9 Jul 2023

Anandaram Baruah (আনন্দৰাম বৰুৱা) Questions Answer HS 2nd Year MIL Assamese

Anandaram Baruah (আনন্দৰাম বৰুৱা) Questions Answer HS 2nd Year MIL Assamese

Anandaram Baruah (আনন্দৰাম বৰুৱা) Questions Answer HS 2nd Year MIL Assamese.


Anandaram Baruah (আনন্দৰাম বৰুৱা) Questions Answer HS 2nd year MIL Assamese: Anandaram Baruah (আনন্দৰাম বৰুৱা) from HS 2nd year MIL Assamese written by Upendra Chandra Lekharu (উপেন্দ্রচন্দ্ৰ লেখাৰু). Here you'll get Anandaram Baruah Questions Answer HS 2nd Year MIL Assamese. 



Class 12 Assamese Chapter 3 Anandaram Baruah Question Answer


আনন্দৰাম বৰুৱা (Anandaram Baruah) 


লেখক: উপেন্দ্রচন্দ্ৰ লেখাৰু



পাঠভিত্তিক প্রশ্নোত্তৰ


(ক) অতি চমু প্রশ্নঃ (প্রতিটা প্ৰশ্নৰ মূল্যাংক -১)


১। আনন্দৰাম বৰুৱাৰ কʼত জন্ম হৈছিল ? 

উত্তৰঃ "উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত" আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।


২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কʼলৈ গৈছিল ?

উত্তৰঃ‌ ভাৰতত শিক্ষা শেষ কৰি আনন্দ ৰাম বৰুৱা সুদূৰ "ইউৰােপলৈ" গৈছিল।


৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ?

উত্তৰঃ‌ আনন্দৰাম বৰুৱাই "মহাবীৰ চৰিতত" কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।


৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।

উত্তৰঃ‌ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা বিদেশী পণ্ডিত জন হʼল – জগতবিখ্যাত পণ্ডিত মেক্স মূলাৰ।


৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল ? 

উত্তৰঃ‌ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল "কৰ্ম"।




Class 12 Assamese MIL Chapter 3 AHSEC Question Answer

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্রশ্নৰ মূল্যাংক – ২ অথবা ৩)


১। আনন্দৰাম বৰুৱাৰ কোনবােৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ?

উত্তৰঃ‌ আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃ তথা আত্মীয়-স্বজনৰ প্রতি "শ্রদ্ধা, ভক্তি, স্বদেশপ্রেম, জ্ঞান চর্চাৰ প্ৰতি স্পৃহা, একাগ্রতা, পৰিশ্ৰম, মনোবল, কর্মদক্ষতা" আদি গুণবােৰ সদায় অনুকৰণ কৰিবলগীয়া ।



২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰােপলৈ যাবলৈ কিয় সাহ কৰা নাছিল ?

উত্তৰঃ‌ আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় সমাজখনত জাত-পাতৰ ক্ষেত্ৰত অত্যন্ত গোড়ামী আছিল। সেই সময়ত জাতি যোৱাৰ ভয়ত আৰু সাত সাগৰ, তে’ৰ নদী পাৰ কৰিবলগীয়া দীঘলীয়া দুর্গম যাত্ৰা হোৱা বাবে ভাৰতীয় কম লোকেহে ইউৰোপলৈ গৈছিল। এনেবোৰ কাৰণতেই ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল।



৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ?

উত্তৰঃ‌ আনন্দৰাম বৰুৱা নিজেই এজন জগত বিখ্যাত পণ্ডিত হৈয়ো, তেওঁ নিজকে দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি নিজৰ পৰিচয় দি সন্তোষ লাভ কৰিছিল ।



8। আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’- বুজাই লিখা।

উত্তৰঃ অসমৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই নিজৰ জন্মভূমিক সদায় ভক্তি কৰিছিল। বৰুৱাদেৱে “প্ৰাগজ্যোতিষপুৰ সম্ভৱম” বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ নিজে লিখা গ্ৰন্থ সমূহৰ মাজত য'তেই সুবিধা পাইছে তাতেই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি স্বদেশ প্ৰেমৰ পৰিচয় দাঙি ধৰিছে। উদাহৰণস্বৰূপে তেওঁৰ “মহাবীৰ চৰিত"ৰ সংস্কৃত বাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেবোৰ আলোচনাৰ দ্বাৰা আন্দৰামৰ নিজ দেশৰ প্ৰতি যে ভক্তিত কম নাছিল তাকেই আমি বুজিব পাৰোঁ।



৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ সংস্কৃত ভাষা সাহিত্যক আনন্দৰাম বৰুৱাই বিশেষ চৰ্চা কৰি নিজৰ প্ৰতিভাৰে জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু নৱযুগৰ আৰম্ভণী অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তােলাৰ বাবে আনন্দ ৰাম বৰুৱা সদায় পূজ্য থাৈকিব।




Class 12 Assamese Lesson 3 Question Answer AHSEC

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ৪ অথবা ৫)


১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে ? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰঃ উক্ত বাক্যশাৰী উপেন্দ্র চন্দ্ৰ লেখাৰুদেৱে আনন্দ ৰাম বৰুৱাৰ আদৰ্শ আৰু কৰ্মৰ কথা ক’বলৈ গৈ মন্তব্য কৰিছে । আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল অসমৰ এখন সৰু গাওঁত। সাধাৰণ অসমীয়াৰ দৰেই তেওঁ গাওঁৰ খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল। তেওঁ একান্তভাৱে জ্ঞান চর্চা কৰিছিল। এয়া তেওঁৰ বিশেষত্ব আৰু ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে। তেওঁ লিখা মূল্যৱান সংস্কৃত গ্ৰন্থ সমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব। ইয়াৰোপৰি, তেওঁ তেওঁৰ জীৱনত যিবিলাক আদর্শ দেখুৱাই গৈছে সেইবোৰ সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাওঁতা ৰূপে তেওঁক স্মৰণ কৰিব লাগে। অমৰ আৰু আকাৰহীন আনন্দৰামক মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে। প্ৰকৃততে, মহাপুৰুষ সকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজক উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।



২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল ? 

উত্তৰঃ অসমীয়া সাহিত্যৰ সু-সাহিত্যিক তথা প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে ‘আনন্দ ৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ জৰিয়তে আনন্দ ৰাম বৰুৱাৰ সুকীর্তিসমূহৰ কথা গুণানুকীৰ্ত্তন কৰিবলৈ যাওঁতে প্ৰাসংগিকভাৱে আনন্দৰাম বৰুৱাৰ একাগ্ৰতাৰ বিষয়ে আলোকপাত কৰিছে।


একাগ্ৰতা হৈছে ব্যক্তিৰ উন্নতিৰ মূল চাবি-কাঠি। এই গুণৰ বলত মানুহে সাহসী আৰু শক্তিবান হয়। ফলত জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ পথত অৱনীত হয়। আনন্দ ৰাম বৰুৱাৰ ব্যক্তিত্বৰ এক প্ৰধান বৈশিষ্ট্য হ'ল একাগ্রতা। এই গুণে তেওঁক কেৱল ভাৰততে নহয়, ইউৰোপ, আমেৰিকা আদি দেশতো স্মৰণীয় কৰি ৰাখিছে। আনন্দ ৰাম বৰুৱাই যিটো বিষয়ক লক্ষ্য কৰি লৈছিল তাক সাফল্য পাবলৈ তেওঁ অক্লান্ত মনোযোগেৰে নিষ্ঠা সহকাৰে যত্ন কৰিছিল। ল'ৰালিত ভাওনাত যোগ দিওঁতে যিদৰে একমনা আছিল, সেইদৰে লিখা-পঢ়াৰ ক্ষেত্ৰতো তেওঁ একমনা আছিল। হাতত লোৱা কোনোটো কামকে তেওঁ সৰু বুলি গণ্য নকৰি আন্তৰিকতাৰে তাক সমাধান। কৰিবলৈ চেষ্টা কৰিছিল। তেখেতে কার্যত এনেদৰে লিপ্ত আছিল যে তেওঁ তাৰবাবে চিকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এনেদৰে একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু কৰ্মী হ'ব পাৰিছিল।



৩। প্রসংগ -সংগতি দৰ্শাই ব্যাখ্যা কৰা — কৰ্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।

উত্তৰঃ প্ৰসংগঃ উদ্ধৃত মন্তব্যটি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰত'ৰ অন্তৰ্গত প্ৰবন্ধকাৰ উপেন্দ্রচন্দ্র লেখাৰুদেৱৰ দ্বাৰা ৰচিত ‘আনন্দৰাম বৰুৱা' শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। 


সংগতিঃ উক্ত মন্তব্যটিৰ জৰিয়তে আনন্দৰাম বৰুৱাৰ একান্ত কর্মনিষ্ঠাৰ কথা প্ৰশংসা কৰিবলৈ যোৱাৰ প্ৰসংগত অৱতাৰণা কৰিছে।


ব্যাখ্যাঃ কৰ্মই হৈছে মানুহৰ মূল ধর্ম। কর্মময় জীৱন তথা সাধনাই হৈছে প্ৰকৃততে জীৱন। আনহাতে কর্মহীন জীৱন যন্ত্রণাদায়ক তথা মৃত্যুতুল্য। কঠোৰ পৰিশ্ৰমী, অধ্যাৱসায়ী লোকেহে সংসাৰৰ ওখোৰা-মোখোৰা জীৱন যাত্ৰাত জয়ী হ'ব পাৰে। জগতবিখ্যাত পণ্ডিত আনন্দৰামেও এই পৰম ধৰ্মত বিশ্বাস আৰু আস্থা ৰাখিছিল। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ হ'ল কৰ্ম। অবিৰাম কর্মগতিত তেও বিচাৰি পাইছিল জীয়াই থকাৰ আনন্দ। কামৰ বাবে তেও প্ৰশংসা বা মান কেতিয়াও বিচৰা নাছিল। এয়াই প্ৰকৃত কৰ্মীৰ লক্ষণ। বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেও উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশেৰে বিশ্ববিখ্যাত হৈ পৰিছিল। আন নালাগে তেওৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। সেইবাবে প্ৰবন্ধকাৰ লেখাৰুদেৱে জীৱনৰ আন এটা নাম কৰ্ম বুলি কৈছে আৰু কৰ্মহীন জীৱনক মৃত্যুৰ লগত তুলনা কৰিছে।



৪। আনন্দ ৰাম বৰুৱাৰ মহৎ আদর্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ ? 

উত্তৰঃ অসমীয়া সাহিত্যৰ সু-সাহিত্যিক তথা প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে 'আনন্দ ৰাম বৰুৱা’ শীর্ষক পাঠটিৰ জৰিয়তে আনন্দ ৰাম বৰুৱাৰ সুকীর্তিসমূহৰ কথা গুণানুকীৰ্ত্তন কৰিবলৈ যাওঁতে প্রাসংগিকভাৱে আনন্দ ৰাম বৰুৱাৰ জীৱনৰ মহৎ আদর্শৰাজিৰ বিষয়ে আলোকপাত কৰিছে।


একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত অসমীয়ায়ো জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দখল কৰিব দাবী কৰিব পাৰে বুলি আত্মবিশ্বাস আনন্দ ৰাম বৰুৱাই আমাৰ দেশক দিলে। সেইজন আনন্দ ৰাম বৰুৱাৰ মহৎ আদর্শৰাজিৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতি-মন্দিৰ স্থাপন কৰি, তেওঁৰ স্মৃতি-গ্রন্থাদি কৰি, অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতি পথত পৰিচালিত কৰিব পাৰোঁ আৰু মহান মহান আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই আমাৰ নিজ মনোবৃত্তিৰ আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰো।



৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।

উত্তৰঃ সুসাহিত্যিক উপেন্দ্র চন্দ্ৰ লেখাৰু দেৱৰ মত অনুসৰি আনন্দ ৰাম বৰুৱাৰ আগতে সংস্কৃত চর্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নােৱাৰি। পাশ্চাত্যৰ লােকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলােচনা কৰিবলৈ সুবিধা পােৱা নাছিল। কিন্তু আনন্দ ৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আদর্শ কৰি ভাৰততাে বহুতে সংস্কৃত চর্চা কৰিবলৈ ধৰিলে। আমাৰ অসমৰ লােকসকলৰ তেওঁ গৌৰৱ ৰবি। আজিও যিসকল লােকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলাে প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাবে আনন্দ ৰাম বৰুৱাই যিজনে প্রথমে নবযুগৰ আৰম্ভণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্রত্যয় জন্মালে তেওঁ হৈছে আনন্দ ৰাম বৰুৱা। আনন্দ ৰাম বৰুৱাই তেওঁৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল।





HS 2nd year Final Exam Assamese (Sahitya Saorav) Common question answer 2024

১। উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল ?

উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল । 


২। আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা । উঃ‌মাঃ ২০১৫

উত্তৰঃ আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখন হ’ল— ‘অমৰকোষ'।


৩। আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ দীঘল হৈছিল ?

উত্তৰঃ আন অসমীয়াৰ দৰে আনন্দৰামে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল ৷


৪। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে ?

উত্তৰঃ জ্ঞান চৰ্চাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে।


৫। উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম কি ?  উঃ‌মাঃ ২০১৭

উত্তৰঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম হ’ল—কথাগুৰু চৰিত।


৬। মানুহৰ সাৰ-বস্তু কি ?

উত্তৰঃ মানুহৰ সাৰ-বস্তু হ'ল জ্ঞান।


৭। আনন্দৰাম বৰুৱাৰ আত্মজীৱনী কোনে লিখিছিল ?

উত্তৰঃ ড. সূর্যকুমাৰ ভূঞাই আনন্দৰাম বৰুৱাৰ আত্মজীৱনী লিখিছিল। 


৮। উপেন্দ্র চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্রন্থ দুখনৰ নাম লিখা । উঃ‌মাঃ ২০১৮

উত্তৰঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্রন্থ দুখনৰ নাম হ’ল- (১) ভক্তি বিবেক আৰু (২) কথা সাহিত্য।


৯। আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰত কি কৰি থৈ গৈছিল ?

উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা-সাহিত্য চৰ্চাৰ মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল। 


১০। আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ বিশেষত্ব কি ?

উত্তৰঃ একাগ্ৰতাৰ সৈতে জ্ঞান চৰ্চা কৰাটোৱেই হ'ল আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ বিশেষত্ব।


১১। ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন ? উঃ‌মাঃ ২০১৯

উত্তৰঃ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া হল- আনন্দৰাম বৰুৱা।


১২।  আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল ?

উত্তৰঃ আনন্দৰাম বৰুৱাই কলিকতাৰ প্রেছিডেন্সী কলেজৰ পৰা ১৮৬৯ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল ৷


১৩। এনক আর্ডেনৰ অনুবাদকগৰাকীৰ নাম লিখা। উঃ‌মাঃ ২০২০

উত্তৰঃ এনক আর্ডেনৰ অনুবাদকগৰাকীৰ নাম হ’ল—উপেন্দ্র চন্দ্ৰ লেখাৰু।


PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 











No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.