25 Aug 2023

Class 11 Assamese Chapter 3 Question Answer ধনবৰ আৰু ৰতনী

Class 11 Assamese Chapter 3 Question Answer ধনবৰ আৰু ৰতনী

Class 11 Assamese Chapter 3 Question Answer ধনবৰ আৰু ৰতনী


Class 11 Assamese Chapter 3 Question Answer ধনবৰ আৰু ৰতনী: ধনবৰ আৰু ৰতনী (Dhanbar aru Rotoni) Class 11 Assamese Chapter 3 Question Answer | ধনবৰ আৰু ৰতনী HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া । ধনবৰ আৰু ৰতনী is the Poem 3 from Class 11 Assamese (MIL) সাহিত্য সৌৰভ (Sahitya Saurabh) written by prominent Assamese writer লক্ষ্মীনাথ বেজবৰুৱা. Here in this article you can avial Class 11 Assamese Chapter 3 Question Answer ধনবৰ আৰু ৰতনী.



Class 11 Assamese Chapter – 3 ধনবৰ আৰু ৰতনী All Question Answer  | Class 11 Assamese Question Answer


ধনবৰ আৰু ৰতনী 

লক্ষ্মীনাথ বেজবৰুৱা

(ক) অতি চমু প্রশ্নঃ  (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি দুখনৰ নাম হ'ল ‘কদমকলি’ আৰু পদুমকলি।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল “মােৰ জীৱন সোঁৱৰণ”।

৩। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয় ?
উত্তৰঃ অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় ।

৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্প পুথি এখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম হ'ল “সাধুকথাৰ কুঁকি”।

৫। ‘বাহী’ আলােচনীখন কোনে সম্পাদনা কৰিছিল ?
উত্তৰঃ ‘বাহী’ আলােচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল।



ধনবৰ আৰু ৰতনী HS 1st Year Assamese Question Answer 

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। মালিতা কি ? ইংৰাজীত ইয়াক কি বুলি কোৱা হয় ?
উত্তৰঃ মালিতা বুলিলে আখ্যানমূলক গীতি কবিতাক বুজায়। ইয়াক ইংৰাজীত "বেলাড" (Ballad) বুলি কোৱা হয়।

২। ধনবৰ আৰু ৰতনী কোন ?
উত্তৰঃ ধনবৰ আৰু ৰতনী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ দুটা কাল্পনিক চৰিত্ৰ । ধনবৰ আৰু ৰ্তনী এহাল প্ৰেমিক- প্রেমিকা । ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনী ঘৰ ধনশিৰিমুখত।

৩। “বােপই মােৰ লুইত ঐ! সামৰি লােৱা মােক!” – বুলি কোনে কিয় কৈছে?
উত্তৰঃ উক্ত কথাষাৰৰ বক্ত্বা হ'ল ধনবৰ ৷ তেওঁৰ প্ৰেমিকা ৰতনীৰ বিৰহ সহিব নোৱাৰি জীয়াই থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত এনেদৰে বিলাপ কৰিছে ৷


৪।  “ৰতনীক তুলিলে মাকে বাপেকে 

                   ধনাইৰ কাল শতৰু কৰি”

      – ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে ? 
উত্তৰঃ ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ কথা গম পাই ৰতনীৰ মাক-বাপেকে ধনবৰৰ পৰা ৰতনীক আঁতৰাই লৈ গৈছিল ৷ সেই বেজাৰতে ধনবৰ ভাগি পৰিছিল আৰু ৰতনীৰ বিৰহত বৰ লুইতত জাপ দি আত্মহত্যা কৰে ৷ সেই বাবেই ৰতনীক ধনবৰৰ কাল শতৰু বুলি কোৱা হৈছে ৷


৫। “পাৰতে কান্দিছে ধনবৰ দুখীয়া" — ধনবৰে কিয় কান্দিছে ?
উত্তৰঃ ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ হৈছিল যদিও ৰতনীৰ মাক-দেউতাকে সিহঁতৰ প্ৰেমক গুৰুত্ব নিদি ৰতনীক লগত লৈ অহা বাটেৰে গুচি যায়। ফলত ধনবৰে ৰতনীৰ বিৰহত লুইতৰ পাৰত বহি কান্দিছে।



ধনবৰ আৰু ৰতনী কবিতা Class 11 Assamese Lesson 12

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। “ধনবৰ আৰু ৰতনী” কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বর্ণনা কৰা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো এটা মালিতা ৷ এই মালিতাত ধনবৰ আৰু ৰতনী নামৰ প্ৰেমিক-প্ৰেমিকাহালৰ অবিচল প্ৰেমৰ কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে ৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ৷ মাক-বাপেকৰ সৈতে ৰতনী ধনশিৰি মুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহতৰ ঘৰত আছিল । সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷ ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিলে ৷ এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজ ঘৰলৈ উভতি গ’ল ৷ ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে৷ ৰতনী যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰিল, ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব ৷ ৰতনীৰ অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ’ল ৷ সেয়ে ৰতনীক হেৰুৱাৰ বেজাৰত ধনবৰে বৰ লুইতত জাপ দি আত্মহত্যা কৰে। ধনবৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল । 


২। “ধনবৰ আৰু ৰতনী” কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে ?
উত্তৰঃ “ধনবৰ আৰু ৰতনী” কবিতাটোৰ মাজেৰে ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ ভাষ্য প্ৰকাশ পাইছে ৷ কবিতাটিত ৰতনীয়ে ধনবৰক এৰি গুচি যােৱাত ধনবৰে বিচ্ছেদ বেদনাত শােকাকুল হৈ বিলাপ কৰিছে। ৰতনী নামৰ এজনী গাভৰুয়ে এবাৰ মাক- দেউতাকৰ সৈতে ধনশিৰিমুখৰ ঘৰৰ পৰা দিখৌমুখলৈ উজাই আহি ধনবৰহঁতৰ ঘৰলৈ আহে। ইয়াতে ডেকা ধনবৰ আৰু যুৱতী ৰতনী দুয়োৰে মাজত প্ৰেমৰ উন্মেষ হৈছিল । কিন্তু এদিন বুকুৰ মাধুৰী হৈ অহা ৰতনীয়ে ধন হৃদয় শূন্য কৰি মাক-দেউতাকৰ সৈতে অহা বাটেৰে গুচি যায়। ৰতনী গুচি যােৱাত ৰতনীৰ বিৰহত ধনবৰ শােকাকুল হৈ পৰে। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে । সমগ্ৰ কবিতাটোতে এনে বিলাপৰ বৰ্ণনা আছে । ৰতনীয়ে ক্ষন্তেকৰ বাবে আহি বুকুৰ মাধুৰি লৈ ধনবৰৰ হৃদয় শূণ্য কৰি মনত শোকৰ সৃষ্টি কৰি গুচি গ’ল । ধনবৰে বিলাপ কৰি কৈছে যে তেওঁ ভিকহুৰো ভিকহু । ৰতনীৰ বাবে অশেষ কষ্ট ত্যাগ কৰিবলৈও ধনবৰ প্ৰস্তুত হৈছে । ৰতনী নোহোৱাত ধনবৰেক কান্দিছে । ৰতনীৰ বেজাৰ ধনবৰে সহিব পৰা নাই । সেয়েহে, বিলাপৰ মাজেৰে ধনবৰে নিজৰ সুপ্ত বেদনাৰ প্ৰকাশ কৰিছে । 


৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ কিদৰে প্ৰকাশ ঘটিছে বর্ণনা কৰা।
উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো এটা মালিতা ৷ মালিতাটোৰ মাজেৰে ধনবৰৰ কাৰুণ্যতা প্ৰকাশ পাইছে ৷ ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল কাৰণ ৰতনী যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰিল, ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব ৷ তেওঁ লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন অপাৰগ৷ মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কৈ৷কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰে বৰ লুইতত জাপ দি আত্মহত্যা কৰে। ধনবৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল । 



৪। প্রসংগ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঃ 
(ক) গঙতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দুৰী টিঙতে বহি উটি গ’লে
ৰতনী ধনাইৰ পৰা।

উত্তৰঃ প্রসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

সঙ্গতিঃ‌‌ ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷

ব্যাখ্যাঃ ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল, লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন অপৰাগ । মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কয় ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷ ধনবৰৰ বিলাপত ৰতনীৰ প্ৰতি গভীৰ প্ৰেম প্ৰকাশ পাইছে ৷



(খ) ফুটুকাৰ তলতে যখিনী ছােৱালী
টুক টুক চাপৰি বায়,
ধনাইৰ ছাঁতে ৰতনী নাই ঐ,
কোনে তাৰ মুখলৈ চায়।

উত্তৰঃ প্রসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

সঙ্গতিঃ‌‌ কবিতাফাঁকিৰ মাজেদি ৰতনীয়ে ধনবৰক এৰি গুছি যােৱাত বিচ্ছেদ বেদনাত শােকাকুল হোৱা ধনবৰৰ বিলাপ প্রকাশ পাইছে। 

ব্যাখ্যাঃ ৰতনীয়ে ধনশিৰিৰ মুখেৰে উজাই আহি দিখৌমুখৰ ধনবৰহঁতৰ ঘৰত কিছুদিন থকাত ধনবৰ আৰু ৰতনীৰ মাজত প্রেম হয়। কিন্তু কিছুদিন পিছত মা-দেউতাৰ লগত ধনবৰক এৰি ৰতনী গুচি যােৱাত ধনবৰ শােকত ম্রিয়মান হয়। তেওঁ ব্রহ্মপুত্র নদীৰ পাৰত বহি আপােন মনেৰে শােক কৰি থাকে। ফুটুকানি হাবিত যেন ভূত-প্রেত ৰূপী যখিনী ছোৱালীয়ে টুক-টুক হাত-চাপৰি বাই ফুৰা দেখিছে, কিন্তু ৰতনী নথকা বাবে তালৈ কাৰাে দৃষ্টি পৰা নাই।



ধনবৰ আৰু ৰতনী class 11 Important Question Answer 

১। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কত আৰু কেতিয়া হৈছিল ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৪ চনত নগাঁও জিলাৰ আঁহতগুৰিত হৈছিল । 

২। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি ? 
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা । 

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র উপন্যাসখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র উপন্যাসখনৰ নাম হ'ল পদুমকুঁৱৰী।

৪। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম- সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি, কেহোঁকলি ৷

৬। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম- বুঢ়ী আইৰ সাধু, জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা ৷

৭। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ৷

৮। লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম- The Religion of Love and Devotion, শ্ৰীকৃষ্ণকথা, কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱত কথা ।

৯। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল ? 
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি হৈছিল।

১০। ভাটি শব্দৰ অৰ্থ কি ?
উত্তৰঃ ভাটি শব্দৰ অৰ্থ হৈছে- উজনিৰ বিপৰীত, নৈৰ সোঁতৰ দিশ।

১১। মাধুৰী শব্দৰ অৰ্থ কি ?
উত্তৰঃ মাধুৰী শব্দৰ অৰ্থ হৈছে- মধুৰ গুণ, সৌন্দৰ্য।

১২। শাখিনী শব্দৰ অৰ্থ কি ?
উত্তৰঃ শাখিনী শব্দৰ অৰ্থ হৈছে- কুলক্ষণী তিৰোতা।

১৩। কুটেশাল শব্দৰ অৰ্থ কি ?
উত্তৰঃ কুটেশাল শব্দৰ অৰ্থ হৈছে- কপটীয়া।

১৪। কালশতৰু শব্দৰ অৰ্থ কি ?
উত্তৰঃ কালশতৰু শব্দৰ অৰ্থ হৈছে- ঘোৰ শত্ৰু।

১৫। বৰাব শব্দৰ অৰ্থ কি ?
উত্তৰঃ বৰাব শব্দৰ অৰ্থ হৈছে- বশ কৰিব।

১৬। খাগৰি শব্দৰ অৰ্থ কি ?
উত্তৰঃ খাগৰি শব্দৰ অৰ্থ হৈছে- এবিধ তৃণজাতীয় উদ্ভিদ।

১৭। জাঁজি শব্দৰ অৰ্থ কি ?
উত্তৰঃ জাঁজি শব্দৰ অৰ্থ হৈছে-  উটি অহা বস্তুৰ থূপ ।

১৮। ধনবৰৰ আত্মজাহে পৃথিৱীত কি এৰি থৈ গ’ল ?
উত্তৰঃ ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল।


একাদশ শ্ৰেণীৰ অসমীয়া সমাধান 

ধনৰ ব্যৱহাৰ সকলো প্ৰশ্নোত্তৰ  

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্ৰশ্নোত্তৰ 



Class 11 / HS 1st Year Science Biology English Medium



HS 1st Year Mathematics Question Paper 2016 PDF Download 

HS 1st Year Mathematics Question Paper 2017 PDF Download

HS 1st Year Mathematics Question Paper 2018 PDF Download

HS 1st Year Mathematics Question Paper 2020 PDF Download

HS 1st Year Mathematics Question Paper 2022 PDF Download


HS 1st Year Physics Question Paper 2022 PDF Download



HS 1st Year Political Science Question Paper 2016 PDF Download 

HS 1st Year Political Science Question Paper 2017 PDF Download 

HS 1st Year Political Science Question Paper 2018 PDF Download 

HS 1st Year Political Science Question Paper 2019 PDF Download

HS 1st Year Political Science Question Paper 2020 PDF Download 

HS 1st Year Political Science Question Paper 2021 PDF Download 

HS 1st Year Political Science Question Paper 2022 PDF Download


HS 1st Year Economics Question Paper 2017 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2018 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2019 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2020 PDF Download 

HS 1st Year Economics Question Paper 2021 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2022 PDF Download (Uploading) 


HS 1st Year History Question Paper 2016 PDF Download

HS 1st Year History Question Paper 2017 PDF Download

HS 1st Year History Question Paper 2018 PDF Download

HS 1st Year History Question Paper 2019 PDF Download 

HS 1st Year History Question Paper 2020 PDF Download





English Model Paper 2023 Pdf 










No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.