14 Jul 2023

HS 1st Year Environmental Education Chapter 2 Question Answer

HS 1st Year Environmental Education Chapter 2 Question Answer

HS 1st Year Environmental Education Chapter 2 Question Answer


HS 1st Year Environmental Education Chapter 2 Question Answer : Ecological Concepts (বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা) is the chapter 2 from Class 11 Environmental Education (পৰিবেশ শিক্ষা). Here you can avail HS 1st Year Environmental Education Chapter 2 Question Answer for both English & Assamese Medium. 




HS 1st Year Environmental Education Chapter 2 Solutions Assamese Medium 


Chapter 2

দ্বিতীয় অধ্যায়


Ecological Concepts

বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা


প্ৰশ্নাৱলীঃ 

1. Define the term ecology.

ইক'লজি বা বাস্তব্য বিদ্যাৰ সংজ্ঞা নিৰ্ণয় কৰা ।

Ans: An aspect of biology that deals with the interrelationship between biotic and abiotic components as well as the relationships among the individuals of the biotic component is called ecology.

উত্তৰঃ ইক'লজি বা বাস্তব্য বিদ্যা হৈছে উদ্ভিদ জীৱ-জন্তু আৰু সিহঁতৰ পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়ে কৰা অধ্যয়ন। বাস্তব্য বিদ্যাৰ সাৰমৰ্ম নিহিত আছে উদ্ভিদ, জীৱ-জন্তু, অণুজীৱ আৰু সিহঁতৰ পৰিৱেশ ইত্যাদিৰ একত্বৰ অধ্যয়ন ।



2. What do you mean by ecosystem ?

পৰিস্থিতিতন্ত্ৰ বুলিলে তুমি কি বুজা ?

Ans: An ecosystem is a community of organisms involved in a dynamic network of biological, chemical and physical interactions between themselves and with the non-living components. Ecosystem is the main active unit of ecology.

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ হৈছে পৰস্পৰৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। পৰিস্থিতি তন্ত্ৰই জৈৱিক উপাদানসমূহ, জড় উপাদান আৰু সিহঁতৰ আন্তঃক্ৰিয়াক সামৰি লয়। পৰিস্থিতিতন্ত্ৰ হৈছে বাস্তব্য বিদ্যাৰ ঘাই সক্ৰিয় গোট ।




3. Classify the ecosystems.

পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ কৰা ।

Ans: Ecosystem is of two major types:

(a) Natural ecosystem.

(b) Artificial or man made ecosystem

(a) Natural ecosystem: It is again divided into

(i) Terrestrial ecosystem (for example-forest ecosystem, grassland ecosystem, desert ecosystem.) and

(ii) Aquatic ecosystem: It can be fresh water ecosystem and marine ecosystem. Fresh water ecosystem may be lotic (free flowing type, e.g. river) or lentic (standing type, e.g. ponds, lakes)

(b) Man made ecosystem: These ecosystems are created by man. For example-crop land ecosystem, fisheries etc.

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ ঘাইকৈ দুই ধৰণৰ-

(ক) প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ 

(খ) কৃত্ৰিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰ

(ক) প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰঃ এই তন্ত্ৰ আকৌ দুভাগত বিভক্ত।

(১) ভূস্থলীয় পৰিস্থিতিতন্ত্ৰঃ উদাহৰণ - বনাঞ্চল পৰিস্থিতিতন্ত্ৰ, তৃণভূমি পৰিস্থিতিতন্ত্ৰ, মৰুভূমি পৰিস্থিততন্ত্ৰ।

(২) জলজ পৰিস্থিতিতন্ত্ৰঃ এই পৰিস্থিতিতন্ত্ৰ নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে। নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ প্ৰবহমান অথবা আবদ্ধ জলৰো হ'ব পাৰে।

(খ) মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰঃ এইবোৰ পৰিস্থিতিতন্ত্ৰ কৃত্ৰিমভাৱে মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে- শস্য ভূমি পৰিস্থিতিতন্ত্ৰ, পুখুৰীৰ মীন পালন ব্যৱস্থা আদি।




বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা | HS 1st Year Environment Chapter 2 Question and Answer English Medium | High Secondary 1st Year Environment Lesson 2 Solution 


4. What are lotic and lentic ecosystems ? Give examples.

প্ৰৱহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ কি ? উদাহৰণ দিয়া।

Ans: Lotic ecosystem: Lotic ecosystem or free ecosystem e.g. rivers, stems.

Lentic ecosystem: Lentic ecosystem or standing ecosystem e.g. ponds, lakes.

উত্তৰঃ প্ৰবাহমান পৰিস্থিতিতন্ত্ৰ- যি পৰিস্থিতিতন্ত্ৰত পানী নিৰবিচ্ছিন্ন ভাৱে বৈ যায় থাকে তাক প্ৰবাহমান পৰিস্থিতিতন্ত্ৰ বোলে। যেনে- নদী।

স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ- যি পৰিস্থিতিতন্ত্ৰত পানী স্থিৰ হৈ থাকে তাক স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ বোলে। যেনে- পুখুৰী, হ্ৰদ।




5. What are producers, consumers and decomposers ?

উৎপাদক, উপভোক্তা আৰু পচনকাৰক কাক কয় ?

Ans: Producers: Those that can make their own food by photosynthesis using carbon dioxide gas , water and sunlight and chlorophyll in the leaves of trees are called producers.

উত্তৰঃ উৎপাদকঃ যিবোৰে নিজেই বায়ুত থকা কাৰ্বন-ডাই-অক্সাইড গেছ, পানী আৰু সূৰ্যৰ পোহৰৰ জৰিয়তে গছৰ পাতত থকা ক্ল'ৰফিল ব্যৱহাৰ কৰি সালোক সংশ্লেষণ পদ্ধতিৰ দ্বাৰা নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে সিহঁতক উৎপাদক বুলি কোৱা হয়।

Consumers: All animals and non-green plants which directly or indirectly depend upon the producers for energy are called consumers. They may be herbivores, carnivores, omnivores, detritivores. 

উপভোক্তাঃ যি শ্ৰেণীৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে। ইহঁতে ইহঁতৰ আহাৰ উৎপাদকসকলৰ পৰা সংগ্ৰহ কৰে। সিহঁতক উপভোক্তা বুলি কোৱা হয়। উপভোক্তা দুই প্ৰকাৰৰ- বৃহৎ উপভোক্তা আৰু ক্ষুদ্ৰ উপভোক্তা।

Decomposers: They derive their nutrition by breaking down the complex organic molecules to simpler organic compounds and ultimately into inorganic nutrients. Various bacteria and fungi are decomposers.

পচনকাৰকঃ যিবোৰ গেলি যোৱা বা ভাঙি পৰা মৃত উদ্ভিদ আৰু পৰিৱেশত থকা জৈৱিক বস্তুসমূহৰ পৰা পুষ্টি সংগ্ৰহ কৰে। ইহঁতক পচনকাৰক বুলি কোৱা হয়।



HS 1st Year Environmental Education Chapter 2 Solutions English Medium 


6. Write briefly on structure and functions of an ecosystem. 

পৰিস্থিতিতন্ত্ৰৰ গাঁথনি আৰু ক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা।

Ans: The structure of an ecosystem: Composition and organization of biotic and abiotic components
constitute the structure of an ecosystem.

Biotic structure: The plants, animals and the micro-organisms present in an ecosystem form the biotic component. Depending upon the different nutritional behaviour, biotic components may be divided into

(a) Autotrophs and (b) Heterotrophs

a) Autotrophs: They are known as producers. They can
produce their food themselves by making use of carbon dioxide present in air and water in presence of sunlight by involving chlorophyll, the green pigment present in leaves of plants, through the process of photosynthesis. There are some micro-organisms which can produce organic matter through oxidation of certain chemicals in absence of sunlight.

b) Heterotrophs: Organisms of this class can not produce their food by themselves. They get their organic food from the producers. So they are called consumers. The consumers are of two types - macro consumers and micro consumers.

Abiotic Structure: The physical and chemical components of an ecosystem constitute the abiotic structure. It includes all kinds of physical factors like sunlight, latitude and longitudes, average temperature, rainfall pattern, wind velocity etc. as well as edaphic (soil) factors.

Under chemical components, major nutrients like carbon,
nitrogen, phosphorous, oxygen, potassium etc, compounds like carbohydrates, proteins, nucleic acid, various other organic matters present in soil and water influence the functioning of the ecosystem.

Function of an ecosystem: Ecosystems perform their functional attributes in a systematic way under natural conditions. They receive energy from the sun and pass it into the different components at different levels. The function of an ecosystem can only be considered as a whole, as every part of the ecosystem has a functional effect on another. The major functional characteristics of an ecosystem may be described in terms of food chain, food webs and trophic levels, energy flow, nutrients cycles etc.

উত্তৰঃ জৈবিক (biotic) আৰু অজৈৱিক (abiotic) উপাদানসমূহৰ সংৰচন আৰু সংগঠনেই পৰিস্থিতিতন্ত্ৰৰ গাঁথনি নিৰ্মাণ কৰে।

জৈৱিক গাঁথনি (Biotic structure ) : পৰিস্থিতিতন্ত্ৰত উদ্ভিদ, জীব- জন্তু আৰু অণুজীৱসমূহক লৈয়েই জৈৱিক উপাদান গঠিত হৈছে। জৈৱিক উপাদানসমূহক নিম্নোক্ত ধৰণে বিভক্ত কৰিব পাৰি : 

(ক) স্বভোজী আৰু (খ) পৰভোজী

(ক) স্বভোজী (Autotrophs): ইহঁত উৎপাদক হিচাপে জনাজাত। ইহঁতে নিজেই বায়ুত থকা কার্বন-ডাই-অক্সাইড গেছ (carbondioxide), পানী আৰু সূৰ্যৰ পোহৰৰ জৰিয়তে গছৰ পাতত থকা ক্ল'ৰ'ফিল (সেউজ কণিকা বা পত্ৰহৰিৎ ) ব্যৱহাৰ কৰি সালোক সংশ্লেষণ পদ্ধতিৰ দ্বাৰা নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে । 

(খ) পৰভোজী (Heterotrophs): এই শ্ৰেণীৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে। ইহঁতে ইহঁতৰ আহাৰ উৎপাদকসকলৰ পৰা সংগ্ৰহ কৰে । গতিকে ইহঁতক কোৱা হয় উপভোক্তা। এই উপভোক্তা আকৌ দুই প্ৰকাৰৰ — বৃহৎ উপভোক্তা (macro consumers) আৰু ক্ষুদ্ৰ উপভোক্তা (micro consumers)।


অজৈৱিক গাঁথনিঃ পৰিস্থিতিতন্ত্ৰৰ ভৌতিক আৰু ৰাসায়নিক উপাদানসমূহক লৈয়েই অজৈৱিক গাঁথনি গঠিত হৈছে। ইয়াত সূৰ্যৰ পোহৰ, দ্ৰাঘিমাংশ, অক্ষাংশ, গড় তাপমাত্ৰা, বৃষ্টিপাতৰ ধৰণ, বতাহৰ গতিবেগ আদিৰ দৰে সকলো ধৰণৰ ভৌতিক কাৰকৰ সামৰি লোৱাৰ লগতে মাটিৰ অৱস্থা সম্পৰ্কীয় কাৰকসমূহকো সামৰি লোৱা হয়।

ৰাসায়নিক উপাদানসমূহৰ ভিতৰত ঘাই ঘাই পুষ্টিসমূহ হৈছে, কাৰ্বন, নাইট্ৰ'জেন, ফছফৰাছ, অক্সিজেন, পটাছিয়াম আদি, যৌগিক পদাৰ্থ, যেনে শ্বেতসাৰ, প্ৰটিন, নিউক্লিক এচিড আদি।


পৰিস্থিতিতন্ত্ৰ ক্ৰিয়া বা কাম-কাজ (Function of an ecosystem ): প্রাকৃতিক অৱস্থানসমূহৰ মাজত এক প্রণালীবদ্ধ উপায়েৰে পৰিস্থিতিতন্ত্রই ইয়াৰ সকলো ক্ৰিয়া কৰ্ম সম্পাদন কৰে। এই ব্যৱস্থাই সূৰ্যৰ পৰা শক্তি সংগ্রহ কৰি বিভিন্ন পৰ্যায়ত বিভিন্ন উপাদানসমূহলৈ প্ৰেৰণ কৰে। পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়াক কেবল সামগ্রিকভাৱেহে বিবেচনা কৰিব পাৰি। কাৰণ পৰিস্থিতিতন্ত্ৰৰ প্ৰতিটো অংশৰ ইটোৰ সিটোৰ সৈতে ক্রিয়াগত প্ৰভাৱ আছে। কোনো পৰিস্থিতিতন্ত্ৰৰ খাই খাই বৈশিষ্ট্যসমূহ খাদ্য শৃংখল, খাদ্যজাল, পৌষ্টিক স্তৰ, শক্তিৰ প্রবাহ, পৌষ্টিক চক্ৰ আদিৰ জৰিয়তে বৰ্ণনা কৰিব পাৰি।




7. What are food chain and food web ? 

খাদ্য শৃংখল আৰু খাদ্য জাল কি ? 

Ans: Food chain: In an ecosystem, the sequential chain of eating and being eaten is called a food chain. 

The common examples of food chain are 

Grasses — cattle — tiger (the chain consists of three links)

Grasses — grasshopper — birds — hawks (the chain consists of four links) 

Phytoplankton — water fleas — small fish — tuna (the chain consists of three links)

Two types of food chain can be found in natural ecosystem. One type starts from green plants (autotrophs) constituting the first trophic level. the herbivores form the second trophic level and predators form the third trophic level. They are referred to as grazing food chain, The other type starts with debris detritus produced by green plants and is termed as detritus food chain. A food chain it always unidirectional.

Food Web: A number of food chains interwoven with one another give rise to a structure similar to the web pf a spider. These interlocking patterns formed by several food chains that are linked together are called food webs. So a food web is a network of food chains where different types of organisms are connected at different trophic levels, so that there are a number of options of eating and being eaten at each trophic level.

The two most important functions of the ecosystem i.e. energy flow and nutrient cycling take place through them.


উত্তৰঃ খাদ্য শৃংখল: যিকোনো পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্রাপ্ত হোৱা অনুক্রমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয় ৷ 

খাদ্য শৃংখলৰ সাধাৰণ উদাহৰণসমূহ এনে ধৰণৰ –

(ক) ঘাঁহ — পশু – বাঘ (এই শৃংখল তিনিটা সংযোগক লৈ গঠিত ) 

(খ) ঘাঁহ – ফৰিং— পক্ষী – শেনচৰাই (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত) 

(গ) উদ্ভিদ প্লাৱক — পানীৰ কীট বা পোক – ক্ষুদ্র মাছ — টুনা মাছ (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত) 

প্রাকৃতিক পৰিস্থিতিতন্ত্ৰত দুই প্ৰকাৰৰ খাদ্য শৃংখল দেখা পোৱা যায় । এক প্ৰকাৰৰ খাদ্য শৃংখল আৰম্ভ হয় সেউজ উদ্ভিদৰ পৰা । এই খাদ্য শৃংখলক লৈ গঠিত হয় প্রথম পৌষ্টিক স্তৰ । তৃণভোজীবিলাকক লৈ গঠিত হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু মাংসভোজী প্রাণীক লৈ গঠিত হয় তৃতীয় পৌষ্টিক স্তৰ । সিহঁতৰ চৰণীয়া খাদ্য শৃংখল বুলি গণ্য কৰা হয় । অন্য প্ৰকাৰ খাদ্য শৃংখলৰ আৰম্ভ হয় এই সেউজ বৃক্ষ তথা জাবৰ – জোথৰৰ গেলিপচি যোৱাৰ ফলত সৃষ্টি হোৱা মাটি , বালি আদিৰ পৰা । ইয়াক কোৱা হয় ক্ষয়জনিত কাৰণত সৃষ্ট খাদ্য শৃংখল । খাদ্য শৃংখল সদায় এক দিশমুখী । 

খাদ্য জাল: কিছু সংখ্যক খাদ্য শৃংখল ইটোৰ সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে । কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্য জাল বুলি কোৱা হয় । গতিকে খাদ্য জাল হৈছে খাদ্য শৃংখলৰ এনে এক কৰ্মজাল য’ত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত । ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে ।

পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ক্রিয়া যেনে শক্তিৰ প্ৰবাহ আৰু পুষ্টি চক্ৰ, সিহঁতৰ জৰিয়তে সংঘটিত হয় ।



Class 11 Environmental Education Notes PDF all chapters


8. What is trophic level ?

পৌষ্টিক স্তৰ কি ?

Ans: Every organism in an ecosystem can be assigned a feeding level, referred to as the trophic level. The living organisms which derive energy from the same source are said to belong to the same trophic level. Thus green plants would be grouped in the first trophic level (producers), herbivores the second trophic level (Primary consumers), carnivores in the third (secondary consumers) and so on.

উত্তৰঃ পৌষ্টিক স্তৰ যিকোনো পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি । ইয়াকেই পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয় । একেই উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱন্ত জীৱসমূহ একেটা পৌষ্টিক স্তৰৰ বুলি গণ্য কৰা হয় । এইদৰে সেউজ উদ্ভিদ প্রথম পৌষ্টিক স্তৰত অন্তৰ্ভুক্ত হ’ব । তৃণভোজী প্রাণীবোৰ দ্বিতীয় পৌষ্টিক স্তৰভূক্ত হ’ব । মাংসভোজী প্রাণীবোৰ অন্তৰ্ভুক্ত হ’ব তৃতীয় পৌষ্টিক স্তৰত এইদৰে বাকীবোৰ অন্যান্য শ্রেণীভুক্ত হ’ব । 




9. What do you mean by ecological pyramids ? Name the different types of ecological pyramids.

পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা ? বিভিন্ন প্ৰকাৰৰ পৰিবেশীয় পিৰামিডৰ নাম উল্লেখ কৰা । 

Ans: An ecological pyramid is a graphical representation of an ecological parameter, like number of biomass or accumulated energy at different trophic levels in a food chain in an ecosystem. Ecological pyramids are of three types-

(i) Pyramid of numbers

(ii) Pyramid of biomass

(iii) Pyramid of energy 

উত্তৰঃ পৰিৱেশীয় পিৰামিড হৈছে পৰিৱেশ তন্ত্ৰৰ খাদ্য শৃংখলত জৈৱবস্তুৰ সংখ্যা বা একাদিক্ৰমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম চিত্ৰাংকিত উপস্থাপন। পৰিৱেশগত পিৰামিড তিনি প্ৰকাৰৰ-

(ক) সাংখ্যিক পিৰামিড 

(খ) জৈৱিক ভৰৰ পিৰামিড

(গ) শক্তিৰ পিৰামিড




10. Mention the main characteristics of food chain and food web.

খাদ্য শৃংখল আৰু খাদ্য জালৰ ঘাই ঘাই বৈশিষ্ট্যবোৰ উল্লেখ কৰা । 

Ans: The main characteristics of food chain and food web are: 

(i) Food chains and food webs paly a very significant role in the ecosystem because the two most important functions of energy flow and nutrients cycling take place through them.

(ii) The food chains also help in maintaining and regulating the population size of different animals and thus, help maintain the ecological bal ance.

(iii) Food chains show a unique property of biological magnification of some chemicals, there are several pesticides, heavy metals and other chemicals which are non biodegradable in nature. Such chemicals are not decomposed by microorganisms and they keep on passing from one trophic level to another. At each successive trophic level, they keep one increasing in concentration. This phenomenon is known as bio magnification or biological magnification.

উত্তৰঃ খাদ্য শৃংখল আৰু খাদ্য জালৰ ঘাই ঘাই বৈশিষ্ট্যসমূহ হ’ল-

খাদ্যশৃংখল আৰু খাদ্যজাল তন্ত্ৰ এটাত মুখ্য ভূমিকা লয় কিয়নো শক্তিৰ প্ৰৱাহ আৰু খনিজ লৱণৰ চক্ৰাকাৰ চলন ইহঁতৰ দ্বাৰাই সংগঠিত হয় । 

খাদ্যশৃংখলে ভিন ভিন জীৱৰ জনসংখ্যাও নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে, ফলত তন্ত্ৰটো এটা সাম্য অৱস্থাত থাকে । 

খাদ্যশৃংখলে দেখুওৱা একক ধৰ্মটো হ’ল কেতবোৰ ৰাসায়নিক পদাৰ্থৰ জৈৱিক পৰিবৰ্ধন । বহুতো কীটনাশক, গধুৰ ধাতু আৰু অন্য বাসায়নিক পদার্থ আছে যিবোৰ জৈৱিক অৱনমিত নহয় । তেনেবোৰ ৰাসায়নিক পদার্থক অণুজীৱয়ে ভাঙিব নোৱাৰে আৰু সেইবোৰ এটা পৌষ্টিক স্তৰৰ পৰা আন এটালৈ প্ৰবাহিত হৈ থাকে ফলত ইহঁতৰ গাঢ়তা বাঢ়ে । এইটোৱেই জৈৱিক পৰিবৰ্ধনকৰণ । 




No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.