16 Jun 2023

HS 1st Year Assamese Chapter 2 Question Answer

HS 1st Year Assamese Chapter 2 Question Answer

HS 1st Year Assamese Chapter 2 Question Answer


HS 1st Year Assamese Chapter 2 Question Answer: অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ is the chapter 2 from Class 11 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer পদ্মনাথ গোহাঞিবৰুৱা. Here in this article you can avial HS 1st Year Assamese Chapter 2 Question Answer.




Class 11 Assamese Chapter – 2 অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ All Question Answer 



অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ


পদ্মনাথ গোহাঞিবৰুৱা


(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১) 


১। 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী 'মোৰ সোঁৱৰণী’ৰ পৰা সংগ্ৰহ কৰা হৈছে।


২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।


৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গােহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম –‘মােৰ সোঁৱৰণী'।


৪। 'আগৰৱালা পকী’ ক’ত অৱস্থিত ?

উত্তৰঃ 'আগৰৱালা পকী’ তেজপুৰত অৱস্থিত।


৫। গান্ধীজীৰ সন্মানাৰ্থে 'পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।

উত্তৰঃ গান্ধীজীৰ সন্মানাৰ্থে 'পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম হ’ল পদ্মনাথ গোহাঞিবৰুৱা।



(খ) চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)


১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ'ল - 'গাঁওবুঢ়া' আৰু 'টেটোন তামুলী'।


২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম - 'বিজুলী', আসাম বন্তি' আৰু 'ঊষা'।


৩। পদ্মনাথ গোহঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম হ'ল - 'শ্ৰীকৃষ্ণ', ভানুমতী, আৰু 'লহৰি'।


৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰলক ‘Dear Sir’ বুলি সম্বােধন কৰি ‘Your Excellency’ ৰ ঠাইত ‘Your’ বুলি চিঠি লিখিছিল। 


৫। 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।

উত্তৰঃ 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম - তৰুণৰাম ফুকন আৰু মৌলানা মহম্মদ আলি । 



HS 1st Year Assamese Chapter 2 All Question and Answer 


(গ) দীঘল প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ অথবা ৫)


১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল ?

উত্তৰঃ পদ্মনাথ গােহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কীর্তি কাহিনীৰ বিষয়ে আগৰে পৰা শুনি আছিল। দক্ষিণ আফ্রিকাত বর্ণবৈষম্যৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে লােৱা ভূমিকাৰ বিষয়ে দেশ-বিদেশত প্ৰচাৰ হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানবিক গুণৰ বহুল প্রচাৰ হৈছিল। 


আনকি আমেৰিকাৰ খ্ৰীষ্টিয়ান মিচনেৰী পাদ্রীসকলে মহাত্মা গান্ধীক যীশুখ্রীষ্টতকৈ ওপৰত আসন দিয়া দেখি পদ্মনাথ গোহাঞিবৰুৱা স্তম্ভিত হৈছিল। আকৌ মহাত্মা গান্ধী দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ উভটি আহি ভাৰতবৰ্ষক স্বাধীন কৰাৰ নেতৃত্ব বহন কৰে। 


এই সংক্রান্তত মহাত্মা গান্ধীয়ে এবাৰ সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৰীডিং চাহাবলৈ ভাৰতবৰ্ষৰ হৈ এখন দীঘলীয়া চিঠি লিখে। সেই চিঠিত মহাত্মা গান্ধীয়ে গৱৰ্ণৰ জেনেৰলক ‘Dear Sir’ বুলি সম্বােধন কৰি ‘Your Excellency’ ৰ ঠাইত কেৱল ‘Your’ বুলি লিখিছিল। এইবােৰ কাৰণত পদ্মনাথ গােহঞিবৰুবাই মহাত্মা গান্ধী লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল।



২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত জাহাজেৰে আহি ৰাতিপুৱা প্ৰায় ৯.৩০ বজাত অসমৰ তেজপুৰ ঘাটত উপস্থিত হয়। তেখেতৰ লগত মৌলনা মহম্মদ আলি, অসমলৈ আছিল। তেঁওলোকে বন্দৰত উপস্থিত হােৱাৰ সময়ত ধাৰাসাৰে বৰষুণ দি আছিল। তেনেতে পদ্মনাথ গােহাঞি বৰুৱাই লৰালৰিকৈ জাহাজত উঠি গান্ধীজীক নমস্কাৰ জনাইছিল। 


বৰষুণ বন্ধ হােৱাত তেঁওলোকে মহাত্মা গান্ধীক বাগীত উঠাই লৈ শােভাযাত্রা কৰি হৰিবিলাস আগৰৱালাৰ পকী কুঠী’লৈ লৈ যায়। আলধৰা সমিতিয়ে তাত গান্ধীজীক ছাগলীৰ গাখীৰেৰে জা-জলপান কৰায়। 


ইতিমধ্যে বাহিৰত অসংখ্য জনতাই গান্ধীজীক দর্শন কৰিবলৈ ভিৰ কৰি থকাত মহাত্মা গান্ধীক পকী ঘৰৰ চাদত তুলি দিয়া হয়। তাত মহাত্মা গান্ধীয়ে উদং গাৰে দৰ্শন দি ৰাইজক সন্তুষ্টি কৰে। পিছত কার্যতালিকা অনুসৰি হৰিবিলাস আগৰৱালাৰ ‘পকীৰ সন্মুখত বহল ঘাঁহনি পথাৰত মজলি পতা হয়। তাত মহাত্মা গান্ধীয়ে ‘স্বৰাজ আৰু অসহযােগিতা’ৰ ওপৰত প্রায় দুই ঘন্টা সময় দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লয়।




উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ প্ৰশ্ন উত্তৰ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ All Question Answer 


৩। গান্ধীজীৰ আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা।

উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয়, গোহাঞিবৰুৱাই তৎক্ষণাৎ জাহাজত উঠি গান্ধীৰ চাপিল। গান্ধীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকন আহিছিল। তৰুণৰাম ফুকনে গান্ধীজীক "তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা" বুলি পৰিচয় কৰাই দিলে। শুনিয়েই গান্ধী জিকাৰ খাই উঠি ক’লে, "আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।"  


তৰুণৰাম ফুকনে তেতিয়া বুজাই ক’লে যে গোহাঞিবৰুৱা যদিও চৰকাৰী কৰ্মচাৰী তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে। তেতিয়া গান্ধীয়ে ক’লে, "যি হওঁক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন।" তেতিয়া গোহাঞিবৰুৱাই মূৰ দোঁৱাই সৈমান হ’ল। 


পদ্মনাথে গোহাঞিবৰুৱাই সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশীনে বুলি সুধাত গোহাঞিবৰুৱাই উত্তৰ দিলে, "সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে।" তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায়। এই দৰেই দুয়োজনৰ মাজত ভাবৰ আদান-প্ৰদান চলিছিল।



৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা।

উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে 'আগৰৱালা পকী'ৰ সন্মুখত সন্ধিয়া সাত বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাঢাৰি পাৰি মজ্লিচ বৈঠক পতা হৈছিল। 


নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰ পৰা আহি অভ্যৰ্থনাত যোগ দিয়াৰাইজৰ নেতা-শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে-শাঁতে যথাযোগ্য ঠাইত আসন লৈছিল। 


কিন্তু পদ্মনাথ গােহাঞিবৰুৱাৰ বাহিৰে আন কোনাে চৰকাৰী বিষয়ববীয়াই সেই মজলিচত যােগ দিয়া নাছিল। ইয়াৰ পিছত মহাত্মা গান্ধীয়ে চালপীৰা এখনৰ ওপৰত উপবিষ্ট হৈ হিদী আৰু গুজৰাটী ভাষাত স্বৰাজ আৰু অসহযােগিতা’ৰ ওপৰত প্রায় দুইঘন্টা দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লয়।



৫। "আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷" - এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা।

উত্তৰঃ মহাত্মা গান্ধীজীক বহন কৰি অনা জাহাজখন ৰাতিপুৱা প্ৰায় ৯:৩০ বজাত তেজপুৰ ঘাটত উপস্থিত হয়। তেতিয়া ধাৰাসাৰে বৰষুণ দি আছিল। এনেতে পদ্মনাথ গগাহাঞিবৰুৱাই জাহাজখনত উঠি মহাত্মা গান্ধীক নমস্কাৰ জনায় । তেতিয়া তৰুণ ৰাম ফুকনে মহাত্মা গান্ধীৰ লগত পদ্মনাথ গােহাঞিবৰুৱাক পৰিচয় কৰাই দি কয়, “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা -ৰায়চাহাব পদ্মনাথ গােহাঞিবৰুৱা।” পদ্মনাথ গােহাঞিবৰুৱাৰ পৰিচয় পাই গান্ধীজীয়ে জিকাৰ খাই উঠি উক্ত কথাষাৰ ব্যক্ত কৰিছিল।




HS 1st Year Assamese Chapter 2 Common Question Answer


১। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম ১৮৭১ চনত হৈছিল ৷


২। অসমীয়া ভাষাৰ প্রথম উপন্যাস খনৰ নাম কি ?

উত্তৰঃ অসমীয়া ভাষাৰ প্রথম উপন্যাস খনৰ নাম হ'ল পদ্মনাথ গােহাঞিবৰুৱাৰ ভানুমতী’।


৩। পদ্মনাথ গােহাঞিবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গােহাঞিবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম হ'ল শ্ৰীকৃষ্ণ।


৪। পদ্মনাথ গােহাঞিবৰুৱাই ভাৰত চৰকাৰৰ পৰা কি উপাধি পাইছিল ?

উত্তৰঃ পদ্মনাথ গােহাঞিবৰুৱাই ভাৰত চৰকাৰৰ পৰা ৰায়চাহাব উপাধি পাইছিল । 


৫। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন কোন আছিল ?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন নামে পদ্মনাথ গােহাঞিবৰুৱা আছিল।


৬। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল৷


৭। তেজপুৰৰ কোনজন উকীলে মহাত্মা গান্ধী আৰু মহম্মদ আলি চাহাবক নমস্কাৰ জনাইছিল ?

উত্তৰঃ তেজপুৰৰ বাবু মহেন্দ্রনাথ উকীলে উকীলে মহাত্মা গান্ধী আৰু মহম্মদ আলি চাহাবক নমস্কাৰ জনাইছিল । 

Class 11 / HS 1st Year Science Biology English Medium



HS 1st Year Mathematics Question Paper 2016 PDF Download 

HS 1st Year Mathematics Question Paper 2017 PDF Download

HS 1st Year Mathematics Question Paper 2018 PDF Download

HS 1st Year Mathematics Question Paper 2020 PDF Download

HS 1st Year Mathematics Question Paper 2022 PDF Download


HS 1st Year Physics Question Paper 2022 PDF Download



HS 1st Year Political Science Question Paper 2016 PDF Download 

HS 1st Year Political Science Question Paper 2017 PDF Download 

HS 1st Year Political Science Question Paper 2018 PDF Download 

HS 1st Year Political Science Question Paper 2019 PDF Download

HS 1st Year Political Science Question Paper 2020 PDF Download 

HS 1st Year Political Science Question Paper 2021 PDF Download 

HS 1st Year Political Science Question Paper 2022 PDF Download


HS 1st Year Economics Question Paper 2017 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2018 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2019 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2020 PDF Download 

HS 1st Year Economics Question Paper 2021 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2022 PDF Download (Uploading) 


HS 1st Year History Question Paper 2016 PDF Download

HS 1st Year History Question Paper 2017 PDF Download

HS 1st Year History Question Paper 2018 PDF Download

HS 1st Year History Question Paper 2019 PDF Download 

HS 1st Year History Question Paper 2020 PDF Download





English Model Paper 2023 Pdf 









No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.