HS 2nd Year Assamese Question Paper HS 2026
HS 2nd Year Assamese Question Paper HS 2026: Previous Years Question Paper/Sample Questions Paper/Model Questions Papers are a good source for preparation for Board Exam. Here you can avail HS 2nd Year Assamese Question Paper HS 2026.
Class 12 Assamese Pre Final Question Paper HS 2025 | HS New Question Pattern 2026
Students who are studying in class 12 must be looking for model question paper/sample question paper. Practicing model question papers is a good source for exam preparation.
HS 2nd Year Assamese Question Paper HS 2026 Pdf | Class 12 Assamese MIL Question Paper
১। তলৰ যিকোনো সাতোটা প্রশ্নৰ উত্তৰ লিখাঃ ১×৭=৭
(ক) ভগবদ গীতাৰ মূল বাণী কি ?
(খ) 'উপকল্প' শব্দটোৰ অৰ্থ লিখা।
(গ) শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
(ঘ) ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্রথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল ?
(ঙ) লক্ষ্মীনাথ বেজবৰুৱাৰ 'মোৰ মাতৃমুখ দর্শন' শীর্ষক অসম ভ্রমণ কাহিনীটো কেইটা খণ্ডত ৰচনা কৰিছিল ?
(চ) অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন ?
(ছ) 'এনক আর্ডেন'ৰ অনুবাদক গৰাকীৰ নাম লিখা।
(জ) 'হস্তিবিদ্যার্ণৱ পুথি' শীর্ষক প্রবন্ধটি প্রথমতে ক'ত প্রকাশ পাইছিল ?
(ঝ) অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত ডঃ ভূপেন হাজৰিকাই পৰিচালনা কৰা কথাছবিখনৰ নাম লিখা।
২। তলৰ যিকোনো সাতোটা প্রশ্নৰ উত্তৰ লিখাঃ ২×৭=১৪
(ক) ৰেৱতীমোহন দত্ত চৌধুৰীৰ চুটিগল্পসমূহ সুখপাঠ্য হৈ উঠাব দুটা মূল কাৰণ কি হ'ব পাৰে লিখা।
(খ) যতীন্দ্রনাথ দুৱৰাৰ দুখন কবিতাপুথিৰ নাম লিখা।
(গ) আনন্দৰাম বৰুৱাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?
(ঘ) 'হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ' পুথিখন কোনে, কেতিয়া ৰচনা কৰিছিল ?
(ঙ) 'শ্রদ্ধয়া দেয়ম্ 'অশ্রদ্ধয়া অদেয়ম্' মানে কি ?
(চ) বৰ্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ'ল ?
(ছ) "ডঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি" — এই কথাছবি দুখনৰ পৰিচালকৰ নাম লিখা।
(জ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অবদান কি কি ?
(ঝ) পদার্থ কণা-ত্বৰক কাক বোলে ?
(ঞ) 'পানীমে মীন পিয়াসী মোক শুনত শুনত লাগে হাসি' এই পদফাঁকিৰ ৰচক কোন ? পদফাঁকিৰ তাত্ত্বিক অর্থ কি ?
৩। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ (যিকোনো এছোবা) ৪×১=৪
(ক) যথা নিযুক্তোহস্মি তথা কৰোমি।
(খ) ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।
(গ) 'বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।'
৪। যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখাঃ ৫×২=১০
(ক) 'মগনিয়াৰ' পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা।
(খ) 'চিঠি' গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
(গ) একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল ?
(ঘ) উপনিষদৰ যুগত গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পাছত কি কি উপদেশ দিছিল ?
৫। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখাঃ ১×৫=৫
(ক) 'বিশ্বখনিকৰ' কোন শ্রেণীৰ কবিতা ?
(খ) বেদত ধ্বনিত হোৱা মন্ত্রটো কি ?
(গ) কবি নৱকান্ত বৰুৱাদেৱৰ বাবে জীয়াই থকাৰ মন্ত্র কি ?
(ঘ) 'বিশ্বদীপা' শীর্ষক জীৱনীমূলক গ্রন্থখনৰ ৰচক কোন ?
(ঙ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা গ্রন্থখনৰ নাম লিখা।
(চ) 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটোত উল্লেখ থকা বিশ্বশিল্পী গৰাকী কোন ?
(ছ) 'পছোৱা' আলোচনীখন কোন গৰাকী সাহিত্যিকে প্রথম সম্পাদনা কৰিছিল ?
(জ) 'কৰুণতম' কবিতাটো কবিৰ কোনখন কবিতাপুথিত সংকলিত হৈছে ?
৬। তলৰ যিকোনো পাঁচোটা প্রশ্নৰ উত্তৰ লিখাঃ ২×৫=১০
(ক) ডঃ বাণীকান্ত কাকতি আৰু কালিৰাম মেধিয়ে বৰগীতবোৰক কি আখ্যা দিছে ?
(খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
(গ) কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে ?
(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহত ধ্বনিত হোৱা সুৰ দুটা কি কি ?
(ঙ) কবিয়ে কাঠমিস্ত্রীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাটি ল'বলৈ কৈছে ?
(চ) অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহনা যোগোৱা দুখন আলোচনীৰ নাম লিখা।
৭। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ (যিকোনো এফাঁকি) ৪×১=৪
(ক) উঠ ৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল
কমল নয়ন, বুলি ঘনে ঘন, যশোরা ডাকিতে লৈল।।
(খ) আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘোণৰ পথাৰত কাম আৰু কাম।।
(গ) "আজি পৃথিৱীৰ আকাশে আকাশে
জনতাৰ আহ্বান
নৱজীৱনৰ মহা সংঘাতে কঁপায় বর্তমান"।।
৮। তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখাঃ ৬×১=৬
(ক) মিলন
(খ) জনতাৰ আহ্বান
(গ) আঘোণৰ কুঁৱলী
৯। তলৰ যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখাঃ ১×২= ২
(ক) ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ?
(খ) নন্দনতাত্ত্বিক মূল্য বোধৰ চাবি-কাঠী কি ?
(গ) কোনছোরা সময়ক কৈশোৰকাল বুলি জনা যায়?
(ঘ) কৈশোৰকালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয় ?
১০। তলৰ যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখাঃ ২×২=৪
(ক) চিৰন্তন মূল্যবোধ সম্পর্কে চমুকৈ লিখা।
(খ) কৈশোৰ কালৰ দুটা বৈশিষ্ট্য লিখা।
(গ) মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব কি কি ?
(ঘ) ভাৰতীয় দর্শনে মূল্যবোধক কি কি ভাগত ভাগ কৰিছে ?
(১১) তলৰ যিকোনো এটা প্রশ্নৰ উত্তৰ লিখাঃ ৪×১=৪
(ক) মূল্যবোধ সম্পর্কে তোমাৰ কি ধাৰণা চমুকৈ লিখা।
(খ) কৈশোৰকালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে লিখা।
১২। চমুকৈ লিখাঃ (যিকোনো দুটা) ৩×২=৬
(ক) বিভক্তি কাক বোলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ?
(খ) কৃৎ প্রত্যয় কাক বোলে ? দুটা উদাহৰণ দিয়া।
(গ) অসমীয়া কাৰকবাচক বিভক্তিৰ এখন তালিকা প্রস্তুত কৰা।
(ঘ) মানৱ শৰীৰৰ অংগ বুজোৱা তিনিটা জতুবা ঠাঁচৰ প্রয়োগ লিখা।
(ঙ) সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কাক বোলে উদাহৰণসহ লিখা।
১৩। তলত দিয়া যিকোনো ছটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখা। ১×৬=৬
বনুৱা, সাধুতা, খেতি, শোৱন, গাঁৱলীয়া, কান্দুৰা, ৰসাল, পতিয়ন, জিৰণীয়া
১৪। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা: (যিকোনো চাৰিটা) ২×৪=৮
উনৈশত বা বলা, নাদৰ ভেকুলী, ঘৰ গোনা, একাদশত বৃহস্পতি, উকলি পুঙা, এলা-পেচা, ঢৌতে খৰ মৰা, গোৰ মাৰি গংগাত পেলোৱা
১৫। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখাঃ ১০
(ক) আধুনিক অসমীয়া গীতি-সাহিত্য আৰু জুবিন গাৰ্গৰ অৱদান ।
(আৰম্ভণি — গীতি-সাহিত্য কি — অসমীয়া গীতি-সাহিত্যৰ ইতিহাস — আধুনিক অসমীয়া গীতি-সাহিত্যলৈ জুবিন গাৰ্গৰ অৱদান — জুবিন গাৰ্গৰ গীতৰ তোমাৰ ভাল লগা দিশ — সামৰণি)
(খ) সামাজিক মাধ্যম আৰু বর্তমান সময়ত ইয়াৰ প্রভাৱ।
(আৰম্ভণি — সামাজিক মাধ্যম কি ? — সামাজিক মাধ্যমৰ উপকাৰিতা — সামাজিক মাধ্যমৰ অপকাৰিতা — সামৰণি)
(গ) অসমৰ প্রাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ।
(আৰম্ভণি — প্রাকৃতিক সম্পদ কি ? —অসমৰ প্রাকৃতিক সম্পদৰ শ্রেণীবিভাজন — প্রাকৃতিক সম্পদ ৰক্ষণাবেক্ষণৰ ক্ষেত্রত ল'বলগীয়া পদক্ষেপ — সামৰণি)
**********
HS 2nd Year Question Paper pdf Download | HS 2nd Year Question Paper Arts
Also Read
- How to write a Report
- Report Writing on Road Accident
- Report Writing on Impact of Covid19
- Report Writing on Distinguished Person visit
- Report Writing on Covid19 Vaccination
- Report Writing on Lachit Diwas


No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.