28 Jul 2025

HS 2nd Year Assamese Chapter 4 Common Question for HS 2026

HS 2nd Year Assamese Chapter 4 Common Question for HS 2026

HS 2nd Year Assamese Chapter 4 Common Question for HS 2026


HS 2nd Year Assamese Chapter 4 Common Question for HS 2026: Hastividyarnava Puthi (হস্তিবিদ্যাৰ্ণৱ পুথি) is the chapter 4 from class 12 Assamese. Hastividyarnava Puthi is written by Dr Sarjyakumar Bhuyan. Here you can avail HS 2nd Year Assamese Chapter 4 Common Question for HS 2026.



Class 12 Assamese Question answer chapter 4 | HS 2nd Year Assamese Book Question Answer

১। ড° সূর্যকুমাৰ ভূঞাৰ জন্ম ক'ত হৈছিল ?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ জন্ম নগাঁও জিলাৰ ফৌজদাৰীপট্টিত হৈছিল।


২। ড° সূর্যকুমাৰ ভূঞাই কোন চনত জন্ম লাভ কৰিছিল ?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাই ১৮৯৪ চনত জন্ম লাভ কৰিছিল।


৩। ড° সূর্যকুমাৰ ভূঞাৰ পিতৃৰ নাম কি ? 

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ পিতৃৰ নাম ৰবিলাল ভূঞা।


৪। ড° সূর্যকুমাৰ ভূঞাৰ মাতৃৰ নাম কি ? 

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ মাতৃৰ নাম ভুৱনেশ্বৰী ভূঞা।


৫। সৰুৰে পৰা ড° সূর্যকুমাৰ ভুঞাক কোনে লালন-পালন কৰিছিল ?

উত্তৰঃ সৰুৰে পৰা ড° সূর্যকুমাৰ ভুঞাক পাহিতা আৰু লবিতা নামৰ দুগৰাকী আইতাকে লালন-পালন কৰিছিল। 


৬। সূর্যকুমাৰ ভূঞাই শ্বিলং চৰকাৰী স্কুলৰ পৰা স্কুল শিক্ষান্ত পৰীক্ষাত কি বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হৈছিল ?

উত্তৰঃ সূর্যকুমাৰ ভূঞাই শ্বিলং চৰকাৰী স্কুলৰ পৰা স্কুল শিক্ষান্ত পৰীক্ষাত অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল আৰু ভিক্ট'ৰিয়া মেম'ৰিয়েল স্বর্ণ পদক লাভ কৰে।


৭। ড° সূর্যকুমাৰ ভূঞাই ক'ৰ পৰা বি.এ. পাছ কৰিছিল ?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাই কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মান সহকাৰে বি. এ. পাছ কৰিছিল। 


৮। কোনখন কলেজৰ পৰা ড° সূৰ্যকুমাৰ ভূঞাই এম. এ. পাছ কৰিছিল ?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাই কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰিছিল। 


৯। ড° সূর্যকুমাৰ ভূঞাই ক'ত কেনেকৈ কৰ্মজীৱনৰ পাতনি মেলিছিল ?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাই যোৰহাটৰ বেজবৰুৱা স্কুলত শিক্ষক হিচাপে চাকৰিত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল।


১০। ড° সূর্যকুমাৰ ভূঞাই কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে ?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে।


১১। ড° সূৰ্যকুমাৰ ভূঞাই সন্মানীয় ডি. লিট. ডিগ্রী লাভ কৰা বিশ্ববিদ্যালয়খনৰ নাম কি ?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাই সন্মানীয় ডি. লিট. ডিগ্রী লাভ কৰা বিশ্ববিদ্যালয়খনৰ নাম হ'ল লণ্ডন বিশ্ববিদ্যালয়।


১২। কিমান চনত ড° ভূঞাই সন্মানীয় ডি. লিট, ডিগ্রী লাভকৰিছিল ?

উত্তৰঃ ১৯৫২ চনত ড° ভূঞাই সন্মানীয় ডি. লিট, ডিগ্রী লাভকৰিছিল।


১৩। ড° সূর্যকুমাৰ ভূঞাই' অসম সাহিত্য সভাৰ কোন অধিবেশনৰ সভাপতিত্ব কৰিছিল ?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাই' ১৯৫৩ চনৰ অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ সভাপতিত্ব কৰিছিল।


১৪। ড° সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল 'নিৰ্মালি'।


১৫। ড° সূৰ্যকুমাৰ ভূঞাৰ এখন চুটিগল্প পুথিৰ নাম লিখা ।

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ এখন চুটিগল্প পুথিৰ নাম হ'ল - পঞ্চমী।


১৬। ড° সূর্যকুমাৰ ভূঞাৰ জীৱনীমূলক গ্ৰন্থ এখনৰ নাম লিখা।

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ জীৱনীমূলক গ্ৰন্থ এখনৰ নাম হ'ল "আনন্দৰাম বৰুৱা"। 


১৭। কোনটো যুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল ?

উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। 


১৮। ব্যৱহাৰিক সাহিত্য কি ?

উত্তৰঃ ব্যৱহাৰিক সাহিত্য হ'ল সেই সাহিত্য যিয়ে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা দিয়ে। 


১৯। অষ্টাদশ শতিকাৰ ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথিখনৰ নাম কি ?

উত্তৰঃ অষ্টাদশ শতিকাৰ ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথিখন হ'ল সুকুমাৰ বৰকাথৰ "হস্তীবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ"। 



Class 12 Assamese Chapter 4 Common Question for HS 2026 | HS 2nd Year Assamese Chapter 4 Important Question for HS 2026

২০। 'হস্তিবিদ্যার্ণৱ' পুথিখন কাৰ আদেশমৰ্মে সুকুমাৰ বৰকাথে ৰচনা কৰিছিল ?

উত্তৰঃ 'হস্তিবিদ্যার্ণৱ' পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশমৰ্মে সুকুমাৰ বৰকাথে ৰচনা কৰিছিল। 


২১। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবােৰ কোনে অংকন কৰিছিল ?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবােৰ দিলবৰ আৰু দোষায় নামৰ দুজন চিত্রকৰে অংকন কৰিছিল।


২২। 'হস্তিবিদ্যার্ণৱ পুথিত’ কোনকেইজন লােকৰ চিত্র অংকিত হৈছে ?

উত্তৰঃ হস্তিবিদ্যার্ণৱ পুথিত’ গ্রন্থকাৰ, দুজনা চিত্ৰকৰ, স্বৰ্গদেউ শিবসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উপসিংহ কোৱৰৰ ছবি অংকিত কৰা হৈছে।


২৩। 'জয়ন্তী' আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ 'জয়ন্তী' আলোচনীৰ প্ৰথম সম্পাদক ৰঘুনাথ চৌধাৰী আছিল। 


২৪। ড° সূৰ্যকুমাৰ ভূঞাৰ দুখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ দুখন জীৱনীমূলক গ্ৰন্থৰ নাম হ'ল - গোপাল কৃষ্ণ গোখলে আৰু আনন্দৰাম বৰুৱা।


২৫। 'বৃহৎ সংহিতা’ৰ ৰচক কোন ?

উত্তৰঃ 'বৃহৎ সংহিতা’ৰ ৰচক হ’ল বৰাহমিহিৰ৷


২৬। কালিদাসৰ 'ৰঘুবংশ'ৰ মতে কাৰ স্বয়ম্বৰত ৰাজকুমাৰে বিবাহৰ মণ্ডপত কামৰূপেশ্বৰৰ হাতত ধৰি হাতীৰ পৰা অৱতৰণ কৰিছিল ?

উত্তৰঃ কালিদাসৰ 'ৰঘুবংশ'ৰ মতে ইন্দুমতীৰ স্বয়ম্বৰত ৰাজকুমাৰে বিবাহৰ মণ্ডপত কামৰূপেশ্বৰৰ হাতত ধৰি হাতীৰ পৰা অৱতৰণ কৰিছিল।


২৭। পালকাপ্য মুনিৰ ‘হস্তি আয়ুৰ্ব্বেদ’ কি ভাষাত ৰচিত ?

উত্তৰঃ পালকাপ্য মুনিৰ ‘হস্তি আয়ুৰ্ব্বেদ’ সংস্কৃত ভাষাত ৰচিত।


২৮। স্বর্গদেউসকলে শিৰবস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্ত্র বিধৰ নাম কি ?

উত্তৰঃ স্বর্গদেউসকলে শিৰবস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্ত্র বিধৰ নাম হ'ল 'ফচৌ'।


২৯। "হস্তি আয়ুৰ্ব্বেদ" কোনে ৰচনা কৰিছিল ?

উত্তৰঃ "হস্তি আয়ুৰ্ব্বেদ" মহৰ্ষি পালকাপ্যই ৰচনা কৰিছিল। 


৩০। কামন্দকীয় নীতিসাৰ' কোনে ৰচনা কৰিছিল ?

উত্তৰঃ কামন্দকীয় নীতিসাৰ' কামন্দক নামৰ এগৰাকী আচাৰ্যই ৰচনা কৰিছিল। 


৩১। কামন্দকীয় নীতিসাৰ কি ?

উত্তৰঃ কামন্দকীয় নীতিসাৰ কামন্দক নামৰ এগৰাকী আচাৰ্যই ৰচনা কৰা নীতিশাস্ত্র।


৩২। ফচৌ কি ?

উত্তৰঃ ফচৌ হ'ল আহোম ৰজাই মূৰত পিন্ধা বস্ত্র বিশেষ।


৩৩। ইজাৰ কি ?

উত্তৰঃ চুৰিয়া বা ঠেঙ্গাৰ তলত পিন্ধা পায়জামা বিশেষকে ইজাৰ বোলে।


৩৪। বহুনা কাক বোলে ?

উত্তৰঃ হাতীৰ ডিঙিত মাউত বহা স্থানকে বহুনা বোলে।


৩৫। কোন স্বৰ্গদেৱৰ দিনৰ পৰা মোগলী প্রথামতে নতুন সাজ-পাৰৰ প্ৰচলন হয় ?

উত্তৰঃ স্বৰ্গদেৱ ৰূদ্ৰসিংহৰ দিনৰ পৰা মোগলী প্রথামতে জামা, পাগ, ইজাৰ আদি নতুন সাজ-পাৰৰ প্ৰচলন হয়।


৩৬। পুৰণি অসমত হাতীৰ প্ৰচলনৰ বহু উল্লেখ আৰু বিৱৰণ ক'ত পোৱা যায় ?

উত্তৰঃ পুৰণি অসমত হাতীৰ প্ৰচলনৰ বহু উল্লেখ আৰু বিৱৰণ প্ৰাচীন তামৰ ফলিবিলাকত আৰু বুৰঞ্জী পুথিবোৰত পোৱা যায়।


৩৭। 'মাতঙ্গলীলা তাঞ্জোৰ' পুথিখন কাৰ ৰচনা ?

উত্তৰঃ 'মাতঙ্গলীলা তাঞ্জোৰ' পুথিখন নীলকণ্ঠৰ ৰচনা।


৩৮। অসমীয়া গজশাস্ত্ৰ বিশাৰদ বুলি কাক অভিহিত কৰা হয় ?

উত্তৰঃ অসমীয়া গজশাস্ত্ৰ বিশাৰদ বুলি সুকুমাৰ বৰকাইথক অভিহিত কৰা হয়।


৩৯। হস্তিবিদ্যাৰ্ণৱ পুথি পাঠটোৰ লেখক কোন ? 

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথি পাঠটোৰ লেখক হ'ল ড° সূর্যকুমাৰ ভূঞা। 


৪০। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল “Anglo-Assamese Relations 1771-1826".


৪১। ড° সূৰ্যকুমাৰ ভূঞাই কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল ?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাই১৯৫৬ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল।


৪২। হস্তিবিদ্যাৰ্ণৱ পুথিখন কোনে ক'ৰ পৰা আনিছিল ?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিখন হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই অসমৰ সুপ্ৰসিদ্ধ পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঞিৰ ঘৰৰ পৰা আনিছিল।



HS 2nd Year Assamese Chapter 4 Previous Years Questions | HS 2nd Year Assamese Question Bank Solved Questions HS 2026

৪৩। 'হস্তি বিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্রহ কৰা হৈছে ? HS 2017

উত্তৰঃ 'হস্তি বিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি যােগেন্দ্র নাৰায়ণ ভূঞা সম্পাদিত সূর্যকুমাৰ ভূঞাৰ ‘বিবিধ প্রবন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।


৪৪। হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল ? HS 2017

উত্তৰঃ হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।


৪৫। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি ? HS 2018

উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক গৰাকীক নাম হ'ল ড° সূৰ্যকুমাৰ ভূঞা।


৪৬। পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা। HS 2018

উত্তৰঃ পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম হ’ল— লৱ কুশৰ যুদ্ধ আৰু ধর্মপুৰাণ।


৪৭। 'হস্তিবিদ্যার্ণৱ’ পুথিত কোনগৰাকী বৰকুৱৰীৰ ছবি পােৱা যায় ? HS 2019

উত্তৰঃ 'হস্তিবিদ্যাৰ্ণৱ’ পুথিত বৰকুঁৱৰী অম্বিকা দেৱীৰ ছবি পােৱা যায়।


৪৮। কোন দেশৰ প্রাচীন নৃপতিসকলক “গজধ্বজ” খিতাপেৰে বিভূষিত কৰা হৈছিল ? HS 2020

উত্তৰঃ কামৰূপৰ প্ৰাচীন নৃপতিসকলক “গজধ্বজ” খিতাপেৰে বিভূষিত কৰা হৈছিল।


৪৯। ড° সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। HS 2020

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থখনৰ নাম হল- ‘Anglo-Assamese Relations’,


৫০। অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ সভাপতি কোন আছিল ? HS 2020 

উত্তৰঃ অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ সভাপতি আছিল ড° সূৰ্যকুমাৰ ভূঞা।


৫১। 'হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল ?  HS 2022

উত্তৰঃ ’হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন সুকুমাৰ বৰকাথে ‍১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।


৫২। হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ ভাষা পদ্য নে গদ্য ? HS 2023

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ ভাষা পদ্য আৰু গদ্য দুয়োটাৰে সংমিশ্ৰণ।


৫৩। 'গজেন্দ্রচিন্তামণি' কি ভাষাত লিখিত পুথি ? HS 2024

উত্তৰঃ 'গজেন্দ্রচিন্তামণি' সংস্কৃত ভাষাত লিখিত পুথি। 


৫৪। 'গজধ্বজ' খিতাপেৰে কাক বিভূষিত কৰা হৈছিল ? HS 2025

উত্তৰঃ 'গজধ্বজ' খিতাপেৰে কামৰূপৰ প্ৰাচীন নৃপতিসকলক বিভূষিত কৰা হৈছিল।


৫৫। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল ?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত 'হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে প্ৰকাশ পাইছিল ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত।




No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.