12 Jul 2023

Class 10 Social Science History Chapter 2 Question Answer

Class 10 Social Science History Chapter 2 Question Answer 

Class 10 Social Science History Chapter 2 Question Answer


Class 10 Social Science History Chapter 2 Question Answer: মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম chapter 2 History ইতিহাস. Here you can avail Class 10 Social Science History Chapter 2 Question Answer Assamese Medium.





Class 10 Social Science Chapter 2 Question Answer in Assamese Medium History | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম


১।  কোন চনৰ কোন তাৰিখে ভাৰত স্বাধীন হৈছিল ? 


(ক) ১৯৪৭ চনৰ ১৪ আগষ্টত

(খ) ১৯৪৭ চনৰ ১৫ আগষ্টত

(গ) ১৯৪৭ চনৰ ২৬ আগষ্টত

(ঘ) ১৯৪৭ চনৰ ১৬ আগষ্টত


উত্তৰঃ (খ) ১৯৪৭ চনৰ ১৫ আগষ্টত



২। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ?


(ক) ১৮৬০ চনৰ ২ অক্টোবৰত

(খ) ১৮৬৯ চনৰ ২ অক্টোবৰত

(গ) ১৮৭০ চনৰ ২ অক্টোবৰত

(ঘ) ১৮৭১ চনৰ ২ অক্টোবৰত


উত্তৰঃ (খ) ১৮৬৯ চনৰ ২ অক্টোবৰত



৩।  মহাত্মা গান্ধীৰ জন্মস্থান-


(ক) লাহোৰত

(খ) গোজৰাটৰ পোৰবন্দৰ

(গ) বিহাৰত

(ঘ) কলিকতাত ।


উত্তৰঃ (খ) গোজৰাটৰ পোৰবন্দৰ



৪।  মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হয় ?


(ক) ১৯৪৮ চনৰ ৩০ জানুৱাৰীত

(খ) ১৯৪৮ চনৰ ৩০ আগষ্টত

(গ) ১৯৪৮ চনৰ ২৫ আগষ্টত

(ঘ) ১৯৪৮ চনৰ ৩১ আগষ্টত


উত্তৰঃ (ক) ১৯৪৮ চনৰ ৩০ জানুৱাৰীত



৫। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী কোন হয় ?


(ক) জৱহৰলাল নেহৰু

(খ) ৰাজা ৰামমোহন ৰায়

(গ) মহাত্মা গান্ধী

(ঘ) ৰাজেন্দ্ৰ প্ৰসাদ 


উত্তৰঃ (ক) জৱহৰলাল নেহৰু



৬। গান্ধীজীয়ে কল্পনা কৰা গ্ৰাম্য স্বৰাজৰ মধ্যমান আছিল—


(ক) চৰকাৰ

(খ) পৌৰসভা

(গ) পঞ্চায়ত

(ঘ) পৌৰনিগম


উত্তৰঃ (গ) পঞ্চায়ত



৭।  ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল ? 


(ক) ১৯৩৫ আগষ্ট মাহত

(খ) ১৯৪৫ জুলাই মাহত

(গ) ১৯৪৬ মাৰ্চ মাহত

(ঘ) ১৯৪৭ আগষ্ট মাহত


উত্তৰঃ (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত



৮। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল ? 


(ক) আইন অমান্য আন্দোলাত

(খ) অসহযোগ আন্দোলনত

(গ) ভাৰত ত্যাগ আন্দোনত

(ঘ) খিলাফৎ আন্দোলনত


উত্তৰঃ (গ) ভাৰত ত্যাগ আন্দোনত



৯। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোণ প্রথমতে প্রয়োগ কৰিছিল ?


(ক) দক্ষিণ আফ্ৰিকাত

(খ) ইংলেণ্ডত

(গ) আফ্ৰিকাত

(ঘ) লণ্ডত


উত্তৰঃ (ক) দক্ষিণ আফ্ৰিকাত




Class 10 Social Science History Chapter 2 Common Question Answer | MCQ Question with Solution 

১০।  ব্ৰিটিছ চৰকাৰে "নাইট হুড" উপাধি কাক প্ৰদান কৰিছিল ?


(ক) গোপাল কৃষ্ণ গোখলে

(খ) বিপিনচন্দ্ৰ পাল

(গ) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়

(ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ


উত্তৰঃ (ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ



১১। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?


(ক) মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত

(খ) বিপিন চন্দ্র পাল আৰু লাল-বাল-পালৰ নেতৃত্বত

(গ) লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলেৰ নেতৃত্বত

(ঘ) চৌকত আলি আৰু গোপাল কৃষ্ণ গোখলেৰ নেতৃত্বত


উত্তৰঃ (ক) মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত



১২।  চৌৰী চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?


(ক) ১৯২০ চনৰ ৫ ফেব্ৰুৱাৰীত

(খ) ১৯২১ চনৰ ৫ ফেব্ৰুৱাৰীত

(গ) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত

(ঘ) ১৯২৩ চনৰ ৫ ফেব্ৰুৱাৰীত


উত্তৰঃ (গ) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত



১৩।  সত্যাগ্রহ বা অহিংসাৰ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?


(ক) ১৯১৫ চনত

(খ) ১৯১৭ চনত

(গ) ১৯১৮ চনত

(ঘ) ১৯১৯ চনত


উত্তৰঃ (ঘ) ১৯১৯ চনত



১৪। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?


(ক) ৩৮০ কিঃমিঃ

(খ) ৩৮২ কিঃমিঃ

(গ) ৩৮৫ কিঃমিঃ

(ঘ) ৩৮৬ কিঃমিঃ


উত্তৰঃ (গ) ৩৮৫ কিঃমিঃ



১৫।  জালিৱানৱালাবাগৰ হত্যাকাণ্ড, কেতিয়া সংঘটিত হৈছিল ?


(ক) ১৯১৯ চনৰ ১৩ এপ্রিলত

(খ) ১৯১৯ চনৰ ১০ এপ্ৰিলত

(গ) ১৯১৯ চনৰ ১৫ এপ্ৰিলত

(ঘ) ১৯১৯ চনৰ ১৬ এপ্ৰিলত


উত্তৰঃ (ক) ১৯১৯ চনৰ ১৩ এপ্ৰিলত



১৬। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল ?


(ক) অসহযোগ আন্দোলনৰ সময়ত 

(খ) ভাৰত ত্যাগ আন্দোলনৰ সময়ত

(গ) সত্যাগ্রহ আন্দোলনৰ সময়ত

(ঘ) খিলাফৎ আন্দোলনৰ সময়ত


উত্তৰঃ (খ) ভাৰত ত্যাগ আন্দোলনৰ সময়ত



১৭। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ? 


(ক) চৌকত আলি

(খ) মহম্মদ আলি

(গ) খান আব্দুল গফুৰ খান

(ঘ) আলি খান


উত্তৰঃ (গ) খান আব্দুল গফুৰ খান



১৮। ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধানমন্ত্ৰীজন আছিল ? 


(ক) ক্লিমেন্ট এট্‌লি

(খ) উইনষ্টন চার্চিল

(গ) ৰামছে মেকডোনাল্ড

(ঘ) থেৰেচা মে’ই


উত্তৰঃ (গ) ৰামছে মেকডোনাল্ড



১৯। দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল –


(ক) ১৯১৩ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯৩১ চনত।

(ঘ) ১৯৩২ চনত।


উত্তৰঃ (গ) ১৯৩১ চনত।




Social Science Class 10 Assamese Medium Question Answer

২০। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ? 


(ক) ফেব্ৰুৱাৰী, ১৯৪৭

(খ) জুন, ১৯৪৭

(গ) জুলাই, ১৯৪৭

(ঘ) মার্চ, ১৯৪৭


উত্তৰঃ (গ) জুলাই, ১৯৪৭



২১।  লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?


(ক) জৱাহৰলাল নেহেৰুৱে

(খ) মহাত্মা গান্ধীয়ে

(গ) গোপাল কৃষ্ণ গোখলে

(ঘ) সীমান্ত গান্ধীয়ে


উত্তৰঃ (খ) মহাত্মাগান্ধীয়ে



২২। মহাত্মা গান্ধীয়ে ব্যৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল—


(ক) ১৮৮৯ চনত।

(খ) ১৮৮১ চনত।

(গ) ১৮৯১ চনত।

(ঘ) ১৭৮১ চনত।


উত্তৰঃ (গ) ১৮৯১ চনত।



২৩।  ‘ভাৰত ত্যাগ’ আন্দোলন কেতিয়া হৈছিল ?


(ক) ১৯৪০ চনত

(খ) ১৯৪২ চনত

(গ) ১৯৪১ চনত

(ঘ) ১৯৪৩ চনত


উত্তৰঃ (খ) ১৯৪২ চনত



২৪। আজাদ ফৌজ কোনে প্ৰতিষ্ঠা কৰিছিল ?


(ক) কেপ্তেইন মোহন সিঙ

(খ) নেতাজী সুভাষ চন্দ্র বসু

(গ) ৰাম বিহাৰী বসু

(ঘ) মহাত্মাগান্ধী


উত্তৰঃ (খ) নেতাজী সুভাষ চন্দ্র বসু



২৫।  “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ – এই বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?


(ক) ৰাম বিহাৰী বসুৰ

(খ) কেপ্তেইন মোহন সিঙৰ

(গ) সুভাষ চন্দ্ৰ বসুৰ

(ঘ) বাল গংগাধৰ তিলক


উত্তৰঃ (গ) সুভাষ চন্দ্ৰ বসুৰ




২৬। জালিয়ান ৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল ?


(ক) মিঃ ক্লিমেন্টৰ নিৰ্দেশত

(খ) লর্ড পেথিক লন্সে

(গ) এ.ভি. আলেকজেণ্ডাৰ

(ঘ) জেনেৰেল ডায়াৰৰ


উত্তৰঃ (ঘ) জেনেৰেল ডায়াৰৰ নিৰ্দেশত




২৭। ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া বৃটিছ চৰকাৰে দিয়া নাইট উপাধি পৰিত্যাগ কৰিছিল ?


(ক) সত্যাগ্রহ আন্দোলনৰ সময়ত

(খ) ভাৰত ত্যাগ আন্দোলনৰ

(গ) অসহযোগ আন্দোলনৰ সময়ত

(ঘ) জালিৱান ৱালাবাগৰ হত্যা কাণ্ডৰ প্ৰতিবাদত


উত্তৰঃ (ঘ) জালিৱানৱালাবাগৰ হত্যা কাণ্ডৰ প্ৰতিবাদত



২৮।  বাংলাদেশে কেতিয়া স্বাধীনতা লাভ কৰে ? 


(ক) ১৯৭০ চনৰ মাৰ্চ মাহত

(খ) ১৯৭১ চনৰ মাৰ্চ মাহত

(গ) ১৯৭২ চনৰ মাৰ্চ মাহত

(ঘ) ১৯৭৩ চনৰ মাৰ্চ মাহত


উত্তৰঃ (খ) ১৯৭১ চনৰ মাৰ্চ মাহত



২৯। ভাৰত আৰু পাকিস্থানৰ সীমাৰেখাক কি নামেৰে জনা যায় ?


(ক) ৰেডক্ৰছ

(খ) ৰেডক্লিক

(গ) ৰেডক্লিফ

(ঘ) ৰেডফ্লিফ


উত্তৰঃ (গ) ৰেডক্লিফ



৩০।  আজাদ হিন্দ ফৌজৰ জন্ম কত হৈছিল ? 


(ক) জার্মানীত

(খ) ছিঙ্গাপুৰত

(গ) জাপানত

(ঘ) ভাৰতবৰ্ষত


উত্তৰঃ (গ) জাপানত



মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দশম শ্ৰেণীৰ সমাজ বিজ্ঞান 

১। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম হ’ল —


    (ক) নাটাল ইণ্ডিয়ান কংগ্ৰেছ                    (খ) ভাৰতীয় জাতীয় কংগ্ৰেছ

    (গ) আজাদ হিন্দ ফৌজ                          (ঘ) স্বৰাজ দল

    উত্তৰঃ নাটাল ইণ্ডিয়ান কংগ্ৰেছ



২। সত্যাগ্রহ আন্দোলন আৰম্ভ হৈছিল — 


    (ক) ১৯২০ চনৰ ৬ এপ্ৰিলত                   (খ) ১৯২০ চনৰ ২৫ এপ্ৰিলত

    (গ) ১৯১৯ চনৰ ৬ এপ্রিলত                    (ঘ) ১৯১৯ চনৰ ১৩ এপ্ৰিলত

    উত্তৰঃ ১৯১৯ চনৰ ৬ এপ্রিলত



৩। গান্ধীৰ দাণ্ডিযাত্ৰা আৰম্ভ হৈছিল — 


    (ক) ১৯৩০ চনৰ ১২ মাৰ্চত                    (খ) ১৯৩০ চনৰ ১৭ মাৰ্চত 

    (গ) ১৯৩১ চনৰ ২ মাৰ্চত                       (ঘ) ১৯৩১ চনৰ ১২ মাৰ্চত

    উত্তৰঃ ১৯৩০ চনৰ ১২ মাৰ্চত।



৪। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?


     (ক) ৩৮০ কিঃমিঃ                               (খ) ৩৮২ কিঃমিঃ

     (গ) ৩৮৫ কিঃমিঃ                                (ঘ) ৩৮৬ কিঃমিঃ

     উত্তৰঃ ৩৮৫ কিঃমিঃ



৫। আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল-  (HSLC 2013)


     (ক) জার্মানীত                                  (খ) জাপানত 

     (গ) ছিঙ্গাপুৰত                                  (ঘ) ভাৰতবৰ্ষত

      উত্তৰঃ জাপানত



৬। আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল -


     (ক) কেপ্তেইন সোহান সিং                 (খ) ৰাসবিহাৰী বসু

     (গ) সুভাষ চন্দ্র বসু                           (ঘ) প্রেম ছেহগাল

     উত্তৰঃ সুভাষ চন্দ্র বসু            




৭। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে 'কৰিম কিম্বা মৰিম' শ্লোগানটো দিছিল ? (HSLC 2018)


    (ক) আইন অমান্য আন্দোলনত          (খ) অসহযোগ আন্দোলনত

    (গ) ভাৰত ত্যাগ আন্দোলনত              (ঘ) খিলাফৎ আন্দোলনত

     উত্তৰঃ ভাৰত ত্যাগ আন্দোলনত



৮। ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্রধানমন্ত্রীজন আছিল- (HSLC 2019)


    (ক) ক্লিমেন্ট এলি                                (খ) উইনস্টন চার্চিল

    (গ) ৰামছে মেকডোনাল্ড                      (ঘ) থেৰেচা মে'ই

    উত্তৰঃ ৰামছে মেকডোনাল্ড




৯। চৌৰীচৌৰা সংঘর্ষ কেতিয়া সংঘটিত হৈছিল ? (HSLC 2020)


     (ক) ৫ ফেব্ৰুৱাৰী, ১৯২২                     (খ) ৩১ জানুৱাৰী, ১৯৩০

     (গ) ৮ আগষ্ট, ১৯৪২                           (ঘ) ৬ এপ্রিল, ১৯১৯

      উত্তৰঃ ৫ ফেব্ৰুৱাৰী, ১৯২২




১০। ব্রিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ? (HSLC 2022)


       (ক) ফেব্ৰুৱাৰী, ১৯৪৭                       (খ) জুন, ১৯৪৭

       (গ) জুলাই, ১৯৪৭                              (ঘ) মার্চ, ১৯৪৭

        উত্তৰঃ জুলাই, ১৯৪৭




১১। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ 'কেবিনেট মিছন' পঠিয়াইছিল ? (HSLC 2022)


        (ক) ১৯৩৫ চনৰ আগষ্ট মাহত            (খ) ১৯৪৫ চনৰ জুলাই মাহত

        (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত                 (ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত

        উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত  




১২। ৰাওলাট আইন প্রণয়ন কৰা হৈছিলঃ (HSLC 2023)


       (ক) ১৯১৬ চনত                                (খ) ১৯১৭ চনত

       (গ) ১৯১৮ চনত                                 (ঘ) ১৯১৯ চনত

        উত্তৰঃ ১৯১৯ চনত




১৩।  পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্রেছৰ ___________অধিবেশনত। (HSLC 2023)


         (ক) কৰাচী                                      (খ) মাদ্রাজ

         (গ) কলিকতা                                   (ঘ) লাহোৰ

         উত্তৰঃ কলিকতা



Class 10 Social Science Common VSA Question for HSLC 2024

১। মহাত্মা গান্ধীৰ জন্ম কেতিয়া আৰু কত হৈছিল ?

উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত হৈছিল ।


২। কোনজন ভাৰতীয় ব্যক্তিয়ে ১৮৯৩ চনত দক্ষিণ আফ্রিকাত বর্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল।


৩। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকাত এখনি বাতৰি কাকত উলিয়াইছিল/প্রকাশ কৰিছিল। কাকত খনৰ নাম কি আছিল ?

উত্তৰঃ কাকত খনৰ নাম হ'ল — ইণ্ডিয়ান অপিনিয়ন।


৪। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকাত বর্ণবাদৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈ এটা ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল। সংগঠনটিৰ নাম কি ?

উত্তৰঃ নাটাল ইন্ডিয়ান কংগ্রেছ।


৫। ৰাওলাট আইন কিমান চনত প্রণয়ন কৰিছিল ?

উত্তৰঃ ৰাওলাট আইন ১৯১৯ চনত প্রণয়ন কৰিছিল । 


৬। 'সত্যাগ্রহ' শব্দটো 'মহাত্মা গান্ধীয়ে পোন প্রথমে কোন দেশত ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ সত্যাগ্রহ' শব্দটো 'মহাত্মা গান্ধীয়ে পোন প্রথমে দক্ষিণ আফ্রিকাত ব্যৱহাৰ কৰিছিল ।


৭। মহাত্মা গান্ধীৰ সত্যাগ্রহ আন্দোলন কেতিয়া আৰু কি কার্মসূচীৰে আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯১৯ চনৰ ৬ এপ্রিলত হৰতাল কার্যসূচীৰে সত্যাগ্রহ আন্দোলন আৰম্ভ হৈছিল।


৮। মহাত্মা গান্ধীৰ 'লোন সত্যাগ্রহ' কেতিয়া আৰম্ভ হৈছিল ? ইয়াক আন কি নামেৰে জনা যায় ?

উত্তৰঃ মহাত্মা গান্ধীৰ 'লোন সত্যাগ্রহ' ১৯৩০ চনৰ ১২ মার্চত আৰম্ভ হৈছিল। ইয়াক 'দাওি যাত্রা' নামেৰেও জনা যায়।


৯। দ্বিতীয় ঘূৰণীয়া মেজমেল কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ দ্বিতীয় ঘূৰণীয়া মেজমেল ১৯৩১ চনত লণ্ডনত অনুষ্ঠিত হৈছিল।


১০। আইন অমান্য আন্দোলন কোন চনত প্রত্যাহাৰ কৰা হৈছিল ?

উত্তৰঃ আইন অমান্য আন্দোলন ১৯৩৪ চনৰ মে' মাহত প্রত্যাহাৰ কৰা হৈছিল ।


১১। 'গান্ধী-আৰউইন চুক্তি' কি আছিল ? (HSLC 2011, 15) 

উত্তৰঃ গান্ধী–আৰউইন চুক্তি আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি।


১২। "গান্ধী-আৰউইন চুক্তি"ৰ মুখ্য উদ্দেশ্য কি আছিল ?  (HSLC 2013)

উত্তৰঃ গান্ধী-আৰউইন চুক্তিৰ মূল উদ্দেশ্য আছিল কংগ্ৰেছ দলক ঘূৰণীয়া মেজমেলত অংশীদাৰ কৰোৱা।


১৩। আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল ? (HSLC '15)

উত্তৰঃ আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল জাপানী সকলৰ সহযোগত ব্ৰিটিছক খেদি ভাৰতবৰ্ষক স্বাধীন কৰা।


১৪।  ১৯৩১ চনৰ দ্বিতীয় ঘূৰনীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা।

উত্তৰঃ ১৯৩১ চনৰ দ্বিতীয় ঘূৰনীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম — মহাত্মা গান্ধী । 




Class 10 Social Science Common Short Question for HSLC 2024

১। অসহযোগ আন্দোলনৰ তিনিটামান ইতিবাচক দিশ উল্লেখ কৰা।

উত্তৰঃ অসহযোগ আন্দোলনৰ তিনিটা ইতিবাচক দিশ তলত উল্লেখ কৰা হ'ল । অসহযোগ আন্দোলনৰ ফলত


১। হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতি হৈছিল।

২। হিন্দু-মুছলমানৰ মাজত একতা বৃদ্ধি পাইছিল।

৩। হিন্দুসকলৰ মাজত অস্পৃশ্য দুৰীকৰণৰ প্রচেষ্টা চলিছিল।



২। ভাৰত ত্যাগ আন্দোলনক কিয় 'আগষ্ট বিপ্লৱ' নামেৰে জনা যায় ?

উত্তৰঃ ১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্রেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। আগষ্ট মাহত প্রস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়।



৩। ১৯৩১ চনত স্বাক্ষৰিত হোৱা গান্ধী-আৰউইন চুক্তিৰ যিকোনো দুটা চর্ত উল্লেখ কৰা। (HSLC 2015, 18)

উত্তৰঃ (ক) মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখিব।

(খ) ব্ৰিটিছ চৰকাৰে ৰাজনৈতিক বন্দী সকলক মুক্তি কৰি দিব।

(গ) চৰকাৰে সাগৰৰ পাৰৰ গাওঁবাসীক প্রয়ােজনীয় নিমখ তৈয়াৰ কৰাৰ অনুমতি দিব।



৪। গান্ধীজীয়ে কেতিয়া সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল ? সবৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান ? (HSLC 2019)

উত্তৰঃ গান্ধীজীয়ে ১৯৩০ চনৰ ১২ মাৰ্চত সবৰমতী আশ্রমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল । সবৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব ৩৮৫ কিঃমিঃ । 



৫। গান্ধী-আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা। (HSLC 2020)

উত্তৰঃ গান্ধী-আৰউইন চুক্তি ১৯৩১ চনৰ ৫ মার্চ তাৰিখে স্বাক্ষৰিত হৈছিল। এই চুক্তি মহাত্মা গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ এটা পৰিণতি হ’ল— আইন অমান্য আন্দোলন প্রত্যাহ্বান কৰা। 



Important MCQ for HSLC 2024

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2024

Long Walk to Freedom VSA for HSLC 2024

A Tiger in the Zoo VSA for HSLC 2024

The Tale of Custard the Dragon VSA for HSLC 204


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees














No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.