10 Jun 2023

Class 10 MIL Assamese Chapter 6 Important Questions Answers

Class 10 MIL Assamese Chapter 6 Important Questions Answers

Class 10 MIL Assamese Chapter 6 Important Questions Answers


Class 10 MIL Assamese Chapter 6 Important Questions Answers : উদ্যোগী হওঁ আহা is the chapter 6 from class 10 HSLC Assamese (MIL) SEBA text-book অসমীয়া সাহিত্য চয়নিকা. Here in this post you can avail Class 10 MIL Assamese Chapter 6 Important Questions Answers PDF. 





উদ্যোগী হওঁ আহা Class 10 MIL Question Answer SEBA 

In this post you can avail Class 10 Assamese Chapter 6, Class 10 Assamese Chapter 6 Question Answer, Class 10 Assamese Chapter 6 Question Answer Assamese, Class 10 Assamese Chapter 6 Question Answer in Assamese, Class 10 Assamese Medium, Class 10 Assamese Question Answer, Class 10 Assamese Chapter 6 all Question Answer, Class 10 Assamese Chapter 6 Question Answer Seba, Class 10 Assamese Lesson 6 Question Answer. 



  


উদ্যোগী হওঁ আহাঁ class 10 important Question Answer


১। 'উদ্যোগী হওঁ আহাঁ' শীৰ্ষক পাঠটিৰ লেখক কোন ?

উত্তৰঃ 'উদ্যোগী হওঁ আহাঁ' শীৰ্ষক পাঠটিৰ লেখকৰ নাম দেৱজিৎ ভূঞা । 


২। দেৱজিৎ ভূঞাৰ কেতিয়া জন্ম হৈছিল ? 

উত্তৰঃ দেৱজিৎ ভূঞাৰ জন্ম ১৯৬১ চনৰ ২৪ এপ্ৰিলত হৈছিল । 


৩। দেৱজিৎ ভূঞাৰ ক'ত জন্ম হৈছিল ?

উত্তৰঃ দেৱজিৎ ভূঞাৰ জন্ম তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰৰ কেতেকী বাৰীত হৈছিল।


8। দেৱজিৎ ভূঞাৰ পিতৃৰ নাম কি ? 

উত্তৰঃ দেৱজিৎ ভূঞাৰ পিতৃৰ নাম প্রয়াত সুৰেন্দ্ৰ নাথ ভূঞা । 


৫। দেৱজিৎ ভূঞাৰ মাতৃৰ নাম কি ? 

উত্তৰঃ দেৱজিৎ ভূঞাৰ মাতৃৰ নাম মনোৰমা ভূঞা।


৬। দেৱজিৎ ভূঞাই কৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ? 

উত্তৰঃ দেৱজিৎ ভূঞাই ৰহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । 


৭। দেৱজিৎ ভূঞাই ক'ৰপৰা বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত উত্তীর্ণ হয় ?

উত্তৰঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা দেৱজিৎ ভূঞাই বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত উত্তীর্ণ হয় । 


৮। দেৱজিৎ ভূঞাই কেতিয়া বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত উত্তীর্ণ হয় ?

উত্তৰঃ দেৱজিৎ ভূঞাই ১৯৮৪ চনত বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত উত্তীর্ণ হয় । 


৯। দেৱজিৎ ভূঞাই অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কি কামত নিয়োজিত হয় ?

উত্তৰঃ দেৱজিৎ ভূঞাই অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি বঙাইগাঁও শোধানাগাৰত অভিযন্তা হিচাপে যোগদান কৰে।



উদ্যোগী হওঁ আহাঁ Class 10 Assamese Chapter 6 Question Answer

১০। দেৱজিৎ ভূঞাৰ দ্বাৰা ৰচিত অসমীয়া গ্ৰন্থৰ সংখ্যা কিমান ? 

উত্তৰঃ দেৱজিৎ ভূঞাৰ দ্বাৰা ৰচিত অসমীয়া গ্ৰন্থৰ সংখ্যা ৩০ খন । 


১১। দেৱজিৎ ভূঞাৰ দ্বাৰা ৰচিত যিকোনো পাঁচখন অসমীয়া গ্ৰন্থৰ নাম উল্লেখ কৰা।

উত্তৰঃ বুলেট চলোৱা ছোৱালীজনী, কবিতাৰ আকাশ, জুবিন গার্গ জিন্দাবাদ, নতুন নায়িকা হিমা, সফল যাযাবৰ, শিশু হ'বৰ মন যায়, এনিশাৰ কবিতা আদি । 


১২। দেৱজিৎ ভূঞাৰ দ্বাৰা ৰচিত ইংৰাজী গ্ৰন্থৰ সংখ্যা কিমান ? 

উত্তৰঃ দেৱজিৎ ভূঞাৰ দ্বাৰা ৰচিত ইংৰাজী গ্ৰন্থৰ সংখ্যা ৪০ খন । 


১৩। দেৱজিৎ ভূঞাৰ দ্বাৰা ৰচিত যিকোনো পাঁচখন ইংৰাজী গ্ৰন্থৰ নাম উল্লেখ কৰা।

উত্তৰঃ Butterfly, Me too, The Black Hole, The world I want to see, Winning Profile, Let us bloom together আদি । 


১৪। নাৰায়ণ মূৰ্ত্তী কোন ?

উত্তৰঃ নাৰায়ণ মূর্ত্তী হ'ল ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক । 


১৫। ইন্‌ফচিচ (Infosys) কোম্পানী কি ?

উত্তৰঃ ইন্‌ফচিচ (Infosys) কোম্পানী ভাৰতৰ অন্যতম পুৰনি আৰু প্ৰধান তথ্যপ্রযু্ক্তি সংস্থা।


১৬। ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীৰ ক'ত জন্ম হৈছিল ?

উত্তৰঃ দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীৰ জন্ম হৈছিল ।


১৭। ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীয়ে প্ৰথমে প্রতিষ্ঠা কৰা কোম্পানীটোৰ নাম কি ?

উত্তৰঃ ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীয়ে প্ৰথমে Softronics নামৰ কোম্পানীটোৰ প্রতিষ্ঠা কৰিছিল । 


১৮। ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীয়ে প্রথমে প্রতিষ্ঠা কৰা Softronics নামৰ কোম্পানীটো কিয় বন্ধ হ'বলগীয়া হয় ?

উত্তৰঃ ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীয়ে প্রথমে প্রতিষ্ঠা কৰা Softronics নামৰ কোম্পানীটো দেউলীয়া হৈ বন্ধ হ'বলগীয়া হয় ।




উদ্যোগী হওঁ আহাঁ class 10 Common Short Question Answer

১৯। ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীক এই কোম্পানীটো প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিদৰে আর্থিকভাৱে সহায় কৰিছিল ?

উত্তৰঃ ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীক এই কোম্পানীটো প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই আর্থিকভাৱে সহায় কৰিছিল ।


২০। দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি ?

উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। 


২১। শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল ?

উত্তৰঃ শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে । 


২২। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি ?

উত্তৰঃ এজন উদ্দোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান হ'ল এলাহ। 


২৩। এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণ অপৰিহাৰ্য ?

উত্তৰঃ এজন সফল উদ্যোগী হ'বৰ বাবে অপৰিহাৰ্য গুণ বোৰ হ'ল - ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি । 


২৪। শ্ৰেণী শিক্ষক প্রকাশ গোস্বামীয়ে 'উদ্যোগী হওঁ আহাঁ’ পাঠটিত ছাত্ৰ-ছাত্ৰীৰ আগত কোনটো উদাহৰণ প্ৰথমে দাঙি ধৰিছিল ?

উত্তৰঃ শ্ৰেণী শিক্ষক প্রকাশ গোস্বামীয়ে উদ্যোগী হওঁ আহাঁ’ পাঠটিত ছাত্ৰ-ছাত্ৰীৰ আগত প্ৰথমে চাইকেল চলাবলৈ শিকাৰ উদাহৰণটো দাঙি ধৰিছিল । 


২৫। উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিত লেখকে কোনটো কাম আটাইতকৈ সহজ বুলি উল্লেখ কৰিছে ? 

উত্তৰঃ এজন উদ্যোগী বা আন্ট্রাপিনিওৰ হোৱাটো আটাইতকৈ সহজ বুলি লেখকে উল্লেখ কৰিছে । 


২৬। ‘উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিত লেখকে কোনটো কাম আটাইতকৈ কঠিন বুলি উল্লেখ কৰিছে ? 

উত্তৰঃ এজন সফল উদ্যোগী হোৱাটো আটাইতকৈ কঠিন বুলি লেখকে উল্লেখ কৰিছে । 


২৭। 'ছাৰ! সফল উদ্যোগী হ'বলৈনো কিয় কঠিন ?” কথাষাৰ কোনে সুধিছিল ?

উত্তৰঃ ছাৰ! সফল উদ্যোগী হ'বলৈনো কিয় কঠিন ?” কথাষাৰ বিদিশা নামৰ ছোৱালজনীয়ে সুধিছিল  । 


২৮। লেখকে সফল উদ্যোগী হোৱাটো টান বুলি কিয় কৈছে ? 

উত্তৰঃ এজন সফল উদ্যোগী হবৰ বাবে ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুন অপৰিহাৰ্য । কিন্তু সকলোৰে এই গুণবোৰ নাথাকে । সেইবাবে লেখকে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে ।




Class 10 Assamese Chapter 6 Important Short Question Answer 

২৯। ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি ? 

উত্তৰঃ ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল - Eat cricket, sleep cricket, dream cricket, drink cricket .


৩০। GNRC HOSPITAL ৰ স্বত্বাধিকাৰী গৰাকী কোন ? 

উত্তৰঃ GNRC HOSPITAL ৰ স্বতাধিকাৰী শ্ৰী নোমল চন্দ্ৰ বৰা ।


৩১। DOWN TOWN HOSPITAL ৰ স্বত্বাধিকাৰী গৰাকী কোন ? 

উত্তৰঃ DOWN TOWN HOSPITAL ৰ স্বত্বাধিকাৰী শ্ৰী নৰেন্দ্ৰ নাথ দত্ত । 


৩২। NEMCARE HOSPITAL ৰ স্বত্বাধিকাৰী গৰাকী কোন ? 

উত্তৰঃ NEMCARE HOSPITAL ৰ স্বত্বাধিকাৰী শ্ৰী হিতেশ বৰুৱা ।


৩৩। এপল কোম্পানীৰ সহপ্ৰতিষ্ঠাপক গৰাকী কোন ? 

উত্তৰঃ এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক গৰাকীৰ নাম হ'ল ষ্টিফ জবছ । 


৩৪। 'এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথোঁ ধৈর্য্যশীলতা (perseverance) ।' কথাষাৰৰ বক্তা কোন ?

উত্তৰঃ এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথোঁ ধৈর্য্যশীলতা - উক্ত কথাষাৰৰ বক্তা জন হ'ল ষ্টিফ জবছ । 


৩৫। বিল গেচৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় কি ? 

উত্তৰঃ বিল গেচৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা । 


৩৬। “ম‍ই বিফল হোৱা নাই । মাত্ৰ বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে”। –এইষাৰ কোনগৰাকী মহান বিজ্ঞানীৰ উক্তি ?

উত্তৰঃ মহান তথা বিখ্যাত বৈজ্ঞানিক টমাচ আলভা এডিচনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ এই উক্তি শাৰী মন্তব্য কৰিছিল । 


৩৭। ‘এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব বুলি শিক্ষকজনক কোনে সুধিলে ? 

উত্তৰঃ ‘এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব বুলি শিক্ষকজনক প্ৰীতমে সুধিছিল । 


৩৮। উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজনৰ সন্দৰ্ভত শিক্ষকক কোনে প্রশ্ন সুধিলে ? 

উত্তৰঃ উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজনৰ সন্দৰ্ভত শিক্ষকক অৰ্জুনে প্রশ্ন সুধিছিল । 


৩৯। ভাৰতৰ এগৰাকী সফল উদ্যোগী ধীৰুভাই আম্বানীয়ে প্রথম অৱস্থাত কি কাম কৰিছিল ?

উত্তৰঃ মেট্ৰিকতে শিক্ষা সমাপ্ত কৰি ধীৰুভাই আম্বানীয়ে প্রথম অৱস্থাত পেট্ৰল ডিপোট তেল ভৰোৱা কাম কৰিছিল । 


বৰগীত প্ৰশ্নোত্তৰ 

জিকিৰ প্ৰশ্নোত্তৰ 

ধৰ ঝাড়ু ধৰ ভাই 


Important MCQ for HSLC 2024

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2024

Long Walk to Freedom VSA for HSLC 2024

A Tiger in the Zoo VSA for HSLC 2024

The Tale of Custard the Dragon VSA for HSLC 2024


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees











No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.