12 May 2025

Class 12 Education Chapter 5 Common Question Answers for HS 2026

Class 12 Education Chapter 5 Common Question Answers for HS 2026

Class 12 Education Chapter 5 Common Question Answers for HS 2026


Class 12 Education Chapter 5 Common Question Answers for HS 2026: Attention and Interest (মনোযোগ আৰু আগ্ৰহ) is the chapter 5 Class 12 Education. Here you can avail Class 12 Education Chapter 5 Common Question Answers for HS 2026. 



Class 12 Education question answer Assamese medium | Class 12 Education Question Answer English medium


মনোযোগ আৰু আগ্ৰহ (খ)


প্ৰশ্নাৱলী

ৰচনাত্মক প্রশ্নঃ


১। মনােযােগ কাক কয় ? মনােযােগৰ কেইটামান সংজ্ঞা আগবঢ়োৱা । 

উত্তৰঃ মনোযোগ হৈছে এটি মানসিক ক্ৰিয়া । এই ক্ৰিয়াৰ সহায়ত আমি বহু উদ্দীপকৰ মাজত এটা বিশেষ উদ্দীপক বাচি লৈ তাৰ প্ৰতি সঁহাৰি জনাওঁ। মনোযোগ বুলিলে ইয়াকে বুজাই যে কোনো বস্তু বা বিষয় সম্পৰ্কে একান্তভাৱে সচেতন হোৱাকে মনোযোগ বোলে। 


মনোযোগৰ কেইটামান মনোবিধসকলে আগবঢ়োবা সংজ্ঞা হ'ল-


জেমছ ৰ'চৰ মতে "মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়।"


ৰাইবাৰ্ণ নামৰ মনোবিদ এজনে তেখেতৰ বিখ্যাত গ্ৰন্থ "Introduction to Educational Psychology" ত মনোযোগ সম্বন্ধে এনেধৰণে কৈছে- "মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য য'ত অনুভূতি, ইচ্ছা লগতে বোধশক্তি নামৰ মৌলিক ক্ৰিয়াও নিহিত থাকে।"


মনোবিধ গিলফোৰ্ডৰ মতে-"মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়।"  



২। মনােযােগৰ কেইটামান মনকৰিবলগীয়া বৈশিষ্ট্যৰ বিষয়ে লিখা ।

উত্তৰঃ মনোযোগৰ কেইটামান মনকৰিবলগীয়া বৈশিষ্ট্যৰসমূৰ হ'ল-


(১) মনোযোগ মনৰ শক্তি নহয়, ই এক মানসিক ক্ৰিয়াহে।

(২) মনোযোগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰোপিত কৰা হয়।

(৩) আমাৰ পঞ্চেন্দ্ৰিয়ক প্ৰভাৱিত কৰা সকলো বিষয় প্ৰতি মনোযোগ প্ৰদান কৰা নহয়, মনোযোগ এটা সময়ত এক বিশেষ বস্তু বা বিষয়ৰ ওপৰতহে নিবদ্ধ কৰা হয়।

(৪) নিৰ্বাচনধৰ্মিতা মনোযোগৰ এক বিশেষ বৈশিষ্ট্য। মনোযোগ প্ৰদানৰ বাবে মনে সদায় এক বিশেষ বিষয় বা বস্তু নিৰ্বাচন কৰি লয়।

(৫) মনোযোগৰ সহায়ত মানুহৰ কৌতুহল  পূৰণ হয়। কাৰণ ই ব্যক্তিক অনুসন্ধান কাৰ্যত সহায় কৰে। সেইকাৰণে অনুসন্ধানধৰ্মিতা মনোযোগৰ এক বৈশিষ্ট্য বুলি গণ্য কৰে।



৩। উদাহৰণসহ ব্যাখ্যা কৰা —


(ক) ভাৱাত্মক আৰু সংবেদনাত্মক মনােযােগ । 

উত্তৰঃ কোনো  ভাব, চিন্তা, অনুভৱৰ প্ৰতি যি মনোযোগ দিয়া হয়, তাকে ভাৱাত্মক মনোযোগ বোলে। যেনে-কোনো এটা নতুন কামৰ বাবে চিন্তা কৰা। বা কোনো নতুন বস্তুৰ আৱিস্কাৰ প্ৰতি ব্যক্তি জনৰ মনোযােগ।


আনহাতে,  যি মনোযোগ ইন্দ্ৰিয়ৰ সহায়েৰে প্ৰদান কৰা হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। যেনে- এখন ছবিৰ প্ৰতি ব্যক্তিৰ যি মনোযোগ। 



(খ) বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনােযােগ । 

উত্তৰঃ যেতিয়া কোনো এটা বিষয়বস্তু ওপৰত সকলো দিশ বিচাৰ কৰি মনোযোগ নিবদ্ধ কৰা হয় তাকে বিশ্লেষণাত্মক মনোযোগ বোলে। উদাহৰণস্বৰূপে কাপোৰ এযোৰ ক্ৰয় কৰাৰ সময়ত দাম, কাপোৰৰ গুণাগুণ, ৰঙৰ সংমিশ্ৰণ আদি সকলো দিশলৈ মনোযোগ প্ৰদান কৰাতো বিশ্লেষণাত্মক মনোযোগ।


আনহাতে, কোনো বস্তুৰ সামগ্ৰিকভাৱে মনোযোগ দিয়া হয় তেতিয়া তাক সংশ্লেষণাত্মক মনোযোগ বোলে।যেনে- এখন ছবি নিৰীক্ষণ কৰোতে বিভিন্ন দিশ পৃথক হিচাপে পৰ্যবেক্ষণ নকৰি যেতিয়া একক হিচাপে ছবিখনৰ প্ৰতি মনোযোগ দিয়া হয়।    



৪। আগ্রহ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ আগ্ৰহ হৈছে মনোযোগৰ সবাতোকৈ প্ৰয়োজনীয় আৰু আভ্যন্তৰীণ কাৰণ। আগ্ৰহে আমাক মনোযোগ প্ৰদানৰ বাবে উৎসাহ প্ৰদান কৰে। তাকে আগ্ৰহ বোলে। 


আগ্ৰহৰ বৈশিষ্ট্যসমূহ হ'ল-


(১) আগ্ৰহ মনত এক মনৰ এক অন্তৰ্নিহিত অৱস্থা যি মনোযোগ প্ৰদানৰ বাবে ব্যক্তিক প্ৰেৰণা যোগায়।

(২) আগ্ৰহ ব্যক্তিৰ নানাধৰণৰ অনুভূতি জড়িত অভিজ্ঞতাৰ পৰা উদ্ভৱ হ'ব পাৰে।

(৩) আগ্ৰহক মনোযোগৰ প্ৰধান কাৰক বুলি বিবেচনা কৰা হয়। 



৫। মনােযােগ আৰু আগ্ৰহৰ সম্বন্ধ বিচাৰ কৰা ।

উত্তৰঃ মনোযোগ প্ৰদানৰ ক্ষেত্ৰত পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতাক নিবদ্ধ কৰা হয়। আগ্ৰহ মনৰ এনে এক অৱস্থা যি মনোযোগ গঢ় লৈ উঠাৰ ইন্ধন যোগায়।গতিকে ইয়াকে বুজা যায় যে মনোযোগ আৰু আগ্ৰহৰ এক অবিচ্ছেদ্য সম্বন্ধ আছে। আগ্ৰহ প্ৰত্যেক ব্যক্তিৰ মনৰ মাজত এক সুপ্ত বা অন্তৰ্নিহিত মানসিক অৱস্থা। আমাৰ পৰিৱেশৰ বিভিন্ন বিষয়ৰ পৰা এটা বাছি লৈ মনোনিবেশ কৰিবলৈ উৎসাহ যোগায়। সেয়েহে আগ্ৰহৰ অবিহনে মনোযোগ সম্ভৱ নহয়। কোনো এটা বিষয়ৰ আগ্ৰহ থাকিলে অতি স্বাভাৱিকভাৱে মনোযোগৰ সৃষ্টি হয়।   



৬। আগ্রহ আৰু মনােযােগৰ শিক্ষাক্ষেত্ৰত গুৰুত্ব সম্পর্কে আলােচনা আগবঢ়োৱা ।

উত্তৰঃ শিক্ষা আহৰণৰ ক্ষেত্ৰত আমাৰ মনোযোগ আৰু আগ্ৰহৰ প্ৰয়োজন অনস্ৱীকাৰ্য। আগ্ৰহৰ অভাৱত কোনো কথাতে মন দিব নোৱাৰি। মনোযোগৰ অভাৱত কোনো কথা ভালদৰে শিকাটো সম্ভৱ নহয়। শিক্ষাৰ্থী মনত শিক্ষা বিষয়ৰ প্ৰতি আগ্ৰহ আৰু মনোযোগ সৃষ্টি কৰাই হৈছে শিক্ষকৰ প্ৰধান দায়িত্ৱ। আগ্ৰহে কামত সক্ৰিয়তা আৰু উদ্দীপনা জগায়। গতিকে কি উপায়েৰে শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে, তলত দিয়া কথাখিনি মনত ৰাখিলে প্ৰত্য়েক শিক্ষকে তেওঁৰ শিক্ষাদান কাৰ্য অধিক ফলদায় কৰিব পাৰিব।


(১) শিক্ষাৰ প্ৰধান কেন্দ হ'ল শিশু। গতিকে পাঠ্য়ক্ৰম শিশুৰ উপযোগী হ'ব লাগিব।

(২) শিক্ষণীয় বিষয় সৰল কৰি প্ৰদান কৰিব লাগিব। বিষয়বস্তু নাপালে আগ্ৰহ হ'ব নোৱাৰে।

(৩) নতুন কথা এটা সদায় পূৰ্বজ্ঞানৰ ভিত্তিত প্ৰতিষ্ঠিত কৰি শিকাব লাগে।

(৪)প্ৰেৰণা যোগাব পৰা এটা ডাঙৰ গুণ। উপযুক্ত প্ৰেৰণা সৃষ্টি কৰিব পাৰিলে আগ্ৰহ বাঢ়ে।

(৫) সুস্থ শৰীৰ আৰু মনে শিক্ষাৰ প্ৰভাৱ পেলায়। গতিকে শিক্ষাৰ্থীৰ এই দিশ দুটাৰ প্ৰতিও চকু দিব লাগে।

(৬)শিক্ষকৰ মনোভাবেও শিক্ষাৰ ওপৰত প্ৰভাৱ পেলায় । যি শিক্ষাক আগ্ৰহশীল সক্ৰিয় আৰু প্ৰফুল্লিত তেনে শিক্ষকৰ শিক্ষাদান বেছি ফলদায়ক হয়।

(৭) শিক্ষাৰ সময় দীঘল হ'লে আমনি অহাটো স্ৱাভাৱিক। সেইবাবে জিৰণি আৰু অভিনৱত্ৱ প্ৰয়োজন।

(৮) বাস্তৱ জীৱনৰ লগত পাঠ্য়ক্ৰমৰ বিষয়বস্তু সদায় জড়িত কৰিবলৈ চেষ্টা কৰিব লাগে।

(৯) আগ্ৰহ ঘাইকৈ নিৰ্ভৰ কৰে সহজাত প্ৰবৃত্তি, আৱেগ-অনুভূতি আৰু কৈশলৰ ওপৰত।এইবোৰ কামত লগাব লাগে।

(১০) উপমা, দৃষ্টান্ত, কবিতা আদিয়ে বিষসবস্তু আকৰ্ষণীয় কৰে আৰু যিমান পাৰি এইবোৰ ব্য়ৱহাৰ কৰিব লাগে।

(১১)শ্ৰেণীৰ পৰিৱেশ আকৰ্ষণীয় হ'ব লাগে আৰু শিক্ষাক নানা ধৰণৰ আৱশ্য়কীয় সৰঞ্জাম ব্য়ৱহাৰ কৰি পাঠ আকৰ্ষণীয় কৰি তুলিব লাগে।

(১২) দৈহিক পাঠ কৰোঁতে শিক্ষকে সকলো কথা খৰচি মাৰি শিকাব লাগে।

(১৩) শিক্ষাদানৰ ক্ষেত্ৰত উদ্গনিয়ে কাম কৰে। শিক্ষকে শিক্ষাৰ্থীক নিৰুৎসাহ নকৰি বা কটু কঠা নকৈ উৎসাহ দিব লাগে।

(১৪) বিষয়বস্তু হঠাৎ প্ৰদান নকৰি শিক্ষাৰ্থীৰ মন বিষয়বস্তুৰ প্ৰতি সহজ কথাৰে আকৰ্ষণ কৰিব লাগে। শিক্ষাৰ  ক্ষেত্ৰত মনোযোগ আগ্ৰহ গুৰুত্ৱ অতি বেছি। দৰাচলতে শিক্ষাবিদসকগলে মনোযোগ আৰু আগ্ৰহক শিক্ষাৰ মূল উপাদান বুলি স্বীকাৰ কৰিছে। ইয়ে শিক্ষাৰ্থীক জ্ঞান আহৰণৰ লক্ষ্য় বা উদ্দ্য়ত উপনীত হ'বৰ বাবে পথৰ সন্ধান দিয়ে। আনহাতে, শিক্ষকৰ বাবে আগ্ৰহ আৰু মনোযোগ আকৰ্ষণ কৰাটো দৰকাৰ।



৭। তলত দিয়া উক্তিকেইটা ব্যাখ্যা কৰা-

(ক) “ আগ্রহ মনােযােগৰ সুপ্ত অৱস্থা আৰু মনােযােগ আগ্রহৰ সক্রিয় অৱস্থা । ” 

উত্তৰঃ "আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা" মেক্ডুগেলে কয় ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে মনোযোগ আগ্ৰহৰ এনে ওতঃপ্ৰোত সম্বন্ধ যে এবিধ আনবিধৰ পৰা পৃথক কৰিব নোৱাৰি। যেতিয়ালৈকে আমাৰ মনত মনোযোগ নিষ্কৰ্ম বা সুপ্ত অৱস্থাত থাকে সেই অৱস্থাক মেক্ডুগলে আগ্ৰহ বুলি কৈছে। যি মূহূৰ্ততে সুপ্ত আগ্ৰহ পৰিৱেশৰ কোনো কাৰকৰ ফলত জাগ্ৰত হৈ পৰে তেনে অৱস্থাক মনোযোগ বোলে। গতিকে মেক্ডুগেলৰ মতে আগ্ৰহ মনোযোগৰ এক প্ৰধান কাৰণ।  



(খ) “ মনােযােগ আৰু আগ্রহ একেটা মুদ্ৰাৰে দুটা পিঠি মাথােন । ”

উত্তৰঃ মনোযোগ প্ৰদানৰ ক্ষেত্ৰত পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতাক নিবদ্ধ কৰা হয়। আগ্ৰহ মন এনে এক অৱস্থা য'ত মনোযোগ গঢ় লৈ উঠাত ইন্ধন যোগায়। গতিকে বুজিব পৰা যায় যে মনোযোগ আৰু আগ্ৰহৰ এক অবিচ্ছেদ্য় সম্বন্ধ আছে।


আগ্ৰহ প্ৰত্য়েক ব্যক্তিৰ মনৰ মাজৰ এক সুপ্ত বা অন্তৰ্নিহিত মানসিক অৱস্থা। ইয়েই আমাক পৰিৱেশৰ বিভিন্ন বস্তু বা বিষয়ৰ পৰা এটা বাছি লৈ মনোনিবেশ কৰিবলৈ উৎসাহ যোগায়। সেয়েহে আগ্ৰহ অবিহনে মনোযোগ সম্ভৱ নহয় বুলি কোৱা হয়। কোনো বিষয়ৰ প্ৰতি আগ্ৰহ থাকিলে অতি স্বাভাৱিকভাৱে বা প্ৰচেষ্টাবিহীনভাবেই মনোযোগৰ সৃষ্টি হয়।


 

(গ) “আগ্রহ শিক্ষাৰ উপায় আৰু সমাপ্তিও ” ।

উত্তৰঃ  শিক্ষাক্ষেত্ৰত  বিশেষ গুৰুত্ৱ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য় ৰাখি মনোবিদসকলে মনোযোগ আৰু আগ্ৰহক শিক্ষা প্ৰকিয়াৰ উপায় আৰু সমাপ্তি''বুলি অভিহিত কৰিছে। যি কোনোধৰণৰ ফলপ্ৰসু শিক্ষাণৰ বাবে ব্য়ক্তিৰ মানসিক সজাগতা আৰু  ইচ্ছাৰ নিতান্তই প্ৰয়োজন। আনহাতে কেৱল মনোযোগ আৰু আগ্ৰহেহে এনে মানসিক অৱস্থাৰ সৃষ্টি কৰিব পাৰে, সেয়েহে মনোযোগ আৰু আগ্ৰহক শিক্ষাক্ষেত্ৰত উপায় আৰু সমাপ্তি বুলি কোৱা হৈছে



৮। এগৰাকী শিক্ষক হিচাপে নিজকে গণ্য কৰি লৈ শিক্ষার্থীৰ মনোযােগ আৰু আগ্রহ বর্ধনৰ বাবে কি কি উপায় অবলম্বন কৰিবা ? 

উত্তৰঃ এগৰাকী শিক্ষক হিচাপে গণ্য় কৰি লৈ শিক্ষাৰ্থীৰ মনোযোগ আৰু আগ্ৰহ বৰ্ধনৰ বাবে অবম্ৱন কৰা উপায় বোৰ হ'ল


(ক) শ্ৰৱণ দৰ্শন সঁজুলিৰ ব্যৱহাৰঃ‌ শ্ৰেণীকোঠাত শিক্ষকে কোনো বিষয়ত ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ হ'লে আকৰ্ষণীয় দৃশ্য়-শ্ৰৱণ সঁজুলি ব্যৱহাৰ কৰিব পাৰে।


(খ) দৃষ্টান্তৰ ব্য়ৱহাৰঃ ছাত্ৰৰসকলৰ পাঠদানৰ কালত শিক্ষকে শিক্ষণীয় বিষয়বস্তুৰ লগত ৰিজাই দৃষ্টান্ত বা উপমা ব্যৱহাৰ কৰিব পাৰে। পুৰস্কাৰ আৰু শাস্তিৰ এই দুই ধৰনৰ ব্য়ৱস্থাও সহায় লোৱা হয়। ফলত ছাত্ৰই নতুন বিষয় সহজে বুজি উঠিব পাৰে। আনহাতে, মনোযোগ, আগ্ৰহ দুয়টোই প্ৰদান কৰিব পাৰে।


(গ) কৌতুক বা ৰগৰঃ জন্মগত হাস্ব প্রবৃত্তিৰ বাবেই আমি হাঁহি-ধেমালি কৰোঁ। শিক্ষাদানৰ সময়তো হাঁহি-ধেমালিৰে আগ্ৰহ আৰু মনোযোগ দুয়োটাই আকৰ্ষণ কৰিব পাৰি।


(ঘ) শিক্ষকৰ ব্যক্তিত্বঃ‌ ছাত্ৰৰ মনত শিক্ষণীয় বিষয়ৰ প্ৰতি সহজেতেই  আগ্ৰহ সৃষ্টি কৰিব পাৰে শিক্ষকৰ ব্য়ক্তিত্ৱই। শিক্ষকৰ আচাৰ ব্যৱহাৰ, পিন্ধান-উৰণ, চাল-চলন আদিয়ে ছাত্ৰৰ মনত প্ৰভাৱিত কৰিব পাৰে।


(ঙ) পুনৰাবৃত্তিৰ বৰ্জনঃ শিক্ষকে ছাত্ৰ-ছাত্ৰী মনোযোগ আৰু আগ্ৰহ অটুট ৰাখিবৰ বাবে  পাৰিলে বাৰে বাৰে পুনৰাবৃত্তিৰ ব্যবস্থা এৰাই চলিব লাগে । কিয়নো পুনৰাবৃত্তিয়ে ছাত্ৰৰ মনত শিক্ষাৰ প্ৰতি অৱসাদৰ সৃষ্টি কৰিব পাৰে।


(চ) কাৰ্যকৰী শিক্ষণ পদ্ধতিঃ কাৰ্যকৰী শিক্ষণ পদ্ধতিৰ দ্বাৰা শিক্ষা বিষয় ছাত্ৰ-ছাত্ৰীৰ বাবে সহজে আকৰ্ষণীয় কৰি তুলিব পাৰি। ক্ৰীয়া বা খেলৰ কাৰ্য়কৰী পদ্ধতিৰ সহায়ত ছাত্ৰ-ছাত্ৰী মনোযোগ আকৰ্ষণ কৰিব পাৰি।    



৯। মনােযােগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ মনোযোগৰ বস্তুনিষ্ঠ আৰু ব্যক্তি কাৰণবোৰৰ ব্যাখ্যাসমূহ হ'ল 


বস্তুনিস্থ কাৰণঃ মনোযোগ অধিকভাৱে বাহ্য়জগতৰ বিষয়বস্তুৱে নিৰ্ধাৰণ কৰে। উদ্দীপকৰ কেতবোৰ বৈশিষ্ঠপূৰ্ণ অৱস্থাই ব্যৱহাৰিকভাৱে ব্যক্তি মন আকৰ্ষণ কৰে। এই ক্ষেত্ৰত যিবিলাক বাহিৰা নিৰ্দ্ধাৰকৰ দ্বাৰা মনোযোগে আকৰ্ষিত হয়, তাকেই মনোযোগৰ বাহ্য়িক বা বস্তুনিষ্ঠ কাৰণ বোলা হয়। মনোযোগ নিৰ্ভৰ কৰে এনে ব্যৱহাৰিক বা বস্তুনিষ্ঠ কাৰণ কিছুমান সংক্ষেপে বৰ্ণনা কৰিব পাৰি-


(১) আকাৰ বা আকৃতিঃ উদ্দীপকৰ আকৃতি মনোযোগৰ এক উল্লেখযোগ্য কাৰণ, সৰু আকাৰৰ বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৰ প্ৰতি আমাৰ মন সহজেই আকৰ্ষিত হয়। সেই কাৰণে ই ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজ্ঞাপন, পোষ্টাৰ আদি ঠায়ে ঠায়ে আঁৰি দিয়া হয়।


(২) তীব্ৰতাঃ শক্তিশালী উদ্দীপকৰ প্ৰতি আমাৰ মনোযোকগ সহজেই আকৰ্ষিত হয়। ক্ষীণ আৰু উচ্চ এই দুই স্তৰৰ ভিতৰত উচ্চ স্তৰৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষিত হৈ পৰে। শ্ৰেণীত প্ৰথমবাৰ মনোযোগ দিব নোৱাৰা ছাত্ৰৰ প্ৰতি সেয়েহে শিক্ষকে পুনৰাবৃত্তি কৰি থাকিলে ছাত্ৰই মনোযোগ দি উঠিব পাৰে। 

(৩) নতুনত্বঃ বিষয়বস্তুৰ নতুনত্বই আমাৰ মনত আগ্ৰহৰ সৃষ্টি কৰে। সেয়েহে কোনো অভিনৱ বস্তুৰ প্ৰতি আমাৰ মনত সহজে আকৰ্ষিত হয়। এনে কাৰণতে শিশুৰ বাবে নতুন পুতলা, ছাত্ৰৰ বাবে নতুন কিতাপ সদায়ে আকৰ্ষণীয় হয়।

(৪) গতিশীলতাঃ স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ মন আকৰ্ষণ কৰিব পৰা ক্ষমতা অধিক। সেইবাবে ৰৈ থকা গাড়ীখনতকৈ গৈ থকা গাড়ীখন আমাৰ অধিক মনোযোগৰ বিষয় হৈ উঠে। 

(৫) উজ্জ্বলতাঃ উজ্জ্বল বস্তুৰ প্ৰতি স্বাভাৱিকতেই মন আকৰ্ষিত হোৱা দেখা যায়। সেইবাবে সৰু ল'ৰা-ছোৱাৰী কিতাপত বিভিন্ন ধৰণৰ উজ্জ্বল ৰঙৰ ছবি ব্যৱহাৰ কৰা হয়।

(৬) পৰিৱৰ্তনঃ পৰিবেশ পৰিবৰ্তনেও মনোযোগ আকৰ্ষণ কৰে। কাৰণ আমাৰ মনোযোগ স্বাভাৱিকতেই পৰিৱৰ্তনশীল হয়। সেয়েহে ছাত্ৰ-ছাত্ৰীৰ মনোযওগ আকৰ্ষণ কৰিবলৈ শিক্ষকে তেওঁৰ ভাৱ-ভঙ্গী, গতিবিধি আৰু মাতৰ পৰিৱৰ্তন কৰা উচিত।

(৭) গোপনীয়তাঃ কোনো ৰহস্য়াবৃত্ত ঘটনাৰ প্ৰতি আমাৰ মনোযোগ সহজে্ আকৰ্ষিত হয়। বিষয়বস্তুৰ গোপনীয়তাই আমাৰ মনত অধিক কৌতুহল আৰু মনোযোগৰ সৃষ্টি কৰে। সেয়েহে ক'বলৈ মানা কৰা কথা আৰু কৰিবলৈ বাধা দিয়া কামৰ প্ৰতি শিশু ্ধিক মনোযোগী হৈ উঠা দেখা যায়।

(৮) পুনৰাবৃত্তিঃ কোনো এটা বিষয় বাৰে বাৰে পুনৰাবৃত্তি কৰি থাকিলেও আমাৰ মনোযোগ তাত নিবদ্ধ হৈ পৰে। শ্ৰেণীত প্ৰথমবাৰ মনোযোগ তদিব নোৱাৰা ছাত্ৰৰ প্ৰতি সেয়েহে শিক্ষকে পুনৰাবৃত্তি কৰি থাকিলে তেনে ছাত্ৰই মনোযোগ দি উঠিব পাৰে।

(৯) বৈসাদৃশ্যঃ বৈসাদৃশ্যও এক প্ৰকাৰৰ নতুনত্ব। বহুতো বস্তুৰ মাজত মাজত বৈসাদৃশ্য থকা মাত্ৰ এটা বস্তুেৱই আমাক তাৰ প্ৰতি মনোযোগী কৰি তোলে।

(১০) দীৰ্ঘস্থায়িত্বঃ উদ্দীপকৰ স্থায়িত্বৰ ওপৰতো মনোযোগ বহু পৰিমাণে নিৰ্ভৰ কৰে।

(১১) শৃংখলাবদ্ধতাঃ শৃংখলাবদ্ধ আৰু পৰিপাটীকৈ সজাই ৰখা বস্তুৱে সহজে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ অভাৱত মনোযোগ ক্ষতিগ্ৰস্ত হ'ব পাৰে।

(১২) অৱস্থিতিঃ বিষয়বস্তু উপস্থাপনৰ এক বিশেষ অৱস্থিতিয়েও ব্যক্তি মনোযোগ আকৃষ্ট কৰা দেখা যায়।


ব্যক্তিনিষ্ঠ কাৰণঃ মনোযোগৰ ব্ক্তিনিষ্ঠ বা আভ্য়ন্তৰীণ কাৰণবিলাকে ব্যক্তিমনৰ সহজাত প্ৰবৃত্তি, অনুভূতি, াগ্ৰহ, শিক্ষা আদি মানসিক অৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত। এইবিলাকক আভ্যন্তৰীণ বোলা হয়। এই কাৰণেই যে এনে মনোযোগ বাহ্যিক পৰিবেশক কোনো বিষয়বস্তুৰ দ্বাৰা আকৰ্ষিত হৈ সৃষ্টি নহয়। ই ব্যক্তিৰ একান্ত নিজস্ব মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। এনে আভ্য়ন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণসমূহ হ'ল- 


(১) আগ্ৰহঃ বিষয়ৰ প্ৰতি আগ্ৰহে মনোযোগ সৃষ্টি কৰে। আগ্ৰহৰ অভাৱত মনোযোগ দিব পৰা নাযায়। সেইবাবেই মেকডুগেলে আগ্ৰহক মনোযোগৰ এক অন্তৰ্নিহিত অৱস্থা ৰূপে বৰ্ণনা কৰিছে। গতিকে আগ্ৰহ মনোযোগৰ প্ৰধান চৰ্ত্ত বিশেষ।

(২) সহজাত প্ৰবৃত্তিঃ জীৱই জন্মসূত্ৰে লাভ কৰা অন্তৰ্নিহিত জৈৱিক প্ৰৱণতা হৈছে সহজাত প্ৰবৃত্তি। এনে প্ৰকৃতিৰ তাড়নাত আমি বিভিন্ন বস্তু, কাৰ্য্য বা ঘটনাৰ প্ৰতি মনোযোগ অনুভৱ কৰো। সন্তানৰ প্ৰতি মাতৃৰ অনুৰাগ এনে প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়।

(৩) আৱেগঃ আবেগজনিত কাৰণতো বস্তুৰ প্ৰতি মনোযোগ বৃদ্ধি হয় বা হ্ৰাস ও হ'ব পাৰে। যেনে- নিজৰ বস্তু, নিজৰ সন্তান, আপোন মানুহ আদিৰ সৈতে আমাৰ আবেগ জড়িত হৈ থাকে বাবে এইবোৰৰ প্ৰতি আমি অধিক মনোযোগ অনুভৱ কৰোঁ। আনহাতে কাৰোবাক বেয়া পালে বা সদভাৱ নাথাকিলে তেওঁৰ দোষক্ৰুটি উলিওৱাত মনোযোগ দিয়া দেখা যায়। 

(৪) কামনা বা বাসনাঃ কামনা বাসনাৰ দ্বাৰাও মনোযোগ প্ৰক্ৰিয়া প্ৰভাৱান্বিত হয়।

(৫) অভ্যাসঃ‌‍ কোনো বিষয় বা কামত অভ্য়াস গঠিত হ'লেও পিছত সিয়ে মনোযোগৰ কাৰণ হোৱা দেখা যায়।

(৬) পূৰ্ব অভিজ্ঞতাঃ পূৰ্ব অভিজ্ঞতাৰ স্মৃতি চাপেও মনোযোগ দৃড় কৰে।

(৭) মানসিক সুস্থতাঃ মানসিক সুস্থতা মনোযোগ সৃষ্টিৰ এক অন্যতম কাৰণ। মানসিকভাৱে সুস্থ তাকিলে অৰ্থাৎ উত্তেজনা, দুশ্চিন্তা, ইত্যাদিৰ পৰা মন মুক্ত থাকিলে কোনো বিষয়ৰ প্ৰতি মনোযোগী হোৱাতো সম্ভৱ হৈ পৰে।



১০। আগ্রহৰ উৎসসমূহ বর্ণনা কৰা ।

উত্তৰঃ আগ্ৰহৰ উৎসসমূহ তলত বৰ্ণনা কৰা হ'ল-


(১) দৈহিক অৱস্থাঃ দৈহিকভাৱে সুস্থ ব্যক্তিয়ে বিভিন্ন বস্তু প্ৰতি আগ্ৰহী হয়। দৈহেকভাৱে ক্লান্ত আৰু অসুস্থ ব্যক্তিয়ে স্বতস্ফূৰ্তভাৱে মনত আগ্ৰহ প্ৰকাশ কৰিব নোৱাৰে।

(২) বৌদ্ধিক যোগ্যতাঃ ব্যক্তিৰ বৌদ্ধিক যোগ্যতাৰে ব্যক্তিৰ আগ্ৰহ নিৰ্ধাৰণ কৰে। হীনবুদ্ধিৰ ব্যক্তিসকল বিষয়বস্তু প্ৰতি সহজে আগ্ৰহী নহয়। যিবোৰ লোক তীক্ষ্ণ বুদ্ধিৰ তেওঁলোকৰ মনত পৰিবেশৰ বিভিন্ন বিষয়বস্তুৱে প্ৰতিক্ৰিয়া কৰি আগ্ৰহ সৃষ্টি কৰে।

(৩) লিংগ পাৰ্থক্যঃ লিংগভেদে ব্যক্তিৰ আগ্ৰহ ভিন্ন ভিন্ন হয়। সেইবাবে ল'ৰা-ছোৱালীৰ অথবা পুৰুষ আৰু মহিলা আগ্ৰহৰ বিষয়বস্তু সমূহৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। 

(৪) পৰিবেশৰ প্ৰভাৱঃ আগ্ৰহৰ ওপৰত পৰিবেশৰো প্ৰভাৱ দেখা যায়। সেয়েহে বিদ্যালয়ৰ আকৰ্ষণীয় বৈষয়িক অৱস্থাই ল'ৰা-ছোৱালীক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলে। আনহাতে পৰিবেশৰ আকৰ্ষণহীনতাই শিক্ষা গ্ৰহণৰ আগ্ৰহ নোহোৱা কৰি পেলায়।

(৫) শিক্ষণ পদ্ধতিঃ শিক্ষাৰ্থীৰ মনত আগ্ৰহৰ সৃষ্টিৰ ক্ষেত্ৰত শিক্ষণ পদ্ধতিৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ দেখা যায়। শিক্ষাদানৰ বাবে বিজ্ঞানসন্মত প্ৰগতিশীল শিক্ষণ পদ্ধতি গ্ৰহণ কৰিলে ছাত্ৰ-ছাত্ৰীৰ মনত সততে শিক্ষা  গ্ৰহণৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হয়।



১২। তলত দিয়া বিষয়সমূহৰ বিষয়ে চমুকৈ লিখা-


(ক) মনােযােগৰ স্বৰূপ । 

উত্তৰঃ কোনো এটা নিৰ্দিষ্ট বস্তু চেতনাৰ কেন্দ্ৰস্থললৈ অনাই হৈছে মনোযোগ। আমাৰ মনত চেতনা সোঁত অবিৰত গতিত প্ৰৱাহিত হৈ থাকে। বহিৰ্জগতৰ নানা বস্তুই এই চেতনাৰ বিষয়বস্তু। সেই কাৰণে মনোযোগ হ'ল চেতনাৰ ক্ষেত্ৰ সংকুচিত কৰি এটা বস্তু বা বিষয়ত মনোনিৱেশ কৰা। 



(খ) ঐচ্ছিক মনােযােগ কি ? উদাহৰণ দিয়া । 

উত্তৰঃ যিবিলাক মনোযোগত মনৰ ইচ্ছাশক্তি প্ৰয়োগ কৰা হয় তাকে  ঐচ্ছিমনোযোগ বোলে। অৰ্থাৎ কোনো ব্যক্তিয়ে আনক হস্তক্ষেপ নকৰাকৈ নিজৰ ইচ্ছা মতে পৰিৱেশৰ কোনো বিষয়ৰ ওপৰত মনোযোগ দিয়াটোৱেই হ'ল ঐচ্ছিক মনোযোগ।উদাহৰণস্বৰূপে যিসকল শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি স্পৃহা আছে, জীৱনৰ প্ৰতিষ্ঠিত হোৱাৰ আকাংক্ষা আছে তেওঁলোকৰ বাধা বিঘিনি থাকিলেও অধ্যয়ন মনোযোৰ দিব। 



(গ) ঐচ্ছিক মনােযােগ কাক কয় ? ইয়াৰ ভাগ দুটা উল্লেখ কৰা । 

উত্তৰঃ যেতিয়া এজন ব্যক্তিয়ে দৈহিক আৰু মানসিক মনোযোগ প্ৰদানৰ বাবে প্ৰস্তুত আৰু নিজ ইচ্ছা অনুসৰি মনোযোগ দিয়ে তেনে ধৰণৰ মনোযোগক ঐচ্ছিক মনোযোগ বোলে। উদাহৰণস্বৰূপে যিসকল শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি স্পৃহা আছে, জীৱনত প্ৰতিষ্ঠিত হোৱাৰ আকাংক্ষা আছে তেওঁলোকে বাধা- বিঘিনি থাকিলেও অধ্যয়নত মনোযোগ দিব। 


ইয়াৰ ভাগ দুটা হ'ল-


(১) স্পষ্ট বা নিশ্চিত মনোযোগ।

(২) অস্পষ্ট মনোযোগ বা অনুমিত।



চমুকৈ উত্তৰ দিবা -


১। সংবেদনাত্মক মনােযােগ কি ? উদাহৰণ দি বুজোৱা ।

উত্তৰঃ যেতিয়া আমাৰ ইন্দ্ৰিয়সমূহৰ জৰিয়তে মনৰ সংবেদন সৃষ্টি কৰা যিকোনো বস্তুগত উদ্দীপকৰ প্ৰতি দিয়া মনোযোগক সংবেদনাত্মক মনোযোগ বোলে।


সংবেদনাত্মক মনোযোগৰ উদাহৰণ হ'ল যেতিয়া কোনো এজন নিৰ্দিষ্ট ব্যক্তিৰ ওপৰত বা তেওঁৰ এখন ছবিৰ ওপৰত মনোযোগ দিয়া।  


২। আগ্রহৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ ইংৰাজী 'Interest' (আগ্ৰহ) শব্দটো এটা লেটিন শব্দৰ পৰা উৎপত্তি হৈছে, ইয়াৰ উৎপত্তিগত অৰ্থ হ'ল "In-matters" অৰ্থাৎ কিবা ক্ষেত্ৰত গুৰুত্ব থকা আৰু "It concerns" মানে কোনো বিষয়ৰ লগত সম্বন্ধ ঘটা, সম্বন্ধ স্থাপন কৰা, গতিকে ক'ব পাৰি যে যেতিয়া কোনো বিষয়বস্তু এজনৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু বিষয়টোৰ লগত এক সম্বন্ধ স্থাপিত হয়, তেতিয়াহে আগ্ৰহ হৈ পৰে। এজন ছাত্ৰৰ ফুটবল খেলাৰ প্ৰতি আগ্ৰহ আছে বুলিলে ইয়াকে বুজায় যে খেলবিধ  তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আৰু সেই বিশেষ খেলবিধৰ লগত তেওঁৰ এক সম্বন্ধ ঘটিছে। গতিকে যেতিয়া পৰিৱেশৰ কোনো বস্তু বা বিষয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু তাৰ লগত এক মানসিক সম্বন্ধ স্থাপিত হয়, তেনে অৱস্থাকেই আগ্ৰহ ওপজা বুলি কোৱা হয়।                  


৩। প্রত্যক্ষ আৰু পৰােক্ষ মনােযােগ মানে কি বুজা ?

উত্তৰঃ উদ্দীপকৰ শক্তিশালী প্ৰভাৱে যেতিয়া ব্যক্তিৰ মনোযোগ তৎকালীনভাৱে আকৰ্ষণ কৰিব পাৰে তেনে মনোযোগক প্ৰত্যক্ষ মনোযোগ বোলা হয়। যেনে- আকাৰ, তীব্ৰতা, আৰু নতুনত্ব আদি।


আনহাতে কোনো এটা বস্তু আকৰ্ষণীয় নহ'লেও আকৰ্ষণীয় বস্তুৰ লগত সংযুক্ত ব্যক্তিৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি তেতিয়া তাক পৰোক্ষ মনোযোগ বোলা হয়। উদাহৰণস্বৰূপে কেলেণ্ডাৰৰ পোন্ধৰ আগষ্ট তাৰিখটোৱে আমাৰ মনোযোগ এইকাৰণে আকৰ্ষণ কৰে যে এই তাৰিখটোৰ লগত আমাৰ স্বাধীনতা লাভৰ কথা জড়িত হৈ আছে।  



৪। আগ্রহৰ কেইটামান ঘাই বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ আগ্ৰহৰ কেইটামান ঘাই বৈশিষ্ট্য হ'ল-


(১) আগ্ৰহ সদায় পৰিৱৰ্তনশীল।

(২) আগ্ৰ সংশোধন কৰিব পৰা যায়।

(৩) আগ্ৰহ পৰিমাপ কৰিব পাৰি।

(৪) আগ্ৰহ আৰু মনোযোগৰ মাজত ঘভীৰ সম্বন্ধ আছে।

(৫) আগ্ৰহ আৰ্জিতও হয় আনহাতে,আগ্ৰহ জন্মগতও হয়।  



৫। সুপ্ত আৰু আর্জিত আগ্রহ বুলিলে কি বুজা ?  

উত্তৰঃ যি আগ্ৰহ প্ৰবৃত্তিৰ পৰা উদ্ভৱ হয়, তাকে সুপ্ত আগ্ৰহ বোলে।আকৌ যিবোৰ আগ্ৰহে আমাৰ চৰিত্ৰ, অভ্যাস, আদৰ্শ আৰু ৰুচি আদিৰ ফলস্বৰূপে সৃষ্টি হোৱা আগ্ৰহক আৰ্জিত আগ্ৰহ বোলে।



১৪। তলত দিয়া প্ৰতিটো বাকাৰ বিপৰীতে “শুদ্ধ” বা “অশুদ্ধ” লিখি উত্তৰ দিবা-


১। মনােযােগে মনৰ সচেতনতাক আৰােপিত কৰা নুবুজায় । 

উত্তৰঃ অশুদ্ধ।


২। আগ্রহ মনােযােগৰ এক আভ্যন্তৰীণ কাৰণ ।

উত্তৰঃ শুদ্ধ।


৩। সকলাে বয়সৰ ল'ৰা-ছােৱালীয়ে বিশ্লেষমাত্মক মনােযােগ প্রদান কৰিব পাৰে ।

উত্তৰঃ অশুদ্ধ


৪। কেৱল বয়সস্থলােকেহে ভাৱাত্মক মনােযােগ দিব পাৰে । 

উত্তৰঃ শুদ্ধ


৫। প্রবৃত্তিৰ পৰা সৃষ্টি হােৱা আগ্রহক সুপ্ত আগ্রহ বােলে ।

উত্তৰঃ শুদ্ধ।


৬। দীর্ঘ সময় ধৰি মনােযােগ প্রদান সম্ভৱ নহয় । 

উত্তৰঃ শুদ্ধ।


৭। আর্জিত আগ্রহ সকলাে জীৱৰে ক্ষেত্ৰত সমপর্যায়ৰ ।

উত্তৰঃ  অশুদ্ধ।


৮। একে সময়তে দুটা বিষয়ত মনােযােগ দিব নােৱাৰি ।

উত্তৰঃ শুদ্ধ।


৯।  আগ্রহ স্থায়ী আৰু অস্থায়ী দুয়ােধৰণৰ হ'ব পাৰে ।

উত্তৰঃ শুদ্ধ।


১০। মনােযােগ আৰু আগ্ৰহৰ মাজত কাচিৎহে সম্বন্ধ দেখা যায় ।

উত্তৰঃ অশুদ্ধ।



Class 12 Education question answer chapter 5 | Class 12 Education Question Answer PDF

অতিৰিক্ত প্ৰশ্নোত্তৰ 

১। আমাৰ কাম কৰি থকা অৱস্থাত সম্পূর্ণৰূপে অমনোযোগী হোৱাটো সম্ভৱ নহয়। 

উত্তৰঃ শুদ্ধ।


২। শিশুৰ মনোযোগ স্বাভাৱিকতে অনভীল্পিত।

উত্তৰঃ শুদ্ধ।


৩। মনোযোগ এটা মানসিক প্রক্রিয়া।

উত্তৰঃ শুদ্ধ।


৪। একে সময়তে আমি একাধিক কথাত জড়িত হ'ব পাৰো।

উত্তৰঃ অশুদ্ধ।


৫। দীঘলীয়া অৱধিৰ বাবে একেটা বস্তুৱে মনোযোগ দি থাকিব নোৱাৰে।

উত্তৰঃ শুদ্ধ।


৬। মানসিক স্বাস্থ্য মনোযোগৰ এটা চর্ত।

উত্তৰঃ শুদ্ধ।


৭। অমনোযোগে মনোযোগৰ অনুপস্থিতিক নুবুজায়।

উত্তৰঃ শুদ্ধ।


৮। আগ্রহ সামাজিক প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ শুদ্ধ।


৯। কণমানি শিশুৱে স্বেচ্ছাকৃত মনোযোগ দিব নোৱাৰে।

উত্তৰঃ অশুদ্ধ।


১০। আগ্রহ হ'ল সদায় জন্মগত গুণ।

উত্তৰঃ অশুদ্ধ।


১১। অমনোযোগিতাই মনোযোগৰ অনুপস্থিতিকে বুজায়।

উত্তৰঃ শুদ্ধ।


১২। ৰিজনি হ'ল মনোযোগৰ এটা বস্তুগত চর্ত।

উত্তৰঃ শুদ্ধ।


১৩। আগ্রহ এটা জন্মগত গুণ নহয়। 

উত্তৰঃ শুদ্ধ।


১৪। আহৰিত আগ্রহ স্বাভাৱিকতেই সার্বজনীন। 

উত্তৰঃ অশুদ্ধ।


১৫। মনোযোগ হ'ল এক মানসিক শক্তি। 

উত্তৰঃ অশুদ্ধ।


১৬। আমি একে সময়তে দুটা বস্তুত ধ্যান দিব নোৱাৰোঁ। 

উত্তৰঃ শুদ্ধ।


১৭। আমাৰ মনোযোগৰ ওপৰত আবেগৰ কোনো প্রভার নাই। 

উত্তৰঃ অশুদ্ধ।


১৮। মনোযোগ আৰু সচেতনতাৰ অৰ্থ একেটাই। 

উত্তৰঃ শুদ্ধ।


১৯। আগ্রহ স্থায়ী বা অস্থায়ীও হ'ব পাৰে। 

উত্তৰঃ শুদ্ধ।


২০। পুনাৰাবৃত্তিযে ৰাপ বঢ়ায়। 

উত্তৰঃ শুদ্ধ।


২১। মনোযোগ সহচৰ হয় গতি নিয়ন্ত্রক।

উত্তৰঃ শুদ্ধ।


২২। মনোযোগ হ'ল স্বাভাৱিক আৰু প্ৰবৃত্তিগত।

উত্তৰঃ শুদ্ধ।


২৩। মনোযোগ হ'ল ৰাপৰ পূৰ্বচৰ্ত।

উত্তৰঃ শুদ্ধ।


২৪। প্রবৃত্তিৰ বাবে ইচ্ছাশক্তিৰ প্ৰচেষ্টাৰ প্ৰযোজন নথকা মনোযোগক কোৱা হয় অনভীক্ষিত মনোযোগ।

উত্তৰঃ শুদ্ধ।


২৫। আগ্রহসমূহ স্থিৰব।

উত্তৰঃ অশুদ্ধ।


২৬। আগ্রহ হ'ল এটা মানসিক কার্য, তেনেদৰে ৰাপ হ'ল এটা মানসিক গাঁথনি।

উত্তৰঃ শুদ্ধ।


২৭। আগ্রহ হ'ল গুপ্ত মনোযোগ, মনোযোগ হ'ল কৰ্মৰত ৰাপ।

উত্তৰঃ শুদ্ধ।


২৮। মনোযোগ হ'ল এক অভিপ্রেত তৎপৰতা।

উত্তৰঃ শুদ্ধ।


২৯। মনোযোগ হ'ল মনৰ আগত এটা চিন্তাৰ বস্তু পোৱাৰ এটা প্রক্রিয়া।

উত্তৰঃ শুদ্ধ।


৩০। বুদ্ধিমত্তা আগ্ৰহৰ এটা উৎস নহয়।

উত্তৰঃ অশুদ্ধ।


৩১। মনোযোগ হ'ল এটা বাছনিকৃত প্রক্রিয়া।

উত্তৰঃ শুদ্ধ।


৩২। মনোযোগৰ আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভাবাত্মক।

উত্তৰঃ শুদ্ধ।


৩৩। অন্যমনস্কতাই সদায় মনোযোগ বিঘ্নিত কৰে।

উত্তৰঃ শুদ্ধ।


৩৪। আগ্রহ হ'ল এক গতিশীল মানসিক প্রক্রিয়া।

উত্তৰঃ শুদ্ধ।


৩৫। আগ্রহে মনোযোগ সৃষ্টি কৰে, কিন্তু মনোযোগে ৰাপৰ সৃষ্টি কৰিব নোৱাৰে।

উত্তৰঃ শুদ্ধ।


৩৬। আগ্রহ হ'ল স্থিৰ মানসিক গাঁথনি।

উত্তৰঃ অশুদ্ধ।


চমু প্ৰশ্নোত্তৰ (মূল্যংক ২ নম্বৰ) 

১। মনোযোগৰ অস্থিৰতা কি ?

উত্তৰঃ মনোযোগ স্থিতিশীল নহয়, ই সদায় গতিশীল বা অস্থিৰ। ব্যক্তি মনে চেষ্টা কৰিলেও কেৱল এটা বস্তু বা বিষয়ৰ ওপৰত মনক অধিক। সময়ৰ বাবে ধৰি ৰাখিব পৰা নাযায়। মনোযোগৰ অস্থিৰতা হৈছে এক প্রধান বৈশিষ্ট্য।


২। স্বতঃস্ফূর্ত মনোযোগ কি ?

উত্তৰঃ এইবিধ মনোযোগ অনৈচ্ছিক যদিও ব্যক্তি মনৰ মুক্ততা আৰু স্বতঃস্ফূর্ততাৰ ভাব পৰিলক্ষিত হয়। ইয়াত প্রবৃত্তিমূলকভারে দিয়া। মনোযোগৰ যান্ত্রিকতা ভাব নাথাকে। ইয়াৰ পৰিবৰ্তে ইন্দ্ৰিয় অনুভূতিৰ পুনৰাবৃত্তিৰ ফলত স্থায়ী ৰূপত গঢ় লৈ উঠে।


৩। আগ্রহ কি ?

উত্তৰঃ কোনো এক বস্তু বা বিষয়ৰ লগত ব্যক্তি জড়িত থকা বা সম্বন্ধ। থকা অৱস্থাই হৈছে আগ্রহ। মই খেলৰ প্ৰতি আগ্ৰহী বোলোতে প্রকৃতপক্ষে মই খেলাৰ লগত জড়িত হৈ থকা অৱস্থাকেই বুজায়।


৪। মনোযোগৰ বিস্তৃতি কি ?

উত্তৰঃ মনোযোগৰ বিস্তৃতি বা পৰিসৰ বুলিলে সাধাৰণতে এজন ব্যক্তিযে। কোনো এটা বস্তু বা বিষয়ৰ ওপৰত একেলগে কিমানখিনি সময় মনোযোগ দি থাকিব পাৰে সেই সময়খিনিকে বুজায়। স্মৃতি আদি মানসিক প্রক্ৰিয়াৰ দৰে মনোযোগৰো পৰিসৰ সীমাবদ্ধ।


৫। "মনোযোগৰ সৈতে ইতিবাচক আৰু নেতিবাচক দিশ জড়িত হৈ থাকে"

উত্তৰঃ মনোযোগৰ দুটা দিশ আছে, এটা ইতিবাচক আৰু আনটো নেতিবাচক। বাহয় জগতৰ যিটো বিষযৰ পৰা মনোযোগ আঁতৰাই অনা হয় সেই দিশটোক মনোযোগৰ নেতিবাচক দিশ বুলি জনা যায়। আৰু বাহয়িক জগতৰ যিটো বিষয়ত মনোযোগ দি থকা যায় সেইটোক ইতিবাচক দিশ বুলি জনা যায়।


৬।  'অভীপ্সিত মনোযোগে আগ্রহ সৃষ্টি কৰিব পাৰে' এটা উদাহৰণ দিয়া।

উত্তৰঃ অভীতি বা অনৈচ্ছিক মনোযোগে ৰাপৰ সৃষ্টি কৰিব পাৰে। উদাহৰণ স্বৰূপে উজ্জ্বল পোহৰ বা তীব্রতাই ইন্দ্রিক আকৰ্ষণ কৰি আগ্ৰহৰ প্ৰৱণতাক সৃষ্টি কৰে। শিশুসকলৰ মনোযোগ এইবিধ মনোযোগৰ অন্তৰ্ভুক্ত।


৭। অস্থায়ী আগ্রহ কি ?

উত্তৰঃ মন আগ্রহ বা কম সময়ৰ বাবে বর্তি থকা অৱস্থাক অস্থায়ী ৰাপ। বোলে। এনে আগ্রহ একো-একোটা বিশেষ ক্ষণ বা পৰিস্থিতিতহে ব্যক্তিৰ মনত শক্তিশালী ৰূপত দেখা দিয়ে।


৮। ক্ষণস্থায়ী আগ্রহ কি ?

উত্তৰঃ স্থায়ী আগ্রহ বা ৰাপৰ বিপৰীতে ব্যক্তিৰ মনত কম সময়ৰ বাবে বৰ্তি থকা আগ্রহক অস্থায়ী বা ক্ষণস্থায়ী বাপ বোলা হয়। এনে ৰাপ একো একোটা বিশেষ ক্ষণতে ব্যক্তিৰ মনত শক্তিশালী ৰূপত দেখা দিয়ে। সেই সময় আৰু পৰিস্থিতি সলনি হ'লে ৰাপ দুৰ্বল আৰু বিলুপ্ত হৈ পৰে।


৯। ধাৰণাগত মনোযোগ কি ?

উত্তৰঃ ধাৰণাগত বা ভাবাত্মক মনোযোগ নিজৰ নিজৰ চিন্তা ভাবনাৰ ফলত সৃষ্টি হয়। এই মনোযোগ প্ৰদানৰ কালত বাস্তৱ পৰিস্থিতিৰ বিষয়বস্তুৰে মনোযোগক আকৰ্ষিত কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে অনুভূতি আদিয়ে। মনোযোগক নির্ধাৰণ আৰু ব্যক্তিগত ধাৰণা, মনৰ ভাব চিন্তা আবেগ পৰিচালনা কৰে।


১০। মনোযোগ কি ?

উত্তৰঃ মনোযোগ হৈছে সচেতন মনক নিয়ন্ত্ৰিত কৰি পৰিবেশৰ কোনো এক বিষয়বস্তু ওপৰত কেন্দ্রিভূত কৰি তোলা মানসিক ক্রিয়া প্রচেষ্টা। ই হৈছে কোনো বস্তুক নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনো কাম কৰিবৰ বাবে সাজু হোৱা কার্য।


১১। মনোযোগক কিয় অনুসন্ধানী প্রক্রিয়া হিচাপে বিবেচনা কৰা হয় ?

উত্তৰঃ মনোযোগ প্রদানৰ বেলিকা মনৰ এক অনুসন্ধানমূলক কার্য সংঘটিত হৈ থাকে। ফলত পৰৱৰ্তী মুহূর্তত কোনটো অধিক আকর্ষণীয়। বিষাৰ প্ৰতি মনোযোগ দিয়া হ'ব তাৰ অনুসন্ধানকার্য এক অব্যক্ত ৰূপত চলি থাকে।


১২। আর্জিত আগ্রহ কি ?

উত্তৰঃ শিক্ষা অভিজ্ঞতা আহৰণ আৰু আভ্যাস গঠনৰ ফলত পূর্বে আগ্রহ নথকা বস্তু আৰু বিষযৰ প্রতি অৱশেষত আগ্রহ সৃষ্টি হৈ উঠিব পাৰে। তেনে আগ্ৰহক আর্জিত আগ্রহ বোলা হয়।


১৩। মনোযোগ আন ফাললৈ নিয়া দুটা কাৰকৰ নাম লিখা।

উত্তৰঃ মনোযোগৰ দুটা কাৰক হ'ল-


(১) আকাৰঃ সৰু বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৱে আমাক বেছি আকৰ্ষিত কৰে।

(২) তীব্রতাঃ উজ্জল আৰু তীব্রতা বেছি থকা বস্তুৱে আমাক বেছিকৈ আকৰ্ষণ কৰে।


১৪। আগ্ৰহৰ দুটা বৈশিষ্ট্য কি ?

উত্তৰঃ আগ্ৰহৰ দুটা বৈশিষ্ট্য হ'ল-


(১) আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত আৰু অন্তর্নিহিত মানসিক অৱস্থা।

(২) ই মনৰ ব্যক্তিনিষ্ঠ আনুভূমিক অভিজ্ঞতাৰ পৰা সৃষ্টি হয়।



চমু প্ৰশ্নোত্তৰ (মূল্যংক ৩ নম্বৰ) 

১। ভাব প্রকাশক মনোযোগৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ ব্যক্তিগত মনৰ ভাব চিন্তা আদিয়ে মনোযোগক নির্ধাৰণ আৰু পৰিচালনা কৰে। উদাহৰণস্বৰূপে এজন ছাত্রই শ্রেণীকক্ষত বহি থাকিও শিক্ষক প্রতি মনোযোগ প্রদান কৰিব নোৱাৰি পূর্ব অভিজ্ঞতাৰ স্মৃতিৰ ভাবজগতত বিভোৰ হৈ থকা ভাব প্রকাশক মনোযোগৰ উদাহৰণ।


২। 'মনোযোগ সদায় পৰিবৰ্তনশীল'- ব্যাখ্যা কৰা।

উত্তৰঃ মনোযোগ স্থিতিশীল নহয়। ই সদায় গতিশীল আৰু পৰিবৰ্তনশীল। একে সময়ত একাধিক বিষযৰ প্ৰতি মনোযোগ প্রদান কৰিব নোৱাৰি। ব্যক্তি মনে চেষ্টা কৰিলেও কেৱল এটা বস্তু বা বিষয়ৰ ওপৰত মনক অধিক সময়ৰ বাবে ধৰি ৰাখিব পৰা নাযায়। মনোযোগৰ স্থায়ীত্বহীনতা হৈছে এক প্রধা বৈশিষ্ট্য।


৩। তুমি জ্ঞানেন্দ্রিয়গত মনোযোগ দিবলগীয়া হোৱা এটা উদাহৰণ দিয়া।

উত্তৰঃ আমি যেতিয়া ইন্দ্রিয়গ্রাহয় উদ্দীপকৰ প্ৰতি মনোযোগ দিওঁ তেতিয়া তাক জ্ঞানেন্দ্রিয়গত মনোযোগ বোলে। উদাহৰণস্বৰূপে পঢ়ি থকা সময়ত এটা বিশেষ গোন্ধ পাকঘৰৰ পৰা অহাৰ ফলত সৃষ্টি হোৱা মনোযোগ।


৪। অনুমিত মনোযোগৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক ঐচ্ছিক মনোযোগত ইচ্ছাশক্তিক এবাৰ প্ৰয়োগ কৰিলেই দীর্ঘদিনৰ বাবে কোনো এটা কথাত মনোযোগ দি থাকিব পাৰি তাকে অনুমিত মনোযোগ বোলে। যেনে- সুখ্যাতিৰে পৰীক্ষাত উত্তীর্ণ হম বুলি ভবা ছাত্ৰজনে গোটেই বছৰ জুৰি পঢ়া শুনাত মনোযোগ দিয়ে।


৫। বিশ্লেষণাত্মক মনোযোগৰ প্ৰকৃতি উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ কোনো বস্তুৰ প্ৰতিটো অংশৰ প্ৰতি পৃথক পৃথক মনোযোগ দিয়াটোৱেই বিশ্লেষণাত্মক মনোযোগ। এনে মনোযোগত বিষয়বস্তুৰ আটাইবিলাক সৰু সৰু অংশ পুংখানুপুংখভারে চালিজাৰি চোৱা হয়। যেনে এজন বিজ্ঞানীযে তেওঁৰ পৰীক্ষাগাৰত অধ্যয়ন কৰোতে এই বিশ্লেষণাত্মক মনোযোগ প্রয়োগ কৰা দেখা যায়।


৬। সচেতনতাৰ ওপৰত আলোকপাত কৰা এটা প্রক্রিয়া হিচাপে মনোযোগ ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ মনোযোগ মনৰ এক শক্তি নহয় বৰং ব্যক্তি মনৰ ই এক ক্রিয়া প্রচেষ্টাহে মাথোন। এনে প্ৰচেষ্টাৰ যোগেদি মনে সচেতনতাক কেন্দ্রিভূত। কৰি পৰিবেশৰ এটা বস্তু বা বিষয়ৰ ওপৰত মনক ধৰি ৰাখিব পাৰে। ই সচেতন মনক নিয়ন্ত্ৰিত কৰি পৰিবেশৰ কোনো এক বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিযা হয়। ইয়াৰ যোগেদি চঞ্চল আৰু গতিশীল মনক ধৰি ৰাখি। পৰিস্থিতিৰ প্ৰযোজন অনুসৰি প্ৰয়োগ কৰিব পাৰি।


৭। 'আগ্রহে ক্লান্তি বোধ কৰে' ব্যাখ্যা কৰা।

উত্তৰঃ দৈহিকভাৱে সুস্থ আৰু স্বাস্থ্যবান লোকেহে পৰিবেশ পৰিস্থিতিৰ প্ৰতি আগ্ৰহী হৈ উঠিব পাৰে। দৈহিক অক্ষমতা আৰু ৰোগগ্রস্ততা আগ্ৰহৰ বাবে প্ৰতিবন্ধক স্বৰূপ। দৈহিকভারে ক্লান্ত কোনো লোকে স্বতঃস্ফূর্তভাৱে মনৰ আগ্ৰহ প্ৰকাশ কৰিব নোৱাৰে। যদি কোনো বস্তুৰ বা বিষয়ৰ প্ৰতি আগ্ৰহ থাকে তেন্তে ক্লান্তি হোৱা কতা আহি নপৰে। কাৰণ আগ্ৰহ বা ৰাপে ক্লান্ত। হোৱাত বাধা প্রদান কৰে।


৮। আগ্রহক কিয় সুপ্ত মনোযোগ বুলি কোৱা হয় ব্যাখ্যা কৰা।

উত্তৰঃ আগ্ৰহক মেকভূগেলে মনোযোগৰ এক সুপ্ত অন্তর্নিহিত অবস্থা স্বৰূপে বৰ্ণনা কৰিছে। মনোযোগৰ মানসিক কাৰণ হৈছে মন আগ্রহ। ইয়াৰ অভাৱত মনোযোগ দিব পৰা নাই। আকৌ আর্জিত শিক্ষা অভিজ্ঞতা। অভ্যাস আদিয়েও মনত আগ্ৰহৰ' সৃষ্টি কৰি মনোযোগৰ মানসিক প্রস্তুতি আনি দিয়ে। সেয়েহে আগ্রহ মনোযোগৰ প্ৰধান চর্ত বিশেষ।


৯। জ্ঞানেন্দ্রিয়গত মনোযোগ কি ?

উত্তৰঃ পৰিবেশৰ উদ্দীপকৰ পৰা পোৱা প্ৰত্যক্ষ সংবেন অনুভূতিৰ যোগে যি মনোযোগ দিয়া হয়, তাক সংবেদনাত্মক বা জ্ঞানেন্দ্রিয়গত মনোযোগ বোলে। এই প্রত্যক্ষ বিষয়বস্তুৰ উদ্দীপন ক্ষমতা গ্রহণেন্দ্ৰিযৰ গ্ৰহণক্ষমতা আৰু সচেতন মনৰ কেন্দ্রিভূত ক্ষমতা বিশেষভাৱে প্রযোজন হয়। দৃষ্টি, শব্দ, ঘ্রাণ, স্পৰ্শ আৰু স্বাদ সংবেদন অনুভূতিৰ প্ৰতিক্রিয়া স্বৰূপে এইবিধ মনোযোগ দিয়া হয়।


১০। বাহিৰৰ তীব্ৰ কোলাহলেও আমনি কৰিব নোৱৰা এগৰাকী নিদ্রামগ্ন মাতৃযে তেওঁৰ ৰুগীয়া সন্তানটোৰ আনকি অনুচ্চ কান্দোনটোৰ প্ৰতিও মনোযোগ দিয়ে' কাৰণটো কি ?

উত্তৰঃ সন্তানৰ প্ৰতি মাতৃৰ সুপ্ত আগ্ৰহৰ কাৰণে মনোযোগ সৃষ্টি হয়। অনৈচ্ছিক মনোযোগৰ এটা প্ৰকাৰ হৈছে স্বতঃস্ফূর্ত মনোযোগ। ইন্দ্রিয়ৰ। ওপৰত উদ্দীপক কোনো ধৰণৰ বাধ্যবাধকতা আৰোপ নকৰিলেও ইন্দ্ৰিয়ৰ পূৰ্ব অভিজ্ঞতাৰ ফলত কিছুমান উদ্দীপকৰ প্ৰতি মনোযোগ আকর্ষিত হয়। গতিকে সন্তানৰ কান্দোনৰ প্ৰতি মাতুৰ মনোযোগ আপোনা আপোনি মনলৈ সৃষ্টি হয়।


১১। ধাৰণাগত মনোযোগৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ ধাৰণাগত মনোযোগৰ তিনিটা উদাহৰণ হ'ল-

(১) এজন ছাত্রই শ্রেণীকোঠাত বহি থাকিলেও শিক্ষক প্রতি মনোযোগ প্রদান নকৰি পূৰ্ব অভিজ্ঞতাৰ স্মৃতিৰ ভাবজগতত বুৰ গৈ থকা।

(২) আগত নাথাকিলেও কোনো বন্ধুরে আগতে কৰা কোনো বিশেষ কামৰ প্ৰতি মনোযোগী হেরিা।

(৩) ল'ৰালীকালৰ দুষ্টামিবোৰ মনত কৰি আপোনা আপুনি হাঁহি থকাটো এই মনোযোগৰ অন্তৰ্ভুক্ত।


১২। ইতিবাচক আৰু নেতিবাচক মনোযোগৰ দিশসমূহ উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ মনোযোগ প্রদান কাৰ্য মনৰ ইতিবাচক আৰু নেতিবাচক ক্রিস্বৰূপে অভিহিত কৰিব পাৰি। এনে এটা বস্তু বা বিষাত মনোযোগ দিয়া মানে পূৰ্বৰ বিষৰ পৰা মনোযোগ তুলি লোৱাকে বুজায়। উদাহৰণস্বৰূপে পঢ়ি থকা সময়ত যদি ভালপোৱা গান টিভি বা ৰেডিঅ'ত বাজি উঠে, আমাৰ মনোযোগে পঢ়াৰ পৰা আঁতৰি গান শুনাত মনোযোগ দিয়া হয়।


১৩। অভীন্দিত মনেযোগ কি ? উদাহৰণ দিয়া।

উত্তৰঃ মনোবিদ ৰ'ছৰ (Rross) ৰ মতে ব্যক্তি মনৰ ইচ্ছাশক্তি বা আত্ম সন্মানমূলক পৰিস্থিতিৰ সৃষ্টি নোহোৱা অৱস্থাত পৰিৱেশৰ বিষয়বস্তুৰ প্ৰতি প্ৰবৃত্তিমূলক অথবা ভাববৃত্তিমূলক প্রভাৱত দিয়া মনোযোগেই হৈছে। অভীলিত বা অনৈচ্ছিক মনোযোগ। বহিঃজগতৰ বিষয় বস্তুবেই এইবিধ মনোযোগক প্রভাৱিত আৰু পৰিচালিত কৰে। যেনে- উজ্জল পোহৰ ৰা তীব্ৰ শব্দই ইন্দ্রিক আকর্ষণ কৰি মনোযোগৰ প্ৰবণতাক সৃষ্টি কৰে। ফলত ব্যক্তিয়ে  অনিচ্ছাকৃতভাৱে হ'লেও মনোযোগ দিয়ে।


Also Read:

PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 


No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.