30 Jul 2023

ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Important Short Question Answer

ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Important Short Question Answer

ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Important Short Question Answer


ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Important Short Question Answer: ভাৰতীয় সংস্কৃতি is the chapter 7 from class 10 HSLC Assamese (MIL) SEBA text-book অসমীয়া সাহিত্য চয়নিকা. Here in this post you can avail ভাৰতীয় সংস্কৃতি class 10 Chapter 7 Important Short Question Answer. 





Class 10 Assamese Chapter 7 Question Answer HSLC SEBA 

১। `ভাৰতীয় সংস্কৃতি' পাঠটোৰ লেখক কোন ?

উত্তৰঃ `ভাৰতীয় সংস্কৃতি' পাঠটোৰ লেখক হেম বৰুৱা।


২। হেম বৰুৱাদেৱৰ কেতিয়া আৰু কত জন্ম হৈছিল ?

উত্তৰঃ হেম বৰুৱাদেৱৰ জন্ম ১৯১৫ চনত তেজপুৰত  হৈছিল।


৩। হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল ?

উত্তৰঃ ১৯৭৭ চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল।


৪। হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্রন্থৰ নাম লিখা।

উত্তৰঃ হেম বৰুৱাৰ এখন উল্লেখযোেগ্য গ্রন্থখন হ’ল ‘The Red River and the Blue Hill” |


৫। হেম বৰুৱা অসম সাহিত্যসভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল ?

উত্তৰঃ উত্তৰঃ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হােৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল হেম বৰুৱা।


৬। ইংৰাজ ৰােমান্টিক কবি কীটছৰ সম্পূর্ণ নাম কি ?

উত্তৰঃ ইংৰাজ ৰােমাণ্টিক কবি কীটছৰ সম্পূর্ণ নাম জন কীটছ ।


৭। কীটছৰ কোনটো কবিতাৰ সমালােচনা আক্রোশমূলকভাৱে কৰা হৈছিল ?

উত্তৰঃ কীটছৰ ‘এণ্ডিমিয়ন’ কবিতাটোৰ সমালােচনা আক্রোশমূলকভাৱে কৰা হৈছিল।


৮। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল- ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি ।


৯। ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ কি ?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ সমন্বয়ৰ সংস্কৃতি।




Class 10 Assamese Chapter 7 Common Question Answer HSLC SEBA 

১০। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?

উত্তৰঃ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।


১১। সংস্কৃতিৰ অর্থ কি ?

উত্তৰঃ সংস্কৃতিৰ হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।


১২। সংস্কৃতিৰ মাপকাঠী কি ?

উত্তৰঃ ভাষা, সাহিত্য, দর্শন, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত প্রকাশিত প্রতিভাই সংস্কৃতিৰ মাপকাঠী।


১৩। শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল ?

উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ হৈছিল।


১৪। মহেঞ্জোদাৰাে সংস্কৃতিৰ সম্পদ কি ?

উত্তৰঃ মহেঞ্জোদাৰাে সংস্কৃতিৰ সম্পদ ধ্যানস্থ শিৱৰ কল্পনা।


১৫। লিংগ পূজা কোন যুগৰ নিদর্শন ?

উত্তৰঃ লিংগ পূজা অনার্য যুগৰ নিদর্শন।


১৬। শিৱ আৰ্য নে অন্যাৰ্য দেৱতা ? 

উত্তৰঃ শিৱ অনাৰ্য দেৱতা।


১৭। কামাখ্যা দেৱী আদিতে কোন গোষ্ঠীৰ দেৱী আছিল ?

উত্তৰঃ কামাখ্যা দেৱী আদিতে অনাৰ্য গোষ্ঠীৰ দেৱী আছিল ।


১৮। হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান ?

উত্তৰঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনার্য যুগৰ অৱদান।


১৯। ভাৰতীয় জীৱনৰ মূল সম্পদ কি ?

উত্তৰঃ ভাৰতীয় জীৱনৰ মূল সম্পদ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা।




ভাৰতীয় সংস্কৃতি দশম শ্ৰেণীৰ অসমীয়া দৰকাৰী প্ৰশ্নোত্তৰ 

২০। কামাখ্যাত আগেয়ে কোন সম্প্রদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল ?

উত্তৰঃ কামাখ্যাত আগেয়ে গাৰাে সম্প্রদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল।


২১। ' ফ্ৰম ভলগা টু গংগা ' কাৰ ৰচনা ?

উত্তৰঃ ' ফ্ৰম ভলগা টু গংগা' পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।


২২। সৰ্বপল্লী ৰাধাকৃষ্ণণে ' কালিয়দমন'ৰ কি আখ্যা দিছে ?

উত্তৰঃ সৰ্ৱপল্লী ৰাধাকৃষ্ণণে কালিয়দমন' ৰ আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে ।


২৩। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি ?

উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সুক্ষ্মতা।


২৪। চুফীবাদৰ মূল আধাৰ কি ?

উত্তৰঃ চুফীবাদৰ মূল আধাৰ কোৰাণ।


২৫। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি ?

উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা হ’ল—সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।


২৬। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে ?

উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে।


২৭৷ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে ?

উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিত্রশিল্পক বেছি স্থায়ী বোলা হৈছে।


২৮। 'মধ্য এছিয়াকা ইতিহাস' কোনে লিখিছিল ?

উত্তৰঃ 'মধ্য এছিয়াকা ইতিহাস' পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।


২৯। কোনে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল ?

উত্তৰঃ গ্রীকসকলে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল।



Class 10 Assamese Chapter 7 Common Question Answer HSLC SEBA 

৩০। ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য কি ?

উত্তৰঃ ব্যক্তিৰ জীৱন প্ৰকাশ কৰাই ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য।


৩১। কাঞ্জিভৰামৰ মন্দিৰত কিমানটা স্তম্ভ আছে ?

উত্তৰঃ কাঞ্জিভৰামৰ মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে।


৩২। ভাৰতীয় ভৌগােলিক জীবন কেনেকুৱা ?

উত্তৰঃ ভাৰতীয় ভৌগােলিক জীৱন বৈচিত্র্যময়।


৩৩। কোন যুগত ভাৰতক আৰু কান্দাহাৰক এক কৰাৰ প্রচেষ্টা চলিছিল ?

উত্তৰঃ মৌর্য যুগত ভাৰতক আৰু কান্দাহাৰক এক কৰাৰ প্রচেষ্টা চলিছিল।


৩৪। মােগল আৰু ৰাজপুট চিত্রকলাৰ প্রধান লক্ষণ কি ?

উত্তৰঃ মােগল আৰু ৰাজপুট চিত্রকলাৰ প্রধান লক্ষণ অনুভূতিৰ প্ৰসাৰতা।


৩৫। কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে?

উত্তৰঃ মোগল সম্ৰাট বাবৰৰ আমালত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল ।


৩৬। মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘর্ষই হিন্দুৰ মনত পােনতে কিহৰ সৃষ্টি কৰিছিল ?

উত্তৰঃ মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘর্ষই হিন্দুৰ মনত পােনতে বিপ্লৱৰ সৃষ্টি কৰিছিল।


৩৭। গ্রীকসকলৰ হাতত পৰাজিত হােৱা জাতিটোৰ নাম কি ?

উত্তৰঃ গ্রীকসকলৰ হাতত পৰাজিত হােৱা জাতিটোৰ নাম মাইকেনিয়ান।


৩৮। আৰ্যসকলৰ আদিম বাসভূমি কি আছিল ?

উত্তৰঃ মধ্য এছিয়া আৰ্যসকলৰ আদিম বাসভূমি আছিল।


৩৯। উত্তৰ ভাৰতীয় ভাস্কর্যত কিহৰ প্রাদুর্ভাৱ সৰহকৈ দেখা যায় ?

উত্তৰঃ উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্রাদুর্ভাৱ সৰহকৈ দেখা যায়।


৪০। ব্যক্তিবাদী চিত্রকলাৰ কাৰ দৰবাৰত জন্ম হৈছিল ?

উত্তৰঃ টাইমূৰ আৰু চেংগীজ খাঁৰ দৰবাৰত ব্যক্তিবাদী চিত্রকলাৰ জন্ম হৈছিল।


বৰগীত প্ৰশ্নোত্তৰ 

জিকিৰ প্ৰশ্নোত্তৰ 

ধৰ ঝাড়ু ধৰ ভাই 


Important MCQ for HSLC 2024

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2024

Long Walk to Freedom VSA for HSLC 2024

A Tiger in the Zoo VSA for HSLC 2024

The Tale of Custard the Dragon VSA for HSLC 2024


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees










No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.