা নাই, ইও এটা মহৎ দান বুলি কৈ কবিক অশেষ ধন্যবাদ দিলে। কবিয়ে ভাবিলে যে তেৱোঁ লগৰীয়া এজনৰ পৰা এটা দান পালে। কিয়নো কবিৰ দেহত দৰিদ্ৰতাৰ কোনো চিন নাথাকিলেও মগনিয়াৰজনৰ দৰে তেওঁৰো হাতত একো নাই। দুয়োৰে মাজত এটা বিষয়তেই সাদৃশ্য আছে আৰু সেয়া হৈছে আন্তৰিকতা ।



২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে ?

উত্তৰঃ যতীন্দ্রনাথ দুৱাৰৰ মগনিয়াৰ পাঠটি এটি উৎকৃষ্ট কথা-কবিতা । সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায় । মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ লক্ষণসমূহ আলোচনা কৰা হ’ল-


(ক) কথা-কবিতাবোৰ ৰূপকাত্মক ৷ ’মগনিয়াৰ’ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে ৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে৷


(খ) কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত৷ ‘মগনিয়াৰ’ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷


(গ) কথা কবিতাৰ এটাই মাথােন কেন্দ্রস্থ ভাৱ থকা বৈশিষ্ট্যও ‘মগনিয়াৰ’কথা কবিতাটিত প্রকাশ পাইছে। কবি আৰু মগনিয়াৰ জনৰ মাজত এটাই মাথােন সাদৃশ্য আছে, সেয়া হ’ল দুয়ােৰে আন্তৰিকতা। এই আন্তৰিকতাই হৈছে ‘মগনিয়াৰ কথা কবিতাটিৰ কেন্দ্রস্থ ভাৱ।




মগনিয়াৰ | Class 12 Assamese Answer | Lesson 2 | দ্বিতীয় বাষিক পাঠ্যপুঠি 

৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷

উত্তৰঃ অসমীয়া সাহিত্যজগতত ‘বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে৷ তেওঁৰ কবিতা পুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ ৷ 


‘বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল ৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া ৷ ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে ৷ 


ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল ৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে -‘কথা-কবিতা’৷




৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে ? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷ উঃ‌মাঃ ২০২০

উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে৷


কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা ৷ ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে যিয়ে দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত ৷


কবিয়ে এদিন বাটেৰে গৈ থাকোঁতে এজন বৃদ্ধ, ৰোগাক্ৰান্ত, ক্ষীণ, হাড় ছাল ওলোৱা, শাৰীৰিক ভাৱে দুৰ্বল মগনিয়াৰক লগ পালে । শেঁতা ওঠ, ৰঙা চকু আৰু ফটা কাপোৰ পৰিহিত ব্যক্তিজনৰ অৱয়বত দৰিদ্ৰতাৰ চিন স্পষ্ট। দৰিদ্ৰতাৰ এনে জ্বলন্ত দৃশ্য দেখি কবিয়ে বৰ শোক পালে । চোলাৰ মোনাত হাত ভৰাই তেওঁ দেখে যে মগনিয়াৰজনক দিবলৈ একো পাৰ্থিৱ সম্পদ নাছিল । 


কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবােধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নােৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমর্থতা প্রকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে 'ককাই’ বুলি মগনিয়াৰ জনক সম্বােধি তেওঁক খং নকৰিবলৈ অনুৰােধ জনালে। ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷ 


তাৰ পাছত কবিৰ হাত দুখনত দুর্বলভাৱে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল— “একো কথা নাই, ইয়াৰ বাবে

অশেষ ধন্যবাদ। ইও যে এটা দান ।” নিঃস্ব মগনিয়াৰ জনে কবিৰ মানৱীয় গুণৰ বাবেই কবিক ধন্যবাদ দিয়াত অর্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি কবিয়ে মগনিয়াৰ জনৰ পৰা এটা অমূল্য পাঠ সংগ্রহ কৰিলে 




Class 12 Assamese Lesson 2 Question and Answer | HS 2nd Year Assamese Chapter 2 Solution

৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা ৷

উত্তৰঃ বনফুলৰ কৰি মতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা ৰচিত 'মগনিয়াৰ' এটি কথা-কবিতা। এই কথা-কবিতাৰ মূল কথাখিনি ক'বলৈ যোৱাৰ প্ৰসংগত কবিয়ে মগনিয়াৰজনৰ সৈতে কিছুমান কথাত ভাগ লৈছে—


কবিয়ে এদিন পদ পথেৰে গৈ থাকোতে এজন বৃদ্ধ, ৰোগাক্ৰান্ত, ক্ষীণ, হাড় ছাল ওলোৱা, শাৰীৰিক ভাৱে দুৰ্বল মগনিয়াৰক লগ পালে। শেঁতা ওঠ, ৰঙা চকু আৰু ফটা কাপোৰ পৰিহিত ব্যক্তিজনৰ অৱয়বত দৰিদ্ৰতাৰ চিন স্পষ্ট। মগনিয়াৰজনে কবিৰ ওচৰত হাত মেলি কবিৰ পৰা অকণমান সহায় ভিক্ষা মাগিছিল। কিন্তু তাক দিব পৰাকৈ সেই মুহূৰ্তত মগনিয়াৰজনক দিব পৰাকৈ কবিৰ লগত একো এটাই নাছিল। সেয়ে মানৱীয় সহানুভূতিৰে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি নিজৰ অসহায় অৱস্থাটো ব্যক্ত কৰি ক'লে – “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই”।


কবিৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত মুগ্ধ হৈ মগনিয়াৰৰ শেঁতা ওঠ দুখনে অলপ হাঁহিলে আৰু সিও কবিৰ হাত দুখনত অতি কষ্টৰে ধৰি মাত লগালে – “কি হ'ল একো কথা নাই –ইয়াৰ কাৰণে অশেষ ধন্যবাদ -ইয়ো যে এটা দান” ।


মগনিয়াৰজনৰ এনে ব্যৱহাৰত কবিয়েও এটা দান পোৱা যেন অনুভৱ হ'ল। এক অৰ্থত ক'বলৈ গলে কবি আৰু মগনিয়াৰজন দুয়ো পৃথকে পৃথকে মগনিয়া।




Class 12 Assamese Chapter 2 Common Question Answer

১। যতীন্দ্র নাথ দুৱৰাই কোন চনত আৰু ক’ত জন্ম হয় ? উঃ‌মাঃ ২০২০

উত্তৰঃ ১৮৯২ চনত শিৱসাগৰৰ আমােলাপট্টিত যতীন্দ্র নাথ দুৱৰাৰ জন্ম হয়।


২। অসমীয়া সাহিত্যত প্রথম কথা কবিতা ৰচনা কৰা কৰিগৰাকী কোন ? উঃ‌মাঃ ২০১৬

উত্তৰঃ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা কবিতাৰ ৰচক হ’ল যতীন্দ্র নাথ দুৱৰা।


৩। যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনিৰ নাম কি ?

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনিৰ নাম হ'ল - কথা-কবিতা।


৪।  যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ? উঃ‌মাঃ ২০১৫

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাই বনফুল কবিতাপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।


৫। ওমৰ তীর্থ’ কাব্যপুথিৰ মুল কি ? উঃ‌মাঃ ২০১৫

উত্তৰঃ ‘ওমৰ তীর্থ’ কাব্যপুথিৰ মূল হল— ফার্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত ।


৬। যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাক 'বনফুলৰ’ কবি বুলি কোৱা হয় ।


৭। ওমৰ তীর্থ’ পুথিখন কোন পুথিৰ ভাবানুবাদ ? উঃ‌মাঃ ২০১৮

উত্তৰঃ ওমৰ তীর্থ’ পুথিখনি ফাচী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাবানুবাদ।


৮।  সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন।উঃ‌মাঃ ২০১৯

উত্তৰঃ যতীন্দ্রনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটাপ্রাপ্ত প্রথম গৰাকী অসমীয়া।


৯। কথা-কবিতা কোন শতিকাত সৃষ্টি হৈছিল ? কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয় ? উঃ‌মাঃ ২০২০

উত্তৰঃ কথা-কবিতা উনৈশ শতিকাত সৃষ্টি হৈছিল। ৰুছ সাহিত্যিক আইভান টুর্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়।


১০। মগনিয়াৰ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে ? উঃ‌মাঃ ২০২০

উত্তৰঃ মগনিয়াৰ পাঠটি যতীন্দ্র নাথ দুৱৰাদেৱৰ কথা-কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে।


১১। কথা কবিতা ৰচনা কৰোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল ?

উত্তৰঃ কথা কবিতা ৰচনা কৰোঁতে আফ্রিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ ৰচনাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল।


১২। কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা- কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে ? উঃ‌মাঃ ২০১৫


অথবা


নাইবা যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোনগৰাকী ৰুচ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে ?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাৰ মগনিয়া’ৰ কথা কবিতাটো ৰুছ সাহিত্যিক আইভান টুর্গেনিভৰ “The Beggar” নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য আছে।


১৩। মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাবটো কি ?

উত্তৰঃ 'মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাবটো হ'ল - দৰিদ্ৰতাৰ আন্তৰিকতা।


১৪। কবিয়ে লগ পােৱা মগনিয়াৰজনৰ শৰীৰৰ চমু বর্ণনা দিয়া। উঃ‌মাঃ ২০১৬

উত্তৰঃ কবিয়ে লগ পােৱা মগনিয়াৰজন আছিল বুঢ়া বেমাৰী। তেওঁৰ গাৰ হাড়-ছাল ওলােৱা, ওঁঠ দুটা শেতা আৰু চকু দুটা ৰঙা আছিল। তেওঁৰ উখহা অপৰিষ্কাৰ হাত আৰু গাত ফটা-কাপােৰ আছিল। দেখিলেই ধৰিব পাৰি তেওঁ দৰিদ্ৰতাৰ জ্বলন্ত প্রতিমূর্তি।


১৫। যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল? 

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হােৱা চতুর্বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।


১৬। ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।

উত্তৰঃ ওমৰ খায়াম হ’ল ফাৰ্চী চুফী কবি। তেওঁৰ ৰচিত এখন বিখ্যাত পুথি হ’ল—ৰুবায়ত।



১৭। “কি হল একো কথা নাই”- ইয়াৰ কাৰণে অশেষ ধন্যবাদ”—কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাইলিখা। উঃ‌মাঃ ২০১৭

উত্তৰঃ উক্ত কথাষাৰ যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ নামৰ কথা- কবিতাটোৰ পৰা তুলি অনা হৈছে। এই কথাষাৰ মগনিয়াৰজনে কবি যতীন্দ্রনাথ দুৱৰাক কৈছিল।


কবিয়ে বাটেৰে গৈ থাকোত হাড় ছাল ওলােৱা, ফটা কাপােৰ পিন্ধা এজন মগনিয়াৰক লগ পাইছিল। কবিয়ে সুন্দৰকৈ বুজি পাইছিলে যে তেওঁ দৰিদ্ৰতাৰ কবলত পৰি শুকাই ক্ষিণাই গৈছে, সর্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট। মগনিয়াৰজনৰ প্রতি কবিৰ পুতৌ জন্মিছিল যদিও মগনিয়াৰজনক দিবলৈ কবিৰ হাতত একোৱেই নাছিল। সেই সময়ত মগনিয়াৰজনৰ দৰে কবিয়ে নিজকে অসহায় আৰু ভিক্ষাৰী বুলি অনুভৱ কৰিছিল। সেই সময়ত মগনিয়াৰজনৰ প্রতি কবিৰ অন্তৰত সহানুভূতিৰ বাহিৰে দিবলৈ একো নাছিল। 


কবিয়ে মগনিয়াৰজনৰ দুহাতত সাবটি ধৰি কৈছিল ককাই, মােৰ ওপৰত খং নকৰিবা মােৰ হাতত একোৱেই নাই। সেয়েহে মগনিয়াজনৰ দুই ওঁঠেৰে আনন্দৰ হাঁহি বিৰিঙিছিল। মুখৰ মধুৰ মাত এষাৰিও কেতিয়াবা বহুমূলীয়া দান হ’ব পাৰে। তেওঁ ভাবিছিল অন্তত এইজনেই মানুহ যিজনে মগনিয়াৰজনক ঘৃণা নকৰে। তেওঁৰ বাবে ইয়াতকৈ মহৎ দান একো হ’ব নােৱাৰে বুলি ভাবি মগনিয়াৰজনে কবিক অশেষ ধন্যবাদ জনাইছিল। 


দুখীয়াৰ প্রতি মানৱতাবােধেই যে সর্বশ্রেষ্ঠ দান এই কথা কবিয়ে নিজেও বুজি পাইছিল। দৰিদ্ৰতাৰ প্ৰতি থকা আন্তৰিকতা, সহানুভূতি, এই কথাষাৰৰ মাজত সুন্দৰকৈ প্ৰকাশ পাই ছিল। মগনিয়াৰজনে কবিৰ পৰা কোনাে বস্তু পােৱা নাছিল যদিও তেওঁৰ প্ৰতি কবিয়ে যি আন্তৰিকতা দেখুৱাইছিল তাকেই তেওঁ দান বুলি ধৰি লৈছিল।



১৮। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। মগনিয়াৰ পাঠটিৰ আধাৰত কথাখিনি বুজাই লিখা।

উত্তৰঃ কবি এদিন বাটেদি গৈ থাকোতে এজন বুঢ়া হাড়-ছাল গুলোৱা মগনিয়াৰ আহি কবিৰ কাষত থিয় হ’লহি। তাৰ ওঁঠ শেঁতা পৰা চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। সি ওখহা, অপৰিষ্কাৰ হাতখন মেলি কবিৰ পৰা সহায় খুজিলে। 


কবিয়ে চকুৰ সন্মুখত দৰিদ্ৰতাৰ এনে জ্বলন্ত শোকলগা দৃশ্য দেখি অন্তৰত বৰ দুখ পালে। মগনিয়াৰজনক কিবা দিবলৈ বুলি চোলাৰ মোনাত হাত ভৰাই দেখে যে তেওঁৰ লগত একোৱেই নাছিল। টকা, ঘড়ী আনকি ৰুমাল এখনো তেওঁৰ লগত নাছিল। ম্যানিয়াৰজনে তেতিয়াও কবিৰ সন্মুখত থিয় হৈ আছিল। তাৰ দুৰ্বল শৰীৰটো কঁপি আছিল। কবিয়ে ৰৈ থাকিব নোৱাৰি লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি খং নকৰিবলৈ ক’লে। কবিয়ে ককাই বুলি সম্বোধন কৰি তেওঁৰ মনৰ আন্তৰিকতাখিনি প্ৰকাশ কৰা দেখা যায়। 


মগনিয়াৰজনে কবিৰ অবস্থা বুজিব পাৰি শেঁতা ওঁঠ দুখনেৰে হাঁহি এটা মাৰিলে আৰু কবিৰ হাতত ধৰি একো কথা নাই, ইও এক মহৎ দান বুলি কৈ বৰ আশ্বাস আৰু সন্তুষ্টিৰে কবিক অশেষ ধন্যবাদ দিলে। মগনিয়াৰজনৰ এনে সন্তুষ্টি দেখি কবিয়েও লগৰীয়া এজনৰ পৰা এটা দান পোৱা যেন পালে। কবিৰ সৰ্বদেহত দৰিদ্ৰতাৰ কোনো চিন নাছিল যদিও মগনিয়াৰ জনৰ দৰে তেওঁৰো হাতত একো নাছিল। অর্থাৎ কবি আৰু মগনিয়াৰ জনৰ মাজত সাদৃশ্য থকা বিষয়টো হ’ল আন্তৰিকতা।




PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 



















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.