7 Dec 2023

HS 2nd Year Assamese Model Question Paper AHSEC 2024

HS 2nd Year Assamese Model Question Paper AHSEC 2024

HS 2nd Year Assamese Model Question Paper AHSEC 2024


HS 2nd Year Assamese Model Question Paper AHSEC 2024: Model Questions Paper for AHSEC 2024 HS 2nd Year Assamese/Sample Questions Paper/Model Questions Papers are a good source for preparation for Board Exam. Here you can avail HS 2nd Year Assamese Model Question Paper AHSEC 2024.




Sample Questions Paper for AHSEC 2024 Class 12 Assamese

Students who are studying in class 12 must be looking for model question paper/sample question paper. Practicing model question papers is a good source for exam preparation.


In this article you can find a sample question paper for upcoming AHSEC 2024 board exam according to updated syllabus.




Assamese Model Question Paper for AHSEC 2024


Assamese


(Modern Indian Language)



Full Marks: 100


Pass Marks: 30



Time: Three hours


This page belongs to edunation19


১। যিকোনো সাতোটা প্রশ্নৰ উত্তৰ কৰিবাঃ ১×৭=৭


    (ক) 'অ.ভা.উ.সা.স.' ৰ প্ৰকৃত অৰ্থ লিখা ?


    (খ) প্রথম অসমীয়া কথা কবিতাৰ পুথিখনৰ নাম কি ?


   (গ) ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসম সন্তান কোন ?


   (ঘ) কোন গৰাকী বৰকুঁৱৰীৰ ছত্ৰছায়াত হস্তিবিদ্যার্ণৱ পুথিখন ৰচিত হৈছিল ?


  (ঙ) জনবিশ্বাস মতে বসন্ত ৰোগৰ কাৰক কি ?


  (চ) প্রথম অসমীয়া সাধুকথা ভিত্তিক কথাছবি খনৰ নাম কি ?


  (ছ) বৃন্দাৱন নামৰ গল্প সংকলনটোৰ ৰচক কোন ?


  (জ) প্রথম বড়ো কথাছবি খনৰ নাম কি ?


  (ঝ) খাচী ভাষাত অনুদিত প্রথম অসমীয়া কথাছবি খনৰ নাম কি ?


  (ঞ্চ) কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যক্ষৰ নাম লিখা।



২। যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ লিখাঃ ৭×২=১৪


   (ক) পানীমে মীন পিয়াসী।


         মোক শুনত শুনত লাগে হাসি পদফাকিৰ তাত্বিক অর্থ কি ?


   (খ) আনন্দৰাম বৰুৱাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?


   (গ) বৃহৎ সংহিতা আৰু যশস্তিলক গ্রন্থ দুখনৰ ৰচক কোন ? 


   (ঘ) চুটি গল্পৰ দুটা বৈশিষ্ট লিখা।


   (ঙ) জয়মতী কথাছবি ক'ত আৰু কেতিয়া মুক্তিলাভ কৰিছিল।


   (চ) বৈজ্ঞানিক মানসিকতা কাক বোলে ?


   (ছ) কথা কবিতাৰ দুটা বৈশিষ্ট লিখা।



৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ (যিকোনো এচোৱা) ৪


    (ক) "কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।"


   (খ) “ভাৰতীয় সংস্কৃতিৰ মুলাধাৰ বেদ।"


   (গ) “বিজ্ঞানৰ গোটেই পদ্ধতিটোতেই এই মুকলি মনতোৰ গুৰুত্ব বেছি।"




MIL Assamese Model Question Paper for AHSEC 2024 Assamese Medium 

৪। যিকোনো দুটাঃ ৫×২=১০


    (ক) হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলী সম্পর্কে এটি টোকা প্রস্তুত কৰা।


   (খ) গুৰুৱে শিক্ষার্থীক অধ্যয়ণ সমাপ্ত হোৱাৰ পিচত কি কি উপদেশ দিছিল ?


   (গ) অসমীয়া চলচিত্র জগতলৈ ব্ৰজেন বৰুৱাৰ অৱদান সম্পর্কে এটি টোকা প্রস্তুত কৰা।


   (ঘ) বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কিদৰে অৰিহণা যোগাই বুজাই লিখা ?



৫। যিকোনো পাঁচোটা লিখাঃ ১x৫=৫


   (ক) বাৎসল্য প্রেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব কথাষাৰৰ বক্তা কোন ?


   (খ) প্রথম অসমীয়া চুফী ভাৱধাৰাৰ দ্বাৰা প্ৰভাৱিত কবিতাটো কি ?


   (গ) কোনখন কাব্যগ্রন্থৰ বাবে নলিনীৱালা দেৱীয়ে সাহিত্য একাডেমি বটা লাভ কৰিছিল ? 


   (ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত প্ৰথমখন নাটৰ নাম কি ?


   (ঙ) কবি ধিৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলন খনৰ নাম লিখা ।


   (চ) আঘোণৰ কুবলী শীর্ষক কবিতাতো কোন শ্রেণীৰ কবিতা ?


   (ছ) ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজৰ এটা প্রার্থক্য লিখা।




৬। যিকোনো পাঁচোটাঃ ২x৫=১০


    (ক) সত্বঃ ৰজঃ তমঃ গুণ কি ?


    (খ) নৱকান্ত বৰুৱাৰ দুখন কবিতাপুথিৰ নাম লিখা।


    (গ) নিৰ্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা।


    (ঘ) নলিনীৱালা দেৱীৰ আধ্যাত্মিক তত্বমূলক দুখন কাব্যগ্রন্থৰ নাম লিখা।


    (ঙ) জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।


    (চ) পাঠ্যভূক্ত কবিতাৰ আধাৰত কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সজুলিৰ নাম লিখা।


   (ছ) 'কৰুণতম' কবিতাটোত কবিৰ মাতৃস্মৃতি কিহে জাগ্রত কৰিছে।



৭।  প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ ৪


     (ক) “যন্ত্রনা মোৰ জীয়াৰ মন্ত্র


            সেই মন্ত্রকে গালো


           জীয়াই থকাৰ ধেমালিটো মই 


           এবাৰেই খেলি গলো।"



৮। যিকোনো দুটাঃ ৩x২=৬


     (ক) সব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে ?


     (খ) জনতাৰ আহ্বান কবিটাতোত কবিয়ে কিহৰ জয় বিছাৰিছে ?


    (গ) আঘোণৰ কুৱলীয়ে কবিক কিদৰে আমনি কৰিছে ?


    (ঘ) নবকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিবৰ্ত্তন হব ?



৯। যিকোনো দুটাঃ ১×২=২


     (ক) মূল্যবোধৰ ত্রিণীতি মানে কি ?


    (খ) কৈশোৰ কালক কি কাল বুলি কোৱা হয় ?


    (গ) মাধ্যমিক শিক্ষাৰ জীৱনৰ আলিদোমোজা বুলি কোনে উল্লেখ কৰিছিল ?


    (ঘ) মোক্ষ মানে কি ?



১০। যিকোনো দুটাঃ ২×২=৪


      (ক) মূল্যবোধৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা।


     (খ) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰৱ মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্রাথমিক আৰু মৌলিক বিষয়কেইটা কি কি ?


     (গ) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্রধান বৈশিষ্ট দুটা কি ?



১১। যিকোনো এটাঃ ৪x১=৪


      (ক) নন্দনতাত্বিক মূল্যবোধ সম্পর্কে চমুকৈ লিখা।


     (খ) আধ্যাত্মিক মূল্যবোধ সম্পর্কে চমুকৈ লিখা।



১২। যিকোনো এটাঃ ২+২+৩=৭


    (ক) ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা।


অথবা


বিভক্তি কাক বোলে? অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ পিচত যোগ হোৱা পুৰুষবাচক বিভক্তিবোৰৰ প্রয়োগ দেখুওৱা।



১৩। প্রত্যয় ভাঙি দেখুওৱাঃ (যিকোনো পাঁচোটা) ১x৫=৫


বেগাই, ধৰুৱা, বহুৱা, অনাঅসমীয়া, মগনীয়াৰ, নামনি, উজনি, খেতি, সাধুতা।



১৪। অর্থ লিখি বাক্য ৰচনা কৰাঃ (যিকোনো চাৰিটা) ৪x২=৮


দাঁতে-ওঠে লগা, এলাপেচা, উকলি পুঙা, মুখ বজোৱা, হিয়াৰ আমঠু, চকুৰ-কুটা দাঁতৰ-শাল।



Class 12 Assamese Sample Question Paper PDF download 

১৫। ৰচনা লিখাঃ (যিকোনো এখন) ১০


(ক) প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা আৰু আমাৰ ভবিষ্যৎ 


(আৰম্ভনি  –  প্রকৃতি কি – প্রকৃতিৰ ভাৰসাম্যহীনতাৰ কাৰণ – বতৰ পৰিবৰ্তন আৰু জীৱকুলৰ ভবিষ্যৎ – প্রকৃতি পুনঃনির্মানত ক্ষেত্রত নবপ্ৰজন্মৰ কৰণীয়।)



(খ) ছচিয়েল মিডিয়া আৰু ছাত্র সমাজত ইয়াৰ প্ৰভাৱ । 


(ছচিয়েল মিডিয়া কি? – ইয়াৰ অসম্ভৱ জনপ্ৰিয়তাৰ কাৰণ – সুপ্রভাৱ –  কুপ্ৰভাৱ  – সামৰণি।)



(গ) মানসিক উৎকর্ষ সাধনত সাহিত্যৰ ভূমিকা।


(সাহিত্য কি – সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভুমিকা

 – সামৰণি।)



(ঘ) অনুশাসনহীনতা (আধুনিক সমাজৰ ব্যাধি)


(আৰম্ভনি – অনুশাসনহীনতাৰ কাৰণসমূহ – যুব উশৃংখলতা – মূল্যবোধৰ অবক্ষয় আৰু ইয়াৰ প্ৰতিকাৰৰ সাম্ভাব্য উপায় – সামৰণি।)

*********


English Question Paper for HS Final AHSEC 2024 

Physics Question Paper for HS Final AHSEC 2024 

Logic & Philosophy Question Paper for HS Final AHSEC 2024

Economics Question Paper for HS Final AHSEC 2024

Political Science Question Paper for HS Final AHSEC 2024

Assamese Question Paper for HS Final AHSEC 2024

BIOLOGY MODEL PAPER PDF

CHEMISTRY MODEL PAPER PDF


Also Read








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.