15 Dec 2023

Dhubri District Pre Board Question Paper 2023

Dhubri District Pre Board Question Paper 2023

Dhubri District Pre Board Question Paper 2023


Dhubri District Pre Board Question Paper 2023: Students who are studying in class 10/12 must be looking for Model Question Paper/Sample Question Paper/Pre Board Question Paper/Test Paper. Practicing model question papers is a good source for exam preparation. In this article you can avail Dhubri District Pre Board Question Paper 2023.



Dhubri District Class 10 Pre Board Question Paper 2023 | SEBA Test Paper Assamese 


Pre-Board Examination, 2023 

Class X

Sub: ASSAMESE
(Modern Indian Language)

Full Marks: 100
Pass Marks: 30

Time: Three hours

The figures in the margin indicate full marks for the questions

(ক-অংশ)

(মূল্যাংক-৭৫)

১। অতি চমু উত্তৰ লিখাঃ (যিকোনো দুটা) ১×২=২

(ক) 'ফ্রম ভলগা টু গংগা' কাৰ ৰচনা ?

(খ) এজন সফল উদ্যোগী আৰু কর্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যবধান কি ?

(গ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল ?


২। চমু উত্তৰ লিখাঃ (যিকোনো দুটা) ২×২=৪

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় ?

(খ) সুকুমাৰ কলা কি ?

(গ) ড° জয়শ্রী গোস্বামী মহন্তৰ দুখন উপন্যাসৰ নাম লিখা ?


৩। তলৰ যিকোনো এটা প্রশ্নৰ উত্তৰ লিখাঃ ১×৪=৪

(ক) ইণ্টাৰনেটৰ প্রয়োজনীয়তা সম্বন্ধে পাঠটোৰ সহায়ত বুজাই লিখা।

(খ) “ভাৰতীয় সংস্কৃতি এক বিৰাট সম্বন্বয়ৰ বস্তু"।

-এই কথাষাৰ কিমানদুৰ যুক্তিপূর্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।


Dhubri District Pre Board Assamese Question Paper 2023

৪। অতি চমু উত্তৰ লিখাঃ ১×২=২

(ক) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক লগ ধৰিছিল ?

(খ) ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি ?


৫। চমু উত্তৰ লিখাঃ ১×২=২

সফল উদ্যোগী হ'বলৈ কিয় কঠিন ? 

নাইবা

ই-মেইলৰ সোৱাদত কুঁৱলীয়ে কিমান অভিভূত হৈছিল, বুজাই লিখা। 


৬। উত্তৰ লিখাঃ ১×৪=৪

(ক) মহীচন্দ্ৰ মিৰি কোন ? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেঁও কেনে ভূমিকা লৈছিল ?

নাইবা

(খ) এভাৰেষ্ট বিজয়ৰ স্বপ্ন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ?


৭। অতি চমু উত্তৰ লিখাঃ ১×২=২

(ক) 'আগা' শব্দৰ অর্থ কি ?

(গ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ?


৮। চমু উত্তৰ লিখাঃ ১×২=২

স্লাম বাৰ্জাৰ কি ?

নাইবা

লর্ড কার্জন কোন ?


৯। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ ১×২=২

(ক) ক্রিকেট খেলুরৈ যুবৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল ?

(খ) টেহৰাণৰ প্রাকৃতিক অবস্থা কেনেকুৱা লিখা ?


১০। অতি চমু উত্তৰ লিখাঃ ১×২=২

(ক) তোমাৰ পাঠ্যপুথিৰ অন্তর্গত বৰগীতটি কোন ৰাগত বন্ধা আছে ?

নাইবা

'সনক, সনন্দ যোগী যাহাকু বিয়ায়'- সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

(খ) জিকিৰৰ বচক কোন ?


১১। চমু উত্তৰ লিখাঃ ২×২=৪

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত অন্তর্নিহিত ভাবটি লিখা।

নাইবা

খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত - এই ফাঁকি কথাৰ 'ৰছুল' আৰু 'মোমিন' শব্দ দুটাৰ অর্থ লিখা।

(খ) বৰগীতৰ যিকোনো দুটা লক্ষণ লিখা।



১২। উত্তৰ লিখাঃ ১×২=২

সহস্ৰ বয়নে যাৰ নগাৱন্ত সীমা।

অধমে জানিব কেনে তোমাৰ মহিমা।। ব্যাখ্যা ছোৱাৰ সংক্ষিপ্ত ভাৱ বুজাই লিখা।

নাইবা

মাধবদেৱৰ আখ্যানমূলক ৰচনা দুখনৰ নাম লিখা।


১৩। সমার্থক শব্দ লিখাঃ (যিকোনো দুটা) ½×২=১

কুটুব, ভেল, দৰিয়া


১৪। তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখাঃ ১×১=১

(ক) ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।

(খ) ছৈয়দ আব্দুল মালিকৰ এখন বিখ্যাত উপন্যাসৰ নাম লিখা।

(গ) 'ন্যুব্জ দেহ' শব্দটিৰ অর্থ কি ?


১৫। তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখাঃ ২×২=৪

(ক) 'উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,

উঠা যত মুক্তি পথযাত্রী। - কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

(খ) 'মই অসমীয়া' কবিতাটোত অসমৰ প্রকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে ?


(গ) "বৰ শান্তি আছো

       এই পঁজাটিত "।- কোনে কিয় এইদৰে কৈছিল ?



১৬। উত্তৰ লিখাঃ ৪

(ক) 'প্রশস্তি' কবিতাটোৰ মূলভাৱ লিখা।

নাইবা

(খ) ব্যাখ্যা কৰা-

      জীবনে মৰণে মই চিৰদিন অসমীয়া

      অসমীয়া দেহ প্রাণ মন

      জীয়াই থাকোতে মই অসমৰে অসমীয়া,

       মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।


১৭। (ক) তলৰ যিকোনো এটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ ১

পঞ্চাঙ্গুল, অহর্নিশ, অনন্ত।


(খ) তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা: ১

মহোৎসৱ, ভাবুক, মেঘালয়।


(গ) তলত দিয়া বাক্যটি সৰল বাকালৈ পৰিবৰ্তন কৰা: ১

যদি পৰিশ্ৰম কৰা, তেন্তে সাফল্য লাভ কৰিবা।


(ঘ) তলত দিয়া যিকোনো এটা শব্দৰ 'প' বা 'ষ' হোৱাৰ কাৰণ লিখা: ১

তৃণ, যুধিষ্ঠিৰ, কন্টক ।


(ঙ) যথাস্থানত যতি চিহ্ন বহুওৱা: ১

     যে ভগবান মই বিপদত পৰিছো


(চ) তলৰ যিকোনো এটাৰ অর্থ প্রকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা: ১

 চকুৰোৱা, দাঁতে ওঠে নলগা, হাতলৰ।


(ছ) তলৰ যিকোনো এটাৰ বিপৰীতার্থক শব্দ লিখাঃ ২

পার্থক্য, অণু, আর্শীবাদ।


(জ) এটা শব্দত প্ৰকাশ কৰা: (যিকোনো এটা) ১

যি কথাৰ অৰ্থ নাই, মাটিৰে যি নির্মিত, যাক সহজে লাভ কৰিব নোৱাৰি


(ঝ) তলত দিয়া যিকোনো এটা শব্দৰ প্রত্যয় ভাঙি দেখুওৱাঃ ১

বান্ধনি, বাটকরা, পঢ়ুৱৈ 


(ঞ) তলৰ যিকোনো এটাৰ সমার্থক শব্দ লিখাঃ ১

যামিনী, মেঘ, কুসুম।


১৮। তলৰ যিকোনো এটা প্রশ্নৰ উত্তৰ লিখাঃ ৪

(ক) ভাৱ সম্প্রসাৰণ কৰা:

      উপকাৰীক অজগৰে খায়।

(খ) তোমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ পুথিভঁৰালৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্র-ছাত্রী একতা সভা সম্পাদক/সম্পাদিকা হিচাপে এখনি আবেদন লিখা। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা)।

(গ) তুমি বিদ্যালয়ত চাৰিদিন অনুপস্থিত থকাৰ কাৰণ দশাহ ছুটী মঞ্জুৰিৰ বাবে তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ এখনি আবেদন লিখা। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা)।


১৯। তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখাঃ ৮

(ক) তোমাৰ প্রিয় গ্রন্থ।

(আৰম্ভণি - গ্রন্থৰ বিষয়বস্তু - ভাল লগাৰ কাৰণ - সামৰণি)


খ) দৈনন্দিন জীবনত বিজ্ঞানৰ প্রভাৱ।

(আৰম্ভণি- দৈনন্দিন জীবন আৰু বিজ্ঞান - বিজ্ঞানৰ ক্ষতিকাৰক দিশ-সামৰণি)


(গ) চন্দ্রযান- ৩

(আৰম্ভণি-উৎক্ষেপণ - অৱতৰণ -সামৰণি)


২০। 'বৈচিত্রময় অসম' নামৰ দ্রুতপাঠত সন্নিবিষ্ট দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। ৩×২=৬

২১। তোমাৰ দ্রুতপাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। ২×২=৪



Dhubri District Pre Board Question Paper 2023 PDF download 

(খ-অংশ)

(মূল্যাংক - ২৫)

২২। তলত দিয়া যিকোনো এটাৰ অতি চমু উত্তৰ দিয়া: ১

(ক) কুলক্ষয় দোষ কি ?

(খ) হেমচন্দ্র গোস্বামীৰ প্ৰথম অসমীয়া ছনেট কবিতাটিৰ নাম কি?


২৩। চমু উত্তৰ লিখাঃ ২×২=৪

(ক) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল ? নিমন্ত্ৰণ কৰা ৰজাজন কোন ?

(খ) অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত বথ ৰাখিবলৈ কিয় কৈছিল?


২৪। উত্তৰ লিখাঃ ২+১=৩

(ক) "যুদ্ধত স্বজন বধে কিচো ফলক নেদেখু, বিজয়কো আকাংক্ষা নকৰু ৰাজাক ইচ্ছা নাই, সুখক নবাঞ্চো "কথাষাৰ কোনে কাৰ আগত কেতিয়া কৈছিল ?

(খ) নাগার্জুন কোন ? তেওঁ ক'ত আছিল আৰু কি কৰিছিল ?


২৫। অতি চমু উত্তৰ লিখাঃ ২×১=২

(ক) কপিল মুনিৰ মাতৃ কোন ?

(খ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ?

২৬। 'হল এৱে তোৰ সময় হ'বৰ

জাতিৰ ঝাড়ুদাৰ যে ভাই'। ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাড়ুদাৰ' ধৰাৰ সময় হ'লহি বুলি সকিয়াই দিছে ? ২


২৭। উত্তৰ লিখাঃ ৪

(ক) মোহিনী স্বৰূপে               অমৃত পিয়াইলো

                     সাধিলো দেৱৰ কাম

- কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল ? তেঁও কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল ? খৰচি মাৰি লিখা ।

নাইবা

(খ) 'ধৰ ঝাড়ু ধৰ ভাই'- কবিতাটোৰ মাজেৰে কবি ৰায় চৌধুৰীদেৱৰ স্বদেশ প্রেমৰ ভাৱ কিদৰে প্রকাশ পাইছে ?


২৮। (ক) তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ ১

মোৰ মূৰটো বৰকৈ বিষাইছে।

(খ) 'প্র' উপসর্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা: ১

(গ) তুমি কালিলৈ আহিবা _______ (খালী ঠাইত উপযুক্ত অনুসর্গ বহুওৱা) ১

(ঘ) তলত দিয়া শব্দ দুটাৰ এটাকৈ সমার্থক শব্দ লিখা: ১

হাতী, সূর্য।

(ঙ) তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখাঃ ১

বিগুটিয়া, খেড়ি, কিসৰ।

২৯। তলত দিয়া যিকোনো দুটা ছন্দৰ সুত্র লিখি উদাহৰণ দিয়া: ২×২=৪

লেচাৰি, ছবি, দুলড়ি।

************











Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2023

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2023

Long Walk to Freedom VSA for HSLC 2023

A Tiger in the Zoo VSA for HSLC 2023

The Tale of Custard the Dragon VSA for HSLC 2023


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.