Class 10 Assamese Chapter 3 Common Question for Half Yearly Exam 2025
Class 10 Assamese Chapter 3 Common Question for Half Yearly Exam 2025: প্ৰশস্তি is the chapter 3 from class 10 HSLC Assamese (MIL) SEBA text-book অসমীয়া সাহিত্য চয়নিকা. Here in this post you can avail Class 10 Assamese Chapter 3 Common Question for Half Yearly Exam 2025.
কবি-পৰিচয়ঃ
ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৮): বর্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত কবি চৌধাৰীৰ জন্ম। তেওঁৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী। সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ কাৰণে ভৰি ঘূণীয়া হয়। ঘৰুৱা অসুবিধাৰ কাৰণে সম্পর্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ লৈ আহি বিদ্যালয়ত নামভর্তি কৰি দিয়ে। অষ্টম শ্রেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ বিদ্যালয়লৈ যাবলৈ এৰি দিয়ে। ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয়। পিছত কেইবছৰমান শিক্ষকতা কৰে। শেষত খেতি-বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত 'জোনাকী' কাকতৰ সহকাৰী সম্পাদক আৰু 'মইনা', 'জয়ন্তী' আৰু 'সুৰভি' নামৰ আলোচনীৰো সম্পাদক আছিল।
চৌধাৰীয়ে 'জোনাকী' কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু 'আলোচনী', 'বাঁহী' আদিতো বহুতো কবিতা প্রকাশ পায়। প্রথম স্তৰত লিখা কবিতাবোৰ 'সাদৰী' (১৯১০) পুথিত সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ পিছত ক্রমে 'কেতেকী' (১৯১৮), 'কাৰবালা' (১৯২৩), 'দহিকতৰা' (১৯৩১), 'নরমল্লিকা' (১৯৫৮) আৰু মৰণোত্তৰ কালত 'মনাই বৰাগী' (কবিতা) তথা 'পচতীয়া' নামে গল্পৰ পুথি প্রকাশ পায়। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক 'বিহগী কবি' আখ্যা দিয়া হৈছে। তেওঁ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা 'অসম সাহিত্য সভা'ৰ অধিৱেশনৰ সভাপতি আছিল।
পাঠবোধঃ প্রশস্তি কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্রশক্তিৰ অর্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিবীত গছ-বনে প্রকৃতিক ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দেৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্রকৃতিৰ সম্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকর্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।
Class 10 Assamese Chapter 3 Question answer | Class 10 Assamese প্ৰশস্তি Question answer | Class 10 Assamese Question Bank Solutions
১। ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।
২। ৰঘুনাথ চৌধাৰীৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ জন্ম ১৮৭৯ চনত হৈছিল।
৩। ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত।
৪। ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।
৫। বিহগী কবি ৰঘুনাথ চৌধাৰীক আনটো কি নামেৰে জনা যায় ?
উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধাৰীক পাখিব কবি নামেৰেও জনা যায়।
৬। ৰঘুনাথ চৌধাৰী কোন শ্ৰেণীলৈ অধ্যয়ন কৰিছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী অষ্টম শ্রেণীলৈকে অধ্যয়ন কৰিছিল।
৭। ৰঘুনাথ চৌধাৰী ঘৰতে কি বিষয়ত অধ্যয়ন কৰিছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিছিল।
৮। ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল।
৯। ৰঘুনাথ চৌধাৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে জোনাকী কাকতেৰে কবিতা লিখিবলৈ লৈছিল।
Class 10 Assamese Question Answer | Class 10 Assamese Question Paper 2026
১০। ৰঘুনাথ চৌধাৰী কোন চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা 'অসম সাহিত্য সভা'ৰ অধিৱেশনৰ সভাপতি আছিল।
১১। ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল সাদৰী আৰু কেতেকী।
১২। ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।
১৩। ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ `সদৰী' পুথিত সন্নিৱিষ্ট কৰা হৈছিল।
১৪। কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে ?
উত্তৰঃ উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুস্কুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে।
১৫। প্ৰশস্তিৰ অৰ্থ কি ?
উত্তৰঃ প্ৰশস্তি মানে আৰাধনা বা গুণানুকীৰ্তন কৰা।
১৬। বিহগী মানে কি ?
উত্তৰঃ বিহগী মানে পক্ষী বা চৰাই।
১৭। কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে ?
উত্তৰঃ কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে।
১৮। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে ?
উত্তৰঃ কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে।
১৯। প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰঃ কিশলয়দলে প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে।
Class 10 Assamese Chapter 3 Important Question for Half Yearly Exam 2025
২০। মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব টেঙা ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে।
২১। জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কৈছে।
২২। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰঃ কীচক বাঁহেৰে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।
২৩। 'প্ৰশস্তি' কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে ?
উত্তৰঃ 'প্ৰশস্তি' কবিতাটোত মানুহক অমৃতৰ সন্তান বুলি কৈছে।
২৪। আনন্দত কাৰ প্ৰাণ টলমল হৈছে ?
উত্তৰঃ আনন্দত চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ টলমল হৈছে।
২৫। প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কবিয়ে কৈছে।
২৬। 'ঊষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধা..'কবিতাটোত 'ঊষা' বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ কবিতাটোত "ঊষা" বুলি পুৱাৰ সূৰুয বা সূৰ্যোদয়ৰ সময়ৰ কথা কোৱা হৈছে।
২৭। কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে ?
উত্তৰঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।
২৮। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা কাকত খনৰ নাম কি ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা কাকত খনৰ নাম হ'ল জোনাকী।
২৯। জোনাকী কাকত খন ক'ৰ পৰা প্ৰকাশিত হৈছিল ?
উত্তৰঃ জোনাকী কাকত খন গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছিল।
৩০। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা আলোচনী দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা আলোচনী দুখনৰ নাম হ'ল 'জয়ন্তী' আৰু 'সুৰভি'।
৩১। ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম হ'ল 'নৱমল্লিকা' আৰু 'পচতীয়া'।
৩২। কবিয়ে কাক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে ?
উত্তৰঃ কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।
৩৩। কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে কিহৰ আৰাধনা কৰিছে ?
উত্তৰঃ কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে।
৩৪। ৰঘুনাথ চৌধাৰীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে ১৯৬৮ চনত ইহলীলা সম্বৰণ কৰে।
Important MCQ for HSLC 2026
The Tale of Custard the Dragon
The Midnight Visitor Important VSA
A Letter to God Important Questions Answers
Long Walk to Freedom Important Questions Answers
The Midnight Visitor Important Questions Answers
The Hack Driver Important Questions Answers
First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees
No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.