23 Jun 2025

Class 10 Assamese Most Common for 1st Unit Test 2025

Class 10 Assamese Most Common for 1st Unit Test 2025

Class 10 Assamese Most Common for 1st Unit Test 2025


Class 10 Assamese Most Common for 1st Unit Test 2025: Class 10 Assamese Sahitya Sayanika. Here you can avail Class 10 Assamese Most Common for 1st Unit Test 2025.


Class 10 Assamese Most Common for 1st Unit Test 2025 Pdf

১। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে ?
উত্তৰঃ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত 'বান্ধৱ' বুলি হৰিক সম্বােধন কৰিছে।


২। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ ?
উত্তৰঃ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো বসন্ত ৰাগৰ। 


৩। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি ?
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ'ল নামঘােষা। 


৪। "সনক সনন্দ যোগী যাহাকু ধিয়ায়।" - সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰঃ সনক, সনন্দ আদি যােগীসকলে হৰি অর্থাৎ ভগৱান শ্রীকৃষ্ণক/নাৰায়ণক ধ্যান কৰে বুলি কৈছে।


৫। মােহ-পাশ’ মানে কি ?
উত্তৰঃ “মােহ-পাশ” মানে হ’ল মায়াৰ বন্ধন । 


৬। মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাব প্রকাশ পাইছে ?
উত্তৰঃ মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে দাস্য ভক্তিৰ ভাব প্রকাশ পাইছে। 


৭। মাধৱদেৱৰ দ্বাৰা প্ৰণীত এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা ?
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা প্ৰণীত এখন তত্ত্বমূলক গ্ৰন্থৰ নাম হ'ল জন্মৰহস্য।


৮। 'মোমিন' ৰ অৰ্থ কি ?
উত্তৰঃ মোমিন' ৰ অৰ্থ বিশ্বাসী মুছলমান।


৯। জিকিৰৰ ৰচক কোন ?
উত্তৰঃ জিকিৰৰ ৰচক হ’ল আজান ফকিৰ। 


১০। জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰঃ জিকিৰবােৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।


১১। আজান ফকিৰৰ প্ৰকৃত নাম কি আছিল ?
উত্তৰঃ আজান ফকিৰৰ প্ৰকৃত নাম হজৰত চাহ মিলন।


১২। "আচমানৰ কুটুব তৰা আদমৰ জাত।” ইয়াত আদম কোন ?
উত্তৰঃ "আচমানৰ কুটুব তৰা আদমৰ জাত।” – ইয়াত আদম হৈছে আদি মানৱ। 


১৩। জিকিৰ শব্দৰ অৰ্থ কি ? 
উত্তৰঃ জিকিৰ শব্দৰ অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা।


১৪। ‘দৰিয়া’ শব্দৰ অৰ্থ কি ?
উত্তৰঃ ‘দৰিয়া’ শব্দৰ অৰ্থ হ'ল সাগৰ, নদী।


১৫। এপল কোম্পানীৰ সহপ্ৰতিষ্ঠাপক গৰাকী কোন ? 
উত্তৰঃ এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক গৰাকীৰ নাম হ'ল ষ্টিফ জবছ। 


১৬। বিল গেচৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় কি ? 
উত্তৰঃ বিল গেচৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। 


১৭। নাৰায়ণ মূৰ্ত্তী কোন ?
উত্তৰঃ নাৰায়ণ মূর্ত্তী হ'ল ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক।


১৮। শ্ৰী নৰেন্দ্ৰ নাথ দত্ত কোন ?
উত্তৰঃ শ্ৰী নৰেন্দ্ৰ নাথ দত্ত হ'ল ডাউন টাউন হস্পিটেলৰ স্বত্বাধিকাৰী।


১৯। দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি ?
উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী।


২০। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি ?
উত্তৰঃ এজন উদ্দোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান হ'ল এলাহ।


২১। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে ?
উত্তৰঃ অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। 


২২। কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে ?
উত্তৰঃ মোগল সম্ৰাট বাবৰৰ আমালত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল।


২৩। ‘ফ্রম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক কোন ?
উত্তৰঃ 'ফ্ৰম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক পণ্ডিত ৰাহুল সংস্কৃতায়ন।


২৪। "ভাৰতীয় সংস্কৃতি” নামৰ প্ৰবন্ধটোৰ লেখক কোন ?
উত্তৰঃ "ভাৰতীয় সংস্কৃতি" নামৰ প্ৰবন্ধটোৰ লেখক হেম বৰুৱা।


২৫। “মধ্য এচিয়াকা ইতিহাস' কোনে লিখিছিল ?
উত্তৰঃ 'মধ্য এচিয়াকা ইতিহাস' পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।


২৬। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন ?
উত্তৰঃ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হ'ল ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ।


২৭। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উত্তৰঃ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।


২৮। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে ?
উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিত্রশিল্পক বেছি স্থায়ী বোলা হৈছে।


২৯। সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা ?
উত্তৰঃ ঠায়ে ঠায়ে গাম্ভীৰ্যৰ লগতে সংগীতৰ এক উৰণীয়া ভাবৰ সংযোগ দেখা পোৱাটোৱে সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ।


৩০। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি ?
উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা হ’ল—সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।


Class 10 Assamese Most Common for 1st Unit Test 2025 Answer

১। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ বিষয়ে এটি চমুটোকা যুগুত কৰা ।
উত্তৰঃ ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি-উপজাতি, ধৰ্ম, সম্প্ৰদায়ৰ দৰে ইছলামৰ অৰিহণাও লেখত ল’বলগীয়া । ইছলামৰ ছুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। ভাৰতৰ প্ৰচলিত চিত্ৰ শিল্পৰ লগত ইছলামীয় চিত্ৰ শিল্পৰ মিলন ঘটি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ প্ৰদান কৰিছে। ৰাজপুত্ৰ আৰু মোগলসকলৰ আৰ্টত এই বৈচিত্ৰ দেখা যায়। ইছলামীয় সাহিত্যৰ ভাৱধাৰাও ভাৰতীয় সাহিত্যত একীভূত হল। ইছলামীয় ভাস্কর্য, স্থাপত্য, সুকুমাৰ কলা আদিয়ে ভাৰতীয় সংস্কৃতিলৈ অৰিহণা আগবঢ়াইছে। এইদৰেই ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাই আৰু অধিক জাতিষ্কাৰ কৰি তুলিছে।


২। সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ? বা
"সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়”- পাঠৰ সহায়ত বুজাই লিখা।
উত্তৰঃ ভাৰতীয় সংস্কৃতিলৈ চিত্রকলাৰ বহুতাে অৱদান আছে। লেখকৰ মতে সাধাৰণতে সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে আমাক অন্তৰআত্মা স্পর্শ কৰি অভিভূত কৰে। 


৩। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনে ধৰণৰ, চমুকৈ লিখা ।
উত্তৰঃ উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ 'বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য প্ৰত্যেকটো ভঙ্গিমাই সুকীয়া ।ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰৰ এহেজাৰটা স্তম্ভ । 


৪। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু' বুলি লেখকে কিয় কৈছে ?
উত্তৰঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। কিয়নাে সংমিশ্রিত সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতি। বিভিন্ন সময়ত বিভিন্ন জাতি-গােষ্ঠীৰ লােক আহি ভাৰতত থাকিবলৈ ল’লে। আর্য, অনার্য, দ্রাবিড়, মংগােলীয়, শক, মােগল, হুন, ব্রিটিছ আদি বিভিন্ন জাতি-উপজাতি, বিভিন্ন ধর্মাৱলম্বী মানুহে ভাৰতলৈ আহে। এই লােকসকলৰ ভাৱধাৰাৰ সংমিশ্ৰণতেই ভাৰতীয় সংস্কৃতি গঢ় লৈছে। তেওঁলােকৰ নিজৰ ভাষা, সংস্কৃতি আছিল যদিও ভাৰতীয় সংস্কৃতিকে আপােন কৰি ভাৰতীয় সংস্কৃতিত জাহ যায়। তাৰ ফলত ভাষাতত্ব, সামাজিক, ৰাজনৈতিক, সাহিত্য, শিল্পকলা আদি সকলােতে এক সমন্বয়ৰ ধাৰা প্রবাহিত হ’বলৈ ধৰে।


৫। লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে ?
উত্তৰঃ ইটোৰ পিছত সিটো মানৱগােষ্ঠীৰ আক্রমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ ইত্যাদি ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সূতি ক্রমবর্ধমান সোতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যােৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতভূমিত ৰাজপুত, মােগল আদি জাতি এনে এক প্রক্রিয়াৰে ভাৰতৰ বাসিন্দা হৈছিল। তেওঁলােকে সময়ৰ গতিত নিজৰ সকলােখিনি ত্যাগ কৰি ভাৰতৰ সংস্কৃতিক চহকী কৰিছিল। এনেবােৰ বিষয়ৰ বৰ্ণনাৰে ভাৰত বুৰঞ্জী সমৃদ্ধ হৈ আছে। গতিকে সম্যক দৃষ্টিৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।


৬। অজন্তাৰ ছবিবোৰত কি কি ভাববস্তু প্রকাশ পাইছে ?
উত্তৰঃ অজন্তা ছবিবোৰত দুটা ভাববস্তু প্ৰকাশ পাইছে। এটা হৈছে- সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দ উচ্ছ্বাসময় চিত্র। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম, প্রেম আৰু যৌৱন। প্রথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাববস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একে ধৰণৰ নহয় । দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে ।


৭। ‘সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰঃ সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পার্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠী হ’ল সমাজ এখনত বাস কৰা লােকসকলৰ জীৱন ধাৰণৰ প্রণালী। সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতা কোনাে জাতি বা জনগােষ্ঠীৰ উত্থান-পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগােষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে।


৮। "পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী।” কথাষাৰ মুকলিকৈ বুজাই লিখা।
উত্তৰঃ ইতিহাসৰ ভিন ভিন সময়ত ভাৰতৰ প্রতি প্রলুব্ধ হৈ নানান জাতি-গোষ্ঠীৰ লোক ভাৰতলৈ আহিছিল। ইয়াৰ সৰহভাগেই আহিছিল আক্রমণকাৰীৰ বেশত। উদাহৰণ হিচাপে গ্রীকসকল, শূণসকল, পাঠানসকল, মোগলসকল আদি। ভাৰতৰ বিভিন্ন জাতি-গোষ্ঠীয়ে নিজৰ সংস্কৃতি লৈ আহিছিল, কিন্তু সময়ৰ সৈতে সিহঁতে ভাৰতীয় সংস্কৃতিৰ উপাদান গ্রহণ কৰিছিল। সেইকাৰণে ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ সংস্কৃতি, যি অবিচ্ছিন্ন ধাৰা ৰূপে পৰিচিত। এইদৰে ৰাজ্যৰ উত্থান- পতনৰ মাজতে ভাৰতীয় সংস্কৃতিৰ এক মিশ্রণ ঘটিছিল।


৯। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উত্তৰঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত চিত্রকলাৰ এটি নতুন ধাৰাৰ প্রৱেশ ঘটে । এই নতুন চিত্র শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবােধ । এনে ধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল । ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ । ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু চেংগীজ খাৰ ৰাজদৰবাৰত । যুগৰ প্রকৃতি অনুসৰি এই চিত্রকলা ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল । ইয়াত ভাৱ – প্ৰৱণতাৰ সলনি বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰ প্রকাশ ঘটিছিল।


১০। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ ভাৰতীয় চিত্রকলাৰ সর্বশ্রেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তা গুহাৰ শিল্পকলাত দেখা যায়। পশ্চিমঘাট পর্বতমালাৰ ইন্দ্রিয়াদি নামৰ অশ্বখুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত। ইয়াৰ শিল্প কলা অনন্তকালৰ বাবে সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি–প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে।ইয়াৰ ছবিবােৰত দুটা ভাৱ বস্তু প্রকাশ পাইছে। এটা হৈছে সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। সন্যাস জীৱনৰ ছবিবােৰত আছে দয়া, ধ্যান আৰু মৌনতা। সমূহীয়া জীৱন প্রকাশক ছবিবােৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম আৰু যৌৱন। ভাৱ বস্তুৰ পৰা পৃথক যদিও দুয়ােবিধ ছবিয়ে একেলগে অংকিত হৈছে। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল।


১১। “সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।” লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে, বুজাই লিখা ।
উত্তৰঃ সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সংস্কৃতিয়ে জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ কর্মপদ্ধতি, সাজ-পােছাক আদি বহন কৰে। সংস্কৃতি হৈছে মানৱ সৃষ্ট পৰিবেশৰ এটা উন্নত আৰু শিল্পীত ৰূপ ৷ ই মানৱৰ মনোজগতত উদ্ভৱ হোৱা সকলো ধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয়। 


১২। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ।
উত্তৰঃ উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পোনপটীয়াকৈ পৰা দেখা যায় বিশেষ কৈ ইছলামীয় ভাস্কৰ্যৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা যায়। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি। এনে ভাস্কৰ্যই সংহতিৰ বতৰাহে বিলাই দিছে। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰৰ জৰিয়তে প্রকাশ পাইছে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত দাক্ষিণাত্যৰ দৰে কাৰু-কাৰ্যৰ বিশালতা নাথাকে। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তুহে। ইয়াক কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব পৰা নাযায়। হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছিল। ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছিল।


১৩। "ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত। এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো অলেখ । আছে।" - 'ভাৰতীয় সংস্কৃতি' পাঠটিৰ সহায়ত বুজাই লিখা।
উত্তৰঃ ভাৰতৰ বুৰঞ্জীত স্থানীয় আৰু বহিৰাগত সংস্কৃতিৰ মাজত এক সাৰ্থক সাংস্কৃতিক সমন্বয় ঘটিছিল, যাৰ প্ৰমাণ বিভিন্ন দিশত পোৱা যায়। ভাৰতীয় সংস্কৃতি এখন বিশাল সমন্বয়ৰ ক্ষেত্ৰ, য'ত বিভিন্ন জাতি, ভাষা, আৰু ধৰ্মৰ লোকৰ মিলন হৈছে। এই সমন্বয় কেৱল আনুষ্ঠানিক নহয়, ইয়াৰ প্ৰভাৱ সামাজিক, সাংস্কৃতিক, আৰু শৈল্পিক সকলো দিশতে দেখা যায়। বিভিন্ন সংস্কৃতিৰ মিলনৰ ফলত ভাৰতীয় সংস্কৃতিৰ এক বিশেষ বৈশিষ্ট্য গঢ় লৈ উঠিছে। আৰ্য আৰু অনার্য সংস্কৃতিৰ সংমিশ্ৰণ, বিদেশী আক্ৰমণকাৰীসকলৰ দ্বাৰা অনা পৰম্পৰা, শিল্পকলা, বিভিন্ন ধৰ্মীয় বিশ্বাসৰ আদান- প্ৰদান আদিৰ ফলত ভাৰতীয় সংস্কৃতি অধিক সমৃদ্ধ হৈছে।


১৪। আৰ্টৰ বিপৰীত পন্থা দুটা কি কি ?
উত্তৰঃ সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এই দুটা হৈছে কাৰুকাৰ্য আৰু জাক-জমকতা যিয়ে বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে আৰু আনটো হ'ল সংযম আৰু আড়ম্বৰহীনতা যিয়ে আমাৰ অন্তৰআত্মা স্পর্শ কৰি অভিভূত কৰে। 


Class 10 Assamese Most Common Long Questionfor 1st Unit Test 2025 Answer

ব্যাখ্যা কৰাঃ

(ক) “ সহস্র বয়নে যাৰ নপাৱস্ত সীমা ।
         অধমে জানিবাে কেনে তােমাৰ মহিমা । ” 
উত্তৰঃ
প্ৰসংগঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উদ্ধৃত কৰা হৈছে।


সংগতিঃ হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।


ব্যাখ্যাঃ সংসাৰৰ একমাত্র ত্রাণকর্তা হৈছেহৰি। তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নােৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নােৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্র মুখেও তেওঁৰ মহিমা বর্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্তমহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।


(খ) “তােমাৰ চৰণ দুই মােৰ মহা ধন ।
        ভকত জনেৰ নিজ তুমিয়ে জীৱন । ”
উত্তৰঃ প্ৰসংগঃ
ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উদ্ধৃত কৰা হৈছে।


সংগতিঃ হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।


ব্যাখ্যাঃ সংসাৰৰ একমাত্র ত্রাণকর্তা হৈছেহৰি। তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নােৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নােৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্র মুখেও তেওঁৰ মহিমা বর্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্তমহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।


(গ) "পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।
       খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷।"
উত্তৰঃ
প্ৰসংগঃ উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি '' অসমীয়া  সাহিত্য চয়নিকা '' অন্তৰ্গত আজান ফকিৰদেৱে বিৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


সংগতিঃ এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে। সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।


বাখ্যাঃ পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন নাই ।


(ঘ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।
     বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷। 
উত্তৰঃ প্ৰসংগঃ
উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদেৱে বিৰচিত "জিকিৰ " নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ।


সংগতিঃ এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।


বাখ্যাঃ কাব্যাংশত উল্লিখিত ‘ তিৰবেণী ঘাট ‘ কথাষাৰে মক্কা যে এখন পৱিত্র তীর্থভূমি । তাকেই বুজাইছে । কিন্তু যাৰ অন্তৰত ধর্মভাব থাকে বা যিজনে আল্লাৰ দর্শন । পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে । আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া – মােহ ত্যাগ কৰিব পাৰিব লাগিব । কিন্তু সংসাৰৰ মায়া – মমাহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ – ভােগতহে বেছিকৈ গুৰুত্ব দিয়ে । মানৱ জীৱন যে ক্ষণস্থায়ী । বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে । কিন্তু প্রকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ।

No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.