14 Jul 2023

HS 2nd Year Education Chapter 2 Question Answer AHSEC

HS 2nd Year Education Chapter 2 Question Answer AHSEC

HS 2nd Year Education Chapter 2 Question Answer AHSEC


HS 2nd Year Education Chapter 2 Question Answer AHSEC: HS 2nd Year Education Chapter 1; Non-formal Education (অগতানুগতিক শিক্ষা). Here you can avail HS 2nd Year Education Chapter 2 Question Answer AHSEC Assamese Medium/English Medium. 




Class 12 Education Question and Answer Assam | Higher Secondary 2nd Year Education Important Answer | Assamese Medium HS 2nd Year Education Notes and Suggestion | HS 2nd Year Education Common Answer | HS 2nd Year Education Solution | Class 12 Education Model | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ শিক্ষা পাঠ্যপুথিৰ প্ৰশ্ন আৰু উত্তৰ 

১। অনানুষ্ঠানিক শিক্ষাৰ প্রধান মাধ্যম কি আছিল ? 
উত্তৰঃ অনানুষ্ঠানিক শিক্ষাৰ প্রধান মাধ্যম হ'ল পৰিয়াল। 

২। অনানুষ্ঠানিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা। 
উত্তৰঃ ইয়াত প্ৰৱেশ কৰিবলৈ কোনাে নির্ধাৰিত সময় আৰু ওলাবলৈ কোনে নির্ধাৰিত সময় বান্ধি দিয়া নাথাকে। 

৩। আনুষ্ঠানিক শিক্ষাৰ প্রধান কাৰণ দুটা কি কি ? 
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ প্রধান কাৰণ দুটা হ'ল অপচয় আৰু স্থবিৰতা। 

৪। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ দ্বাৰা উপকৃত হ'ব নােৱাৰাসকলৰ বাবে ভাৰত চৰকাৰে উদ্ভাৱন কৰা সমান্তৰাল শিক্ষা ব্যৱস্থাৰ নাম কি ? 
উত্তৰঃ অগতানুগতিক শিক্ষা। 

৫। আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ এটা পার্থক্য উল্লেখ কৰা।উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত আনহাতে, অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল। 

৬। “আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সু-পৰিকল্পিত ভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়”-কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ কথাষাৰ জে. পি. নায়কে কৈছিল।

৭। অগতানুগতিক শিক্ষা ব্যৱস্থাত কিমান বছৰ বয়সৰ পৰা ল'ৰা - ছােৱালীক ধৰা হয় ?
উত্তৰঃ ৮ বছৰৰ পৰা ১৪ বছৰ বয়সলৈ। 

৮। অগতানুগতিক শিক্ষা শিক্ষাকেন্দ্রীক নােহােৱাৰ কাৰণ কি আছিল? 
উত্তৰঃ শিক্ষার্থীকেন্দ্রীক হােৱাৰ কাৰণে । 

৯। অগতানুগতিক শিক্ষাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ অগতানুগতিক শিক্ষাত শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী বিভিন্ন ধৰণৰ পাঠ্যক্রম থকা দেখা যায়।

১০। অগতানুগতিক শিক্ষাৰ এটা মাধ্যম লিখা ।
উত্তৰঃ অগতানুগতিক শিক্ষাৰ এটা মাধ্যম হ'ল মুক্ত বিশ্ববিদ্যালয় ।

১১। অগতানুগতিক শিক্ষাৰ এটা গুৰুত্ব উল্লেখ কৰা ।
উত্তৰঃ অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অৰ্থনৈতিক প্রয়োজন পূৰণ কৰিব পাৰে ।



HS 2nd Year Education Chapter 2 Common Short Question Answer for AHSEC 2024

১২। অগতানুগতিক শিক্ষাৰ এটা লক্ষ্য আগবঢ়োৱা ।
উত্তৰঃ স্কুললৈ নোযোৱাকৈ থকা লৰা ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সার্বজনীন ৰূপ আগবঢ়োৱা ।

১৩। দূৰ শিক্ষা আৰু শিক্ষাৰ কোনটো প্ৰকাৰৰ অন্তর্ভুক্ত ? 
উত্তৰঃ অগতানুগতিক শিক্ষাৰ । 

১৪। কোনখন দেশত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি কৰা হৈছিল ? 
উত্তৰঃ ইউৰােপত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি হয়। 

১৫। দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বন্ধ কি পদ্ধতিৰে হয় উল্লেখ কৰা হয়। 
উত্তৰঃ দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বন্ধ পৰােক্ষ পদ্ধতিৰে হয়।

১৬৷ দূৰ শিক্ষা বুলিলে কি বুজা ? 
উত্তৰঃ দূৰ শিক্ষা বুলিলে দূৰৰ পৰা প্ৰদান কৰা শিক্ষাকে বুজায়। 

১৭। দূৰ শিক্ষাৰ ধাৰণা প্রথমতে কোনে ব্যৱহাৰ কৰিছিল ? 
উত্তৰঃ কিগান (Keegan) নামৰ চিন্তাবিদগৰাকীয়ে ।

১৮। নালন্দা মুক্ত বিশ্ববিদ্যালয় কোনখন চহৰত অৱস্থিত ? 
উত্তৰঃ নালন্দা মুক্ত বিশ্ববিদ্যালয় বিহাৰৰ পাটনা অৱস্থিত । 

১৯। নেতাজী সুভাষ মুক্ত বিশ্ববিদ্যালয় ক'ত অৱস্থিত ? 
উত্তৰঃ নেতাজী সুভাষ মুক্ত বিশ্ববিদ্যালয় পশ্চিমবংগৰ কলকতাত অৱস্থিত । 

২০। দূৰ শিক্ষাক কাৰ্যকাৰী কৰিবলৈ হলে কিহৰ ওপৰত গুৰুত্ব গিব লাগে ?
উত্তৰঃ দূৰ শিক্ষাক কাৰ্যকাৰী কৰিবলৈ হলে আত্মঅধ্যায়নৰ ওপৰত গুৰুত্ব দিব লাগে ।

২১। পত্রযোগে শিক্ষাৰ ধাৰণাটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ পত্রযোগে শিক্ষাৰ ধাৰণাটো প্ৰথমে আইজাক পিটমেনে ব্যৱহাৰ কৰিছিল।


অগতানুগতিক শিক্ষা | (Non-formal Education) | Chapter 2 | Class XII Education | All Lesson Short Question and Answer Assamese Medium Education 

২২। আইজাক পিটমেনে কিমান চনত পত্রযোগে শিক্ষাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ আইজাক পিটমেনে ১৮৪০ চনত চৰ্তহেণ্ড কোৰ্চৰ শিক্ষাৰ বাবে পত্রযোগে শিক্ষাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল।

২৩। শিক্ষাৰ ক্ষেত্ৰত পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথমে কিমান চনত আৰম্ভ হৈছিল ?
উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথমে ১৮৫৬ চনত আৰম্ভ হৈছিল ।

২৪। পত্রযোগে শিক্ষাৰ ধাৰণাটো প্ৰথমে কত আৰম্ভ হৈছিল ?
উত্তৰঃ পত্রযোগে শিক্ষাৰ ধাৰণাটো প্ৰথমে জার্মানীত আৰম্ভ হৈছিল ।

২৫। ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা কোন চনত আৰম্ভ হয় ?
উত্তৰঃ ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা ১৯৬২ চনত আৰম্ভ হয় ।

২৬। শিক্ষাৰ ভাগ কেইটাৰ নাম লিখা। 
উত্তৰঃ শিক্ষাৰ ভাগ কেইটাৰ নাম হ'ল আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা।

২৭। ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম হল – আম্বেদকাৰ অন্ধপ্রদেশ মুক্ত বিশ্ববিদ্যালয় ।

২৮। নাগালেণ্ডৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল ?
উত্তৰঃ গ্লোবেল অপেন ইউনিভার্সিটি। 

২৯। ৰাজস্থানৰ মুক্ত বিশ্ববিদ্যালয়খন কোন চহৰত অৱস্থিত হয় ?
উত্তৰঃ ৰাজস্থানৰ মুক্ত বিশ্ববিদ্যালয়খন কোটা চহৰত অৱস্থিত ।

৩০। অসমত অৱস্থিত মুক্ত বিশ্ববিদ্যালয় খনৰ নাম কি ?
উত্তৰঃ 'কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়'।

৩১। অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা। 
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।

৩২। মুক্ত বিদ্যালয়ৰ শিক্ষার্থী কোন হ'ব পাৰে ? 
উত্তৰঃ আগ্রহী অথচ শিক্ষা আধৰুৱা কৰি কৰ্মত ব্যস্ত হােৱা প্ৰতিগৰাকী ব্যক্তিয়ে মুক্ত বিদ্যালয়ৰ শিক্ষার্থী হ'ব পাৰে।

৩৩। বিশ্বৰ ভিতৰত আটাইতকৈ বৃহৎ মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি আছিল ? 
উত্তৰঃ চীন দেশৰ টেলিভিছন মুক্ত বিশ্ববিদ্যালয়। 

৩৪। বিশ্বৰ ভিতৰত দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা ? 
উত্তৰঃ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, নতুন দিল্লী। 

৩৫। অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্রিক হয়নে ? 
উত্তৰঃ অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্রিক নহয় কাৰণ অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্রিক বা বিদ্যালয়ৰ চাৰিসীমাত আৱদ্ধ নহয়।  

৩৬। SLM- ৰ সম্পূর্ণ অর্থ কি ? 
উত্তৰঃ SLM ৰ সম্পূর্ণ অর্থ হ'ল Self Learning Material অর্থাৎ আত্ম শিক্ষণ সঁজুলি । 

৩৭। IGNOU ৰ সম্পূর্ণ অর্থটো কি ? 
উত্তৰঃ IGNOU ৰ সম্পূর্ণ অর্থ হ’ল Indira Gandhi National Open University অৰ্থাৎ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ।




PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 









No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.