2 Sept 2023

Class 9 Assamese Chapter 10 Question Answer

Class 9 Assamese Chapter 10 Question Answer

Class 9 Assamese Chapter 10 Question Answer


Class 9 Assamese Chapter 10 Question Answer: নৱম শ্ৰেণীৰ অসমীয়া; পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন পাঠটি জ্যোতিপ্রসাদ বুঢ়াগােহাঞিৰ দ্বাৰা ৰচিত। Here you can avail Class 9 Assamese Chapter 10 Question Answer.


Class 9 Assamese Chapter 10 Question Answer Pdf

ভাৱ-বিষয়কঃ

১। চমুকৈ উত্তৰ লিখাঃ

(ক) ৰাজপুত বীৰ ৰাণা প্রতাপৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ
ৰাজপুত বীৰ ৰাণা প্রতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল ।


(খ) পিপলান্ত্রি গাঁওখন ক’ত অৱস্থিত ?
উত্তৰঃ
পিপলান্ত্রি গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলােমিটাৰ আঁতৰত অৱস্থিত।


(গ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল ?
উত্তৰঃ
পিপলান্ত্রি গাঁওখনে মাৰ্বল পাথৰৰ বাবে গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল ।


(ঘ) পৃথিবীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে ?
উত্তৰঃ
ডেনমার্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে ।


(ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল ?
উত্তৰঃ
‘Tree Sisters’ নামৰ চিনেমাখন আর্জেন্টিনাৰ এটা দলে নির্মাণ কৰিছিল ।


(চ) কিৰণ কোন আছিল ?
উত্তৰঃ
কিৰণ পিপলান্ত্রি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল।


(ছ) ৰাখী বন্ধনৰ দিনা পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে ?
উত্তৰঃ
ৰাখী বন্ধনৰ দিনা পিপলান্ত্রি গাঁৱৰ মানুহে গছত ৰছী বান্ধে।


(জ) কিৰণ যােজনাৰ আঁৰৰ মানুহজন কোন?
উত্তৰঃ
কিৰণ যােজনাৰ আঁৰৰ মানুহজন হ'ল পিপলান্ত্রি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱাল।


(ঝ) কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে?
উত্তৰঃ
কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত ১১ জোপা গছপুলি ৰােপণ কৰে।


পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answer Class 9

২। পিপলান্ত্রি গাঁৱৰ পৰিবেশ কিয় দূষিত হৈছিল ?
উত্তৰঃ
পিপলান্ত্রি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্রকৃতিও ধ্বংস হ’বলৈ ধৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবােৰত দিনে-নিশাই কাম চলাৰ ফলত পিপলান্ত্রি গাঁৱৰ পৰিবেশ দূষিত হয়। গছ-গছনি কমি অহাত বৰষুণৰ পৰিমাণ কমি আহিল; ফলত অধিক মাত্রাত পৰিবেশ দূষিত হৈ পৰিল।


৩। শ্যাম সুন্দৰ পালিৱাল কোন ? পিপলান্ত্রি গাঁওখন পৃথিবী বিখ্যাত হােৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ
শ্যাম সুন্দৰ পালিৱাল আছিল ৰাজস্থানৰ পিপলান্ত্রি গাঁৱৰ এজন আদর্শ ব্যক্তি । গাঁওখন পৃথিবী বিখ্যাত হােৱাত তেওঁৰ অৱদান আৰু অৰিহণা লেখত লবলগীয়া। গাঁও খনত বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত গাঁৱৰ পৰিবেশ বিধ্বস্ত হৈছিল । ২০০৫ চনৰ পৰা ২০১০ চনলৈ তেওঁ গাঁও খনৰ মুখীয়ালৰ দায়িত্ব লয় । গাওঁখনৰ মুখীয়ালৰ দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাওঁখনকে এটা নতুন জীৱন দিলে। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক চাৰিটা দায়িত্ব অৰ্পণ কৰে। সেই চাৰিটা দায়িত্ব হল - কণ্যা সন্তানক লৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰ কৰা। তাৰোপৰি তেওঁ 'কিৰণ নিধি যোজনা 'ৰ অধীনত গাওঁখনত জন্ম হোৱা প্ৰতিজনী কণ্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণৰ ব্যৱ্স্থা কৰে। এনেদৰে তেওঁ প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্ত্ৰি গাওঁখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল।


৪। 'কিৰণ নিধি যােজনা’ কি ? এই যােজনাৰ অধীনত পিপলান্ত্রি গাঁৱত মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ?
উত্তৰঃ
'কিৰণ নিধি যােজনা’ৰ আঁৰৰ মানুহজন হ’ল শ্যাম সুন্দৰ পালিৱাল। শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যাৰ কিৰণৰ স্মৃতিত এই ‘কিৰণ নিধি যােজনা’ৰ সূচনা কৰে। গাঁওখনত তেওঁ এই যােজনাৰ অধীনত এটা নিয়ম প্রৱৰ্তন কৰিছিল যে পিপলান্ত্রি গাঁওখনত জন্ম হােৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১টা গছ পুলি ৰােপণ কৰিব লাগিব। 'কিৰণ নিধি যােজনা’ৰ অধীনত পিপলান্ত্রি গাঁৱত মানুহে এই চাৰিটা বিশেষ দায়িত্ব পালন কৰিব লাগে।

১। কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা ।
২। পানী সংৰক্ষণ কৰা ।
৩। গছ-গছনি ৰুই প্রতিপালন কৰা ।
৪। খেতি-বাতি কৰি নিজৰ প্ৰয়ােজন পূৰণ কৰা ।


৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল ?
উত্তৰঃ
কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে আঁচনিৰ জৰিয়তে কেইটামান নিয়ম কৰি দিছিল। সেই কেইটা এনেধৰণৰ প্ৰথমতে, গাৱৰ কোনাে লােকে কন্যাভ্রুণ হত্যা কৰিব নােৱাৰিব। দ্বিতীয়তে, ছােৱালীজনীক যেনে আলফুলে ডাঙৰ-দীঘল কৰা হ’ব সেই একেই মৰম-চেনেহ আৰু যত্নেৰে ১১১ টা গছ-পুলিকে প্রতিপালন কৰিব লাগিব। তৃতীয়তে, কোনাে ছােৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব। চতুর্থত, কোনাে পৰিস্থিতিতে বাল্যবিবাহ সম্পন্ন কৰিব নােৱৰিব। পঞ্চমতে, ছােৱালীৰ নামত বেংকত থােৱা ৩১ হাজাৰ টকা ছােৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। শেষত, ছােৱালীৰ জন্মৰ সময়ত ৰােৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ’ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি গাঁৱত ৰাইজে প্রতিশ্রুতি দিব লগীয়া হয়।


পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Class 9 Assamese All Question Answer

৬। পিপলান্ত্রি গাঁৱত প্রকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল, পাঠৰ সহায়ত লিখা।
উত্তৰঃ
'কিৰণ নিধি যােজনা’ৰ আঁচনি মতে প্রতি গৰাকী কন্যা সন্তান জন্ম পােৱাৰ লগে লগে ৰাইজে ১১১ টা গছপুলি ৰুব লাগিছিল আৰু কন্যা সন্তানৰ দৰেই গছ পুলিবােৰ লালন-পালন কৰি ডাঙৰ-দীঘল কৰিব লাগিছিল। পানী সংৰক্ষণ কৰি আৰু গছ-গছনিৰ দ্বাৰা গাঁওখনত প্রাকৃতিক পৰিবেশ সুন্দৰ হৈ পৰিছিল। একোজোপা গছ পূর্ণাংগ গছ হৈ উঠালৈকে গাঁওখনৰ মানুহে সন্তান পালন কৰাদি পালন কৰিছিল। ৰাখী বন্ধনৰ দিনা গাঁৱত ছােৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু এই কাৰ্যৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে, প্রকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পর্ক গঢ় লৈ উঠে।


৭। পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?
উত্তৰঃ
শ্যামসুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী সেই গাঁও চাবলৈ অহা বিভিন্ন প্রান্তৰ মানুহ আৰু চৰকাৰী প্রতিনিধিৰ দ্বাৰা প্ৰচাৰ হােৱাৰ উপৰিও আর্জেন্টিনাৰ এটা দলে এই গাঁওখনক লৈ ‘Tree Sisters’ নামৰ এখনি চিনেমা নির্মাণ কৰিছে। বহুতেই এই গাঁৱক লৈ শতাধিক তথ্যচিত্র নির্মাণ কৰিছে। ‘পিপলান্ত্রি’ নামৰ এখন হিন্দী ছবিও নির্মাণ হৈছে। এনেদৰেই পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী প্রচাৰ হৈছে। ইয়াৰ ফলত ডেনমার্কৰ প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁৱৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজ দেশৰ প্রতি দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগেও সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁৱৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰিছে আৰু ছাত্ৰ-ছাত্ৰীয়ে গাঁওখনৰ বিষয়ে পঢ়ি তেনে কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছে।


৮। পিপলান্ত্রি গাঁওখন কিয় আদর্শ গাঁও বুলি তুমি ভাবা ? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক ?
উত্তৰঃ
আমি ভাৰতীয় হিচাপে পিপলান্ত্রি গাঁওখনক লৈ গৌৰৱ কৰোঁ। এই গাঁওখন মই আদর্শ গাঁও বুলি ভবাৰ কাৰণ আছে । মাৰ্বল খনিৰ দ্বাৰা প্রায় বিধ্বস্ত আৰু নিঃসেষ গাঁও এখনি শ্যাম সুন্দৰ পালিৱাল নামৰ লােকজনৰ নেতৃত্ব আৰু সুপৰিকল্পিত নির্দেশত ঠন ধৰি পৃথিৱীৰ মানুহক চমক লগাইছে । গছ ধ্বংস হৈ একেবাৰে উদং হােৱা গাঁওখনি এক নীতি–নিয়মৰ মাজেৰে গছ পুলি ৰুই পুনৰ সেউজ সুন্দৰ কৰি তুলিলে । ছােৱালী সন্তান প্রতি লােৱা আকর্ষণী আৰু আদৰণীয় ব্যৱস্থাই সকলাে শ্রেণী মানুহকে এক নতুন দিশৰ সন্ধান দিছে । এই গাঁৱৰ কাম-কাজ, প্ৰাকৃতিক শোভাই পৃথিৱীৰ ভিন্ন প্ৰান্তৰ লোকক আকর্ষিত কৰিছে ।  প্রকৃতি প্রেম এই গাঁৱৰ মানুহৰ আন এক প্ৰেৰণাৰ উৎস ।


এই গাঁৱক লৈ চিনেমা, তথ্যচিত্র আদি শতাধিক নির্মাণ হৈছে । বিদেশত আৰু নিজ ৰাজ্যতাে এই এই গাঁৱৰ সফলতাৰ কাহিনী পাঠ্যক্রমত অন্তর্ভুক্ত কৰি ছাত্ৰ–ছাত্ৰীক প্রেৰণা দিবলৈ চেষ্টা কৰা হৈছে । এনেবােৰ কাৰণতেই সকলােৰে বাবে, মােৰ বাবে পিপলান্ত্রি গাঁও এখন আদর্শ গাঁও । 


এই পাঠটোৰ শিক্ষণীয় দিশ সমূহ হ’ল— পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা, সুচিন্তিত পৰিকল্পনা, উদ্যম, আগ্রহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটাও সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস পােৱা যায় । যৌথ প্রচেষ্টাৰে সমাজ তথা নিজৰ নিজৰ অঞ্চলৰ সর্বাংগীন বিকাশৰ বাবে আগবাঢ়ি অহাটো উচিত । কন্যা সন্তানৰ প্ৰতি দেখুওৱা অৱহেলাৰ বিপৰীতে ল’ৰা–ছােৱালী সকলাে সন্তানেই পিতৃ–মাতৃৰ বাবে সমান হ’ব লাগে । সমাজৰ প্রতি আমি সকলােৱে সমানে দায়বদ্ধ । এনেবােৰ শিক্ষণীয় দিশ এই পাঠটিৰ পৰা পােৱা যায় । 


৯। বহলাই বুজাই লিখাঃ

(ক) বাৰটা মাহত তেৰটা খেতি।
(খ) স্বচ্ছ ভাৰত অভিযান।
(গ) সামাজিক মাধ্যম।

উত্তৰঃ
(ক) বাৰটা মাহত তেৰটা খেতিঃ
এটা বছৰত বাৰটা মাহ আছে।  প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত নহয়। কিন্তু কৰ্মী লোক সকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতি পথাৰত শস্যৰ ভৰপূৰ হৈ থাকে। ইয়াকেই বাৰটা মাহত তেৰটা খেতি বুলি কয়।


(খ) স্বচ্ছ ভাৰত অভিযানঃ স্বচ্ছ ভাৰত অভিযান এখন পৰিষ্কাৰ-পৰিচ্ছন্ন ভাৰতৰ কল্পনা কৰি ভাৰত চৰকাৰে ২০১৫ চনত ‘স্বচ্ছ ভাৰত অভিযান’ আঁচনি আৰম্ভ কৰে। এই আঁচনি খনৰ মূল উদ্দেশ্য হ'ল এখন নিকা, স্বচ্ছ প্ৰদূষণ মুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশখন, চাফ চিকুনকে ৰখাৰ বাবে দায়বদ্ধ। 


(গ) সামাজিক মাধ্যমঃ সামাজিক মাধ্যম বৰ্তমানৰ সময়ৰ আটাইতকৈ ক্ষিপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ, হোৱাটচ্এপ আদিৰ জৰিয়তে আজি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ অতি দ্রুতভাৱে প্ৰেৰণ তথা লাভ কৰিব পাৰি । ই এক শক্তিশালি গণমাধ্যম। 






No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.