9 Dec 2023

Class 11 Assamese Chapter 9 Question Answer বিয়াৰ প্ৰেজেন্ট

Class 11 Assamese Chapter 9 Question Answer বিয়াৰ প্ৰেজেন্ট

Class 11 Assamese Chapter 9 Question Answer বিয়াৰ প্ৰেজেন্ট


Class 11 Assamese Chapter 9 Question Answer বিয়াৰ প্ৰেজেন্ট: বিয়াৰ প্ৰেজেন্ট (Biyar Present) Class 11 Assamese Chapter 9 Question Answer | বিয়াৰ প্ৰেজেন্ট HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া । বিয়াৰ প্ৰেজেন্ট is the Poem 9 from Class 11 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer চৈয়দ আব্দুল মালিক. Here in this article you can avial Class 11 Assamese Chapter 9 Question Answer বিয়াৰ প্ৰেজেন্ট.


Class 11 Assamese Chapter – 9 বিয়াৰ প্ৰেজেন্ট All Question Answer  | Class 11 Assamese Question Answer

বিয়াৰ প্ৰেজেন্ট – চৈয়দ আব্দুল মালিক

দ্বিতীয় গোট -চুটি গল্প 

(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি ? 
উত্তৰঃ
চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম হ'ল – পৰশমণি । 

২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ? 
উত্তৰঃ
‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ।

৩।  চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী নাম লিখা ।
উত্তৰঃ
চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী নাম হ'ল – মাজত মাথোঁ হিমালয় । 

৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি ? 
উত্তৰঃ
জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম হ'ল – ‘ৰূপতীৰ্থৰ যাত্রী' । 

৫। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি ? 
উত্তৰঃ
‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম – বিনীতা । 


বিয়াৰ প্ৰেজেন্ট HS 1st Year Assamese Question Answer 

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। "তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে – ‘আমাৰ তাৰে নোহোৱানে’ ?” – কোনে, কাক কথাষাৰ সুধিছিল ? 
উত্তৰঃ 
"তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে – ‘আমাৰ তাৰে নোহোৱানে’ ?” – এই কথাষাৰ বিনীতাৰ দেউতাক কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল । 

২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল ? 
উত্তৰঃ
নাজিয়াই মােমায়েক হাকিম আহমেদ চাহাবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল।

৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল ?
উত্তৰঃ
নাজিয়াই টাউনত তেওঁৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাইছিল । তেওঁ সৰু ছোৱালী বিনীতাৰ অসুখ হোৱা বাবে হস্পিতাললৈ আনিছিল যদিও পইচাৰ টনা-টনি হোৱাত গাঁৱলৈ গৈ পইচা অলপ যোগাৰ কৰাৰ কথা ভাবিছিল । কিন্তু বাটতে নাজিয়াক লগ পোৱাত নাজিয়াই বিনীতাৰ অৱস্থাৰ কথা শুনি বিয়াখনলৈ নগৈ সেই পইচাখিনিৰে বিনীতাক সহায় কৰিবলৈ হস্পিতাললৈ গৈছিল । 

৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰ পৰা পইচা পালে ? 
উত্তৰঃ
কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ হাতত টকা নথকাৰ বাবে গাওঁত থকা ঘৰলৈ ঘূৰি যাবলৈ ওলােৱাত বাছ আস্থানত নাজিয়াক লগ পায়। নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ বিপদৰ কথা শুনি বিয়ালৈ নগৈ টকা এশ দি অপাৰেচন কৰাবলৈ কৈছিল । আৰু এনেকৈয়ে কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ পইচা পালে । 

৫। “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব” – ‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কথা কোৱা হৈছে ? 
উত্তৰঃ
“আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব” – ‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু তেওঁৰ স্বামীৰ কথা কোৱা হৈছে । 

বিয়াৰ প্ৰেজেন্ট Class 11 Assamese Lesson 9

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫) 

১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল ?
উত্তৰঃ
নাজিয়াই টাউনত থকা মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পোৱাত কনকেশ্বৰ ঠাকুৰে নিজেই আহি নাজিয়াক মাত লগাইছিল । নাজিয়াইও একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাই কি কাৰণত টাউনলৈ অহাৰ কাৰণ সুধিছিল। কনকেশ্বৰ ঠাকুৰে নাজিয়াক জনাই যে তেওঁৰ সৰু ছোৱালী বিনীতাৰ অসুখ হোৱা বাবে হস্পিতাললৈ আনিছিল যদিও অপাৰেচন কৰিবলৈ পইচাৰ টনা-টনি হোৱাত গাঁৱলৈ গৈ পইচা অলপ যোগাৰ কৰাৰ কথা ভাৱে । তেওঁৰ সমস্যাৰ কথা জানিবলৈ পায় নাজিয়াই বিয়ালৈ নগৈ বিনীতাৰ অপাৰেচন বাবে টকা এশ দি অপাৰেচন কৰাবলৈ কৈছিল । কনকেশ্বৰ ঠাকুৰৰ বিপদৰ সময়ত নাজিয়াই তেওঁলোকৰ পৰিয়াললৈ আশাৰ কিৰণ হৈ আহিছিল ।

২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল ?
উত্তৰঃ
নাজিয়াই তেঁওৰ মােমায়েক হাকিম আহমেদ নুমলীয়া জীয়েকৰ বিয়াৰ নিমন্ত্রণ পাই তালৈ স্বামী-স্ত্রী দুয়াে বিয়া খাবলৈ যাব বুলি ভাবিছিল। কিন্তু তেওঁলোকৰ আর্থিক অৱস্থা বৰ দুর্বল আছিল। তেওঁলোকৰ হাতত আছিল মাত্র দুশ টকা। আনহাতে চকুত লগা এটা উপহাৰ দিয়াৰো প্ৰৱল হেঁপাহ আছিল । দুশ টকাৰে স্বামী-স্ত্রী দুয়ােৰে বিয়ালৈ অহা-যােৱাৰ খৰচ আৰু বিয়াৰ প্রেজেন্ট কিনাৰ বাবে যথেষ্ট নাছিল। তেওঁলোকে বাৰে বাৰে হিচাপ কৰি চাইছিল; কিন্তু কোনাে মতে তেওঁলোক দুয়ােজন বিয়াঘৰলৈ অহা-যােৱাৰ খৰচৰ অংক মিলাব নােৱাৰিছিল অৱশেষত আৰ্থিক অনাটনৰ বাবে নাজিয়াই অনিচ্ছা সত্বেও গিৰীয়েকক এৰি অকলেই বিয়ালৈ গৈছিল।

৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল ?
উত্তৰঃ
নাজিয়াই মােমায়েক হাকিম আহমেদ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ বুলি যােৱা বাটত কনকেশ্বৰ ঠাকুৰক লগ পায়। তেওঁৰ পৰা নাজিয়াই জানিব পাৰে যে তেওঁৰ জীয়েক বিনীতাৰ অসুখ। তাইক অপৰেচন কৰাটো অতি জৰুৰী। তেজো দিব লাগিব। কিন্তু কনকেশ্বৰ ঠাকুৰৰ হাতত টকা নথকাত জীয়েক বিনীতাক হস্পিতালতে থৈ টকাৰ যােগাৰ কৰিবলৈ ঘৰলৈ বুলি বাছ ষ্টেচনলৈ আহে আৰু ঘৰলৈ গৈয়েই যে তেওঁ টকা যােগাৰ কৰিব পাৰিব তাৰ কোনাে নিশ্চয়তা নথকাত তেওঁ চিন্তিত হ’ল। এনেতে নাজিয়াই বিনীতাৰ চিকিৎসাৰ বাবে কিছু টকা দিব পাৰিব বুলি আশ্বাস দিলে লগতে বিয়ালৈ নগৈ কনকেশ্বৰ ঠাকুৰৰ লগত বিনীতাক চাবলৈ হস্পিতাললৈকে গ’ল।

৪। বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ’ল বর্ণনা কৰা ।
উত্তৰঃ
নাজিয়াই মােমায়েকৰ ছােৱালীৰ বিয়ালৈ যােৱাৰ বাটত বাছ ষ্টেচনত ৰিক্সা এখনৰ ফালে আগবাঢ়ি যাওঁতে একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পায়। তেওঁৰ পৰা জানিব পাৰে যে তেওঁৰ কন্যা বিনীতাৰ বৰ অসুখ হস্পিতালতে আছে। তাইৰ হেনাে জৰুৰী অপাৰেচন কৰাব লাগিব, তেজো দিব লাগিব। কিন্তু কনকেশ্বৰ ঠাকুৰৰ হাতত টকা নথকাত জীয়েক বিনীতাক হস্পিতালতে থৈ টকাৰ যােগাৰ কৰিবলৈ ঘৰলৈ বুলি বাছ ষ্টেচনলৈ যায় আৰু ঘৰলৈ গৈয়েই যে তেওঁ টকা যােগাৰ কৰিব পাৰিব তাৰ কোনাে নিশ্চয়তা ভাৱি উলিয়াব নােৱাৰিলে । নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল আৰু টকা এশ কনকেশ্বৰ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে । এনেদৰে বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল আৰু বিনীতাও সুস্থ হৈ উঠিল ।

৫। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত মানৱতাবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা । 
উত্তৰঃ
চৈয়দ আব্দুল মালিক ৰচিত ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত নাজিয়া চৰিত্ৰটিৰ যোগেদি মানৱতাবোধ প্ৰকাশ পাইছে । মানৱতাবোধ মানে আমি ইজনে সিজনক বিপদৰ সময়ত কৰা সহায় । মানৱতাবোধত কেতিয়াও প্ৰতিদান থাকিব নালাগে । বিনা প্ৰতিদানত সহায় আগবঢ়োৱাটোৱেই প্ৰকৃত মানৱতাবোধ । নাজিয়াই আৰ্থিক অনাটনৰ বাবেই খুব কষ্টেৰে টকা কেইটামান যোগাৰ কৰি মোমায়েকৰ ছোৱালীৰ বিয়ালৈ যাব বুলি টাউনত গৈ উপস্থিত হৈছিল যদিও হঠাতে টাউনৰ বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে । কনকেশ্বৰ ঠাকুৰে সৰু ছোৱালী বিনীতাৰ কঠিন নৰিয়া হেতুকে টাউনৰ চৰকাৰী হস্পিতালত থৈছিল । কিন্তু ডাক্তৰে লগে লগে অপাৰেচন কৰিবলৈ কোৱাত আৰ্থিক অনাটনত জুৰুলা কনকেশ্বৰ ঠাকুৰ একপ্ৰকাৰ জুৰুলা হৈ পৰিছিল । হঠাতে নাজিয়াক লগ পোৱাত নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ সেই পইচাখিনি বিনীতাৰ অপাৰেচনৰ খৰচ হিচাপে দি প্ৰকৃত মানৱতাবোধৰ পৰিচয় দিছিল । আৰু এই মানৱতাবোধেই হ’ল গল্পটোৰ মূল বাৰ্তা ।

বিয়াৰ প্ৰেজেন্ট class 11 Important Question Answer 

১। চৈয়দ আব্দুল মালিকৰ জন্ম কত আৰু কেতিয়া হৈছিল ?
উত্তৰঃ
চৈয়দ আব্দুল মালিকৰ জন্ম গোলাঘাট জিলাৰ নাহৰণি গাঁৱত ১৯১৯ চনত হৈছিল ।

২। 'বিয়াৰ প্ৰেজেণ্ট’ গল্পটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ
‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটো চৈয়দ আব্দুল মালিকৰ ‘এখন নিলিখা চিঠিৰ কথাখিনি’ নাম গল্পসংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।

৩। চৈয়দ আব্দুল মালিকৰ এখন গৱেষণামূলক গ্রন্থৰ নাম লিখা।
উত্তৰঃ
চৈয়দ আব্দুল মালিকৰ এখন গৱেষণামূলক গ্রন্থৰ নাম হ'ল – 'চুফী আৰু চুফীবাদ’ ।

৪। চৈয়দ আব্দুল মালিকে সম্পাদনা কৰা এখন গ্রন্থৰ নাম লিখা।
উত্তৰঃ
চৈয়দ আব্দুল মালিকে সম্পাদনা কৰা এখন গ্রন্থৰ নাম হ'ল – “আজান ফকিৰ আৰু সুৰীয়া জিকিৰ” ।

৫। 'বিয়াৰ প্ৰেজেণ্ট’ গল্পটোৰ মূল বাৰ্তা কি ?
উত্তৰঃ
'বিয়াৰ প্ৰেজেণ্ট’ গল্পটোৰ মূল বাৰ্তা হ'ল – "মানৱতাবোধ" ।

৬। চুটিগল্প কি ?
উত্তৰঃ
চুটিগল্প মূলতে মানৱ মনৰ আশা-আকাংক্ষা, হর্ষ-বিষাদ আদি বিবিধ অনুভূতিৰ সুসংহত শৈল্পিক প্রকাশ।

৭। "বিয়াৰ প্ৰেজেন্ট" গল্পটো প্ৰথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল ?
উত্তৰঃ
"বিয়াৰ প্ৰেজেন্ট" গল্পটো প্ৰথমতে অধিনায়ক আলোচনীত প্ৰকাশ পাইছিল ।

৮। চৈয়দ আব্দুল মালিকৰ গল্পৰ প্ৰধান বৈশিষ্ট্য কি ?
উত্তৰঃ
চৈয়দ আব্দুল মালিকৰ গল্পৰ প্ৰধান বৈশিষ্ট্য সমূহ হ'ল – ভাষাৰ প্ৰাঞ্জলতা, সুখপাঠ্যতা আৰু মানৱতাবোধ।

৯। অসমীয়া গল্প সাহিত্যত সৰ্বাধিক গল্পৰ ৰচয়িতা কোন ?
উত্তৰঃ
অসমীয়া গল্প সাহিত্যত সৰ্বাধিক গল্পৰ ৰচয়িতা হ'ল – চৈয়দ আব্দুল মালিক।

১০। মালিকদেৱৰ কেইখনমান উপন্যাসৰ নাম লিখা।
উত্তৰঃ
ৰথৰ চকৰি ঘূৰি, সূৰজমুখীৰ স্বপ্ন, পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে, ৰূপতীৰ্থৰ যাত্রী ইত্যাদি।

১১। চৈয়দ আব্দুল মালিকদেৱৰ কোনখন ভ্ৰমণ কাহিনীৰ বাবে "চোভিয়েট দেশ নেহৰু বঁটা" লাভ কৰিছিল ?
উত্তৰঃ
চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত "মাজত মাথো হিমালয়" ভ্রমণ কাহিনীখনৰ বাবে "চোভিয়েট দেশ নেহৰু বঁটা" লাভ কৰিছিল।

১২। চৈয়দ আব্দুল মালিকে কিমান খন উপন্যাস ৰচনা কৰিছে ?
উত্তৰঃ
চৈয়দ আব্দুল মালিকে দুইকুৰি খনতকৈও অধিক উপন্যাস ৰচনা কৰিছে ।

১৩। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত সৃষ্টি হোৱা পৰিস্থিতি দুটা কি কি ?
উত্তৰঃ
‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত সমান্তৰালভাৱে দুটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা হ’ল নাজিয়াৰ পৰিয়ালৰ আৰ্থিক সীমাবদ্ধতাৰ বাবে প্ৰতিটো খোজতে অত্যাধিক হিচাপ-নিকাচৰ মাজেৰে চলিবলগীয়া অৱস্থা। আনহাতে আন এটা পৰিস্থিতি হ’ল কনকেশ্বৰ ঠাকুৰৰ ছোৱালী বিনীতাৰ কঠিন নৰিয়া।






No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.