7 Apr 2023

Class 10 Assamese উদ্যোগী হওঁ আহাঁ Question Answer

Class 10 Assamese উদ্যোগী হওঁ আহাঁ Question Answer

Class 10 Assamese উদ্যোগী হওঁ আহা Question Answer


Class 10 Assamese উদ্যোগী হওঁ আহাঁ Question Answer: উদ্যোগী হওঁ আহাঁ is the chapter six from class 10 HSLC Assamese (MIL) SEBA text-book. Here in this post you can avail Class 10 Assamese উদ্যোগী হওঁ আহাঁ Question Answer.



উদ্যোগী হওঁ আহাঁ Class 10 Assamese Chapter 6 Question Answer SEBA

In this post you can avail Class 10 Assamese Chapter 6, Class 10 Assamese Chapter 6 Question Answer, Class 10 Assamese Chapter 6 Question Answer Assamese, Class 10 Assamese Chapter 6 Question Answer in Assamese, Class 10 Assamese Medium, Class 10 Assamese Question Answer, Class 10 Assamese Chapter 6 all Question Answer, Class 10 Assamese Chapter 6 Question Answer Seba, Class 10 Assamese Lesson 6 Question Answer. 


 


উদ্যোগী হওঁ আহাঁ Class 10 পাঠভিত্তিক প্রশ্নোত্তৰ | Class 10 উদ্যোগী হওঁ আহা Question Answer 



অসমীয়া সাহিত্য চয়নিকা


অধ্যায় ৬


উদ্যোগী হওঁ আহাঁ

                                                                                                                 - দেৱজিৎ ভূঞা

 

                                                       

 ভাৱ-বিষয়কঃ


১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ


(ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি ?

উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। 


(খ) শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল ?

উত্তৰঃ শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে । 


(গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি ? 

উত্তৰঃ এজন উদ্দোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান হ'ল এলাহ। 


(ঘ) এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন ?

উত্তৰঃ এজন সফল উদ্যোগী হ'বলৈ ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন ।


(ঙ) ককা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি ?

উত্তৰঃ ককা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল "Eat cricket, sleep cricket, dream cricket, drink cricket."


(চ) নাৰায়ণ মূর্ত্তী কোন ? 

উত্তৰঃ নাৰায়ণ মূর্ত্তী হ'ল ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা আন্ট্রাপিনিওৰ।


(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল ?

উত্তৰঃ উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যবসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা কম উদ্যোগী হোৱা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্ম সংস্থান দিবলৈ সক্ষম হয়।


(জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব ?

উত্তৰঃ প্রথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।


(ঝ) টমাচ আলভা এডিচনে ইলেকট্রিক বাঘ তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল ? 

উত্তৰঃ টমাচ আলভা এডিচনে ইলেকট্রিক বাঘ তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল যে “মই বিফল হোৱা নাই। মাত্র বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে”।




Class 10 Assamese Lesson 6 উদ্যোগী হওঁ আহাঁ

২। চমুকৈ বুজাই লিখাঃ


(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।  'শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা।

উত্তৰঃ উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।' ইয়াৰ অৰ্থ এয়ে যে এজন উদ্যোগী অৰ্থাৎ আন্ট্ৰাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হল এলাহ । আচলতে সকলোতকৈ সহজ কাম হল এজন উদ্যোগী বা আন্ট্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হল এজন সফল উদ্যোগী হোৱা।



(খ) সফল উদ্যোগী হ'বলৈ কিয় কঠিন ?

উত্তৰঃ এজন সফল উদ্যোগী হবৰ বাবে লাগিব ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুনৰ প্ৰয়োজন । সকলোৰে এই গুণবোৰ নাথাকে । সেইবাবে সফল উদ্যোগী হোৱাটো কঠিন বুলি কৈছে।



(গ) এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।

উত্তৰঃ  শিক্ষকগৰাকীয়ে চাইকেল চলাবলৈ শিকাৰ উদাহৰণ ব্যৱহাৰ কৰি উদ্যোগী হ’বলৈ অধ্যৱসায়, একগ্ৰতা, ধৈৰ্য্য আদিৰ দৰে গুণবোৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে । সৰুতে চাইকেল চলাবলৈ শিকোতে বহুতেই প্ৰথম অৱস্থাত বিফল হয়, বাধা আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হয় কিন্তু যিয়ে পৰি উঠি বাৰে বাৰে বিফল হোৱাৰ পিছত ও আকৌ চাইকেল চলাবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ প্ৰচেষ্টা কৰে তেওঁলোকে সফল হয় । ঠিক একেই উদ্যোগী সকলৰ ক্ষেত্ৰতো বিপদ, প্ৰত্যাহ্বান আৰু বিফলতাৰ সন্মুখীন হোৱাটোও জড়িত হৈ থাকে। এজন সফল উদ্যোগী হবলৈ ধৈৰ্য, অভিযোজন আৰু অবিৰত প্ৰচেষ্টাৰ সৈতে বাধাসমূহ অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ অধ্যৱসায়ৰ অতি প্ৰয়োজনীয়।




(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা ।

উত্তৰঃ নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একো একোজন উদ্যোগী । যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয় সেই সকল ব্যক্তিক উদ্যোগী বুলি কোৱা হয় । 




৩। ইন্‌ফ'চিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন ? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

উত্তৰঃ ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি । দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্মগ্ৰহণ হৈছিল । তেখেতৰ সৰুৰে পৰা উদ্যোগী হোৱাৰ প্ৰবল হেঁপাহ আৰু হাবিয়াস আছিল। তেঁও অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি ছফ্টৰনিকছ (Softronics) নামৰ কোম্পানী এটা প্ৰতিষ্ঠা কৰে যদিও প্ৰতিষ্ঠা হোৱাৰ ডেৰ বছৰ পিছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হয় । কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ হৈ ইনফ'চিছ (Infosys) নামৰ কোম্পানী আৰম্ভ কৰে । এক কাৰ্য্যত তেওঁৰ পত্নীয়ে নিজৰ সাচতীয়া ধনৰ পৰা দহ হাজাৰ টকা অৰিহনা যোগাই । প্ৰথম অৱস্থাত বহুতো বাধা, ঘাত-প্ৰতিঘাতৰ সন্মুখীন হব লগা হৈছিল । কিন্তু নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফ'চিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে । সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহল। আজি নাৰায়ণ মূৰ্তি বিশ্বৰ অন্যতম সফল আৰু সুপৰিচিত উদ্যোগী। 




 ৪। “ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব ?”—এইদৰে কোনে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।

উত্তৰঃ  “ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব ?”—এইদৰে প্ৰীতমে সুধিছিল । 


শিক্ষকে বুজাই কৈছিল যে, যি ক্ষেত্ৰত উদ্যোগী হ’ব বিচাৰে তাৰ ওপৰত প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে।  ধাবা বা গেলামালৰ দোকানৰ দৰে ব্যৱসায়ৰ বাবে বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই যদিও সফলতাৰ বাবে বুদ্ধিমত্তা আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন।  আনহাতে, বিউটি পাৰ্লাৰ বা গাড়ী মেৰামতিৰ গেৰেজ বা মোবাইল ফোন বা টিভিৰ দোকানৰ দৰে ব্যৱসায়ৰ বাবে কামটোত প্ৰয়োজনীয় দক্ষতা আৰু বিশেষজ্ঞতা থকাটো সফলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।  কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰিলে এনে ব্যৱসায়ত সফলতাৰ নিশ্চয়তা দিব নোৱাৰি বুলিও শিক্ষকগৰাকীয়ে উল্লেখ কৰে।



৫। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”—কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ  “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। ” এই বক্তব্যৰ অৰ্থ হ'ল যিকোনো ব্যক্তিয়ে উদ্যোগী হৈ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে যদিও এই ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ বহুত কষ্ট, অধ্যৱসায়, আৰু সহনশীলতা প্ৰয়োজন হয় । এই কথাটো বুজাবলৈ চাইকেল চলাবলৈ শিকাৰ উপমাটো ব্যৱহাৰ কৰা হৈছে, কিয়নো চাইকেল চলাবলৈ শিকিবলৈ যেনেকৈ অভ্যাস, ধৈৰ্য্য আৰু তললৈ পৰি যোৱাৰ আশংকাৰ সন্মুখীন হ’বলৈ ইচ্ছাৰ প্ৰয়োজন হয়,।  একেদৰে এজন উদ্যোগী হোৱাৰ বাবে মনত সাহস, ৰিস্ক লোৱা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো জড়িত হৈ থাকে আৰু বিফলতাৰ সন্মুখত অধ্যৱসায় কৰিবলৈ ইচ্ছুকসকলে অৱশেষত সফল হ’ব।  এজন উদ্যোগী হবলৈ কোনো আনুষ্ঠানিক শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয় কিন্তু সেই বিশেষ ক্ষেত্ৰত প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা থাকিব লাগিব । গতিকে উদ্যোগী হোৱাটো তুলনামূলকভাৱে সহজ হ’ব পাৰে, কিন্তু এই ক্ষেত্ৰত সফলতা লাভ কৰাটো এক কঠিন আৰু চলি থকা প্ৰক্ৰিয়া যাৰ বাবে নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ।




৬। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”— ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতৰ সৰ্বতোকালৰ অন্যতম সফল উদ্যোগী ধীৰুভাই আম্বানীয়ে উদ্যোগী হিচাপে যাত্ৰা আৰম্ভ কৰাৰ সময়ত বিশেষ মূলধন বা শিক্ষাগত অৰ্হতা নাছিল । মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাই আম্বানীয়ে পেট্ৰ’ল ডিপোত তেল ভৰোৱা কাম কৰিবলৈ লৈছিল, য’ত তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে ডিপো মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল।  


অৱশ্যে উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰবল ইচ্ছা আছিল, সেয়েহে চাকৰি এৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । বেছি মূলধন নথকা সত্ত্বেও ধীৰুভাই আম্বানীয়ে ব্যৱসায়ৰ বাবে মানুহৰ পৰা টকা ধাৰলৈ লৈ কাপোৰ তৈয়াৰ কৰি পুণৰ ৰাইজকে বেচি অধিক মুনাফা আৰ্জন কৰে আৰু লাভৰ অংশীদাৰীসকলৰ মাজত বিতৰণ কৰিছিল। মূলধনৰ অভাব উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হব নোৱাৰে । ইয়াৰ বাবে কেৱল এজন ব্যক্তিৰ থাকিব লাগিব আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন।  


পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্য়ৱসায় আৰম্ভ কৰে । কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী, আৰু এটা টেলিফোন আছিল । তেওঁৰ দৃঢ়তা, কঠোৰ পৰিশ্ৰম, আৰু আনতকৈ ডাঙৰ, দ্ৰুত, আৰু আগবাঢ়ি চিন্তা কৰাৰ ক্ষমতা থকাৰ বাবে তেওঁ "ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন" স্থাপন কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্য়াত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ হয়গৈ ।




৭। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীকসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষাৰ পাঠ্যক্ৰমত বৃত্তি মূলক আৰু পেছাদাৰী পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব লাগে যাতে ছাত্র-ছাত্রীসকলক ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব পাৰে । শৈক্ষিক প্ৰতিষ্ঠান সমূহত নিয়মিত কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰিব যাৰ দ্বাৰা তেওঁলোকে উপকৃত হব পাৰে । 


কেৱল চৰকাৰী চাকৰিৰ আশাত অধ্যয়ন কৰাৰ পৰিবৰ্তে যিকোনো উৎপাদশীল বা বৃত্তিমুখী চাকৰি বা নিজাকৈ ব্যৱসায় সৃষ্টি কৰাৰ মানসিকতা গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব লাগিব । ছাত্র-ছাত্রীসকলে উদ্ভাৱন, সৃষ্টিশীলতা, সমস্যা সমাধানৰ মানসিকতা গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ। 


ইয়াৰ উপৰিও উদ্যোগীকৰণৰ ক্ষেত্ৰত অধ্যৱসায়, স্থিতিস্থাপকতা, কঠোৰ পৰিশ্ৰমৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো গুৰুত্বপূৰ্ণ।  ছাত্ৰ-ছাত্ৰীসকলে বুজিব লাগিব যে এজন উদ্যোগী হিচাপে সফলতা লাভৰ বাবে অধ্যৱসায়, অভিযোজন ক্ষমতা আৰু বিফলতা আৰু বিপৰ্যয়ৰ পৰা শিকিবলৈ ইচ্ছাৰ প্ৰয়োজন।  



Class 10 Assamese New Lesson উদ্যোগী হওঁ আহাঁ

৮। চমুটোকা লিখাঃ


টমাচ আলভা এডিছন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহামবেল, চেষ্টাৰ কাৰ্লচন, বিল গেট্চ, উইলিয়াম শ্বেইক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত।

উত্তৰঃ



৯। সমার্থক শব্দ লিখাঃ


প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন। 



১০। বিপৰীতার্থক শব্দ লিখাঃ


নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।



১১। তুমি কথা-বতৰা পাতোঁতে সাৱধান হবা।


মনে পঢ়া-শুনা কৰি আছে। 


গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।


ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ


ল'ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।



১২। ভাব সম্প্রসাৰণ কৰাঃ


(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান ।


(খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।


(গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।



১৩। লিংগ পৰিৱৰ্তন কৰা।


শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু ।


দশম শ্ৰেণীৰ অসমীয়া 

বৰগীত সকলো প্ৰশ্নোত্তৰ 

মই অসমীয়া সকলো প্ৰশ্নোত্তৰ 


Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2023

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2023

Long Walk to Freedom VSA for HSLC 2023

A Tiger in the Zoo VSA for HSLC 2023

The Tale of Custard the Dragon VSA for HSLC 2023


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.