Class 10 Social Science Common Question for 1st Unit Test 2025
Class 10 Social Science Common Question for 1st Unit Test 2025: Class 10 Political Science, Class 10 Geography, Class 10 History, Class 10 Economics. Here you can avail Class 10 Social Science Common Question for 1st Unit Test 2025.
Class 10 Social Science Important Question for 1st Unit Test 2025 | Class 10 Social science Common Question Assamese Medium
১। আগা খাঁৰ নেতৃত্বত মুছলমান সঁজাতি দলটোৱে ছিমলাত ব্রিটিছ ভাইচৰয়ৰ ওচৰত কি অনুৰোধ জনাইছিল ?
উত্তৰঃ আগা খাঁৰ নেতৃত্বত মুছলমান সঁজাতি দলটোৱে ছিমলাত ব্রিটিছ ভাইচৰয়ৰ ওচৰত অনুৰোধ জনাইছিল যে মুছলমানসকলৰ বাবে কেন্দ্ৰীয় আৰু প্ৰাদেশিক পৰিষদত তেওঁলোকৰ জনসংখ্যাৰ অনুপাতেৰে অধিক আসন সংৰক্ষণ কৰিব লাগে আৰু তেওঁলোকক পৃথক নিৰ্বাচকমণ্ডলীৰ জৰিয়তে নিৰ্বাচিত কৰিব লাগে। তেওঁলোকে আশা কৰিছিল যে ইয়াৰ ফলত তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব।
২। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ?
উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ইংৰাজ চৰকাৰে বিভিন্ন দমনমূলক ব্যৱস্থা গ্রহণ কৰিছিল। যেনে-
(ক) চৰকাৰে আইন প্ৰণয়ন কৰি জনমত প্রকাশত বাধা দিয়াৰ উদ্দেশ্যে দেশীয় সংবাদপত্ৰৰ স্বাধীনতা খর্ব কৰিছিল।
(খ) ছাত্রসকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল।
(গ) মুছলমান সম্প্রদায়ক হিন্দুসকলৰ বিৰুদ্ধে উচটাই দি মুছলমানসকলক চৰকাৰী সুবিধা দিয়াৰ পন্থা গ্রহণ কৰিছিল।
(ঘ) স্বদেশী আন্দোলনৰ শীর্ষস্থানীয় নেতৃবৃন্দক আটক কৰিছিল। কিছুমান নেতাক নির্বাসন দণ্ড বিহিছিল।
(ঙ) জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকক চৰকাৰ-আৰোপিত বিভিন্ন উপাধি, পদক আৰু পদ দান কৰিছিল।
৩। লর্ড কার্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিল।
উত্তৰঃ লর্ড কার্জনে ঘােষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিৰ প্রথম দফাৰ আঁচনিসমূহ হ’ল—
(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্রদেশখনৰ নাম ‘ পূর্ব বংগ আৰু অসম হ’ব।
(খ) পূর্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ’ব ঢাকা।
(গ) পূর্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেন্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হ’ব।
(ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ’ব।
৪। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ'ল-
(ক) স্বদেশী আন্দোলনে বংগদেশত সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্র, আলোচনা, গ্রন্থ, গাত-মাত, নাটক, প্রবন্ধ আদিৰ সৃষ্টি হৈছিল।
(খ) স্বদেশী আন্দোলনে ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ জোৱাৰ তুলিছিল। জনসাধাৰণে বিদেশী পণ্য বৰ্জন কৰিবলৈ লৈছিল। ফলত স্বদেশী শিল্পই গা কৰি উঠিছিল।
(গ) দেশত স্বদেশী শিক্ষা, অর্থাৎ জাতীয় শিক্ষাৰ ঢৌ উঠিছিল। বহুতো জাতীয় বিদ্যালয়, কলেজ আদি গঢ় লৈ উঠিছিল।
(ঘ) স্বদেশী আন্দোলনৰ ফলস্বৰূপে পুৰুষৰ লগতে নাৰীয়েও জাতীয়তাবাদৰ ভাবধাৰাৰে উদ্বুদ্ধ হৈছিল।
Class 10 Social Science inside Question for 1st Unit Test 2025
৫। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।
উত্তৰঃ স্বদেশী আন্দোলনে ভাৰতীয় ৰাজনীতি, অর্থনীতি আৰু সাংস্কৃতিক জগতত সুদূৰপ্ৰসাৰী অৱদান আগবঢ়াইছিল। যেনে-
(ক) স্বদেশী আন্দোলনে জনসাধাৰণৰ মনত জাতীয় ভাবধাৰাৰ জন্ম দিছিল।মানুহে স্বদেশী পণ্য-সামগ্রী গ্রহণ কৰিবলৈ লৈছিল। ফলত ইংৰাজসকলৰ ব্যৱসায় বিপর্যস্ত হ'বলৈ আৰম্ভ কৰিছিল।
(খ) স্বদেশী আন্দোলনৰ জৰিয়তে ভাৰতীয় নেতৃবৃন্দৰ কাম-কাজ আৰু চিন্তা-চৰ্চাৰ পৰিৱৰ্তন ঘটাইছিল। তেওঁলোকে বুজি পাবলৈ ধৰে যে এক গণসংগ্ৰামৰ যোগেদিহে ভাৰতৰ সার্বিক উন্নয়ন সম্ভৱ।
(গ) স্বদেশী আন্দোলনে ভাৰতবাসীৰ অনাগত স্বাধীনতা সংগ্ৰামৰ বাবে মানসিকতা গঢ়ি তোলাত ইন্ধন যোগাইছিল।
৬। বংগ ভংগৰ প্ৰধান উদ্দেশ্য কি আছিল ?
উত্তৰঃ বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক ‘বংগ ভংগ' বুলি জনা যায়। বংগ ভংগৰ প্ৰধান উদ্দেশ্য আছিল এনে ধৰণৰ -
(ক) বিশাল বংগ প্ৰদেশক এজন লেফটেনেন্ট গভৰ্নৰে সুচাৰুৰূপে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই লৰ্ড কাৰ্জনে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল।
(খ) কাৰ্জনৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু - মুছলমানৰ মাজত একতা ভাঙি দিয়া।
(গ) বংগ ভংগৰ দ্বাৰা লৰ্ড কাৰ্জনে ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তুলিব বিচাৰিছিল।
৭। স্বদেশী আন্দোলন দুর্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কি কর্মপন্থা লৈছিল ? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে ?
উত্তৰঃ সমগ্ৰ ভাৰতবৰ্ষত গুৰুতৰ ৰূপ ধাৰণ কৰা স্বদেশী আন্দোলন দমন কৰাৰ বাবে বৃটিছ চৰকাৰে বিভিন্ন কর্মপন্থা লৈছিল। ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰি নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদৰ দৰে লোভনীয় সদস্য পদ যাচিছিল । ৰাজহুৱা সভা সমিতি বে-আইনী ঘােষণা কৰিছিল। তাৰােপৰি বংগদেশৰ পৰা প্ৰকাশিত ভালেমান আলােচনী আৰু আললাচনীৰ ওপৰত নিষেধাজ্ঞা জাপি দিয়া হৈছিল। কিন্তু আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰা নাছিল।
৮। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ যথেষ্ট বৰঙনি আগবঢ়াইছিল। এই আন্দোলনত বিদেশী সামগ্রী বর্জন কৰাৰ লগতে স্বদেশী শিক্ষা ব্যৱস্থাৰ হকেও জনসাধাৰণ সজাগ হৈ উঠে। ১৯০৫ চনত ৰবীন্দ্রনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় নামৰ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। ১৯০৫ চনৰ ৮ নবেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰে। দেশীয় ছাত্ৰসকলে চৰকাৰী বিদ্যালয়সমূহ ত্যাগ কৰি জাতীয় বিদ্যালয়ত ভর্তি হােৱাৰ প্ৰৱণতা বৃদ্ধি পােৱাত ১৯০৬ চনৰ ১১ মার্চত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ এখন অনুষ্ঠানৰ জন্ম হয়। সেই বছৰতে বংগ ভংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। মুঠতে স্বদেশী আন্দোলনৰ সময়খিনিত ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। অৰবিন্দ ঘােষৰ অধ্যক্ষতাত কলিকতাত জাতীয় কলেজ স্থাপন হয় জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’ মহাৰাষ্ট্ৰত সমর্থ বিদ্যালয়’ আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।
Class 10 Geography Common Question for 1st Unit Test 2025
৯। সম্পদ ভূগােলক কিয় অর্থনৈতিক ভূগােল এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয় ?
উত্তৰঃ সাধাৰণতে প্ৰকৃতিত মুক্তভাৱে পােৱা সকলাে বস্তুকে সম্পদ বােলা হয়। পৃথিৱীত পােৱা সকলােবােৰ সম্পদেই মানুহৰ বাবে প্রয়ােজনীয়। প্রকৃতিত পােৱা সম্পদবােৰ তেতিয়াই অর্থনৈতিক সম্পদত পৰিণত হয় যেতিয়া মানুহে এইবােৰ নিজৰ প্রয়ােজন মতে ব্যৱহাৰৰ উপযােগী কৰি তােলে। কিয়নাে এই সম্পদবােৰে মানুহৰ প্রয়ােজনসমূহ পূৰণ কৰে। অর্থনৈতিক ভূগােল আৰু ইয়াৰ আটাইবােৰ শাখা-উপশাখাৰ অধ্যয়নেই সম্পদ ভূগােলৰ লগত জড়িত। কাৰণ কোনাে এখন দেশৰ অর্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বহুখিনি নির্ভৰ কৰে। সম্পদে এখন দেশৰ অর্থনৈতিক দিশত ভালেখিনি বৰঙণি আগবঢ়ায়। সেই কাৰণে সম্পদ ভূগােলক অর্থনৈতিক ভূগোেলর এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয়।
১০। সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্ক বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সম্পদ আৰু মানুহৰ মাজত এক নিবিড় সম্পর্ক আছে। মানুহে প্ৰকৃতিত পােৱা সম্পদসমূহৰ দ্বাৰাই দৈনন্দিন জীৱনৰ মৌলিক প্রয়ােজনসমূহ পূৰণ কৰে। মানুহে প্ৰকৃতিত পােৱা সম্পদসমূহ উদঘাটন বা উৎপাদন কৰি নিজ নিজ প্রয়ােজন অনুসৰি গঢ় দি উপভােগ কৰি আছে। সেয়েহে মানুহেই হৈছে সম্পদৰ সৃষ্টিকর্তা। মানুহ সম্পদৰ সৈতে দুই ধৰণে জড়িত। যেনে- সম্পদৰ উৎপাদক আৰু উপভােক্তা হিচাপে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। সম্পদ নােহােৱাকৈ মানুহৰ জীৱন ধাৰণ অসম্ভৱ। উদাহৰণস্বৰূপে মানুহৰ প্রয়ােজনীয় ঘৰ-দুৱাৰ, প্ৰকৃতিত পােৱা শিল, বালি, গছ-গছনি, ধাতু আদিৰ দ্বাৰাই তৈয়াৰ কৰি লৈছে। সেয়ে সম্পদৰ লগত মানুহৰ ওতঃপ্রােত সম্পর্ক আছে।
১১। সম্পদৰ প্ৰয়ােজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলােচনা কৰা।
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ প্রয়ােজনবােৰ পূৰণ কৰিব পৰা বস্তুকেই সম্পদ বুলি কোৱা হয়। পৃথিৱীত পােৱা প্রায় সকলোেবােৰ বস্তু যেনে—গছ-গছনি, সূৰ্যৰ ৰশ্মি, মাটি, পানী, বায়ু ইত্যাদি সম্পদ। মানুহে প্ৰকৃতিত পােৱা এই সকলােবােৰ বস্তুৰ দ্বাৰা মৌলিক প্রয়োেজনসমূহ পূৰণ কৰে। মানুহে মাথাে প্রয়ােজন অনুসৰি সম্পদবােৰ বিজ্ঞান আৰু প্ৰযুক্তিৰে নানা ৰূপত বা আকাৰৰ পৰিৱৰ্তন কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হােৱাৰ লগে লগে প্ৰকৃতিৰ সম্পদসমূহৰ পৰা মানুহে নতুন নতুন সম্পদ সৃষ্টি কৰি আছে। উদাহৰণস্বৰূপে কল-কাৰখানা, ঘৰ-দুৱাৰ, যানবাহন, ৰাস্তা-ঘাট আদি প্ৰকৃতিত পােৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে। মানৱ সম্পদৰ দ্রুত বিকাশৰ ফলত পৃথিৱীত মানৱ উন্নয়ন আৰু পৃথিৱীত অর্থনৈতিক বিকাশ সম্ভৱ হৈছে। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকর্তা। গতিকে মানুহৰ বাবে আটাইতকৈ প্ৰয়ােজনীয় বিষয় হৈছে সম্পদ আহৰণ, বিতৰণ, সৃষ্টি আৰু ব্যৱহাৰ।
১২। সম্পদ পৰিৱৰ্তনশীল’— ব্যাখ্যা কৰা।
উত্তৰঃ পৃথিৱীত পােৱা সকলােবােৰ বস্তুকেই সম্পদ বুলি কোৱা হয় যদিও সম্পদ হ’বলৈ তিনিটা বৈশিষ্ট্য থাকিব লাগিব, যেনে— কার্যকাৰিতা, উপকাৰিতা পৰিৱর্তনশীলতা। এই তিনিটা প্রধান বৈশিষ্ট্যৰ ভিতৰত পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ বৈশিষ্ট্য। সম্পদক মানুহে নিজৰ প্রয়ােজন অনুসৰি ভিন ভিন সময়ত ভিন ভিন ৰূপ দিব পাৰে। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনৰ ক্ষেত্ৰত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ জনা নাছিল, তেতিয়ালৈকে এইবােৰ সামগ্রী সম্পদ বুলি বিবেচনা হােৱা নাছিল। এইবােৰ নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্ৰী আছিল। কিন্তু প্রযুক্তি বিদ্যাৰ উন্নয়নৰ লগে লগে নিজৰ জ্ঞানেৰে মানুহে কয়লা, খনিজ তেল বা অন্যান্য প্রাকৃতিক বস্তুক বিভিন্ন ৰূপ দি সম্পদলৈ পৰিণত কৰিছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হােৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে। অর্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰাে পৰিৱৰ্তন ঘটে।
১৩। সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলােচনা কৰা।
উত্তৰঃ সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত এক নিবিড় সম্পর্ক আছে। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উন্নয়নৰ লগে লগে বহুতাে নিষ্ক্রিয় সামগ্রী সম্পদত পৰিণত হৈছে। উদাহৰণস্বৰূপে মানুহৰ জ্ঞানৰ বিকাশৰ ফলত কয়লা বা খনিজ তেল সম্পদ বুলি গণ্য হােৱা নাছিল। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানুহে কয়লা আৰু খনিজ তেল শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সমৰ্থ হৈছে। ফলস্বৰূপে এইবােৰ মূল্যবান সম্পদলৈ পৰিণত হৈছে। ঠিক সেইদৰে এসময়ত পশ্চিমবংগত সঘনাই বানপানী সৃষ্টি কৰা দামােদৰ নদীক বিজ্ঞান-প্রযুক্তিৰ সহায়ত নদীখনৰ ওপৰত বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰিবলৈ লােৱা হ’ল তেতিয়াৰ পৰা ই মূল্যবান সম্পদ হৈ পৰিল। গতিকে দেখা যায় সম্পদ আৰু বিজ্ঞান- প্রযুক্তিৰ দ্বাৰা মানুহে নিতৌ ন ন বস্তু সৃষ্টি কৰিছে।
১৪। মানৱ-সৃষ্ট সম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ মানুহে নিজৰ জ্ঞান আৰু কৌশল প্রয়ােগ কৰি যিবােৰ সম্পদ সৃষ্টি কৰে সেইবােৰ সম্পদকে মানৱ সৃষ্ট সম্পদ বােলে। উদাহৰণস্বৰূপে গছ-গছনি প্রাকৃতিক সম্পদ। এই গছ-গছনিবােৰক কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰি মানুহে ইয়াৰ সহায়ত ঘৰ-দুৱাৰ, নানা ধৰণৰ আচবাব তৈয়াৰ কৰে। এই ঘৰ-দুৱাৰ, আচবাব আদিয়েই মানৱ সৃষ্ট সম্পদ। প্রাকৃতিক সম্পদ তেতিয়াই প্রয়ােজনীয় মূল্যবান সম্পদত পৰিণত হয়, যেতিয়া মানুহে এইবােৰ নিজৰ প্রয়ােজন অনুসৰি মানৱ সৃষ্ট সম্পদত পৰিণত কৰে। মানৱ সৃষ্ট সম্পদৰ প্রকৃত কল্যাণ আৰু উন্নয়ন সম্ভব হয়।
১৫। ‘সম্পদ পৰিৱর্তনশীল’—ব্যাখ্যা কৰা।
উত্তৰঃ সম্পদ পৰিৱৰ্তনশীল। আজি কোনাে এটা সামগ্রী মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও ‘মানুহৰ বাবে অপকাৰী হ’লেও ভবিষ্যতে সেই একেটা সামগ্ৰীয়েই মানব কল্যাণত ব্যৱহৃত হ’ব পাৰে। এনে সামগ্ৰীসমূহৰ যিবােৰে মানুহৰ কোনাে ধৰণে। উপকাৰ বা অপকাৰ সাধন নকৰে সেইবােৰ নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বােলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবােৰ কেৱল নিৰপেক্ষ সামগ্রীহে আছিল। আনহাতে, যিবােৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবােবক প্রতিৰোধক বােলা হয়। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্রযুক্তি উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ সামগ্ৰী আৰু প্রতিবােধক মানুহৰ সু-প্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হােৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে। অর্থাৎ সামাজিক পৰিবর্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰ পৰিবর্তন ঘটে। সেইকাৰণে সম্পদক পৰিৱৰ্তনশীল বুলি কোৱা হয়।
১৬। সম্পদৰপ্ৰয়ােজনীয়তা সম্পর্কে উদাহৰণসহ আলােচনা কৰা।
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলােবােৰ বস্তুকেই সম্পদ বােলা হয়। যেনে—বায়ু, পানী, মাটি, গছ-গছনি আদি। সম্পদৰ বাবেহে মানব সমাজৰ বিভিন্ন দিশত উন্নয়ন সম্ভৱ হৈছে। সম্পদ অকল ব্যক্তিগত কল্যাণৰ বাবেই নহয়, জনসাধাৰণৰ কলাণৰ বাবেও লাগতিয়াল। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়ােজন— খাদ্য, বস্ত্ৰ আৰু আশ্ৰয় আৰু অন্যান্য চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে। মানুহৰ প্ৰয়ােজনীয় বহু সম্পদ যদিও প্রকৃতিয়ে যােগান ধৰে ইয়াৰ বেছিভাগৰে ব্যৱহাৰিক দিশটো মানুহে প্রয়ােজন অনুসৰি দি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্রীবােৰৰ কার্যকাৰিতা আৰু উপকাৰিতা সম্পর্কীয় গুণবােৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হােৱাৰ লগে লগেনতুননতুন সম্পদৰৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অর্থাৎ প্রাকৃতিক ভাৱে পােৱা সম্পদৰ উপৰি বহুবােৰ সম্পদ যেনে-প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল কার্যালয়, যানবাহন আদি মানুহে নিজে প্রস্তুত কৰে। সেয়েহে আমি ক’ব পাৰ যে সম্পদৰ সৃষ্টি হৈছে প্রকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্রযুক্তিৰ আন্তক্রিয়া। ফলতহে। সেয়েহে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্রােতভাৱে জড়িত।
১৭। সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্ক বিষয়ে চমুকৈ লিখ।
উত্তৰঃ মানুহ সম্পদৰ মাজত এটা গভীৰ সম্পর্ক আছে। সম্পদৰ লগত মানুহ ওতঃপ্রােতভাৱে জড়িত। সম্পদৰ অবিহনে মানুহৰ বিকাশ অসম্ভব। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, সম্পদৰ উৎপাদক হিচাপে আৰুসম্পদৰ উপভােক্তা। হিচাপে। প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়ােজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰােপযােগী কৰি তােলা হয়। যেনে-বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপােৰ আদি। প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ অন্তর্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে। উপযােগী কৰিবলৈ মানুহক কার্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়ােজন হয়। এনেবােৰ গুণ থকা বাবে মানুহকো সম্পদৰ যদিও মানৱ কল্যাণৰ বাবে সম্পদ অতি লাগতিয়াল তথাপিও সম্পদৰ সঠিক ব্যৱহাৰ অবিহনে মানুহে সম্পদৰ সুফল লাভ কৰিব নােৱাৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়ােজন খাদ্য, আশ্ৰয় আৰু বস্ত্রকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে।
১৮। মানবসৃষ্টসম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰসম্পর্কে চমুকৈ লিখা।
উত্তৰঃ মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত হােৱা সম্পদবােৰক মানবসৃষ্ট সম্পদ বােলা হয়। মানৱ সৃষ্ট সম্পদ উৎপাদন কৰিবলৈ হ’লে মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়ােজন হয়। প্রকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই মানুহে প্রয়ােজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি ব্যৱহাৰােযােগী কৰি তােলে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপােৰ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপােৰ, ৰাসায়নিক সাৰ, চাবােন, প্লাষ্টিক, মম, গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ আদি। বর্তমান সময়ত মানৱ সৃষ্টি সম্পদৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে কৰা দেখা যায়। দেশ এখনৰ য’ত প্রাকৃতিক সম্পদ কম পৰিমাণে পােৱা যায়, সেই দেশৰ মানুহে মানৱ সৃষ্ট সম্পদৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত জাপান এখন দুখীয়া দেশ কিন্তু সেই দেশত প্রাকৃতিক সম্পদ ব্যৱহাৰ অত্যাধিক। নিজৰ দেশত প্রাকৃতিক সম্পদৰ অভাৱে হােৱা সত্বেও আন দেশৰ পৰা কেঁচা সামগ্রী যােগান ধৰি দেশখনক অগ্রণী আৰু সমৃদ্ধ দেশ হিচাপে পৰিগণিত কৰিছে।
১৯। নৱীকৰণযােগ্য আৰু অনৱীকৰণমােগ্য সম্পদৰ মাজৰ পার্থক্য কি কি ? উদাহৰণসহ চমুকৈ আলােচনা কৰা।
উত্তৰঃ নৰীকৰণযােগ্য সম্পদঃ পৃথিৱীৰ যিবােৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত নৱীকৰণ প্ৰক্ৰিয়াৰে পুনঃ ব্যৱহাৰৰ উপযােগী কৰি তুলিব পাৰি তেনেবােৰ সম্পদক নৱীকৰণযােগ্য সম্পদ বােলা হয়। উদাহৰণ, পনী, গছ-গছনি, মাটি ইত্যাদি।
অনৱীকৰণযোগ্য সম্পদঃ স্থায়ীত্ব অনুসৰি সম্পদবােৰক আমি দুটা ভাগত ভাগ কৰিব পাৰে। তাৰে এটা ভাগৰ নাম হ’ল অনৱীকৰণযােগ্য সম্পদ। যিবােৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ ব্যৱহাৰ কৰিব নােৱাৰি অথাৎ এবাৰ ব্যৱহাৰৰ। পিছত সেইবিধ সম্পদ একে বাৰে নিঃশেষ হৈ যায় তেনেধৰণৰ সম্পদ সমূহক অনৰীকৰণযােগ্য সম্পদ বােলা হয়। কয়লা, খনিজ তেল আদি সম্পদবােৰ অনৱীকৰণ যােগ্য সম্পদৰ উদাহৰণ হিচাবে উল্লেখ কৰিব পাৰাে। জুই জ্বলোৱা কামত অথবা ইন্ধন হিচাবে এই দুয়ােবিধ সম্পদ ব্যৱহাৰ কৰাে, জুই জুলােৱাৰ পিছত কয়লা বা খনিজ তেল নিঃশেষ হৈ যায়।
২০। সম্পদ সংৰক্ষণবুলিলে কি বুজা ? ইয়াৰ প্ৰয়ােজনীয়তা কি ?
উত্তৰঃ সাধাৰণতে কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱাকৈ সম্পদৰ সম্ভাৱা পূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বােলা হয়। অতীতত, এই পৃথিৱীতসম্পদৰ পৰিমাণ তেনেই সীমিত আছিল আৰু তাৰ বিপৰীতে প্ৰতিৰােধক বা নিষ্ক্রিয় সামগ্রীৰ পৰিমাণ বেছি আছিল। সেই সময়ত পৃথিৱীত মানুহৰ সংখ্যাও আছিল সীমিত আৰু মানুহৰ প্ৰয়ােজনীয় বস্তুৰ পৰিমাণও সীমিত আছিল। বর্তমান জনসংখ্যা বঢ়াৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ লাহে লাহে শেষ হৈ আহিব লাগিছে। যি হাৰত মূল্যবান সম্পদবােৰ নিঃশেষ হ’ব লাগিছে বা ব্যৱহাৰ হ’ব লাগিছেএইবােৰ দেখি অনুমান হয় যে অদূৰ ভৱিষ্যতে মানুহৰ বাবে কোনাে ধৰণৰ সম্পদনাথাকিব আৰু যিবিলাক থাকিব সেইবােৰ ব্যৱহাৰৰ অনুপযােগী হ’বগৈ। সেয়ে মানৱ জাতি তথা অন্য জীৱ-জন্তুৰ প্রতি লক্ষ্য ৰাখি, বর্তমান আমি পাই থকা বা দেখি থকা সম্পদবােৰ কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱাকৈ ৰখাটো আমাৰ আটাইৰে কৰ্তব্য আৰু ই অতিকে প্রয়ােজনীয় দিশ।
Class 10 Political Science Common Question for 1st Unit Test 2025
২১। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত বিশেষ কিছু আদর্শ প্ৰকাশিত হৈছে, যাৰ মাধ্যমে সংবিধানৰ মূল লক্ষ্যসমূহ প্ৰস্ফুটিত হৈছে। এই আদর্শসমূহ হ’ল:
ন্যায়ঃ সংবিধানৰ প্ৰস্তাৱনাত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। সামাজিক ন্যায়ৰ বাবে জাতি বা জন্মৰ ভিত্তিত বৈষম্য দূৰ কৰা হৈছে, অৰ্থনৈতিক ন্যায়ৰ বাবে বেংক ৰাষ্ট্ৰীয়কৰণ আৰু ভূমিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে, আৰু ৰাজনৈতিক ন্যায়ৰ বাবে ভােটাধিকাৰ প্ৰদান কৰা হৈছে।
স্বাধীনতাঃ সংবিধানৰ প্ৰস্তাৱনাত চিন্তা, প্ৰকাশ, বিশ্বাস, আৰু ধর্মীয় স্বাধীনতাৰ আশ্বাস দিয়া হৈছে। এই স্বাধীনতাৰ বাস্তৱায়নৰ বাবে সংবিধানত প্ৰয়োজনীয় ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে।
সমতাঃ সংবিধানৰ মূল উদ্দেশ্য হ’ল সমতাৰ নীতি প্রয়ােগ কৰা। ই জাতি, ধর্ম বা সম্প্রদায়ৰ ভিত্তিত কোনো বৈষম্য নথকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু অস্পৃশ্যতা বিলোপ কৰা হৈছে।
ভ্রাতৃত্বঃ সংবিধান ভাৰতীয় নাগৰিকসকলক সমান সুযােগ আৰু সমমৰ্যদা প্ৰদান কৰি ভ্ৰাতৃত্বৰ অনুভূতি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। একক নাগৰিকত্বৰ ব্যৱস্থাৰ মাধ্যমে দেশৰ একতা আৰু সংহতি ৰক্ষা কৰা হৈছে।
২২। সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক আৰু গণৰাজ্য বুলিলে কি বুজায় ?
উত্তৰঃ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা প্ৰধান নীতি কেইটা হ’ল:
সার্বভৌমঃ ভাৰত এখন সার্বভৌম ৰাষ্ট্ৰ, অৰ্থাৎ কোনো বিদেশী শক্তিৰ তলত নহয় আৰু দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণত স্বাধীন।
সমাজবাদীঃ ভাৰত সমাজবাদী আদৰ্শৰ ওপৰত নিৰ্ভৰশীল। ১৯৭৬ চনৰ ৪২ তম সংশোধনীৰ মাধ্যমে সমাজবাদী শব্দটো সন্নিবিষ্ট কৰা হৈছে, আৰু সমাজিক সমতা নিশ্চিত কৰাৰ নীতি গ্ৰহণ কৰা হৈছে।
ধর্মনিৰপেক্ষঃ ভাৰত ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ। চৰকাৰে কোনাে ধৰ্মক মান্যতা ন দিয়ে আৰু সকলো ধৰ্মৰ বাবে সমান অধিকার প্ৰদান কৰে।
গণতান্ত্রিকঃ ভাৰত গণতান্ত্রিক ৰাষ্ট্ৰ, য’ত প্রতিনিধিত্বমূলক গণতন্ত্রৰ ব্যৱস্থা আছে। সকলো প্ৰাপ্তবয়স্ক নাগৰিকৰ ভােটাধিকাৰ আছে আৰু নিৰ্বাচন দ্বারা চৰকাৰ গঠন কৰা হয়।
গণৰাজ্যঃ ভাৰত গণৰাজ্যৰ অধীন। গণৰাজ্যত বংশানুক্রমিক ৰাষ্ট্ৰপতি নহয়, আৰু ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়, যাৰ কাৰ্যকাল পাঁচ বছৰ।
২৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাবকেইটা আলােচনা কৰা।
উত্তৰঃ নেহৰুৰ মূল উদ্দেশ্যসমূহ ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে উত্থাপন কৰা হৈছিল আৰু ১৯৪৭ চনৰ ২২ জানুৱাৰীত গ্ৰহণ কৰা হয়। এই উদ্দেশ্যসমূহ হৈছে:
ভাৰতৰ স্বাধীনতাঃ ভাৰত এখন স্বাধীন, সার্বভৌম প্রজাতন্ত্র হিচাপে ঘোষণা কৰা।
ৰাজ্যসমূহৰ সংঘঃ ব্রিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু অন্তর্ভুক্ত দেশীয় ৰাজ্যসমূহক লৈ ৰাজ্যসমূহৰ সংঘ গঠন কৰা।
ন্যায় আৰু স্বাধীনতাঃ নাগৰিকসকলৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা আৰু ধর্মীয় স্বাধীনতা ৰক্ষা কৰা।
সুৰক্ষাঃ অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা।
দেশৰ অখণ্ডতাঃ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা।
আন্তর্জাতিক সু-সম্পর্কঃ বিশ্ব শান্তি আৰু জনগণৰ কল্যাণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযােগিতা।
স্বায়ত্ব শাসনঃ সহযােগী দেশীয় ৰাজ্যসমূহক স্বায়ত্ব শাসনৰ মাধ্যমে অংগ ৰাজ্যৰ মর্যাদা প্ৰদান কৰা।
জনসাধাৰণৰ ক্ষমতাঃ সকল ক্ষমতাৰ উৎস জনসাধাৰণেই হ’ব আৰু চৰকাৰ আৰু সংস্থাসমূহই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।
২৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উত্তৰঃ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহৰ অন্তৰ্গত কিছুমান বিশেষ চিহ্নিত বৈশিষ্ট্য হৈছে:
প্রস্তাৱনাঃ ভাৰতৰ সংবিধানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্হিত এক প্রস্তাৱনা সন্নিবিষ্ট কৰা হৈছে। প্ৰস্তাৱনাই সংবিধানৰ মূল উদ্দেশ্য আৰু লক্ষ্য প্ৰকাশ কৰে।
লিখিত সংবিধানঃ ভাৰতৰ সংবিধান এখন লিখিত সংবিধান, যাৰ মাধ্যমে সকল আইন আৰু নিয়ম সংহত কৰা হৈছে। এই সংবিধান জনসাধাৰণৰ প্ৰতিনিধিৰে গঠিত সংবিধান সভাই ৰচনা কৰিছে।
সংবিধানৰ প্রাধান্যঃ সংবিধান হৈছে দেশৰ সর্বোচ্চ আইন। ই সকলো ধৰণৰ ৰাষ্ট্ৰীয় ক্ষমতাৰ উৎস আৰু নাগৰিকৰ মৌলিক অধিকাৰৰ সুৰক্ষা প্ৰদান কৰে।
ক্ষমতাৰ বিভাজনঃ কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ-বতৰা হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এক গুৰুত্বপূর্ণ বৈশিষ্ট্য। ভাৰতীয় সংবিধান কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত ক্ষমতা ভাগ-বতৰা কৰিবলৈ তিনিখন সূচী ব্যৱহাৰ কৰিছে।
দুই তৰপীয়া চৰকাৰঃ ভাৰতত কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ সৈতে দুই তৰপীয়া চৰকাৰৰ ব্যৱস্থা আছে।
স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থাঃ সংবিধানৰ শীৰ্ষস্থানত উচ্চতম ন্যায়ালয় অৱস্থিত। উচ্চতম ন্যায়ালয় সংবিধানৰ অভিভাৱক আৰু ব্যাখ্যাকাৰী হিচাপে কাম কৰে।
সংবিধান অনমনীয়তাঃ সংবিধানৰ কিছু অংশ সংশোধন কৰিবলৈ পৃথক সংসদৰ দুয়াে সদনে ২/৩ অংশ অনুমোদন আৰু আধা সংখ্যক ৰাজ্যৰ বিধানমণ্ডলৰ সম্মতিৰ প্রয়োজন।
দ্বি-সদনীয় বিধানমণ্ডলঃ ভাৰতৰ সংসদ দুটা সদনত বিভক্ত – উচ্চ সদন (ৰাজ্যসভা) আৰু নিম্ন সদন (লাকসভা)।
২৫। ভাৰতবৰ্ষৰ সংসদী পদ্ধতি চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ ভাৰতৰ সংসদীয় পদ্ধতি চৰকাৰৰ মূল বৈশিষ্ট্যসমূহ অন্তৰ্গত হৈছে:
দুই ৰকমৰ কাৰ্যপালিকাৰ অৱস্থিতিঃ সংসদীয় গণতন্ত্ৰত, ভাৰতৰ ৰাষ্ট্ৰপতি নামমাত্র কাৰ্যপালিকা আৰু প্রধানমন্ত্রী প্রকৃত কাৰ্যপালিকা হিচাপে পৰিগণিত।
দায়িত্বশীল চৰকাৰঃ কেন্দ্রীয় মন্ত্রী পৰিষদৰ সদস্যসকলে সংসদৰ প্রতি দায়বদ্ধ। যদি লােকসভাৰ আস্থা হেৰুৱায়, তেন্তে মন্ত্রী পৰিষদৰ পতন ঘটে।
প্রধানমন্ত্ৰীৰ নেতৃত্বঃ প্রধানমন্ত্রী হৈছে মন্ত্রী পৰিষদৰ নেতা আৰু চৰকাৰৰ কার্যনির্বাহকৰ প্ৰকৃত মুৰব্বী।
গােপনীয়তাঃ চৰকাৰী সিদ্ধান্তসমূহ গােপনীয়তা ৰক্ষা কৰি গ্ৰহণ কৰা হয়।
মন্ত্রী পৰিষদৰ একতাঃ মন্ত্রী পৰিষদৰ মাজত একতা আৰু দৃঢ়তা প্ৰয়োজন। কোনো এজন মন্ত্ৰীৰ পতনে মন্ত্রী পৰিষদৰ পতন সূচায়।
বিৰোধী দলৰ অৱস্থিতিঃ সুসংগঠিত বিৰোধী দল সংসদীয় শাসনৰ অংশ আৰু প্ৰয়োজনীয়।
মন্ত্রী পৰিষদৰ দ্বৈত দায়িত্ব পালনঃ মন্ত্রীসকলে নিজ নিজ দপ্তৰ আৰু আইন সভাৰ সদস্যৰূপে দ্বৈত দায়িত্ব পালন কৰে।
Class 10 Economics Common Question for 1st Unit Test 2025
২৬। মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ?
উত্তৰঃ মুদ্রাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয় কাৰণ সা-সামগ্রী যেনে— মাছ, কণী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নােৱাৰি। মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি। সামগ্ৰীৰ দৰে মুদ্রা নষ্ট হৈ নাযায়। ইয়াক বেংকত জমা ৰাখিব পাৰি আৰু প্রয়ােজন সাপেক্ষে উলিয়াই সা- সামগ্রী ক্রয় কৰিব পাৰি। সেয়ে মুদ্রা হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।
২৭। সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?
উত্তৰঃ এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ অভাৱৰ সৈতে সংগতি নথকাটোকেই ‘অভাৱৰ পাৰস্পৰিক সংগতিহীনতা’ বুলি কোৱা হয়। অর্থাৎ বিনিময় প্রথা কার্যকৰী হােৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰ পৰিপূৰক হ’ব লাগে। উদাহৰণ স্বৰূপে এজন ব্যক্তিয়ে যদি কাপােৰৰ সলনি চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ সলনি যদি কাপােৰ বিচাৰে তেতিয়া অভাৱৰ পৰস্পৰ সংগতি থকা বুলি কোৱা হয়। কিন্তু কাপােৰৰ গৰাকীয়ে যদি কাপােৰৰ পৰিৱর্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰে, তেতিয়া তাৰ অভাৱৰ পাৰম্পৰিক সংগতিহীনতা’ বুলি কোৱা হয় তেনে অৱস্থাত ব্যক্তিদুজনৰ মাজত বিনিময় হ’ব নােৱাৰে। বিনিময় প্রথাত এই পাৰস্পৰিক সংগতিবিহীন অভাৱে সমস্যাৰ সৃষ্টি কৰে।
২৮। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা।
উত্তৰঃ মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা, প্রধান অসুবিধা তলত ব্যাখ্যা কৰা হ’ল-
(১) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবােৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্রাস হ’লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্রী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতিপাত কমি গ’লে অর্থাৎ মুদ্ৰাৰ মূল্য বৃদ্ধি হলে উৎপাদনকাৰীয়ে লােকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্রাস হলে নিবনুৱাৰ সৃষ্টি হয়।
(২) মুদ্রা অর্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্রা সর্বস্ব অর্থনীতিত মুদ্রা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্যৰ সৃষ্টি কৰে।
(৩) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই কেতিয়াবা সামাজিক মূল্যবােধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। মুদ্ৰাৰ লােভত মানুহে সমাজত দুর্নীতি, অনিয়ম, অবিচাৰ আদি সংঘটিত কৰা দেখা যায়।
(৪) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্রা এক অর্থনৈতিক অপৰাধ (আয়কৰ ফাকি)ৰ সৈতে জড়িত।
২৯। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।
উত্তৰঃ বিনিময় প্রথাৰ চাৰিটা অসুবিধা হৈছে–
(১) বিভাজনীয়তাৰ অসুবিধাঃ বিনিময়ত ভাগ লােৱা এনে কিছুমান সামগ্রী আছে যে তাক ভাগ কৰিব নােৱাৰি। উদাৰহণস্বৰূপে- এক কিলােগ্রাম চাউলৰ প্রয়ােজন হােৱা এজন মানুহে তেওঁৰ হাতত থকা হাতীটো দিব নােৱাৰে বা হাতীটো খণ্ড খণ্ড কৰি কাটি চাউলৰ প্রয়ােজনত দিব নােৱাৰে। এইদৰে বিনিময় প্রথাত বিভাজনীয়তাত অসুবিধাৰ সৃষ্টি হয়।
(২) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱঃ বিনিময় প্রথাত দ্রব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। বিনিময়ৰ ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য নির্ধাৰণৰ উমৈহতীয়া একক নাথাকে। অর্থাৎ পণ্য বিনিময় প্রথাত এটা বস্তুৰ কিমান পৰিমাণৰ বিপৰীতে আনটো বস্তুৰ কিমান পৰিমাণ সংগ্রহ কৰা হ’ব তাৰ কোনাে নির্দিষ্ট মাপকাঠী নাথাকে।
(৩) মূল্যৰ ভাণ্ডাৰৰ অভাৱঃ বিনিময় প্রথাত সামগ্রীবােৰ বেছিদিনলৈ সঞ্চয় কৰি ৰাখিব নােৱাৰি। যেনে- মাছ, কণী বেছিদিন থ’লে বেয়া হৈ যাব। বিনিময় প্রথাত সঞ্চয়ৰ ভাণ্ডাৰ নাই।
(৪) পাৰম্পৰিক সংগতিহীনতাৰ অভাৱঃ এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ অভাৱৰ সৈতে সংগতি নথকাটোৱেই অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলি কোৱা হয়। বিনিময় প্রথাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰ পৰিপূৰক হ’ব লাগে। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে কাপােৰৰ সলনি চাউল বিচাৰে আন এজন ব্যক্তিয়ে চাউলৰ সলনি কাপােৰ বিচাৰিলে অভাৱৰ পৰম্পৰ সংগ থকা বুলি কোৱা হয়। কিন্তু কাপােৰৰ গৰাকীয়ে যদি কাপােৰৰ পৰিৱর্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰে, তেতিয়া তাক অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলি কোৱা হয়।
৩০। মুদ্রাই সম্পাদন কৰা চাৰিটা কার্য ব্যাখ্যা কৰা।
উত্তৰঃ মুদ্রাই সম্পাদন কৰা চাৰিটা কার্য তলত ব্যাখ্যা কৰা হল-
(১) বিনিময়ৰ মাধ্যমঃ সকলাে সামগ্ৰী আৰু সেৱাকাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। সেই কাৰণে মুদ্রা বিনিময়ৰ মাধ্যম বুলিও কোৱা হয়। মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থকা বাবে যিকোনাে সামগ্রী বা সেৱাকাৰ্যৰ বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সম্পন্ন কৰাটো সহজ সাধ্য হৈ উঠিছে।
(২) মূল্যৰ মাপকাঠীঃ মুদ্রাই মূল্যৰ মাপকাঠী হিচাপে কাম কৰে। সকল বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰীমূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। সেইবাবে মুদ্রাই মূল্যৰ মাপকাঠী।
(৩) মূল্যৰ ভাণ্ডাৰঃ মানুহে উপার্জনৰ এটা অংশ সাঁচি ৰাখিব বিচাৰে। কাৰণ মুদ্ৰাৰ স্থায়ীত্ব গুণ অধিক আৰু মুদ্রাক সঞ্চয় কৰি ৰখাটোও সহজ। ইয়াৰােপৰি মুদ্রা সহজে নষ্ট নহয়।
(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ডঃ মুদ্রাই স্থগিত দেনা-পাওনাৰ মাধ্যমৰূপে কাম কৰে। আধুনিক অর্থ-ব্যৱস্থাই কেৱল চলিত লেন-দেনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নােৱাৰে। মুদ্রাই ঋণ গ্রহণ, ঋণ প্রদান আৰু ঋণ পৰিশােধ আদি সকলাে লেন-দেনৰ মাধ্যম হিচাপে কাম কৰে।
৩১। মুদ্ৰাৰ যিকোনাে চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা
উত্তৰঃ মুদ্ৰাৰ চাৰিটা প্রধান বৈশিষ্ট্য হল—
(ক) মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে— মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিব নহলে ই বিনিময়ৰ মাধ্যম হ’ব নােৱাৰে।
(খ) মুদ্ৰাৰ গ্রহণযােগ্যতা সহজ হ’ব লাগিব। আন সকলাে সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাত জটিলতাই দেখা দিব।
(গ) মুদ্রা সহজতে নষ্ট হৈ যােৱা সামগ্রী হ’ব নােৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনােটোৱেই মুদ্রা হ’ব নােৱাৰে। কাৰণ এইবােৰ সামগ্রী বেছি দিনলৈ নিটিকে। মুদ্রা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্রা বেছি দিনলৈ টিকিব লাগিব।
(ঘ) মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। যিকোনাে মুদ্রা সমসমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ’লেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলি কোৱা হয়।
৩২। চেক এখন মুদ্রা নে ? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দশোৱা।
উত্তৰঃ চেক এখন মুদ্রা নহয়। ই মুদ্রা পৰিশােধৰ এটা আদেশহে কিয়নাে চেক এখনৰ সাধাৰণ গ্রহণযােগ্যতা নাথাকে। কোনাে ব্যক্তিযে চেক গ্রহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনাে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নােৱাৰে। গ্ৰহণ কৰা নকৰাটো নিজৰ ওপৰতহে নিৰ্ভৰ কৰে। সেয়ে চেক মুদ্রা নহয়। ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলি কোৱা হয়।
৩৩। কেন্দ্রীয় বেংকৰ চৰিটা কার্য ব্যাখ্যা কৰা।
উত্তৰঃ কেন্দ্রীয় বেংকৰ চাৰিটা কার্য তলত ব্যাখ্যা কৰা হল-
(১) কাগজী মুদ্রা প্রচলনঃ কেন্দ্রীয় বেংকে কাগজী মুদ্ৰাৰ প্রচলন কৰিব পাৰে। ই কেন্দ্রীয় বেংকৰ একচেতীয়া অধিকাৰ। ভাৰতৰ ৰিজাৰ্ভ বেংকে এই নীতিত মুদ্রা ছপা কৰে।
(২) বেংকসমূহৰ বেংকঃ কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰিব লাগে। গােটেইবােৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্রীয় বেংকে পৰীক্ষা কৰে। কেন্দ্রীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু। আর্থিক সংকটৰ সময়ত কেন্দ্রীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল।
(৩) চৰকাৰৰ বেংকঃ কেন্দ্রীয় বেংকে চৰকাৰৰ বিত্তৰ যােগান ধৰােতা। বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হলে বাজেট ঘাটিয়ে দেখা দিয়ে। বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্রীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য ল’ব পাৰে। কেন্দ্রীয় বেংকে নতুন মুদ্রা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়।
(৪) ঋণ নিয়ন্ত্রণঃ কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে। এই মুদ্রা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্রীয় বেংকে ঋণ নিয়ন্ত্রণ ব্যবস্থাৱলী গ্রহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্রদান ক্ষমতা নিয়ন্ত্রণ কৰিব পাৰে।
৩৪। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা।
উত্তৰঃ বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য তলত উল্লেখ কৰা হ’ল-
(১) সঞ্চয় সংগ্রহঃ বাণিজ্যিক বেংকে সঞ্চয় গ্রহণ বা সংগ্রহ কৰে। এই সঞ্চয় তিনি প্ৰকাৰৰ— (ক) চলিত আমানত (খ) স্থিৰ আমানত (গ) সঞ্চয় আমানত। চলিত আমানতৰ ক্ষেত্ৰত সঞ্চয়কাৰীয়ে যিকোনাে সময়ত চেকৰ জৰিয়তে নিজৰ সঞ্চয় উলিয়াই আনিব পাৰে। এনে আমানতত বেংকে কোনাে সুদ প্রদান নকৰে। কিন্তু স্থিৰ আমানত আৰু সঞ্চয় আমানত ক্ষেত্ৰত বেংকে সঞ্চয়কাৰীক বিভিন্ন হাৰত সুদ প্রদান কৰে।
(২) ঋণৰ যােগানঃ বাণিজ্যিক বেংকসমূহে ঋণৰ যাে ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলাচালক, ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্রেণীৰ লােকে বাণিজ্যিক বেংকৰপৰা ঋণ লাভ কৰে। বাণিজ্যিক বেংকসমূহে ঋণ গ্রহণকাৰীৰ পৰা এক নির্দিষ্ট হাৰত সুদ আদায় কৰে। এনেদৰে বাণিজ্যিক বেংকসমূহ আর্থিকভাৱে লাভৱান হ’ব পাৰে।
Also Read:
বংগ বিভাজন আৰু স্বদেশী আন্দোলন
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম
অর্থনৈতিক ভূগােলঃ বিষয়বস্তু আৰু সম্পদ
No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.