HS 2nd Year Assamese chapter 2 Common Question HS 2026
HS 2nd Year Assamese chapter 2 Common Question HS 2026: মগনিয়াৰ (Mogoniyar) is the 2nd chapter from Class 12 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer যতীন্দ্ৰনাথ দুৱৰা (Jatindra Nath Duwara). Here in this article you can avial HS 2nd Year Assamese chapter 2 Common Question HS 2026.
HS 2nd Year Assamese Common Questions Answer 2026 | HS 2nd year Assamese Chapter 2 Common Questions Answers 2026
(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ )
১। অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতা ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতা ৰচনা কৰা কবি গৰাকী হ'ল - যতীন্দ্ৰনাথ দুৱৰা ৷
২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল ৷
৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায় ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাক "বনফুলৰ কবি" বুলি জনা যায় ৷
৪। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ? HS 2024
উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷
৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷
(খ) চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)
১। কথা-কবিতা বুলিলে কি বুজা ? কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা ৷ HS 2014, 18, 19, 20
উত্তৰঃ যি কবিতা সাধাৰণতে গদ্যত আকাৰত ৰচনা কৰা হয় তেনে কবিতাক কথা কবিতা বােলা হয় । গদ্যত ৰচিত হয় কাৰণে কথা কবিতাত ছন্দ নাথাকে ।
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-
(ক) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে৷
(খ) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্রস্থ ভাৱ থাকে৷
২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে ?
উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয়৷ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷
৩। ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷
উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷ তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হ’ল ৰুবায়ৎ ৷
৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে ?
উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে ৷ কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷
৫। ‘ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই৷’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ?
উত্তৰঃ উক্ত কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল ৷ এদিন কবিয়ে বাটৰে গৈ থাকোঁতে এজন হাড়, ছাল ওলোৱা মগনিয়াৰক লগ পাইছিল ৷ মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল ৷ এজন বুঢ়া বেমাৰী মগনিয়াৰক দেখি কবিৰ দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰ জনক দিবলৈ কবিয়ে মােনাত একো পাৰ্থিৱ সম্পদ নাছিল । কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷
Class 12 Assamese Chapter – 2 মগনিয়াৰ All Question Answer | HS 2nd Year Assamese Chapter 2 Question Answer
(গ) দীঘল প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ অথবা ৫)
১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷
উত্তৰঃ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ এদিন কবিয়ে বাটেৰে গৈ থাকোতে এজন ৰুগীয়া হাড় ছাল ওলোৱা মগনিয়াৰ লগ পালে। মগনিয়াৰজনে কিবা পোৱাৰ আশাত ওখহা, অপৰিষ্কাৰ হাতখন মেলি কবিৰ সন্মুখত থিয় হলহি । মগনিয়াৰজনৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ । দৰিদ্ৰতাৰ এনে জ্বলন্ত দৃশ্য দেখি কবিয়ে বৰ শোক পালে । চোলাৰ মোনাত হাত ভৰাই তেওঁ দেখে যে মগনিয়াৰজনক দিবলৈ কবিৰ লগত টকা, ঘড়ী আনকি ৰুমাল এখনো নাই ।
মগনিয়াৰজনে তেতিয়াও কবিৰ সন্মুখত হাত পাতি ৰৈ আছিল আৰু তেওঁৰ শৰীৰটোও কপিবলৈ ধৰিছিল। কবিয়ে ৰৈ থাকিব নোৱাৰি ততাতৈয়াকৈ নগনিয়াৰ জনৰ হাত দুখনত সাৱটি ধৰি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে । কবিৰ এনে আন্তৰিকতা আৰু গভীৰ সহানুভূতি দেখি মগনিয়াৰজনে কবিৰ মুখৰ ফালে চাই এটা শেঁতা হাঁহি মাৰিলে।
তেওঁক দিবলৈ কৰিগৰাকীৰ হাতত যে একো নাই সেয়া তেওঁ বুজি পাইছিল। তেতিয়া মগনিয়াৰজনেও কবিৰ হাত দুখনত ধৰি আশ্বাস আৰু সন্তুষ্টিৰে একো কথা নাই, ইও এটা মহৎ দান বুলি কৈ কবিক অশেষ ধন্যবাদ দিলে। কবিয়ে ভাবিলে যে তেৱোঁ লগৰীয়া এজনৰ পৰা এটা দান পালে। কিয়নো কবিৰ দেহত দৰিদ্ৰতাৰ কোনো চিন নাথাকিলেও মগনিয়াৰজনৰ দৰে তেওঁৰো হাতত একো নাই। দুয়োৰে মাজত এটা বিষয়তেই সাদৃশ্য আছে আৰু সেয়া হৈছে আন্তৰিকতা ।
২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে ?
উত্তৰঃ যতীন্দ্রনাথ দুৱাৰৰ মগনিয়াৰ পাঠটি এটি উৎকৃষ্ট কথা-কবিতা । সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায় । মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ লক্ষণসমূহ আলোচনা কৰা হ’ল-
(ক) কথা-কবিতাবোৰ ৰূপকাত্মক ৷ ’মগনিয়াৰ’ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে ৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে৷
(খ) কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত৷ ‘মগনিয়াৰ’ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷
(গ) কথা কবিতাৰ এটাই মাথােন কেন্দ্রস্থ ভাৱ থকা বৈশিষ্ট্যও ‘মগনিয়াৰ’কথা কবিতাটিত প্রকাশ পাইছে। কবি আৰু মগনিয়াৰ জনৰ মাজত এটাই মাথােন সাদৃশ্য আছে, সেয়া হ’ল দুয়ােৰে আন্তৰিকতা। এই আন্তৰিকতাই হৈছে ‘মগনিয়াৰ কথা কবিতাটিৰ কেন্দ্রস্থ ভাৱ।
৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷
উত্তৰঃ অসমীয়া সাহিত্যজগতত ‘বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে৷ তেওঁৰ কবিতা পুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ ৷
‘বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল ৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া ৷ ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে ৷
ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল ৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে -‘কথা-কবিতা’৷
৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে ? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷ HS 2020
উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে৷
কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা ৷ ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে যিয়ে দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত ৷
কবিয়ে এদিন বাটেৰে গৈ থাকোঁতে এজন বৃদ্ধ, ৰোগাক্ৰান্ত, ক্ষীণ, হাড় ছাল ওলোৱা, শাৰীৰিক ভাৱে দুৰ্বল মগনিয়াৰক লগ পালে । শেঁতা ওঠ, ৰঙা চকু আৰু ফটা কাপোৰ পৰিহিত ব্যক্তিজনৰ অৱয়বত দৰিদ্ৰতাৰ চিন স্পষ্ট। দৰিদ্ৰতাৰ এনে জ্বলন্ত দৃশ্য দেখি কবিয়ে বৰ শোক পালে । চোলাৰ মোনাত হাত ভৰাই তেওঁ দেখে যে মগনিয়াৰজনক দিবলৈ একো পাৰ্থিৱ সম্পদ নাছিল ।
কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবােধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নােৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমর্থতা প্রকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে 'ককাই’ বুলি মগনিয়াৰ জনক সম্বােধি তেওঁক খং নকৰিবলৈ অনুৰােধ জনালে। ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷
তাৰ পাছত কবিৰ হাত দুখনত দুর্বলভাৱে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল— “একো কথা নাই, ইয়াৰ বাবে অশেষ ধন্যবাদ। ইও যে এটা দান ।” নিঃস্ব মগনিয়াৰ জনে কবিৰ মানৱীয় গুণৰ বাবেই কবিক ধন্যবাদ দিয়াত অর্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি কবিয়ে মগনিয়াৰ জনৰ পৰা এটা অমূল্য পাঠ সংগ্রহ কৰিলে
৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ বনফুলৰ কৰি মতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা ৰচিত 'মগনিয়াৰ' এটি কথা-কবিতা। এই কথা-কবিতাৰ মূল কথাখিনি ক'বলৈ যোৱাৰ প্ৰসংগত কবিয়ে মগনিয়াৰজনৰ সৈতে কিছুমান কথাত ভাগ লৈছে—
কবিয়ে এদিন পদ পথেৰে গৈ থাকোতে এজন বৃদ্ধ, ৰোগাক্ৰান্ত, ক্ষীণ, হাড় ছাল ওলোৱা, শাৰীৰিক ভাৱে দুৰ্বল মগনিয়াৰক লগ পালে। শেঁতা ওঠ, ৰঙা চকু আৰু ফটা কাপোৰ পৰিহিত ব্যক্তিজনৰ অৱয়বত দৰিদ্ৰতাৰ চিন স্পষ্ট। মগনিয়াৰজনে কবিৰ ওচৰত হাত মেলি কবিৰ পৰা অকণমান সহায় ভিক্ষা মাগিছিল। কিন্তু তাক দিব পৰাকৈ সেই মুহূৰ্তত মগনিয়াৰজনক দিব পৰাকৈ কবিৰ লগত একো এটাই নাছিল। সেয়ে মানৱীয় সহানুভূতিৰে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি নিজৰ অসহায় অৱস্থাটো ব্যক্ত কৰি ক'লে – “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই”।
কবিৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত মুগ্ধ হৈ মগনিয়াৰৰ শেঁতা ওঠ দুখনে অলপ হাঁহিলে আৰু সিও কবিৰ হাত দুখনত অতি কষ্টৰে ধৰি মাত লগালে – “কি হ'ল একো কথা নাই –ইয়াৰ কাৰণে অশেষ ধন্যবাদ -ইয়ো যে এটা দান” ।
মগনিয়াৰজনৰ এনে ব্যৱহাৰত কবিয়েও এটা দান পোৱা যেন অনুভৱ হ'ল। এক অৰ্থত ক'বলৈ গলে কবি আৰু মগনিয়াৰজন দুয়ো পৃথকে পৃথকে মগনিয়া।
Class 12 Assamese Chapter 2 Common Question Answer HS 2026 | Class 12 assamese question answer chapter 2
১। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন ? HS 12, 19, 22
উত্তৰঃ যতীন্দ্রনাথ দুৱৰা হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক ।
২। অসমীয়া ভাষাৰ প্ৰথমগৰাকী 'কথা-কবিতা' ৰচক কোন ? HS 2013, 16
উত্তৰঃ অসমীয়া ভাষাৰ প্ৰথমগৰাকী 'কথা-কবিতা' ৰচক হ'ল – যতীন্দ্রনাথ দুৱৰা
৩। যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনিৰ নাম কি ? HS 2014, 17
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনিৰ নাম হ'ল - কথা-কবিতা।
৪। ওমৰ তীর্থ’ কাব্যপুথিৰ মুল কি ? HS 2015, 18
উত্তৰঃ ‘ওমৰ তীর্থ’ কাব্যপুথিৰ মূল হল— ফার্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত ।
৫। 'ওমৰ তীর্থ’ পুথিখন কোন পুথিৰ ভাবানুবাদ ? HS 2018
উত্তৰঃ ওমৰ তীর্থ’ পুথিখনি ফাচী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাবানুবাদ।
৬। কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি ? HS 2020 অথবা
উত্তৰঃ কথা কবিতা উনৈশ শতিকাৰ উল্লেখযোগ্য সৃষ্টি ।
৬। কথা-কবিতা কোন শতিকাত সৃষ্টি হৈছিল ? কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয় ? HS 2020
উত্তৰঃ কথা-কবিতা উনৈশ শতিকাত সৃষ্টি হৈছিল। ৰুছ সাহিত্যিক আইভান টুর্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়।
৭। উৰ্মাল শব্দটিৰ অৰ্থ কি ? HS 2023
উত্তৰঃ উৰ্মাল শব্দটিৰ অৰ্থ হ'ল — ৰুমাল।
৮। যতীন্দ্ৰ নাথ দুৱৰাৰ অকাডেমি বঁটাপ্ৰাপ্ত গ্ৰন্থখনৰ নাম লিখা । HS 2023
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ অকাডেমি বঁটাপ্ৰাপ্ত গ্ৰন্থখনৰ নাম হ'ল — বনফুল ।
(তেওঁ ১৯৫৫ চনত "বনফুল" কাব্যগ্রন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।)
৯। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ? HS 2024
উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷
১০। 'মৰমৰ সুৰ' কাব্যগ্ৰন্থৰ ৰচক কোন ? HS 2025
উত্তৰঃ 'মৰমৰ সুৰ' কাব্যগ্ৰন্থৰ ৰচক হ'ল — যতীন্দ্র নাথ দুৱৰা
১১। যতীন্দ্ৰ নাথ দুৱাৰ কোন আছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰ এগৰাকী বিশ্বপ্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল।
১২। যতীন্দ্ৰ নাথ দুৱাৰ জন্ম কোন চনৰ কোন তাৰিখে হৈছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম ৪ মাৰ্চ, ১৮৯২ চনত হৈছিল ।
১৩। যতীন্দ্ৰ নাথ দুৱাৰ জন্ম কোন ঠাইত হৈছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ আমোলাপট্টিত ।
১৪। যতীন্দ্ৰ নাথ দুৱাৰ পিতৃ মাতৃৰ নাম কি আছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰ পিতৃৰ নাম আছিল শ্যামসুন্দৰ দুৱাৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱাৰা।
১৫। যতীন্দ্ৰ নাথ দুৱাৰাই কোন জিলাত প্ৰাথমিক শিক্ষা গ্ৰহন কৰিছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই প্ৰাথমিক শিক্ষা শিৱসাগৰ জিলাত লাভ কৰে ।
১৬। যতীন্দ্ৰ নাথ দুৱাৰাই কোন চনত কোন বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।
১৭। যতীন্দ্ৰ নাথ দুৱাৰাই কোন চনত আৰু কোন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই ১৯১৩ চনত স্কটিছ চার্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী (বি.এ.) লাভ কৰে ।
১৮। যতীন্দ্ৰ নাথ দুৱাৰাই কোনখন জিলাত চাকৰি জীৱনৰ আৰম্ভ কৰিছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই ডিব্ৰুগড় জিলাত চাকৰি জীৱনৰ আৰম্ভ কৰিছিল।
১৯। ওমৰ তীৰ্থ পুথিৰ খন কাৰ ৰচনা ?
উত্তৰঃ ওমৰ তীৰ্থ পুথিখন যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰে।
২০। মগনিয়াৰ কবিতাটোৰ কবি কোন ?
উত্তৰঃ মগনিয়াৰ কবিতাটোৰ কবি হৈছে — যতীন্দ্ৰনাথ দুৱৰা।
২১। 'মগনিয়াৰ' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ 'মগনিয়াৰ' পাঠটি যতীন্দ্ৰ নাথ দুৱাৰাদেৱৰ 'কথা-কবিতা' পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২২। মগনিয়াৰক কি কবিতা বুলি কোৱা হয় ?
উত্তৰঃ মগনিয়াৰক কথা-কবিতা বুলি কোৱা হয়।
২৩। কথা-কবিতা কাব্যজগতত কেতিয়াৰ পৰা সৃষ্টি হৈছিল ?
উত্তৰঃ কথা-কবিতা কাব্যজগতত ঊনৈশ শতিকাৰ পৰা সৃষ্টি হৈছিল।
২৪। যতীন্দ্ৰ নাথ দুৱৰাই কিহৰ আলমত কথা-কবিতা ৰচনা কৰিছিল ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই টুৰ্গেনিভৰ 'Poem in Prose' আৰু আফ্ৰিকা লেখিকা শ্ৰাইনাৰ ৰচনা আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা-কবিতা ৰচনা কৰে।
২৫। যতীন্দ্ৰনাথ দুৱৰাক কি কবি নামেৰে জনাজাত ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাক বনফুল কবি নামেৰে জনাজাত।
২৬। যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখন কি ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱাৰা মৃত্যুৰ পাছত প্ৰকাশ পোৱা কবিতা পুথিখন হৈছে — "মৰমৰ সুৰ"।
২৭।যতীন্দ্ৰনাথ দুৱৰাই ওমৰ-খায়ামৰ কোন-খন পুথি অসমীয়ালৈ ভাৱানুবাদ কৰিছিল ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ওমৰ খায়ামৰ "ৰুবায়ত" পুথিখন অসমীয়ালৈ ভাবানুৱাদ কৰিছিল।
২৮। কবিয়ে বাটেদি গৈ থাকোঁতে কাক লগ পাইছিল ?
উত্তৰঃ কবিয়ে বাটেদি গৈ থাকোঁতে মগনিয়াক লগ পাইছিল।
২৯। কবিতাটোত কবিৰ লগত নথকা বস্তুবোৰ কি কি ?
উত্তৰঃ কবিতাটোত কবিৰ লগত নথকা বস্তুবোৰ হৈছে — টকা, ঘড়ী আৰু ৰুমাল।
৩০। মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো কি ?
উত্তৰঃ মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো হৈছে — আন্তৰিকতা।
৩১। মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাৱটো কি ?
উত্তৰঃ 'মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাৱটো হ'ল - দৰিদ্ৰতাৰ আন্তৰিকতা।
৩২। যতীন্দ্ৰ নাথ দুৱাৰাই হনুমানবক্স সুৰযমল কানৈ কলেজত কেইবছৰ ধৰি কৰ্মৰত আছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই হনুমানবক্স সুৰযমল কানৈ কলেজত বাৰ বছৰ ধৰি কৰ্মৰত আছিল ।
৩৩। যতীন্দ্ৰ নাথ দুৱাৰাই কোন জিলাত কি চাকৰি কৰি চাকৰি জীৱনৰ সামৰণি মাৰে ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই ডিব্ৰুগড় জিলাত শিক্ষকতাৰ চাকৰি কৰি চাকৰি জীৱনৰ সামৰণি কৰিছিল।
৩৪। যতীন্দ্ৰ নাথ দুৱাৰাই কোনখন আলোচনীৰ জড়িয়তে সাহিত্য জগতত আত্মপ্ৰকাশ কৰিছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই "বাহীঁ" আলচনী খনৰ জড়িয়তে সাহিত্য জগতত আত্মপ্ৰকাশ কৰিছিল ।
৩৫। যতীন্দ্ৰ নাথ দুৱাৰাৰ কেইখনমান কবিতাপুথিৰ নাম লিখাঁ ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাৰ কেইখনমান কবিতাপুথিৰ নাম হ'ল — ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ ।
৩৬। যতীন্দ্ৰ নাথ দুৱাৰাই কোন চনত কোন কবিতাপুথিৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰে ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই ১৫৫২ চনত বনফুল কবিতাপুথিৰ বাবে সাহিত্য অকাডমি বটাঁ লাভ কৰিছিল ।
৩৭। কিমান চনৰ পৰা কিমান চনলৈ যতীন্দ্ৰ নাথ দুৱাৰাই কলিকতাৰ কোন কলেজত বুৰঞ্জীৰ বিষয়ত শিক্ষকতা কৰিছিল ?
উত্তৰঃ ১৯২২ চনৰ পৰা ১৯৪৭ চনলৈ যতীন্দ্ৰ নাথ দুৱাৰাই কলিকতাৰ স্কটিছ চার্চ কলেজিয়েট স্কুলত বুৰঞ্জী বিষয়ত শিক্ষকতা কৰিছিল।
৩৮। যতীন্দ্ৰ নাথ দুৱাৰক চন্দ্ৰকুমাৰ আগৰৱালাই কি বুলি মাতিছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰক চন্দ্ৰকুমাৰ আগৰৱালাই 'যদু' বুলি মাতিছিল ।
৩৯। যতীন্দ্ৰ নাথ দুৱাৰাৰ দ্বিতীয়খন কবিতাপুথিখনৰ নাম লিখা ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাৰ দ্বিতীয়খন কবিতাপুথিখনৰ নাম হ'ল — কথা কবিতা ।
৪০। কোন চনত যতীন্দ্ৰ নাথ দুৱাৰাই গুৱাহাটী সাহিত্য সভাৰ সভাপতি আছিল ?
উত্তৰঃ ১৯৫৫ চনত যতীন্দ্ৰ নাথ দুৱাৰাই গুৱাহাটী সাহিত্য সভাৰ সভাপতি আছিল ।
৪১। ওমৰ তীৰ্থ নামৰ গ্ৰন্থৰাজীখন কোন চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ ওমৰ তীৰ্থ নামৰ গ্ৰন্থৰাজীখন ১৯২৬ চনত প্ৰকাশ পাইছিল।
৪২। কথা কবিতা নামৰ গ্ৰন্থৰাজীখন কোন চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ কথা কবিতা নামৰ গ্ৰন্থৰাজীখন ১৯৩৩ চনত প্ৰকাশ পাইছিল ।
৪৩। আপোন সুৰ নামৰ গ্ৰন্থৰাজীখন কোনচনত প্ৰকাশ পাইছিল ?
উত্তৰঃ আপোন সুৰ নামৰ গ্ৰন্থৰাজীখন ১৯৩৮ চনত প্ৰকাশ পাইছিল ।
৪৪। মিলনৰ সুৰ নামৰ গ্ৰন্থৰাজীখন কোন চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ মিলনৰ সুৰ নামৰ গ্ৰন্থৰাজীখন ১৯৫৮ চনত প্ৰকাশ পাইছিল ।
৪৫। মৰমৰ সুৰ নামৰ গ্ৰন্থৰাজীখনকোন চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ মৰমৰ সুৰ নামৰ গ্ৰন্থৰাজীখন ১৯৭৬ চনত প্ৰকাশ পাইছিল ।
৪৬। যতীন্দ্ৰ নাথ দুৱাৰাই সাহিঁত্য অকাডেমি বটাঁ কোন চনত লাভ কৰে ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই সাহিঁত্য অকাডেমি বটাঁ ১৯৫৫ চনত লাভ কৰে ।
৪৭। যতীন্দ্ৰ নাথ দুৱাৰাই কোন কোন কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাই পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম আৰু জাৰ্মানৰ কবি হেইনৰিখ দ্বাৰা প্ৰভাৱিত হৈছিল ।
৪৮। যতীন্দ্ৰ নাথ দুৱাৰাক লিখিবলৈ কোনে প্ৰেৰনা যোগাইছিল ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱাৰাক লিখিবলৈ বেনুধৰ ৰাজখোৱাই প্ৰেৰণা যোগাইছিল ।
৪৯। সাহিত্যজগতত যতীন্দ্ৰ নাথ দুৱাৰক কোনে কোনে প্ৰেৰণা যোগাইছিল ?
উত্তৰঃ সাহিত্যজগতত যতীন্দ্ৰ নাথ দুৱাৰাক চন্দ্ৰকুমাৰ আগৰৱালা আৰু তৰুণৰাম ফুকন আদিয়ে তেখেঁতক প্ৰেৰণা যোগাইছিল ।
৫০। যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হােৱা চতুর্বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।
৫১। ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উত্তৰঃ ওমৰ খায়াম হ’ল ফাৰ্চী চুফী কবি। তেওঁৰ ৰচিত এখন বিখ্যাত পুথি হ’ল—ৰুবায়ত।
English Question Paper for HS Final AHSEC 2024
Physics Question Paper for HS Final AHSEC 2024
Logic & Philosophy Question Paper for HS Final AHSEC 2024
Economics Question Paper for HS Final AHSEC 2024
Political Science Question Paper for HS Final AHSEC 2024
Assamese Question Paper for HS Final AHSEC 2024
Also Read
- How to write a Report
- Report Writing on Road Accident
- Report Writing on Impact of Covid19
- Report Writing on Distinguished Person visit
- Report Writing on Covid19 Vaccination
- Report Writing on Lachit Diwas
Also Read:

No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.