20 Jun 2025

Class 10 Assamese Chapter 1 Common Question Answer for 1st Unit Test 2025

Class 10 Assamese Chapter 1 Common Question Answer for 1st Unit Test 2025

Class 10 Assamese Chapter 1 Common Question Answer for 1st Unit Test 2025


Class 10 Assamese Chapter 1 Common Question Answer for 1st Unit Test 2025: Borgeet (বৰগীত) is the first poem from class 10 HSLC Assamese (MIL) SEBA text-book. Here in this post you can avail Class 10 Assamese Chapter 1 Common Question Answer for 1st Unit Test 2025.




Class 10 Assamese Chapter 1 Important Question Answer for 1st Unit Test 2025 | দশম শ্ৰেণীৰ বৰগীত প্ৰশ্নৰ উত্তৰ 

(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ )


১। বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ ল'ব বিচাৰিছে ?

উত্তৰঃ বৰগীতটিত কবিয়ে ভগৱানৰ চৰণত শৰণ ল'ব বিচাৰিছে ।


২। মাধৱদেৱৰ জন্মস্থান কি ? 

উত্তৰঃ মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী। 


৩। মাধৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ?

উত্তৰঃ মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল।


৪। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান ? 

উত্তৰঃ মাধৱদেৱ বিৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।


৫। "কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ" — ছোড় শব্দৰ অৰ্থ লিখা।

উত্তৰঃ ছোড় শব্দৰ অৰ্থ হ'ল — ত্যাগ কৰা বা ছিঙি দিয়া।


৬। মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল ? 

উত্তৰঃ মাধৱদেৱৰ মৃত্যু ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত হৈছিল। 


৭। মহাপুৰুষ মাধৱদেৱে শিক্ষা জীৱন ক'ত আৰম্ভ কৰে ? 

উত্তৰঃ মহাপুৰুষ মাধৱদেৱে শিক্ষা জীৱন নাৰায়ণপুৰত আৰম্ভ কৰিছিল।


৮। মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম কি ? 

উত্তৰঃ মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম হ'ল ৰাজসূয় কাব্য।


৯। মাধৱদেৱে ক'ত সত্ৰ স্থাপন কৰে ? 

উত্তৰঃ মাধৱদেৱে কোচবিহাৰত সত্ৰ স্থাপন কৰে।



Class 10 Assamese Chapter 1 Important Question Answer for HSLC 2026

১০। 'নামঘােষা'ক আৰু কি নামেৰে জনা যায় ? 

উত্তৰঃ 'নামঘােষা'ক হেজাৰী ঘোষা নামেৰে জনা যায়।


১১। কবি কিহত আতুৰ হোৱা বুলি কৈছিল ? 

উত্তৰঃ কবিয়ে সাংসাৰিক দুখ-যন্ত্ৰণা বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।


১২। মাধৱদেৱৰ পিতৃ - মাতৃৰ নাম কি আছিল ? 

উত্তৰঃ মাধৱদেৱৰ পিতৃ - মাতৃৰ নাম ক্ৰমে গােবিন্দগিৰী ভূঞা আৰু মনোৰমা।


১৩। মাধৱদেৱ কাৰ প্রিয় শিষ্য আছিল ?

উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্য আছিল।


১৪। মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল ? 

উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য আছিল।


১৫। মাধৱদেৱে ক’ত শঙ্কৰদেৱৰ সৈতে মিলিত হয় ?

উত্তৰঃ মাধৱদেৱে ধুৱাহাট বেলগুৰিত শঙ্কৰদেৱৰ সৈতে মিলিত হয়।


১৬। মাধৱদেৱে কাৰ অধীনত শিক্ষা লাভ কৰিছিল ?

উত্তৰঃ ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁৰ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল।


১৭। মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি ?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন হ'ল নামঘোষা।


১৮। মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল ? 

উত্তৰঃ মাধৱদেৱে বাবাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল। 


১৯। মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে ?

উত্তৰঃ মাধৱদেৱে ৰামায়ণৰ আদিকান্ত ৰামায়ন খণ্ড প্ৰণয়ন কৰে।


২০। নামঘােষাৰ অন্য এটা নাম কি ?

উত্তৰঃ নামঘােষাৰ অন্য এটা নাম হ’ল হেজাৰী ঘােষা।


২১। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা । 

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম হ'ল দধিমথন আৰু অর্জুন-ভঞ্জন।


২২। মাধৱদেৱৰ দ্বাৰা প্ৰণীত এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা ?

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা প্ৰণীত এখন তত্ত্বমূলক গ্ৰন্থৰ নাম হ'ল জন্মৰহস্য।


২৩। মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ মূল ৰস হ'ল দাস্যমূলক ভক্তিৰস।


২৪। বৰগীতসমূহ কেনেদৰে পৰিৱশন কৰা হয় ?

উত্তৰঃ ভাৰতীয় সঙ্গীত শাস্ত্ৰৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্ধাৰিত ৰাগ অনুসৰি পৰিৱেশন কৰা হয়।


২৫। মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।


২৬। মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয় ?

উত্তৰঃ মাধৱদেৱৰ নাটসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।


২৭। অংকৰ গীত কি ?

উত্তৰঃ অংকীয়া নাটসমূহত সন্নিৱিষ্ট গীতবোৰক অংকৰ গীত বোলা হয়।


২৮। 'অর্জুন-ভঞ্জন' নাটকখন কোনে ৰচনা কৰিচিল ? 

উত্তৰঃ 'অর্জুন-ভঞ্জন' নাটকখন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিচিল।


২৯। তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিত কবিৰ কি ভাৱ প্ৰকাশ পাইছে ? 

উত্তৰঃ পাঠ্যপুথিত থকা বৰগীতটিত কবিৰ শাস্ত্ৰীয় ৰাগজুক্ত আৰু আধ্যাত্মিক ভাৱ প্ৰকাশ পাইছে।



Class 10 Assamese Chapter 1 Borgeet Important Question Answer for 1st Unit Test 2025

৩০। আমাৰ সংগীতৰ প্ৰাচীন ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হৈছে ?

উত্তৰঃ অসমীয়া সংগীতৰ ইতিহাস অতি প্ৰাচীন। প্ৰাক শংকৰী যুগৰ বহু পূৰ্বতেই আৰম্ভ হৈছে।


৩১। বৰগীতৰ অন্তৰ্নিহিত সাৰতত্ত্ব কি ?

উত্তৰঃ বৰগীত সাংসাৰিক প্ৰেম কাহিনীৰ পৰা মুক্ত, সম্পূৰ্ণ আধ্যাত্মিক উপাসনা প্ৰসঙ্গৰ গীত। তদুপৰি ই মহাপুৰুষৰ দ্বাৰা ৰচিত হ’ব লাগিব।


৩২। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে ? HSLC 2016, 19

উত্তৰঃ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত 'বান্ধৱ' বুলি হৰিক সম্বােধন কৰিছে।


৩৩। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ ? HSLC 2017

উত্তৰঃ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো বসন্ত ৰাগৰ। 


৩৪। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি ? HSLC 2018

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ'ল নামঘােষা। 


৩৫। "সনক সনন্দ যোগী যাহাকু ধিয়ায়।" - সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ? HSLC 2020

উত্তৰঃ সনক, সনন্দ আদি যােগীসকলে হৰি অর্থাৎ ভগৱান শ্রীকৃষ্ণক/নাৰায়ণক ধ্যান কৰে বুলি কৈছে।


৩৬। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰা ? HSLC 2022, 25

উত্তৰঃ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত।


৩৭। মােহ-পাশ’ মানে কি ? HSLC 2023

উত্তৰঃ “মােহ-পাশ” মানে হ’ল মায়াৰ বন্ধন । 


৩৮। মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাব প্রকাশ পাইছে ? HSLC 2024

উত্তৰঃ মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে দাস্য ভক্তিৰ ভাব প্রকাশ পাইছে। 










No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.