24 Jul 2023

HS 2nd Year Assamese Chapter 5 Question Answer

HS 2nd Year Assamese Chapter 5 Question Answer

HS 2nd Year Assamese Chapter 5 Question Answer


HS 2nd Year Assamese Chapter 5 Question Answer: ভাৰতীয় আদৰ্শত বৈৰাগী from HS 2nd year MIL Assamese written by Tirthanath Sarma (তীর্থনাথ শৰ্মা). Here you'll get HS 2nd Year Assamese Chapter 5 Question Answer





ভাৰতীয় আদৰ্শত বৈৰাগী | Class 12 Assamese | দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি | HS 2nd Year Assamese | Solution Assam Board | Class 12 Assamese Lesson 5 Question and Answer | HS 2nd Year Assamese Chapter 5 Solution


(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)


১। ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ?

উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।


২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি ?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল 'বেদ'।


৩। কর্ম কৰা কৌশলক ভগৱদ্‌গীতাত কি যোগ বুলি কৈছে ?

উত্তৰঃ কর্ম কৰা কৌশলক ভগৱদ্‌গীতাত কর্মযোগ বুলি কৈছে।


৪। তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি ?

উত্তৰঃ তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম হ’ল 'কামসেন্দূৰ'।


৫। তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি ?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হ'ল 'সত্য' আৰু 'ধর্ম'। 




ভাৰতীয় আদর্শত বৈৰাগ্য HS 2nd Year Assamese chapter 5 All Question Answer 

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)


১। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত 'সংবিভাজন' শব্দটিয়ে কি সুচাইছে?

উত্তৰঃ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য' পাঠটিত ‘সংবিভাজ্য' শব্দটিয়ে সমানে বিতৰণ কৰি ভোগ কৰাৰ অৰ্থ সূচাইছে । স্ব-উপার্জিত ধন-সম্পত্তি সমানেই বিতৰণ কৰি কেনেকৈ ভোগ কৰিব লাগে তাৰ উপদেশ দিয়া হৈছে। অর্থাৎ ধন-সম্পত্তিক অৰ্জন কৰাটোৱেই মানুহৰ জীৱনৰ প্ৰধান লক্ষ্য হ'ব নালাগে।


২। ‘শ্রদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম' মানে কি ? 

উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত উল্লেখিত 'শ্ৰদ্ধয়া দেয়ম্’ মানে হ'ল শ্ৰদ্ধাৰে দান কৰা আৰু 'অশ্রদ্ধয়া অদেয়ম্' মানে হ'ল অশ্রদ্ধাযুক্ত মন লৈ, নিদিলে নহয় এনেভাৱে দান কৰিব নালাগে। এনে ভাৱ দান কৰা-নকৰা সমান। নিজৰ সামৰ্থ অনুসৰি অন্তৰত শ্রদ্ধাৰ ভাৱ ৰাখি প্ৰেম ভাবত দান কৰিব লাগে।


৩। প্রকৃত ত্যাগ মানে কি বুজা ?

উত্তৰঃ প্ৰকৃত ত্যাগ বা বৈৰাগ্য হ'ল এক বিশেষ মনোধর্ম । কিন্তু নোহোৱাৰ নালাগে বোলা ত্যাগক প্রকৃত ত্যাগ বুলিব নোৱাৰি। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে-লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত পৰাজয় বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাই হ'ল প্রকৃত ত্যাগ।


৪। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে ?

উত্তৰঃ ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত বিধিবাক্য আছে ‘–‘ভূঞ্জীথাঃ’, নিষেধ বাক্য হ’ল মা গৃধঃ’। ‘ভুঞ্জীথাঃ’ মানে ভোগ কৰা কিন্ত সাৱধান ত্যক্তেন- ত্যাগ কৰিহে ভোগ কৰিব লাগে । মা গৃধঃ নিজে ত্যাগৰ ভাবত থাকি আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাই হ'ল উপনিষদৰ বিধান। অৰ্থাৎ ঈশোপনিষদত ভূঞ্জীথাঃ’ৰ মাধ্যমেৰে মানুহে কেনেদৰে ভোগ কৰিব তাৰ উপদেশ প্রদান কৰিছে ।


৫। অতিথি দেবো ভৱ' মানে কি ?

উত্তৰঃ অতিথি দেবো ভৱ — মানে অতিথি দেৱতাৰ তুল্য। ঘৰলৈ অহা অতিথি- আলহীক সেইকাৰণে ভালদৰে সেৱা-সৎকাৰ কৰিব লাগে। ইয়াত অতিথিয়ে ব্যক্তিৰ, সমাজৰ প্ৰতি থাকিব লগা দায়িত্বৰ কথা সুচাইছে। উপনিষদৰ মতে সংসাৰত প্ৰৱেশ কৰিব খোজা প্ৰতিজন যুৱকে বুজা উচিত যে তেওঁ নিজৰ কাৰণেই ডাঙৰ হোৱা নাই, নিজৰ কাৰণেই ধন-সম্পদ অৰ্জন কৰাৰ উপদেশ পোৱা নাই। নিজৰ পৰিয়ালৰ, শিক্ষক আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও ব্যক্তিৰ আৰ্জন অৰ্পিত কৰিব লাগে।



ভাৰতীয় আদর্শত বৈৰাগ্য | HS 2nd Year Assamese Chapter 5 Solution AHSEC

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। 'ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ'- কথাষাৰ বহলাই লিখা।

উত্তৰঃ বেদ হৈছে হিন্দুধৰ্মৰ এক পুৰণি ধৰ্ম গ্ৰন্থ। 'বেদ' শব্দৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহৰ কোনো ৰচক নাই।পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। এই চাৰিখন বেদৰ নাম হৈছে ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ববেদ। এই বেদবোৰ অকল ধর্ম গ্ৰন্থয়েই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা । 


বেদৰ অন্তিম অংশ বেদান্তত বা উপনিষদত কৰ্ম কৰা কৌশলৰ উল্লেখ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশলে জীৱন বাটৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ শিক্ষা দিয়ে। ঋক্ বেদৰ মন্ত্ৰবিলাকত তথা ঋষিসকলৰ প্রার্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায়। বিভিন্ন ভাৰতীয় দর্শনত হিন্দু চিন্তাধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায়, তাৰ মূলেই হৈছে বেদ। বেদৰ মাজতেই প্রাচীন ভাৰতৰ ধর্ম, দর্শন, সমাজ সকলোবোৰ প্রতিফলিত হৈছে বুলি ক’ব পাৰি। এনেদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা সংস্কৃতি গঢ় লৈ উঠাত সহায় কৰিছে। সেয়ে বেদক ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বুলি কোৱা হৈছে।



২। চাৰি আশ্ৰম বুলিলে কি বুজা ?

উত্তৰঃ ভাৰতীয় আদৰ্শত ব্যক্তি এজনৰ জীৱনকালক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে – ব্ৰহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস। 


চাৰি আশ্ৰমৰ প্ৰথম স্তৰটোৱেই হৈছে ব্ৰহ্মচর্য। এই স্তৰত ব্যক্তিয়ে গুৰুৰ কাষত থাকি বিদ্যা-শিক্ষাৰ জৰিয়তে জ্ঞান আহৰণ কৰিব লাগে। য'ত গুৰুয়ে শিষ্য সকলক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ সমূহ, কৰ্ম কৰাৰ কৌশল আদিৰ উপদেশ প্ৰদান কৰে।


ইয়াৰ পিছৰ স্তৰটোৱেই হৈছে গার্হস্থ্য। এই কালছোৱাত ব্যক্তিয়ে বৈবাহিক জীৱনত প্ৰৱেশ কৰি সাংসাৰিক হৈ সংসাৰৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগে। গার্হস্থ্য ধৰ্ম সামৰি সংসাৰ চিন্তাৰ পৰা বিমুক্ত হৈ জীৱন কটোৱা সময়ছোৱাই হৈছে বানপ্রস্থ আশ্রম। একেবাৰে শেষত বয়স ভাটি দিয়াৰ পৰত সংসাৰ বান্ধোনৰ সকলো মায়া-মোহ এৰি কেৱল ঈশ্বৰ চিন্তাত নিমজ্জিত হৈ জীৱন কটোৱা সময়ছোৱাকে সন্ন্যাস আশ্ৰম বোলা হৈছে। 



৩। বৈৰাগ্য মানে কি ? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা কৈছে ?

উত্তৰঃ বৈৰাগ্য মানে হৈছে বিৰাগ, বিষয় বা ইন্দ্রিয় ভােগৰ প্ৰতি অনাশক্তিকে বৈৰাগ্য বুলিব পাৰি। ইহু-সংসাৰৰ সুখ-সম্ভোগৰ কথা একাষৰীয়াকৈ থৈ ঈশ্বৰ সাধনাত ব্ৰতী হোৱা কার্য। সংযতভাৱে জীৱন-যাপন কৰি প্ৰাপ্তিৰ পিছতো নিৰাসক্ত হৈ থকাটোৱেই হ'ল বৈৰাগ্য।


ভাৰতীয় আদৰ্শত বৈৰাগ্যক অতি স্থান উচ্চ দিয়া হৈছে। কিন্তু নোপোৱাৰ অসন্তোষত উপজা বৈৰাগ্যৰ কথা ভাৰতীয় আদৰ্শত কোৱা হোৱা নাই। লাগে-লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত পৰাজয় বৰণৰ তুল্য। গতিকে পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য। অর্থাৎ পোৱাৰ বা থকাৰ পিছতো যেতিয়া বিষয়-ভোগৰ প্ৰতি মন আসক্ত নহয় তেতিয়াহে প্রকৃত বৈৰাগ্য লাভ কৰা যায়। ভাৰতীয় আদৰ্শত এনে বৈৰাগ্যক উচ্চ আসন দিয়া হৈছে বাবেই গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানগ্ৰন্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।



৪। গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?

উত্তৰঃ গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হােৱাৰ পিছত সত্য কবলৈ আৰু ধর্ম আচৰণ কৰিবলৈ কৈছিল। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ’বলৈ কৈছিল। আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিব দিছিল। সত্যৰ পৰা বিচ্যুত নহ’বলৈ, ধৰ্মৰ অথাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহ’বলৈ কৈছিল। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবলৈ উপদেশ দিছিল। ধন সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কার্য কৰিবলৈ কিন্তু ধর্মপথৰ পৰা বিচ্যুত নােহোৱাকৈ থাকিবলৈ উপদেশ দিছিল। দেৱকাৰ্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্ৰসাদগ্রস্ত নহ’বলৈ উপদেশ প্রদান কৰিছিল, মাতৃক দেৱতাৰ দৰে মানিবলৈ, পিতৃক দেৱতাৰ দৰে মানিবলৈ আৰু আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবলৈ উপদেশ দিছিল। যিবােৰ অনিন্দনীয় কাম সেইবােৰ কৰিবলৈ গুৰুৱে অধ্যয়ন সমাপ্ত হােৱা শিক্ষার্থীক উপদেশ দিছিল। ডাঙৰৰ যিবােৰ ভাল সেইবােৰ আচৰণ কৰিবলৈ আৰু ডাঙৰৰ যিবােৰ বেয়া সেইবােৰ পৰিহাৰ কৰিবলৈ গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত উপদেশ দিছিল । 



৫। ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তােমাৰ ভাষাত চমুকৈ লিখা।

উত্তৰঃ বৈৰাগ্য অর্থাৎ বিষয় বা ইন্দ্রিয় ভােগৰ প্রতি অনাসক্তি ভাৰতীয় আদৰ্শৰ এটি ধাৰা। ভাৰতীয় আদৰ্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগে প্রধান ভূমিকা গ্ৰহণ কৰিছে। জীৱনত কর্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধর্ম। কাম কৰিও নিৰাসক্ত ভাবে থাকি মানুহে জীৱনৰ প্রকৃত সত্য উদঘাটন কৰিব পাৰে। ইয়ে ভাৰতীয় আদৰ্শৰ বৈৰাগ্য। জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধর্ম পালন কৰাৰ কথা প্রাচীন গ্রন্থবােৰত লেখা আছে। ভাৰতীয় আদর্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালগে বোলা ত্যাগ আৰু নােপােৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনােধর্ম। নিষ্কর্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নােপােৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয়ৰ তুল্য থাকিও সংযত ভাৱে ভােগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্রকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্যৰ ৰূপ ভাৰতীয় আদর্শত প্রতিষ্ঠিত।




HS 2nd Year Assamese Chapter 5 Common Question Answer

১। তীর্থনাথ শৰ্মা দেৱৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ তীর্থনাথ শৰ্মা দেৱৰ জন্ম ১৯১১ চনত হৈছিল।


২। কামসেন্দুৰ কবিতাপুথিখনৰ ৰচক কোন ? (উঃ মাঃ ২০১৫)

উত্তৰঃ কামসেন্দুৰ কবিতাপুথিখনৰ ৰচক হ’ল—তীর্থনাথ শর্মা।


৩। তীর্থনাথ শর্মাৰ দুখন আলোচনা গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ তীর্থনাথ শর্মাৰ দুখন আলোচনা গ্ৰন্থৰ নাম হ'ল পঞ্চপুষ্প আৰু ভক্তিবাদ ।


৪। তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি ? (উঃ মাঃ ২০১৬, ২০২২)

উত্তৰঃ তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম হ'ল কামসেন্দুৰ।


৫। কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ চাৱ লগীয়া ? 

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ চাৱ লগীয়া।


৬। সভ্য জীৱন আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ কি ? 

উত্তৰঃ সভ্য জীৱন আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ হ'ল নিত্য অধ্যয়ন। 


৭। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পােৱা যায়। (উঃ মাঃ ২০১৭)

উত্তৰঃ ঋকবেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতিৰ পৰিচয় পােৱা যায়।


৮। উঠি অহা যুৱকৰ ব্যক্তিগত সামাজিক উত্তৰ দায়িত্ব কি ? 

উত্তৰঃ উঠি অহা যুৱকৰ ব্যক্তিগত সামাজিক উত্তৰ দায়িত্ব হ'ল অৰ্থবৃদ্ধি কৰা৷


৯। ভাগৱত গীতাৰ মূল বাণী কি ? 

উত্তৰঃ ভাগৱত গীতাৰ মূল বাণী হ'ল— কৰ্মই ধৰ্ম।


১০। তীর্থনাথ শর্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। (উঃ মাঃ ২০১৭)

উত্তৰঃ তীর্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ আছিল।


১১। লেখকে কেনে ত্যাগক প্ৰকৃত ত্যাগ নহয় বুলি কৈছে ?

উত্তৰঃ নোহোৱাৰ নেলাগে বোলা ত্যাগক লেখকে প্ৰকৃত ত্যাগ নহয় বুলি কৈছে ।


১২। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰনৰ ?

উত্তৰঃ ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ হয় ।


১৩। শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই ? (উঃ মাঃ ২০১৭)

উত্তৰঃ শৰীৰধাৰী মানুহৰ কাম কৰাৰ বাহিৰে অন্য উপায় নাই। এইকথা উপনিষদ আৰু ভগৱদগীতাত আছে। উপনিষদৰ কৰ্মযােগৰ নিৰ্দেশত আছে—কাম কৰি এশ বচৰ জীয়াই থকা, জীয়াই থাকিবলৈ বাঞ্ছা কৰা।


১৪। পাঠটিত কি বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহ'ব কৈছে ?

উত্তৰঃ দেৱকার্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্থ নহ'ব কৈছে।


১৫। ভাৰতীয় আদর্শত কিহৰ পিছত বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে ?

উত্তৰঃ ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।


১৬। সংযতভাৱে জীৱন যাপন কৰি প্রাপ্তিতে নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয় ? (উঃ মাঃ ২০২০)

উত্তৰঃ সংযতভাৱে জীৱন যাপন কৰি প্রাপ্তিতে নিৰাসক্ত হৈ থকাজনক বৈৰাগী বুলি কোৱা হয়।


১৭। তীর্থনাথ শর্মা  অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল ?

উত্তৰঃ তীর্থনাথ শর্মা অসম সাহিত্য সভাৰ ১৯৭১ চনত অনুষ্ঠিত হোৱা মাকুম অধিবেশনৰ সভাপতি আছিল।




HS 2nd Year Assamese Chapter 5 Important Question Answer

১। নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা ?

উত্তৰঃ নিত্য অধ্যয়ন হৈছে প্ৰতিদিনৰ কৰণীয় কৰ্ম অধ্যয়ন। এই নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ। খাৱন-শোৱনৰ নিচিনা সদায় এৰিব নোৱৰা আৰু এৰিব নলগীয়া কৰণীয় বাবে ইয়াৰ গুৰুত্ব অধিক।


২। তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা।

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা। ইয়াত প্রথম উপদেশ হৈছে সত্য আৰু ধর্ম। সমাজ আৰু ব্যক্তি দুয়ােটাৰে জীৱন সুখদায়ক হ’বলৈ যি নকৰিলে ব্যক্তি জীৱন আৰু লগে লগে সমাজ জীৱন দুঃখদায়ক, পীড়াজনক আৰু বিশৃংখল হয়, সেই কর্ষণীয় গুণ দুটা হ’ল—সত্য আৰু ধর্ম। বিদ্যা লাভৰ চৰম প্রাপ্য বা অর্জনীয় বিষয়ে এই দুটাই। গুৰুৱে এই দুটাৰ কথা কৈ প্রতিদিনৰ কৰণীয় কর্ম অধ্যয়নৰ কথা সোঁৱৰাই দিছে।


৩। উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি চমুকৈ লিখা।

উত্তৰঃ নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰি এশ বছৰ জীয়াই থকা, জীয়াই থাকিবলৈ বাঞ্ছা কৰা। কাৰণ প্ৰত্যেকে শৰীৰধাৰী মানুহ, সেয়ে কাম কৰাৰ বাহিৰে আন উপায় নাই। কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈ শিকা। কামো কৰিবা আৰু সেই কামত লিপিত খায়ে নাথাকিবা। ইয়েই হৈছে উপনিষদৰ কৰ্মযোগ।


৪। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰঃ ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। এই ত্যাগ নোহোৱাজনৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। প্রকৃত অর্থত ত্যাগ বা বৈৰাগ্য হৈছে এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি যেনেদৰে নিৰৰ্থক তেনেদৰে নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি উপজি হোৱা বৈৰাগ্যও জীৱন যুঁজত, পৰাজয় বৰণৰ দৰে। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰদ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্ৰকৃত ত্যাগ। আকৌ পায়ো নিৰাসক্ত হৈ থকাটোৱে হৈছে প্ৰকৃত বৈৰাগ্য।


৫। এখন সমাজৰ আদৰ্শ কি তাক জানিবলৈ উপায় কি ?

উত্তৰঃ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীর্ষক পাঠটিৰ লেখক তীৰ্থনাথ শৰ্মাৰ মতে এখন সমাজৰ আদৰ্শ কি তাক জানিবলৈ হ’লে সমাজৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্ৰামত প্ৰবৃত্ত হ’ব খোজা ছাত্ৰসকলৰ আগত সেই যুগৰ মনীষী আৰু শিক্ষকসকলে কি উপদেশ দিয়ে আৰু কি আদৰ্শ পালনৰ কাৰণে উদ্‌গনি দিয়ে ইত্যাদি কথাবোৰ অনুধাৱন কৰিব লাগিব।


৬। ধন-সম্পদ বৃদ্ধি সম্পর্কত উপনিষদত কেনে উপদেশ দিয়া হৈছে ? 

উত্তৰঃ তৈত্তিৰীয় উপনিষদত আচার্যই শিষ্যক নিজৰ মংগলৰ কাৰণে সৎপথত থাকি ধন-সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে। ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে ধন- সম্পদ বঢ়োৱাৰ ওপৰত। এই অর্থবৃদ্ধি উঠি অহা যুৱকৰ এটা ব্যক্তিগত আৰু সামাজিক উত্তৰ দায়িত্ব। সেয়ে উপনিষদৰ আচাৰ্যই সেই কথা সতর্কভাৱে সোঁৱৰাই দিছে।




প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ


১। প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম ।(উঃ মাঃ ২০২৩)


উত্তৰঃ প্ৰসংগঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত তীৰ্থনাথ শৰ্মাৰ দ্বাৰা ৰচিত ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।


সংগতিঃ এই কথাফাকিৰ মাধ্যমেৰে ভাৰতীয় আদৰ্শত উচ্চ স্থান দখল কৰা ত্যাগ আরু বৈৰাগ্য যে এক প্রকাৰ মনোধৰ্ম, ইয়াকে বুজাব বিচৰা হৈছে ।


ব্যাখ্যাঃ ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ । কিন্ত এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আরু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয় । সেয়েহে, প্রকৃততে ত্যাগ আরু বৈৰাগ্য এক বিশেষ মনোধৰ্ম । কিয়নো, নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আরু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি রূপ বৈৰাগ্যও জীৱন-যুঁজত পৰাজয় বৰণৰ তুল্য । থাকিও মনক সংযত কৰি ভোগ কৰা আরু মনত সংবিভাজনৰ মনোভাবেৰে সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্রকৃত ত্যাগ । অৰ্থাৎ এই ত্যাগ সম্পূৰ্ণরূপে মনক সংযত কৰি গঠন কৰা মনোধৰ্ম । লগতে, পালেও মনত নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য বোলা হয় । সেয়েহে, দুয়ুটা ধৰ্ম মনোধৰ্ম হিচাপে আচৰণ প্রকাশ কৰে ।



২। ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্রমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ ।


উত্তৰঃ প্ৰসংগঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত তীৰ্থনাথ শৰ্মাৰ দ্বাৰা ৰচিত ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।


সংগতিঃ এই কথাফাকিৰ মাধ্যমেৰে ব্যক্তিৰ দায়িত্ব কেনে হোৱা উচিত সেয়া লেখকে এই কথাৰ মাধ্যমেৰে প্রকাশ কৰিছে ।


ব্যাখ্যাঃ তৈত্তিৰীয় উপনিষদত গুৰুৱে বা আচাৰ্যই ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্রমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ, এই তিনিটাৰ কথা সোঁৱৰাই দিছে- ‘মাতৃ দেৱো ভৱ’, ‘আচাৰ্য দেৱো ভৱ’ আৰু ‘অতিথি দেৱো ভৱ’ । ইয়াত পিতৃ-মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচাৰ্য আৰু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচাইছে । সেয়েহে, সংসাৰত প্রৱেশ কৰিব খোজা যুৱকসকলক এইবুলি উপদেশ দিছে যে তেওঁলোকে অৰ্জন কৰা ধন-সম্পদ নিজৰ কাৰণেও হয়, পৰিয়াবৰ্গৰ কাৰণেও হয়, কিন্ত আচাৰ্য আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অৰ্পিত কৰিব লাগে ।


PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 








 


No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.