8 Dec 2023

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা HS 2nd Year Question Answer

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা HS 2nd Year Question Answer

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা HS 2nd Year Question Answer


কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা HS 2nd Year Question Answer: দ্বাদশ শ্ৰেণীৰ (HS 2nd Year) MIL Assamese অসমীয়া বিষয়ৰ তৃতীয় গোটৰ দ্বিতীয় অধ্যায় কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা শীৰ্ষক পাঠটিৰ পৰা আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কেইটামান অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম । Here you can avail কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা HS 2nd Year Question Answer. 



HS 2nd Year Assamese Common for AHSEC 2024

(ক) অতি চমু প্রশ্নাবলীঃ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১ নম্বৰ

১। কৈশােৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ কৈশােৰ কালৰ এটি বৈশিষ্ট্য হল— শাৰীৰিক বিকাশ।

২। মানৱ জীৱনৰ কোনছােৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি ?
উত্তৰঃ মানৱ জীৱনৰ কৈশোৰ কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি।

৩। নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত কেনে ভাবৰ উন্মেষ হােৱাত সহায় কৰে ?
উত্তৰঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদিৰ ভাব জাগি উন্মেষ হােৱাত সহায় কৰে।

৪। কৈশােৰ কালক কি কি দুখন জগতৰ সংযােগী কাল বুলি ক’ব পাৰি ?  (AHSEC 2013, 15, 20)
উত্তৰঃ কৈশােৰ কালক শিশুৰ জগত আৰু প্রাপ্ত বয়স্কৰ জগতৰ সংযােগী কাল বুলি ক’ব পাৰি।

৫। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছে ? (AHSEC 2013, 15)
উত্তৰঃ আক্তৰাষ্ট্ৰীয় শিক্ষা আয়ােগ ১৯৯৬ চনত গঠিত হৈছিল।

৬। মানৱ জীৱনৰ কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায় ? (AHSEC 2014, 17)
উত্তৰঃ মানৱ জীৱনৰ বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ ১১ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ সময়ছােৱাক কৈশােৰ কাল বুলি জনা যায়।

৭। ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে ? (AHSEC 2014)
উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘােষণা কৰে।

৮। 'কৈশোৰ কাল'ক কি কাল বুলি অবিহিত কৰিব পাৰি ? (AHSEC 2016)
উত্তৰঃ 'কৈশোৰ কাল'ক ৰূপান্তৰ কাল  কাল বুলি অবিহিত কৰিব পাৰি ।

৯। ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল ? (AHSEC 2017)
উত্তৰঃ ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ ১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল।

১০। কৈশোৰ কাল আন কি নামেৰে পৰিচিত ? (AHSEC 2019)
উত্তৰঃ কৈশােৰ কাল ধুমুহা আৰু পীড়ন বা বয়ঃসন্ধি কাল হিচাপেও পৰিচিত।

১১। মাধ্যমিক শিক্ষাক 'জীৱনৰ আলি-দোমোজা' বুলি কোনে অভিহিত কৰিছে ? (AHSEC 2019)
উত্তৰঃ মাধ্যমিক শিক্ষাক আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়ােগে জীৱনৰ আলি-দোমােজা’ বুলি অভিহিত কৰিছে।

১২। ’প্রতীতি’ শব্দৰ অৰ্থ লিখা। (AHSEC 2020)
উত্তৰঃ ‘প্রতীতি’ শব্দৰ অৰ্থ হৈছে বিশ্বাস, ধাৰণা।

১৩। কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে ? (AHSEC 2020)
উত্তৰঃ কৈশোৰ কালে শিশুৰ জগত আৰু প্রাপ্তবয়স্কৰ জগতক সংযোগ কৰে।

১৪। জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয় ? (AHSEC 2022)
উত্তৰঃ জীৱনৰ নৱজাগৰণৰ সময় বুলি কৈশোৰ কালক কোৱা হয় ।

১৫। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয় ? (AHSEC 2022)
উত্তৰঃ কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয় 

১৬। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে ? (AHSEC 2023)
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক 'জীৱনৰ আলি-দোমোজা' বুলি অভিহিত কৰিছে ।

১৭। মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা প্রধান বিশেষত্ব লিখা। (AHSEC 2023)
উত্তৰঃ মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা প্রধান বিশেষত্ব হ'ল - এই স্তৰৰ শিক্ষাৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই।  

১৮। মাধ্যমিক শিক্ষাক জীৱনৰ আলি-দোমোজা বুলি কোনে উল্লেখ কৰিছিল ?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলি-দোমোজা বুলি উল্লেখ কৰিছিল । 



HS 2nd Year Assamese Important for AHSEC 2024

(খ) চমু প্রশ্নাবলীঃ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩ নম্বৰ

১। কৈশোৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰনতে কি দিশত জড়িত ব্যক্তিক গ্রহণ কৰে ?
উত্তৰঃ কৈশোৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰনতে সচৰাচৰ ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিক গ্রহণ কৰে। বীৰপূজাৰ বা বীৰপূজনৰ এই প্রবৃত্তিক কৈশোৰসকলে চিনেমাৰ অভিনেতা আৰু খেলৰ লগত জড়িত খেলুৱৈসকলৰ আদৰ্শসমূহক অনুকৰণ কৰে।

২। কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী ? (AHSEC 2009, 11)
উত্তৰঃ কৈশোৰ কালক জীৱনৰ বয়ঃসন্ধিৰ কাল বুলি কোৱা হয় । এই সময়ছোৱাৰ কিশোৰ-কিশোৰীয়ে পঢ়া শিক্ষানুষ্ঠান হ'ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান আৰু প্ৰচলিত শিক্ষা হ'ল মাধ্যমিক শিক্ষা । মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। এই সময়ত আনুষ্ঠানিক শিক্ষাৰ লগত অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিয়া উচিত। কৈশোৰ কালৰ শিক্ষাৰ বাবে মাধ্যমিক শিক্ষা উপযুক্ত বুলি ভবা হৈছে।

৩। কিশোৰ সংস্কৃতি বুলিলে কি বুজা ? ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশৰ দুটিমান উদাহৰণ দিয়াঁ। (AHSEC 2010, 12)
উত্তৰঃ কিশােৰ সকলৰ মনত গঢ়ি উঠা সামাজিক বিকাশ, সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা-সহযােগিতাৰ অন্তৰালত গঢ়ি উঠা উপ সংস্কৃতিক “কিশােৰ সংস্কৃতি” বােলা হয়। 

কিশােৰ সংস্কৃতিৰ দুটা ধনাত্মক দিশ হ’ল—

(ক) সমনীয়াৰ সৈতে গভীৰ বন্ধুত্ব আৰু সহযােগিতা গঢ়ি উঠে।
(খ) কিশােৰ-কিশােৰীৰ মাজত সামাজিক দায়বদ্ধতা গঢ়ি উঠে।

কিশােৰ সংস্কৃতিৰ দুটা ঋণাত্মক দিশ হ’ল–

(ক) কিশোৰ-কিশােৰীৰ মাজত মাদক দ্রব্যৰ ব্যৱহাৰ হয়।
(খ) বিপৰীত লিংগৰ প্ৰতি আকর্ষিত হােৱাৰ বাবে এই সময়ত সুপথে পৰিচালিত নহৈ নানা সমস্যাৰ সৃষ্টি হােৱা দেখা যায়।

৪। কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। (AHSEC 2011)
উত্তৰঃ কৈশোৰ কালৰ দুটা বৈশিষ্ট্য হ'ল — এই কালছোৱাত কিশোৰ-কিশােৰী সকল দিবাস্বপ্ন বা অলীক কল্পনাশীল হৈ উঠে আৰু কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশৰ লগতে মানসিক বিকাশ লক্ষ্য কৰা যায়।

৫। মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব কি কি ? (AHSEC 2012, 19)
উত্তৰঃ মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব হ’ল— এই স্তৰৰ শিক্ষাৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। এই স্তৰতেই মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি ।

দ্বিতীয়তে, এই কালছোৱাৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল কৈশোৰ বা বয়ঃসন্ধিকালৰ। এই সময়ত প্ৰকৃতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁলোক আগ্ৰহী হৈ পৰে। কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপর্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, স্কুল আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন আদিত গুৰুত্ব দিয়া হয়।

৬। বীৰ পূজা' বুলিলে কি বুজা ? (AHSEC 2013)
উত্তৰঃ  কৈশােৰ কালৰ এক বিশেষ উল্লেখযােগ্য বৈশিষ্ট্য হ’ল বীৰ পূজা। বীৰপূজা বুলি ক’লে কিশােৰ-কিশােৰীয়ে ভৱিষ্যতে জীৱনৰ বাবে নিজৰ ভাল লগা কোনাে ব্যক্তিৰ জীৱনৰ আদর্শ গ্রহণৰ প্ৰবৃত্তি প্ৰৱল হৈ উঠাকে বুজা যায়। প্রধানকৈ কোনাে ছবি জগতৰ নায়কনায়িকা বা খেল জগতৰ খেলুৱৈকে জীৱনৰ আদর্শ হিচাপে বাচি লােৱা দেখা যায়, আৰু সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলােবােৰ গুণ নীৰৱ অনুকৰণ কিশােৰ-কিশােৰীয়ে কৰিবলৈ লয়। বীৰ পূজনৰ এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশােৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লােকৰ জীৱনী পাঠ অন্তর্ভুক্ত কৰা হয়।

৭। কৈশোৰ কালত কি কি ক্ষেত্ৰত জটিল পৰিবৰ্তন দেখা যায় ? (AHSEC 2014)
উত্তৰঃ কৈশোৰ কালত সহজ-সৰল গতিৰ পৰিৱৰ্তে শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্রত নানা জটিল পৰিৱৰ্তনৰ সন্মোখিন হব লগা হয়। জীৱনৰ এই সময়ছোৱাত নানা খেলি-মেলিৰ সৃষ্টি হয়।

৮। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে কি কি ক্ষেত্রত পৰিপক্কতাৰ কথাকে সূচায় ?
উত্তৰঃ মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে জৈৱিক, মানসিক, আৱেগিক আৰু সামাজিক ক্ষেত্ৰৰ পৰিপক্কতাৰ কথাকে সূচায়। এই দিশত শাৰীৰিক বা জৈৱিক পৰিৱৰ্তনসমূহ স্পষ্টকৈ পৰিলক্ষিত হয় কিন্তু মানসিক বা সামাজিক গুণসমূহ স্পষ্টকৈ ফুটি নুঠে বা প্রকাশ নাপায়।

৯। কিশোৰ অৱস্থাপ্রাপ্তি কোন দুটি ক্ষেত্রত আগতীয়া হয় ? (AHSEC 2015)
উত্তৰঃ কিশােৰ অৱস্থাপ্রাপ্তিৰ ক্ষেত্ৰ দুটা হ’ল–
(১) ল’ৰাতকৈ ছােৱালীৰ অৱস্থাপ্রাপ্তি আগতীয়া হয়।
(২) শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশােৰ অৱস্থাপ্রাপ্তি আগতীয়া হয়।

১০। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি ? (AHSEC 2015, 18, 20)
উত্তৰঃ কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় চাৰিটা হল—
(১) ভাষা শিক্ষা,  (২) গণিত,  (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান।

১১। শিশু নৈকিত বিকাশ বুলিলে কি বুজা ? (AHSEC 2016) 
উত্তৰঃ শিশু নৈকিত বিকাশ বুলিলে এই কালছোৱাতে নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্রতি উৎকণ্ঠা জাগি উঠে । কিছু ক্ষেত্রত পিতৃ-মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি-বিবেচনাৰ এক নতুন নৈতিকতা সমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে।



English Question Paper for HS Final AHSEC 2024 

Physics Question Paper for HS Final AHSEC 2024 

Logic & Philosophy Question Paper for HS Final AHSEC 2024

Economics Question Paper for HS Final AHSEC 2024

Political Science Question Paper for HS Final AHSEC 2024

Assamese Question Paper for HS Final AHSEC 2024

BIOLOGY MODEL PAPER PDF

CHEMISTRY MODEL PAPER PDF


Also Read








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.