9 Nov 2023

SEBA Model Question Paper HSLC 2024 Assamese

SEBA Model Question Paper HSLC 2024 Assamese

SEBA Model Question Paper HSLC 2024 Assamese


SEBA Model Question Paper HSLC 2024 Assamese: Here in this article you can avail Class 10 HSLC 2024 Assamese Questions Paper. This Model Question Paper Assamese HSLC 2023 is prepared according to the new syllabus released by SEBA. 



Assamese model Question Paper HSLC 2024

2024
ASSAMESE

(Modern Indian Language)


Full Marks: 100
Pass Marks: 30

Time: 3 hours

The figures in the margin indicate full marks for the questions.

পৰীক্ষাৰ্থীয়ে একেখন বহীত GROUP-A (বিভাগ-ক) আৰু GROUP-B (বিভাগ-খ)-

অথবা

GROUP-A (বিভাগ-ক) আৰু GROUP-C (বিভাগ-গ)-ৰ উত্তৰ একেখন বহীত কৰিব লাগিব।


Group A 

(ক- শাখা)

(মূল্যাংকঃ ৭৫)


১। তলৰ যিকোনো দুটাৰ অতি চমু উত্তৰ লিখাঃ ১×২=২

(ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি ?

(খ) ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?

(গ) ইন্‌ফচিচ (Infosys) কোম্পানী কি ?

(ঘ) অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে ?

(ঙ) প্ৰাচীন কালৰে পৰা অসমদেশ কিহৰ বাবে প্রসিদ্ধ আছিল ?

(চ) অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি ?

(ছ) অসমৰ স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ'ল ?



Assamese Model Question Paper HSLC 2024 Download 


২। তলৰ যিকোনো দুটাৰ অতি চমু উত্তৰ লিখাঃ ১×২=২

(ক) পূজাৰ বন্ধত কুঁৱলীহঁত কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ?

(খ) ইণ্টাৰনেটৰ তিতা-মিঠা' পাঠটিৰ লেখক কোন ?

(গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল ?

(ঘ) ইন্টাৰনেটত পোৱা উৰাবাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাই দিছিল ?

(ঙ) অৰুণিমা সিন্‌হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?

(চ) “কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।”— কথাষাৰৰ বক্তা কোন ?

(ছ) ইৰাণৰ ৰাজধানীৰ নাম কি ?



৩। তলৰ যিকোনো তিনিটাৰ চমু উত্তৰ লিখাঃ ২×৩=৬

(ক) এজন সফল উদ্যোগী ব্যক্তিৰ কি কি গুণ থাকিব লাগে ?

(খ) অসমীয়া সাহিত্যৰ বুৰঞ্জী-প্ৰণেতা হিচাপে কাক জনা যায় ? 

(গ) কম্পিউটাৰ নেটৱৰ্ক বা কম্পিউটাৰ জালক্ষেত্র কি ?

(ঘ) “পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী।” কথাষাৰ মুকলিকৈ বুজাই লিখা ।

(ঙ) কুঁৱলীয়েই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে ?

(চ) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি ?

(ছ) ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে ?



৪। তলৰ যিকোনো তিনিটাৰ চমু উত্তৰ লিখাঃ ২×৩ = ৬

(ক) ভাৰত চৰকাৰে অৰুণিমা সিন্হাক কিয় 'পদ্মশ্রী' সন্মানেৰে বিভূষিত কৰে ?

(খ) ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?

(গ) "উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।" 'শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা।

(ঘ) প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?

(ঙ) তেলৰ বাবে চলোৱা খনন কার্যত 'মাডলগিং' আহিলাসমূহৰ ভূমিকা কি ?

(চ) অৰুণিমা সিনহাই ৰে'ল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল। এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?




৫। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ ৪

(ক) “এজন উদ্যোগী হোৱা যিমান সহজ. সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” – কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। -

(খ) “স্থানীয় সংস্কৃতিৰ লগত বহিৰাগতৰ সংস্কৃতিৰ যুগে যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতিয়ে এক মহীয়ান ৰূপ লৈছে।” – কথাষাৰ বুজাই লিখা ।

(গ) অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে – কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰৰ কথা বৰ্ণনা কৰা।



Assamese Model Question Paper HSLC 2024 Download Pdf Download


৬। ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা সম্বন্ধে লিখা। ৫

নাইবা

 “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”— ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা। ৫

নাইবা

"লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।”— কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। 



৭। তলৰ যিকোনো তিনিটাৰ অতি চমু উত্তৰ লিখাঃ ১×৩=৩

(ক) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ? 

(খ) মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম কি ?

(গ) বৰগীতটি কি ৰাগত বন্ধা আছে ?

(ঘ) কবিয়ে কিমান বছৰৰ পাচত মানুহজনক লগ পাইছিল ?

(ঙ) চৈয়দ আব্দুল মালিক কবিতাপুথি এখনৰ নাম লিখা।

(চ) 'মোমিন'ৰ অর্থ কি ?

(ছ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?



৮। উত্তৰ লিখাঃ ৩

(ক) “সনক সনদ যোগী যাহাকু ধিয়ায় । 
সকল নিগমে যাক বিচাৰি নাপায়।।”
— ইয়াত কবিয়ে কি প্রসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে ?

নাইবা

(খ) “খোদা ৰচুল লুকাই আছে, নকৰা বিচাৰ।
মক্কাৰ দুৱাৰ বন্দো, মাৰিলা সঞ্চাৰ।।” 
— অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা ।

নাইবা 

"জীৱনে মৰণে মই চিৰদিন অসমীয়া 
অসমীয়া দেহ প্রাণ মন ;
জীয়াই থাকোতে মই অসমৰে অসমীয়া 
মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ । — ব্যাখ্যা কৰা । 



৯। যিকোনো এটাৰ উত্তৰ লিখাঃ ৩

(ক) `দৃশ্যান্তৰ' কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।

(খ) সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৰিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।

(গ) কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়াঁ। 

(ঘ) মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা ।



১০। তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰাঃ ৪

(ক) “আতুৰ ভৈলোহো হৰি বিষয় বিকলে 
       কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।”

(খ) “তােমাৰ চৰণ দুই মােৰ মহা ধন ।
        ভকত জনেৰ নিজ তুমিয়ে জীৱন । ”

(গ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
      বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।



১১। (ক) 'ম‍ই অসমীয়া' কবিতাটোত অসমৰ অতীত গৌৰব চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা । ৫

নাইবা

(খ) 'প্রশস্তি' কবিতাটোৰ মূলভাব লিখা । ৫

নাইবা

(গ) "অসমৰ হেংদাং জিলিকিল 
       দুপৰৰ পূৰ্ণ আলোকত" ---- কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা ।



১২। (ক) তলত দিয়া যিকোনো এটাৰ ব্যাসবাক্য সহ সমাসৰ নাম লিখাঃ ১

স্বায়ত্বশাসন, অমিল, খেতিপথাৰ, নীলাম্বৰ, পতেগজা 


(খ) তলত দিয়া যিকোনো এটা শব্দৰ সন্ধি ভাঙাঃ‌ ১

যথেষ্ট, সমন্বয়, হিতৈষী, বেদান্ত, শীতার্ত


(গ) তলত দিয়া যিকোনো এটা শব্দৰ 'ণ' বা 'ষ' হোৱাৰ কাৰণ লিখাঃ ১

পুৰণা, কণ্টক, কৃষক, ভূমিষ্ঠ, কল্যাণ 


(ঘ) তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীতার্থক শব্দ লিখাঃ ১

হ্ৰাস, উৰ্বৰ, উৎকৃষ্ট, কুৎসিত, স্থাৱৰ 


(ঙ) এটা শব্দত প্ৰকাশ কৰাঃ (যিকোনো এটা) ১

যাক পৰিত্যাগ কৰিব নোৱাৰি, আনৰ ভাল দেখিব নোৱাৰা, চেলেকি খোৱা বস্তু, 


(চ) তলৰ যিকোনো এটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱাঃ ১ ধাননি, ভণ্ডামি, বাটোৰুৱা, কর্তব্য, শয়ন, 


(ছ) তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰাঃ ২ আলখৰ লাডু, পেটে ভাতে খা, এৰা-ধৰা, কুন্দত কটা, তলা-নলা


(জ) জটিল বাক্য কাক বোলে ? এটা উদাহৰণ দিয়া। ২


১৩। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ ৪

(ক) ভাব সম্প্ৰসাৰণ কৰাঃ 

(i) যি মূলা বাঢ়ে, তাৰ দুপাততে চিন।"

নাইবা

"অতি ভক্তি চোৰৰ লক্ষণ।"

(খ) অসমীয়া বিষয়ৰ দুই এটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই । ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখা। (নাম, ঠিকনা উল্লেখ কৰিব নালাগে)

(গ) তুমি বাস কৰা অঞ্চলটোৰ যাতায়তৰ সমস্যাৰ বিষয়ে আলোচনা কৰি স্থানীয় বাতৰি কাকতৰ বাবে এটি চমু প্রতিবেদন প্রস্তুত কৰা।




১৪। তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখাঃ ৮

(ক) তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা । 
(আৰম্ভণি - আয়োজন - বঁটা বিতৰণ - সামৰণি)


(খ) বিজ্ঞানৰ এটি অৱদান । (আৰম্ভণি - দৈনন্দিন জীৱনত বিজ্ঞান- মানব সমাজলৈ বিজ্ঞানৰ অৱদান- সামৰণি)


(গ) তুমি ভালপোৱা এগৰাকী আদর্শ ব্যক্তি (আৰম্ভণি- জীৱন পৰিচিতি কৰ্মৰাজি- প্রিয় হোৱাৰ কাৰণ সামৰণি)



১৫। তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখাঃ ২×২=৪

(ক) আলি-আঃয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা ?

(খ) মণিপুৰীসকলে পালন কৰা ধৰ্মীয় ৰীতি-নীতি, উৎসৱ-পাৰ্বণৰ বিষয়ে চমুকৈ লিখা।

(গ) মিচিংসকলৰ দুবিধ সাজপাৰৰ নাম লিখা ৷

(ঘ) বিষ্ণু প্ৰসাদ ৰাভাই ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।


১৬। তলৰ যিকোনো দুজন ব্যক্তিৰ বিষয়ে চমুটোকা লিখাঃ ২×২=৪

(ক) ছবিলাল উপাধ্যায়

(খ) ৰাধাকান্ত দেউৰী

(গ) সর্বানন্দ সিংহ

(ঘ) বীনেশ্বৰ ব্ৰহ্ম


বিদ্রঃ ইয়াৰ পিছৰ খিনি সোনকালেই পাবা 

Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2023

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2023

Long Walk to Freedom VSA for HSLC 2023

A Tiger in the Zoo VSA for HSLC 2023

The Tale of Custard the Dragon VSA for HSLC 2023


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees


Download Pdf 








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.