12 Sept 2023

HS 2nd Year Assamese Chapter 7 Question Answer

HS 2nd Year Assamese Chapter 7 Question Answer

HS 2nd Year Assamese Chapter 7 Question Answer


HS 2nd Year Assamese Chapter 7 Question Answer: উভতি নহাৰ কবিতা/Obhati Nohar Kobita is the chapter 6 from AHSEC HS 2ND Year Assamese (MIL) Textbook সাহিত্য সৌৰভ/Sahitya Saurabh. উভতি নহাৰ কবিতা/Obhati Nohar Kobita is written by Nabakanta Barua. Here you can avail HS 2nd Year Assamese Chapter 7 Question Answer.



Class 12 Assamese chapter 7 Question Answer | উভতি নহাৰ কবিতা Class 12 Assamese | দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি | HS 2nd Year Assamese | Solution Assam Board | Class 12 Assamese Lesson 7 Question and Answer | HS 2nd Year Assamese Chapter 7 Solution


(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)


১। ‘উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ
‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাদেৱৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্রহ কৰা হৈছে।


২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ
‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।


৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।
উত্তৰঃ
ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য হৈছে –  ৰোমান্টিক কবিতা অতি কল্পনা প্রৱণ। আনহাতে আধুনিক কবিতা বাস্তৱবাদী।


৪। ‘উভতি নহাৰ কবিতা’ কোন শ্রেণীৰ কবিতা ?
উত্তৰঃ
'উভতি নহাৰ কবিতাটো আধুনিক শ্ৰেণীৰ কবিতা।


৫। ‘তামীঘৰা’ শব্দটিৰ অর্থ লিখা।
উত্তৰঃ
‘তামীঘৰা’ শব্দটিৰ অর্থ হ’ল – তম্বু।



Class 12 Assamese MIL Chapter 7 AHSEC Question Answer

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)


১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ
নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হল – ‘হে অৰণ্য হে মহানগৰ’, ‘এটি দুটি এঘাৰটি তৰা’ আৰু ‘ৰত্নাকৰ’ ।


২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ
নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস হ’ল – ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।


৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ
নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ’ল – ‘আখৰৰ জখলা’ আৰু ‘শিয়ালী পালেগৈ ৰতনপুৰ’।


৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?
উত্তৰঃ
কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল – ‘যন্ত্ৰণা’ । ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে এবাৰেই খেলিছে ।


৫। কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব ?
উত্তৰঃ
কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে বহু পৰিৱৰ্তন হʼব । তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব । তেতিয়া, কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব ।




Class 12 Assamese Lesson 7 Question Answer AHSEC

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫) 


১। কবি কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।
উত্তৰঃ
উভতি নহাৰ কবিতাটি কবি নৱকান্ত বৰুৱাৰ 'দলঙত তামীঘৰা' শীর্ষক কাব্যগ্ৰন্থৰ অন্তৰ্গত এটি সার্থক আধুনিক কবিতা। কবিতাটোত নিহিত হৈ আছে মানৱতাবাধ আৰু পৃথিৱীৰ প্ৰতি কবিৰ গভীৰ প্ৰেমৰ সুৰ। বৰ্ণময়, বৈচিত্র্যময় পৃথিৱীখনক কবিয়ে প্রাণভৰি ভাল পায়। পৃথিৱীৰ বায়ু, পানী আৰু মাটিৰ লগত কবিয়ে নিবিড় আত্মীয়তা অনুভৱ কৰে। সেয়ে এই ভালপোৱা পৃথিৱীখনক এৰি যাবলৈ কৰিব একেবাৰে মন নাই। কিন্তু তেওঁ জানে যে পৃথিৱীখন এৰি যাবলৈ মন নগ'লেওঁ, যাবই লাগিব। এয়াই চিৰন্তন সত্য। কবিয়ে জানে যে এই চিৰন্তন নিয়ম অনুসৰি এবাৰ গুচি গ'লে আৰু কেতিয়াও এই ভাল লগা পৃথিৱীখনত উভতি আহিব নোৱাৰে। ই প্ৰকৃতিৰ চিৰন্তন ৰীতি যাক কবিয়ে মানিবই লাগিব । সেয়ে কবিয়ে পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে।



২। ‘উভতি নহাৰ কবিতা’টিৰ মূলভাব লিখা ।
উত্তৰঃ
আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা । কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে । মৃত্যুয়ে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে। পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায়। তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয়। কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে। তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক উভতাই আনিব নোৱাৰে । যন্ত্ৰণাকো আকোৱালী লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালী বুলি কৈছে। এই ধেমালী কবিয়ে এবাৰেই খেলিলে। মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে। কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব। নতুন প্ৰজন্মই হʼব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হʼব নতুন দিন । মৃত্যুৰ পিছত কোনোৱেই দুনাই এই পৃথিৱীলৈ উভটি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্রত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে।



৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।
উত্তৰঃ
কবি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ৰ অন্তৰ্গত কবিতা পুথিৰ ‘উভতি নহাৰ কবিতা’ত যুগ পৰিৱৰ্তনৰ আভাস দেখা পোৱা যায় । কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভালপায়, কিন্ত যিমানে ভাল পালেও এই পৃথিৱীত তেওঁ চিৰদিন ৰৈ নাথাকে । মানুহ মৰণশীল, মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। এবাৰ গুছি যোৱাৰ পিছত কোনোৱেই এই পৃথিৱীলৈ পুনৰাই উভতি আহিব নোৱাৰে । কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব । ইতিমধ্যে আতৰি যোৱা কবিৰ জীৱনৰ লগত নতুন প্ৰজন্মৰ কোনো চিনাকি আৰু সম্পৰ্ক নাথাকিব । কবিৰ চিন্তা-চৰ্চা,  ধ্যান-ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আৰু অপ্ৰাসংগিক হৈ পৰিব । অৰ্থাৎ পুৰণি যুগৰ কোনো চিন–মোকাম নতুন যুগত নাথাকিব ।


৪। ‘উভতি নহাৰ কবিতা'ত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ
উভতি নহাৰ কবিতাটি কবি নৱকান্ত বৰুৱাৰ 'দলঙত তামীঘৰা” শীৰ্ষক কাব্যগ্ৰন্থৰ অন্তৰ্গত এটি সার্থক আধুনিক কবিতা। কবিতাটোত নিহিত হৈ আছে মানৱতাবাধ আৰু পৃথিৱীৰ প্ৰতি কবিৰ গভীৰ প্ৰেমৰ সুৰ। বৰ্ণময়, বৈচিত্র্যময় পৃথিৱীখনক কবিয়ে প্রাণভৰি ভাল পায়। পৃথিৱীৰ বায়ু, পানী আৰু মাটিৰ লগত কবিয়ে নিবিড় আত্মীয়তা অনুভৱ কৰে। সেয়ে এই ভালপোৱা পৃথিৱীখনক এৰি যাবলৈ কবিৰ একেবাৰে মন নাই। কিন্তু তেওঁ জানে যে পৃথিৱীখন এৰি যাবলৈ মন নগ'লেওঁ, যাবই লাগিব। এয়াই চিৰন্তন সত্য। কবিয়ে জানে যে এই চিৰন্তন নিয়ম অনুসৰি এবাৰ গুচি গ'লে আৰু কেতিয়াও এই ভাল লগা পৃথিৱীখনত উভতি আহিব নোৱাৰে। সেইবাবে নানা ঘাত-প্রতিঘাত, জ্বালা-যন্ত্রণা সহিওঁ কবিয়ে যিমান দিন পাৰে পৃথিৱীৰ বুকুত হেঁপাহেৰে জীয়াই থাকিবলৈ প্ৰয়াস কৰিছে। জাবৰৰ দমৰ পৰা সুন্দৰ সুবাসিত বকুল ফুল এপাহ আলফুলে বুটলি লোৱাৰ দৰে যন্ত্ৰণা ভৰা জীৱনটোওঁ উপভোগ কৰি তুলিব পাৰি। কবিয়ে জানে তেওঁৰ মৃত্যুৰ পাছতো আন আন বহুতো মানুহ এই পৃথিৱীলৈ আহিব। পিছে তেওঁলোকৰ সেই নতুন দিনৰ পৃথিৱীত পুৰণি কবিৰ কোনো চিনেই নাথাকিব। নতুন পুৰুষে সজোৱা নতুন জগতত যদিওঁ কবি হেৰাই যাব, সেই হোৰাই যোৱাৰ মাজতেই কবিয়ে তেওঁৰ জীৱনৰ সাৰ্থক পৰিসমাপ্তিৰ সম্ভাৱনা দেখিছে। এনেদৰে কবিতাটিত পৃথিৱীৰ প্ৰতি, জীৱনৰ প্ৰতি কবিৰ গভীৰ আস্থা প্ৰকাশ কৰিছে।



৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
       সেই মন্ত্ৰকে গালোঁ
       জীয়াই থকাৰ ধেমালিটো মই
       এবাৰেই খেলি গ’লোঁ ।
উত্তৰঃ প্ৰসংগঃ
উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কবি নৱকান্ত বৰুৱাদেৱ ৰচিত ‘উভতি নহাৰ কবিতা” শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ পৃথিৱীখনৰ প্ৰতি থকা অপাৰ ভালপোৱাৰ কথা প্ৰকাশ কৰিবলৈ গৈ কবিগৰাকীয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। 


ব্যাখ্যাঃ পৃথিৱীখনত জন্ম গ্ৰহণ কৰি কবিগৰাকীয়ে বহুতো শোক-দুখ, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ তথা প্ৰেৰণা৷ তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকেই বাৰে-বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্রণাময় ধেমালী। কবিয়ে জানে যে তেওঁ এবাৰ পৃথিৱীৰ পৰা গুছি গ'লে কেতিয়াও উভতি আহিব নোৱাৰে। তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ'ল অৰ্থাৎ তেওঁ এবাৰতেই যিমান পাৰি সিমান পৃথিৱীখনক উপভোগ কৰি গ'ল। 



(খ) কোনোবা আহিব মোৰ দৰে কোনো দিনা ?
     মোৰ সুৰতে বাজিব নতুন বীণা ?
     ওহোঁ সেয়া হʼব নতুন মানুহ
     সেই দিনো হʼব নতুন দিন
     মোৰ তাত একো নাথাকে চিন ।
উত্তৰঃ প্ৰসংগঃ
উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কবি নৱকান্ত বৰুৱাদেৱ ৰচিত ‘উভতি নহাৰ কবিতা” শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।


সংগতিঃ কবিয়ে পৃথিৱীখনৰ পৰা আতৰি যোৱাৰ পিছত পৃথিৱীলৈ যে বিৰাট পৰিৱৰ্তন আহিব তাকে ক'বলৈ গৈ কবিগৰাকীয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। 


ব্যাখ্যাঃ কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভাল পায়, কিন্তু ভাল পালেও তেওঁ পৃথিৱীৰ পৰা এবাৰ গুচি গ'লে পুনৰ উভতি আহিব নোৱাৰে। কবিৰ মৃত্যুৰ পিছতে পৃথিৱীলৈ পৰিৱৰ্তন আহিব। নতুন মানুহৰ জন্ম হ'ব। এই দিনবোৰো হ'ব নতুন। এই নতুনৰ পৃথিৱীত পুৰণি কবিৰ কোনো চিনেই নাথাকিব। কবিৰ স্মৃতি হেৰাই যাব পৃথিৱীৰ পৰা। পৃথিৱীখনৰ সুন্দৰ ৰূপ কবিয়ে দ্বিতীয়বাৰৰ বাবে দেখিবলৈ নাপাব। কবিৰ ঠাই পূৰাবলৈ নতুন পুৰুষ আহিব। নতুন পুৰুষৰ নতুন চিন্তা-ধাৰাৰ লগত কবিৰ চিন্তাৰো কোনো মিল নাথাকিব। এনেদৰে নতুন আহি আকৌ পুৰণি হ'ব আৰু আতৰি যাব পৃথিৱীৰ পৰা। তলসৰা বকুল ফুলৰ দৰে লয় পাব কবিৰ দেহ। এই কথাকে উক্ত কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰা হৈছে।



HS 2nd Year Final Exam Assamese (Sahitya Saorav) Common Question Answer 2024

১। নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল ?
উত্তৰঃ
নৱকান্ত বৰুৱাই ১৯২৬ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰিছিল ।


২। নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম লিখ।
উত্তৰঃ
নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম হ’ল জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয়।


৩। নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত কোনখন আলােচনীৰ অৱদান স্মৰণীয় ?
উত্তৰঃ
নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত ৰামধেনু আলোচনীৰ অৱদান স্মৰণীয়।


৪। নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধনে ?
উত্তৰঃ
নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধ নহয় ৰত্নাকৰ এখন কাব্যগ্রন্থহে।


৫। কোনখন শিশু আলোচনীৰ নৱকান্ত বৰুৱা প্ৰথম সম্পাদক আছিল ?
উত্তৰঃ ‘
জোনবাই’ নামৰ শিশু আলোচনীখনৰ নৱকান্ত বৰুৱা প্ৰথম সম্পাদক আছিল । 


৬। ‘মই নাহোঁ মই নাহোঁ’ বুলি কবিয়ে ক’লৈ নহাৰ কথা কৈছে ?
উত্তৰঃ
‘মই নাহোঁ মই নাহো’ বুলি কবিয়ে পৃথিৱীলৈ উভতি নহাৰ কথা কৈছে। 


৭। আলিৰ কাষৰ জাবৰৰ পৰা কবিয়ে কি তুলি ল’লে ? 
উত্তৰঃ
আলিৰ কাষৰ জাবৰৰ পৰা কবিয়ে বকুল তুলি ল’লে ।


৮।  কবিৰ সুৰতে নতুন দিনত কি বাজিব বুলি কৈছে ?
উত্তৰঃ
কবিৰ সুৰতে নতুন দিনত নতুন বীণা বাজিব বুলি কৈছে । 


৯। ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা।
উত্তৰঃ
ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম হ'ল – হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা, অজিৎ বৰুৱা, বীৰেন বৰকটকী আদি ।




PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read



















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.