19 Feb 2024

AHSEC 2024 Assamese Question Paper

AHSEC 2024 Assamese Question Paper

AHSEC 2024 Assamese Question Paper


AHSEC 2024 Assamese Question Paper: Students who are studying in class 10/12 must be looking for Model Question Paper/Sample Question Paper/Pre Board Question Paper/Test Paper. Practicing model question papers is a good source for exam preparation. In this article you can avail AHSEC 2024 Assamese Question Paper. 


Assamese Question Paper HS 2nd Year AHSEC 2024

Students who are studying in class 10/12 must be looking for Model Question Paper/Sample Question Paper/Pre Board Question Paper/Test Paper. Practicing model question papers is a good source for exam preparation. In this article you can avail Assamese Question Paper HS 2nd Year AHSEC 2024. 


Class 12 Assamese Important Question Answer 

2024

(Specimen) 


ASSAMESE

(MODERN INDIAN LANGUAGE)


Full Marks: 100

Pass Marks: 30


Time: 3 Hours

edunation19

The figures in the margin indicates full marks for the questions.



General Instruction



                                     Q.No. 1 carry 1 mark each             1×7=7


                                     Q.No. 2 carries 2 marks each         2×7=14


                                     Q.No. 3 carries 4 marks each         4×1=4


                                     Q.No. 4 carries 5 marks each         5×2=10


                                     Q.No. 5 carries 1 marks each         1×5=5


                                     Q.No. 6 carries 2 marks each         2×5=10


                                     Q.No. 7 carries 4 marks each         4×1=4


                                     Q.No. 8 carries 6 marks each         6×1=6


                                     Q.No. 9 carries 1 marks each         1×2=2


                                     Q.No. 10 carries 2 marks each       2×2=4


                                     Q.No. 11 carries 4 marks each       4×1=4


                                     Q.No. 12 carries 3 marks each       3×2=6


                                     Q.No. 13 carry 1 mark each           1×6=6


                                     Q.No. 14 carries 2 marks each       2×4=8


                                     Q.No. 15 carries 10 marks each    10×1=10



HS 2nd Year Assamese Common Question Answer 

১। তলৰ যি কোনো সাতটা প্রশ্নৰ উত্তৰ দিয়াঃ ১×৭=৭


(ক) ‘উপকল্প’ মানে কি ?


(খ) ‘জানকীৰাম’ কোন ?


(গ) ‘পঞ্চপুস্প’ৰ ৰচক কোন ?


(ঘ) দাঁতৰ পোকবোৰ প্ৰকৃততে কি ?


(ঙ) ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ অধ্যায় কেইটা আছে ?


(চ) ‘বনফুল’ৰ কবি কোন ?


(ছ) ‘একন আর্ডেন’ কোনে অনুবাদ কৰিছিল ?


(জ) ৰেৱতীমোহন দত্ত চৌধুৰীৰ ছদ্ম নাম কি ?


(ঝ) ভ্ৰমৰংগ কেতিয়া প্রকাশ পাইছিল ?


(ঞ) কথা-কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি ?



২। তলৰ যি কোনো সাতটা প্রশ্নৰ উত্তৰ দিয়াঃ ২×৭=১৪


(ক) শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।


(খ) কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা।


(গ) উন্নত আচৰণৰ অপৰিহাৰ্য অংগ কি ?


(ঘ) লিখকে প্রকৃত কৰ্মীৰ চিন কি বুলি কৈছে ?


(ঙ) প্রকৃত ত্যাগ আৰু প্ৰকৃত বৈৰাগ্য মানে কি ?


(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগাৰ দুটা কাৰণ লিখা।


(ছ) উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা দুখন গ্রন্থৰ নাম লিখা।


(জ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি কি ?


(ঝ) ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা কিয় লগালগি হব পৰা নাছিল ?


(ঞ) জয়মতী কথাছবি ক'ত আৰু কেতিয়া মুক্তিলাভ কৰিছিল।



৩। যিকোনো এটাৰ প্ৰসংগ সংগতিৰে ব্যাখ্যা কৰাঃ ৪×১=৪


(ক) “ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।”


(খ) “এয়া হ’ল মুকলি মনৰ কথা”


(গ) "ইয়াৰ কাৰণে অশেষ ধন্যবাদ - ইউ যে এটা দান।"



৪। তলৰ যি কোনো দুটা প্রশ্নৰ উত্তৰ দিয়াঃ ৫x২=১০


(ক) চাৰি আশ্ৰম বুলিলে কি বুজা আলোচনা কৰা।


(খ) ‘চিঠি’ গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা।


(গ) ‘মগনিয়াৰ’ পাঠটিত কথা কবিতাৰ কি কি লক্ষন পৰিস্ফুত হৈছে আলোচনা কৰা।


(ঘ) বেজবৰুৱা দেৱৰ মতে বিদেশী নাটকৰ অনুবাদ কেনে হোৱা উচিত আলোচনা কৰা।


(ঙ) আনন্দৰাম বৰুৱাই কেনেদৰে পিতৃ-মাতৃ আৰু উপৰিস্থসকলক ভক্তি দেখুৱাইছিল বুজাই লিখা।



৫। তলৰ যি কোনো পাচঁটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ১x৫=৫


(ক) ‘তত্ব পাৰিজাত’ৰ লিখক কোন ? 


(খ) নিৰ্মলপ্রভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম কি ?


(গ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দেউতাকৰ ঘৰ ক’ত আছিল ?


(ঘ) কেশৱ মহন্তই কি পুথিৰ বাবে সাহিত্য একাদেমী বঁটা পায় ?


(ঙ) বৰগীতত প্রথমে উল্লেখ থকা ‘ধ্রুং’ শব্দটি সম্পূর্ণকে লিখা।


(চ) মাধবদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল ?


(ছ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো প্রথমে ক’ত আৰু কেতিয়া প্রকাশ পায় ?



৬। তলৰ যি কোনো পাচঁটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ২x৫=১০


(ক) বিষয়বস্তু অনুসৰি বৰগীতৰ ভাগ কেইটা আৰু কি কি ? 


(খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।


(গ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু কেতিয়া, ক’ত, কেনেকৈ হৈছিল ?


(ঘ) ‘জয়ন্তী’ৰ পাছত প্রকাশ পোৱা দুখন আলোচনীৰ নাম লিখা।


(ঙ) নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা।


(চ) নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কি পদৰ পৰা অবসৰ লয়। ?


(ছ) নৱকান্ত বৰুৱাই ‘কাঠমিস্ত্ৰীৰ ঘৰ’ সম্পর্কে কি মন্তব্য কৰিছিল ?



৭। যিকোনো এটাৰ প্ৰসংগ সংগতিৰে ব্যাখ্যা কৰাঃ ৪×১=৪


ক) “ত্রিজগত পতি


      ভকতি মিলিল


      মূৰুখ মাধৱে বোলে।।”


খ) “তেৱেঁ কাম তেৱেঁ কর্মী তেৱেঁ কাৰিকৰ


      নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।।”


(গ) "ঊষা আহে                  সোণালী লাজেৰে 


                গাঁথি লৈ নিয়ৰৰ মালা 


       পখীটিত নীৰৱ             তেতিয়া 


                 প্রকৃতিও তেনেই নিৰলা।।"



৮। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ৪x২=৮


(ক) ‘কৰুণতম’ কবিতাটিৰ নামাকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।


(খ) বৰগীতটোৰ মাজেৰে ভক্তিৰ প্ৰকাশ কেনেদৰে ঘটিছে আলোচনা কৰা। 


(গ) ‘কাঠমিস্ত্ৰীৰ ঘৰ” কবিতাটিত শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।


(ঘ) ‘আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।



৯ । তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ১×২=২


(ক) মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ কি ?


(খ) কৈশোৰ কালৰ এটা প্রধান বৈশিষ্ট্য কি ? 


(গ) কৈশোৰ কালৰ শিক্ষাক কি শিক্ষা বোলে ?


(ঘ) ‘জীৱনৰ শান্তি পর্ব’ নামৰ প্ৰৱন্ধটিৰ লিখক কোন ?



১০। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ২×২=৪


(ক) কিশোৰ সংস্কৃতি কি ?


(খ) কি কি ক্ষেত্ৰত কিশোৰ অৱস্থাপ্রাপ্তি আগতীয়া হয় ?


(গ) কিশোৰ অৱস্থা প্রাপ্তিত শিশুৰ কি কি ক্ষেত্ৰত পৰিৱৰ্তন হয় ? 


(ঘ) কৈশোৰ কালৰ শিক্ষাত থকা চাৰিটা মৌলিক বিষয় কি কি ?


HS 2nd year Assamese Question Answer

১১। তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ৪×১= ৪


(ক) বীৰপূজা কি আলোচনা কৰা।


(খ) কৈশোৰ কালৰ আবেগিক বিকাশৰ বিষয়ে বহলাই লিখা।


(গ) পৰিচিতিৰ সংঘাত বুলিলে কি বুজা আলোচনা কৰা।



১২। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ৪×২= ৮


(ক) শব্দবিভক্তি কাক বোলে, ই কেইটা আৰু কি কি উদাহৰণেৰে বুজাই লিখা।


(খ) সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বুলিলে কি বুজা উদাহৰণেৰে বুজাই লিখা।


(গ) প্রত্যয় কাক বোলে, ই কেইপ্ৰকাৰ আৰু কি কি উদাহৰণসহ বুজাই লিখা।


(ঘ) নির্দিষ্টতাবাচক প্রত্যয় কাক বোলে ? চাৰিটা এনে প্রত্যয়ৰ ব্যৱহাৰ উদাহৰণ দি বুজাই লিখা।



১৩। তলৰ যি কোনো চাৰিটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখাঃ ১×৪=৪


অনাঅসমীয়া, বেগাই, পুৱতী, জুলীয়া, ৰোৱনী, জপনা, দীর্ঘতম।



১৪ । তলৰ যিকোনো তিনিটাৰ অৰ্থ লিখি বাক্য ৰচনা কৰাঃ ২x৩=৬


আঠুৱা তলৰ মহ, এলা-পেচা, পিঠি দিয়া, পেট-মচা, চকু চৰহা, কাণ কটা, কঁকাল দঙা, মুৰ দোৱা।



১৫। যিকোনো এখন ৰচনা লিখাঃ ১০


(ক) মানব সমাজলৈ বিজ্ঞানৰ অৱদান


(আৰম্ভনি- বিজ্ঞানৰ ক্ৰমবিকাশ - বিজ্ঞানৰ অৱদান - উপকাৰিতা- অপকাৰিতা – সামৰণি )


(খ) একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্রন্থ


(আৰম্ভনি – গ্রন্থ আৰু গ্রন্থাকাৰৰ পৰিচয় - ভালপোৱাৰ কাৰণ - বিষয়বস্তুৰ আলোচনা - সামৰণি)


(গ) জৈৱ বৈচিত্র্য আৰু সাম্প্ৰতিক সময়


(আৰম্ভনি- জৈৱ বৈচিত্র্য আৰু মানৱ সমাজ - ইয়াৰ সংৰক্ষণৰ প্রয়োজনীয়তা – সংৰক্ষণৰ উপায়- আমাৰ কৰণীয় – সামৰণি )


(ঘ) অসমৰ ক্ষুদ্র উদ্যোগ: সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণ 


(আৰম্ভণি - পৰিচয় আৰু শ্রেণীবিভাগ – সম্প্ৰসাৰণ - বাণিজ্যিকীকৰণ সমস্যা - আৰ্থিক সবলীকৰণত ইয়াৰ ভূমিকা - সামৰণি)


***************

English Question Paper for HS Final AHSEC 2024 

Physics Question Paper for HS Final AHSEC 2024 

Logic & Philosophy Question Paper for HS Final AHSEC 2024

Economics Question Paper for HS Final AHSEC 2024

Political Science Question Paper for HS Final AHSEC 2024

Assamese Question Paper for HS Final AHSEC 2024

BIOLOGY MODEL PAPER PDF

CHEMISTRY MODEL PAPER PDF


Also Read


No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.