1 Mar 2024

Class 8 Science Chapter 1 Assamese Medium Question Answer

Class 8 Science Chapter 1 Assamese Medium Question Answer

Class 8 Science Chapter 1 Assamese Medium Question Answer


Class 8 Science Chapter 1 Assamese Medium Question Answer: শস্য উৎপাদন আৰু ব্যৱস্থাপনা অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম পাঠ । আজি এই লেখাত শস্য উৎপাদন আৰু ব্যৱস্থাপনা শীৰ্ষক পাঠৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ সমূহ পঢ়িবলৈ পাবা । Here in article you can avail Class 8 Science Chapter 1 Assamese Medium Question Answer. 


Class 8 Science Assamese Medium Lesson 1 | শস্য উৎপাদন আৰু ব্যৱস্থাপনা Class 8 Science


অনুশীলনঃ
1.  তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবােৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ।
ওপঙি, পানী, শস্য, পােষক দ্রব্য, চহােৱা

(ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ____ বুলি কোৱা হয়।
উত্তৰঃ একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।

(খ) শস্য সিচাৰ আগতে মাটি ডৰা ____ কৰা হয়।
উত্তৰঃ শস্য সিচাৰ আগতে মাটি ডৰা চহােৱা কৰা হয়।

(গ) নষ্ট হােৱা বীজবােৰ পানীত ____ থাকে।
উত্তৰঃ নষ্ট হােৱা বীজবােৰ পানীত ওপঙি থাকে।

(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পােহৰ আৰু মাটিৰ পৰা ___ আৰু ___ প্রয়ােজন হয়।
উত্তৰঃ শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পােহৰ আৰু মাটিৰ পৰা পােষক দ্রব্য আৰু পানীৰ প্রয়ােজন হয়।


2. ‘A’ স্তম্ভৰ লগত ‘B’ স্তম্ভ মিলােৱা।

           A                                      B 
(i) খাৰিফ শস্য                  (a) গৰুৰ খাদ্য
(ii) ৰবি শস্য                     (b) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(ii) ৰাসায়নিক সাৰ           (c)প্রাণীৰ বৰ্জিত দ্রব্য, গৰুৰ গােৱৰ গাে- মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্রব্য
(iv) জৈৱিক সাৰ               (d) ঘেঁহু, বুট, মটৰ মাহ
                                        (e) ধান আৰু যৱ

উত্তৰঃ A                                         B 
(i) খাৰিফ শস্য                 (e) ধান আৰু যৱ
(ii) ৰবি শস্য                     (d) ঘেঁহু, বুট, মটৰ মাহ
(ii) ৰাসায়নিক সাৰ           (b) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(iv) জৈৱিক সাৰ               (c)প্রাণীৰ বৰ্জিত দ্রব্য, গৰুৰ গােৱৰ গাে- মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্রব্য
                                        

Class 8 Science Assamese Medium Chapter 1 Question Answer 

3. প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।
              (a) খাৰিফ শস্য               (b) ৰবি শস্য
উত্তৰঃ (a) খাৰিফ শস্যঃ ধান, মাকৈ, ছয়াবিন, বাদাম, কপাহ‌ ইত্যাদি ।
(বাৰিষাকালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে। ভাৰতৰ্ষত সাধাৰনতে বাৰিষাকাল জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ থাকে।)

(b) ৰবি শস্যঃ ঘেঁহু, বুট, মটৰ, সৰিয়হ, তিচি ইত্যাদি ।
(শীতকালত উৎপাদিনত শস্যক ৰবি শস্য বোলে। সাধাৰণতে ৰবি শস্য সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ থাকে।)


4. তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।
             (a) মাটি চহােৱা                            (b) বীজ সিঁচা 
             (c) বনবাত নিৰােৱা                      (d) মৰণা মৰা

উত্তৰঃ (ক) মাটি চহােৱাঃ মাটি ঢিলা বা কোমল কৰা পদ্ধতিটোক মাটি চহােৱা বা হাল বােৱা বােলে। শস্য উৎপাদনৰ প্ৰথম দৰকাৰী কাম হ’ল মাটি ডৰা ঢিলা কৰা। এনে কৰিলে শস্যৰ শিপাই সহজে তললৈ যাব পাৰে। মাটি চহাই অধিক ঢিলা কৰিলে মাটি তল-ওপৰহৈ পুষ্টিকৰ দ্ৰব্যবােৰ মাটিৰ ওপৰ অংশত জমা হয়। ফলত শিপাই সহজে এই পােষক দ্রব্যবােৰ গ্ৰহণ কৰিব পাৰে। নাঙল আৰু কোৰ অতি প্রাচীন কালৰ পৰাই মাটি চহােৱা কামত ব্যৱহাৰ হৈ আহিছে। আজিকালি ট্ৰেক্টৰৰ দ্বাৰা চলােৱা যান্ত্রিক হালেৰে মাটি চহােৱা হয়।

(খ) বীজ সিচাঃ শস্য উৎপাদনৰ প্ৰধান কাম বীজ সিঁচা। প্রয়ােজনীয় সাৰ, পানী দি মাটি ডৰা ভালদৰে চহােৱাৰ পিছত উন্নত জাতৰ বীজ নির্বাচন কৰা হয়। বীজবােৰ এক নির্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰােপণ কৰিব লাগে যাতে শস্যবােৰে বেছিকৈ সূৰ্যৰ পােহৰ আৰু মাটিৰ পৰা পােষক দ্রব্য আৰু পানী পাব পাৰে। চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰি বীজ সিচিব পাৰি। আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিচা যন্ত্ৰৰ দ্বাৰা সিচিব পাৰি।

(গ) বনবাত নিৰােৱাঃ খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাবশ্যকীয় উদ্ভিদসমূহ আঁতৰােৱাকে বনবাত নিৰােৱা বােলে। শস্যৰ বৃদ্ধিৰ কাৰণে বনবাত নিৰােৱা প্রয়ােজনীয় কাম। বীজ সিচাৰ আগতে অপতৃণবােৰ উভালি পেলাব পাৰি। সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতেই অপতৃণ নিৰােৱাৰ ব্যৱস্থা ল’ব লাগে। খন্তি, কোৰ আদি ব্যৱহাৰ কৰি বনবাত নিৰােৱাৰ কাম কৰিব পাৰি।

(ঘ) মৰণা মৰাঃ পৈণত শস্য চপােৱাৰ পাছত চপােৱা শস্যৰ বীজবােৰ শীহ আৰু গা-গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বােলে। খেতিয়কসকলে চোতালত চপােৱা শস্য গৰুৰে পিটন দি বীজবােৰ পৃথক কৰি লয়। আজিকালি বা দিয়া যন্ত্ৰৰ সহায়ত শীহ, পতানৰ পৰা বীজ পৃথক কৰিব পাৰি। কমবাইন’ মেচিনৰ দ্বাৰা শস্য চপােৱা আৰু মৰণা মৰা দুয়ােটা কাম কৰা হয়।



বিজ্ঞান Class 8 Question Answer Lesson 1

5. জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বর্ণনা কৰা।
উত্তৰঃ
জৈৱিক সাৰঃ
(১) জৈৱিক সাৰ এবিধ প্রাকৃতিক দ্রব্য। গৰু, ম’হ, ছাগলীৰ গােৱৰ, মানৱ বর্জিত দ্রব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্রব্যৰ পচন ঘটি জৈৱিক সাৰ প্রস্তুত হয়।
(২) জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি।
(৩) জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যােগান ধৰিব পাৰে।
(৪) জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়ােজনীয় পােষক দ্রব্য তুলনামূলকভাবে কম থাকে।

ৰাসায়নিক সাৰঃ
(১)ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ।
(২) ৰাসায়নিক সাৰ কাৰখানাত প্রস্তুত কৰা সাৰ প্রস্তুত হয়।
(৩) ৰাসায়নিক সাৰে মাটিত হিউমাছ যােগান ধৰিব নােৱাৰে।
(৪) ৰাসায়নিক সাৰে উদ্ভিদৰ পােষক দ্রব্য নাইট্রজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যােগান ধৰিব পাৰে।

6. জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বর্ণনা কৰা।
উত্তৰঃ শস্যৰ বিকাশৰ কাৰণে মাটিৰ আদ্রর্তা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যােগান ধৰাকে জলসিঞ্চন বােলে। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ ব্যৱস্থা—

(ক) পানী ছটিওৱা ব্যৱস্থাঃ পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযােগী। পানী অহা মূল নলী এডালত এটা নির্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূর্ণনশীল বিন্ধা থকা নলীলম্ভভাবে লগােৱা হয়। পাম্প চাপ যুক্ত পানী মূলনলীয়েদি প্রবাহিত হলে ঘূর্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে।

(খ) পানী নিগৰােৱা ব্যৱস্থাঃ উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলােৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি। ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যােগানৰ ই এক উত্তম ব্যৱস্থা। পানীৰ অভাব থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা আশীর্বাদ স্বৰূপ।


Class 8 Science Assamese Medium Pdf Download

7. বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হব ? আলোচনা কৰা ।
উত্তৰঃ বীজ সিঁচাৰ কিছুমান নিৰ্দিষ্ট সময় থাকে । ঘেঁহু শস্যৰ বিকাশ শীত কালতহে সম্ভৱ ।বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহ’ব । কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰবাহ অধিক হয় । আৰ্দ্ৰতা, উষ্ণতা আদিবোৰে উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায় । সেয়ে বৰ্ষা ঋতুত ঘেঁহ সিঁচিলে উপযুক্ত ফলাফল পোৱা নাযাব ।

8. একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত কেনে প্রভাব পৰে, বর্ণনা কৰা।
উত্তৰঃ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিত পােষক দ্রব্যৰ পৰিমান কমি যাব। মাটিয়ে শস্যক খনিজ পােষক দ্ৰব্যৰ যােগান ধৰে। পােষক দ্রব্যবােৰে শস্যৰ বৃদ্ধিৰ বাবে অতি প্রয়ােজন। মাটি চুন পৰি নাথাকিলে, জৈৱিক সাৰ যােগান ধৰি সেই মাটিৰ উৰ্বৰতা পুনৰাই ঘূৰাই আনিব পাৰি।

9. অপতৃণ কি ? সিহঁতক কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি ?
উত্তৰঃ খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাবিকভাৱে যিবিলাক অপ্রয়ােজনীয় উদ্ভিদ গজে সেইবােৰক অপতৃণ বােলে। অপতৃণবােৰ মাটি চহােৱাৰ সময়ত উভালি পেলােৱা হয়। সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰােৱাৰ ব্যৱস্থা কৰিব পাৰি। শস্য ধ্বংস নকৰা অপতৃণনাশক দ্রব্য আদি পথাৰত ছটিয়াই অপতৃণ নিয়ন্ত্রণ কৰা হয়।

10. তলত দিয়া বাকচ সমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ।
1. চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।
2. জলসিঞ্চন ।
3. খেতি চপোৱা ।
4. বীজ সিঁচা/ ৰোৱা ।
5. মাটি চহোৱা ।
6. পথাৰত হাল বোৱা ।
7. সাৰ প্ৰয়োগ ।

উত্তৰঃ 1. পথাৰত হাল বোৱা ।
           2. মাটি চহোৱা ।
           3. বীজ সিঁচা/ ৰোৱা ।
           4. সাৰ প্ৰয়োগ ।
           5. জলসিঞ্চন ।
           6. খেতি চপোৱা ।
           7. চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।






No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.